Class 6 Social Science Chapter 1 সৌৰজগতত আমাৰ পৃথিৱী The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Social Science Chapter 1 সৌৰজগতত আমাৰ পৃথিৱী and select needs one.
SEBA Class 6 Social Science Chapter 1 সৌৰজগতত আমাৰ পৃথিৱী
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 6 Social Science Chapter 1 সৌৰজগতত আমাৰ পৃথিৱী Solutions for All Subject, You can practice these here…
সৌৰজগতত আমাৰ পৃথিৱী
পাঠ: 1
প্ৰথম খণ্ড – ভুগোল
পাঠভিত্তিক প্ৰশ্নোত্তৰ
১। প্ৰশ্নঃ- (ক) সৌৰজগত বুলিলে কি বুজা ?
উত্তৰঃ- সূৰ্যক কেন্দ্ৰ কৰি পৃথিৱীৰ সৈতে অন্যান্য গ্ৰহ, উপগ্ৰহ, ধুমকেতু, উল্কা আৰু গ্ৰহাণুপুণ্জ্ঞক লৈ সৃষ্টি হোৱা সূৰ্যৰ পৰিয়ালকে সৌৰজগত বোলা হয়।
(খ) সূৰ্যৰ পৰা দূৰত্ব অনুসৰি গ্ৰহবোৰৰ নাম লিখা ?
উত্তৰঃ- সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্ৰমে গ্ৰহকেইটা হ’ল―বুধ, শুক্ৰ, পৃথিৱী, মঙ্গল, বৃহস্পতি, শনি, ইউৰেনাচ আৰু নেপচুন । কিছুদিনৰ আগলৈকে প্লুটো নামৰ এটা জ্যোতিষ্ককো সৌৰজগতৰ এটা গ্ৰহ বুলি গণ্য কৰা হৈছিল । কিন্তু এতিয়া প্ৰমাণ হৈছে নে প্লুটো সূৰ্যৰ আন গ্ৰহবোৰৰ দৰে এটা সাধাৰণ গ্ৰহ নহয় । সেয়ে সূৰ্যৰ পৰা দূৰত্ব অনুসৰি গ্ৰহ আঠটাহে ।
(গ) সূৰ্য কি ? সূৰ্যৰ বিষয়ে চমুকৈ লিখা?
উত্তৰঃ- সূৰ্য এটা নক্ষত্ৰ । সূৰ্য হৈছে আমাৰ পৃথিৱীৰ আটাইতকৈ ওচৰত থকা নক্ষত্ৰ । সেয়ে আমি ইয়াক বেছ ডাঙৰ দেখোঁ । সূৰ্য অতি উত্তপ্ত নক্ষত্ৰ । সূৰ্যৰ ওপৰ অংশৰ উত্তাপ প্ৰায় ৬০০০ ডিগ্ৰী চেলছিয়াছ । সূৰ্যৰ বয়স ৫০০ কোটি বছৰৰ ওচৰা-ওচৰি । সূৰ্য প্ৰচুৰ শক্তিৰ উৎস আৰু ইয়াৰ বাবেই পৃথিৱী গ্ৰহত জীৱৰ জীৱন ধাৰণ সম্ভৱ হৈছে । পৃথিৱীৰ হোৱা দিন-ৰাতি, ঋতু পৰিৱৰ্তন, বতৰৰ সাল-সলনি এই সকলোৰে প্ৰধান কাৰণ হৈছে সূৰ্য । পৃথিৱীয়ে তাপ আৰু পোহৰ পৰাই পায় ।নক্ষত্ৰৰ দৰে গ্ৰহবোৰৰ নিজা পোহৰ নাই । সূৰ্যৰ পৰা পোৱা পোহৰেহে গ্ৰহবোৰক পোহৰাই ৰাখে । সৌৰজগতৰ গ্ৰহ, উপগ্ৰহ আৰু গ্ৰহানুপুণ্জ্ঞ সমূহে সূৰ্যৰ চাৰিওফালে নিজ নিজ কক্ষপথেৰে অনবৰতে ঘুৰি থাকে । সূৰ্যৰ পোহৰৰ বাবেই পৃথিৱী নামৰ গ্ৰহৰ ওপৰত বাস কৰা প্ৰাণী, উদ্ভিদসমূহ জীয়াই আছে ।
২। প্ৰশ্নঃ- (ক) নিজৰ পোহৰ থকা তৰাবোৰক কি বুলি কোৱা হয় ?
