Class 7 Social Chapter 2 পৃথিৱীৰ অভ্যন্তৰ ভাগ – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 7 Social Chapter – 2 পৃথিৱীৰ অভ্যন্তৰ ভাগ – সমাধান and select needs one.
SEBA Class 7 Social Chapter – 2 পৃথিৱীৰ অভ্যন্তৰ ভাগ – সমাধান
Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 7 Social Chapter – 2 পৃথিৱীৰ অভ্যন্তৰ ভাগ – সমাধান Solutions for All Subject, You can practice these here…
পৃথিৱীৰ অভ্যন্তৰ ভাগ
ভূগোল খণ্ড
১) শুদ্ধ উত্তৰটি বাছি উলিওৱাঃ
(ক) পৃথিৱীৰ পৃষ্ঠৰ পৰা কেন্দ্ৰলৈ /৪/৩/২ টা স্তৰেৰে গঠিত।
উত্তৰঃ ৩ টা স্তৰেৰে গঠিত।
(খ) ভূত্বক গড়ে গড়ে প্ৰায় ২০/ ৩০/ ২৫/ কিল মিটাৰ ডাঠ।
উত্তৰঃ ২০ কিল মিটাৰ ডাঠ।
(গ) পৃথিৱীৰ গভ মানে হল- ভূত্বক / গুৰুমণ্ডল / কেন্দ্ৰমণ্ডল।
উত্তৰঃ কেন্দ্ৰমণ্ডল
(ঘ) জীৱাস্ম সাধাৰণতে গেদীয় শিল/ আগ্নেয়শিল/ ৰুপান্তৰিত শিলত পোৱা যায়।
উত্তৰঃ গেদীয় শিল
(ঙ) আটাইতকৈ টান মাণিকবিধ হল সোণ/ হীৰা / দস্তা।
উত্তৰঃ হীৰা
২) খালী ঠাই পূৰ কৰা –
(ক) ভূ-পৃষ্ঠৰ পৰা অভ্যন্তৰ ভাগলৈ ক্ৰমান্বয়ে উত্তাপ বাঢ়ি গৈ থাকে ।
(খ) ভূত্বক স্তৰক ছিয়াল বুলি জনা যায়।
(গ) মাটি জৈবিক আৰু অজৈবিক পদাৰ্থ।
(ঘ) মেগমাৰ পৰা উতপত্তি হোৱা শিলক আগ্নেয় শিল বোলে ।
(ঙ) মাণিকবোৰ সাধাৰণতে কঠিন পদাৰ্থ ।
৩) চমু উত্তৰ লিখাঃ (৩০ টা মান শব্দৰ ভিতৰত )
(ক) ভূত্বক মানে কি বুজা?
উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ কঠিন আৱৰণটোক ভূত্ৱক বোলে । আদিতে তৰল আৰু গেছিয় পদাৰ্থবোৰ চেচাঁ হৈ সংকুচিত হোৱাৰ ফলত ভূত্ৱক অসমান আৰু ওখোৰা – মোখোৰা বুলি ধাৰনা কৰা হয় । পৰ্বত- পাহাৰ , মালভূমি – সমভূমি সাগৰ – মহাসাগৰ আদি ভূত্বকতে অৱস্থিত । ভূত্ৱকৰ গভীৰতা আনদুটা স্তৰতকৈ কম । ই গড়ে প্ৰায় ২০ কিলোমিটাৰ ডাঠ ।ভূত্ৱক স্তৰক ছিয়াল স্তৰ নামেৰেওঁ জনা যায় ।
(খ) আগ্নেয় শিল কাক বোলে?
উত্তৰঃ পৃথিৱীৰ অন্তভাৰ্গত থকা গলিত , উত্তত্ৱ পদাৰ্থবোৰত মেগমা বোলা হয় । এনে মেগমা ভূ – পৃস্থলৈ উলাই আহিব নোৱাৰি কালক্ৰমত তাপ বিকিৰণ কৰি শীতল হৈ শীতল হৈ শিললৈ পৰিনত হয় ।এনে ধৰনে গঠন হোৱা শিলক আগ্নেয় শিল বোলে ।
(গ) মাটি বুলিলে কি বুজা?
