Class 7 Social Chapter 21 শ্ৰমৰ সমমর্যাদা আৰু সমমূল্য – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 7 Social Chapter – 21 শ্ৰমৰ সমমর্যাদা আৰু সমমূল্য and select needs one.
SEBA Class 7 Social Chapter – 21 শ্ৰমৰ সমমর্যাদা আৰু সমমূল্য – সমাধান
Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Solutions for All Subject, You can practice these here…
শ্ৰমৰ সমমর্যাদা আৰু সমমূল্য
অৰ্থনীতি আৰু ৰাজনীতি খণ্ড
প্রশ্ন ১। চমু উত্তৰ দিয়া
( ক ) শ্ৰমৰ সমমর্যাদ মানে কি ?
উত্তৰঃ সাধাৰণ অৰ্থত ক’বলৈ গলে পুৰুষ বা মহিলাৰ বৈষম্য নাৰাখি উভয়ৰে কামক স্বীকৃতি প্রদান কৰাকে শ্ৰমৰ সমমর্যাদা বুলি কোৱা হয় । যেনে – মহিলাই ঘৰত কৰা কামৰাে স্বীকৃতি পােৱা উচিত ।
( খ ) শ্ৰমৰ সমমূল্যই কি সূচায় ?
উত্তৰঃ পুৰুষ – মহিলাৰ বৈষম্য নাৰাখি কামৰ সময় আৰু শ্ৰম অনুসৰি সমান কামৰ , বাবে সমান মজুৰি আদি প্ৰদান কৰাকেই সাধাৰণ অৰ্থত শ্ৰমৰ সমমূল্য প্রদান কৰা বুজায় ।
( গ ) প্রতিভা দেৱী সিং পাটিলৰ কৰ্মজীৱন কেনেকৈ আৰম্ভ হৈছিল ?
উত্তৰঃ প্রতিভা দেৱী সিং পাটিলৰ কৰ্মজীৱন উকীল হিচাপে আৰম্ভ হৈছিল ।
( ঘ ) মামণি ৰয়ছম গােস্বামীয়ে বয়সৰ পৰা সাহিত্য সাধনাত ব্ৰতী হয় ?
উত্তৰঃ মামণি ৰয়ছম গােস্বামীয়ে ১৩ বছৰ বয়সৰ পৰা সাহিত্য সাধনাত ব্ৰতী হয় ।
( ঙ ) কল্পনা চাওলাই কোন বিষয়ত ডিগ্রী লাভ কৰিছিল ?
উত্তৰঃ কল্পনা চাওলাই বৈমাণিক অভিযন্তা বিষয়ত ডিগ্রী লাভ কৰিছিল ।
( চ ) কলেজীয়া জীৱনত কি খেলত বাচেন্দ্রিয়ে প্রথম পুৰস্কাৰ লাভ কৰিছিল ?
উত্তৰঃ কলেজীয়া জীৱনত ৰাইফল শূটিও খেলত বাচেন্দ্রিয়ে প্রথম পুৰস্কাৰ লাভ কৰিছিল ।
প্রশ্ন ২। উত্তৰ লিখা :
( ক ) পুৰুষ-মহিলাৰ সমমর্যাদা আৰু পাৰস্পৰিক সহযােগিতাই সমাজ এখনৰ উন্নতিত কেনেদৰে অৰিহণা যােগায় ?
