Niketan Class 7 Social Chapter 1 ভূ – পৃষ্ঠৰ সময় গণনা is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 7 Social Chapter 1 ভূ – পৃষ্ঠৰ সময় গণনা and select need one.
Niketan Class 7 Social Chapter 1 ভূ – পৃষ্ঠৰ সময় গণনা
Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 7 Social Chapter 1 ভূ – পৃষ্ঠৰ সময় গণনা Solutions for All Subjects, You can practice these here…
ভূ – পৃষ্ঠৰ সময় গণনা
Chapter – 1
সমাজ বিজ্ঞান
SHANKARDEV SISHU VIDYA NIKETAN
TEXTUAL QUESTIONS AND ANSWERS
প্রশ্ন ১। অক্ষৰেখা কাক বােলে ? অক্ষাংশৰ লগত অক্ষৰেখাৰ পার্থক্য কি ?
উত্তৰঃ পৃথিৱীৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযােগী কাল্পনিক দ্রাঘিমা ৰেখাবােৰক সমকোণত কটাকৈ পূর্ব – পশ্চিমাকৈ যিবােৰ বৃত্তাকাৰ ৰেখা কল্পনা কৰা হয় , সেইবােৰক অক্ষৰেখা বােলে । অক্ষাংশৰ লগত অক্ষৰেখাৰ পার্থক্য হৈছে — কোনাে এখন ঠাই বিষুব ৰেখাৰ পৰা কিমান ডিগ্রী কোণ কৰি পৃথিৱীৰ উত্তৰ বা দক্ষিণে অবস্থিত , সেই কোণৰ মান গণনা কৰা ৰেখাডাল হৈছে অক্ষৰেখা । আকৌ সেই ঠাইৰ পৰা পৃথিৱীৰ কেন্দ্ৰলৈ টনা আৰু বিষুৱ ৰেখাৰ পৰা কেন্দ্ৰলৈ টনা ৰেখা’ দুডালে যি কোণৰ সৃষ্টি কৰে , সেই কোণৰ মান হ’ল সেই ঠাইখনৰ অংশ।
প্রশ্ন ২। চমুটোকা লিখা –
( ক ) স্থানীয় সময় ।
উত্তৰঃ একেডাল দ্রাঘিমা ৰেখাত অৱস্থিত ঠাইসমূহৰ সূৰ্যৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰি এটা সময় নিৰূপণ কৰা হয় । সেই সময়ক স্থানীয় সময় বােলে । আমি থকা ঠাইখনৰ ঠিক ওপৰত যেতিয়া সূর্যই অৱস্থান কৰেহি অর্থাৎ দুপৰীয়া ১২ বাজে , তেতিয়া সেই দ্রাঘিমা ৰেখা যিবােৰ ঠাইৰ মাজেদি গৈছে সেই ঠাইবােৰতো দুপৰীয়া ১২ বাজিব । এই সময়েই হ’ব এই ঠাইসমূহৰ স্থানীয় সময় । এখন দেশৰ কোনাে এখন ঠাইৰ স্থানীয় সময়কে সমগ্র দেশখনৰ বাবে মান সময় হিচাপে নিৰূপণ কৰা হয় ।
( খ ) মান সময় ।
