Class 6 Social Science Chapter 2 পৃথিৱীৰ আকাৰ আৰু আকৃতি The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Social Science Chapter 2 পৃথিৱীৰ আকাৰ আৰু আকৃতি and select needs one.
SEBA Class 6 Social Science Chapter 2 পৃথিৱীৰ আকাৰ আৰু আকৃতি
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 6 Social Science Chapter 2 পৃথিৱীৰ আকাৰ আৰু আকৃতি Solutions for All Subject, You can practice these here…
পৃথিৱীৰ আকাৰ আৰু আকৃতি
পাঠ: 2
প্ৰথম খণ্ড – ভুগোল
পাঠভিত্তিক প্ৰশ্নোত্তৰ
১। প্ৰশ্নঃ- কৰ্কটক্ৰান্তি ৰেখা কাক বোলে ?
উত্তৰঃ- পৃথিৱীৰ উপৰিভাগক কেইটামান তাপমণ্ডলত ভাগ কৰা হৈছে । পৃথিৱীৰ সোঁমাজৰ কাল্পনিক ৰেখা বিষুৱ ৰেখাৰ উত্তৰফালে অৱস্থিত ২৩ ১/২° উঃ অক্ষাংশ কাল্পনিক ৰেখাডালকেই কৰ্কটক্ৰান্তি ৰেখা বোলে ।
(খ) তাপমণ্ডল তিনিটা কি কি ?
উত্তৰঃ- (১) গ্ৰীষ্ম মণ্ডল (২) নাতিশীতোষ্ণ মণ্ডল (৩) শীতমণ্ডল
(গ) অক্ষৰেখা কাক বোলে ?
উত্তৰঃ- বিষুৱ ৰেখাৰ সমান্তৰালকৈ ক্ৰমে উত্তৰলৈ আৰু দক্ষিণলৈ পূৱা-পশ্চিমাকৈ কিছুমান বৃত্তাকাৰ ৰেখা কল্পনা কৰা হৈছে । এই ৰেখাবোৰকে অক্ষৰেখা বোলে ।
(ঘ) দ্ৰাঘিমা ৰেখা কাক বোলে ?
উত্তৰঃ- পৃথিৱীৰ উপৰিভাগত কোনো ঠাইৰ অৱস্থান নিৰ্ণয়ৰ বাবে অক্ষ ৰেখাৰ উপৰি উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগী কিছুমান কাল্পনিক ৰেখাৰ সহায় লোৱা হয় । এই ৰেখাবোৰকেই দ্ৰাঘিমা ৰেখা বোলে ।
(ঙ) গ্ৰীষ্মমণ্ডল আটাইতকৈ অধিক উষ্ম কিয় হয় ?
উত্তৰঃ- গ্ৰীষ্মমণ্ডলত (কৰ্কটক্ৰান্তি অক্ষাংশ আৰু মকৰক্ৰান্তি দঃ অক্ষাংশ) ৰেখাৰ মাজত বছৰৰ প্ৰায়ভাগ সময়তে সূৰ্যৰ ৰশ্মি প্ৰায় পোনপটীয়াভাৱে পৰাৰ ফলত ই অধিক উষ্ম হয় । ইয়াৰ উত্তাপ প্ৰায় সমানে থাকে বাবে ই অধিক উষ্ম হয় ।
(চ) বিষুৱ ৰেখা কোনটো তাপমণ্ডলত অৱস্থিত ?
উত্তৰঃ- বিষুৱ ৰেখা উষ্ম মণ্ডলৰ সোঁমাজত অৱস্থিত । ই এক কাল্পনিক ৰেখা ।
(ছ) মেৰু অঞ্চলত সাগৰৰ পানী কিয় গোট মাৰি থাকে ?
