Class 7 Social Chapter 23 নির্বাচন আৰু নির্বাচনী প্রক্রিয়া – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 7 Social Chapter – 23 নির্বাচন আৰু নির্বাচনী প্রক্রিয়া and select needs one.
SEBA Class 7 Social Chapter – 23 নির্বাচন আৰু নির্বাচনী প্রক্রিয়া – সমাধান
Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Solutions for All Subject, You can practice these here…
নির্বাচন আৰু নির্বাচনী প্রক্রিয়া
অৰ্থনীতি আৰু ৰাজনীতি খণ্ড
প্রশ্ন ১। চমু উত্তৰ দিয়া
( ক ) বিধান সভাৰ সদস্যসকলক কোনে নির্বাচিত কৰে ?
উত্তৰঃ বিধান সভাৰ সদস্যসকলক সংশ্লিষ্ট বিধানসভা সমষ্টিৰ ভােটাৰসকলে ভােট দি নির্বাচিত কৰে ৷
( খ ) শাসক দল মানে কি ?
উত্তৰঃ চৰকাৰ গঠন কৰা ৰাজনৈতিক দলটোক শাসক দল বােলে ।
( গ ) দেশত মধ্যকালীন নির্বাচন কেতিয়া হয় ?
উত্তৰঃ চৰকাৰ এখনৰ কার্যকাল সম্পূর্ণ হােৱাৰ আগতে বিশেষ কাৰণত চৰকাৰ ভংগ হৈ গলে , তেনে পৰিস্থিতিত দেশত মধ্যকালীন নির্বাচন হ’ব পাৰে । কেতিয়াবা কেতিয়াবা মিত্ৰজোঁটৰ মতানৈক্যৰ ফলত বা আন কোনাে কাৰণত মন্ত্রীসভাই সদনত সংখ্যাগৰিষ্ঠতা হেৰুৱাব পাৰে । এনে পৰিস্থিতিত ৰাজ্যিক বিধান সভা বা লােকসভা ভংগনকৰাকৈ ৰাজ্যপাল বা ৰাষ্ট্রপতিয়ে বিবেচনা কৰি সদনত সংখ্যা গৰিষ্ঠতা লাভ কৰিব পৰা দলৰ নেতাজনক চৰকাৰ গঠন কৰিবলৈ আমন্ত্রণ জনাব পাৰে । যদি সেয়া সম্ভৱ হৈ নুঠে তেতিয়া তেওঁলােকে মন্ত্রীসভাৰ নির্দিষ্ট কাম সম্পূর্ণ হােৱাৰ আগতে চৰকাৰ ভংগ কৰি মধ্যকালীন নির্বাচন অনুষ্ঠিত কৰে ।
( ঘ ) ৰাজ্য বিধান সভাৰ কাৰ্যকাল কিমান বছৰ ?
উত্তৰঃ ৰাজ্য বিধান সভাৰ কাৰ্যকাল পাঁচ বছৰ ।
( ঙ ) দুটা ৰাষ্ট্ৰীয় দলৰ নাম উল্লেখ কৰা ।
উত্তৰঃ দুটা ৰাষ্ট্ৰীয় দলৰ নাম হ’ল-
( ১ ) ভাৰতীয় জাতীয় কংগ্রেছ । আৰু
( ২ ) ভাৰতীয় জনতা পার্টি ।
( চ ) অসমৰ উল্লেখযােগ্য আঞ্চলিক দল এটাৰ নাম ?
