Class 6 Social Science Chapter 3 পৃথিৱীৰ গতি The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Social Science Chapter 3 পৃথিৱীৰ গতি and select needs one.
SEBA Class 6 Social Science Chapter 3 পৃথিৱীৰ গতি
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 6 Social Science Chapter 3 পৃথিৱীৰ গতি Solutions for All Subject, You can practice these here…
পৃথিৱীৰ গতি
পাঠ: 3
প্ৰথম খণ্ড – ভুগোল
চমুকৈ উত্তৰ দিয়া
১। প্ৰশ্নঃ- (ক) পৃথিৱীৰ মেৰুদণ্ডডাল কক্ষতলৰ লগত কিমান ডিগ্ৰী কোণ কৰি আছে ?
উত্তৰঃ- পৃথিৱীৰ মেৰুদণ্ডডাল কক্ষতলৰ লগত ৬৬ ১/২° কোণ কৰি আছে ।
(খ) পৃথিৱীয়ে নিজ কক্ষপথত সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে ?
উত্তৰঃ- ২৪ ঘন্টা ।
(গ) পোহৰ বৃত্ত কাক বোলা হয় ?
উত্তৰঃ- পৃথিৱী খনৰ পোহৰ পৰা আৰু নপৰা অৰ্থাৎ দিন আৰু ৰাতি হোৱা অংশ দুটাক এটা কাল্পনিক বৃত্তই দুভাগ কৰিছে । এই বৃত্তটোক পোহৰ বৃত্ত বোলা হয় ।
(ঘ) বছৰৰ কোন কোন তাৰিখত বিষুৱ ৰেখাৰ ওপৰত সূৰ্যৰ ৰশ্মি হেলনীয়াভাৱে পৰে ?
উত্তৰঃ- ২১ জুন আৰু ২২ ডিচেম্বৰ ।
২। প্ৰশ্নঃ- (ক) আহ্নিক গতি আৰু বাৰ্ষিক গতি বুলিলে কি বুজা ?
উত্তৰঃ- আহ্নিক গতিঃ- পৃথিৱীয়ে নিজৰ মেৰুদণ্ডক আশ্ৰয় কৰি ঘূৰা গতিকেই আহ্নিক গতি বা আৱৰ্তন বোলে । উল্লেখযোগ্য যে পৃথিৱীয়ে ২৪ ঘন্টাত নিজ মেৰুদণ্ডক কেন্দ্র কৰি এপাক সম্পূৰ্ণ ঘূৰে ।
বাৰ্ষিক গতিঃ- পৃথিৱীয়ে নিজ কক্ষপথেৰে এক সুনিৰ্দিষ্ট গতিত সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থকাটোকে বাৰ্ষিক গতি বোলে । পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ ৩৬৫ দিন ৬ ঘন্টা সময় লাগে ।
(খ) আহ্নিক গতিৰ ফলত পৃথিৱীৰ দিন-ৰাতি কেনেকৈ হয় বুজাই লিখা ?
উত্তৰঃ- পৃথিৱীয়ে নিজ মেৰুদণ্ডক কেন্দ্ৰ কৰি ২৪ ঘন্টাত সম্পূৰ্ণ এপাক ঘূৰে । ইয়াকে আহ্নিক গতি বোলা হয় । এই গতিৰ ফলতে পৃথিৱীত দিন আৰু ৰাতি হয় ।

ইয়াৰ ফলত সূৰ্যৰ ৰশ্মি পৃথিৱীৰ গাত পৰে আৰু সূৰ্যৰ পোহৰে পৃথিৱীৰ গাত পূৱৰ পৰা পশ্চিমলৈ গতি কৰে । এই কাৰণে আমি পূৱত সূৰ্য ওলোৱা আৰু পশ্চিমত মাৰ যোৱা দেখোঁ । এনেদৰে যি যি অঞ্চলত সূৰ্যৰ পোহৰ পৰে, সেই অঞ্চলত দিন হয় আৰু সূৰ্যৰ পোহৰ নপৰা অংশত ৰাতি হয় । পৃথিৱীয়ে ২৪ ঘন্টাত এক আৱৰ্তন সম্পূৰ্ণ কৰে বাবে একোটা অঞ্চলত ২৪ ঘন্টাৰ ভিতৰত এটা দিন আৰু এটা ৰাতি হয় ।
(গ) অধিবৰ্ষ বুলিলে কি বুজা ?
