Class 6 Social Science Chapter 4 পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Social Science Chapter 4 পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ and select needs one.
SEBA Class 6 Social Science Chapter 4 পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 6 Social Science Chapter 4 পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ Solutions for All Subject, You can practice these here…
পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ
পাঠ: 4
প্ৰথম খণ্ড – ভুগোল
চমুকৈ উত্তৰ দিয়া
১।(ক) পৃথিৱীৰ প্ৰধান চাৰিটা মণ্ডল কি কি ?
উত্তৰঃ- (১) স্থলমণ্ডল (২) জলমণ্ডল (৩) বায়ুমণ্ডল (৪) জীৱমণ্ডল
(খ) পৃথিৱীৰ প্ৰধান মহাদেশবোৰৰ নাম কি কি ?
উত্তৰঃ- পৃথিৱীৰ প্ৰধান মহাদেশ সাতখন । এই মহাদেশবোৰ হ’ল― এছিয়া, ইউৰোপ, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা,ওচেনিয়া, এন্টাৰ্কটিকা বা কুমেৰু মহাদেশ ।
(গ) দক্ষিণ গোলাৰ্ধত পৰা মহাদেশ খনৰ নাম কি ?
উত্তৰঃ- ওচেনিয়া ।
(ঘ) বায়ুমণ্ডলৰ বিভিন্ন স্তৰবোৰৰ নাম কি ?
(১) ট্ৰপস্ফিয়েৰ (২) ষ্ট্ৰেট’স্ফিয়েৰ (৩)মেছ’স্ফিয়েৰ (৪) থাৰ্মস্ফিয়েৰ ।
(ঙ) জীৱৰ বাবে বায়ুমণ্ডল কিয় প্ৰয়োজনীয় ?
উত্তৰঃ- বায়ুমণ্ডলৰ আৱৰণটো পৃথিৱীৰ অতি দৰকাৰী আৰু এৰাব নোৱাৰা অংগ । ই আমাৰ শ্বাস-প্ৰশ্বাসৰ বাবে প্ৰয়োজনীয় বায়ুৰ যোগান ধৰে । আনহাতে, ই সূৰ্যৰ ৰশ্মিৰ কুপ্ৰভাৱৰ পৰা জীৱজগতক ৰক্ষা কৰে ।
(চ) মহাদেশ আৰু মহাসাগৰৰ নাম লিখা ?
উত্তৰঃ- মহাদেশ সাতখন― (১) এছিয়া, (২)ইউৰোপ, (৩) আফ্ৰিকা, (৪)
উত্তৰ আমেৰিকা, (৫) দক্ষিণ আমেৰিকা, (৬) ওচেনিয়া, (৭)এন্টাৰ্কটিকা বা কুমেৰু মহাদেশ।
পৃথিৱীৰ মহাসাগৰ পাঁচখন― (১) প্ৰশান্ত মহাসাগৰ, (২) আটলান্টিক মহাসাগৰ, (৩)ভাৰত মহাসাগৰ, (৪) উত্তৰ মহাসাগৰ, (৫)দক্ষিণ মহাসাগৰ ।
২। প্ৰশ্নঃ- জীৱমণ্ডলত মানুহে কি কি পৰিৱৰ্তন সাধন কৰিছে ?
উত্তৰঃ- জীৱমণ্ডলত মানুহে অপৰিকল্পিতভাৱে ঘৰ দুৱাৰ, কল-কাৰখানা, নদীবান্ধ, গছকাটি, অৰণ্যভূমি, পৰিস্কাৰ কৰি ভূমি ক্ষয় কৰি জীৱমণ্ডলৰ অন্তৰ্গত বায়ু, পানী আৰু মাটি প্ৰদূষিত কৰিছে যাৰ বাবে বায়ুত কাৰ্বনডাই অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি হৈছে । আৰু গোটেই পৃথিৱীতে তাপ বৃদ্ধি হৈ গোলকীয় উষ্ণতা বৃদ্ধি হৈছে ।
৩। প্ৰশ্নঃ- শুদ্ধ উত্তৰটো নিৰ্বাচন কৰা ।
(ক) এছিয়া মহাদেশৰ পৰা ইউৰোপক পৃথক কৰা পৰ্বতমালা―
(১) এণ্ডিজ (২) হিমালয় (৩) য়ুৰাল
উত্তৰঃ- (৩) য়ুৰাল ।
(খ) শতকৰা হিচাপত বায়ুমণ্ডলত আটাইতকৈ বেছিকৈ থকা উপাদানবিধ―
(১) নাইট্ৰ’জেন (২) অক্সিজেন (৩) কাৰ্বনডাই অক্সাইড
উত্তৰঃ- (১) নাইট্ৰ’জেন ।
(গ) কঠিন শিলাৰে গঠিত পৃথিৱীৰ প্ৰধান মণ্ডলটো―
(১) বায়ুমণ্ডল (২) জলমণ্ডল (৩) স্থলমণ্ডল
উত্তৰঃ- (৩) স্থলমণ্ডল ।
(ঘ) আটাইতকৈ বৃহৎ মহাদেশখন হ’ল―
(১) আফ্ৰিকা (২) এছিয়া (৩) অষ্ট্ৰেলিয়া
উত্তৰঃ- (২) এছিয়া ।
৪। প্ৰশ্নঃ- জীৱমণ্ডলত জীৱৰ বসবাসৰ উপযোগী পৰিবেশ ৰক্ষা কৰিবলৈ আমি কি কৰা উচিত ?
