Class 7 Social Chapter 25 প্রান্তীয় গােট আৰু গণতান্তিক অধিকাৰ – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 7 Social Chapter – 25 প্রান্তীয় গােট আৰু গণতান্তিক অধিকাৰ and select needs one.
SEBA Class 7 Social Chapter – 25 প্রান্তীয় গােট আৰু গণতান্তিক অধিকাৰ – সমাধান
Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Solutions for All Subject, You can practice these here…
প্রান্তীয় গােট আৰু গণতান্তিক অধিকাৰ
অৰ্থনীতি আৰু ৰাজনীতি খণ্ড
প্রশ্ন ১। চমু উত্তৰ দিয়া
( ক ) প্রান্তীয় গােট কাক বােলে ?
উত্তৰঃ নগৰীকৰণ , অর্থনৈতিক বিকাশ আৰু আধুনিকীকৰণৰ স্বাৰ্থত বহুলােক নিজৰ অধিকাৰৰ পৰা বঞ্চিত হয় । খহনীয়া , বানপানী , বৃহৎ নদীবান্ধৰ কুফল আদিৰ ফলত বহুতাে মানুহে নিজৰ মাটি ভেটি , সংস্থান এৰি অন্য ঠাই বাছি লৈছে । এখন সমাজৰ পৰা অন্য এখন সমাজলৈ গৈ মানুহখিনিয়ে নিজকে আনৰ তুলনাত দীন – হীন আৰু অৱহেলিত বুলি ভাবিবলৈ লয় আৰু একাষৰীয়া হৈ পৰে । আর্থিক , সামাজিক আৰু শৈক্ষিক অনগ্ৰসৰতাত ভােগা এই লােকসকলকে প্রান্তীয় গােট বােলা হয় ।
( খ ) অসমৰ চাহখেতিৰ বাবে ব্রিটিছসকলে ক’ৰপৰা বনুৱা আমদানি কৰিছিল ?
উত্তৰঃ ব্রিটিছসকলে ভাৰতৰ মধ্যভাগৰ পৰা অসমৰ চাহ বাগিচাৰ বাবে বনুৱা আমদানি কৰিছিল ।
( গ ) কোনখন আইনমতে প্রথমিক শিক্ষা বাধ্যতামূলক কৰা হয় ?
উত্তৰঃ শিক্ষাৰ অধিকাৰ আইন , ২০০৯ ।
( ঘ ) গৰাখহনীয়া হ’লে কি হয় ?
উত্তৰঃ গৰাখহনীয়াৰ ফলত মানুহৰ সীমাহীন বিপর্যয় হয় । খহনীয়াই গাঁও – ভুই গ্রাস কৰি নদীত বিলীন কৰি পেলায় । মানুহৰ খেতি – পথাৰ নিঃশেষ কৰে ৷
( ঙ ) বৃহৎ নদীবান্ধৰ পৰা কি অপকাৰ হয় ?
উত্তৰঃ বৃহৎ নদীবান্ধৰ বাবে বান্ধৰ ওপৰ অংশত পানী জমা কৰি ৰাখিবলৈ এক বিস্তৃত এলেকাৰ প্রয়ােজন । ফলত নদীবান্ধ কার্যকৰী হােৱাৰ লগে লগে সেই অঞ্চলৰ লােক সকলে নিজ ঠাই এৰি যাব লগাত পৰে । আনহাতে নদীৰ পানী ভাগক ওপৰ অংশত আবদ্ধ কৰি ৰখা বাবে তলৰ কৃষিজীৱী লােকসকলে কৃষিৰ বাবে প্রয়ােজনীয় পানী নাপায় । নৈৰ পানী তৰাং হােৱাৰ লগে লগে জলচৰ প্রাণীসমূহৰো বিলুপ্তি ঘটে । নৈপৰীয়া মাছমৰীয়া সকলৰ জীৱিকাত বাধা আহি পৰে । যাতায়াতৰ বিজুতি ঘটে । সেই অঞ্চলৰ পাৰিপাৰ্শ্বিক ভাৰসাম্যতা হ্রাস পায় । অঞ্চলটো মানুহৰ বসবাসৰ অনুপযােগী হৈ পৰে । মানুহখিনি অন্য ঠাইলৈ গুচি যাব লগা হয় ।
প্রশ্ন ২। উত্তৰ লিখা :
( ক ) কি কি কাৰণত প্রান্তীয় গােটৰ সৃষ্টি হ’ব পাৰে ? তেওঁলােকৰ প্ৰধান সমস্যাসমূহ কি কি ?