উত্তৰঃ- মেৰু অঞ্চলত অতিপাত শীতল বাবে বছৰৰ প্ৰায় বাৰ মাহে এই অঞ্চলত বহু অংশত পানী গোট মাৰি বৰফ হৈ থাকে । ইয়াৰ কাৰণ হ’ল ইয়াত ছমাহ কাল সূৰ্যৰ ৰশ্মি অতি হেলনীয়াভাৱে পৰে আৰু ছমাহ কাল সূৰ্যৰ ৰশ্মি প্ৰায় নপৰে ।
১। প্ৰশ্নঃ- (ক) কৰ্কটক্ৰান্তি ৰেখাডাল পৃথিৱীৰ কোনটো গোলাৰ্ধত কল্পনা কৰা হৈছে ?
উত্তৰঃ- উত্তৰ গোলাৰ্ধত ।
(খ) কোনবোৰ কাল্পনিক ৰেখাই পৃথিৱীৰ দুই মেৰুবিন্দুক সংযোগ কৰিছে ?
উত্তৰঃ- দ্ৰাঘিমা ৰেখা বোৰে ।
(গ) গোলকৰ কোনটো ফালে উত্তৰ মেৰু থাকে ?
উত্তৰঃ- উত্তৰফালে ।
(ঘ) বিষুৱ ৰেখাৰ অক্ষাংশ কিমান ?
উত্তৰঃ- ০° অক্ষাংশ ।
(ঙ) তুমি কোন গোলাৰ্ধৰ বাসিন্দা ?
উত্তৰঃ- উত্তৰ গোলাৰ্ধৰ ।
৩। চমু উত্তৰ দিয়া―(শুদ্ধ উত্তৰ বাছি উলিওৱা)
প্ৰশ্নঃ- (ক) মুখ্য দ্ৰাঘিমা ৰেখাৰ মান হৈছে―
(১) ৯৯° (২) ০° (৩) ৬৬°
উত্তৰঃ- (২) ০°
(খ) শীতমণ্ডলৰ অৱস্থান হৈছে― (১) মেৰু অঞ্চলত (২) বিষুৱীয় অঞ্চলত
উত্তৰঃ- (১) মেৰু অঞ্চলত ।
(গ) বিষুৱৰ পৰা কিমান ডিগ্ৰী অক্ষাংশত মকৰ ক্ৰান্তি ৰেখা পোৱা যায় ?
(১) ৬৬ ১/২° দক্ষিণ অক্ষাংশ (২) ২৩ ১/২° দক্ষিণ অক্ষাংশ (৩) ২৩ ১/২° উত্তৰ অক্ষাংশ
উত্তৰঃ- (১) ৬৬ ১/২° দক্ষিণ অক্ষাংশ ।
(ঘ) ১° অন্তৰে অন্তৰে দ্ৰাঘিমা ৰেখাৰ মুঠ সংখ্যা হব―
(১) ১৮০ ডাল (২) ৩৬০ ডাল (৩) ৯০ ডাল
উত্তৰঃ- (২) ৩৬০ ডাল ।
৪। প্ৰশ্নঃ- (ক) বিষুৱ ৰেখাৰ পৰা উত্তৰ আৰু দক্ষিণ দিশে বিত্তৃত হৈ থকা তাপমণ্ডলটোৰ নাম কি ?
উত্তৰঃ- উষ্ণমণ্ডল ।
(খ) সূৰ্যৰ ৰশ্মি অতি হেলনীয়াভাৱে পৰা অঞ্চলত সাগৰৰ পানী সাধাৰণতে কি অৱস্থাত আছে ?
উত্তৰঃ- গোট মাৰি বৰফ হোৱা অৱস্থাত থাকে।
(গ) পৃথিৱীয়ে কক্ষতলৰ লগত কিমান ডিগ্ৰী কোণ কৰি আছে ?
উত্তৰঃ- ৬৬ ১/২° কোণ কৰি আছে ।
(ঘ) ভাৰতবৰ্ষ মুখ্য দ্ৰাঘিমাৰেখাৰ পূৱ নে পশ্চিম দিশ অৱস্থিত ?
উত্তৰঃ- পূৱ দিশত ।
(ঙ) গোলক আকি তলত দিয়াবোৰ বহুওৱা ।
(ক) মেৰুদণ্ড (খ) উত্তৰ মেৰু (গ) দক্ষিণ মেৰু (ঘ) বিষুৱ ৰেখা ।
উত্তৰঃ-.

