Niketan Class 7 Social Chapter 4 আমাৰ পৰিৱেশ is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 7 Social Chapter 4 আমাৰ পৰিৱেশ and select need one.
Niketan Class 7 Social Chapter 4 আমাৰ পৰিৱেশ
Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 7 Social Chapter 4 আমাৰ পৰিৱেশ Solutions for All Subjects, You can practice these here…
আমাৰ পৰিৱেশ
Chapter – 4
সমাজ বিজ্ঞান
SHANKARDEV SISHU VIDYA NIKETAN
TEXTUAL QUESTIONS AND ANSWERS
প্রশ্ন ১। পৰিৱেশ মানে কি বুজা ?
উত্তৰঃ আমাৰ চাৰিওফালে থকা গছ – গছনি , জীৱ – জন্তু , চৰাই – চিৰিকটি অর্থাৎ জীৱজগত আৰু উদ্ভিদ জগতৰ কেউদিশে বিৰাজ কৰা পৰিস্থিতি বা অৱস্থাকে পৰিৱেশ বােলে ।
প্রশ্ন ২। পৰিৱেশ কেইপ্ৰকাৰৰ আৰু কি কি ?
উত্তৰঃ পৰিৱেশ দুই প্রকাৰৰ –
১। প্রাকৃতিক পৰিৱেশ । আৰু
২। মানৱ সৃষ্ট পৰিৱেশ ।
প্রশ্ন ৩। প্রাকৃতিক পৰিৱেশ আৰু মানৱসৃষ্ট পৰিৱেশৰ মাজত পার্থক্য কি কি ?
উত্তৰঃ প্রাকৃতিক পৰিৱেশ আৰু মানৱসৃষ্ট পৰিৱেশৰ মাজত পার্থক্য—
১। প্রাকৃতিক পৰিৱেশ বায়ু , পানী , গছ – গছনি , জীৱ – জন্তু , কীট – পতংগ , ভৌগােলিক অৱস্থান , নদ – নদী , পাহাৰ – পর্বত , মাটি ইত্যাদি প্রাকৃতিক কাৰকবােৰে সৃষ্টি কৰে । আনহাতে মানৱ সৃষ্ট পৰিৱেশ মানুহে নিজাবুদ্ধি – কৌশল খটুৱাই প্রাকৃতিক পৰিৱেশ প্রদত্ত , সুবিধাসমূহৰ পৰা নিজৰ প্রয়ােজন অনুসৰি সৃষ্টি কৰে ।
২। প্রাকৃতিক পৰিৱেশ এক স্বাভাৱিক প্রক্রিয়া ; ই কাৰাে ওপৰত নিৰ্ভৰশীল নহয় । মানৱ সৃষ্ট পৰিৱেশ প্রাকৃতিক পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল । প্রাকৃতিক পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰিহে মানুহে নিজৰ বাবে এক পৰিৱেশ ৰচনা কৰি লয় ।
প্রশ্ন ৪। ‘পৰিস্থিতিতন্ত্র ‘ মানে কি বুজা ? দুটা পৰিস্থিতিতন্ত্রৰ উদাহৰণ দিয়া ।
