Class 7 Social Chapter 22 গণতন্ত্র নাগৰিক আৰু নাগৰিকত্ব – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 7 Social Chapter – 22 গণতন্ত্র নাগৰিক আৰু নাগৰিকত্ব and select needs one.
SEBA Class 7 Social Chapter – 22 গণতন্ত্র নাগৰিক আৰু নাগৰিকত্ব – সমাধান
Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Solutions for All Subject, You can practice these here…
গণতন্ত্র নাগৰিক আৰু নাগৰিকত্ব
অৰ্থনীতি আৰু ৰাজনীতি খণ্ড
১। চমু উত্তৰ লিখা—
( ক ) গণতন্ত্রৰ অর্থ কি ?
উত্তৰঃ ‘ গণ ’ শব্দটোৰ অৰ্থ হ’ল ‘জনসাধাৰণ’ আৰু ‘তন্ত্র’ৰ অৰ্থ হ’ল ‘শাসন ’ । অর্থাৎ জনগণৰ শাসনকেই গণতন্ত্র বােলে । যিখন দেশৰ শাসন ব্যৱস্থা জনসাধাৰণৰ হাতত ন্যস্ত থাকে সেইখনেই গণতান্ত্রিক দেশ ।
( খ ) গণতন্ত্রৰ কেই প্ৰকাৰৰ ?
উত্তৰঃ গণতন্ত্র দুই প্রকাৰ ।
( গ ) ‘নাগৰিক’ শব্দৰ অর্থ কি ?
উত্তৰঃ যি ব্যক্তিয়ে এখন দেশত স্থায়ীভাৱে বসবাসকৰি সেই দেশৰ সকলাে অধিকাৰ ভােগ কৰে তেনে ব্যক্তিক নাগৰিক বােলে ।
( ঘ ) বিদেশী মানে কি ?
উত্তৰঃ যেতিয়া কোনাে ব্যক্তিয়ে আন কোনাে ৰাষ্ট্ৰত থাকি সেই ৰাষ্ট্রৰ পেটৰ অধিকাৰ ভােগ কৰে তেনে লােক বিদেশী বােলে । বিদেশীলােকে নিজৰ দেশৰ বাহিৰে অন্য দেশৰ প্রতি আনুগত্য প্রকাশ কৰিবলৈ বাধ্য নহয় ।
প্রশ্ন ২। উত্তৰ লিখা :
( ক ) গণতন্ত্র উল্লেখযােগ্য বৈশিষ্ট্যসমূহ কি কি ?
উত্তৰঃ গণতন্ত্রৰ কেইটিমান উল্লেখযােগ্য বৈশিষ্ট্য আছে । সেই বৈশিষ্ট্য সমূহ হ’ল
( ১ ) গণতন্ত্রৰ দৃষ্টিত সকলো মানুহ সমান । সেয়েহে এই ব্যৱস্থাই জাতি , বর্ণ , ধর্ম , ভাষা , লিংগ নির্বিশেষে সকলােকে সাঙুৰি লয় ।
( ২ ) এই শাসন ব্যৱস্থাত জনসাধাৰণে পােনপটীয়াকৈ বা পৰােক্ষভাৱে অংশগ্রহণ কৰে ।
( ৩ ) নির্বাচন গণতন্ত্রৰ এক অপৰিহার্য অংগ ।
( ৪ ) নির্বাচনত উচ্চ নীচ , ধনী – দুখীয়া নির্বিশেষে সকলােৱে একোটাকৈ ভােটদানৰ মাজত সমতা স্থাপন কৰে ।
( ৫ ) এই ব্যৱস্থাত নির্দিষ্ট সময়ৰ অন্তৰে অন্তৰে নির্বাচন অনুষ্ঠিত হয় য’ত প্রাপ্তবয়স্কসকলে নিজৰ ভােটাধিকাৰ সাব্যস্ত কৰে ।
( ৬ ) গণতান্ত্রিক ব্যৱস্থাত কেইবাটাও ৰাজনৈতিক দল থাকে ।
( ৭ ) জনসাধাৰণৰ মতৰ ওপৰত গণতান্ত্রিক চৰকাৰ প্রতিষ্ঠিত । চৰকাৰৰ নীতিসমূহ জনমতৰ বিৰুদ্ধে গ’লে জনসাধাৰণে সাংবধানিক আৰু শান্তিপূর্ণ উপায়েৰে চৰকাৰ পৰিৱৰ্তন কৰিব পাৰে ।
( ৮ ) বিৰােধী দলে গণতন্ত্রত বিশেষ ভূমিকা গ্রহণ কৰে ।
( ৯ ) গণতন্ত্র এক জনকল্যাণমুখী ব্যৱস্থা ।
( খ ) প্রত্যক্ষ গণতন্ত্র আৰু পৰােক্ষ গণতন্ত্র কাক বােলে ?