উত্তৰঃ মান সময় পৃথিৱীৰ প্রত্যেকখন দেশেই সেই দেশৰ কোনাে এখন ঠাইৰ স্থানীয় সময় সেই দেশৰ অন্তৰ্গত সকলাে ঠাইত প্রযােজ্য হােৱাকৈ নিৰূপণ কৰে আৰু সেই সময়কে সেইখন দেশৰ মান সময় বােলে । বেলেগ বেলেগ ঠাইৰ স্থানীয় সময় বেলেগ বেলেগ হােৱা বাবে মানুহে স্থানীয় সময়মতে চলিব গ’লে অসুবিধা হ’লহেঁতেন । যেনে – দিল্লী বা ৰাজস্থানৰ স্থানীয় সময়ৰ লগত অসমৰ স্থানীয় সময় নিমিলে । গতিকে আমি যদি স্থানীয় সময়মতে চলিলােহেঁতেন , দিল্লী বা ৰাজস্থানলৈ গ’লে তাৰ স্থানীয় সময়ৰ লগত আমি ঘড়ীৰ সময় মিলাই ল’ব লাগিলহেঁতেন । কিন্তু আমাৰ দেশত এলাহাবাদৰ ওচৰেদি যােৱা ৮২ শতাংশ পূর্ব দ্রাঘিমাৰ স্থানীয় সময়ক দেশৰ মান সময় হিচাপে ধৰি লােৱা হৈছে বাবে অসমৰ পৰা দিল্লী অথবা ভাৰতৰ আন ঠাইলৈ গ’লে সেইবােৰ ঠাইৰ স্থানীয় সময়ৰ লগত , ঘড়ীৰ সময় মিলাই লােৱাৰ প্ৰয়ােজন নহয় ।
( গ ) প্রাথমিক দ্রাঘিমা ।
উত্তৰঃ পৃথিৱীৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযােগী কাল্পনিক অর্ধবৃত্তাকাৰ দ্রাঘিমা ৰেখা ধৰাপৃষ্ঠত ১° ব্যৱধানত মুঠ ৩৬০ ডাল আছে । এই ৰেখাবােৰৰ ভিতৰত যিডাল ৰেখা লণ্ডন চহৰৰ ওচৰত থকা গ্রীনউইচ চহৰৰ মান মন্দিৰৰ ওপৰেদি কল্পনা কৰা হৈছে , সেইডালক প্রাথমিক দ্রাঘিমা বুলি মানি লােৱা হৈছে । ০ ° মানৰ এই প্রাথমিক দ্রাঘিমাৰ পূবে মুঠ ১৮০ ডাল পূর্ব দ্রাঘিমা’ আৰু পশ্চিমে – মুঠ ১৮০ ডাল ‘ পশ্চিম দ্রাঘিমা ’ ৰেখা আছে ।
( ঘ ) বিষুব ৰেখা ।
উত্তৰঃ পৃথিৱীৰ উপৰিভাগেৰে পূর্ব – পশ্চিমাকৈ যিবোৰ অক্ষৰেখা কল্পনা কৰা হয় , সেই অক্ষৰেখাবােৰ সমান নহয় । এইবােৰ উত্তৰ আৰু দক্ষিণলৈ ক্রমে চুটি হৈ গৈ মেৰু অঞ্চলত একোটা বিন্দু হৈছেগৈ । পৃথিৱীৰ দুই মেৰুৰ পৰা সমান দূৰত্বত পৃথিৱীৰ একেবাৰে মাজভাগত থকা ০° অক্ষৰেখালাল আটাইতকৈ দীঘল । ইয়াৰ দৈর্ঘ্য ৪০,০৭৫ কিলােমিটাৰ ( ২৪,৯০১ মাইল ) । এই ৰেখাড়ালকে বিযুৱ ৰেখা বা নিৰক্ষৰেখা বােলা হয়। বিষুৱৰেখাই পৃথিৱীখনক সমানে দুভাগত বিভক্ত কৰিছে । উত্তৰৰ ভাগটোক উত্তৰ গােলাৰ্ক আৰু দক্ষিণৰ ভাগটোক দক্ষিণ গােলার্ধ বােলা হয়। বিযুৱ ৰেখাৰ উত্তৰ আৰু দক্ষিণে যিমানে মেৰুৰ ফালে যােৱা যায় , অক্ষৰেখাৰ মান বাঢ়ি যায় আৰু মেৰুত ইয়াৰ মান ৯০° হয়গৈ ।
( ঙ ) আন্তঃৰাষ্ট্ৰীয় তাৰিখ ৰেখা ।