উত্তৰঃ ভূত্ৱকৰ আন এবিধ উপাদান হল মাটি । পৃথিৱীৰ খোলাটোৰ একেবাৰে উপৰৰ কোমল তৰপটো যত আমি ঘৰ – দুৱাৰ সাঁজো , খেতি বাতি কৰো , যাতায়তৰ ব্য়ৱস্থা কৰো , যত গছ -গছনিয়ে খামোচ মাৰি ধৰি থাকে সেই অংশক আমি মাটি বুলি কওঁ । সাধাৰঁতে শীলৰ পৰাই মাটিৰ উতপত্তি হয় । মাটি জৈৱিক আৰু অজৈৱিক পদাৰ্থৰে গঠিত ।
(ঘ) মাণিক কি?
উত্তৰঃ পৃথিৱীৰ খোলাটোৰ আন এবিধ উপাদান হল মণিক । পৃথিৱীত প্ৰাকৃতিক ভাৱে সৃষ্টি হোৱা অজৈৱিক গোটা পদাৰ্থসমূহেই হল মণিক । মণিকবোৰ সাধাৰঁতে কঠিন পদাৰ্থ । মণিকবোৰ ভূত্ৱকৰ গোটেই খোলাটোতেই পোৱা যায় । সকলো মণিকৰে কিছুমান নিৰ্দিষ্ট ধৰ্ম আছে । বৰণ , বৰ্ণৰেখা , ৰূপ , স্ৱচ্ছতা আদিবোৰ মণিকৰ মূল ধৰ্ম । মণিকসমূহক দুই শ্ৰেণীত ঙাগ কৰা হৈছে । ইয়াৰে এবিধ হল শিল গঠনকাৰী মণিক আৰু আনবিধ হল আকৰ গঠনকাৰী মণিক ।
(ঙ) হিউমাছ কাক বোলে?
উত্তৰঃ মাটি জৈৱিক আৰু অজৈৱিক পদাৰ্থৰে গঠিত । মাটিৰ জৈৱিক পদাৰ্থবুলিলে সাধাৰণতে হিউমাছক বুজাই । মাটিত থকা গছ- গছনিৰ ডাল -পাতৰ অংশ , বিভিন্ন জীৱ যেনে – কেচুঁ – কুমটি , এন্দুৰ , পোক – পৰুৱাৰ মৃতদেহ , গৰু- মহৰ বৃষ্ঠাবোৰেই মাটিত থকা জৈৱিক পদাৰ্থ । এনে পদাৰ্থসমূহ ৰদত শুকাই , পানীত পচি , আৰু অনুজীৱৰ প্ৰভাৱত হিউমাছ সৃষ্টি কৰে ।
৪) উত্তৰ লিখা – (১০০ টা মান শব্দৰ ভিতৰত)
(ক) পৃথিৱীৰ পৃষ্ঠৰ পৰা অভ্যন্তৰ ভাগলৈ প্ৰধান স্তৰ কেইটা আৰু কি কি চিত্ৰ আঁকি বুজাই লিখা ।
উত্তৰঃ আমাৰ পৃথিৱীখন ওপৰৰ পৰা ভিতৰলৈ কিছুমান তৰপেৰে গঠিত । পৃথিৱীৰ পৃষ্ঠৰ পৰা কেন্দ্ৰলৈকে থকা পদাৰ্থৰ বিভিন্নতা আৰু সিহঁতৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি পৃথিৱী পৃষ্ঠৰ পৰা অভ্যন্তৰ ভাগলৈ মূল তিনিটা স্তৰত ভাগ কৰা হৈছে । সেই কেইটা হ’ল ক্রমে-
( ক ) ভূ – ত্বক
( খ ) গুৰুমণ্ডল আৰু
( গ ) কেন্দ্রমণ্ডল
পৃথিৱীৰ ওপৰৰ পৰা কেন্দ্ৰলৈকে স্তৰে স্তৰে কঠিন , অর্ধ জুলীয়া আৰু জুলীয়া পদার্থ পােৱা যায় । লঘু ঘনত্বৰ পদাৰ্থবােৰ গধুৰ ঘনত্বৰ পদাৰ্থৰ ওপৰত ওপঙি থাকে ।
