Niketan Class 7 Social Chapter 6 অসমৰ শক্তিসম্পদ is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 7 Social Chapter 6 অসমৰ শক্তিসম্পদ and select need one.
Niketan Class 7 Social Chapter 6 অসমৰ শক্তিসম্পদ
Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 7 Social Chapter 6 অসমৰ শক্তিসম্পদ Solutions for All Subjects, You can practice these here…
অসমৰ শক্তিসম্পদ
Chapter – 6
সমাজ বিজ্ঞান
SHANKARDEV SISHU VIDYA NIKETAN
TEXTUAL QUESTIONS AND ANSWERS
প্রশ্ন ১। অসমৰ প্রাকৃতিক সম্পদৰ এটি বিৱৰণ দিয়া ।
উত্তৰঃ অসমৰ প্ৰাকৃতিক সম্পদসমূহক বনজ , জলজ আৰু খনিজ — এই তিনি ভাগত বর্ণনা কৰিব পৰা যায় ।
বনজ সম্পদ :- অসমৰ মাটিকালিৰ প্রায় ২৭,৬৭৩ বর্গ কিলােমিটাৰ অঞ্চল বনভূমিৰে আগুৰা । এই বনভূমি অঞ্চল শাল , সােণাৰু , চেগুন , গমাৰী , চাম , হিজল , তিতাচঁপা , হােলােং , নাহৰ আদি নানা মূল্যৱান গছৰ উপৰিও বাঁহ , খাগৰি , ইকৰা , নলবিৰিণা , কঁহুৱা আদি তৃণজাতীয় উদ্ভিদেৰে ভৰি আছে । নানা বিধৰ ফলমূল , শাক পাচলি আৰু ভেষজ উদ্ভিদো অসমত প্ৰচুৰ পৰিমাণে পােৱা যায় । অসমৰ বনভূমি অঞ্চল মইনা , ভাটৌ , শালিকা , কপৌ , কুলি , কেতেকী , ঘন চিৰিকা , হেটুলুকা , বগলী , শৰালি , বনৰীয়া হাঁহ আদিৰ বিচৰণ ক্ষেত্র।এশিঙিয়া গঁড় , নানা প্রজাতিৰ হৰিণ , বাঘ , বনৰীয়া ম’হ , ভালুক , হাতী , উদ , বান্দৰ , সােণালী বান্দৰ , শহাপহু , বন ঘৰচীয়া ঘোঁৰা , মেথােন , শৰপহু আদি নানা জীৱ – জন্তুৰে অসমৰ অৰণ্যভূমি অঞ্চল ভৰি আছে ৷
জলজ সম্পদ :- অসমত ব্ৰহ্মপুত্ৰ , বৰাক , মানাহ , বেকী , দিখৌ আদি নদ-নদীৰ উপৰিও বহুতাে বিল – জলাহ আছে । এইবােৰত নানা প্রজাতিৰ মাছ , কাছ , শিহু আদি পােৱা যায় । খনিজ সম্পদ অসমত প্ৰচুৰ পৰিমাণৰ খনিজ সম্পদ আছে । ইয়াৰ প্রধান খনিজ সম্পদসমূহ হৈছে কয়লা , তেল , প্রাকৃতিক গেছ , চুণশিল , ডল’মাইট , ফেস্পাৰ , কেওলিন , বেৰিল , জিপছাম , পাইৰাইট , ভার্মিকুলাইট , লাে , তাম ইত্যাদি । এইবােৰৰ উপৰিও অসমত কম পৰিমাৰ হ’লেও চীনামাটি , ছিলিমেমাইট আৰু লাে পােৱা যায় ।
প্রশ্ন ২। অসমৰ প্রধান বনজ সম্পদবােৰ কি কি ?
উত্তৰঃ অসমৰ প্ৰধান বনজ সম্পদবােৰ হৈছে শাল , সােণাৰু , তিতাচপা, গন্ধসৰৈ , বনচোম , গমাৰী , চেগুন , হােললাং আদি সুকাঠী গছ , বাঁহ আৰু ভেষজ উদ্ভিদ , পৃথিৱীত বিখ্যাত এশিঙিয়া গঁড়কে ধৰি হাতী , বাঘ , ভালুক , বনৰীয়া ম’হ , মেথােন , শিহু , বিভিন্ন প্রজাতিৰ হৰিণ আৰু বান্দৰ , বনৰীয়া ঘোঁৰা আদি জীৱ – জন্তু আৰু বিভিন্ন প্রজাতিৰ চৰাই ।
প্রশ্ন ৩। অসমৰ জলজ সম্পদৰ কেইটামান উদাহৰণ দিয়া ।
উত্তৰঃ বিভিন্ন প্রজাতিৰ মাছ , কাছ শিহু আৰু উদ।
প্রশ্ন ৪। অসমৰ প্রধান খনিজ সম্পদবােৰ কি কি ?
