Niketan Class 7 Social Chapter 7 পুৰণি অসমৰ সমাজ আৰু অর্থনীতি is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 7 Social Chapter 7 পুৰণি অসমৰ সমাজ আৰু অর্থনীতি and select need one.
Niketan Class 7 Social Chapter 7 পুৰণি অসমৰ সমাজ আৰু অর্থনীতি
Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 7 Social Chapter 7 পুৰণি অসমৰ সমাজ আৰু অর্থনীতি Solutions for All Subjects, You can practice these here…
পুৰণি অসমৰ সমাজ আৰু অর্থনীতি
Chapter – 7
সমাজ বিজ্ঞান
SHANKARDEV SISHU VIDYA NIKETAN
TEXTUAL QUESTIONS AND ANSWERS
প্রশ্ন ১। অতি চমুকৈ উত্তৰ দিয়া —
( ক ) পুৰণি অসমৰ সমাজ ব্যৱস্থা কিহৰ ভেটিত প্রতিষ্ঠিত আছিল ?
উত্তৰঃ বর্ণাশ্রম ধৰ্মৰ ভেটিত ।
( খ ) সমাজৰ আটাইতকৈ সৰু গােটটো কি আছিল ?
উত্তৰঃ পৰিয়াল ।
( গ ) বিবাহিতা নাৰীক কিয় সহধর্মিণী বােলা হৈছিল ?
উত্তৰঃ স্বামীৰ সহযােগী হৈ থকাৰ বাবে ।
( ঘ ) অংগদ কি ?
উত্তৰঃ অসমীয়া মহিলাই বাহুৰ ওপৰৰ অংশত পিন্ধা অলংকাৰ ।
( ঙ ) অসমৰ জলবায়ু কিয় কৃষিৰ বাবে উপযােগী ?
উত্তৰঃ নাতিশীতােষ্ণ বাবে ।
( চ ) উত্তৰীয় কি ?
উত্তৰঃ উচ্চ শ্ৰেণীৰ লােকে দেহৰ ওপৰৰ অংশ পৰিধান কৰা কাৰুকার্য কৰা এক বিশেষ বস্ত্র ।
প্রশ্ন ২। উত্তৰ দিয়া –
( ক ) অসমৰ আর্থ সামাজিক অৱস্থাৰ বিষয়ে জানিবলৈ আমি কি কি সমলৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব ?
উত্তৰঃ অসমৰ আর্থ – সামাজিক অৱস্থাৰ বিষয়ে জানিবলৈ হ’লে আমি পুৰণি সাহিত্য , যেনে – কালিকাপুৰাণ , যোগিনীতন্ত্র তথা ভ্রমণকাৰীৰ টোকা আদি সমলৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব । ইয়াৰ উপৰি ৰজা – মহাৰজা সকলৰ দ্বাৰা খােদিত তামৰ ফলি , শিলৰ ফলি আদিৰ পৰাও পুৰণি অসমৰ আর্থ – সামাজিক অৱস্থাৰ বিষয়ে আমি বহুখিনি কথা জানিব পাৰাে ।
( খ ) প্রাচীন অসমত কেইপ্ৰকাৰৰ বিবাহ পদ্ধতিৰ প্ৰচলন আছিল ? সেইবােৰৰ নামবােৰ লিখা ।
উত্তৰঃ প্রাচীন অসমত একক বিবাহ , বহু বিবাহ আৰু ৰাজ পৰিয়ালবােৰৰ মাজত স্বয়ম্বৰ বিবাহৰ প্ৰচলন আছিল । ধর্মশাস্ত্ৰত ৮ প্রকাৰৰ বিবাহক স্বীকৃতি দিয়া হৈছিল ৷ সেইবােৰ হৈছে – ব্রহ্ম , প্রজাপত্য , দৈব , আর্শ , অসুৰ , গান্ধর্ব ৰাক্ষস আৰু পৈশাচ ।
( গ ) চাৰিবিধ মাছধৰা সঁজুলিৰ নাম লিখা ।
উত্তৰঃ বৰশী , জাল , জাকৈ আৰু পল ।
( ঘ ) অসমীয়া মানুহে কি কি সুতাৰ আচ্ছাদন পৰিধান কৰিছিল ?
