Class 6 Social Science Chapter 5 ভূগোল অধ্যয়নৰ আহিলা – মানচিত্ৰ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Social Science Chapter 5 ভূগোল অধ্যয়নৰ আহিলাঃ মানচিত্ৰ and select needs one.
SEBA Class 6 Social Science Chapter 5 ভূগোল অধ্যয়নৰ আহিলাঃ মানচিত্ৰ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 6 Social Science Chapter 5 ভূগোল অধ্যয়নৰ আহিলাঃ মানচিত্ৰ Solutions for All Subject, You can practice these here…
ভূগোল অধ্যয়নৰ আহিলাঃ মানচিত্ৰ
পাঠ: 5
প্ৰথম খণ্ড – ভুগোল
চমুকৈ উত্তৰ দিয়া
১।(ক) মানচিত্ৰৰ উপাদান কেইবিধ কি কি ?
উত্তৰঃ- মানচিত্ৰৰ প্ৰধান উপাদান কেইটা হৈছে― দূৰত্ব, দিশ আৰু সাংকেতিক চিহ্ন ।
(খ) প্ৰধান দিশ চাৰিটা কি কি ?
উত্তৰঃ- উত্তৰ, দক্ষিণ, পূৱ, পশ্চিম ।
(গ) মানচিত্ৰৰ মাপনী বুলিলে কি বুজা ?
উত্তৰঃ- মানচিত্ৰৰ বাবে স্কেল বা মাপনী অপৰীহাৰ্য । স্কেল অবিহনে আধুনিক আৰু শুদ্ধ মানচিত্ৰৰ কথা কল্পনা কৰিব নোৱাৰি । ভূ-পৃষ্ঠৰ অংশসমূহ আমি মানচিত্ৰ হিচাপে অংকন কৰোঁ । স্কেলৰ সহায়ত নিৰ্দিষ্ট অনুপাতৰ জৰিয়তে কিলোমিটাৰ আদি বিশাল একক ছিন্টিমিটাৰ ক্ষুদ্ৰ এককলৈ ৰূপান্তৰ কৰিব পাৰি। এনেদৰে ভূ-পৃষ্ঠৰ বিশাল খণ্ড একোটা বা গোটেই পৃথিৱীখনতে সৰু কাগজ একোখনতে অংকন কৰাটো সম্ভৱ হয় ।
(ঘ) কিছুক্ষেত্ৰত গোলকতকৈ মানচিত্ৰ কিদৰে বেছি সুবিধাজনক ?
উত্তৰঃ- ভূগোল অধ্যয়নত গোলকৰ ব্যৱহাৰৰ ক্ষেত্ৰত কিছুমান সীমাবদ্ধতা আছে । গোটেই পৃথিৱীখনৰ বিষয়ে একেলগে অধ্যয়ন কৰাৰ ক্ষেত্ৰতহে গোলকটো উপযুক্তভাৱে ব্যৱহাৰ কৰিব পাৰি । পৃথিৱীৰ কোনো এটি অংশৰ বিষয়ে অৰ্থাৎ কোনো দেশ, ৰাজ্য, জিলা, চহৰ বা গাওঁ আদিৰ বিষয়ে । বিতংকৈ অধ্যয়ন কৰিবলৈ গোলকৰ সলনি মানচিত্ৰৰ সহায় লবলগীয়া হয় । গোটেই পৃথিৱীখন বা ইয়াৰ কোনো এটা অংশ সৰু আকাৰলৈ পৰিৱৰ্তন কৰি কাগজ বা তেনে কোনো সমতল পৃষ্ঠাত দিশ আৰু দূৰত্বৰ অনুপাত ঠিক ৰাখি অংকন কৰা চিত্ৰই হ’ল মানচিত্ৰ । মানচিত্ৰত কোনো এক ধৰণৰ তথ্য বা বহুধৰণৰ তথ্যৰ বিৱৰণ একেলগে দেখুৱাব পাৰি । ভূগোল অধ্যয়নত কিছুক্ষেত্ৰত গোলকতকৈ মানচিত্ৰ বেছি সুবিধাজনক বুলি কব পাৰি ।
(ঙ) মানচিত্ৰ আৰু নক্সাৰ মাজত পাৰ্থক্য কি ?
উত্তৰঃ- কাগজ বা তেনেকুৱা সমান পিঠিত স্কেল বা মাপনী অনুসৰি পৃথিৱীৰ উপৰিভাগ বা তাৰ কোনো অংশ অংকন কৰা হ’ল মানচিত্ৰ । আনহাতে, ডাঙৰ মাপনীৰ সহায় লৈ অংকন কৰা সৰু ঠাই এখনৰ চিত্ৰই হ’ল নক্সা বা প্লেন। ডাঙৰ মাপনীৰ মানচিত্ৰৰ পৰা আমি বহুতো তথ্য জানিব পাৰো । আনহাতে, উপযুক্ত মাপনীৰ সহায়লৈ কোনো এটি বিষয়বস্তুৰ বিষয়ে নক্সা অংকন কৰিব পাৰি ।
(চ) মানচিত্ৰ অধ্যয়নৰ ক্ষেত্ৰত সাংকেতিক চিহ্নবোৰে কিদৰে সহায় কৰে ?
