Niketan Class 7 Social Chapter 3 পৃথিৱীৰ উপৰিভাগ is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 7 Social Chapter 3 পৃথিৱীৰ উপৰিভাগ and select need one.
Niketan Class 7 Social Chapter 3 পৃথিৱীৰ উপৰিভাগ
Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 7 Social Chapter 3 পৃথিৱীৰ উপৰিভাগ Solutions for All Subjects, You can practice these here…
পৃথিৱীৰ উপৰিভাগ
Chapter – 3
সমাজ বিজ্ঞান
SHANKARDEV SISHU VIDYA NIKETAN
TEXTUAL QUESTIONS AND ANSWERS
প্রশ্ন ১। স্থলভাগ বুলিলে কি বুজা ?
উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ ওখােৰা – মােখােৰা কঠিন ওখ মাটি ভাগক স্থলভাগ বােলা হয় ।
প্রশ্ন ২। জলমণ্ডল বা বাৰিমণ্ডল বুলিলে কি বুজা ?
উত্তৰঃ চিৰকাল পানীৰে পৰিপূৰ্ণ হৈ থকা পৃথিৱীৰ উপৰিভাগৰ দ অংশটোক জলমণ্ডল বা বাৰিমণ্ডল বুলি কোৱা হয় ।
প্রশ্ন ৩। পর্বত কাক বােলে ? কেইখনমান প্রধান পৰ্বতৰ নাম লিখা ।
উত্তৰঃ ওখ , বিস্তৃত , শিলাময় শিখৰযুক্ত ভূমিভাগক পর্বত বােলা হয় । কেইখনমান প্রধান পর্বত হৈছে — হিমালয় , আল্পছ , ৰকি , এণ্ডিজ , এটলাছ , এপেলেছিয়ান , গ্রেট ডিভাইডিং বেঞ্জ , পিবেনিত , কার্পেথিয়ান, গ্রেস্পিয়ান্স , ব্রেকফৰেষ্ট , ছিয়াৰা নেডেডা আৰু কংকুজিয়ামা ।
প্রশ্ন ৪। পৃথিৱীৰ সর্বোচ্চ শৃংগ কি ? ই কিমান ওখ ?
উত্তৰঃ হিমালয় পর্বতৰ মাউন্ট এভাৰেষ্ট বা গৌৰীশংকৰ শৃংগ । ই ৮৮৪৮ মিটাৰ ওখ ।
প্রশ্ন ৫। মালভূমি মানে কি বুজা ? পৃথিৱীৰ কেইখনমান প্রধান মালভূমিৰ নাম লিখা ।
উত্তৰঃ বিস্তীর্ণ উচ্চভূমিক মালভূমি বােলা হয় । পৃথিৱীৰ কেইখনমান প্রধান মালভূমি হৈছে — ভাৰতৰ দাক্ষিণাত্য মালভূমি , তিবৃত মালভূমি আৰু পামিৰ মালভূমি ।
প্রশ্ন ৬। সমভূমি কেনেকৈ সৃষ্টি হয় ?
উত্তৰঃ সমভূমি ডাঙৰ ডাঙৰ নদীৰ উপত্যকা অঞ্চলত , সাগৰৰ উপকূলত , হ্রদ পােত খাই , হিমবাহে কঢ়িয়াই অনা গেদ জমা হৈ বা জ্বালামুখী উদ্গিৰণৰ দ্বাৰা লাভা জমা হৈ প্রাকৃতিকভাৱে সৃষ্টি হয় ।
প্রশ্ন ৭। ‘ V ‘ আকৃতিৰ উপত্যকা আৰু ‘ U ‘ আকৃতিৰ উপত্যকা কেনেদৰে গঠন হয় ?
উত্তৰঃ ‘ V ‘ আকৃতিৰ উপত্যকা নদীয়ে আৰু ‘ U ‘ আকৃতিৰ উপত্যকা হিমবাহে গঠন কৰে ।
প্রশ্ন ৮। নদীৰ ‘ উৎস ’ বুলিলে কি বুজা ?
উত্তৰঃ যি উচ্চ ঠাইৰ পৰা নদীৰ জলধাৰা আৰম্ভ হয় , তাকে নদীৰ ‘ উৎস ’ বােলে ।
প্রশ্ন ৯। মােহনা আৰু ব-দ্বীপ কাক বােলে ?