উত্তৰঃ সমতা গণতন্ত্রৰ এক অন্যতম বৈশিষ্ট্য যদিও আমাৰ দেশত এতিয়াও পুৰুষ আৰু মহিলাৰ মাজত সমতাৰ কথাটোৱে বেছি গুৰুত্ব লাভ কৰা নাই । কিন্তু দেশৰ আৰু দহৰ কল্যাণৰ হকে পুৰুষ – মহিলা নির্বিশেষে আটায়ে সমানে দায়বদ্ধ । মহিলাক পুৰুষতকৈ দুর্বল বুলি ভবাৰ থল নাই । মহিলা সকলৰ মাজতাে মেধাসম্পন্ন , কষ্টসহিষ্ণু আৰু অসাধাৰণ মহিলা আছে । দেশত পুৰুষৰ তুলনাত মহিলাৰ সংখ্যা কিছু তাকৰ যদিও তেওঁলােকৰ শ্ৰম আৰু বুদ্ধিমত্তাক দেশৰ উন্নয়নৰ কামত খটুৱাব পাৰিলে দেশখনে অধিক উন্নতি লাভ কৰিব । পুৰুষ – মহিলাৰ সমমর্যাদা আৰু পাৰস্পৰিক সহযােগিতাইহে দেশৰ উন্নতিৰ পথ মসৃণ কৰে ।
( খ ) লিংগ বৈষম্যৰ কৱলত আমাৰ সমাজৰ অধিকাংশ এতিয়াও , নিমজ্জিত । কেনেকৈ ?
উত্তৰঃ ভাৰতৰ সংবিধানত ‘ সমতাৰ অধিকাৰ ’ মৌলিক অধিকাৰ হিচাপে স্বীকৃতি লাভ কৰিছে । ইয়ে জাতি , বর্ণ , লিংগ ভেদে সকলাে মানুহৰে সকলাে ক্ষেত্ৰতে সমান অধিকাৰৰ কথা মানি লৈছে । কিন্তু বাস্তৱত পুৰুষ আৰু মহিলাৰ মাজত থাকিব লগা সমতাৰ কথাটো গৌণ হৈয়েই আছে । এতিয়াও মহিলাক পুৰুষতকৈ দুর্বল বুলিয়েই ভবা হয় । এতিয়াও দেশৰ মহিলা সকলক বহুক্ষেত্ৰত নিজৰ দক্ষতা বিকাশৰ সুবিধা দিয়া হােৱা নাই । মহিলাৰ কামৰ মর্যাদা এতিয়াও বহু ক্ষেত্ৰত দিয়া নহয় । চৰকাৰী চাকৰি , ৰাজনীতি আদি ক্ষেত্ৰত এতিয়াও মহিলাই ভালদৰে অংশ গ্রহণ কৰিব পৰা নাই । এতিয়াও সমাজত ছােৱালীতকৈ লৰাক অধিক গুৰুত্ব দিয়া দেখা যায় । চমুকৈ ক’বলৈ গ’লে লিংগ বৈষম্যৰ কৱলত আমাৰ সমাজৰ অধিকাংশ এতিয়াও নিমজ্জিত ।
( গ ) সমাজৰ উন্নতিত মহিলাৰ ভূমিকা কিয় অপৰিহাৰ্য ?
উত্তৰঃ সমাজৰ উন্নতিত পুৰুষৰ সমানেই মহিলাৰ অৱদানাে অনস্বীকার্য । সমাজৰ প্রতি পুৰুষৰ সমানে মহিলাসকলাে দূৰদৰ্শী আৰু দায়িত্বশীল । সমাজৰ ছােৱালীসকল ল’ৰাৰ সমানেই পৰিশ্ৰমী আৰু বুদ্ধি দীপ্ত । সমাজত মহিলাৰ সংখ্যা পুৰুষতকৈ অলপহে কম । গতিকে এনে এক বুজনসংখ্যক মানৱ সম্পদক সমাজ কল্যাণৰ কামৰ পৰা আঁতৰাই ৰাখিলে সমাজৰ প্রগতি সম্ভৱ নহয় । সবলী মহিলাই সমাজৰ প্রতিটো ক্ষেত্ৰতেই উল্লেখযােগ্য বৰঙণি যােগাই আহিছে । সেয়েহে সমাজৰ উন্নতিত মহিলাৰ ভূমিকা অপৰিসীম ।
Sl.No | Contents |
ভূগোল খণ্ড | |
পাঠ-1 | ভূ- পৃষ্ঠত সময় গণনা |
পাঠ-2 | পৃথিৱীৰ অভ্যন্তৰ ভাগ |
পাঠ-3 | পৃথিৱীৰ উপৰিভাগৰ আৰু ইয়াৰ |
