Class 6 Social Science Chapter 6 পৃথিৱীৰ প্ৰধান ভূ-অৱয়ৱ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Social Science Chapter 6 পৃথিৱীৰ প্ৰধান ভূ-অৱয়ৱ and select needs one.
SEBA Class 6 Social Science Chapter 6 পৃথিৱীৰ প্ৰধান ভূ-অৱয়ৱ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 6 Social Science Chapter 6 পৃথিৱীৰ প্ৰধান ভূ-অৱয়ৱ Solutions for All Subject, You can practice these here…
পৃথিৱীৰ প্ৰধান ভূ-অৱয়ৱ
পাঠ: 6
প্ৰথম খণ্ড – ভুগোল
চমুকৈ উত্তৰ দিয়া
১। প্ৰশ্নঃ- চমুকৈ উত্তৰ দিয়া―
(ক) প্ৰধান ভূ-অৱয়ৱকেইটা কি কি ?
উত্তৰঃ- ভূ-অৱয়ৱক উচ্চতা আৰু ঢাল (গড) ৰ ওপৰত নিৰ্ভৰ কৰি প্ৰধানকৈ পৰ্বত পাহাৰ, মালভূমি আৰু সমভূমি হিচাপে ভাগ কৰা হয় ।
(খ) পৰ্বত আৰু মালভূমিৰ পাৰ্থক্য কি কি ?
উত্তৰঃ- পৰ্বত-পাহাৰ বুলিলে প্ৰাকৃতিক ভাৱে থকা অতি ওখ ঠাইকেই বুজায় । আনহাতে, পৰ্বত বা পাহাৰৰ ওপৰৰ বহল সমান ঠাইক মালভূমি বোলে । পৰ্বত পাহাৰৰ লগত মালভূমিৰ পাৰ্থক্য হ’ল পৰ্বত-পাহাৰৰ থিয় শিখৰ থাকে । মালভূমিৰ শিখৰৰ পৰিৱৰ্তে ওপৰভাগ বহল আৰু সমতল । পৰ্বত-পাহাৰবোৰ বিভিন্ন প্ৰকাৰৰ উদ্ভিদ আৰু প্ৰাণীৰে অতি চহকী । মালভূমিসমূহ সাধাৰণতে খনিজ সম্পদত চহকী । মালভূমি অঞ্চলত লোৰ আকৰ, কয়লা, মেঙ্গানিজ, সোণ আদি খনিজ সম্পদ পোৱা যায় । পৰ্বত আৰু ইয়াত থকা উদ্ভিদ ইয়াৰ খনিজ সম্পদ পোৱা যায় । পৰ্বত আৰু ইয়াত থকা উদ্ভিদে ইয়াৰ ওচৰ-পাজৰ অঞ্চলৰ উষ্ণতা, বায়ুমণ্ডলৰ উত্তাপ, বতাহ, বৰষুণ নিয়ন্ত্ৰণত বিশেষ ভূমিকা পালন কৰে ।
(গ) উৎপত্তিৰ ফালৰ পৰা পৰ্বত-পাহাৰৰ কি কি ভাগত ভাগ কৰা হয় ?
উত্তৰঃ- উৎপত্তিৰ ফালৰ পৰা পৰ্বত আৰু পাহাৰক তিনি ভাগত ভাগ কৰা হয়―(১) আগ্নেয় পৰ্বত (২) ভংগিল পৰ্বত (৩) স্তূপ পৰ্বত ।
(ঘ) পৰ্বত-পাহাৰ মানুহৰ কি কি কামত আহে ?
