Class 7 Social Chapter 3 পৃথিৱীৰ উপৰিভাগৰ আৰু ইয়াৰ পৰিৱতন – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 7 Social Chapter – 3 পৃথিৱীৰ উপৰিভাগৰ আৰু ইয়াৰ পৰিৱতন – সমাধান and select needs one.
SEBA Class 7 Social Chapter – 3 পৃথিৱীৰ উপৰিভাগৰ আৰু ইয়াৰ পৰিৱতন
Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 7 Social Chapter – 3 পৃথিৱীৰ উপৰিভাগৰ আৰু ইয়াৰ পৰিৱতন – সমাধান Solutions for All Subject, You can practice these here…
পৃথিৱীৰ উপৰিভাগৰ আৰু ইয়াৰ পৰিৱতন
ভূগোল খণ্ড
১) তলত দিয়াবোৰৰ উত্তৰ লিখা- (৩০ টা মান শব্দৰ ভিতৰত )
(ক) বায়ুমণ্ডল বুলিলে কি বুজা?
উত্তৰঃ আমাৰ পৃথিৱীৰ উপৰিভাগক বায়ুৰ যি এক আৱৰণে আৱৰি আছে তাকে সাধাৰণ অৰ্থত বায়ুমণ্ডল বুলি কোৱা হয় । বায়ুত অক্সিজেন , নাইট্রজেন , কার্বন – ডাই অক্সাইড , হিলিয়াম , আর্গন , অ’জন , হাইড্রজেন গেছ আদি থাকে । ইয়াৰ উপৰি বায়ুত ধূলিকণা আৰু ধোঁৱা মিহলি হৈ থাকে ।
(খ) ফলকবোৰ এক বছৰত কিমান লৰচৰ কৰে ?
উত্তৰঃ ফলকবোৰ একবছৰত ১-১.৫ ছে. মি. পযন্ত গতি কৰে বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে ।
(গ) সাময়িক বতাহৰ বিষয়ে লিখা ।
উত্তৰঃ দিনটোৰ বিভিন্ন সময়ত বতাহ বয় । সেইদৰে বছৰৰ বিভিন্ন ঋতুত বতাহ বলা দেখা যায় । এই বতাহৰ কাৰণ হল বায়ুমণ্ডলত হোৱা তাপ আৰু চাপৰ তাৰতম্য । ইয়াৰ ফলত বায়ুৰ চাপৰো তাৰতম্য ঘটে । এনে তাৰতম্যৰ ফলত উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ যি বতাহ বলে তাকে সাময়িক বতাহ বোলে । জলবতাহ, স্থলবতাহ, মৌছুমী বতাহ আদি সাময়িক বতাহ ।
(ঘ) বালিস্তূপ কি?
উত্তৰঃ বালিস্ত্তপ হল – মৰুভূমিৰ কোনো কোনো অঞ্চলত বতাহৰ গতি কমি আহিলে ই কঢ়িয়াই অনা শিল বালিবোৰ জমা হৈ বালিস্ত্তপ সৃষ্টি কৰে।
(ঙ) অশ্বখুৰাকৃতিৰ হ্ৰদ কি?