উত্তৰঃ নদী সাগৰত পৰা অংশক মােহনা আৰু ‘ ব ’ আকৃতিৰ দ্বীপক ব – দ্বীপ বােলে । গংগা আৰু ব্ৰহ্মপুত্র নদী মিলি পদ্মা নাম লৈ বংগােপ সাগৰত পৰিছে আৰু সেই অঞ্চলত এটি ‘ ব ’ আকৃতিৰ দ্বীপ সৃষ্টি কৰিছে।এই দ্বীপটোক সুন্দৰবন ব-দ্বীপ’ নামে জনা যায় ।
প্রশ্ন ১০। পৃথিৱীৰ কেইখনমান উল্লেখযােগ্য নদীৰ নাম লিখা ।
উত্তৰঃ পৃথিৱীৰ কেইখনমান উল্লেখযােগ্য নদীৰ নাম হৈছে — ব্রহ্মপুত্র , গঙ্গা , নর্মদা , তাপ্তী , গােদাৱৰী , মহানদী , কৃষ্ণা , কাৱেৰী , নীল , আমাজান , হােৱাংহাে , ইয়াংছিকিয়াং , ৰাইন ’ , ভল্লা , টাইগ্রীছ , ইউফ্রেটিছ ইত্যাদি ।
প্রশ্ন ১১। গ্রস্ত উপত্যকা কি ? উদাহৰণ দিয়া ।
উত্তৰঃ গ্রস্ত উপত্যকা হৈছে ভূ – আন্দোলনৰ ফলত সৃষ্টি হােৱা দুটা চ্যুতিৰ মাজৰ নিম্ন অংশত সৃষ্টি হােৱা উপত্যকা । নর্মদা আৰু তাপ্তী নৈৰ উপত্যকা গ্রস্ত উপত্যকা ।
প্রশ্ন ১২। হ্রদ বুলিলে কি বুজা ? কেইটামান হ্রদৰ নাম লিখা ।
উত্তৰঃ চাৰিওফালে মাটি ভাগেৰে আগুৰা বিস্তৃত জলৰাশিক হ্রদ বােলা হয় । পৃথিৱীৰ কেইটমান উল্লেখযােগ্য হ্ৰদৰ নাম হৈছে আৰল , কাস্পিয়ান , জেনেভা , গার্ডা , নাছা , টাংগানিকা , বৈকাল , গ্রেটবিয়াৰ ইত্যাদি ।
প্রশ্ন ১৩। সাগৰ , উপসাগৰ আৰু মহাসাগৰৰ সংজ্ঞা দিয়া ।
উত্তৰঃ ভূত্বকৰ ওখােৰা – মােখােৰা স্থানৰ নিম্ন অংশত জমা হােৱা এক বিস্তীর্ণ জলভাগক সাগৰ বুলি কোৱা হয় ।
মহাসাগৰ :- একাধিক সাগৰত সমষ্টিৰে সৃষ্টি হােৱা বিশাল জলধাৰাক মহাসাগৰ বােলে ।
উপসাগৰ :- যি বিস্তীর্ণ জলভাগৰ তিনিওফালে স্থলভাগ থাকে তাকে উপসাগৰ বােলে ।
প্রশ্ন ১৪। কেইখনমান সাগৰৰ নাম লিখা ।
উত্তৰঃ আৰব সাগৰ , বংগােপ সাগৰ , লােহিত সাগৰ , ভূমধ্য সাগৰ , কেৰিবিয়ান সাগৰ , আৰাফুৰা আৰু চাইনা সাগৰ।
প্রশ্ন ১৫। কেইখনমান উপত্যকাৰ নাম লিখা ।
উত্তৰঃ গংগা উপত্যকা , ব্রহ্মপুত্র উপত্যকা , বৰাক উপত্যকা , সিন্ধু উপত্যকা , আমাজান উপত্যকা , হােৱাংহাে উপত্যকা ইত্যাদি ।
প্রশ্ন ১৬। পৃথিৱীৰ মহাসাগৰ কেইখনৰ নাম লিখা ।
উত্তৰঃ প্ৰশান্ত , আটলান্টিক , ভাৰত , উত্তৰ আৰু দক্ষিণ মহাসাগৰ ।
প্রশ্ন ১৭। পৃথিৱীৰ আটাইতকৈ দ হ্রদটোৰ নাম কি ?
উত্তৰঃ বৈকাল ।
প্রশ্ন ১৮। পৃথিৱীৰ আটাইতকৈ ডাঙৰ হ্রদটোৰ নাম কি আৰু ইয়াৰ আয়তন কিমান ?
উত্তৰঃ কাস্পিয়ান । ইয়াৰ আয়তন ৪০,০০,০০০ বর্গ কিলােমিটাৰ ।
প্রশ্ন ১৯। অসমৰ পাঁচখন উল্লেখযােগ্য পাহাৰৰ নাম লিখা ।
উত্তৰঃ নীলাচল , সন্ধ্যাচল , কালাপাহাৰ , চৰাইদেউ আৰু ৰাইল ।
প্রশ্ন ২০। ভাৰতৰ পাঁচটা প্রধান পর্বত শ্ৰেণীৰ নাম লিখা ।
উত্তৰঃ পূর্বঘাট , পশ্চিমঘাট , নীলগিৰী , আৰাৱলী আৰু বিন্ধ্য ।
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.