উত্তৰঃ- মানুহৰ জীৱন যাপনত পৰ্বত-পাহাৰে অনেক বৰঙণি দিব পাৰে । এই পৰ্বত-পাহাৰবোৰত থকা খনিজ সম্পদবোৰ আহৰণ কৰি মানুহে অনেক কামত খটুৱাইছে । পৃথিৱীৰ বেছিভাগ প্ৰধান নদীয়েই পৰ্বতৰ হিমবাহ আৰু নিজৰাৰ পৰা উৎপত্তি হোৱা । এনে জলভাণ্ডাৰৰ পৰা জলবিদ্যুৎ শক্তি উৎপাদন কৰা হয় । আকৌ নামনি অংশত এই খেতি-বাতিকে ধৰি মানুহৰ কামত ব্যৱহাৰ কৰা হয় । পৰ্বত-পাহাৰবোৰ বিভিন্ন প্ৰকাৰ উদ্ভিদ আৰু প্ৰাণীৰে চহকী । পৰ্বত-পাহাৰত থকা অৰণ্যসমূহ ইয়াৰ ওচৰৰ বাসিন্দাসকলক খৰি, ফল-মূল, গৃহ নিৰ্মাণৰ সামগ্ৰী, পশু খাদ্য আৰু অনেক ঔষধি উদ্ভিদৰ যোগান ধৰে । একোখন পৰ্বত আৰু ইয়াত থকা উদ্ভিদে ইয়াৰ ওচৰ-পাজৰ অঞ্চলৰ উষ্ণতা, বায়ুমণ্ডলৰ উত্তাপ, বতাহ, বৰষুণ, নিয়ন্ত্ৰণত বিশেষ ভূমিকা পালন কৰে । পৰ্বতৰ কিছুমান ঠাই স্বাস্থ্যৰ বাবে উপযোগী । গছ-গছনিৰে ভৰা সেউজীয়া পৰ্বত-পাহাৰে মানুহৰ মনটো আনন্দ দিয়ে ।
(ঙ) সমভূমি কেনেকৈ গঠিত হয় ?
উত্তৰঃ- সমভূমি হ’ল চাপৰ, বিস্তৃত সমান ঠাই । পৃথিৱীৰ সমভূমিয়েই নৈ, জান-জুৰিৰ বোৱতী পানীয়ে উচ্চ ভূমিৰ পৰা শিল, বালি, মাটি আদি উটুৱাই নি নিম্নভূমি অঞ্চলত জমা কৰে । লাখ লাখ বছৰ জুৰি চলি থকা এই কাৰ্যৰ ফলত উচ্চ ভূমিসমূহ ক্ষয়প্ৰাপ্ত হৈ উচ্চতা কমি যায় আৰু সমভূমিৰ সৃষ্টি কৰে । আনহাতে নিম্ন ভূমিসমূহত গেদবোৰ জমা হোৱাৰ ফলত গভীৰতা কমি গৈ তাতো সমভূমিৰ সৃষ্টি হয় । আনহাতে, ভূ-আন্দোলনৰ ফলতো কোনো নিম্নভূমি উঠি আহি সমভূমিৰ ৰূপ ল’ব পাৰে ।
(চ) নদী উপত্যকা কিয় ঘন জনবসতিপূৰ্ণ ?
উত্তৰঃ- পৃথিৱীৰ প্ৰধান নৈসমূহে সৃষ্টি কৰা সমভূমি সমূহত জনবসতি আটাইতকৈ ঘন । সাধাৰণতে সমভূমি সমূহ নৈয়ে দুয়োপাৰ পানীৰে ওপচাই পলস পেলোৱা বাবে কৃষিকাৰ্যৰ বাবে অতি উপযোগী । ইয়াৰ উপৰি বাট পথ নিৰ্মাণৰ বাবেও সুবিধাজনক । নিৰ্মাণ কাৰ্য আৰু পৰিবহনৰ সুবিধাৰ বাবে সমভূমি অঞ্চল ঘন বসতিপূৰ্ণ ।
(ছ) পাৰ্বত্য অঞ্চলসমূহত সাধাৰণতে কিয় জনবসতি সেৰেঙা ?