উত্তৰঃ- জীৱমণ্ডলত জীৱৰ বসবাসৰ উপযোগী পৰিবেশ ৰক্ষা কৰিবলৈ আমি পৃথিৱীৰ সম্পদসমূহৰ ব্যৱহাৰৰ ক্ষেত্রত সুচিন্তিত হ’ব লাগিব, তেতিয়াহে স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডলৰ মাজত ভাৰসাম্য ৰক্ষা হ’ব আৰু পৃথিৱীখন জীৱৰ বসবাসৰ বাবে উপযোগী হৈ থাকিব ।
১। প্ৰশ্নঃ- স্থলমণ্ডল বুলিলে কি বুজা ?
উত্তৰঃ- পৃথিৱীৰ উপৰিভাগ বা ভূ-পৃষ্ঠ এটি জটিল অঞ্চল । বায়ু, পানী, মাটি আৰু তাপ পৰিৱেশৰ এই চাৰিটা প্ৰধান উপাদানে এই ধৰাপৃষ্ঠত গাত গা লগাই আছে । পৃথিৱীৰ উপৰিভাগ কঠিন অংশ যত আমি বসবাস কৰো তাকে স্থলভাগ বা স্থলমণ্ডল বোলে ।
২। জলমণ্ডল মানে কি ?
উত্তৰঃ- পৃথিৱীৰ উপৰিভাগ পানীৰে ভৰি থকা সেই অংশবোৰক জলভাগ বা জলমণ্ডল বোলে।
৩। প্ৰশ্নঃ- বায়ুমণ্ডল বুলিলে কি বুজা ?
উত্তৰঃ- পৃথিৱীখনক আৱৰি থকা গেছীয় আৱৰণটোক বায়ুমণ্ডল বুলি কোৱা হয় ।
৪। প্ৰশ্নঃ- জীৱমণ্ডল বুলিলে কাক বুজায় ?
উত্তৰঃ- মানুহকে ধৰি বিভিন্ন জীৱ-জন্তু বসবাস কৰা স্থলমণ্ডল, জলমণ্ডল আৰু বায়ুমণ্ডলক একেলগে সামৰি লৈ জীৱমণ্ডল বুলি কোৱা হয়।
৫। প্ৰশ্নঃ- পৃথিৱীৰ উচ্চতম শৃঙ্গ মাউন্ট এভাৰেষ্টৰ উচ্চতা কিমান ?
উত্তৰঃ- মাউন্ট এভাৰেষ্টৰ উচ্চতা ৮,৮৪৮ মিটাৰ।
৬। প্ৰশ্নঃ- এন্টাৰ্কটিকা মহাদেশ কোন গোলাৰ্ধত অৱস্থিত ?
উত্তৰঃ- দক্ষিণ গোলাৰ্ধত অৱস্থিত ।
৭। প্ৰশ্নঃ- মৈত্ৰী আৰু দক্ষিণ গংগোত্ৰী নামৰ গৱেষণা কেন্দ্ৰ দুটা ক’ত আছে ?
উত্তৰঃ- এন্টাৰ্কটিকা বা কুমেৰু মহাদেশত ।
৮। প্ৰশ্নঃ- পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ কোনখন ?
উত্তৰঃ- আটলান্টিক মহাসাগৰ ।
৯। প্ৰশ্নঃ- ভাৰত মহাসাগৰৰ আকৃতি কেনেধৰণৰ ?
উত্তৰঃ- ত্ৰিভূজ আকৃতিৰ ।
১০। প্ৰশ্নঃ- উত্তৰ মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰক কি প্ৰণালীয়ে সংলগ্ন কৰিছে ?
উত্তৰঃ- বেৰিং প্ৰণিলীয়ে ।
১। প্ৰশ্নঃ- বিষুৱৰেখা, কৰ্কট ক্ৰান্তি ৰেখা আৰু মকৰ ক্ৰান্তি ৰেখা তিনিডাল কোনখন মহাদেশৰ মাজেৰে পাৰ হৈ গৈছে ?