উত্তৰঃ খাৰুৱা তেল , কয়লা , প্রাকৃতিক গেছ ; চুণশিল , ড’ল মাইট , ফেল পাৰ , কেওলিন , বেৰিল , জিপছাম , পাইৰাইট , ভার্মিকুলাইট , লাে , তাম ইত্যাদি ।
প্রশ্ন ৫। অসমৰ অৰণ্যভূমিক কেইভাগত ভগাব পাৰি ?
উত্তৰঃ অসমৰ অৰণ্যভূমিক চাৰিভাগত ভাগ কৰিব পাৰি ৷ সেইবােৰ হৈছে-
১। অ – শ্রেণীভুক্ত অৰণ্য ।
২। সংৰক্ষিত অৰণ্য ।
৩। অভয়াৰণ্য । আৰু
৪। ৰাষ্ট্ৰীয় উদ্যান ।
প্রশ্ন ৬। ৰামচৰ ক্ষেত্র কি ?
উত্তৰঃ ১৯৭১ চনত ইৰানৰ ৰামচৰ চহৰত অনুষ্ঠিত সন্মিলনত পৃথিৱীৰ উল্লেখযােগ্য আর্দ্রভূমিসমূহক তালিকাভুক্ত কৰা হয় । এই তালিকাত অন্তর্ভুক্ত হােৱা আদ্রভূমিসমূহক ৰামচৰ ক্ষেত্ৰ বুলি কোৱা হয় । নানা প্রজাতিৰ স্থানীয় পক্ষীৰ আৱাসভূমি অসমৰ দীপৰ বিলকো এই তালিকাত অন্তর্ভুক্ত কৰা হৈছে ।
প্রশ্ন ৭। অসমৰ ৰামচৰ ক্ষেত্র কোনখন ?
উত্তৰঃ দীপৰ বিল ।
প্রশ্ন ৮। পক্ষী অভয়াৰণ্য ক’ত আছে ?
উত্তৰঃ পানীদিহিংত আছে ।
প্রশ্ন ৯। অসমত প্রথম কেতিয়া খাৰুৱা তেলৰ বাণিজ্যিক উৎপাদন আৰম্ভ হৈছিল ?
উত্তৰঃ ১৮৮৯ চনত ।
প্রশ্ন ১০। এছিয়া মহাদেশৰ আটাইতকৈ পুৰণি শোধনাগাৰটোৰ নাম কি ?
উত্তৰঃ ডিগবৈ তেল শােধনাগাৰ ।
প্রশ্ন ১১। পৃথিৱীৰ আটাইতকৈ পুৰণি কার্যক্ষম তেল শােধনাগাৰটো ক’ত আছে ?
উত্তৰঃ অসমৰ ডিগবৈত আছে ।
প্রশ্ন ১২। খাৰুৱা তেলৰ পুং থকা অসমৰ পাঁচখন ঠাইৰ নাম লিখা ।
উত্তৰঃ ডিগবৈ , নাহৰকটীয়া , হুগ্রীজান , মৰাণ আৰু লাকুৱা ।
প্রশ্ন ১৩। অসমৰ কয়লা পােৱা তিনিখন ঠাইৰ নাম লিখা ।
উত্তৰঃ মাকুম , লিডু আৰু বৰগােলাই ।
প্রশ্ন ১৪। অসমত পােৱা কেইবিধমান মূল্যবান উদ্ভিদৰ নাম লিখা ।
উত্তৰঃ অসমত পােৱা কেইবিধমান মূল্যৱান উদ্ভিদ হৈছে — শাল , সােণাৰু , শিলিখা , আমলখি , বাঁহ , বেত , শতমূল , ঔ – টেঙা , নেমু , মহানিম , নাৰিকল , তেঁতেলি , কল ইত্যাদি ।
প্রশ্ন ১৫। অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন আৰু কি কি ?
উত্তৰঃ পাঁচখন । সেইকেইখন হ’ল –
১। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ।
২। মানস ( মানাহ ) ৰাষ্ট্ৰীয় উদ্যান ।
৩। ওৰাং ৰাষ্ট্ৰীয় উদ্যান ( ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যান ) ।
৪। ডিব্ৰু – ছৈখােৱা ৰাষ্ট্ৰীয় উদ্যান । আৰু
৫। নামেৰি ৰাষ্ট্ৰীয় উদ্যান ।
প্রশ্ন ১৬। অসমত কেইখন অভয়াৰণ্য আছে ? ইয়াৰে তিনি খনৰ নাম লিখা ।
উত্তৰঃ অসমত ১৭ খন অভয়াৰণ্য আছে । তিনিখন অভয়াৰণ্যৰ নাম হৈছে—
১। পৱিতৰা অভয়াৰণ্য ।
২। নামেৰী অভয়াৰণ্য । আৰু
৩। লাওখােৱা অভয়াৰণ্য ।
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.