Niketan Class 7 Social Chapter 2 পৃথিৱীৰ অন্তৰ্ভাগ is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 7 Social Chapter 2 পৃথিৱীৰ অন্তৰ্ভাগ and select need one.
Niketan Class 7 Social Chapter 2 পৃথিৱীৰ অন্তৰ্ভাগ
Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 7 Social Chapter 2 পৃথিৱীৰ অন্তৰ্ভাগ Solutions for All Subjects, You can practice these here…
পৃথিৱীৰ অন্তৰ্ভাগ
Chapter – 2
সমাজ বিজ্ঞান
SHANKARDEV SISHU VIDYA NIKETAN
TEXTUAL QUESTIONS AND ANSWERS
প্রশ্ন ১। ছিয়াল , ছিমা আৰু নিফ মানে কি লিখা ।
উত্তৰঃ ‘ ছিয়াল ’ ( Sial ) হৈছে পৃথিৱীৰ উপৰিভাগৰ প্রথম স্তৰটোৰ নাম । এই স্তৰটো মুখ্যত : ছিলিকন আৰু এলুমিনিয়ামেৰে গঠিত । ছিলিকন ( Silicon ) ৰ ৰাসায়নিক সংকেত Si আৰু এলুমিনিয়াম ( Aluminium ) ৰ ৰাসায়নিক সংকেত – AI লগ লগাই এই স্তৰৰ নাম ৰখা হৈছে Sial ।
ছিমা পৃথিৱীৰ উপৰিভাগৰ দ্বিতীয় স্তৰটোৰ নাম । এই তৰপটো ছিলিকন আৰু মেনেছিয়াম ( Magnesium ) এৰে গঠিত । এই স্তৰটোৰ নামটোও ইহঁতৰ ৰাসায়নিক সংকেত দুটা লগ লগাই Sima দিয়া হৈছে ।
নিফ তৃতীয় স্তৰটোৰ নাম । এই তৰপটো নিকেল ( Nickel ) আৰু লাে ( Ferrum ) ৰে গঠিত । সেয়েহে নিকেলৰ ৰাসায়নিক সংকেত Ne আৰু ফেৰাম ( Ferrum ) ৰ ৰাসায়নিক সংকেত Fe লগ লগাই এই স্তৰটোৰ সাংকেতিক নাম নিফ ৰখা হৈছে ।
প্রশ্ন ২। ভূপৃষ্ঠৰ পৰা পৃথিৱীৰ কেন্দ্ৰলৈকে থকা স্তৰকেইটাৰ নাম লিখা ।
উত্তৰঃ ভূপৃষ্ঠৰ পৰা পৃথিৱীৰ কেন্দ্ৰলৈকে থকা স্তৰকেইটাৰ নাম হৈছে — ছিয়াল ( Sial ) , ছিমা ( Sima আৰু নিফ ( Nife ) শেহতীয়া তথ্য অনুসৰি , পৃথিৱীৰ উপৰিভাগৰ পৰা কেন্দ্ৰলৈকে পৃথিৱীৰ ভিতৰভাগক প্রধানত তিনিটা ভাগত ভাগ কৰা হৈছে । এইকেইটা হৈছে –
( ১ ) ভূত্বক বা খােলা ( Crust )
( ২ ) মেণ্টেল বা প্ৰাবাৰ ( Mantle )
( ৩ ) কেন্দ্রীয় শাহ অংশ ( Core )
প্রশ্ন ৩। ভূত্বক মানে কি বুজা ?
উত্তৰঃ ভূত্বক মানে হ’ল পৃথিৱীৰ উপৰিভাগ অর্থাৎ পৃথিৱীৰ খােলা ।
প্রশ্ন ৪। ভূপৃষ্ঠৰ লগতে লাগি থকা স্তৰটোৰ ঘনত্ব কিমান ?
উত্তৰঃ ভূপৃষ্ঠৰ লগতে লাগি থকা স্তৰটোৰ ঘনত্ব ২.৭৫ ।
প্রশ্ন ৫। আটাইতকৈ গধুৰ পদার্থবােৰ থকা স্তৰটোৰ নাম লিখা ।
উত্তৰঃ নিফ ( Nife ) ।
প্রশ্ন ৬। পৃথিৱীৰ ভিতৰ ভাগৰ উত্তাপৰ পৰিমাণ কিমান ?
উত্তৰঃ ৬০০০° চেলচিয়াছ ।
প্রশ্ন ৭। মেণ্টেল বা প্ৰাবাৰ কি ?
উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ পৰা কেন্দ্ৰলৈকে থকা তিনিটা স্তৰৰ মাজৰ স্তৰটোক মেণ্টেল বা প্ৰাবাৰ বােলা হয় । ই অলিভিন শিলাৰে গঠিত ।
প্রশ্ন ৮। কি কি তথ্যৰ সহায়ত আমি পৃথিৱীৰ অন্তৰ্ভাগৰ বিষয়ে জানিব পাৰোঁ ?
উত্তৰঃ পৃথিৱীৰ অন্তৰ্ভাগৰ বিষয়ে আমি জ্বালামুখী উদগিৰণৰ পৰা ওলােৱা বিভিন্ন উত্তপ্ত পদার্থ , ভূমিকম্প , গৰম পানীৰ উহ আদিৰ পৰা জানিব পাৰোঁ ।
প্রশ্ন ৯। চিত্ৰৰ সহায়ত পৃথিৱীৰ অন্তৰ্ভাগৰ স্তৰসমূহৰ এটি বর্ণনা দিয়া ।
উত্তৰঃ পৃথিৱীৰ অভ্যন্তৰ ভাগত কেইবাটাও তৰপ আছে । ইয়াৰে প্রথম স্তৰটো হ’ল – ছিয়াল ( Sial ) । ‘ ছি ’ ( si ) মানে ছিলিকুন আৰু ‘এল’ ( Al ) মানে হল এলুমিনিয়াম । অর্থাৎ এই স্তৰটো ছিলিকন আৰু এলুমিনিয়ামেৰে গঠিত । ঠাই বিশেষে পৃথিৱীৰ উপৰিভাগৰ পৰা ৫ ৰ পৰা ৭০ কিলােমিটাৰ তললৈকে থকা : আপেক্ষিকভাবে পাতল উপাদানেৰে তৈয়াৰী ছিয়াল স্তৰৰ ঘনত্ব ২.৭৫ । ই মূলতঃ গ্রেনাইট জাতীয় শিলাৰে গঠিত । এই স্তৰৰ একেবাৰে উপৰিভাগত শিল , মাটি , বালি , বােকা , পানী আদিৰে গঠিত অংশটোক অম্ল মণ্ডল বােলা হয় ।
দ্বিতীয় তৰপটো হ’ল ছিমা ( Sima ) । ছিলিকন ( Si ) আৰু মেগনেছিয়াম ( Ma ) নামৰ গুৰু উপাদানেৰে গঠিত এই তৰপটো প্রায় ২৯০০-৩১০০ কিলােমিটাৰ তললৈকে আছে । ইয়াৰ ঘনত্ব ২.৯ ৰ পৰা ৩.১ পর্যন্ত । ইয়াক গুৰু মণ্ডল বােলা হয় ।
তৃতীয় তপটো হ’ল নিফ ( Nife ) নিকেল ( Ni ) আৰু লাে ( Fe ) অধিক থকা এই পটোৰ ঘনত্ব ১১.০ । ইয়াক কেন্দ্র মণ্ডল বােলা হয় । নিফ তৰপটো পৃথিৱীৰ কেন্দ্ৰৰ চাৰিওফালে ৩৫৪০ কিলােমিটাৰ ব্যাসার্ধৰে বিস্তৃত ।
শেহতীয়া তথ্য অনুসৰি , পৃথিৱীৰ উপৰিভাগৰ পৰা কেন্দ্ৰলৈকে পৃথিৱীৰ ভিতৰ ভাগক প্রধানতঃ তিনিটা ভাগত ভাগ কৰা হৈছে । এই কেইটা হৈছ—
( ১ ) ভূত্বক বা ভােলা ( Crust )
( ২ ) মেণ্টেল বা প্ৰাবাৰ ( Mantle ) আৰু
( ৩ ) কেন্দ্রীয় শাহ অংশ ( Core ) ।
ভূত্বকৰ গড় গভীৰতা ৪০ কিলােমিটাৰ , মেণ্টেলৰ গড় গভীৰতা ২৯২০ কিলােমিটাৰ আৰু কেন্দ্রীয় শাহ অংশৰ গড় গভীৰতা ৩৪২০ কিলােমিটাৰ ।
প্রশ্ন ১০। অম্ল মণ্ডল কাক বােলে ?
উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ প্রথম স্তৰটোৰ অর্থাৎ ছিয়াল ( Sial ) স্তৰটোৰ একেবাৰে উপৰিভাগৰ শিল , মাটি , বোকা , বালি , পানী আদিৰে গঠিত অংশটোক অম্ল মণ্ডল বুলি কোৱা হয় ।
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Very good app or website,
,
Best textual And question answer of shankor dev vidya niketan