Class 6 Social Science Chapter 7 অসম – জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Social Science Chapter 7 অসম – জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি and select needs one.
SEBA Class 6 Social Science Chapter 7 অসম – জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 6 Social Science Chapter 7 অসম – জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি Solutions for All Subject, You can practice these here…
অসম – জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি
পাঠ: 7
প্ৰথম খণ্ড – ভুগোল
চমুকৈ উত্তৰ দিয়া
১।প্ৰশ্নঃ- (ক) কি বৃত্তিৰ ওপৰত অসমৰ অধিকাংশ মানুহ নিৰ্ভৰশীল ?
উত্তৰঃ- কৃষি ।
(খ) চিৰসেউজীয়া উদ্ভিদৰ প্ৰধান বৈশিষ্ট্য কি ?
উত্তৰঃ- চিৰসেউজীয়া উদ্ভিদৰ প্ৰধান বৈশিষ্ট্য হৈছে―ইহঁতৰ ডালত পাত সদায় সেউজীয়া হৈ থাকে ।
(গ) মানাহ ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত ?
উত্তৰঃ- চিৰাং জিলাত ।
(ঘ) প্ৰাকৃতিক উদ্ভিদ বুলিলে কি বুজা ?
উত্তৰঃ- মানুহৰ প্ৰভাৱ নপৰাকৈ বা লালন-পালন নোপোৱাকৈ প্ৰাকৃতিক ভাৱে ডাঙৰ-দীঘল হোৱা গছ-গছনিকে প্ৰাকৃতিক উদ্ভিদ বোলা হয় ।
২। প্ৰশ্নঃ- উত্তৰ লিখা―
(ক) জলবায়ু বুলিলে কি বুজা ?
উত্তৰঃ- কোনো এখন ঠাই বা অঞ্চলৰ জলবায়ু বুলিলে সেই ঠাই বা অঞ্চলটোৰ ৪০-৫০ বছৰৰ সূৰ্যৰ পোহৰ, বায়ুৰ উষ্ণতা আৰু উষ্ণতা আৰু চাপ, বতাহ, বৰষুণ, আৰ্দ্ৰতাৰ গড় অৱস্থাটোকেই সেই অঞ্চলটোৰ জলবায়ু বোলা হয় ।
৩। প্ৰশ্নঃ- অসমৰ প্ৰধান ঋতু কেইটা আৰু কি কি ?
উত্তৰঃ- ঋতু ৪টা, (১) গ্ৰীষ্ম, (২) বৰ্ষা, (৩)শৰৎ, (৪) শীত ।
৪। প্ৰশ্নঃ- বৰ্ষাকাল ধান খেতিৰ বাবে উপযোগী হোৱাৰ কাৰণ কি ?
উত্তৰঃ- বৰ্ষাকালত বংগ উপসাগৰৰ ওপৰেদি অহা দক্ষিণ পশ্চিম মৌচুমী বতাহ অসমৰ ওপৰেদি অহাৰ সমযুত এই বতাহে যথেষ্ট পৰিমাণে জলীয় বাষ্প কঢ়িয়াই আনে । এইদৰে জলীয় ভাপ বহন কৰি অনা দক্ষিণ পশ্চিম মৌচুমী বায়ু হৈ অসমত প্ৰচুৰ পৰিমাণে বৰষুণ দিয়ে সেই বাবে বৰ্ষাকাল ধান খেতিৰ বাবে উপযোগী বুলি কোৱা হয় ।
৫। প্ৰশ্নঃ- কৃষিৰ লগত জলবায়ুৰ সম্পৰ্ক কি ?