১। প্ৰশ্নঃ- পৃথিৱীৰ আকৃতি কেনেকুৱা ?
উত্তৰঃ- পৃথিৱীৰ আকৃতি সাধাৰণতে ঘূৰণীয়া বুলি কওঁ । পিছে ই সম্পূৰ্ণ ঘূৰণীয়া নহয় । ইয়াৰ দুয়ো মূৰ সামান্য চাপ খোৱা আৰু মাজৰ অংশ অলপ ওফন্দি উঠা । পৃথিৱীৰ আকৃতি লবলৈ গোলক ব্যৱহাৰ কৰা হয় । কিন্তু ঘূৰণীয়া গোলকত ইয়াক দেখুৱাবলৈ অসুবিধা । সেয়েহে আমাৰ সুবিধাৰ বাবে গোলকত পৃথিৱীখনক ঘূৰণীয়া কৰিয়েই দেখুওৱা হয় । পৃথিৱীৰ আকৃতিটো আন কোনো বস্তুৰ লগত নিমিলে । ই কেৱল পৃথিৱীৰ আকৃতিৰ লগত মিলে । সেয়েহে ইয়াক জিয়ইড (Geoid) বোলে ।
২। প্ৰশ্নঃ- মেৰুদণ্ড কাক বোলে ?
উত্তৰঃ- পৃথিৱীৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগ কৰি এডাল ৰেখা কল্পনা কৰা হৈছে । এই ৰেখাডালকে পৃথিৱীৰ মেৰুদণ্ড বোলে । ই ধৰাতলৰ লগত ৬৬ ১/২° কোণ কৰি হানি থাকে ।
৩। প্ৰশ্নঃ- বিষুৱ ৰেখা কাক বোলে ?
উত্তৰঃ- পৃথিৱীৰ উপৰিভাগত সোঁমাজেৰে পূৱা-পশ্চিমাকৈ এডাল ৰেখা কল্পনা কৰা হৈছে । এই ৰেখাডালকে বিষুৱ ৰেখা বোলে । বিষুৱ ৰেখা হ’ল পৃথিৱীৰ সমানে দুভাগ কৰা এডাল কাল্পনিক বৃত্তাকাৰ ৰেখা । পৃথিৱীৰ উপৰিভাগত কোনো ঠাইৰ অৱস্থিতি নিৰ্ণয় কৰাৰ ক্ষেত্ৰত বিষুৱ ৰেখাৰ সহায় লোৱা হয় । অৰ্থাৎ কোনো এখন ঠাই বিষুৱৰ উত্তৰে নে দক্ষিণে তাক বিষুৱৰেখাৰ পৰা জানিব পাৰি ।
৪। প্ৰশ্নঃ- অক্ষাংশ মানে কি বুজা ?
উত্তৰঃ- প্ৰতিডাল অক্ষৰেখাৰ মান বা জোখক অক্ষাংশ বোলে । বিষুৱৰ উত্তৰলৈ থকা অক্ষৰেখা সমূহৰ মান বা জোখক উত্তৰ অক্ষাংশ বোলে । অক্ষৰেখাবোৰৰ ভিতৰত বিষুৱেই সৰ্ববৃহৎ । সেইবাবেই বিষুৱৰেখাক গুৰুবৃত্ত (Great circle) আৰু 0° অক্ষৰেখা (অৰ্থাৎ বিষুৱৰেখা) ৰ বাহিৰে আন অক্ষৰেখা সমূহক লঘুবৃত্ত (Small circle) বোলা হয় । অক্ষৰেখাবোৰৰ মান অৰ্থাৎ অক্ষাংশ বিষুৱৰেখাৰ ওপৰত ভিত্তি কৰি নিৰ্ণয় কৰা হয়। থূলমূলকৈ, এডাল অক্ষ ৰেখাই বিষুৱৰেখাৰ লগত পৃথিৱীৰ কেন্দ্ৰত উৎপন্ন কৰা কৌণিক দূৰত্বই হ’ল সেই ৰেখাডালৰ অক্ষাংশ (Latitude) ।
৫। প্ৰশ্নঃ- মুখ্য দ্ৰাঘিমাৰেখা ক’ৰ পৰা গণনা কৰা হয় ?