উত্তৰঃ অশ্বখুৰাকৃতিৰ হ্ৰদ হল – খৰালি কালত নদীৰ পানী কম থাকিলে এই ভাজে ভাজে নদী বৈ থাকে কিন্ত্ বাৰিষা নদীৰ পানী বাঢ়িলে তেনে ভাজ এৰি নদী প্ৰচণ্ড শক্তিৰে পোনে পোনে ববলৈ ধৰে । নদীয়ে এৰি যোৱা ভাজটোৰ মুখত বালি জমা হৈ মূল নদী পৰা বিচ্ছিন্ন হয় আৰু ভাজটোৰ বিল বা হ্ৰদত পৰিণত হয় । ঘোঁৰাৰ খুৰাৰ আকৃতিৰ এনেকুৱা জলাশয়বোৰক অশ্বখুৰাকৃতিৰ হ্ৰদ বোলে ।
২) শুদ্ধ উত্তৰটোত শুদ্ধ চিন দিয়া –
(i) তলৰ কোনবিধ গেছে আমাক সূযৰ অনিষ্টকাৰী ৰশ্মিৰ পৰা ৰক্ষা কৰে-
(ক) কাবন-ডাই-অক্সাইড
(খ) নাইট্ৰজেন
(গ) অজন
উত্তৰঃ অজন ।
(ii) হিমবাহৰ অৱক্ষেপৰবোৰৰ নাম হল-
(ক) প্লাৱনভূমি
(খ) কাঠফুলা
(গ) গ্ৰাৱ
উত্তৰঃ গ্ৰাৱ ।
(iii) পানীৰ ৰুপত পৃথিৱীৰ পৰা অধোক্ষেপণৰ নাম-
(ক) বৰষুণ
(খ) মেঘ
(গ) বৰফ
উত্তৰঃ বৰষুণ ।
(iv) কাঠফুলা আকৃতিৰ শিলা পোৱা ঠাই-
(ক) মৰুভূমি
(খ) নদী উপত্যকা
(গ) প্লাবন ভূমি
উত্তৰঃ মৰুভূমি ।
Sl.No | Contents |
ভূগোল খণ্ড | |
পাঠ-1 | ভূ- পৃষ্ঠত সময় গণনা |
পাঠ-2 | পৃথিৱীৰ অভ্যন্তৰ ভাগ |
পাঠ-3 | পৃথিৱীৰ উপৰিভাগৰ আৰু ইয়াৰ |
পাঠ-4 | আমাৰ পৰিৱেশ |
পাঠ-5 | মানৱ সৃষ্ট পৰিৱেশ |
পাঠ-6 | সম্পদ |
পাঠ-7 | অসমৰ সম্পদ |
পাঠ-8 | উত্তৰ পূব ভাৰত |
পাঠ-9 | ভাৰতৰ জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, কৃষি আৰু জনসংখ্যা |
ইতিহাস খণ্ড | |
পাঠ-10 | মৌৰ্য যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
পাঠ-11 | গুপ্ত সাম্ৰাজ্যৰ উখান |
পাঠ-12 | গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
পাঠ-13 | প্রাক ঐতিহাসিক অসম |
পাঠ-14 | মধ্য যুগত ভাৰতবর্ষ |
পাঠ-15 | দিল্লীৰ চুলতানসকল |
পাঠ-16 | মােগল ৰাজত্ব কালত ভাৰতবর্ষ |
পাঠ-17 | ভাৰতবৰ্ষৰ সাংস্কৃতিক দিশত |
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড | |
পাঠ-18 | আমাৰ চৌপাশৰ বজাৰ |
পাঠ-19 | পৰিকল্পনা বাজেট আৰু উন্নয়ন |
পাঠ-20 | অর্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা |
পাঠ-21 | শ্ৰমৰ সমমর্যাদা আৰু সমমূল্য |
পাঠ-22 | গণতন্ত্র নাগৰিক আৰু নাগৰিকত্ব |
পাঠ-23 | নির্বাচন আৰু নির্বাচনী প্রক্রিয়া |
পাঠ-24 | গণতন্ত্র আৰু প্ৰচাৰ মাধ্যম |
পাঠ-25 | প্রান্তীয় গােট আৰু গণতান্তিক অধিকাৰ |
(v) মানুহৰ বাবে বায়ুমণ্ডলৰ আটাইতকৈ গুৰত্বপূণ স্তৰটো হল-
(ক) মেছস্ফিয়েৰ
(খ) ষ্ট্ৰেট স্ফিয়েৰ
(গ) ট্ৰপস্ফিয়েৰ
উত্তৰঃ ট্ৰপ’স্ফিয়েৰ ।
