Class 7 Social Chapter 4 আমাৰ পৰিৱেশ – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 7 Social Chapter – 4 আমাৰ পৰিৱেশ – সমাধান and select needs one.
SEBA Class 7 Social Chapter – 4 আমাৰ পৰিৱেশ – সমাধান
Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 7 Social Chapter – 4 আমাৰ পৰিৱেশ – সমাধান Solutions for All Subject, You can practice these here…
আমাৰ পৰিৱেশ
ভূগোল খণ্ড
১) উত্তৰ দিয়া ।
(ক) পৰিৱেশ মানে কি ?
উত্তৰঃ আমাৰ চাৰিওফালে আমাক আৱৰি থকা ৰদ, বতাহ , নৈ , গছ- গছনি , জীৱ- জন্তু , চৰাই- চিৰিকতি , ঘৰ- দুৱাৰ , আলি- পদূলি , গাওঁ , চহৰ,আদি উপাদানবোৰ লগ লাগি যি এক অৱস্থাৰ সৃষ্টি কৰিছে সেয়াই পৰিৱেশ ।
(খ) পৰিৱেশ কেই প্ৰকাৰৰ আৰু কি কি ? উদাহৰণ দি লিখা ।
উত্তৰঃ পৰিৱেশ দুই প্ৰকাৰৰ । প্ৰাকৃতিক পৰিৱেশ ,আৰু মানৱ সৃষ্ট পৰিৱেশ । যেনে – পৰ্বত – পাহাৰ , সমভূমি , মালভূমি, ৰদ ,বতাহ , মাটি , প্ৰাণী প্ৰাকৃতিক পৰিৱেশ আৰু ঘৰ – দুৱাৰ , যান- বাহন , দলং , ৰাস্তা- ঘাট , টেলিথোন , কল- কাৰখানা ।
(গ) পৰিৱেশ প্ৰধান উপাংশসমূহ কি কি ?
উত্তৰ পৰিৱেশৰ প্ৰধান উপাংশ সমূহ হল – মাটি ,বালি , বেক্টেৰিয়া , ভেকুঁৰ , প্ৰাণী , পানী আদি ।
(ঘ) মানৱ সৃষ্ট পৰিৱেশ কেনেদৰে সৃষ্টি হয়?
উত্তৰঃমানুহে নিজে নিজৰ বাবে সৃষ্টি কৰি লোৱা অৱস্থাটোকে মানৱ সৃষ্ট পৰিৱেশ বোলে । মানুহে নিজৰ সুবিধা মতে বিভিন্ন বস্তুু প্ৰকৃতিৰ বুকুৰ পৰা সংগ্ৰহ কৰি বিভিন্ন ধৰণে ঘৰ- দুৱাৰ , দলং , ৰাস্তা- ঘাত আদি বনাই । সেইদৰহে মানৱ সৃষ্ট পৰিৱেশ সৃষ্টি হয় ।
২) শুদ্ধ উত্তৰটো শুদ্ধ চিন দিয়া।
(ক) কোনটো মানৱ সৃষ্ট পৰিৱেশৰ উপাদান নহয়?
- মাটি
- শিক্ষানুষ্ঠান
- পৰিৱহণ ব্যৱস্থা
উত্তৰঃ মাটি।
(খ) কোনটো প্ৰাকৃতিক পৰিৱেশৰ উপাদান নহয়?
- পবত
- ঘৰ
- নদী
উত্তৰঃ ঘৰ ।
(গ) তলৰ কোনবোৰে পৰিৱেশৰ ক্ষতি কৰে?