উত্তৰঃ- পৃথিৱীয়ে নিজ কক্ষপথেৰে এটা নিৰ্দিষ্ট গতিত সূৰ্যৰ চাৰিওফালে সম্পূৰ্ণ এপাক ঘূৰিবলৈ ৩৬৫ দিন আৰু প্ৰায় ৬ ঘন্টা সময় লাগে । সাধাৰণতে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে সম্পূৰ্ণ এপাক ঘূৰিবলৈ ৩৬৫ দিনত এবছৰ হিচাপে ধৰি লোৱা হয় । অৰ্থাৎ প্ৰতিবছৰে আমি প্ৰায় ৬ ঘন্টা সময় বাদ দিওঁ । এই বাদ দিয়া প্ৰায় ৬ ঘন্টা সময়খিনি ৪ বছৰত লগ লাগি প্ৰায় ২৪ ঘন্টা অৰ্থাৎ এদিন হয় । সেয়েহে প্ৰতি ৪ বছৰৰ মূৰে মূৰে ফ্ৰেব্ৰুৱাৰী মাহটোত এদিন বঢ়াই লোৱা হয় সেই বছৰটোক অধিবৰ্ষ বা লিপ্ইয়েৰ (Leap year) বোলা হয় । যিটো খ্ৰাষ্ট্ৰীয় বছৰ চাৰিৰে হৰণ কৰিলে ভাগশেষ নাথাকে তেনে বছৰকে অধিবৰ্ষ বুলি ধৰা হয় ।
(ঘ) কৰ্কট সংক্ৰান্তিত আৰু মকৰ সংক্ৰান্তিৰ পাৰ্থক্য নিৰূপণ কৰা ?
উত্তৰঃ- পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থাকোতে ২১ জুন তাৰিখে সূৰ্যৰ ৰশ্মি কৰ্কট ক্ৰান্তিৰ ওপৰত পোনপটীয়াভাৱে পৰে । এই অৱস্থাটোকে কৰ্কট সংক্ৰান্তি বোলে । সেইদিনা কৰ্কট ক্ৰান্তি আৰু ইয়াৰ উত্তৰে থকা ঠাইসমূহত বছৰটোত ভিতৰতে দিন আটাইতকৈ দীঘল আৰু ৰাতি আটাইতকৈ চুটি হয় । উক্ত সময়ছোৱাত উত্তৰ গোলাৰ্ধত গ্ৰীষ্মকাল হয় । আনহাতে, ২২ ডিচেম্বৰৰ দিনাখন মকৰক্ৰান্তি ওপৰত সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে । পৃথিৱীৰ এই অৱস্থানকে মকৰ সংক্ৰান্তি বোলা হয় । এই সময়ছোৱাত দক্ষিণ গোলাৰ্ধত দিন দীঘল আৰু ৰাতি চুটি হয় আৰু উত্তৰ গোলাৰ্ধত দিন চুটি আৰু ৰাতি দীঘল হয় ।
২১ জুন তাৰিখে কৰ্কট সংক্ৰান্তি আৰু ২২ডিচেম্বৰ তাৰিখে মকৰ সংক্ৰান্তি হয় ।
(ঙ) পৃথিৱীৰ বাৰ্ষিক গতি নথকাহেঁতেন ধৰাপৃষ্ঠত কেনেধৰণৰ পৰিৱেশ বিৰাজ কৰিলেহেঁতেন বুজাই লিখা ।
উত্তৰঃ- বাৰ্ষিক গতিৰ ফলত ভূ-পৃষ্ঠত গ্ৰীষ্ম, বৰ্ষা, শৰৎ আদি ঋতুৰ সম্ভৱ হৈছে । বাৰ্ষিক গতিয়ে বছৰৰ বিভিন্ন সময়ত তাপৰ পৰিৱৰ্তন ঘটোৱা বাবেই মানুহৰ সংস্কৃতি; যেনে― সাজ-পাৰ, খাদ্য আদি বিভিন্ন সময়ত বেলেগ বেলেগ হয়; যেনে― শীতকালত আমি উষ্মযুক্ত কাপোৰ আৰু গ্ৰীষ্মকালত পাতল কাপোৰ পিন্ধো । ঋতু পৰিৱৰ্তন বাবেই আমাৰ সাজ-পাৰ, খাদ্য আদিৰ পৰিৱৰ্তন ঘটে । ঋতু অনুযায়ী মানুহে বিভিন্ন উৎসৱ-পাৰ্বন আদি পালন কৰি আহিছে। মানুহৰ বাহিৰে অন্যান্য জীৱ-জন্তু আৰু গছ-গছনিৰ ওপৰতো বাৰ্ষিক গতিয়ে নানান প্ৰভাৱ বিস্তাৰ কৰিছে । মেৰু-ভালুক, নানা সৰীসৃপ, ভেকুলী আদি শীতকালত শীতনিদ্ৰাত থাকে; শীতকালত বহুতো চৰাইৰ ৰং-বিৰঙৰ পাখি সৰি শীতবোধক বগা পাখি গজি উঠে । শীতকালত বহুতো গছ-গছনিৰ পাত সৰি যায় আৰু বসন্তকালত নতুন পাত আহে, গছে-গছে ফুল ফুলে । তাপৰ পৰিৱৰ্তন ফলতে বায়ুমণ্ডলীয় চাপ আৰু আৰ্দ্ৰতাৰো পৰিৱৰ্তন ঘটে । মুঠতে বাৰ্ষিক গতিকে ভূ-পৃষ্ঠৰ জীৱজগত আৰু জলবায়ু তথা বতৰৰ ওপৰত ব্যাপক প্ৰভাৱ বিস্তাৰ কৰে ।
(চ) পৃথিৱীৰ কক্ষপথ বুলিলে কি বুজা ? কক্ষপথৰ এটা চিত্ৰ আঁকি দেখুওৱা ।
উত্তৰঃ- পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এটা নিৰ্দিষ্ট পাথৰেহে ঘূৰে । এই পথটো কিন্তু ঘূৰণীয়া নহয়, ই উপবৃত্তাকাৰাহে । সূৰ্যৰ চাৰিওফালে ঘূৰে এই উপবৃত্তাকাৰ পথটোক কক্ষপথ বোলে ।
৩। প্ৰশ্নঃ- শুদ্ধ উত্তৰ লিখা―
(ক) পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰা গতিটোৰ নাম কি ?