উত্তৰঃ- নিজৰ পোহৰ থকা তৰাবোৰক নক্ষত্ৰ বুলি কোৱা হয় ।
(খ) সূৰ্যৰ পৰা আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি ?
উত্তৰঃ- সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম হৈছে বুধ ।
(গ) আমি তাপ আৰু পোহৰ পোৱা নক্ষত্ৰটোৰ নাম কি ?
উত্তৰঃ- আমি তাপ আৰু পোহৰ পোৱা নক্ষত্ৰটোৰ নাম সূৰ্য ।
(ঘ) ৰাতিৰ আকাশত তীব্ৰভাৱে গতি কৰি ধ্বংস হোৱা উজ্বল পিণ্ডবোৰক কি বুলি জনা যায় ?
উত্তৰঃ- ৰাতিৰ আকাশত তীব্ৰভাৱে গতি কৰি ধ্বংস হোৱা উজ্বল পিণ্ডবোৰক পপীয়া তৰা বা উল্কা বোলা হয় ।
৩। চমুকৈ উত্তৰ দিয়া―
(ক) সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি ?
উত্তৰঃ- নেপচুন (নতুন সমীক্ষা অনুসৰি প্লুটোক বাদ দিয়া হৈছে ।)
(খ) ইউৰেনাচ গ্ৰহটো কোন দুটা গ্ৰহৰ মাজত অৱস্থিত ?
উত্তৰঃ- শনি আৰু নেপচুন গ্ৰহৰ মাজত অৱস্থিত ।
(গ) সূৰ্যৰ পৰা পৃথিৱীৰ অৱস্থান কেই নম্বৰ স্থানত ?
উত্তৰঃ- সূৰ্যৰ পৰা পৃথিৱীৰ অৱস্থান তৃতীয় স্থানত ।
(ঘ) সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি ?
উত্তৰঃ- সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ বৃহস্পতি ।
(ঙ) গ্ৰহাণুপুণ্জ্ঞবোৰ কোন দুটা গ্ৰহৰ মাজত দেখা যায় ?
উত্তৰঃ- গ্ৰহাণুপুণ্জ্ঞবোৰ মঙ্গল আৰু বৃহস্পতি গ্ৰহৰ মাজত দেখা যায় ।
৪। প্ৰশ্নঃ- শুদ্ধ উত্তৰটো নিৰ্বাচন কৰা ?
(ক) পৃথিৱীৰ যমজ বুলি কোনটো গ্ৰহক কোৱা হয় ?
(১) বুধ (২) শুক্ৰ (৩) মঙ্গল (৪) শনি
উত্তৰঃ-(২) শুক্ৰ
(খ) সৌৰজগতত অস্থায়ীভাৱে ভুমুকি মৰা উজ্বল বাষ্পপিণ্ডবোৰ হ’ল―
(১) ধুমকেতু (২) গ্ৰহাণুপুণ্জ্ঞ (৩)উপগ্ৰহ (৪)নক্ষত্ৰ
উত্তৰঃ- (১) ধুমকেতু
অতি চমু প্ৰশ্নোত্তৰ :
১। প্ৰশ্নঃ- নক্ষত্ৰৰ নিজা পোহৰ আছেনে ?
উত্তৰঃ- নক্ষত্ৰৰ নিজা পোহৰ আছে ।
২। প্ৰশ্নঃ- সূৰ্যক আমি ডাঙৰ দেখোঁ কিয় ?
উত্তৰঃ- পৃথিৱীৰ আটাইতকৈ ওচৰত থকা নক্ষত্ৰ সূৰ্য । সেয়ে ইয়াক আমি ডাঙৰ দেখোঁ ।
৩। প্ৰশ্নঃ- সৌৰজগতৰ দ্বিতীয় গ্ৰহ কোনটো ?
উত্তৰঃ- শুক্ৰ ।
৪। প্ৰশ্নঃ- শুক্ৰ গ্ৰহৰ আন এটা নাম কি ?