উত্তৰঃ অসমীয়া মানুহে এৰী , কপাহী , ৰেচম , উল , মুগা আৰু পাটসূতাৰ আচ্ছাদন পৰিধান কৰিছিল ।
( ঙ ) প্রাচীন অসমৰ পশুপালনৰ বিষয়ে লিখা ।
উত্তৰঃ প্রাচীন অসমত পশুপালন এক উল্লেখনীয় বৃত্তি আছিল আৰু ই অর্থনীতিতে যথেষ্ট প্রভাৱ পেলাইছিল । গাই গৰুক মাতৃৰূপে পূজা কৰিছিল৷ গৰুৰ গাখীৰক উৎকৃষ্ট পুষ্টিদায়ক খাদ্য হিচাপে অসমীয়ালােকে গ্রহণ কৰিছিল । খেতি – পথাৰত হাল বাবলৈ বলধৰ প্রয়ােজন হৈছিল । সেয়ে প্রাচীন অসমত গাে – পালকক এটা উত্তম জীৱিকা হিচাপে গ্ৰহণ কৰা হৈছিল । গৰুক বিনিময়ৰ আহিলা হিচাপেও বিবেচনা কৰা হৈছিল । প্রাচীন অসমত হাতী পালন কৰাৰ কথাও পুৰণি পুথিত উল্লেখ আছে । কালিদাসৰ বৰ্ণনাত অসমৰ হাতীৰ কথা উল্লেখ আছে । হাতীক যুদ্ধক্ষেত্ৰত আৰু দূৰ ভ্ৰমণৰ বাবে ব্যৱহাৰ কৰা হৈছিল ।
প্রশ্ন ৩। চমুটোকা লিখা—
( ক ) খাদ্যাভ্যাস ।
উত্তৰঃ সকলাে মানুহৰে খাদ্যাভ্যাস একে নহয় , ঠাইভেদে বা মানুহৰ শ্রেণীভেদে খাদ্যাভ্যাস বেলেগ বেলেগ হােৱা দেখা যায় । প্রাচীন অসমৰ মানুহৰ প্রধান খাদ্য আছিল ভাত । বিভিন্ন শাক – পাচলিৰ লগতে মাছ – মাংসও খাইছিল । অৱশ্যে শ্রেণীভেদে মাছ – মাংস খােৱাত কিছু সীমাবদ্ধতা আছিল । হিউৱেন চাঙৰ টোকাত অসমীয়া মানুহৰ ঘৰৰ বাৰীত কঁঠাল আৰু নাৰিকল খেতি কৰাৰ বৰ্ণনা আছে । অসমীয়া মানুহে কলৰ খাৰ আৰু মাহৰ আঞ্জা খাইছিল । পুৰণি কামৰূপত উৎপাদিত আদা , জলকীয়া , কপূৰ , সৰিয়হ , পিপলি , জিৰা আদি বিভিন্ন মচলাৰ কথা ‘ কালিকাপুৰাণ আৰু কুমাৰ হৰণ ’ পুথিত উল্লেখ আছে । পায়স অসমীয়া মানুহৰ প্রিয় খাদ্য । কোনাে কোনাে শ্ৰেণীৰ লােকে ঘৰতে চাউলৰ পৰা তৈয়াৰী পানীয় ( সুৰা ) খাইছিল । তামােল – পাণ চোবােৱাতো অসমীয়া মানুহৰ আন এটা বিশেষ অভ্যাস আছিল ।
( খ ) কৃষি আৰু কৃষি – পদ্ধতি ।
উত্তৰঃ কৃষিয়ে সমাজ এখনৰ বা দেশ এখনৰ অর্থনৈতিক ক্ষেত্ৰত গুৰুত্বপূর্ণ ভূমিকা লয় । অসমৰ অর্থনৈতিক সমাজখনাে আছিল কৃষিভিত্তিক । ভূমিৰ ওপৰতেই কৃষকে জীৱিকা নির্বাহ কৰিছিল । অসমৰ জলবায়ু নাতিশীতােষ্ণ হােৱা বাবে কৃষিৰ বাবে অতি উপযােগী। অসমত প্ৰচুৰ ধান খেতি কৰা হৈছিল । পুৰণি অসমৰ অর্থনৈতিক ভেটিটো সবল কৰাত ধানৰ যথেষ্ট অৱদান আছিল । ধানৰ উপৰি কুঁহিয়াৰ , মাহ , কল , সৰিয়হ , তেজপাত , মৰাপাট , কপাহ , কঁঠাল , নাৰিকল , বিভিন্ন প্রকাৰৰ শাক – পাচলি আদিৰ খেতি অসমীয়া মানুহে যথেষ্ট কৰিছিল ।