উত্তৰঃ- পাহাৰ বা পৰ্বতীয়া অঞ্চলত কৃষি ভূমিৰ পৰিমাণ কম কম, খোৱা, পানী সহজলভ্য নহয়, ঘৰ দুৱাৰ নিৰ্মাণ কাৰ্যত বিভিন্ন অসুবিধা, যাতায়তৰ সুবিধা, জীৱন নিৰ্বাহৰ বাবে জলবায়ুৰ উপযোগী নোহোৱা জীৱন যাপন প্ৰণালীৰ বাবে কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হোৱা বাবেই
মুখ্যতঃ পাৰ্বত্য অঞ্চলত মানুহৰ বসতি সেৰেঙা ।
শুদ্ধ উত্তৰটো নিৰ্বাচন কৰা―
২। প্ৰশ্নঃ- (ক) পাহাৰতকৈ পৰ্বত বেলেগ হোৱাৰ মূল কাৰণ―
(১) উচ্চতা (২) ঢাল (৩) গঠন প্ৰক্ৰিয়া
উত্তৰঃ- (১) উচ্চতা ।
(খ) হিমবাহ থকা স্থান হ’ল―
(১) সমভূমি (২) পৰ্বত (৩) মৰুভূমি
উত্তৰঃ- (২) পৰ্বত ।
(গ) দাক্ষিণাত্য মালভূমিৰ অৱস্থান―
(১) চীনত (২) নেপালত (৩) ভাৰতবৰ্ষ
উত্তৰঃ- (৩) ভাৰতবৰ্ষ ।
৩। প্ৰশ্নঃ- খালী ঠাই পূৰ কৰা―
(ক) ৰ’দ, বতাহ, বৰষুণ আদিৰ ফলত ভূ-আকৃতিৰ পৰিৱৰ্তন হ’লে তাক ____ প্ৰক্ৰিয়াৰ দ্বাৰা পৰিৱৰ্তন হোৱা বুলি কোৱা হয়।
(খ) হিমালয় আৰু আল্পচ একোখন ____ পৰ্বত ।
(গ) ___ অঞ্চলত যাতায়ত ব্যৱস্থা আটাইতকৈ সহজ সাধ্য ।
(ঘ) বোৱতী পানীৰ সোঁতে __ সৃষ্টিৰ বিশেষ ভূমিকা লয় ।
উত্তৰঃ- (ক) বাহ্যিক (খ) ভংগিল (গ) মালভূমি (ঘ) সমভূমি
৪। প্ৰশ্নঃ- মানুহে পৰ্বত-পাহাৰ, গছ-গছনি, শিল-মাটি আদি অপৰিকল্পিত ভাৱে কাটি থাকিলে এদিন আমাৰ কি কি অসুবিধা হ’ব পাৰে, পাঠৰ আধাৰত এটি টোকা লিখা ?
উত্তৰঃ- সমভূমি অঞ্চলত কৃষি, যাতায়ত, উদ্যোগ, ব্যৱসায়-বাণিজ্য আদি সকলো কাৰ্য তুলনামূলকভাৱে সহজসাধ্য হয় । স্বাভাৱিকতে, এনে অঞ্চলত অপৰিকল্পিত ভাৱে ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, নলা-নৰ্দমা নিমাৰ্ণৰ ফলত বন্ধ পানী ওলাই যাব নোৱাৰা আৰু য’তে ত’তে জাৱৰ জোথৰ পেলাই পৰিৱেশ দূষিত কৰা আদি সমস্যাই দেখা দিছে । কৃষি কৰ্ম সম্প্ৰসাৰণ, ঘৰ দুৱাৰ নিৰ্মাণ, কল কাৰখানা উদ্যোগ আদি নিৰ্মাণে অৰণ্যৰ গছ-গছনি ধ্বংস কৰিছে । সেয়ে পৃথিৱীৰ সেউজবিহীন পৰিস্থিতিৰ বাবে ই আমাৰ বাসপোযোগী হৈ নাথাকিব ।
৫। প্ৰশ্নঃ- হিমালয় পৰ্বতৰ পৰা সৃষ্টি হোৱা কেইখনমান নৈৰ নাম লিখা ?
উত্তৰঃ- ব্ৰহ্মপুত্ৰ, গংগা, সিন্ধু, হোৱাংহা, লুনী ।
১। প্ৰশ্নঃ- পৃথিৱীৰ উপৰিভাগৰ ভূ-অৱয়বসমূহৰ আভ্যন্তৰীণ প্ৰক্ৰিয়া মানে কি বুজা ?