উত্তৰঃ- পুৱতি, ভোটা আৰু সাঁজ ভোটা ।
৫। প্ৰশ্নঃ- আন্তৰ্জাতিক জ্যোতিবিজ্ঞান সংস্থাই প্লুটো গ্ৰহক কোন চনত বাওনা গ্ৰহ বুলি কৈছে ?
উত্তৰঃ- আন্তৰ্জাতিক জ্যোতিবিজ্ঞান সংস্থাই প্লুটো গ্ৰহক ২০০৬ চনত বাওনা গ্ৰহ বুলি কৈছে।
৬। প্ৰশ্নঃ- পৃথিৱীৰ উপগ্ৰহটো নাম কি ?
উত্তৰঃ- চন্দ্ৰ ।
৭। প্ৰশ্নঃ- উপগ্ৰহবোৰৰ নিজা তাপ আৰু পোহৰ আছেনে ?
উত্তৰঃ- নাই ।
৮। প্ৰশ্নঃ- কোনজন বিজ্ঞানীয়ে প্ৰথমে দূৰবীনেৰে চন্দ্ৰ পৰ্যবেক্ষণ কৰে ?
উত্তৰঃ- ১৬০৯ চনত গেলিলিঅ’ গেলিলিয়ে ।
৯। প্ৰশ্নঃ- চন্দ্ৰত পদাৰ্পণ কৰা প্ৰথম মানৱজন কোন ?
উত্তৰঃ- নীল আমষ্ট্ৰং ।
১০। প্ৰশ্নঃ- চন্দ্ৰয়ান-১ নামৰ মানৱবিহীন মহাকাশখন কোন চনত কোন তাৰিখে প্ৰথমবাৰৰ বাবে চন্দ্ৰলৈ প্ৰেৰণ কৰে ?
উত্তৰঃ- ২০০৮ চনৰ ২২ অক্টোবৰ তাৰিখে ভাৰতবৰ্ষই দক্ষিণ ভাৰতৰ শ্ৰীহৰি কোটাৰ পৰা চন্দ্ৰয়ান-১ যানখন চন্দ্ৰলৈ প্ৰেৰণ কৰে ।
১১। প্ৰশ্নঃ- ভাৰতবৰ্ষই মহাকাশলৈ প্ৰেৰণ কৰা কৃত্ৰিম উপগ্ৰহকেইটা কি কি ?
উত্তৰঃ- ইনছাট (INSAT) , আই আৰ এছ (IRS), এডুছেট (EDUSAT) ।
১২। প্ৰশ্নঃ- আকাশত হঠাতে বেগেৰে চলমান অৱস্থাত জ্বলি উঠা পদাৰ্থবোৰ কি ?
উত্তৰঃ- উল্কা ।
১৩।প্ৰশ্নঃ- পৃথিৱীৰ সূৰ্যক প্ৰদক্ষিণ কৰাৰ বাবে কিমান সময় লাগে ?
উত্তৰঃ- ৩৬৫ দিন ৫ ঘণ্টা ৪৮ মিঃ ৪৫-৪৭ চেঃ সময় (৩৬৫ দিন)
১৪। প্ৰশ্নঃ- পৃথিৱীৰ পৰা সূৰ্যৰ গড় দূৰত্ব কিমান ?
উত্তৰঃ- পৃথিৱীৰ পৰা সূৰ্যৰ গড় দূৰত্ব ১৪৯, ৫৯৭, ৯০০ কিঃমিঃ ।
১৫। প্ৰশ্নঃ- পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে কিমান বেগেৰে ঘূৰে ?
উত্তৰঃ- ঘণ্টাত ১৬৭০ কিঃমিঃ বেগেৰে পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে ।
১৬। প্ৰশ্নঃ- বৃহস্পতি গ্ৰহৰ উপগ্ৰহ কেইটা ?
উত্তৰঃ- ১৫ টা ।
১৭। প্ৰশ্নঃ- সৌৰজগতৰ দ্বিতীয় গ্ৰহটোৰ নাম কি ?