উত্তৰঃ পৰিৱেশত থকা সকলাে প্রাণী, উদ্ভিদ , ভেঁকুৰ , বেক্টেৰিয়া ইত্যাদিক জৈৱিক উপাংশ বােলা হয় । ইয়াৰ প্ৰতিটো কাৰক পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল । যেনে সৌৰশক্তি , অর্থাৎ সূৰ্যৰপৰা তাপ আৰু পােহৰ পাই উদ্ভিদ গজি উঠে ; উদ্ভিদ অর্থাৎ তৃণ , গছৰ পাত আদি খাই গৰু – ছাগলী , হৰিণ , শহা আদি তৃণভােজী প্রাণীবােৰ জীয়াই থাকে । আকৌ এই তৃণভােজী জন্তুবােৰ খাই বাঘ , সিংহ , শিয়াল , হায়না আদি মাংসাহাৰী জন্তুবােৰ জীয়াই থাকে । উদ্ভিদ , তৃণভােজী আৰু মাংসভােজীৰ এই জীৱন চক্রকেই পৰিস্থিতিতন্ত্র বােলা হয় । পৰিস্থিতিতন্ত্রৰ দুটা উদাহৰণ –
১। গছৰ পাত — ফৰিং — চৰাই ।
২। তৃণ — হৰিণ বাঘ ।
প্রশ্ন ৫। উৎপাদক , প্রথম উপভােক্তা আৰু দ্বিতীয় উপভােক্তা মানে কি বুজা ? উদাহৰণসহ লিখা ।
উত্তৰঃ পৰিস্থিতিতন্ত্রত গছৰ পাত বা তৃণক উৎপাদ- ( Producer ) , ফৰিং , হৰিণ আদি তৃণভােজী প্রাণীবােৰক প্রথম উপভােক্তা ( First Consumer ) আৰু চৰাই , বাঘ আদি মাংসভােজী প্রাণীবােৰক দ্বিতীয় উপভােক্তা ( Second Consumer ) বুলি কোৱা হয় । উদাহৰণ –
উৎপাদক প্রথম উপভােক্তা দ্বিতীয় উপভােক্তা গছৰ পাত বা তৃণ – ফৰিং , হৰিণ , শহা – চৰাই , বাঘ , সিংহ ।
গছৰ পাত বা তৃণ হৈছে উৎপাদক । এই গছৰ পাত বা তৃণ খাই জীয়াই থকা ফৰিং , হৰিণ , গৰু – ছাগলী শহা আদি তৃণভােজী প্রাণীবােৰ হৈছে প্রথম উপভােক্তা আৰু এই তৃণভােজী প্রাণীবােৰ খাই জীয়াই থকা বাঘ , সিংহ , চৰাই , শিয়াল আদি মাংসভােজী প্রাণীবােৰ হৈছে দ্বিতীয় উপভােক্তা ।
প্রশ্ন ৬। অজৈৱিক উপাংশ মানে কি বুজা ?
উত্তৰঃ প্রাকৃতিক পৰিৱেশৰ তিনিটা অজৈৱ উপাদান বায়ু , মাটি আৰু পানীক অজৈৱিক উপাংশ বােলা হয় ।
প্রশ্ন ৭। পৃথিৱীৰ মুখ্য পৰিবেশ অঞ্চলসমূহ কি কি ?
উত্তৰঃ পৃথিৱীৰ মুখ্য পৰিবেশ অঞ্চলসমূহ হৈছে—
১। নিৰক্ষীয় অঞ্চল ।
২। ক্রান্তীয় উষ্ণ মৰুভূমি বা চাহাৰীয়া অঞ্চল ।
৩। ক্রান্তীয় মৌচুমী অঞ্চল ।
৪। ক্রান্তীয় তৃণভূমি অঞ্চল । আৰু
৫। তুন্দ্রা অঞ্চল ।
প্রশ্ন ৮। নিৰক্ষীয় অঞ্চলৰ পৰিৱেশ সম্পর্কে এটি টোকা লিখা ।