উত্তৰঃ- আফ্ৰিকা মহাদেশ ।
২। প্ৰশ্নঃ- পানামা যোজকে কোন কোন মহাদেশক লগ লগাইছে ?
উত্তৰঃ- উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাক ।
৩। প্ৰশ্নঃ- পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালাৰ নাম কি ?
উত্তৰঃ- এণ্ডিজ পৰ্বতমালা ।
৪। প্ৰশ্নঃ- পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন ?
উত্তৰঃ- ছাহাৰা মৰুভূমি ।
৫। প্ৰশ্নঃ- পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি ?
উত্তৰঃ- নীল নদী (একক নদী) ।
৬। প্ৰশ্নঃ- পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম কি ?
উত্তৰঃ- আমাজান নদী ।
৭। প্ৰশ্নঃ- পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি ?
উত্তৰঃ- এছিয়া মহাদেশ ।
৮। প্ৰশ্নঃ- মিৰিয়ানা খাতৰ গভীৰতা কিমান ?
উত্তৰঃ- ১১,০২২ মিটাৰ ।
৯। প্ৰশ্নঃ- পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ খনৰ নাম কি ?
উত্তৰঃ- ওচেনিয়া ।
১০। প্ৰশ্নঃ- পৃথিৱীৰ উপৰিভাগৰ শতকৰা কিমান ভাগ পানী আৰু
শতকৰা কিমান ভাগ মাটি ?
উত্তৰঃ- পৃথিৱীৰ উপৰিভাগৰ শতকৰা ৭১ ভাগৰো অধিক পানী আৰু শতকৰা ২৯ ভাগতকৈ কম ঠাই মাটিয়ে আগুৰি আছে ।
১১। প্ৰশ্নঃ- পৃথিৱীৰ বৃহত্তম আৰু গভীৰতম মহাসাগৰ কি ?
উত্তৰঃ- প্ৰশান্ত মহাসাগৰ ।
১২। প্ৰশ্নঃ- পৃথিৱীৰ উপৰিভাগৰ পৰা বায়ুমণ্ডল কিমান উচ্চতা পৰ্যন্ত প্ৰসাৰিত ?
উত্তৰঃ- প্ৰায় ১০,০০০ কিঃমিঃ ।
১৩। প্ৰশ্নঃ- থাৰ্মষ্ফিয়েৰ তলৰ অংশ আৰু ওপৰ অংশক কি বোলে ?
উত্তৰঃ- থাৰ্মষ্ফিয়েৰ তলৰ অংশ আয়নস্কিয়েৰ আৰু ওপৰ অংশক এক্স’ষ্ফিয়েৰ বোলা হয় ।
১৪। প্ৰশ্নঃ- বায়ুমণ্ডলৰ কোনটো গেছ উদ্ভিদৰ বৃদ্ধিৰ বাবে আৱশ্যকীয় ?
উত্তৰঃ- কাৰ্বনডাই অক্সাইড গেছ ।
Sl. No. | Contents |
Chapter 1 | সৌৰজগতত আমাৰ পৃথিৱী |
Chapter 2 | পৃথিৱীৰ আকাৰ আৰু আকৃতি |
Chapter 3 | পৃথিৱীৰ গতি |
Chapter 4 | পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ |
Chapter 5 | ভূগোল অধ্যয়নৰ আহিলা – মানচিত্ৰ |
Chapter 6 | পৃথিৱীৰ প্ৰধান ভূ-অৱয়ৱ |
Chapter 7 | অসম – জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি |
Chapter 8 | আমাৰ ভাৰতবৰ্ষ |
Chapter 9 | কি, ক’ত, কেতিয়া আৰু কেনেকৈ |
Chapter 10 | আদি প্ৰস্তৰ যুগ |
Chapter 11 | আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস |
Chapter 12 | প্ৰাচীন নগৰীয়া সভ্যতা |
Chapter 13 | বৈদিক সভ্যতা |
Chapter 14 | মহাজনপথ |
Chapter 15 | নতুন ভাবৰ উত্থান |
Chapter 16 | মহামতি অশোক আৰু কৌটিল্যৰ অৰ্থশাস্ত্ৰ |
Chapter 17 | আমাৰ মৌলিক প্ৰয়োজনসমূহ |
Chapter 18 | উন্নত জীৱনৰ প্ৰয়োজনসমূহ |
Chapter 19 | জীৱন-ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 20 | কৃষি , উদ্যোগ আৰু সেৱাখণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 21 | চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ |
Chapter 22 | গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ |
Chapter 23 | কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ |
Chapter 24 | স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা |

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.