Niketan Class 7 Social Chapter 5 সম্পদ is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 7 Social Chapter 5 সম্পদ and select need one.
Niketan Class 7 Social Chapter 5 সম্পদ
Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 7 Social Chapter 5 সম্পদ Solutions for All Subjects, You can practice these here…
সম্পদ
Chapter – 5
সমাজ বিজ্ঞান
SHANKARDEV SISHU VIDYA NIKETAN
TEXTUAL QUESTIONS AND ANSWERS
প্রশ্ন ১। সম্পদ বুলিলে কি বুজা ?
উত্তৰঃ প্ৰকৃতিৰ পৰা পােৱা ব্যৱহাৰৰ উপযােগী যি কোনাে দ্রব্য বা পদার্থকে সম্পদ বােলে ।
প্রশ্ন ২। সম্পদৰ প্ৰধান ভাগকেইটা কি কি ?
উত্তৰঃ সম্পদৰ প্ৰধান ভাগকেইটা হৈছে—
১। প্রাকৃতিক সম্পদ ।
২। মানৱ সম্পদ । আৰু
৩। মানৱ সৃষ্ট বা কর্ষিত সম্পদ ।
প্রশ্ন ৩। মানৱক কিয় সম্পদ বােলা হয় ?
উত্তৰঃ প্রাকৃতিক বিভিন্ন সম্পদৰ দৰে মানুহকো এক অর্থ সম্পদ বুলি কোৱা হয় । মানুহৰ বুদ্ধি , কর্মদক্ষতা , ক্ষমতা আৰু কৌশলবৃত্তিৰ ফলত মানুহে বহু অসাধ্য সাধন কৰিব পাৰে । মানুহে প্রাকৃতিক সকলাে সম্পদকে নিজৰ জ্ঞানবুদ্ধি আৰু কৰ্মৰদ্বাৰা ব্যৱহাৰৰ উপযােগী কৰি তুলিব পাৰে । এইবাবেই মানৱক সম্পদ বুলি কোৱা হয় ।
প্রশ্ন ৪। প্রাকৃতিক সম্পদসমূহৰ বৰ্ণনা দিয়া ।
উত্তৰঃ প্রাকৃতিক সম্পদসমূহক বিভিন্ন ভাগত ভাগ কৰা হয় । উৎপত্তি অনুসৰি এইবােৰ হৈছে— স্থলজ , জলজ , সৌৰ , বতাহ , বন মানৱ ইত্যাদি । উপলভ্যতা অনুসৰি প্রাকৃতিক সম্পদক ক্ষয়শীল আৰু পূর্ণভৱ বা অপৰম্পৰাগত শক্তি সম্পদ হিচাপে ভাগ কৰিব পাৰি । কয়লা , খনিজ তেল ; প্রাকৃতিক গেছ , ইউৰেনিয়াম , থৰিয়াম আদি ব্যয়শীল সম্পদ । আনহাতে পানী , বতাহ , সৌৰশক্তি , জোৱাৰ শক্তি , ভূ – তাপীয় শক্তি , জৈৱিক পদাৰ্থৰ পৰা ওলােৱা শক্তি , জৈৱ ইন্ধন , হাইড্রজেন ইত্যাদি পূর্ণভৱ বা অপৰম্পৰাগত শক্তি সম্পদ । উৎসৰ ওপৰত নিৰ্ভৰ কৰি প্রাকৃতিক সম্পদক জৈৱিক আৰু অজৈৱিক — এই দুই ভাগত ভাগ কৰা হৈছে । উদ্ভিদ আৰু জীৱসমূহ হৈছে জৈবিক সম্পদ। শিল্য মাটি , পানী , খনিজ দ্রব্যসমূহকে ধৰি জীৱন থকা সম্পদবােৰ হৈছে অজৈৱিক সম্পদ ।
প্রশ্ন ৫। অসমৰ হাবিত চাহগছ আৱিষ্কাৰ কেতিয়া হৈছিল ? কোনে কৰিছিল ?
উত্তৰঃ ১৮২৩ চনত আৱিষ্কাৰ হৈছিল । ৰবার্ট ব্রুছ নামৰ এজন ইংৰাজ লােকে আৱিষ্কাৰ কৰিছিল ।
প্রশ্ন ৬। মানৱসৃষ্ট সম্পদ কোনবােৰ ?
উত্তৰঃ মানুহে নিজৰ জ্ঞান বুদ্ধি আৰু কৰ্মৰ দ্বাৰা তথা বিজ্ঞান আৰু প্ৰযুক্তিৰ বিকাশেৰে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা সম্পদসমূহেই হ’ল মানৱসৃষ্ট বা কর্ষিত সম্পদ । ঘৰ – দুৱাৰ , আলিবাট – দলং , কল – কাৰখানা , যানবাহন আদিবােৰ হ’ল মানৱসৃষ্ট সম্পদৰ উদাহৰণ ।
প্রশ্ন ৭। সর্বব্যাপী সম্পদ আৰু স্থানভিত্তিক সম্পদ কাক বােলে ?
উত্তৰঃ যি সম্পদ সকলােতে থাকে তাক সর্বব্যাপী সম্পদ বােলে । যেনে – বায়ু । আনহাতে যি সম্পদ এক নির্দিষ্ট স্থানতহে পােৱা যায় তাক স্থানভিত্তিক সম্পদ বােলে । লােৰ আকৰ , তাম , সােণ , কয়লা ইত্যাদি স্থানভিত্তিক সম্পদ ।
প্রশ্ন ৭। পাঁচবিধ অপৰম্পৰাগত শক্তি সম্পদৰ নাম লিখা ।
উত্তৰঃ পানী , সৌৰশক্তি , ভূ – তাপীয় শক্তি , জৈৱ ইন্ধন আৰু হাইড্রজেন ।
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.