উত্তৰঃ নিৰক্ষ ৰেখা বা বিষুৱ ৰেখাৰ ৫° উত্তৰ আৰু দক্ষিণ , কিছুমান ঠাইত ১০ উত্তৰ আৰু দক্ষিণ অক্ষাংশলৈকে বিস্তৃত অঞ্চলটো হৈছে নিৰক্ষীয় অঞ্চল । এই অঞ্চলত সূৰ্যৰ তাপ আৰু পােহৰ লম্বভাৱে পৰে বাবে গােটেই বছৰ উত্তাপ সমান— প্রায় ২৬-২৭° চেলচিয়াছ । এই অঞ্চলত সমগ্ৰ বছৰ গড়ে ১৭৫-২০০ চেণ্টিমিটাৰ বৰষুণ হৈ থাকে । ইয়াত ৰবৰ , চন্দন , চেগুন আদি ডাঙৰ ডাঙৰ গছেৰে ভৰা চেলভা নামে চিৰসেউজীয়া অৰণ্য আছে । ইয়াৰ মাটিভাগ সেমেকা আৰু চেচুক বাবে বিভিন্ন সৰীসৃপ দেখা যায় । জলহস্তী , হাতী , বান্দৰ , চিম্পাঞ্জী আদি জন্তুও ইয়াত বাস কৰে ৷ নিৰক্ষীয় উচ্চভূমি অঞ্চলত দৈনিক উত্তাপৰ তাৰতম্য বেছি । উচ্চতাৰ বাবে উষ্ণতা কম আৰু বৰষুণো কম।ইয়াৰ ই কুয়েডৰ অঞ্চলত চিৰবসন্ত বিৰাজ কৰে । ইয়াত ‘ ছাভানা’ নামৰ তৃণভূমি দেখা যায় । নিৰক্ষীয় নিম্ন অঞ্চলত মানুহৰ জনবসতি সেৰেঙা । উগ্র জলবায়ুৰ বাবে ইয়াত ‘ পিগমি নামৰ চুটি – চাপৰ মানুহৰ লগতে ভেড়া , কুবু ডায়ান , বাকুৱা গাবুন , পাপুৱা আদি অঘৰী আদিবাসীসকলেহে বাস কৰে ।
প্রশ্ন ৯। ক্রান্তীয় উচ্চ মৰুভূমি বা চাহাৰীয় অঞ্চলৰ এটি বর্ণনা দিয়া ।
উত্তৰঃ দুয়াে গােলাৰ্দ্ধৰ ২০° উত্তৰ আৰু দক্ষিণ অক্ষাংশৰ মাজৰ অঞ্চলটো হৈছে ক্রান্তীয় উচ্চ মৰুভূমি বা চাহাৰীয় অঞ্চল । আফ্রিকাৰ চাহাৰা মৰুভূমি , এছিয়াৰ চৌডি আৰব , য়েমেন , কুৱেইট , ইৰান , আফগানিস্তান , পাকিস্তান , ভাৰতৰ থৰ মৰুভূমি , উত্তৰ আমেৰিকাৰ ক’ল’ৰাডাে , এৰিজনা , কেলিফর্ণিয়াৰ মৰুভূমি অঞ্চল , দক্ষিণ আমেৰিকাৰ আটাকামা , পেৰু আৰু চিলিৰ মৰুভূমি , আফ্রিকাৰ কালাহাৰি আৰু অষ্ট্রেলিয়াৰ বৃহৎ মৰুভূমি অঞ্চল এই অঞ্চলৰ অন্তৰ্গত ।
ইয়াৰ জলবায়ু শুকান আৰু গৰম । গ্রীষ্মকালত উত্তাপ গড়ে ৩৮° চেলচিয়াছ আৰু শীতকালি গড়ে ১০° চেলচিয়াছ । বার্ষিক বৃষ্টিপাত ২৫° চেঃমিঃতকৈ কম । কৃষিকার্যত অসুবিধা মৰুদ্যানসমূহত নাৰিকল , খেজুৰ , কপাহ , মাকৈ , জোৱাৰ আদি খেতি হয় । পশুপালন এক মুখ্য জীৱিকা ।
আৰৱত বেদুইন , চাহাৰাত তুৱাৰেগ আৰু কালাহাৰি মৰুভূমিত বুমেন্ নামৰ অধিবাসীসকলৰ জীৱিকা হৈছে পশুপালন আৰু চিকাৰ । জীৱৰ ভিতৰত উট , ঘোঁৰা , ছাগলী , ভেড়া , জেঠী , বিভিন্ন কীট – পতংগ , সাপ , ময়ূৰ আদি প্রধান ।
