Class 7 Social Chapter 1 ভূ- পৃষ্ঠত সময় গণনা – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 7 Social Chapter – 1 ভূ- পৃষ্ঠত সময় গণনা – সমাধান and select needs one.
SEBA Class 7 Social Chapter – 1 ভূ- পৃষ্ঠত সময় গণনা
Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 7 Social Chapter – 1 ভূ- পৃষ্ঠত সময় গণনা – সমাধান Solutions for All Subject, You can practice these here…
ভূ- পৃষ্ঠত সময় গণনা
ভূগোল খণ্ড
১) চমু উত্তৰ দিয়া –
(ক) দ্ৰাঘিমাৰেখাৰ সবমুঠ সংখ্য কিমান?
উত্তৰঃ দ্ৰাঘিমাৰেখাৰ সবমুঠ সংখ্য়া হল- ৩৬০ ডাল ।
(খ) ভাৰতীয় মান সময়ৰ দ্ৰাঘিমাংশ কিমান?
উত্তৰঃ ভাৰতীয় মান সময়ৰ দ্ৰাঘিমাংশ হল- ভাৰতবষ প্ৰায় সোঁমাজেদি যোৱা ৮২°৩০′ পূব দ্ৰাঘিমাৰেখা ।
(গ) পৃথিৱীৰ নিজ মোৰুদণ্ডত একপাক ঘূৰিবলৈ কিমান ঘণ্টা সময়ৰ প্ৰয়োজন?
উত্তৰঃ পৃথিৱীৰ নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ ২৪ ঘন্টা সময়ৰ প্ৰয়োজন ।
(ঘ) গ্ৰীনিজৰ ওপৰেৰে কল্পনা কৰা প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ স্থানীয় সময়ক কি বোলে ?
উত্তৰঃ গ্ৰীনিজৰ ওপৰেৰে কল্পনা কৰা প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ স্থানীয় সময়ক গ্ৰীনিজ মান সময় বোলে ।
(ঙ) কৌণিক দূৰত্বৰ জোখৰ একক কিমান?
উত্তৰঃ কোণিক দূৰত্ৱৰ জেখৰ একক হল ডিগ্ৰী ।
২) খালী ঠাই পূৰ কৰা –
(ক) পৃথিৱীৰ পৰিধিয়ে কেন্দ্ৰত ৩৬০ ডিগ্ৰী কোণ কৰি থাাকে ।
(খ) দ্ৰাঘিমাৰেখাৰ মান বা জোখক দাঘিমাংশ বোলে ।
(গ) প্ৰাথমিক দ্ৰাঘিমাৰেখাৰ কৌণিক দূৰত্ব 00 দ্ৰাঘিমাংশ।
(ঘ) মধ্যাহ্ন সূযৰ পৰা পূৱফালে ১৫ডিগ্ৰী আঁতৰত থকা ঠাইখনত ১টা বাজিব।
৩) সঁচা-মিছা নিণয় কৰা –
(ক) পৃথিৱীৰ আহিক গতিৰ ফলত পশ্চিমৰ ঠাইসমূহ পূবতকৈ আগতে সূযৰ সন্মূখিন হয়।
উত্তৰঃ অশুদ্ধ ।
(খ) ভ্ৰমণকাৰীয়ে পূব দিশৰ পৰা ১৮০ ডিগ্ৰী অতিক্ৰম কৰাৰ সময়ত ১ দিন য়োগ দিব লাগে ।
উত্তৰঃ অশুদ্ধ ।
(গ) কোনো এখন ঠাইত নিশা ১২ বাজিলে ঠাইখনত এটা দিন শেষ হয় আৰু অন্য এটা দিন আৰম্ভ হয়
উত্তৰঃ শুদ্ধ ।
(ঘ) ১৮০ ডিগ্ৰী দ্ৰাঘিমাংশত সময়ৰ ব্যৱধান ১২ ঘণ্টা।
উত্তৰঃ শুদ্ধ ।
(ঙ) গ্ৰীনিজতকৈ পিছত সন্ধিয়া হোৱা ঠাই এখন পশ্চিম দ্ৰাঘিমাংশত অৱস্থিত।
উত্তৰঃ শুদ্ধ ।
৪) শুদ্ধ উত্তৰটো বাছি উলিওৱা –
(ক) ভ্ৰমণকাৰীয়ে গ্ৰীনিজৰ মান সময় অনুসৰে গ্ৰীনিজৰ পশ্চিমে গলে সময় লাভ /লোকচান হোৱা বুলি অনুভৱ কৰে ।
উত্তৰঃ ভ্ৰমণকাৰীয়ে গ্ৰীনিজৰ মান সময় অনুসৰে গ্ৰীনিজৰ পশ্চিমে গলে সময় লাভ হোৱা বুলি অনুভৱ কৰে ।