উত্তৰঃ- মানচিত্ৰ অধ্যয়নৰ ক্ষেত্ৰত তৃতীয়বিধ উপাদান হ’ল সাংকেতিক চিহ্ন । মানচিত্ৰত কোনো এখন ঠাইৰ ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, দলং, গছ-গছনি, ৰেলপথ, পুখুৰী, কুৱা, খেতিপথাৰ আদি তথ্যবোৰ প্ৰকৃত আকাৰ আৰু আকৃতিত আঁকি দেখুৱাব নোৱাৰি । গতিকে এই তথ্যবোৰ বিভিন্ন আখৰ, ৰং, ৰেখা, চিহ্ন আদিৰে দেখুওৱা হয় । এই সাংকেতিক চিহ্নবোৰে এখন নিৰ্দিষ্ট ঠাইৰ বিভিন্ন ধৰণৰ তথ্য সম্পৰ্কে আমাক জনাব পাৰে । বিভিন্ন তথ্য জানিব পাৰোঁ । কোনো এখন নতুন সেই ঠাইখনৰ বিভিন্ন তথ্য জনাৰ ক্ষেত্ৰত অসুবিধা হলে সেই ঠাইৰ মানচিত্ৰখন উলিয়াই লৈ এই চিহ্নবোৰৰ সহায়ত প্ৰয়োজনীয় তথ্য জানিব পাৰি ।
২। প্ৰশ্নঃ- শুদ্ধ উত্তৰটো নিৰ্বাচন কৰা―
(ক) উদ্ভিদৰ বিতৰণ দেখুওৱা মানচিত্ৰবিধ হ’ল―
(১) বতৰৰ মানচিত্ৰ (২) বিষয়ভিত্তিক মানচিত্ৰ (৩) ৰাজনৈতিক মানচিত্ৰ
উত্তৰঃ- (২) বিষয়ভিত্তিক মানচিত্ৰ ।
(খ) তলৰ কোনটো দেখুৱাবলৈ মানচিত্ৰত নীলা ৰং ব্যৱহাৰ কৰা হয়―
(১) পানী ভাগ (২) পৰ্বত (৩) সমভূমি
উত্তৰঃ- পানী ভাগ ।
(গ) কম্পাছ ব্যৱহাৰ কৰা হয়―
(১) সাংকেতিক চিহ্ন দেখুৱাবলৈ (২) প্ৰধান দিশ নিৰ্ণয় কৰিবলৈ (৩) দূৰত্ব জুখিবলৈ
উত্তৰঃ- (২) প্ৰধান দিশ নিৰ্ণয় কৰিবলৈ ।
(ঘ) তলৰ কোনটোৰ বাবে মাপনীৰ প্ৰয়োজন ?
(১) মানচিত্ৰ অংকন (২) আৰ্হি চিত্ৰ (৩) চিহ্ন
উত্তৰঃ- (১) মানচিত্ৰ অংকন
(ঙ) ‘মানচিত্ৰ’ শব্দৰ ‘মান’ মানে কি ?
(১) সন্মান (২) জোখ বা মাপ (৩) চিত্ৰ
উত্তৰঃ- (২) জোখ বা মাপ ।
Sl. No. | Contents |
Chapter 1 | সৌৰজগতত আমাৰ পৃথিৱী |
Chapter 2 | পৃথিৱীৰ আকাৰ আৰু আকৃতি |
Chapter 3 | পৃথিৱীৰ গতি |
Chapter 4 | পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ |
Chapter 5 | ভূগোল অধ্যয়নৰ আহিলা – মানচিত্ৰ |
Chapter 6 | পৃথিৱীৰ প্ৰধান ভূ-অৱয়ৱ |
Chapter 7 | অসম – জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি |
Chapter 8 | আমাৰ ভাৰতবৰ্ষ |
Chapter 9 | কি, ক’ত, কেতিয়া আৰু কেনেকৈ |
Chapter 10 | আদি প্ৰস্তৰ যুগ |
Chapter 11 | আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস |
Chapter 12 | প্ৰাচীন নগৰীয়া সভ্যতা |
Chapter 13 | বৈদিক সভ্যতা |
Chapter 14 | মহাজনপথ |
Chapter 15 | নতুন ভাবৰ উত্থান |
Chapter 16 | মহামতি অশোক আৰু কৌটিল্যৰ অৰ্থশাস্ত্ৰ |
Chapter 17 | আমাৰ মৌলিক প্ৰয়োজনসমূহ |
Chapter 18 | উন্নত জীৱনৰ প্ৰয়োজনসমূহ |
Chapter 19 | জীৱন-ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 20 | কৃষি , উদ্যোগ আৰু সেৱাখণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 21 | চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ |
Chapter 22 | গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ |
Chapter 23 | কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ |
Chapter 24 | স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা |

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.