Class 7 Social Chapter 24 গণতন্ত্র আৰু প্ৰচাৰ মাধ্যম – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 7 Social Chapter – 24 গণতন্ত্র আৰু প্ৰচাৰ মাধ্যম and select needs one.
SEBA Class 7 Social Chapter – 24 গণতন্ত্র আৰু প্ৰচাৰ মাধ্যম – সমাধান
Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Solutions for All Subject, You can practice these here…
গণতন্ত্র আৰু প্ৰচাৰ মাধ্যম
অৰ্থনীতি আৰু ৰাজনীতি খণ্ড
প্রশ্ন ১। চমু উত্তৰ দিয়া
( ক ) প্ৰচাৰ মানে কি ?
উত্তৰঃ সাধাৰণতে প্ৰচাৰ বুলিলে যিকোনাে খবৰ , বাতৰি , আদেশ , অনুৰােধ , উপদেশ আদি এজনৰ পৰা আন এজনলৈ , এখন ঠাইৰ পৰা আন এখন ঠাইলৈ সম্প্রসাৰিত হােৱা প্রক্রিয়াকে বুজা যায় ।
( খ ) প্রচাৰ মাধ্যমৰ বিভিন্ন ভাগ সমূহ কি কি ?
উত্তৰঃ প্রচাৰ মাধ্যম দুই প্রকাৰৰ — মুদ্রিত আৰু ইলেকট্র’নিক ।
( গ ) গণমাধ্যম কাক কয় ? উদাহৰণ দিয়া ।
উত্তৰঃ প্রচাৰ মাধ্যমৰ ভিতৰত কিছুমান মাধ্যমৰ পৰিসৰ ব্যাপক যিবােৰে অতি কম । সময়ৰ ভিতৰত বহুলােকৰ মাজত খবৰ বাতৰিসমূহ সম্প্রচাৰ কৰিব পাৰে সেইবােৰকে গণমাধ্যম বােলে । যেনে— চলচ্চিত্র , বাটৰ নাট , পুতলা নাচ , নাটক , গীত – মাত আদি গণমাধ্যমৰ উদাহৰণ ।
( ঘ ) প্রাচীন কালত ব্যৱহৃত দুই – প্ৰকাৰৰ প্ৰচাৰ মাধ্যম কি কি ?
উত্তৰঃ প্রাচীন কালত ঢােল পিটি , কাহ – ঘণ্টা বজাই প্ৰচাৰ কার্য চলাইছিল ।
( ঙ ) ছপাশাল পােন প্রথমে কোনে আৰু কেতিয়া আৱিষ্কাৰ কৰিছিল ?
উত্তৰঃ ১৬ শ শতিকাত জোহান গুটেনবার্গে ছপাশাল আৱিষ্কাৰ কৰিছিল ।
প্রশ্ন ২। উত্তৰ লিখা—
( ক ) প্ৰচাৰ মাধ্যমসমূহ কেইপ্ৰকাৰৰ আৰু কি কি ? সেই মাধ্যমসমূহে জনসাধাৰণক কেনেদৰে সহায় কৰে ?
উত্তৰঃ প্ৰচাৰ মাধ্যম প্রধানকৈ দুই প্রকাৰ –
( ১ ) মুদ্রিত মাধ্যম আৰু
( ২ ) ইলেকট্র’নিক মাধ্যম ।
( ১ ) মুদ্রিত মাধ্যম:- মুদ্রণৰ সহায়ত ছপা কৰি উলিওৱা কিতাপ , বাতৰি কাকত , আলােচনী আদিক মুদ্রিত মাধ্যম বােলে ।
( ২ ) ইলেকট্র’নিক মাধ্যম :- টেলিভিছন , টেলিফোন , ম’বাইলফোন , ৰেডিঅ’আদি মাধ্যমক ইলেকট্রনিক মাধ্যম বােলে ।
প্ৰচাৰ মাধ্যমসূহৰ যিবােৰে কম সময়ৰ ভিতৰত বহুলােকৰ মাজত খবৰ বাতৰি সমূহ সম্প্রচাৰ কৰিব পাৰে , তেনে মাধ্যমক গণ মাধ্যম বুলিও কয় । প্ৰচাৰ মাধ্যম সমূহে প্রধানকৈ জনমত গঠনত সহায় কৰিব পাৰে । তদুপৰি প্ৰচাৰ মাধ্যম সমূহে মানুহক শিল্প , সাহিত্য চর্চাৰ সুবিধাও প্রদান কৰে । মানুহৰ মাজত অন্তর্নিহিত হৈ থকা প্ৰভিভাৰ বিকাশতাে প্রচাৰ মাধ্যমৰ অৱদান উল্লেখনীয় । জনগণৰ মাজত দেশ প্রেমবােধ জাগ্রত কৰাৰ ক্ষেত্ৰতত প্ৰচাৰ মাধ্যমে জনসাধাৰণক সহায় কৰে । প্ৰচাৰ মাধ্যমে জনসাধাৰণক শিক্ষিত কৰাৰ ক্ষেত্ৰতাে বিশেষ বৰঙণি যােগায় ।
( খ ) গণতন্ত্র সবলীকৰণত প্ৰচাৰ মাধ্যমে কেনেদৰে প্ৰভাৱ পেলায় ?