(খ) প্ৰাথমিক দ্ৰাঘিমাৰেখাৰ পূবৰ প্ৰতি ডিগ্ৰী দ্ৰাঘিমাৰেখাত ৪ মিনিটকৈ সময় আগবঢ়া /পিছপৰা ।
উত্তৰঃ প্ৰাথমিক দ্ৰাঘিমাৰেখাৰ পূবৰ প্ৰতি ডিগ্ৰী দ্ৰাঘিমাৰেখাত ৪ মিনিটকৈ সময় আগবঢ়া ।
(গ) ভাৰতীয় মান দ্ৰাঘিমাৰেখাৰ হিচাপে ৮৩0 ২০/৯০0/৮২0 ৩০ পূব দ্ৰাঘিমাৰেখা ডালক গ্ৰহণ কৰা হৈছে ।
উত্তৰঃ ভাৰতীয় মান দ্ৰাঘিমাৰেখাৰ হিচাপে ৮২0 ৩০ পূব দ্ৰাঘিমাৰেখা ডালক গ্ৰহণ কৰা হৈছে ।
(ঘ) গ্ৰীনিজতকৈ মুম্বাইত আগতে সূজোদয় হয় । গতিকে মুম্বাইত পূব /পশ্চিম দ্ৰাঘিমাংশত অৱস্তিত।
উত্তৰঃ গ্ৰীনিজতকৈ মুম্বাইত আগতে সূজোদয় হয় । গতিকে মুম্বাইত পূব দ্ৰাঘিমাংশত অৱস্তিত।
(ঙ) আমি পিন্ধাসাধাৰণ হাত ঘডীবোৰ স্থানীয় সময় /গ্ৰীনিজ মান সময় /ভাৰতীয় মান সময় মতে চলে ।
উত্তৰঃ আমি পিন্ধাসাধাৰণ হাত ঘডীবোৰ ভাৰতীয় মান সময় মতে চলে।
Sl.No | Contents |
ভূগোল খণ্ড | |
পাঠ-1 | ভূ- পৃষ্ঠত সময় গণনা |
পাঠ-2 | পৃথিৱীৰ অভ্যন্তৰ ভাগ |
পাঠ-3 | পৃথিৱীৰ উপৰিভাগৰ আৰু ইয়াৰ |
পাঠ-4 | আমাৰ পৰিৱেশ |
পাঠ-5 | মানৱ সৃষ্ট পৰিৱেশ |
পাঠ-6 | সম্পদ |
পাঠ-7 | অসমৰ সম্পদ |
পাঠ-8 | উত্তৰ পূব ভাৰত |
পাঠ-9 | ভাৰতৰ জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, কৃষি আৰু জনসংখ্যা |
ইতিহাস খণ্ড | |
পাঠ-10 | মৌৰ্য যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
পাঠ-11 | গুপ্ত সাম্ৰাজ্যৰ উখান |
পাঠ-12 | গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
পাঠ-13 | প্রাক ঐতিহাসিক অসম |
পাঠ-14 | মধ্য যুগত ভাৰতবর্ষ |
পাঠ-15 | দিল্লীৰ চুলতানসকল |
পাঠ-16 | মােগল ৰাজত্ব কালত ভাৰতবর্ষ |
পাঠ-17 | ভাৰতবৰ্ষৰ সাংস্কৃতিক দিশত |
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড | |
পাঠ-18 | আমাৰ চৌপাশৰ বজাৰ |
পাঠ-19 | পৰিকল্পনা বাজেট আৰু উন্নয়ন |
পাঠ-20 | অর্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা |
পাঠ-21 | শ্ৰমৰ সমমর্যাদা আৰু সমমূল্য |
পাঠ-22 | গণতন্ত্র নাগৰিক আৰু নাগৰিকত্ব |
পাঠ-23 | নির্বাচন আৰু নির্বাচনী প্রক্রিয়া |
পাঠ-24 | গণতন্ত্র আৰু প্ৰচাৰ মাধ্যম |
পাঠ-25 | প্রান্তীয় গােট আৰু গণতান্তিক অধিকাৰ |
৫) পাৰ্থক্য় লিখা ।
(ক) অক্ষৰেখা আৰু দ্ৰাঘিমাৰেখা
উত্তৰঃ
অক্ষৰেখা | দ্ৰাঘিমাৰেখা |
1. বিষুৱৰেখাক ভিত্তি কৰি দুয়ো মেৰুৰ পিনে কৌণিক দূৰত্ব গণনা কৰি অক্ষাংশসমূহ নিৰ্ণয় কৰা হয়। বিষুৱৰ সমন্তৰালকৈ দুয়ো মেৰুৰ পিনে কল্পনা কৰা বৃত্তাকাৰ ৰেখাসমূহেই হল অক্ষৰেখা। | প্ৰাথমিক দ্ৰাঘিমাৰ পূবে আৰু পশ্চিমে দুয়ো মেৰু সংযোগ কৰি কল্পনা কৰা ৰেখাবোৰেই হল দ্ৰাঘিমাৰেখা। |
