Class 7 Social Chapter 20 অর্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 7 Social Chapter – 20 অর্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা and select needs one.
SEBA Class 7 Social Chapter – 20 অর্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা – সমাধান
Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Solutions for All Subject, You can practice these here…
অর্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা
অৰ্থনীতি আৰু ৰাজনীতি খণ্ড
প্রশ্ন ১। চমু উত্তৰ দিয়া—
( ক ) ৰাষ্ট্ৰীয় গ্রাম্য নিয়োগ নিশ্চিতকৰণ আঁচনিৰ জৰিয়তে দুখীয়া নিবনুৱাসকলে কি লাভ কৰিছে ?
উত্তৰঃ ৰাষ্ট্ৰীয় গ্রাম্য নিয়ােগে নিশ্চিতকৰণ আঁচনিৰ জৰিয়তে দৰিদ্ৰ নিবনুৱাসকলক জবকার্ড প্রদান কৰা হৈছে । পঞ্চায়ত আৰু গ্রামােন্নয়ন বিভাগে গাঁও অঞ্চলত এই জবকার্ড লাভ কৰা লােকৰ দ্বাৰা অন্যান্য কামৰ লগতে ৰাস্তা – ঘাট নির্মাণ , মেৰামতি আদি কাম কৰিছে । তাৰ বিনিময়ত দুখীয়া নিবনুৱাসকলে মজুৰি লাভ কৰে ।
( খ ) বর্তমান প্রাথমিক বিদ্যালয় গৃহসমূহ কোন আঁচনিৰ অধীনত নির্মাণ কৰা হৈছে ?
উত্তৰঃ বর্তমান প্রাথমিক বিদ্যালয় গৃহসমূহ সর্বশিক্ষা অভিযান মিছন আঁচনিৰ অধীনত নির্মাণ কৰা হৈছে ।
( গ ) স্বাস্থ্যবান ব্যক্তি বুলিলে কাক বুজায় ?
উত্তৰঃ নিৰােগী আৰু কার্যক্ষম ব্যক্তিক স্বাস্থ্যৱান ব্যক্তি বােলে ।
( ঘ ) সর্বাত্মক শিক্ষাৰ উদ্দেশ্য কি ?
উত্তৰঃ সর্বাত্মক শিক্ষাৰ উদ্দেশ্য হ’ল শাৰীৰিক আৰু মানসিকভাৱে প্ৰত্যাহ্বানযুক্ত শিশুসকলকো শিক্ষা ব্যৱস্থাৰ লগত সাঙুৰি লােৱা । শিক্ষাৰ অধিকাৰ আইন -২০০৯ ৰ অধীনত এই ব্যৱস্থা কৰা হৈছে ।
প্রশ্ন ২। উত্তৰ লিখা
( ক ) আন্তঃগাঁথনিমূলক কাম কাজ মানে কি ? আমাৰ দেশৰ চৰকাৰে দেশৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে কি কি আঁচনি গ্ৰহণ কৰিছে ?
উত্তৰঃ অর্থনৈতিক উন্নয়নৰ মৌলিক উপাদানসমূহ বজবুত কৰাৰ বাবে যি কাম কৰা হয় তাকেই আন্তঃগাঁথনিমূলক কাম বুলি কোৱা হয় ।
ৰাস্তা – ঘাট , দলং , গৃহ , যাতায়াত ব্যৱস্থা , যােগাযােগ ব্যৱস্থা , জলসিঞ্চন , খােৱা – পানী চিকিৎসালয় , বিদ্যালয় , বিজুলী যােগান , টেলিফোন সেৱা আদি অর্থনৈতিক উন্নয়ন মৌলিক উপাদান । এইবােৰকে আমি আন্তঃগাঁথনিমুলক কাম কাজ বুলি কওঁ ।
চৰকাৰে আন্তঃগাঁথনি উন্নয়নৰ বাবে ভালেমান আঁচনি গ্ৰহণ কৰিছে । উন্নয়নৰ এক উল্লেখনীয় বুনিয়াদ হৈছে যাতায়াত ব্যৱস্থা । ইতিমধ্যে চৰকাৰে চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নির্মাণ কৰিবলৈ লৈছে । প্রধানমন্ত্ৰীৰ গ্ৰামচড়ক যােজনাৰ অধীনত গাঁৱৰ ৰাস্তা ঘাটবােৰ পৰ্কীকৰণ কৰা হৈছে । ৰাষ্ট্ৰীয় গ্রাম্য নিয়ােগ নিশ্চিতকৰণ আঁচনিৰ জৰিয়তেও জবকার্ড দি দুখীয়া নিবনুৱা আদিক ৰাস্তা – ঘাট নির্মাণ আৰু মেৰামতিৰ কামত লগাইছে । ৰাজ্যৰ প্রধান স্থানসমূহত আন্তঃৰাজ্যিক বাছ আস্থান প্রতিষ্ঠা কৰি যাতায়াত ব্যৱস্থা সুচল কৰিছে । ৰে’ল পথৰ সম্প্ৰসাৰণ , দ্রুত ৰে’লসেৱা প্ৰৱর্তন , নদীৰ ওপৰত সংযােগী দলং নির্মাণ আদি উল্লেখযােগ্য পদক্ষেপ ।