পাঠ-4 | আমাৰ পৰিৱেশ |
পাঠ-5 | মানৱ সৃষ্ট পৰিৱেশ |
পাঠ-6 | সম্পদ |
পাঠ-7 | অসমৰ সম্পদ |
পাঠ-8 | উত্তৰ পূব ভাৰত |
পাঠ-9 | ভাৰতৰ জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, কৃষি আৰু জনসংখ্যা |
ইতিহাস খণ্ড | |
পাঠ-10 | মৌৰ্য যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
পাঠ-11 | গুপ্ত সাম্ৰাজ্যৰ উখান |
পাঠ-12 | গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
পাঠ-13 | প্রাক ঐতিহাসিক অসম |
পাঠ-14 | মধ্য যুগত ভাৰতবর্ষ |
পাঠ-15 | দিল্লীৰ চুলতানসকল |
পাঠ-16 | মােগল ৰাজত্ব কালত ভাৰতবর্ষ |
পাঠ-17 | ভাৰতবৰ্ষৰ সাংস্কৃতিক দিশত |
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড | |
পাঠ-18 | আমাৰ চৌপাশৰ বজাৰ |
পাঠ-19 | পৰিকল্পনা বাজেট আৰু উন্নয়ন |
পাঠ-20 | অর্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা |
পাঠ-21 | শ্ৰমৰ সমমর্যাদা আৰু সমমূল্য |
পাঠ-22 | গণতন্ত্র নাগৰিক আৰু নাগৰিকত্ব |
পাঠ-23 | নির্বাচন আৰু নির্বাচনী প্রক্রিয়া |
পাঠ-24 | গণতন্ত্র আৰু প্ৰচাৰ মাধ্যম |
পাঠ-25 | প্রান্তীয় গােট আৰু গণতান্তিক অধিকাৰ |
প্রশ্ন ৩। খালী ঠাই পূৰ কৰা :
( ক ) নাৰী আৰু পুৰুষৰ শ্ৰমৰ ………….অবিহনে সমাজৰ উন্নতি সম্ভৱ নহয় ।
উত্তৰঃ নাৰী আৰু পুৰুষৰ শ্ৰমৰ সমমর্যদা অবিহনে সমাজৰ উন্নতি সম্ভৱ নহয় ।
( খ ) সমাজৰ …………পুৰুষৰ সমানেই মহিলাৰ অৱদানাে অনস্বীকার্য ।
উত্তৰঃ সমাজৰ উন্নতিত পুৰুষৰ সমানেই মহিলাৰ অৱদানাে অনস্বীকার্য ।
( গ ) …………. গণতন্ত্র এক অন্যতম বৈশিষ্ট্য ।
উত্তৰঃ সমতা গণতন্ত্র এক অন্যতম বৈশিষ্ট্য ।
( ঘ ) মহিলাসকলাে পুৰুষৰ সমানে ………….আৰু দায়িত্বশীল ।
উত্তৰঃ মহিলাসকলাে পুৰুষৰ সমানে দূৰদৰ্শী আৰু দায়িত্বশীল ।
( ঙ ) আমাৰ সমাজৰ ছােৱালীসকল ল’ৰাৰ সমানেই পৰিশ্ৰমী আৰু ………… ।
উত্তৰঃ আমাৰ সমাজৰ ছােৱালীসকল ল’ৰাৰ সমানেই পৰিশ্ৰমী আৰু বুদ্ধিদীপ্ত ।
প্ৰশ্ন ৪। প্ৰকল্প
( ক ) পাঠত উল্লেখ কৰা মহিলাকেইগৰাকীৰ উপৰি অসমৰ সমাজ জীৱনৰ বিভিন্ন দিশত অৱদান যােগােৱা পাঁচগৰাকী মহিলাৰ বিষয়ে তলৰ তালিকা অনুসৰি এটা প্রকল্প প্রস্তুত কৰা ।
ছবি | চমু পৰিচয় | সমাজলৈ অৱদান |
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজেই চেষ্টা কৰা

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.