উত্তৰঃ প্রত্যক্ষ গণতন্ত্র :- যি গণতন্ত্রত জনসাধাৰণে চৰকাৰৰ শাসন ব্যৱস্থাত পােনপটীয়াকৈ অংশ গ্রহণ কৰে তেনে ব্যৱস্থাক প্রত্যক্ষ গণতন্ত্র বােলে ।
পৰােক্ষ গণতন্ত্র :- যি গণতন্ত্রত জনসাধাৰণে প্রত্যক্ষভাৱে চৰকাৰ পৰিচালনা নকৰি তেওঁলােকে সময়ে সময়ে নির্বাচন কৰি দিয়া প্রতিনিধিসকলৰ দ্বাৰা চৰকাৰ পৰিচালনা কৰা হয় তাকে পৰােক্ষ গণতন্ত্র বােলে ।
( গ ) এজন বিদেশী লােকে ভাৰতবৰ্ষৰ নাগৰিকত্ব কেনেদৰে লাভ কৰিব পাৰে ?
উত্তৰঃ বিদেশী এজনে নিগাজীকৈ ভাৰতত থাকিব বিচাৰিলে দেশীয়কৰণ পদ্ধতিৰে ভাৰতৰ নাগৰিকত্ব লাভ কৰিব পাৰে ।
( ঘ ) পৌৰ অধিকাৰ সমূহ কি কি ?
উত্তৰঃ পৌৰ অধিকাৰসমূহ হ’ল — জীৱন ৰক্ষাৰ অধিকাৰ , মতামত প্রকাশৰ অধিকাৰ , ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ , শিক্ষাৰ অধিকাৰ আদি ।
Sl.No | Contents |
ভূগোল খণ্ড | |
পাঠ-1 | ভূ- পৃষ্ঠত সময় গণনা |
পাঠ-2 | পৃথিৱীৰ অভ্যন্তৰ ভাগ |
পাঠ-3 | পৃথিৱীৰ উপৰিভাগৰ আৰু ইয়াৰ |
পাঠ-4 | আমাৰ পৰিৱেশ |
পাঠ-5 | মানৱ সৃষ্ট পৰিৱেশ |
পাঠ-6 | সম্পদ |
পাঠ-7 | অসমৰ সম্পদ |
পাঠ-8 | উত্তৰ পূব ভাৰত |
পাঠ-9 | ভাৰতৰ জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, কৃষি আৰু জনসংখ্যা |
ইতিহাস খণ্ড | |
পাঠ-10 | মৌৰ্য যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
পাঠ-11 | গুপ্ত সাম্ৰাজ্যৰ উখান |
পাঠ-12 | গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
পাঠ-13 | প্রাক ঐতিহাসিক অসম |
পাঠ-14 | মধ্য যুগত ভাৰতবর্ষ |
পাঠ-15 | দিল্লীৰ চুলতানসকল |
পাঠ-16 | মােগল ৰাজত্ব কালত ভাৰতবর্ষ |
পাঠ-17 | ভাৰতবৰ্ষৰ সাংস্কৃতিক দিশত |
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড | |
পাঠ-18 | আমাৰ চৌপাশৰ বজাৰ |
পাঠ-19 | পৰিকল্পনা বাজেট আৰু উন্নয়ন |
পাঠ-20 | অর্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা |
পাঠ-21 | শ্ৰমৰ সমমর্যাদা আৰু সমমূল্য |
পাঠ-22 | গণতন্ত্র নাগৰিক আৰু নাগৰিকত্ব |
পাঠ-23 | নির্বাচন আৰু নির্বাচনী প্রক্রিয়া |
পাঠ-24 | গণতন্ত্র আৰু প্ৰচাৰ মাধ্যম |
পাঠ-25 | প্রান্তীয় গােট আৰু গণতান্তিক অধিকাৰ |
( ঙ ) এজন নাগৰিক কেনেকৈ নাগৰিকত্বৰ পৰা বঞ্চিত হ’ব পাৰে ?