(১) গছ-গছনি
(২) কল-কাৰখানাৰ আৱজনা
(৩) খাদ্য শস্যৰ বৃদ্ধি
(৪) জনসংস্যা
(৫) জীৱ-জনতু নিঃশেষ হলে।
উত্তৰঃ
২) কল- কাৰখানা ,
৪) জন- সংস্য়া বৃদ্ধি ,
৫) জীৱ – জন্তুৰ নিঃশেষ ।
Sl.No | Contents |
ভূগোল খণ্ড | |
পাঠ-1 | ভূ- পৃষ্ঠত সময় গণনা |
পাঠ-2 | পৃথিৱীৰ অভ্যন্তৰ ভাগ |
পাঠ-3 | পৃথিৱীৰ উপৰিভাগৰ আৰু ইয়াৰ |
পাঠ-4 | আমাৰ পৰিৱেশ |
পাঠ-5 | মানৱ সৃষ্ট পৰিৱেশ |
পাঠ-6 | সম্পদ |
পাঠ-7 | অসমৰ সম্পদ |
পাঠ-8 | উত্তৰ পূব ভাৰত |
পাঠ-9 | ভাৰতৰ জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, কৃষি আৰু জনসংখ্যা |
ইতিহাস খণ্ড | |
পাঠ-10 | মৌৰ্য যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
পাঠ-11 | গুপ্ত সাম্ৰাজ্যৰ উখান |
পাঠ-12 | গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
পাঠ-13 | প্রাক ঐতিহাসিক অসম |
পাঠ-14 | মধ্য যুগত ভাৰতবর্ষ |
পাঠ-15 | দিল্লীৰ চুলতানসকল |
পাঠ-16 | মােগল ৰাজত্ব কালত ভাৰতবর্ষ |
পাঠ-17 | ভাৰতবৰ্ষৰ সাংস্কৃতিক দিশত |
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড | |
পাঠ-18 | আমাৰ চৌপাশৰ বজাৰ |
পাঠ-19 | পৰিকল্পনা বাজেট আৰু উন্নয়ন |
পাঠ-20 | অর্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা |
পাঠ-21 | শ্ৰমৰ সমমর্যাদা আৰু সমমূল্য |
পাঠ-22 | গণতন্ত্র নাগৰিক আৰু নাগৰিকত্ব |
পাঠ-23 | নির্বাচন আৰু নির্বাচনী প্রক্রিয়া |
পাঠ-24 | গণতন্ত্র আৰু প্ৰচাৰ মাধ্যম |
পাঠ-25 | প্রান্তীয় গােট আৰু গণতান্তিক অধিকাৰ |
৩। বাঁও ফালৰ সৈতে সোঁফালৰ মিল থকা অংশ চিনেৰে মিলোৱা।
বাঁওফাল | সোঁফাল |
(ক) আমাৰ চৌপাশ | (ক)মাটি |
(খ) জলমণ্ডল | খ) বায়ু |
(গ) স্থলমণ্ডল | গ) পৰিৱেশ |
(ঘ) জীৱমণ্ডল | (ঘ) পানী |
(ঙ) বায়ুমণ্ডল | (ঙ) জীৱ-জগত |
উত্তৰঃ
বাঁওফাল | সোঁফাল |
(ক) আমাৰ চৌপাশ | গ) পৰিৱেশ |
(খ) জলমণ্ডল | (ঘ) পানী |
(গ) স্থলমণ্ডল | (ক)মাটি |
(ঘ) জীৱমণ্ডল | (ঙ) জীৱ-জগত |
(ঙ) বায়ুমণ্ডল | খ) বায়ু |
৪। জৈৱিক উপাংশৰ উপাদানসমূহ কেনেদৰে পৰিৱেশত বতি থাকে ।
উত্তৰঃ পৰিৱেশত থকা আটাইবােৰ প্ৰাণী , উদ্ভিদ , ভেঁকুৰ , বেক্টেৰিয়া আদি জৈৱিক উপাংশৰ ভিতৰত পৰে । জলভাগ , স্থলভাগ আৰু বায়ু মণ্ডলত থকা সকলােবােৰ জৈৱিক উপাদানৰ দ্বাৰাই জৈৱিক উপাংশ গঠিত । চমুকৈ ক’বলৈ গ’লে জৈৱিক উপাংশৰ উপাদানসমূহ জীৱমণ্ডলত বৰ্তি থাকে । সাগৰৰ তলীৰ কিছু ওপৰৰ পৰা আৰম্ভ কৰি ভূ পৃষ্ঠৰ ওপৰৰ বায়ুমণ্ডলৰ এটা সীমালৈ প্রায় ২৪ কিল’মিটাৰলৈকে এই জীৱমণ্ডল বিস্তৃত । এই জৈৱিক উপাংশৰ সকলাে উপাদানেই এটাৰ ওপৰত আনটো নিৰ্ভৰ কৰি বর্তি থাকে । উদাহৰণ স্বৰূপে সেউজীয়া উদ্ভিদে সৌৰ শক্তিৰ সহায়ত জীয়াই থাকে । তৃণভােজী প্রাণীয়ে ইহঁতক খাদ্য হিচাপে খায় । সেই প্রাণীক আকৌ মাংস হাৰীয়ে খায় । অর্থাৎ কোনাে এটা নির্দিষ্ট পৰিৱেশত থকা সকলাে জীৱই ইয়াৰ লগত থকা কাৰােবাৰ সহায়তহে বাচি থাকে । এটা নহ’লে আনটো জীয়াই থাকিব নােৱাৰে ।
৫। তুমি কেনেকুৱা পৰিৱেশত থাকিব বিচৰা চমুকৈ লিখা।
উত্তৰঃ ছাত্র – ছাত্রীসকলে নিজে লিখিব । তথাপি উত্তৰৰ ইংগিত তলত দিয়া হল :
ইংগিত :- ( ক ) কল – কাৰখানাৰ দ্বাৰা ধোঁৱা – ছাই নােহােৱা স্থান
( খ ) পলিথিনমুক্ত পৰিৱেশ
( গ ) গছ – গছনি থকা ঠাই
( ঘ ) অস্বাস্থ্যকৰ নলা – নর্দমা নথকা ঠাই
( ঙ ) নির্মল বায়ু চলাচল কৰিব পৰা পৰিৱেশ ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.