উত্তৰঃ- শুক্ৰ ।
১৮। প্ৰশ্নঃ- শুক্ৰ গ্ৰহই সূৰ্যক কিদৰে পৰিভ্ৰমণ কৰে ?
উত্তৰঃ- শুক্ৰ গ্ৰহৰ ঘূৰণ অন্য গ্ৰহৰ ওলোটা, ই পূবৰ পৰা পশ্চিমলৈ ঘূৰে ।
১৯। প্ৰশ্নঃ- সৌৰজগতৰ বৃহত্তম গ্ৰহ কোনটো ?
উত্তৰঃ- বৃহস্পতি ।
২০। প্ৰশ্নঃ- বৃহস্পতি গ্ৰহৰ আয়তন কিমান ?
উত্তৰঃ- বৃহস্পতি গ্ৰহৰ আয়তন পৃথিৱীৰ আয়তনৰ প্ৰায় ১৩১৭ গুণ ।
২১। প্ৰশ্নঃ- সৌৰজগতৰ কোনটো গ্ৰহ আটাইতকৈ ধুনীয়া ?
উত্তৰঃ- শনি গ্ৰহ ।
২২। প্ৰশ্নঃ-সৌৰজগতৰ বাওনা গ্ৰহ কোনটো ?
উত্তৰঃ- নতুন সমীক্ষা অনুসৰি প্লুটোক বাওনা গ্ৰহ বুলি কোৱা হয় ।
২৩। প্ৰশ্নঃ- আকাৰ অনুযায়ী সৌৰজগতৰ গ্ৰহবোৰৰ নাম লিখা ?
উত্তৰঃ- বৃহস্পতি, শনি, ইউৰেনাচ, নেপচুন, পৃথিৱী, শুক্ৰ, মঙ্গল, বুধ ।
২৪। প্ৰশ্নঃ- শুক্ৰ গ্ৰহক কিয় পৃথিৱীৰ যমজ বুলি কোৱা হয় ?
উত্তৰঃ- আকাৰ আৰু আকৃতিত পৃথিৱী আৰু শুক্ৰ গ্ৰহৰ সাদৃশ্য থকা বাবে শুক্ৰ গ্ৰহক পৃথিৱীৰ যমজ বুলি কোৱা হয় ।
ৰচনাধৰ্মী প্ৰশ্নোত্তৰ :
১। প্ৰশ্নঃ- গ্ৰহ আৰু নক্ষত্ৰবোৰৰ মাজত পাৰ্থক্য কি ?
উত্তৰঃ-
নক্ষত্ৰ | গ্ৰহ |
(ক) নিজা তাপ আৰু পোহৰ আছে । | (ক) নিজা পোহৰ নাই |
(খ) ইঁহত গতিশীল | (খ) ই স্থিৰ । |
(গ) পৃথিৱীৰ পৰা দূৰত নাথাকে। | (গ) পৃথিৱীৰ পৰা বহু বহু দূৰত থাকে । |
২। প্ৰশ্নঃ- গ্ৰহ আৰু উপগ্ৰহৰ মাজত পাৰ্থক্য কি ?
উত্তৰঃ- (ক) গ্ৰহই সূৰ্যৰ চাৰিওফালে ঘূৰে আনহাতে উপগ্ৰহই গ্ৰহৰ চাৰিওফালে ঘূৰে ।
(খ) গ্ৰহবোৰৰ তুলনাত উপগ্ৰহবোৰৰ আকাৰো সৰু ।
৩। প্ৰশ্নঃ- প্লুটোক কিয় সৌৰজগতৰ আন গ্ৰহবোৰৰ দৰে গ্ৰহ হিচাবে ধৰি লোৱা নহয় ?
উত্তৰঃ- ২০০৬ চনৰ আগষ্ট মাহলৈকে প্লুটোক সৌৰজগতৰ নৱম গ্ৰহ হিচাবে জনা গৈছিল । প্লুটো গ্ৰহৰ বিষয়ে আন্তৰ্জাতিক সংস্থাই কৈছে যে― প্লুটো গ্ৰহই নিজ কক্ষপথেদি ঘূৰাৰ উপৰি আন গ্ৰহৰ কক্ষপথেদিও ঘূৰা দেখা গৈছে । গতিকে ইয়াক প্ৰকৃত গ্ৰহ বোলা নাযায় । ইয়াক বাওনা গ্ৰহ বুলি কৈছে ।
৪। প্ৰশ্নঃ- গ্ৰহাণুপুণ্জ্ঞ কি ?