উত্তৰঃ এজন নাগৰিকত্বৰ পৰা বঞ্চিত হ’ব পৰা কাৰণসমূহ হ’ল—
( ১ ) সৈন্য বাহিনীৰ পৰা পলায়ন কৰিলে ।
( ২ ) ৰাষ্ট্রবিৰােধী কাম কৰিলে ।
( ৩ ) অনুমতি নােলােৱাকৈ অন্য ৰাষ্ট্রৰ উপাধি ল’লে ।
( ৪ ) ভাৰতীয় ছােৱালীয়ে অন্য দেশৰ নাগৰিকক বিয়া কৰাই সেই দেশৰ নাগৰিকত্ব লাভ কৰিলে ।
( ৫ ) বহুত দিন একেৰাহে নিজৰ দেশত অনুপস্থিত থাকিলে ।
৩। খালী ঠাই পূৰ কৰা :
( ক ) ভাৰতীয় গণতন্ত্রত প্রত্যেক নাগৰিকৰ ………… ভােট দিয়াৰ অধিকাৰ আছে ।
উত্তৰঃ ভাৰতীয় গণতন্ত্রত প্রত্যেক নাগৰিকৰ একোটাকৈ ভােট দিয়াৰ অধিকাৰ আছে ।
( খ ) ………..ৰ ওপৰত গণতান্ত্রিক চৰকাৰ প্রতিষ্ঠিত ।
উত্তৰঃ জনসাধাৰণ ৰ মতৰ ৰ ওপৰত গণতান্ত্রিক চৰকাৰ প্রতিষ্ঠিত ।
( গ ) বিদেশীসকলে ………..অধিকাৰ ভােগ কৰিব নােৱাৰে ।
উত্তৰঃ বিদেশীসকলে ৰাজনৈতিক অধিকাৰ ভােগ কৰিব নােৱাৰে ।
( ঘ ) এজন ব্যক্তিয়ে ………….বছৰ বয়সত ভােটাধিকাৰ লাভ কৰে ৷
উত্তৰঃ এজন ব্যক্তিয়ে ১৮ বছৰ বয়সত ভােটাধিকাৰ লাভ কৰে ৷
( ঙ ) চিকিমৰ জনসাধাৰণে …………..ৰ জৰিয়তে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে ।
উত্তৰঃ চিকিমৰ জনসাধাৰণে ৰাজ্যক্ষেত্র ৰ জৰিয়তে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে ।
প্রশ্ন ৪। শুদ্ধ উত্তৰটো বাছি উলিওৱা
( ক ) এজন বিদেশীয়ে পৌৰ অধিকাৰ / ৰাজনৈতিক অধিকাৰ লাভ কৰে ।
উত্তৰঃ এজন বিদেশীয়ে পৌৰ অধিকাৰ লাভ কৰে ।
( খ ) এজন নাগৰিকে দেশৰ হকে কাম কৰিলে / ৰাষ্ট্র বিৰােধী কাম কৰিলে নাগৰিকত্ব বিলােপ হ’ব পাৰে ।
উত্তৰঃ এজন নাগৰিকে ৰাষ্ট্র বিৰােধী কাম কৰিলে নাগৰিকত্ব লােপ হ’ব পাৰে ।
( গ ) গণতন্ত্রিক চৰকাৰ হ’ল প্রতিনিধি মূলক চৰকাৰ / স্বেচ্ছাচাৰী চৰকাৰ ৷
উত্তৰঃ গণতন্ত্রিক চৰকাৰ হ’ল প্রতিনিধি মূলক চৰকাৰ ৷
( ঘ ) দেশৰ নাগৰিকে নিজৰ দেশৰ প্রতি আনুগত্য প্রকাশ নকৰে / আনুগত্য প্রকাশ কৰে ।
উত্তৰঃ দেশৰ নাগৰিকে নিজৰ দেশৰ প্রতি আনুগত্য প্রকাশ নকৰে ।
প্ৰশ্ন ৫। প্ৰকল্প
তােমালােকৰ পৰিয়ালৰ কোনাে লােকৰ নাম ভােটাৰ তালিকাত নাথাকিলে কেনেধৰণৰ ব্যৱস্থা ল’ব লাগিব শিক্ষক আৰু অভিভাৱকৰ সহায়ত বুজি লৈ তেওঁৰ নাম তালিকাভুক্ত হােৱাটো নিশ্চিত কৰা ।
উত্তৰঃ ছাত্ৰ-ছাত্ৰয়ে নিজেই চেষ্টা কৰা ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.