উত্তৰঃ- পৃথিৱীখন আদিতে অতি উত্তপ্ত অৱস্থাত আছিল । ক্ৰমে ক্ৰমে উত্তাপ এৰি দি ইয়াৰ উপৰিভাগ শীতল হ’ল যদিও ভিতৰভাগ এতিয়াও অতি উত্তপ্ত অৱস্থাতে আছে । এনে উত্তপ্ত পদাৰ্থৰ উত্তাপ আৰু চাপৰ ফলত পৃথিৱীৰ ভিতৰভাগ অস্থিৰ অৱস্থাত থাকে । এই অস্থিৰতাই পৃথিৱীৰ খোলাটোৰ কোনো কোনো অংশৰ মাজত হেঁচা-ঠেলা বা টনা-আজোৰাৰ সৃষ্টি কৰে । এই হেঁচুকি ধৰা বা দূৰলৈ আঁতৰি যোৱা সময়ত সৃষ্টি হোৱা জোঁকাৰণি ওপৰ-তললৈ অথবা পথালিকৈ হ’ব পাৰে । এই জোঁকাৰণি একে দিশত অথবা বিভিন্ন দিশত বিয়পি যাব পাৰে । ভূ-পৃষ্ঠৰ এই জোঁকাৰণিকে ভূ-আন্দোলন বুলি কোৱা হয়। এনে ভূ-আন্দোলনৰ ফলত পৃথিৱীৰ উপৰিভাগত কোনো অংশ ওপৰলৈ উঠি বা কোনো অঞ্চল তললৈ বহি যায়, ফলত বিভিন্ন ভূ-অৱয়ৱৰ সৃষ্টি হয় । এনে ভূ-অৱয়ৱসমূহক আভ্যন্তৰীণ প্ৰক্ৰিয়াৰ দ্বাৰা গঠিত হোৱা বুলি কোৱা হয় ।
২। প্ৰশ্নঃ- পৃথিৱীৰ উপৰিভাগৰ ভূ-অৱয়ৱসমূহৰ বাহ্যিক প্ৰক্ৰিয়া মানে কি বুজা ?
উত্তৰঃ- পৃথিৱীৰ ওপৰত থকা বিভিন্ন ভূ-অৱয়ৱৰ উপৰিভাগত ৰ’দ, বতাহ, বৰষুণে ক্ৰিয়া কৰি ক্ষুদ্ৰ ক্ষুদ্ৰ অংশত পৰিণত কৰে । এনে ক্ষয়প্ৰাপ্ত শিল, মাটি, বালি আদি বতাহ, বৰষুণ, নৈ, জান-জুৰি আদিয়ে কঢ়িয়াই নি দ ঠাইত জমা কৰে । এনেদৰে বাহ্যিক প্ৰক্ৰিয়াৰ ফলত ভূ-আকৃতিৰ সলনি হৈ আহিছে ।
৩। প্ৰশ্নঃ- হিমবাহ বুলিলে কি বুজা ?
উত্তৰঃ- পৰ্বতৰ ঢালেৰে নামি অহা বৰফৰ খণ্ডকেই হিমবাহ বুলি কোৱা হয় ।
৪। প্ৰশ্নঃ- উৎপত্তিৰ ফালৰ পৰা পৰ্বত, পাহাৰক কেইটা ভাগত ভগাব পাৰি ?
উত্তৰঃ- উৎপত্তিৰ ফালৰ পৰা পব্বৰ্ত, পাহাৰক তিনিভাগত ভগাব পাৰি । আগ্নেয় পৰ্বত, ভংগিল পৰ্বত, স্তূপ পৰ্বত ।
৫। প্ৰশ্নঃ- আগ্নেয়গিৰি কাক বোলে ?
উত্তৰঃ- পৃথিৱীৰ ভিতৰিভাগত প্ৰায় গলিত অৱস্থাত থকা পদাৰ্থ সমূহ প্ৰচণ্ড তাপ আৰু চাপৰ ফলত কেতিয়াবা ভূ-পৃষ্ঠৰ দুৰ্বল অংশইদি হঠাতে বাহিৰলৈ ওলাই আহে । পৃথিৱীৰ এই অৱস্থাকে আগ্নেয়গিৰি বোলে ।
৬। প্ৰশ্নঃ- সঞ্চয়জাত পৰ্বত কাক বোলে ?