( ক ) ভূ – ত্বক :- পৃথিৱীৰ উপৰি ভাগৰ কঠিন আৱৰণটোকেই ভূ – ত্বক বোলে । ই প্রায় ২০ কিলােমিটাৰ ডাঠ ।
( খ ) গুৰুমণ্ডল :- ভূ – ত্বক ঠিক তলৰ স্তৰটোকেই গুৰুমণ্ডল বোলে । ভূ – ত্বকতকৈ এই স্তৰৰ পদাৰ্থৰ ঘনত্ব বেছি । এই স্তৰটো প্রায় ২,৯০০ কিল’মিটাৰ ডাঠ ।
( গ ) কেন্দ্রমণ্ডল :- গুৰুমণ্ডলৰ ঠিক তলতে কেন্দ্রক আৱৰি থকা স্তৰটোকেই হ’ল কেন্দ্রমণ্ডল । ই পৃথিৱীৰ গৰ্ভ । এই স্তৰটো প্রায় ৩,৪৮৬ কিলােমিটাৰ ডাঠ ।
(খ) শিল কেইপ্ৰকাৰৰ আৰু কি কি বুজাই লিখা ।
উত্তৰঃ উৎপত্তি অনুযায়ী শিলক তিনি প্রকাৰে ভগাব পাৰি ৷ এই তিনি প্রকাৰৰ শিল হ’ল
( ১ ) আগ্নেয় শিল
( ২ ) গেদীয় শিল আৰু
( ৩ ) ৰূপান্তৰিত শিল
আগ্নেয় শিলৰ ভাগ দুটা অন্তর্ভেদী আৰু বহির্ভেদী । আগ্নেয় শিল ও পৃথিৱীত আগ্নেয়শিল প্রথমতে সৃষ্টি হৈছিল । সেয়ে ইয়াক প্রাথমিক শিল বুলিও কয় ।
( ১ ) আগ্নেয় শিল :- ভূগৰ্ভত থকা উত্তপ্ত আৰু গলিত মেগমা কেতিয়াবা বাহিৰলৈ ওলাই আহিব নােৱাৰি ভিতৰতে তাপ বিকিৰণ কৰি শীতল হৈ শিলত পৰিণত হয় । তেনে শিলক অন্তর্ভেদী আগ্নেয় শিল বােলে ।
আকৌ কেতিয়াবা মেগমা বাহিৰলৈ ওলাই আহি লাভা হিচাপে ভূ – পৃষ্ঠত জমা হয় । এইবােৰে বায়ুৰ সংস্পৰ্শলৈ অহাৰ ফলত তাপ বিকিৰণ কৰি গেটি মাৰি টান হৈ শিলত পৰিণত হয় । এনে শিলক বহির্ভেদী আগ্নেয়শিল বালে । যেনে— বেল্ট , গ্রেণাইট ইত্যাদি ।
( ২ ) গেদীয় শিল :- নানা ভৌতিক আৰু ৰাসায়নিক ক্রিয়াৰ ফলত আৰু উদ্ভিদৰ ক্ৰিয়াৰ বাবে আগ্নেয় শিল দুর্বল হৈ ভাঙিবলৈ ধৰে । পিছত এই ভগা অংশবিলাক বতাহ , নৈ , হিমবাহ আদিয়ে কঢ়িয়াই নি সাগৰ , হ্রদ আদিত তৰপে তৰপে জমা কৰে । এইদৰে বছৰি পানী মিহলি হৈ থকা লাে , চূণ আদিৰ ক্ৰিয়াৰ ফলত গেদবােৰ কঠিন হৈ অৱশেষত শিলত পৰিণত হয় । এনে শিলক গেদীয় শিল বােলে । স্তরে স্তৰে এই শিল গঠন হয় বাবে ইয়াক ৰূপান্তৰিত শিল বোলে ।
যেনে:- কয়লা, চুনশীল ইত্যাদি ।