(১) আহ্নিক গতি (২) মেৰুদণ্ড (৩) বাৰ্ষিক গতি
উত্তৰঃ- (৩) বাৰ্ষিক গতি ।
(খ) বিষুৱৰেখাত সূৰ্যৰ পোহৰ কোন তাৰিখত পোনে পোনে পৰে ?
(১) ২১ মাৰ্চ (২) ২১ জুন (৩) ২২ ডিচেম্বৰ
উত্তৰঃ- (১) ২১ মাৰ্চ ।
(গ) পৃথিৱীৰ উপৰিভাগ ঋতু পৰিৱৰ্তন হোৱাৰ কাৰণ―
(১) বাৰ্ষিক গতি (২) আহ্নিক গতি (৩) এই দুটা গতিৰ এটাও নহয়
উত্তৰঃ- (১) বাৰ্ষিক গতি ।
(ঘ) অধিবৰ্ষৰ মুঠ দিনৰ সংখ্যা―
(১) ৩৬৫ দিন (২) ৩৬৬ দিন (৩) ৩৬৫ ১/২ দিন
উত্তৰঃ- (২) ৩৬৬ দিন ।
(ঙ) মকৰ সংক্ৰান্তি হোৱা দিনটো হ’ল―
(১) ২৩ চেপ্তেম্বৰ (২) ২১ মাৰ্চ (৩) ২২ ডিচেম্বৰ
উত্তৰঃ- (৩) ২২ ডিচেম্বৰ ।
৪। প্ৰশ্নঃ- খালী ঠাই পূৰ কৰা―
(ক) পৃথিৱীৰ নিজ মেৰুদণ্ডৰ ওপৰত এপাক মৰা ঘূৰণকে ___ বোলে ।
(খ) পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰা পথটোক ___ বোলে ।
(গ) ___ ঋতুৰ সময়ত দিন আটাইতকৈ চুটি হয় ।
(ঘ) পৃথিৱীৰ সোঁমাজেৰে উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগ কৰা
কাল্পনিক ৰেখাডালৰ নাম ___ ।
(ঙ) মকৰক্ৰান্তি বৃত্তটো পৃথিৱীৰ __ গোলাৰ্ধত কল্পনা কৰা হৈছে ।
(চ) পৃথিৱীয়ে ইয়াৰ কক্ষতলৰ লগত __ কোন কৰি হেলনীয়া হৈ থাকে ।
উত্তৰঃ- (ক) আহ্নিক গতি (খ) বাৰ্ষিক গতি (গ) শীত (ঘ) মেৰুদণ্ড (ঙ)
উত্তৰ (চ) ৬৬ ১/২°
Sl. No. | Contents |
Chapter 1 | সৌৰজগতত আমাৰ পৃথিৱী |
Chapter 2 | পৃথিৱীৰ আকাৰ আৰু আকৃতি |
Chapter 3 | পৃথিৱীৰ গতি |
Chapter 4 | পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ |
Chapter 5 | ভূগোল অধ্যয়নৰ আহিলা – মানচিত্ৰ |
Chapter 6 | পৃথিৱীৰ প্ৰধান ভূ-অৱয়ৱ |
Chapter 7 | অসম – জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি |
Chapter 8 | আমাৰ ভাৰতবৰ্ষ |
Chapter 9 | কি, ক’ত, কেতিয়া আৰু কেনেকৈ |
Chapter 10 | আদি প্ৰস্তৰ যুগ |
Chapter 11 | আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস |
Chapter 12 | প্ৰাচীন নগৰীয়া সভ্যতা |
Chapter 13 | বৈদিক সভ্যতা |
Chapter 14 | মহাজনপথ |
Chapter 15 | নতুন ভাবৰ উত্থান |
Chapter 16 | মহামতি অশোক আৰু কৌটিল্যৰ অৰ্থশাস্ত্ৰ |
Chapter 17 | আমাৰ মৌলিক প্ৰয়োজনসমূহ |
Chapter 18 | উন্নত জীৱনৰ প্ৰয়োজনসমূহ |
Chapter 19 | জীৱন-ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 20 | কৃষি , উদ্যোগ আৰু সেৱাখণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 21 | চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ |
Chapter 22 | গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ |
Chapter 23 | কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ |
Chapter 24 | স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা |

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.