(vi) অশ্বৰাকৃতিৰ হ্ৰদ সৃষ্টি হোৱা ঠাই-
(ক) হিমবাহ অঞ্চল
(খ) নদী উপত্যকা
(গ) মৰুভূমি
উত্তৰঃ নদী উপত্যকা ।
৩) বাওঁফালৰ কথাখিনিৰ লগত সোফালৰ কথাখিনি মিলোৱা –
বাওঁফাল | সোফাল |
(ক) বাণিজ্য | (ক) নদীৰ মধ্য অংশ |
(খ) হিমবাহ | (খ) স্থানীয় বতাহ |
(গ) লু | ( গ) অজন স্তৰ |
(ঘ) সপিল গতি | (ঘ) বৰফৰ নদী |
(ঙ) ষ্ট্ৰেট স্ফিয়েৰ | (ঙ) নিয়ত বতাহ |
(চ) ভূমিকম্প |
উত্তৰঃ
বাওঁফাল | সোফাল |
(ক) বাণিজ্য | (ঙ) নিয়ত বতাহ |
(খ) হিমবাহ | (ঘ) বৰফৰ নদী |
(গ) লু | (খ) স্থানীয় বতাহ |
(ঘ) সপিল গতি | (ক) নদীৰ মধ্য অংশ |
(ঙ) ষ্ট্ৰেট স্ফিয়েৰ | ( গ) অজন স্তৰ |
(চ) ভূমিকম্প |
প্রশ্ন ৪। কাৰণ দশোৱা—
( ক ) সেমেকা বতৰত তিতা কাপােব সােনকালে নুশুকায় ।
উত্তৰঃ সেমেকা বতৰৰ বায়ু মণ্ডলত প্ৰচুৰ পৰিমাণে জলীয় বাষ্প ভৰি থাকে । তলত জলীয় বাষ্প সিক্ত বায়ুৰে তিতা কাপােৰৰ পৰা জলীয় বাষ্প শুহি লােৱাত সময় লয় । সেয়েহে সেমেকা বতৰত তিতা কাপােৰ সোনকালে নুশুকায় ।
( খ ) প্লাৱন ভূমিবােৰ বৰ সাৰুৱা ।
উত্তৰঃ নদীয়ে কঢ়িয়াই অনা পদাৰ্থৰ বেছি অংশই নদীৰ মধ্য অঞ্চলত পতিত হয় । এইবােৰ প্ৰতি বছৰে নদীৰ দুয়ােপাৰত জমা হৈ একো একোখন বিস্তৰ সমভূমিৰ সৃষ্টি কৰে । এনেকুৱা সমভূমিক প্লাৱন সমভূমি বােলে । নদীয়ে কঢ়িয়াই অনা বালি , বােকাৰ লগত পলস আহে । ফলত প্লাৱন ভূমিৰ মাটি যথেষ্ট পলসুৱা হয় । সেয়ে প্লাৱন ভূমিবােৰ বৰ সাৰুৱা ।
( গ ) মৰুভূমিত থকা কিছুমান শিলা কাঠফুলা আকৃতিৰ ।
উত্তৰঃ ভূ – পৃষ্ঠৰ শুকান মৰুভূমি অঞ্চলত বিচূর্ণভৱনৰ দ্বাৰা শিলবােৰ চূর্ণ – বিচূর্ণ হৈ পৰি থাকে। বতাহে এইবােৰ উৰুৱাই নি এঠাইত জমা কৰে । বতাহে অতি পাতল ধূলিকণাবােৰ বহু দূৰলৈ উৰুৱাই নিব পাৰে । কিন্তু বালিকণা বা সেই আকাৰৰ পদাৰ্থবােৰ বেছি দূৰলৈ উৰুৱাই নিব নােৱাৰে । এটা নির্দিষ্ট উচ্চতাত বতাহে উৰুৱাই নিয়া বালিৰ কণিকাবােৰৰ খনন ক্ষমতা বেছি । সেইবাবে মৰুভূমিৰ বুকুত থকা শিলাখণ্ডবােৰৰ এক বিশেষ উচ্চতাত বেছিকৈ ক্ষয় হয় । এনে কাৰ্যৰ ফলত কাঠফুলা আকৃতিৰ শিলাৰ সৃষ্টি কৰে ।
( ঘ ) বিষুবীয় অঞ্চলতকৈ দুই মেরু অঞ্চল শীতল ।
উত্তৰঃ আমি জানাে যে বিষুৱৰ ওচৰৰ ঠাইবােৰত সূৰ্যৰ পােহৰ লম্বভাৱে পৰে । ফলত বিষুৱৰ ওচৰৰ ঠাইবােৰত বায়ুমণ্ডলৰ উষ্ণতা বেছি । সমান্তৰালভাৱে মেৰুৰ ওচৰৰ ঠাইবােৰৰ উষ্ণতা কম হয় । মেৰু অঞ্চলত উষ্ণতা কম বাবে জলবায়ু শীতল ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.