( ৩ ) ৰূপান্তৰিত শিল :- আগ্নেয় আৰু গেদীয় শিল যদি বহুদিন দৰি অধিক চাপ আৰু তাপৰ প্ৰভাৱত থাকে তেন্তে তাৰ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন হৈ এক নতুন শিলৰ সৃষ্টি হয় । এনে শিলক ৰূপান্তৰিত শিল বলে । যেনে নিছ , মাৰ্বল ইত্যাদি ।
Sl.No | Contents |
ভূগোল খণ্ড | |
পাঠ-1 | ভূ- পৃষ্ঠত সময় গণনা |
পাঠ-2 | পৃথিৱীৰ অভ্যন্তৰ ভাগ |
পাঠ-3 | পৃথিৱীৰ উপৰিভাগৰ আৰু ইয়াৰ |
পাঠ-4 | আমাৰ পৰিৱেশ |
পাঠ-5 | মানৱ সৃষ্ট পৰিৱেশ |
পাঠ-6 | সম্পদ |
পাঠ-7 | অসমৰ সম্পদ |
পাঠ-8 | উত্তৰ পূব ভাৰত |
পাঠ-9 | ভাৰতৰ জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, কৃষি আৰু জনসংখ্যা |
ইতিহাস খণ্ড | |
পাঠ-10 | মৌৰ্য যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
পাঠ-11 | গুপ্ত সাম্ৰাজ্যৰ উখান |
পাঠ-12 | গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
পাঠ-13 | প্রাক ঐতিহাসিক অসম |
পাঠ-14 | মধ্য যুগত ভাৰতবর্ষ |
পাঠ-15 | দিল্লীৰ চুলতানসকল |
পাঠ-16 | মােগল ৰাজত্ব কালত ভাৰতবর্ষ |
পাঠ-17 | ভাৰতবৰ্ষৰ সাংস্কৃতিক দিশত |
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড | |
পাঠ-18 | আমাৰ চৌপাশৰ বজাৰ |
পাঠ-19 | পৰিকল্পনা বাজেট আৰু উন্নয়ন |
পাঠ-20 | অর্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা |
পাঠ-21 | শ্ৰমৰ সমমর্যাদা আৰু সমমূল্য |
পাঠ-22 | গণতন্ত্র নাগৰিক আৰু নাগৰিকত্ব |
পাঠ-23 | নির্বাচন আৰু নির্বাচনী প্রক্রিয়া |
পাঠ-24 | গণতন্ত্র আৰু প্ৰচাৰ মাধ্যম |
পাঠ-25 | প্রান্তীয় গােট আৰু গণতান্তিক অধিকাৰ |
(গ) শিল আৰু মাটিৰ মাজত পাথক্য বিচাৰ কৰা ।
উত্তৰঃ পৃথিৱীৰ খােলাটোৰ এক প্রধান উপাদান হ’ল শিল । শিলসমূহ ভিন ভিন মণিকেৰে গঠিত । এক বা একাধিক মণিকেৰে শিল গঠিত । শিলত থকা মণিকৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি শিলৰ আকাৰ – আকৃতি , ৰং , কঠিনতা আদিৰ তাৰতম্য হয় । শিলত কিছুমান ৰাসায়নিক পদার্থ থকাৰ উপৰি কিছু পৰিমাণে তাম , সীহ , দস্তা আদি ধাতুও থাকে ।