উত্তৰঃ অসমৰ উল্লেখযােগ্য আঞ্চলিক দল এটাৰ নাম হ’ল- অসম গণ পৰিষদ ।
২। উত্তৰ লিখা :
( ক ) নির্বাচনী প্রক্রিয়াটো কেনে ধৰণৰ ? বর্ণনা কৰা ৷
উত্তৰঃ দেশৰ নির্বাচন অনুষ্ঠিত কৰিবলৈ কেন্দ্ৰত এখন নির্বাচনী আয়ােগ আছে । তেনেদৰে ৰাজ্যসমূহতাে একোখন ৰাজ্যিক নির্বাচনী আয়ােগ আছে । নির্বাচনৰ কাম – কাজ সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে এই আয়ােগে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ লগত আলােচনা কৰি নিৰ্বাচনৰ তাৰিখ আৰু কাৰ্যসূচী প্রস্তুত কৰে । নির্বাচনৰ বাবে মনােনয়ন পত্র দাখিলৰ তাৰিখ , মনােনয়ন পত্ৰ পৰীক্ষা আৰু প্রত্যাহাৰৰ তাৰিখ , নির্বাচনৰ ফলাফল ঘােষণা কৰাৰ তাৰিখাে আয়ােগে নির্ধাৰণ কৰে । আয়ােগে নির্বাচন অনুষ্ঠিত হ’ব লগা ঠাইত কিছুমান আচৰণ বিধি বলবৎ কৰে ।
নির্বাচন আয়ােগে নির্বাচনৰ দিন ঘােষণা কৰাৰ পাছত ৰাজনৈতিক দলবােৰে তেওঁলােকৰ নিজ দলৰ প্রার্থী নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিবলৈ মনােনীত কৰে ।
ৰাজনৈতিক দলসমূহে নিজ দলৰ হৈ প্রতিদ্বন্দ্বিতা কৰিবলগীয়া নেতাজনক লগত লৈ নিজ নিজ সমষ্টিত প্ৰচাৰ চলায় । দলীয় কর্মীসকলে ভােটাৰসকলৰ ঘৰে ঘৰে গৈ নিজৰ বিষয়া প্রার্থীজনক ভােট দিবলৈ অনুৰােধ জনায় । নির্বাচন সুকলমে পৰিচালনা কৰিবলৈ নির্বাচনী
নিযুক্তি দিয়া হয় ।
( খ ) গণতন্ত্রত ৰাজনৈতিক দলৰ কার্যাৱলীসমূহ কি কি ?
উত্তৰঃ গণতন্ত্রত ৰাজনৈতিক দলৰ প্রধান কার্যসমূহ এনেধৰণৰ :
( ১ ) নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা ।
( ২ ) ৰাজনৈতিক চেতনা জাগ্রত কৰা ।
( ৩ ) জনমত গঠন কৰা । আৰু
( ৪ ) চৰকাৰ গঠনত সহায় কৰা ইত্যাদি ।
Sl.No | Contents |
ভূগোল খণ্ড | |
পাঠ-1 | ভূ- পৃষ্ঠত সময় গণনা |
পাঠ-2 | পৃথিৱীৰ অভ্যন্তৰ ভাগ |
পাঠ-3 | পৃথিৱীৰ উপৰিভাগৰ আৰু ইয়াৰ |
পাঠ-4 | আমাৰ পৰিৱেশ |
পাঠ-5 | মানৱ সৃষ্ট পৰিৱেশ |
পাঠ-6 | সম্পদ |
পাঠ-7 | অসমৰ সম্পদ |
পাঠ-8 | উত্তৰ পূব ভাৰত |
পাঠ-9 | ভাৰতৰ জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, কৃষি আৰু জনসংখ্যা |
ইতিহাস খণ্ড | |
পাঠ-10 | মৌৰ্য যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
পাঠ-11 | গুপ্ত সাম্ৰাজ্যৰ উখান |
পাঠ-12 | গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
পাঠ-13 | প্রাক ঐতিহাসিক অসম |
পাঠ-14 | মধ্য যুগত ভাৰতবর্ষ |
পাঠ-15 | দিল্লীৰ চুলতানসকল |
পাঠ-16 | মােগল ৰাজত্ব কালত ভাৰতবর্ষ |
পাঠ-17 | ভাৰতবৰ্ষৰ সাংস্কৃতিক দিশত |
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড | |
পাঠ-18 | আমাৰ চৌপাশৰ বজাৰ |
পাঠ-19 | পৰিকল্পনা বাজেট আৰু উন্নয়ন |
পাঠ-20 | অর্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা |
পাঠ-21 | শ্ৰমৰ সমমর্যাদা আৰু সমমূল্য |
পাঠ-22 | গণতন্ত্র নাগৰিক আৰু নাগৰিকত্ব |
পাঠ-23 | নির্বাচন আৰু নির্বাচনী প্রক্রিয়া |
পাঠ-24 | গণতন্ত্র আৰু প্ৰচাৰ মাধ্যম |
পাঠ-25 | প্রান্তীয় গােট আৰু গণতান্তিক অধিকাৰ |
( গ ) গণতন্ত্রত বিৰোধী দলে কেনেকৈ চৰকাৰক নিয়ন্ত্রণ কৰে ?