প্রশ্ন ১০। ক্রান্তীয় মৌচুমী অঞ্চলৰ পৰিৱেশৰ চমুটোকা এটি লিখা ।
উত্তৰঃ মৌচুমী জলবায়ুৰ দ্বাৰা প্ৰভাৱান্বিত ঠাইবােৰ ক্রান্তীয় মৌচুমী অঞ্চলৰ অন্তর্গত । ভাৰতবৰ্ষ , বাংলাদেশ , ম্যানমাৰ , থাইলেণ্ড , কম্বােডিয়া , ভিয়েটনাম , দক্ষিণ চীন , অষ্ট্রেলিয়াৰ উত্তৰ উপকূল আদি এই অঞ্চলৰ অন্তৰ্গত । জহকালি অধিক বৰষুণ ( গড়ে ২০০-২৫০ চেঃমি), যথেষ্ট গৰম ( গড়ে ২৫° -৩৫° চেলচিয়াছ ) আৰু শীতকালি ১৫° -২০° চেলচিয়াছ হােৱা এই অঞ্চলত মৌচুমী বতাহৰ দ্বাৰা জলবায়ুৰ অৱস্থা নিয়ন্ত্রিত হয় । পর্ণপাতী উদ্ভিদ , চিৰসেউজীয়া উদ্ভিদ, গুল্মজাতীয় আৰু তৃণজাতীয় উদ্ভিদৰ উপৰি হাতী , গড় , বনৰীয়া ম’হ , মেথােন , বিভিন্ন প্রজাতিৰ পহু , বান্দৰ , সিংহ , বাঘ , ভালুক , শিয়াল, সাপ , ঘঁৰিয়াল , জেঠী , কাছ আৰু বিভিন্ন প্রজাতিৰ চৰাই , যেনে — ম’ৰা , ধনেশ , ঈগল , ৰাজহাঁহ , শেন , কাউৰী ইত্যাদি মৌচুমী জলবায়ুৰ অৰণ্যৰ সম্পদ ।
পৃথিৱীৰ ভিতৰত অত্যধিক জলবহুল অঞ্চল হিচাপে পৰিগণিত ক্রান্তীয় মৌচুমী কৃষিৰ বাবে অত্যন্ত উপযােগী । তদুপৰি পশুপালন , কুটীৰ আৰু অত্যাধুনিক শিল্প – উদ্যোগ আদিৰ জৰিয়তে এই অঞ্চল প্রাচীন সভ্যতাৰ কেন্দ্রস্থল ।
প্রশ্ন ১১। ক্রান্তীয় তৃণভূমি পৰিৱেশ অঞ্চলৰ বিষয়ে এটি টোকা লিখা ।
উত্তৰঃ নিৰক্ষীয় অঞ্চলৰ দুয়ােকাষে ক্রান্তীয় তৃণভূমি অঞ্চল অৱস্থিত । আফ্রিকাৰ ছুডন , গিনি উপকূল , দক্ষিণ আমেৰিকাৰ অৰিনকো অববাহিকা , গিয়েনা , ব্রাজিল উচ্চভূমি , অষ্ট্রেলিয়াৰ উত্তৰ আৰু উত্তৰ- পূর্ব অংশ এই অঞ্চলৰ অন্তৰ্গত । জলবায়ু গৰম আৰু শুকান । আফ্রিকাত এই তৃণভূমিক ‘ ছাভানা ’ , দক্ষিণ আমেৰিকাত ‘লেন ’ , বলিভিয়াত ‘ মত ‘ না ’ , আর্জেন্টিনাত ‘ এলগ্রেছাব ’ আৰু ব্রাজিলত ‘ কেম্পাছ ’ নামে জনা যায় ৷ ইয়াত জেব্রা , জিৰাফ , গাঁৰা , হৰিণ , নীলগাই , মহ , হাতী, গড় , বাঘ , সিংহ আদি পােৱা যায় ।