উত্তৰঃ- দ্ৰাঘিমাৰেখা সমূহক গণনাৰ সুবিধাৰ বাবে লণ্ডন চহৰৰ কাষৰ গ্ৰীনিজ (Greenwich) মান মন্দিৰৰ ওপৰেৰে কল্পনা কৰা দ্ৰাঘিমা ৰেখাডালৰ পৰা গণনা আৰম্ভ কৰিছে । সেয়েহে এই ৰেখা ডালকে মুখ্য দ্ৰাঘিমা ৰেখা বা প্ৰাথমিক দ্ৰাঘিমা ৰেখা (Prime Meridian) হিচাপে নামকৰণ কৰা হৈছে ।
৬। প্ৰশ্নঃ- পৃথিৱীৰ যিকোনো ঠাইৰ অৱস্থান কেনেকৈ নিৰ্ণয় কৰিব পাৰি ?
উত্তৰঃ- অক্ষৰেখা আৰু দ্ৰাঘিমাৰেখাৰ সহায়ত পৃথিৱীৰ যিকোনো ঠাইৰ অৱস্থান নিৰ্ণয় কৰিব পাৰি ।
৭। প্ৰশ্নঃ- চমুটোকা লিখাঃ
(ক) উত্তৰমেৰু বা সুমেৰু (খ) দক্ষিণমেৰু বা কুমেৰু ।
উত্তৰঃ- উত্তৰমেৰু বা সুমেৰুঃ- পৃথিৱীৰ কেন্দ্ৰৰে পাৰ হৈ যোৱা কাল্পনিক মেৰুদণ্ডডালে দুয়োটা মূৰ সংযোগ কৰা ওপৰৰ পিনে থকা বিন্দুটোক উত্তৰমেৰু বা সুমেৰু (North Pole) বোলে । ইয়াৰ মান ৯০° উত্তৰ ।
দক্ষিণমেৰু বা কুমেৰুঃ- পৃথিৱীৰ কেন্দ্ৰৰে পাৰ হৈ যোৱা কাল্পনিক মেৰুদণ্ডডালে দুয়োটা মূৰ সংযোগ কৰা তলৰ পিনে থকা বিন্দুটোক দক্ষিণমেৰু বা কুমেৰু (South Pole) বোলা হয়। ইয়াৰ মান ৯০° দক্ষিণ ।
Sl. No. | Contents |
Chapter 1 | সৌৰজগতত আমাৰ পৃথিৱী |
Chapter 2 | পৃথিৱীৰ আকাৰ আৰু আকৃতি |
Chapter 3 | পৃথিৱীৰ গতি |
Chapter 4 | পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ |
Chapter 5 | ভূগোল অধ্যয়নৰ আহিলা – মানচিত্ৰ |
Chapter 6 | পৃথিৱীৰ প্ৰধান ভূ-অৱয়ৱ |
Chapter 7 | অসম – জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি |
Chapter 8 | আমাৰ ভাৰতবৰ্ষ |
Chapter 9 | কি, ক’ত, কেতিয়া আৰু কেনেকৈ |
Chapter 10 | আদি প্ৰস্তৰ যুগ |
Chapter 11 | আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস |
Chapter 12 | প্ৰাচীন নগৰীয়া সভ্যতা |
Chapter 13 | বৈদিক সভ্যতা |
Chapter 14 | মহাজনপথ |
Chapter 15 | নতুন ভাবৰ উত্থান |
Chapter 16 | মহামতি অশোক আৰু কৌটিল্যৰ অৰ্থশাস্ত্ৰ |
Chapter 17 | আমাৰ মৌলিক প্ৰয়োজনসমূহ |
Chapter 18 | উন্নত জীৱনৰ প্ৰয়োজনসমূহ |
Chapter 19 | জীৱন-ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 20 | কৃষি , উদ্যোগ আৰু সেৱাখণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 21 | চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ |
Chapter 22 | গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ |
Chapter 23 | কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ |
Chapter 24 | স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা |

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.