উত্তৰঃ- যিকোনো এখন ঠাইৰ কৃষি সেই ঠাইখনৰ জলবায়ু আৰু মাটিৰ ওপৰত নিৰ্ভৰশীল । অসমৰ ভূ-প্ৰাকৃতিক গঠন, মৌচুমী বতাহৰ প্ৰভাৱ, মাটি আদি কৃষিৰ বাবে উপযোগী বাবে অসমৰ জনসাধাৰণ প্ৰধানকৈ কৃষিৰ ওপৰত নিৰ্ভৰশীল । জলবায়ুৰ ওপৰত ভিত্তি কৰি অসমত গোটেই বছৰটোক প্ৰধানকৈ চাৰিটা ঋতুতে ভাগ কৰা হৈছে । অসমত গ্ৰীষ্ম আৰু বৰ্ষাকালত তাপ আৰু বৰষুণৰ পৰিমাণ বেছি বাবে সেই সময়ত তেনে বতৰৰ উপযোগী শস্যৰ খেতি কৰা হয় । আনহাতে শীতকালত তাপ আৰু বৰষুণৰ পৰিমাণ কম বাবে তাপ আৰু পানী কম পৰিমাণে লগা খেতি কৰা হয় । এনেকৈয়ে জলবায়ু আৰু কৃষিৰ মাজত এটা ওতঃপ্ৰোত সম্বন্ধ চলি আছে ।
৬। প্ৰশ্নঃ- চিৰসেউজীয়া উদ্ভিদ আৰু পৰ্ণপাতী উদ্ভিদৰ প্ৰধান পাৰ্থক্য সমূহ কি কি ?
উত্তৰঃ- চিৰসেউজীয়া উদ্ভিদৰ প্ৰধান বৈশিষ্ট্য হৈছে ইহঁতৰ জলত পাত সদায় সেউজীয়া হৈ থাকে আনহাতে পৰ্ণপাতী উদ্ভিদৰ প্ৰধান বৈশিষ্ট্য হৈছে এনেধৰণৰ উদ্ভিদৰ বছৰটোৰ এবাৰ সকলোবোৰ পাত সৰি যায় আৰু কিছুদিন পাছত পুনৰ কুঁহিপাত ওলাবলৈ ধৰে ।
৭। প্ৰশ্নঃ- গছ-গছনি আমাক কিয় লাগে ?
উত্তৰঃ- গছ-গছনিয়ে এৰি দিয়া অক্সিজেন গেছ আমি উশাহত লওঁ আৰু আমি এৰি দিয়া কাৰ্বনডাই অক্সাইড গেছ গছ-গছনিয়ে শুহি লয়। গছ-গছনিৰ বাবেই আমাৰ বায়ুমণ্ডলৰ প্ৰদূষণ নিয়ন্ত্ৰণ হয় । ইয়াৰ উপৰি গছৰ শিপাই মাটিত খামোচ মাৰি ধৰি ভূমি ক্ষয় ৰোধ কৰে । গছৰ পৰাই আমি আমাৰ প্ৰয়োজনীয় আচবাব পত্ৰ তৈয়াৰ কৰা হয় । ঘৰ-দুৱাৰ, খিৰিকী, চাং চকী মেজ আদিৰ উপৰি ইয়াক আমি ইন্ধন হিচাবেও ব্যৱহাৰ কৰা হয় । তদুপৰি অসমৰ হাবিত পোৱা বিভিন্ন ধৰণৰ ঔষধি গছ বিভিন্ন বেমাৰৰ ঔষধ হিচাবে ব্যৱহাৰ কৰা হয় । গছ-গছনিয়ে আমাৰ জীৱন ধাৰণ প্ৰণালীত বিভিন্ন ধৰণে উপকাৰ কৰে । সেয়ে গছ-গছনি আমাৰ পৰম বন্ধু । গছ-গছনি যথেষ্ট পৰিমাণে ৰোপণ কৰি আমাৰ পৃথিৱীৰ সেউজীয়া কৰি এখন প্ৰদূষণমুক্ত পৃথিৱী গঢ়ি তুলিব লাগে ।
৮। প্ৰশ্নঃ- শুদ্ধ উত্তৰটো নিৰ্বাচন কৰা―
(ক) পৃথিৱীৰ ভিতৰত সৰ্বোচ্চ বৰষুণ হোৱা ঠাইখন হ’ল―
(১) চেৰাপুণ্জ্ঞী (২) মৌচিনৰাম (৩) শ্বিলং
উত্তৰঃ- (২) মৌচিনৰাম ।
(খ) কাজিৰঙা অভয়াৰণ্য ঘাইকৈ অসমৰ কোন জিলাত অৱস্থিত ?