উত্তৰঃ প্ৰচাৰ মাধ্যম সমূহ হ’ল গণতন্ত্রত জনমত গঠনৰ অন্যতম অভিকৰণ । গণতান্ত্রিক চিন্তাধাৰা উজ্জীৱিত কৰাৰ ক্ষেত্ৰত প্ৰচাৰ মাধ্যম এক শক্তিশালী ব্যৱস্থা । আমাৰ দেশৰ নাগৰিকসকলৰ জীৱন – যাপনৰ ক্ষেত্ৰত গণতান্ত্রিক বাতাবৰণ কেনেধৰণে উপলব্ধ হয় তাৰ ধাৰণা জনসাধাৰণে প্ৰচাৰ মাধ্যমৰ যােগেদি লাভ কৰে । সততা আৰু নিষ্ঠা গণতন্ত্রৰ মূল ভেটি । এই ভেটি সুদৃঢ় কৰাৰ ক্ষেত্ৰত প্ৰচাৰ মাধ্যমেই মুখ্য ভূমিকা পালন কৰে । নির্বাচনত জনসাধাৰণৰ অংশ গ্রহণ , ভােটাধিকাৰ সাব্যস্তকৰণ , দায়িত্বশীল প্রতিনিধি নির্বাচন আদিত প্রচাৰ মাধ্যমৰ ভূমিকা গুরুত্বপূর্ণ । সন্ত্রাসবাদ , দুর্নীতি , ভ্রষ্টাচাৰ আদিৰ বিৰুদ্ধে প্রচাৰ মাধ্যমে জনসজাগতা সৃষ্টি কৰে । প্ৰচাৰ মাধ্যমে অতি কম সময়ৰ ভিতৰতে পৃথিৱীৰ যিকোনাে ঠাইৰ খাবৰ বাতৰি আনি দেশৰ চুকে – কোনাে প্রচাৰ কৰি এক সবল জনমত গঠন কৰিব পাৰে । প্ৰচাৰ মাধ্যমে দেশৰ বিভিন্ন সমস্যাৰ ওপৰত অভিমত , পৰামৰ্শ জনসাধাৰণৰ মাজত প্ৰকাশ আৰু প্ৰচাৰ কৰি সবল জনমত গঢ়ি তােলে । আকৌ সবল জনমতৰ জৰিয়তেহে গণতন্ত্র সবলীকৰণ কৰিব পাৰি । গতিকে সবল গণতন্ত্র প্রতিষ্ঠাত প্ৰচাৰ মাধ্যমৰ ভূমিকা অপৰিসীম ।
Sl.No | Contents |
ভূগোল খণ্ড | |
পাঠ-1 | ভূ- পৃষ্ঠত সময় গণনা |
পাঠ-2 | পৃথিৱীৰ অভ্যন্তৰ ভাগ |
পাঠ-3 | পৃথিৱীৰ উপৰিভাগৰ আৰু ইয়াৰ |
পাঠ-4 | আমাৰ পৰিৱেশ |
পাঠ-5 | মানৱ সৃষ্ট পৰিৱেশ |
পাঠ-6 | সম্পদ |
পাঠ-7 | অসমৰ সম্পদ |
পাঠ-8 | উত্তৰ পূব ভাৰত |
পাঠ-9 | ভাৰতৰ জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, কৃষি আৰু জনসংখ্যা |
ইতিহাস খণ্ড | |
পাঠ-10 | মৌৰ্য যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
পাঠ-11 | গুপ্ত সাম্ৰাজ্যৰ উখান |
পাঠ-12 | গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
পাঠ-13 | প্রাক ঐতিহাসিক অসম |
পাঠ-14 | মধ্য যুগত ভাৰতবর্ষ |
পাঠ-15 | দিল্লীৰ চুলতানসকল |
পাঠ-16 | মােগল ৰাজত্ব কালত ভাৰতবর্ষ |
পাঠ-17 | ভাৰতবৰ্ষৰ সাংস্কৃতিক দিশত |
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড | |
পাঠ-18 | আমাৰ চৌপাশৰ বজাৰ |
পাঠ-19 | পৰিকল্পনা বাজেট আৰু উন্নয়ন |
পাঠ-20 | অর্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা |
পাঠ-21 | শ্ৰমৰ সমমর্যাদা আৰু সমমূল্য |
পাঠ-22 | গণতন্ত্র নাগৰিক আৰু নাগৰিকত্ব |
পাঠ-23 | নির্বাচন আৰু নির্বাচনী প্রক্রিয়া |
পাঠ-24 | গণতন্ত্র আৰু প্ৰচাৰ মাধ্যম |
পাঠ-25 | প্রান্তীয় গােট আৰু গণতান্তিক অধিকাৰ |
প্রশ্ন ৩। খালী ঠাই পূৰ কৰা—
( ক ) ………………ব্যৱস্থাৰলগত জড়িত সকলাে উপাদানেইপ্ৰচাৰৰ একোটা একোটা মাধ্যম ।
উত্তৰঃ যােগাযােগ ব্যৱস্থাৰ লগত জড়িত সকলাে উপাদানেইপ্ৰচাৰৰ একোটা একোটা মাধ্যম ।
( খ ) মানুহৰ মাজত ………….. হৈ থকা প্ৰতিভাৰ বিকাশত প্ৰচাৰ মাধ্যমৰ অৱদান উল্লেখনীয় ।
উত্তৰঃ মানুহৰ মাজত অন্তর্নিহিত হৈ থকা প্ৰতিভাৰ বিকাশত প্ৰচাৰ মাধ্যমৰ অৱদান উল্লেখনীয় ।
( গ ) ………….ছপাশাল আৱিষ্কাৰ কৰিছিল ।
উত্তৰঃ জোহান গুটেনবার্গ ছপাশাল আৱিষ্কাৰ কৰিছিল ।
( ঘ ) কম্পিউটাৰক অসমীয়াত …………. যন্ত্ৰ বুলি কোৱা হয় ।
উত্তৰঃ কম্পিউটাৰক অসমীয়াত পৰিকলন যন্ত্ৰ বুলি কোৱা হয় ।
( ঙ ) গণতন্ত্ৰত চৰকাৰ আৰু ৰাইজৰ মাজৰ ………… হৈছে প্ৰচাৰ মাধ্যম ।
উত্তৰঃ গণতন্ত্ৰত চৰকাৰ আৰু ৰাইজৰ মাজৰ যােগসূত্র হৈছে প্ৰচাৰ মাধ্যম ।
প্রশ্ন ৪। শুদ্ধ উত্তৰটো বাছি উলিওৱা –
( ক ) জ্যোতিপ্ৰসাদ আগৰৱালাক ৰূপকোঁৱৰ / সৈনিক শিল্পী বুলি কোৱা হয় ।
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাক ৰূপকোঁৱৰ বুলি কোৱা হয় ।
( খ ) অতীজত ৰজাই প্ৰজাক বাতৰি দিবৰ বাবে মাইক / ঢােলৰ সহায় লৈছিল ।
উত্তৰঃ অতীজত ৰজাই প্ৰজাক বাতৰি দিবৰ বাবে ঢােলৰ সহায় লৈছিল ।
( গ ) মুদ্রিত মাধ্যমসমূহ হ’ল ৰেডিঅ’/ কিতাপ ।
উত্তৰঃ মুদ্রিত মাধ্যমসমূহ হ’ল কিতাপ ।
( ঘ ) অনাতাঁৰ যন্ত্ৰৰ আৱিষ্কাৰক আর্কিমিডিছ / মার্কনি ।
উত্তৰঃ অনাতাঁৰ যন্ত্ৰৰ আৱিষ্কাৰক মার্কনি ।
( ঙ ) ইলেকট্র’নিক মাধ্যম হল বাতৰিকাকত / কম্পিউটাৰ ।
উত্তৰঃ ইলেকট্র’নিক মাধ্যম হল কম্পিউটাৰ ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.