উত্তৰঃ- সৌৰজগতত থকা গ্ৰহাণুপুণ্জ্ঞ হ’ল― কিছুমান সৰু সৰু পদাৰ্থৰ সমষ্টি ।
৫। প্ৰশ্নঃ- ধুমকেতু কি ?
উত্তৰঃ- সৌৰজগতত মাজে সময়ে সময়ে কিছুমান পদাৰ্থই ভুমুকি মাৰেহি এই পদাৰ্থ পিণ্ডবোৰ সৌৰজগতত স্থায়ীভাৱে নাথাকে । বাষ্পীয় আৱৰণ থকা এনে পদাৰ্থ পিণ্ডসমূহকেই ধুমকেতু বোলে ।
৬। প্ৰশ্নঃ- উল্কা কি ?
উত্তৰঃ- আকাশত তীব্ৰ বেগেৰে গৈ থকা অৱস্থাত হঠাৎ জ্বলি উঠা পিণ্ডবোৰেই হৈছে উল্কা । আকাশত থকা গ্ৰহই পথ হেৰুৱাই পৃথিৱীৰ বায়ুমণ্ডলত সোমাই উল্কা হিচাবে জ্বলি যায় ।
৭। প্ৰশ্নঃ- তাৰকাৰাজ্য কি ?
উত্তৰঃ- বিশ্বব্ৰহ্মাণ্ডত অলেখ তৰা বা জ্যোতিষ্ক আছে । বহুতো তৰা থুপ খাই থকা অঞ্চলটোৱে হৈছে একোখন তাৰকাৰাজ্য । তাৰকাৰাজ্য মুঠতে ৮৮ টা আছে । সূৰ্য থকা তাৰকা ৰাজ্যখন হ’ল হাতীপটি ।
৮। প্ৰশ্নঃ- হাতীপটি তাৰকাৰাজ্য কি ?
উত্তৰঃ- বিশ্বব্ৰহ্মাণ্ড অসংখ্য তাৰকা ৰাজ্যৰে গঠিত হৈছে । এনে অলেখ তাৰকাৰাজ্যৰ ভিতৰত আমাৰ সৌৰজগতত থকা তাৰকা ৰাজ্যখনেই হৈছে হাতীপটি তাৰকাৰাজ্য ।
Sl. No. | Contents |
Chapter 1 | সৌৰজগতত আমাৰ পৃথিৱী |
Chapter 2 | পৃথিৱীৰ আকাৰ আৰু আকৃতি |
Chapter 3 | পৃথিৱীৰ গতি |
Chapter 4 | পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ |
Chapter 5 | ভূগোল অধ্যয়নৰ আহিলা – মানচিত্ৰ |
Chapter 6 | পৃথিৱীৰ প্ৰধান ভূ-অৱয়ৱ |
Chapter 7 | অসম – জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি |
Chapter 8 | আমাৰ ভাৰতবৰ্ষ |
Chapter 9 | কি, ক’ত, কেতিয়া আৰু কেনেকৈ |
Chapter 10 | আদি প্ৰস্তৰ যুগ |
Chapter 11 | আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস |
Chapter 12 | প্ৰাচীন নগৰীয়া সভ্যতা |
Chapter 13 | বৈদিক সভ্যতা |
Chapter 14 | মহাজনপথ |
Chapter 15 | নতুন ভাবৰ উত্থান |
Chapter 16 | মহামতি অশোক আৰু কৌটিল্যৰ অৰ্থশাস্ত্ৰ |
Chapter 17 | আমাৰ মৌলিক প্ৰয়োজনসমূহ |
Chapter 18 | উন্নত জীৱনৰ প্ৰয়োজনসমূহ |
Chapter 19 | জীৱন-ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 20 | কৃষি , উদ্যোগ আৰু সেৱাখণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 21 | চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ |
Chapter 22 | গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ |
Chapter 23 | কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ |
Chapter 24 | স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা |

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Reply plzzz