উত্তৰঃ পৃথিৱীৰ সকলাে দেশে সময় আৰু দিন গণনাৰ সীমাৰেখা বুলি মানি যােৱা ৰেখাড়ালকে আন্তঃৰাষ্ট্ৰীয় তাৰিখ ৰেখা বােলা হয় । গ্রীনউইচ চহৰৰ মান মন্দিৰৰ ওপৰেদি কল্পনা কৰা ০° মানৰ প্রাথমিক দ্রাঘিমাৰ পূবে মুঠ ১৮০ ডাল ‘ পূর্ব দ্রাঘিমা ’ আৰু পশ্চিমে মুঠ ১৮০ ডাল পশ্চিম দ্রাঘিমা ’ ৰেখা আছে । উল্লেখযােগ্য যে ১৮০° পূর্ব দ্রাঘিমা ’ আৰু ১৮০° পশ্চিম দ্রাঘিমা ’ ৰেখা প্রকৃততে একেডাল ৰেখা । ইয়াকে আন্তঃৰাষ্ট্ৰীয় তাৰিখ ৰেখাৰূপে কল্পনা কৰি সময় নিৰ্দ্ধাৰণ কৰা হয় । কিন্তু পৃথিৱীৰ আবৰ্তনৰ বাবে বিভিন্ন স্থানৰ সময় অনুযায়ী সময় গণনা কৰিবলৈ অলপ বেমেজালি ঘটে । এই বেমেজালি দূৰ কৰিবৰ বাবে ০° প্রাথমিক দ্রাঘিমাৰ ঠিক বিপৰীতে থকা ১৮০° দ্রাঘিমাডালৰ ওপৰেদি ঠায়ে ঠায়ে অলপ বেঁকা বেঁকিকৈ এডাল ৰেখা পৃথিৱীৰ সকলাে দেশেই সময় আৰু দিন গণনাৰ সীমাৰেখা বুলি মানি লৈছে । এই ৰেখাড়লেই হ’ল আন্তৰাষ্ট্ৰীয় সময় ৰেখা ৷
প্রশ্ন ৩। স্থানীয় সময় কাক বােলে ? মান সময়ৰ লগত স্থানীয় সময় পার্থক্য কি ?
উত্তৰঃ একেডাল দ্রাঘিমা ৰেখাৰ অৱস্থিতি ঠাই সমূহৰ সূৰ্যৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰি নিৰূপ কৰা সময়কে স্থানীয় সময় , বােলে ৷ যেনে – আমি থকা ঠাইখনৰ ঠিক ওপৰতে যেতিয়া সূর্যই অৱস্থান কৰেহি অর্থাৎ দুপৰীয়া ১২ বাজে তেতিয়া সেই দ্রাঘিমা ৰেখা যিবােৰ ঠাইৰ মাজেদি গৈছে সেই ঠাইবােৰতাে দুপৰীয়া ১২ বাজিব । এই সময়েই হ’ব এই ঠাইসমূহৰ স্থানীয় সময় ।
মান সময়ৰ লগত স্থানীয় সময় পার্থক্য :- প্রত্যেক দেশে দেশৰ সকলােৰে সুবিধার্থে কোনাে এখন ঠাইৰ স্থানীয় সময়কে মান সময় হিচাপে ধৰি লয়।মান সময় দেশখনৰ সকলাে ঠাইৰ বাবে একে হয়। কিন্তু একেখন দেশৰ হ’লেও বেলেগ বেলেগ ঠাইৰ স্থানীয় সময় বেলেগ বেলেগ হয় । আনহাতে বেলেগ বেলেগ দেশৰ মান সময় বেলেগ বেলেগ । উদাহৰণ স্বৰূপে ইংলেণ্ডৰ মান সময়তকৈ ভাৰতৰ মান সময় ৫ ঘণ্টা ৩০ মিনিট আগবঢ়া আৰু ব্রাজিলৰ মান সময় এঘণ্টা পিছপৰা । কিন্তু বেলেগ দেশত অৱস্থিত হলেও একেডাল দ্রাঘিমা ৰেখাত অৱস্থিত ঠাইৰ স্থানীয় সময় একে হয় ।
প্রশ্ন ৪। কোনাে এখন ঠাইৰ সময় কেনেকৈ নির্ণয় কৰা হয় ?