(১) গোলাঘাট (২) যোৰহাট (৩) মৰিগাঁও (৪) কামৰূপ
উত্তৰঃ- (১) গোলাঘাট ।
(গ) এবছৰত একোবাৰকৈ নিজৰ পাত সলোৱা উদ্ভিদবিধ হ’ল―
(১) পৰ্ণপাতী (২) চিৰসেউজীয়া (৩) তৃণভূমি
উত্তৰঃ- (১) পৰ্ণপাতী ।
(ঘ) উদ্ভিদে এৰি দিয়া গেছবিধৰ নাম―
(১) কাৰ্বনডাই অক্সাইড (২) অক্সিজেন (৩)নাইট্ৰজেন
উত্তৰঃ- (২) অক্সিজেন ।
৯। প্ৰশ্নঃ- সমভূমি অঞ্চলৰ কৃষি আৰু পাহাৰীয়া অঞ্চলৰ কৃষিৰ মাজত কি কি পাৰ্থক্য আছে ? লিখা ?
উত্তৰঃ- (১) সমভূমি অঞ্চলত হাল বাই, ট্ৰেক্টৰ ব্যৱহাৰ কৰি কৃষি কৰে আকৌ, পাহাৰীয়া অঞ্চলত খাঁজ কাটি কৃষি কৰা হয় ।
(২) ধান, মৰাপাট, এই খেতিক ঝুম খেতি বোলে । সৰিয়হ, গম আদি সমভূমি অঞ্চলৰ প্ৰধান কৃষি । আকৌ দাহ, বিভিন্ন ফল-মূল আদি পাহাৰীয়া অঞ্চলৰ প্ৰধান কৃষি ।
১০। প্ৰশ্নঃ- গছ-গছনি আৰু বন্যপ্ৰাণী সংৰক্ষণ কৰাৰ কিয় দৰকাৰ ? আলোচনা কৰা ?
উত্তৰঃ- পৃথিৱীৰ সৌন্দৰ্য ৰক্ষাত প্ৰাকৃতিক উদ্ভিদে সহায় কৰে । উদ্ভিদৰ বাবে পৃথিৱীৰ জলবায়ুৰ ওপৰত বিশেষ প্ৰভাৱ পৰিলক্ষিত হয়। এই উদ্ভিদে প্ৰাণী জগতক সুৰক্ষা দি থকাৰ উপৰি মানুহৰ জীৱন ধাৰণত বিশেষভাৱে সহায় কৰি আহিছে । মানুহৰ মৌলিক প্ৰয়োজনীয় সামগ্ৰী, খাদ্য সামগ্ৰী, ঔষধ আদি সকলোবোৰ প্ৰাকৃতিক উদ্ভিদৰ পৰাই আহৰণ কৰা হয় । জনসংখ্যা বৃদ্ধিৰ লগে লগে খেতি-বাতি, নগৰ-চহৰ আদি স্থাপনৰ বাবে অধিক ঠাইৰ আৱশ্যক হৈছে । ফলত অপৰিকল্পিত ভাৱে বনৰ জীৱ-জন্তু হত্যা কৰা, পাহাৰ কাটি দ ঠাই পূৰোৱা, য’তে ত’তে খনন কাৰ্য কৰা আদিয়ে বৰ্তমান সময়ত প্ৰাকৃতিক উদ্ভিদৰ লগতে বন্যপ্ৰাণী জীয়াই থকাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিছে । তাৰ উপৰি মানুহে প্ৰকৃতিৰ ওপৰত কৰা এনে ধ্বংসমূলক কাৰ্যৰ বাবে গোটেই পৰিৱেশৰ ভাৰসাম্য নষ্ট হৈছে । অসমৰ বাহিত পোৱা মূল্যবান জীৱ জন্তু যেনে― গড়, হাতী, হৰিণা, বাঘ, বনৰীয়া ম’হ আদি চোৰাং চিকাৰী আৰু দুষ্ট প্ৰকৃতিৰ মানুহে হত্যা কৰি তাৰ অংগ-পতংগ অবৈধভাৱে বজাৰত বিক্ৰি কৰিছে । ইয়াৰ উপৰি অসমৰ বাহিত পোৱা বিভিন্ন ধৰণৰ মূল্যবান গছ, কাঠ চোৰাং বেপাৰীয়ে অবৈধভাৱে কাটি বিক্ৰী কৰা দেখা যায় । আনহাতে আমাৰ ৰাজ্যৰ বিভিন্ন মাছ যেনে―খলিহনা, পুঠি, পাটিমূতুৰা, গঙাটোপ, বটিয়া, মাগুৰ আদি বিদেশৰ বজাৰত জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ ফলত ইয়াৰ গুৰুত্ব বৃদ্ধি পাই আহিছে । সেয়েহে এনেবোৰ কাৰণত ওপৰত ভিত্তি কৰি আমি ই প্ৰাকৃতিক উদ্ভিদৰ লগতে বন্যপ্ৰাণী সমূহক সংৰক্ষণৰ চিন্তা কৰাৰ অতি প্ৰয়োজন হৈছে ।