আদিতে অসমৰ মানুহে ঝুম পদ্ধতিত কৃষি কার্য কৰিছিল । হাবি-বন কাটি তাত জুই লগাই দি প্রথমে ঠাইডােখৰ পৰিষ্কাৰ কৰি লৈ তাত গাঁত খান্দি শস্যৰ বীজ ৰােপণ কৰিছিল । খেতিৰ প্ৰধান সঁজুলি আছিল কোৰ আৰু নাঙল । এই পদ্ধতি ৪ র্থ শতিকাৰ আগৰ পৰাই অসমত প্ৰচলিত আছিল বুলি অনুমান কৰা হয় । ঝুম খেতিৰ পদ্ধতি বর্তমানেও অসমৰ পাহাৰীয়া অঞ্চলৰ জনজাতিসকলৰ মাজত প্রচলিত । কৃষিৰ বাবে জলসিঞ্চনৰ ব্যৱস্থাও অতীত সময়ত প্ৰচলিত আছিল বুলি হিউৱেনচাঙৰ বিৱৰণত পােৱা যায় ।
( গ ) অলংকাৰ আৰু সাজ – পােছাক ।
উত্তৰঃ অতীত কালৰ পৰাই অসমীয়া মহিলাই সােণ , ৰূপ আৰু আন ধাতুৰ অলংকাৰ পৰিধান কৰিছিল । ডিঙিত গলপতা , বাহুৰ ওপৰৰ অংশত অংগদ , হাতত খাৰু , কাণত কুণ্ডল পৰিধান কৰিছিল । বিভিন্ন সুগন্ধি দ্রব্য আৰু প্রসাধন সামগ্রীও অসমীয়া মহিলাই ব্যৱহাৰ কৰিছিল । চুলিত সুগন্ধি তেল ঘহিছিল ।
কালিকা পুৰাণত অসমীয়া মানুহৰ পােছাকক আচ্ছাদন বুলি উল্লেখ আছে মহিলাসকলে দেহৰ ওপৰৰ অংশত পৰিধান কৰিছিল ৰিহা , চাদৰ আৰু কঁকালৰ তললৈকে পিন্ধিছিল মেখেলা । পুৰুষৰ সাজক পৰিধান ’ বােলা হৈছিল । বর্তমানৰ ধূতিকে পৰিধান বুলি কৈছিল । ওপৰত পিন্ধা চোলাটোক কামিজ বােলা হৈছিল । উচ্চ শ্ৰেণীৰ লােকে দেহৰ ওপৰৰ অংশত কাৰুকার্য কৰা উত্তৰীয় ’ পিন্ধিছিল আৰু মূৰত পাগুৰি মাৰিছিল।বিবাহিতা মহিলাই মূৰত ওৰণি , কপাল আৰু সেওঁতাত সেন্দুৰ লৈছিল । এৰী , কপাহী , ৰেচম আৰু উলৰ পােছাক অসমীয়া মানুহৰ প্রিয় আছিল । মুগা আৰু পাটৰ কাপােৰ উচ্চ শ্ৰেণীৰ লােকে পৰিধান কৰিছিল ।
( ঘ ) বাণিজ্য ।
উত্তৰঃ অতীজতে অসমে বাণিজ্য ক্ষেত্ৰত প্ৰসাৰতা লাভ কৰিছিল । ব্যৱসায় বাণিজ্যৰ বাবে বণিক শ্ৰেণীটোৱে জলপথকে উৎকৃষ্ট বুলি বিবেচনা কৰিছিল । চীন , শ্রীলংকা , মগধ আৰু বংগদেশৰ সৈতে প্রাচীন অসমৰ নিয়মীয়া বাণিজ্যিক লেন – দেন চলিছিল । চীনা পৰিব্রাজক হিউৱেন চাঙৰ টোকাত প্রাচীন অসমৰ ৰজাসকলে চীন দেশৰ সৈতে ব্যৱসায় চলাইছিল বুলি উল্লেখ কৰি থৈ গৈছে । বিভিন্ন ধৰণৰ ধাতুৰ অলংকাৰ , মণি – মুকুতা , মচলা , কাপােৰ , প্রসাধন সামগ্ৰীৰ ব্যৱসায় অসমে আন দেশৰ সৈতে কৰিছিল । জনজাতীয় লােকসকলে মেথােন , শৰ , যাঠি আদি বিনিময় কৰি নিজৰ প্রয়ােজনীয় অন্যান্য বয়বস্তু সংগ্রহ কৰিছিল ।
প্রাচীন কালত বাণিজ্য বিনিময় প্রথাৰেই চলিছিল আৰু মুদ্ৰাৰ ব্যৱহাৰ নাছিল ।
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.