উত্তৰঃ ( ১ ) বিৰােধী দলে চৰকাৰ নীতি আৰু কাৰ্যৰ সমালােচনা কৰি দোষ – ত্রুটি আঙুলিয়াই দিয়ে ।
( ২ ) চৰকাৰে নিজৰ স্বাৰ্থপূৰণৰ বাবে স্বেচ্ছাচাৰীশাসন চলাব বিচাৰিলে সেই ক্ষেত্ৰত বিৰােধী দলে বাধা প্রদান কৰে ।
( ৩ ) বিৰােধী দলে চৰকাৰৰ অন্যায় কার্যৰ বিৰুদ্ধে জনমত গঠন কৰে ।
( ৪ ) চৰকাৰে যদি জনকল্যাণমূলক আঁচনি কার্যকৰী নকৰে তেন্তে বিৰােধী দলে তাৰ সমালােচনা কৰি সেইসমূহ কার্যকৰণৰ ব্যৱস্থা কৰে ।
( ৫ ) সদনৰ অধ্যক্ষৰ জৰিয়তে বিভাগীয় মন্ত্রীসকলৰপৰা বিৰােধী দলে কামৰ খতিয়ান বিচাৰে ।
( ঘ ) গণতন্ত্রত নির্বাচন প্রয়ােজনীয়তা আছে নে ?
উত্তৰঃ গণতন্ত্রত নির্বাচনৰ প্রয়ােজন আছে । গণতন্ত্রত ভােটদানৰ যােগেদি জনসাধাৰণে নিজৰ মনৰ পছন্দৰ প্রার্থী নির্বাচিত কৰিব পাৰে। নির্বাচন অবিহনে স্বৈৰাচাৰী শাসন চলিব । তদুপৰি জনগণৰ পৰিপন্থী কাম কৰা জনপ্রতিনিধিক পৰৱর্তী নির্বাচনত জনসাধাৰণে প্রত্যাখ্যান কৰাৰ সুবিধা নিৰ্বাচনৰ যােগেদি ল’ব পাৰে । গণতন্ত্র মানেই যিহেতু জনসাধাৰণৰ দ্বাৰা শাসিত চৰকাৰক বুজায় , গতিকে নির্বাচন অবিহনে গণতন্ত্রৰ এই মূল চৰিত্ৰটোৱেই বিকৃত হৈ যাব । নির্বাচনেই হ’ল জনসাধাৰণৰ মত প্রকাশৰ এক গুৰুত্বপূৰ্ণ মাধ্যম । গতিকে দেখা গ’ল যে গণতন্ত্রত নির্বাচনৰ প্রয়ােজনীয়তা অস্বীকাৰ কৰিব নােৱাৰি ।
প্রশ্ন ৩। শুদ্ধ উত্তৰটো বাছি উলিওৱা—
( ক ) ভাৰতৰ উপৰাষ্ট্রপতি প্রত্যক্ষ / পৰােক্ষভাৱে নির্বাচিত হয় ।
উত্তৰঃ ভাৰতৰ উপৰাষ্ট্রপতি পৰােক্ষভাৱে নির্বাচিত হয় ।
( খ ) লােকসভাৰ সদস্য সংখ্যা ৫৪৫ / ১২৬ জন ।
উত্তৰঃ লােকসভাৰ সদস্য সংখ্যা ৫৪৫ জন ।
( গ ) তেলেগু দেশম পার্টি এটা আঞ্চলিক / ৰাষ্ট্ৰীয় দল ।
উত্তৰঃ তেলেগু দেশম পার্টি এটা আঞ্চলিক দল ।
( ঘ ) মুখ্যমন্ত্ৰীক ৰাজ্যপাল / ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে ।
উত্তৰঃ মুখ্যমন্ত্ৰীক ৰাজ্যপাল নিযুক্তি দিয়ে ।
( ঙ ) বিধান সভাৰ কার্যকাল ( ৭/৫ ) বছৰ ।
উত্তৰঃ বিধান সভাৰ কার্যকাল ৫ বছৰ ।
প্রশ্ন ৪। চমুটোকা লিখা—
( ক ) সার্বজনীন প্রাপ্তবয়স্ক ভােটাধিকাৰ