উত্তৰঃ দ্রাঘিমা ৰেখা আৰু সূৰ্যৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰি কোনাে এখন ঠাইৰ সময় নির্ণয় কৰা হয় ।
প্রশ্ন ৫। গ্রীনউইচ মান সময় কাক বােলে ? এই সময় কিয় আৰু কেনেদৰে ব্যৱহাৰ কৰা হয় ?
উত্তৰঃ ইংলেণ্ডৰ গ্রীনউইচৰ মাজেদি যােৱা দ্রাঘিমাৰেখাৰ মান ০° অর্থাৎ এইডাল প্রাথমিক দ্রাঘিমা ৰেখা । গ্রীনউইচৰ স্থানীয় সময়ক ইংলেণ্ডৰ মান সময় বুলি ধৰি লােৱা হৈছে । আকৌ পৃথিৱীৰ আন আন দেশৰ যােগাযােগৰ সুবিধাৰ কাৰণে গ্রীনউইচৰ স্থানীয় সময়কেই সমগ্র পৃথিৱীৰ মান সময় বুলি মানি লােৱা হৈছে । ইয়াকে গ্রীনউইচ মান সময় বােলা হয় ।
কোনাে ঠাইৰ স্থানীয় সময় নির্ণয় কৰিবলৈ অথবা সময়ৰ পাৰ্থক্যৰ লগত দ্রাঘিমাংশ পার্থক্য জানিবলৈ গ্রীনউইচ মান সময় ব্যৱহাৰ কৰা হয় । প্রাথমিক দ্রাঘিমা অথবা গ্রীনউইচৰ পূবে অৱস্থিত যিকোনাে ঠাইৰ স্থানীয় সময় গ্রীনউইচৰ সময়তকৈ আগবঢ়া আৰু পশ্চিমে থকা ঠাইসমূহৰ সময় গ্রীনউইচৰ সময়তকৈ পাছ পৰা । যদি দুখন ঠাই গ্রীনউইচৰ পূবে বা পশ্চিমে থাকে তেন্তে দুইখন ঠাইৰ দ্রাঘিমাংশৰ বিয়ােগ ফলেই ঠাই দুখনৰ দ্রাঘিমাংশ পার্থক্য । আনহাতে , যদি দুখন ঠাই গ্রীনউইচৰ দুয়ােফালে অর্থাৎ এখন পূবে আনখন পশ্চিমে থাকে তেনেহলে ঠাই দুখনৰ দ্রাঘিমাংশৰ যােগফলেই ঠাই দুখনৰ দ্রাঘিমাংশ পার্থক্য বুজাব।
প্রশ্ন ৬। ১ মিনিট দ্রাঘিমাৰ পার্থক্যত সময় পার্থক্য কিমান ?
উত্তৰঃ ৪ চেকেণ্ড ।
প্রশ্ন ৭। ১° দ্রাঘিমাংশত স্থানীয় সময় পার্থক্য কিমান ?
উত্তৰঃ মিনিট ।
প্রশ্ন ৮। ইংলেণ্ডৰ মান সময়তকৈ ভাৰতৰ মান সময় কিমান আগবঢ়া ?
উত্তৰঃ ৫ ঘণ্টা ৩০ মিনিট আগবঢ়া ।
প্রশ্ন ৯। জাপানৰ মান সময়তকৈ ভাৰতৰ মান সময় কিমান পাছপৰা ?
উত্তৰঃ ৩ ঘণ্টা ৩০ মিনিট পাছপৰা ।
প্রশ্ন ১০। গ্রীনউইচৰ মাজেদি যােৱা দ্রাঘিমা ৰেখাডালৰ নাম কি আৰু ইয়াৰ মান কিমান ?
উত্তৰঃ প্রাথমিক দ্রাঘিমা ৰেখা । ইয়াৰ মান ০°।
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.