আনহাতে শিক্ষাৰ অধিকাৰ আইন – ২০০৯ প্ৰৱৰ্তন কৰি জাতি , বর্ণ , ধর্ম , লিংগ নির্বিশেষে ৬ বছৰৰ পৰা ১৪ বছৰ বয়সৰ দেশৰ সকলাে শিশুৰ বাবে প্রাথমিক শিক্ষা বিনামূলীয়া আৰু বাধ্যতামূলক কৰিছে । সর্বশিক্ষা অভিযান মিছনৰ জৰিয়তে বিদ্যালয় ভাৱনবােৰ আকর্ষণীয়কৈ নিৰ্মাণ কৰা হৈছে । গ্রাম্য পানী যােগান আঁচনিৰ অধীনত গাঁও অঞ্চলত ভালেমান চিকিৎসালয় স্থাপন কৰিছে । জননী সুৰক্ষা যােজনাৰ অধীনত মাতৃ আৰু নৱজাত শিশুৰ কল্যাণৰ বাবে বহুতাে সা – সুবিধা প্রদান কৰিছে । ১০৮ নম্বৰত ফোন কৰি আকস্মিক চিকিৎসাৰ সুবিধা ল’ব পৰাৰ ব্যৱস্থা কৰিছে । কৃষিৰ ক্ষেত্ৰতাে চৰকাৰে ভালেমান আঁচনি গ্ৰহণ কৰিছে । এইদৰে চৰকাৰে আন্তঃগাঁথনি উন্নয়নৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে ।
( খ ) যাতায়ত আৰু যােগাযােগ ব্যৱস্থাই দেশৰ উন্নয়ন কেনেদৰে অৰিহণা যােগায় তাক বহলাই আলােচনা কৰা ৷
উত্তৰঃ যােগাযােগ ব্যৱস্থাই আজি সমগ্র বিশ্বত এক বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে । বিজ্ঞান – প্রযুক্তিৰ প্ৰভাৱত এই ব্যৱস্থা ইমানেই আধুনিক আৰু সক্রিয় হৈছে যে ঘৰত বহি নিমিষতে আমি পৃথিৱীৰ ইমূৰ – সিমূৰৰ বাতৰি পাবলৈ সক্ষম হৈছে । অসম চৰকাৰেও এইক্ষেত্ৰত যথেষ্ট দৃঢ় পদক্ষেপ গ্রহণ কৰিছে । বিদ্যালয়সমূহত ইণ্টাৰনেটসহ কম্পিউটাৰ প্ৰদানৰ আঁচনি গ্ৰহণ কৰিছে আৰু বহুখিনি কার্যকৰী কৰিছে । ইতিমধ্যে গাঁও অঞ্চলত টেলিফোন সেৱা , কম্পিউটাৰ আৰু ইণ্টাৰনেট সেৱা সম্প্রসাৰণ কৰাৰ ব্যৱস্থা হাতত লৈছে । মুখ্যমন্ত্ৰীৰ অসম বিকাশ যােজনাৰ অধীনত শিক্ষাৰ ক্ষেত্ৰত ভালেখিনি নতুন পদক্ষেপ গ্রহণ কৰিছে । উদাহৰণস্বৰূপে উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্রথম বিভাগত উত্তীর্ণ ছাত্র – ছাত্রীসকলক লেপ্টপ প্রদান কৰিছে যাতে উন্নত যােগাযােগ সেৱাৰ দ্বাৰা তেওঁলােক উপকৃত হয় । উন্নত যােগাযােগ ব্যৱস্থাই অনেক তথ্যৰ যােগান ধৰে , যাৰ ফলত মানুহে বহুতাে দুৰূহ কাম সহজে সম্পন্ন কৰিব পাৰে । মুঠৰ ওপৰত মানৱ জাতিৰ উন্নতিত যােগাযােগ ব্যৱস্থাৰ অৱদান অতুলনীয় । সেয়েহে চৰকাৰে দেশৰ আৰু জনসাধাৰণৰ উন্নতিৰ গতি ক্ষিপ্ৰ কৰিবলৈ যােগাযােগ মাধ্যমসমূহক শক্তিশালী কৰাত যথেষ্ট গুৰুত্ব প্রদান কৰিছে ।
সেই উন্নত যাতায়াত ব্যৱস্থায়াে দেশৰ প্ৰগতিত বৰঙণি যােগাইছে । উন্নত যাতায়াত ব্যৱস্থা থাকিলে উদ্যোগ আদি প্রতিষ্ঠা কৰিবলৈ মানুহ আগ্রহী হয় । উন্নত যাতায়াত ব্যৱস্থাই দেশৰ ভিতৰুৱা অঞ্চলবােৰলৈ চৰকাৰী সা – সুবিধা প্রেৰণত সহায় কৰে । বস্তু আমদানি ৰপ্তানিত খৰতকীয়া হয় ।
Sl.No | Contents |
ভূগোল খণ্ড | |