অধিবাসীসকলৰ প্রধান জিৱিকা পশুপালন আৰু চিকাৰ । পূৱ আফ্রিকাৰ’ মাছাই ’ , ‘ কিমিজ ’ কেনিয়াৰ ‘ কিকয়ু ’ , চাহাৰাৰ ‘ হাউছা’ নামৰ অধিবাসীবিলাকে পশুপালন আৰু চিকাৰৰ লগতে কৃষিকার্যত লিপ্ত থাকে ।
প্রশ্ন ১২। ‘ তুন্দ্রা অঞ্চল ’ ৰ বিষয়ে বর্ণনা কৰা ৷
উত্তৰঃ উত্তৰ গােলাৰ্দ্ধৰ ৬৬° ৩০ উত্তৰ অক্ষাংশ আৰু ৭৫° উত্তৰ অক্ষাংশৰ মাজত অৱস্থিত অঞ্চলটোক তুন্দ্রা অঞ্চল বােলা হয় । ইউৰেছিয়া আৰু উত্তৰ আমেৰিকা , ছাইবেৰিয়া আদি এই অঞ্চলৰ অন্তৰ্গত । শীতকালৰ দৈর্ঘ্য সাতৰপৰা আঠ মাহ । গ্রীষ্মকাল চুটি । এই সময়তে গছ , ছেজ ঘাঁহ গজে । বগা ভালুক , বগা শিয়াল , নােমাল কুকুৰ , ভল্লা হৰিণ , তিমি মাছ , ছীল , সিন্ধুঘােটক আদি প্রাণী দেখা যায় । ‘এস্কিম ’ , ‘ লেপছ ’ , ‘ ফিনছ ’ , ‘ চেমােয়াড ’ নামৰ অঘৰী অধিবাসীসকলে ‘ ঈগলু ’ নামৰ বৰফৰ ঘৰ সাজি থাকে । কুকুৰে টনা ’ গাড়ী পৰিবহনৰ প্রধান মাধ্যম । তেওঁলােকৰ প্রধান জীৱিকা চিকাৰ ।
প্রশ্ন ১৩। ‘ বিয়ােজন ’ বুলিলে কি বুজা ?
উত্তৰঃ উদ্ভিদ , প্রাণীবােৰ মৰি – গেলি – পচি মাটিৰ লগত মিলি যােৱা অৱস্থাকে বিয়ােজন বােলে ।
প্রশ্ন ১৪। মানুহক কিয় সর্বভােজী বুলি কোৱা হয় ?
উত্তৰঃ মানুহে উদ্ভিদ আৰু জীৱ দুয়ােটাই ভক্ষণ কৰে বাবে মানুহক সর্বভােজী বুলি কোৱা হয় ।
প্রশ্ন ১৫। খালী ঠাই পূৰ কৰা –
( ক ) পৰিবেশৰ প্ৰতিটো _____ ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰশীল ।
উত্তৰঃ পৰিৱেশৰ প্ৰতিটো কাৰকে ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰশীল ।
( খ ) প্রাকৃতিক পৰিৱেশৰ ____ কাৰক ৰ সকলাে ঠাইতে সমভাৱে হৈ নাথাকে ।
উত্তৰঃ প্রাকৃতিক পৰিৱেশৰ বিভিন্ন কাৰক পৃথিৱীৰ সকলাে ঠাইতে সমভাৱে বিতৰণ হৈ নাথাকে ।
( গ ) মানবসৃষ্ট পৰিৱেশৰ ____ ৰ উৎস হ’ল ____ পৰিৱেশৰ উপাদানবােৰ ।
উত্তৰঃ মানৱসৃষ্ট পৰিৱেশৰ উপাদানসমূহৰ উৎস হ’ল প্রাকৃতিক পৰিৱেশৰ উপাদানবােৰ ।
( ঘ ) নিৰক্ষীয় অঞ্চলৰ _____ ক্রান্তীয় তৃণভূমি অঞ্চল অৱস্থিত ।
উত্তৰঃ নিৰক্ষীয় অঞ্চলৰ দুয়ােকাষে ক্রান্তীয় তৃণভূমি অঞ্চল অৱস্থিত ।
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.