মাটিও ভূ – ত্বকৰ আন এবিধ উপাদান । সাধাৰণতে শিলৰ পৰাই মাটিৰ সৃষ্টি হয়।শিলবিলাক নানা প্রাকৃতিক কাৰকৰ প্ৰভাৱত জহি – খহি চূর্ণ – বিচূর্ণ হয় । এনে অংশসমূহ আকৌ বতাহ , নদী , হিমবাহ আদিয়ে কঢ়িয়াই নি বিভিন্ন ঠাইত জমা কৰে । এইদৰেই মাটিৰ সৃষ্টি হয় । প্রকৃতার্থত মাটি জৈৱিক আৰু অজৈৱিক পদার্থৰে গঠিত । মাটিৰ জৈৱিক উপাদান হ’ল হিউমাছ । মাটিত থকা অজৈৱিক পদার্থৰ ভিতৰত নাইট্রজেন , পটেছিয়াম , ছালফাৰ আদি উল্লেখযােগ্য । শিলৰ পৰাই মাটিৰ সৃষ্টি হয় বাবে শিলত থকা মণিকবিলাক মাটিতাে পােৱা যায় ।
শিল আৰু মণিকৰ পার্থক্য :
শিল | মণিকৰ |
( ১ ) শিলােবােৰ মণিকৰ দ্বাৰা গঠিত | কিন্তু মাটি , শিলৰ পৰা সৃষ্ট । |
( ২ ) শিল কঠিন | কিন্তু মাটি শিলৰ দৰে কঠিন নহয় । |
( ৩ ) ভূ – ত্বক গঠনত মাটিতকৈ শিলৰ ভূমিকা বেছি ৷ | ভূ – ত্বক গঠনত শিলতকৈ মাটিৰ ভূমিকা কম ৷ |
( ৪ ) শিলত থকা মণিকৰ বৈশিষ্ট্যৰ ভিত্তিত শিলৰ কঠিনতা , আকৃতি আদি নিৰ্ভৰ কৰে | কিন্তু মাটিৰ ক্ষেত্ৰত তাত থকা মণিকে সিমান প্রভাৱ নেপেলায় । |
( ৫ ) শিলত হিউমাছ নাথাকে | কিন্তু মাটিত হিউমাছ থাকে । |
(ঘ) মাটি অবিহনে গছ-গছনি, জীৱ-জনতু জীয়াই থকিব নোৱাৰে – কথাষাৰ বুজাই লিখা।
উত্তৰঃ মাটি অবিহনে গছ – গছনি , জীৱ – জন্তু জীয়াই থকা অসম্ভৱ । মানুহৰ জীৱন – ধাৰণৰ বাবে খাদ্য দ্রব্য , নানা ধৰণৰ সামগ্রীৰ বাসস্থান আদি মাটিৰ ওপৰতেই নিৰ্ভৰশীল । জীব জগতৰ আবাসস্থলী , মানুহৰ খেতি – বাতি , যাতায়াত ব্যৱস্থা মাটিৰ ওপৰতেই হয় । গছ – গছনিও মাটিৰ ওপৰতেই সৃষ্টি হয় । মাটিত হিউমাছ থাকে । মাটিত থকা এনে জৈৱিক পদার্থসমূহে উদ্ভিদক পুষ্টি যােগান ধৰে । মাটিত থকা পানীভাগে গছ – গছনিৰ বৰ্ধনত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে । মাটি অবিহনে গছ – গছনি নাপাওঁ । গছ – গছনি নহ’লে প্রাণীজগত বর্তি নাথাকে । গতিকে দেখা যায় যে মাটি অবিহনে গছ – গছনি , জীৱ – জন্তু জীয়াই থাকিব নােৱাৰে ।
(ঙ) মাটি গঠনত জলবায়ুৰ প্ৰভাৱ অপৰিহায – কথাষাৰ বুজাই লিখা ।