পাঠ-1 | ভূ- পৃষ্ঠত সময় গণনা |
পাঠ-2 | পৃথিৱীৰ অভ্যন্তৰ ভাগ |
পাঠ-3 | পৃথিৱীৰ উপৰিভাগৰ আৰু ইয়াৰ |
পাঠ-4 | আমাৰ পৰিৱেশ |
পাঠ-5 | মানৱ সৃষ্ট পৰিৱেশ |
পাঠ-6 | সম্পদ |
পাঠ-7 | অসমৰ সম্পদ |
পাঠ-8 | উত্তৰ পূব ভাৰত |
পাঠ-9 | ভাৰতৰ জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, কৃষি আৰু জনসংখ্যা |
ইতিহাস খণ্ড | |
পাঠ-10 | মৌৰ্য যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
পাঠ-11 | গুপ্ত সাম্ৰাজ্যৰ উখান |
পাঠ-12 | গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
পাঠ-13 | প্রাক ঐতিহাসিক অসম |
পাঠ-14 | মধ্য যুগত ভাৰতবর্ষ |
পাঠ-15 | দিল্লীৰ চুলতানসকল |
পাঠ-16 | মােগল ৰাজত্ব কালত ভাৰতবর্ষ |
পাঠ-17 | ভাৰতবৰ্ষৰ সাংস্কৃতিক দিশত |
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড | |
পাঠ-18 | আমাৰ চৌপাশৰ বজাৰ |
পাঠ-19 | পৰিকল্পনা বাজেট আৰু উন্নয়ন |
পাঠ-20 | অর্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা |
পাঠ-21 | শ্ৰমৰ সমমর্যাদা আৰু সমমূল্য |
পাঠ-22 | গণতন্ত্র নাগৰিক আৰু নাগৰিকত্ব |
পাঠ-23 | নির্বাচন আৰু নির্বাচনী প্রক্রিয়া |
পাঠ-24 | গণতন্ত্র আৰু প্ৰচাৰ মাধ্যম |
পাঠ-25 | প্রান্তীয় গােট আৰু গণতান্তিক অধিকাৰ |
প্রশ্ন ৩। খালী ঠাই পূৰণ কৰা :
( ক ) ………..মানে কোনাে কার্য কৰিবৰ বাবে বুনিয়াদী আৰু অত্যন্ত আৱশ্যকীয় আগতীয়া কাৰিকৰী সংগঠন বা সা – সুবিধা যিবিলাকৰ অবিহনে …………. উন্নয়ন সম্ভৱ হ’ব নােৱাৰে ।
উত্তৰঃ অন্তঃগাঁথনি মানে কোনাে কার্য কৰিবৰ বাবে বুনিয়াদী আৰু অত্যন্ত আৱশ্যকীয় আগতীয়া কাৰিকৰী সংগঠন বা সা – সুবিধা যিবিলাকৰ অবিহনে অৰ্থনৈতিক উন্নয়ন সম্ভৱ হ’ব নােৱাৰে ।
( খ ) …………..বৃদ্ধি হােৱা মানে দেশ এখন …………….. পথত অগ্ৰসৰ হােৱা ।
উত্তৰঃ ৰাষ্ট্ৰীয় আয় বৃদ্ধি হােৱা মানে দেশ এখন উন্নতিৰ পথত অগ্ৰসৰ হােৱা
( গ ) প্রধানমন্ত্রী ………….. যােজনাৰ অধীনত গ্রামাঞ্চলৰ ৰাস্তা – ঘাটবােৰ ………….কৰা হৈছে ।
উত্তৰঃ প্রধানমন্ত্রী গ্রামচড়ক যােজনাৰ অধীনত গ্রামাঞ্চলৰ ৰাস্তা – ঘাটবােৰ পকীকৰণ কৰা হৈছে ।
( ঘ ) সংবিধানে ……….শিক্ষাক শিশুৰ …………অধিকাৰ হিচাপে স্বীকৃতি দিছে ।
উত্তৰঃ সংবিধানে প্রাথমিক শিক্ষাক শিশুৰ মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিছে ।
( ঙ ) …………….ব্যৱহাৰে আমাৰ জীৱনবােৰক যথেষ্ট …………..আৰু উন্নয়নমুখী কৰি তুলিছে ।
উত্তৰঃ বিদ্যুতৰ ব্যৱহাৰে আমাৰ জীৱনবােৰক যথেষ্ট সুচল আৰু উন্নয়নমুখী কৰি তুলিছে ।
প্ৰশ্ন ৪। প্ৰকল্প
তােমাৰ অঞ্চলত চৰকাৰে কি কি ক্ষেত্ৰত আঁচনি গ্ৰহণ কৰি অর্থনৈতিক উন্নয়ন সাধন কৰাৰ চেষ্টা কৰিছে তাক তলত দিয়া ধৰণে তালিকাভুক্ত কৰা ।
ক্ষেত্ৰ | চৰকাৰী আঁচনি |
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে চেষ্টা কৰা ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.