2. কোনো এখন ঠায়ে বিষুৱৰেখাৰ লগত পৃথিৱীৰ কেন্দ্ৰত উৎপন্ন কৰা কোণৰ মান বা জোখেই সেই ঠাইৰ অক্ষাংশ। | বিষুৱৰ ওপৰত প্ৰাথমিক দ্ৰাঘিমাৰেখাৰ পৰা যি কোনো স্থানৰ কৌণিক দূৰত্বই হল ঠাইখনৰ দ্ৰাঘিমাংশ। |
3. অক্ষৰেখা ৰেখাবোৰ বৃত্তাকাৰ | দ্ৰাঘিমাৰেখাবোৰ বৃত্তাকাৰ নহয়। |
(খ) স্থানীয় সময় আৰু মান সময় ।
উত্তৰঃ
স্থানীয় সময় | মান সময় |
কোনো এখন ঠাইৰ মধ্যাহ্ন সূৰ্যৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি যি সময় গণনা কৰা হয় তাকে ঠাইখনৰ স্থানীয় সময় বোলে। | সময় গণনাৰ অসুবিধা দূৰ কৰিবলৈ প্ৰত্যেক দেশে এক বা একাধিক নিৰ্দিষ্ট দ্ৰাঘিমাৰেখাৰ স্থানীয় সময় ব্যৱহাৰ কৰে। কোনো এক বা একাধিক নিৰ্দিষ্ট দ্ৰাঘিমাৰ ভিত্তিত সমগ্ৰ দেশৰ বাবে যি সময় গণনাৰ ব্যৱস্থা কৰা হয় তাক দেশখনৰ মান সময় বোলে। |
বেলেগ বেলেগ দ্ৰাঘিমাৰেখাত অৱস্থিত ঠাইৰ স্থানীয় সময়ো বেলেগ বেলেগ। | দেশ এখনৰ মান সময় নিৰপনৰ বাবে এডাল মান দ্ৰাঘিমাৰেখা নিৰূপণ কৰা হয়। |
কোনো এখন ঠাইৰ স্থানীয় সময় উলিয়াবলৈ প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ মান সময়ক ভিত্তি হিচাপে লোৱা হয়। | দেশ এখনৰ সোঁমাজেৰে পাৰ হৈ যোৱা দ্ৰাঘিমা ৰেখাডালৰ স্থানীয় সময়ৰ ভিত্তিত সমগ্ৰ দেশখনৰ বাবে মান সময় গণনা হয়। |
৬) সমাধান কৰা:
(ক) গ্ৰীনিজত মান সময়মতে ৭ বাজিল কোনো এখন ঠাইত দুপৰীয়া ১২ বাজে। ঠাইখনত দ্ৰাঘিমাংশ নিৰ্ণয় কৰা।
উত্তৰ: ঠাইখন আৰু গ্ৰীনিজৰ সময়ৰ পাৰ্থক্য ১২-৭=৫ ঘণ্টা গ্ৰীনিজ আৰু ঠাইখনৰ মাজত স্থানীয় সময়ৰ ব্যৱধান যদি ৪ ঘণ্টা হয়, তেন্তে ঠাইখনৰ দ্ৰাঘিমাংশ হব ১৫° × ৫= ৭৫°।
যিহেতু, ঠাইখন গ্ৰীনিজতকৈ আগতে দুপৰীয়া হয়, সেয়েহে ঠাইখন গ্ৰীনিজৰ পূবত অৱস্থিত।
এতেকে ঠাইখন ৭৫° পূব দ্ৰাঘিমাত অৱস্থিত।
(খ) দুপৰীয়া ১২ বজাত নিউইয়ৰ্ক (৭৫° প.) চহৰৰ পৰা লচ এঞ্জেলচ (১১৮° প.) লৈ এটি অনাতাঁৰ বাৰ্তা প্ৰেৰণ কৰিলে। লচ এঞ্জেলচৰ স্থানীয় সময় মতে কেইবজাত বাৰ্তাটি প্ৰেৰণ কৰিছিল।
উত্তৰ: দুয়োখন ঠাই গ্ৰীনিজৰ পশ্চিমত অৱস্থিত।
এতেকে ঠাই দুখনৰ দ্ৰাঘিমাংশৰ পার্থক্য হব ১১৮° – ৭৫° =৪৩°
এতেকে ঠাই দুখনৰ সময়ৰ পাৰ্থক্য হব ৪৩° × ৪ মিনিট
= ১৭২ মিনিট
= ১৭২ ÷ ৬০ মিনিট
= ২ ঘণ্টা ৫২ মিনিট
যিহেতু নিউইয়ৰ্কতকৈ লচ এঞ্জেলচ বেছি পশ্চিমত অৱস্থিত, গতিকে নিউইয়ৰ্কত দুপৰীয়া ১২ বাজিলে লচ এঞ্জেলচত স্থানীয় সময় হব –
= ১২-২ ঘণ্টা ৫২ মিনিট
= পুৱা ৯ বাজি ৮ মিনিট।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Best answers
Keep Reading and Share with Friend…
Best answer