উত্তৰঃ- আগ্নেয়গিৰিৰ পৰা ওলোৱা লাভা জমা হৈ সৃষ্টি হোৱা পৰ্বতক সঞ্চয়জাত পৰ্বত বোলে ।
৭। প্ৰশ্নঃ- স্তূপ পৰ্বত কাক বোলে ?
উত্তৰঃ- ভূ-আন্দোলনৰ ফলত ফাটৰ যি অংশ ওপৰলৈ উঠি আহি পৰ্বত বোলে । যেনে―ৰাইনভেলি ।
৮। প্ৰশ্নঃ- গ্ৰস্ত উপত্যকা মানে কি ?
উত্তৰঃ- ভূ-আন্দোলনৰ ফলত ফাটৰ যি অংশ তললৈ বহি উপত্যকা হয় তাক গ্ৰস্ত উপত্যকা বোলে । যেনে― ৰাইন উপত্যকা এটা গ্ৰস্ত উপত্যকা ।
৯। প্ৰশ্নঃ- পাঁচখন স্বাস্থ্যকৰ ঠাইৰ নাম লিখা ?
উত্তৰঃ- মুছৌৰী, মানালি, ছিমলা, দাৰ্জিলিং, শ্বিলং ।
১০। প্ৰশ্নঃ- মালভূমি কাক বোলে ?
উত্তৰঃ- কিছুমান পৰ্বত বা পাহাৰৰ ওপৰত অৱস্থিত বহল সমতল ভূমিক মালভূমি বোলে । উদাহৰণ― দাক্ষিণাত্যৰ মালভূমি ।
১১। প্ৰশ্নঃ- পৃথিৱীৰ আটাইতকৈ উচ্চতম মালভূমি কি ?
উত্তৰঃ- তিব্বত মালভূমি (উচ্চতা ৪,০০০ পৰা ৬,০০০ মিটাৰ) ।
১২। প্ৰশ্নঃ- চাৰিটা জলপ্ৰপাতৰ নাম লিখা ?
উত্তৰঃ- ছোটনাগপুৰৰ হনদ্ৰু আৰু কৰ্ণাটকৰ জগ আৰু মেঘালয়ৰ বিদন আৰু বিছপ ।
১৩। প্ৰশ্নঃ- দাক্ষিণাত্যৰ মালভূমি কি খেতিৰ বাবে বিখ্যাত ?
উত্তৰঃ- কপাহ খেতি ।
Sl. No. | Contents |
Chapter 1 | সৌৰজগতত আমাৰ পৃথিৱী |
Chapter 2 | পৃথিৱীৰ আকাৰ আৰু আকৃতি |
Chapter 3 | পৃথিৱীৰ গতি |
Chapter 4 | পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ |
Chapter 5 | ভূগোল অধ্যয়নৰ আহিলা – মানচিত্ৰ |
Chapter 6 | পৃথিৱীৰ প্ৰধান ভূ-অৱয়ৱ |
Chapter 7 | অসম – জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি |
Chapter 8 | আমাৰ ভাৰতবৰ্ষ |
Chapter 9 | কি, ক’ত, কেতিয়া আৰু কেনেকৈ |
Chapter 10 | আদি প্ৰস্তৰ যুগ |
Chapter 11 | আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস |
Chapter 12 | প্ৰাচীন নগৰীয়া সভ্যতা |
Chapter 13 | বৈদিক সভ্যতা |
Chapter 14 | মহাজনপথ |
Chapter 15 | নতুন ভাবৰ উত্থান |
Chapter 16 | মহামতি অশোক আৰু কৌটিল্যৰ অৰ্থশাস্ত্ৰ |
Chapter 17 | আমাৰ মৌলিক প্ৰয়োজনসমূহ |
Chapter 18 | উন্নত জীৱনৰ প্ৰয়োজনসমূহ |
Chapter 19 | জীৱন-ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 20 | কৃষি , উদ্যোগ আৰু সেৱাখণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 21 | চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ |
Chapter 22 | গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ |
Chapter 23 | কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ |
Chapter 24 | স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা |

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.