১১। প্ৰশ্নঃ- খালী ঠাই পূৰ কৰা―
(ক) কোনো এটা অঞ্চলৰ কমেও ৫০ বছৰত সূৰ্যৰ পোহৰ, উষ্ণতা, বায়ুৰ চাপ, বৃষ্টিপাত, আৰ্দ্ৰতা আদিৰ গড় অৱস্থাকে __ বুলি কোৱা হয় ।
(খ) জলবায়ুৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি অসমত বছৰটোক __ ঋতুত ভাগ কৰিব পাৰি ।
(গ) ভাৰতবৰ্ষৰ চাহ উৎপাদনৰ ক্ষেত্ৰত অসমৰ স্থান __ ।
(ঘ) __ বতাহৰ বাবে বৰ্ষাকালত অসমৰ প্ৰচুৰ পৰিমাণে বৰষুণ হয় ।
(ঙ) বৰ্তমান অসমত __ খন অভয়াৰণ্য আছে ।
(চ) কাজিৰঙা অভয়াৰণ্য __ বাবে বিখ্যাত ।
(ছ) শীতকালত দিন চুটি ৰাতি __ হয় ।
উত্তৰঃ- (ক) সেই অঞ্চলৰ জলবায়ু
(খ) চাৰিটা
(গ) সৰ্বপ্ৰথম
(ঘ) দক্ষিণ পশ্চিম মৌচুমী বায়ু
(ঙ) সোতৰখন
(চ) এশিঙীয়া গঁড়ৰ
(ছ) দীঘল ।
Sl. No. | Contents |
Chapter 1 | সৌৰজগতত আমাৰ পৃথিৱী |
Chapter 2 | পৃথিৱীৰ আকাৰ আৰু আকৃতি |
Chapter 3 | পৃথিৱীৰ গতি |
Chapter 4 | পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ |
Chapter 5 | ভূগোল অধ্যয়নৰ আহিলা – মানচিত্ৰ |
Chapter 6 | পৃথিৱীৰ প্ৰধান ভূ-অৱয়ৱ |
Chapter 7 | অসম – জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি |
Chapter 8 | আমাৰ ভাৰতবৰ্ষ |
Chapter 9 | কি, ক’ত, কেতিয়া আৰু কেনেকৈ |
Chapter 10 | আদি প্ৰস্তৰ যুগ |
Chapter 11 | আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস |
Chapter 12 | প্ৰাচীন নগৰীয়া সভ্যতা |
Chapter 13 | বৈদিক সভ্যতা |
Chapter 14 | মহাজনপথ |
Chapter 15 | নতুন ভাবৰ উত্থান |
Chapter 16 | মহামতি অশোক আৰু কৌটিল্যৰ অৰ্থশাস্ত্ৰ |
Chapter 17 | আমাৰ মৌলিক প্ৰয়োজনসমূহ |
Chapter 18 | উন্নত জীৱনৰ প্ৰয়োজনসমূহ |
Chapter 19 | জীৱন-ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 20 | কৃষি , উদ্যোগ আৰু সেৱাখণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 21 | চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ |
Chapter 22 | গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ |
Chapter 23 | কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ |
Chapter 24 | স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা |

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.