উত্তৰঃ ( ১ ) অর্থনৈতিক বিকাশ , নগৰীকৰণ আৰু আধুনিকীকৰণৰ স্বাৰ্থত সমাজৰ বহু লােকে নিজৰ স্থায়ী ভেটি এৰি আন ঠাইলৈ যাবলৈ বাধ্য হােৱাৰ ফলত সেইসকল লােক প্রান্তীয় গােটত পৰিণত হ’ব পাৰে ।
( ২ ) চাহ উদ্যোগ , বৃহৎ নদীবান্ধ , প্রাকৃতিক দুর্যোগ , বানপানী , গৰাখহনীয়া , ভূমিকম্প আদিৰ বাবেও বহুলােক প্রান্তীয় গােটলৈ ৰূপান্তৰিত হ’ব পাৰে ।
সমস্যাসমূহ হ’ল-
( ১ ) তেওঁলােকৰ জীৱন – জীৱিকাত আউল লাগে ।
( ২ ) সংস্থানহীন হৈ অ’ত ত’ত সিচৰতি হৈ পৰা মানুহখিনি সমাজৰ মূলৰ পৰা বিচ্ছিন্ন হৈ পৰে ।
( ৩ ) মানুহখিনিয়ে অন্য এখন সমাজলৈ গৈ নিজকে হীনমন্যতাত ভােগে ।
( খ ) অনুসূচিত জনজাতি আৰু অনুসূচিত জাতিৰ ছাত্ৰ – ছাত্ৰী সকলক সংবিধানে কি বিশেষ সুবিধা প্রদান কৰিছে ?
উত্তৰঃ ( ১ ) অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ ছাত্ৰ – ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ বাবে বিশেষ জলপানিৰ সুবিধা প্রদান কৰা হৈছে ।
( ২ ) তেওঁলােকৰ শৈক্ষিক বিকাশৰ বাবে শিক্ষানুষ্ঠান , কাৰিকৰী প্রতিষ্ঠানসমূহত আসন সংৰক্ষণ কৰা হৈছে ।
( গ ) পার্বত্য অঞ্চলৰ জনজাতিসকলৰ বাবে কেনেধৰণৰ স্বায়ত্ত্বশাসন আছে ? দুখনৰ নাম লিখা ?
উত্তৰঃ পর্বত আৰু ভৈয়ামৰ জনজাতিসকলৰ আর্থ – সামাজিক উন্নয়নৰ বাবে স্বায়ত্ত শাসনৰ ব্যৱস্থা কৰিছে । ভৈয়ামৰ জনজাতি সকলৰ কাৰণে স্বায়ত্ত শাসিত পৰিষদ আৰু পাহাৰৰ জনজাতি সকলৰ বাবে স্বায়ত্তশাসিত জিলা পৰিষদ গঠন কৰা হৈছে ৷ যেনে— ৰাভা স্বায়ত্তশাসিত পৰিষদ আৰু কাছাৰ পার্বত্য জিলা পৰিষদ ইত্যাদি ।
Sl.No | Contents |
ভূগোল খণ্ড | |
পাঠ-1 | ভূ- পৃষ্ঠত সময় গণনা |
পাঠ-2 | পৃথিৱীৰ অভ্যন্তৰ ভাগ |
পাঠ-3 | পৃথিৱীৰ উপৰিভাগৰ আৰু ইয়াৰ |
পাঠ-4 | আমাৰ পৰিৱেশ |
পাঠ-5 | মানৱ সৃষ্ট পৰিৱেশ |
পাঠ-6 | সম্পদ |
পাঠ-7 | অসমৰ সম্পদ |
পাঠ-8 | উত্তৰ পূব ভাৰত |
পাঠ-9 | ভাৰতৰ জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, কৃষি আৰু জনসংখ্যা |
ইতিহাস খণ্ড | |
পাঠ-10 | মৌৰ্য যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
পাঠ-11 | গুপ্ত সাম্ৰাজ্যৰ উখান |