উত্তৰঃ সকলাে দেশতে এটা নির্ধাৰিত বয়সপূর্ণ হােৱাৰ পাছতহে কোনাে লােকক প্রাপ্তবয়স্ক বুলি ধৰা হয় । গণতান্ত্রিক দেশসমূহত জাতি , বর্ণ , ধৰ্ম আৰু ভাষা নির্বিশেষে সকলাে প্রাপ্তবয়স্ক লােকক দিয়া প্রতিনিধি নির্বাচনৰ অধিকাৰকে সার্বজনীন প্রাপ্তবয়স্ক ভােটাধিকাৰ বােলা হয় । এই ভােটাধিকাৰৰ বয়স সকলাে ৰাষ্ট্ৰতেই একে নহয় । আমাৰ ভাৰতবৰ্ষত ভােটাধিকাৰৰ বয়স ১৮ বছৰ কৰা হৈছে ।
( খ ) নির্বাচনী আয়ােগ
উত্তৰঃ দেশৰ নির্বাচন পৰিচালনাৰ বাবে কেন্দ্ৰত এখন নির্বাচনী আয়ােগ থাকে । এই আয়ােগত এজন মুখ্য নির্বাচনী আয়ুক্ত আৰু দুজন নির্বাচনী আয়ুক্ত থাকে । মুখ্য নির্বাচনী আয়ুক্তজনক ৰাষ্ট্রপতিয়ে নিয়ােগে কৰে । ঠিক তেনেদৰে ৰাজ্যসমূহতাে একোখন ৰাজ্যিক নির্বাচনী আয়ােগ গঠন কৰা হয় । নির্বাচনী আয়ােগে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ লগত আলােচনা কৰি নিৰ্বাচনৰ তাৰিখ আৰু কাৰ্যসূচী প্রস্তুত কৰে । নির্বাচনী আয়ােগে নির্বাচনৰ ফলাফল ঘােষণা কৰে ।
( গ ) ৰাজ্যনৈতিক দল
উত্তৰঃ নির্দিষ্ট নীতিৰ ওপৰত প্রতিষ্ঠিত , একে আদৰ্শৰে অনুপ্রাণিত হৈ সাংগঠনিকভাৱে নাগৰিকসকলে যেতিয়া কোনাে সংস্থা গঢ়ি তােলে আৰু সাংবিধানিক উপায়েৰে চৰকাৰ গঠন কৰাৰ চেষ্টা চলায় তেতিয়া তাক ৰাজনৈতিক দল বুলি কোৱা হয় ।
ৰাজনৈতিক দল গণতন্ত্রৰ এক অবিচ্ছেদ্য অংগ । প্রতিনিধিমূলক গণতান্ত্রিক শাসন ব্যৱস্থাত ৰাজনৈতিক দলে এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে । আমাৰ দেশত থকা ৰাজনৈতিক দলবােৰৰ কিছুমান ৰাষ্ট্ৰীয় দল আৰু কিছুমান আঞ্চলিক দল এটা ৰাজনৈতিক দলে ৰাষ্ট্ৰীয় দল হিচাপে মর্যাদা লাভ কৰিবলৈ হ’লে নির্বাচনী আয়ােগৰ স্বীকৃতিপ্রাপ্ত হােৱাৰ উপৰি তিনিখন বা ততােধিক ৰাজ্যৰ নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰিবৰ বাবে , পঞ্জীয়নভুক্ত হ’ব লাগে । আনহাতে কোনাে ৰাজ্যৰ আঞ্চলিক স্বার্থত গুৰুত্ব দি অঞ্চলটোৰ আর্থ – সামাজিক , সাংস্কৃতিক বিকাশৰ উদ্দেশ্য আগত ৰাখি গঠন কৰা দলক আঞ্চলিক দল বােলে ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.