উত্তৰঃ আমি জানাে যে মাটি শিলৰ পৰাই সৃষ্টি হয় । আনহাতে শিল সৃষ্টি হয় মণিকৰ পৰা । মণিকবােৰ খুবেই কঠিন বাবে শিলবােৰাে যথেষ্ট কঠিন হয় । এই কঠিন শিলক মাটিত পৰিণত কৰাত জলবায়ুৱে গুৰুত্বপূর্ণ ভূমিকা লয় । আনহাতে শিলবিলাক সময়ৰ সেঁতত শীত , তাপ , বতাহ , ৰ’দ , বৰষুণ আদি প্রাকৃতিক কাৰকৰ প্ৰভাৱত জহি – খহি , চূর্ণ বিচুর্ণ হয় । এনে জহি – খহি চূর্ণ – বিচূর্ণ হােৱা শিলৰ টুকুৰাবোৰ পুনৰ বতাহ , নদী , হিমবাহ আদিয়ে কাঢ়ি নি বিভিন্ন ঠাইত জমা কৰে । এনেদৰে মাটিৰ সৃষ্টি হয় ।
গতিকে দেখা গ’ল যে মাটি গঠনত জলবায়ুৰ প্ৰভাৱ সবাতকৈ বেছি । ইয়াৰ ভিতৰত উত্তাপ , বৰষুণ আৰু উদ্ভিদে অধিক প্রভাৱ বিস্তাৰ কৰে । শীতলকালত মাটিৰ গঠন প্রক্রিয়া অতি ধীৰ ।
(চ) ভুত্বকত পোৱা শিল, মাণিক আৰু মাটিৰ মাজত সম্পক বিচাৰ কৰা ।
উত্তৰঃ শিল , মণিক আৰু মাটি— এই তিনিটাই ভূ – ত্বকৰ অন্যতম উপাদান । শিল মাটি আৰু মণিক আদি ভূ – ত্বকতেই অৱস্থিত । ভূ – ত্বক স্তৰটো সাধাৰণতে গ্রেনাইট জাতীয় শিলেৰে গঠিত । আনহাতে ভূ – ত্বকৰ সমুদ্র তলিৰ অংশটো মূলত বেল্ট জাতীয় শিলেৰে গঠিত । ভূ – ত্বকত পােৱা শিলসমূহাে মণিকৰ দ্বাৰা গঠিত । কিছুমান শিলত মণিক কেবাবিবাে থাকে আৰু আন কিছুমান শিলত এবিধ বা দুবিধ মানহে মণিক থাকে । শিলত থকা মণিকৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি শিলৰ আকাৰ – আকৃতি , ৰং , কঠিনতা আদিৰ তাৰতম্য হয় । সকলাে মণিকে শিল গঠন নকৰে ৷ কিছুমান মণিকেহে শিল গঠন কৰে । শিল গঠনকাৰী মণিকসমূহে শিল গঠনত সহায় কৰে । ভূ – ত্বকত পােৱা কোৱাৰ্টজ , ছিলিকেট , কার্বনেট অক্সাইড আৰু ফেল্ডম্পাৰ আদি মণিকে শিল গঠন কৰে । ভূ – ত্বকত পােৱা আবৃত মণিকসমূহ মাটিৰ পাতল তৰপ অথবা পলসুৱা মাটিৰ তলত থাকে । আনহাতে ভূ – ত্বকত পােৱা মাটিও শিলৰ দ্বাৰাই গঠিত । প্রাকৃতিক কাৰকৰ প্ৰভাৱত শিল চূর্ণ – বিচূর্ণ হৈ মাটিত পৰিণত হয় । শিলৰ পৰাই মাটি হয় বাবে শিলত থকা মণিকবিলাক মাটিতে পােৱা যায় । গতিকে দেখা যায় যে ভূ – ত্বকত পােৱা শিল , মাটি আৰু মণিকৰ মাজত এক বিশেষ সম্পর্ক আছে ।