পাঠ-12 | গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
পাঠ-13 | প্রাক ঐতিহাসিক অসম |
পাঠ-14 | মধ্য যুগত ভাৰতবর্ষ |
পাঠ-15 | দিল্লীৰ চুলতানসকল |
পাঠ-16 | মােগল ৰাজত্ব কালত ভাৰতবর্ষ |
পাঠ-17 | ভাৰতবৰ্ষৰ সাংস্কৃতিক দিশত |
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড | |
পাঠ-18 | আমাৰ চৌপাশৰ বজাৰ |
পাঠ-19 | পৰিকল্পনা বাজেট আৰু উন্নয়ন |
পাঠ-20 | অর্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা |
পাঠ-21 | শ্ৰমৰ সমমর্যাদা আৰু সমমূল্য |
পাঠ-22 | গণতন্ত্র নাগৰিক আৰু নাগৰিকত্ব |
পাঠ-23 | নির্বাচন আৰু নির্বাচনী প্রক্রিয়া |
পাঠ-24 | গণতন্ত্র আৰু প্ৰচাৰ মাধ্যম |
পাঠ-25 | প্রান্তীয় গােট আৰু গণতান্তিক অধিকাৰ |
প্রশ্ন ৩। খালী ঠাই পূৰ কৰা :
( ক ) সংবিধানৰ দৃষ্টিত আমি সকলােৱে এক ……….।
উত্তৰঃ সংবিধানৰ দৃষ্টিত আমি সকলােৱে এক ভাৰতীয় ।
( খ ) …………চাহ খেতিৰ বাবে উপযােগী ।
উত্তৰঃ অসমৰ মাটি চাহ খেতিৰ বাবে উপযােগী ।
( গ ) দেশৰ বিকাশত ভাগ ল’বলৈ প্ৰতিজন নাগৰিকেই ……….. ।
উত্তৰঃ দেশৰ বিকাশত ভাগ ল’বলৈ প্ৰতিজন নাগৰিকেই দায়বদ্ধ ।
( ঘ ) সংখ্যালঘু লােকসকলৰ ……………ক গুৰুত্ব প্রদান কৰি সংবিধানে তাৰ বক্ষণাবেক্ষণৰ ব্যৱস্থা কৰিছে ।
উত্তৰঃ সংখ্যালঘু লােকসকলৰ ভাষা – সংস্কৃতিক গুৰুত্ব প্রদান কৰি সংবিধানে তাৰ বক্ষণাবেক্ষণৰ ব্যৱস্থা কৰিছে ।
( ঙ ) মানুহে শস্যও উৎপাদন কৰিব নােৱাৰে ………. উৎপাদন কৰিব নােৱাৰে ।
উত্তৰঃ মানুহে শস্যও উৎপাদন কৰিব নােৱাৰে মৎস্যও উৎপাদন কৰিব নােৱাৰে ।
প্রশ্ন ৪। শুদ্ধ অশুদ্ধ বাচি উলিওৱা–
( ক ) অন্য প্রান্তৰ পৰা অহা ছাত্র – ছাত্রীৰ লগত বন্ধুত্ব কৰিম ।
উত্তৰঃ শুদ্ধ
( খ ) বেলেগ বেলেগ ৰীতি – নীতিৰে চলা মানুহক অৱহেলা কৰিম ।
উত্তৰঃ অশুদ্ধ
( গ ) দেশৰ সকলােৰে মংগলৰ বাবে চৰকাৰৰ লগত সহযােগিতা কৰিম ।
উত্তৰঃ শুদ্ধ
( ঘ ) আমি আন ব্যক্তিক শ্রদ্ধা , মৰম , সম্মান জনালেহে আমিও স্নেহ পাম ৷
উত্তৰঃ শুদ্ধ
( ঙ ) প্রাকৃতিক দুর্যোগ হলে আমি পৰস্পৰে পৰস্পৰক সহায় নকৰে ।
উত্তৰঃ অশুদ্ধ

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.