প্রশ্ন ৫ । তলৰ তালিকাত বিভিন্ন ধৰণৰ শিলৰ নাম দিয়া আছে । সেইবােৰ শ্রেণীভুক্ত কৰা ।
মাৰ্বল , শ্লেট , বালিশিল , গ্রেণাইট , কয়লা , চূণশিল , চকমাটি , নিছ , কংলােমাৰেষ্ট , বােকাশিল , চিষ্ট , কোৱাৰ্টযাইট , বেছল্ট , গ্রেব্র’ ।
উত্তরঃ
অগ্নেয় শিল | গেদীয় শিল | ৰূপান্তৰিত শিল |
১.গ্রেণাইট | বালিশিল | মাৰ্বল |
২.বেছল্ট | কয়লা,চূণশিল | শ্লেট |
৩.গ্রেব্র | চকমাটি | নিছ |
কংলােমাৰেষ্ট | চিষ্ট | |
বালিশিল | কোৱাৰ্টযাইট |
প্রশ্ন ৬। দলত আলোচনা কৰি লিখা
( ক ) মাটিৰ লগত উদ্ভিদ আৰু প্রাণীজগতৰ সম্বন্ধ কি ?
উত্তৰঃ মাটিৰ লগত উদ্ভিদ আৰু প্ৰাণীৰ ওতপ্রােত সম্পর্ক আছে । মাটি অবিহনে উদ্ভিদ আৰু প্রাণী বৰ্তি থকা সম্ভৱ নহয় । সকলাে প্ৰকাৰৰ উদ্ভিদ আৰু প্ৰাণীৰ আবাসস্থলী হ’ল মাটি । মানুহৰ জীৱন – ধাৰণৰ বাবে খাদ্য – দ্রব্য , নানা ধৰণৰ সামগ্রী , বাসস্থান আদি ভূ – ত্ব মাটিৰ ওপৰতেই নির্ভশীল । গছ – গছনিও মাটিৰ ওপৰতেই গজে । আনকি উদ্ভিদৰ বাবে প্রয়ােজনীয় পানী আদিও মাটিৰ পৰাই পায় । মাটিত থকা হিউমাছ জাতীয় জৈৱিক উপাদানে উদ্ভিদক পুষ্টিৰ যােগান ধৰে । আনহাতে মানৱ – সভ্যতাও মাটিৰ ওপৰতে গঢ়ি উঠিছে ।
( খ ) যদিহে পৃথিৱীৰ উপৰিভাগৰ পৰা সাৰুৱা মাটি নােহােৱা হৈ যায় , তেতিয়া কি হ’ব ?
উত্তৰঃ বিশেষকৈ উদ্ভিদৰ কাৰণে সাৰুৱা মাটিৰ প্রয়ােজন । সাৰুৱা মাটিত শস্যৰ উৎপাদন ভাল হয় । সাৰুৱা মাটিতহে উদ্ভিদৰ প্রয়ােজনীয় দ্রব্যসমূহ থাকে । সাৰুৱা মাটি নােহােৱা হ’লে গছ – গছনি জীয়াই থকা অসম্ভৱ হ’ব । শস্য আদি নহ’ব । ফলত মানুহে খাদ্যসামগ্রীৰ অভাৱত পৰিব । দুর্ভিক্ষই দেখা দিব পাৰে । গছ – গছনি মৰি যাব পাৰে । গছ গছনি বা শস্য আদি অবিহনে তৃণভােজী প্রাণী বৰ্তি থাকিব নােৱাৰিব । সেই তৃণভােজী প্রাণী ভক্ষণ কৰি জীয়াই থকা আন জীৱৰাে দুর্দশা হ’ব । গতিকে দেখা যায় যে সাৰুৱা মাটিৰ অভাৱে জীৱজগতত এক বিৰূপ প্ৰভাৱ পেলাব ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.