Class 6 Social Science Chapter 8 আমাৰ ভাৰতবৰ্ষ answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Social Science Chapter 8 আমাৰ ভাৰতবৰ্ষ and select needs one.
SEBA Class 6 Social Science Chapter 8 আমাৰ ভাৰতবৰ্ষ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 6 Social Science Unit 8 আমাৰ ভাৰতবৰ্ষ Solutions for All Subject, You can practice these here.
আমাৰ ভাৰতবৰ্ষ
পাঠ: 8
প্ৰথম খণ্ড – ভুগোল
অনুশীলনী:
(ক) উত্তৰ দিয়া —
(১) ভাৰতৰ প্ৰধান প্ৰাকৃতিক বিভাগবোৰ কি কি?
উত্তৰ:- ভাৰতৰ প্ৰধান বিভাগবোৰ হ’ল –
(i) উত্তৰ পাৰ্বত্য অঞ্চল।
(ii) উত্তৰ ভাৰত সমভূমি অঞ্চল।
(iii) দাক্ষিণাত্য মালভূমি অঞ্চল।
(iv) উপকূলীয় নিম্নভূমি আৰু দ্বীপ অঞ্চল।
(২) দক্ষিণ ভাৰতৰ চাৰিখন প্ৰধান নদীৰ নাম লিখা।
উত্তৰ:- দক্ষিণ ভাৰতৰ চাৰিখন প্ৰধান নদীৰ নাম হ’ল – মহানদী, গোদাবৰী, কৃষ্ণা আৰু কাবেৰী।
(৩) ভাৰতৰ চাৰিসীমাত থকা ৰাষ্ট্ৰ সাত খনৰ নাম লিখা।
উত্তৰ:- ভাৰতৰ চাৰিসীমাত থকা ৰাষ্ট্ৰ সাতখনৰ নাম হ’ল – পাকিস্তান, আফগানিস্তান, চীন, বাংলাদেশ, নেপাল, ভূটান, শ্ৰীলংকা।
(৪) ভাৰতত মুঠতে কিমান ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আছে?
উত্তৰ:- ভাৰতত মুঠতে ২৮ খন ৰাজ্য আৰু ৮ খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে।
(৫) উত্তৰ ভাৰতৰ সমভূমি অঞ্চলত কিয় জনবসতি ঘন?
উত্তৰ:- উত্তৰ ভাৰতৰ সমভূমি সিন্ধু, গংগা, আৰু ব্ৰহ্মপুত্ৰ নদীৰ পলসুৱা মাটিৰে গঠিত। এনে মাটি কৃষি উপযোগী বাবে কাৰণে এই অঞ্চলত জনবসতি ঘন।
(৬) ভাৰতৰ পূব উপকূল আৰু পশ্চিম উপকূলৰ মাজত কি কি পাৰ্থক্য আছে?
উত্তৰ:- ভাৰতৰ পূব উপকূল আৰু পশ্চিম উপকূলৰ মাজৰ পাৰ্থক্য হৈছে – ভাৰতৰ পূব উপকূল অঞ্চল তুলনমূলকভাৱে বহল আৰু সাৰুৱা। আনহাতে, পশ্চিম উপকূল অঞ্চল ঠেক, শিলাময় আৰু অসাৰুৱা।
(৭) ভাৰতক কিয় এখন বৈচিত্ৰপূৰ্ণ দেশ বুলি কোৱা হয়?
উত্তৰ:- ভাৰতত বহু ভাষা – ভাষী লোক বাস কৰে । এই ভাষা সমূহৰ ভিতৰত ২২ টা ভাষা চৰকাৰী কাম – কাজত ব্যৱহাৰ কৰাৰ বাবে স্বীকৃতি লাভ কৰিছে । হিন্দী আৰু ইংৰাজী ভাষা অধিকাংশলোকৰ ভাষা হিচাপে ব্যৱহাৰ হয়।
ভাষাৰ নিচিনাকৈ ভাৰতত ভিবিন্ন ধৰ্মৰ লোকে যুগ যুগ ধৰি বাস কৰি আহিছে। হিন্দু, ইছলাম, খ্ৰীষ্টান, শিখ, জৈন, বৌদ্ধ আদি ভাৰতীয় লোকৰ উল্লেখযোগ্য ধৰ্ম। ভাৰতীয় গন্তন্ত্ৰই ধৰ্মনিৰপেক্ষ নীতি অৱম্বন কৰি সকলো ধৰ্মৰ প্ৰতি সমভাব প্ৰকাশ কৰিছে।
ইতিহাস ঢুকি পোৱা কালৰে পৰা ভাৰতে কৃষ্টি – সংস্কৃতিৰ ক্ষেত্ৰত চহকী হিচাপে পৰিচয় দি আহিছে। এনেবোৰ বিশেষ কাৰণৰ বাবে ভাৰত এখন বৈচিত্ৰ্যপূৰ্ণ দেশ বুলি কোৱা হয়।
(খ) সোঁফালৰ লগত বাওঁফাল মিলোৱা —
বাওঁফাল | সোঁফাল |
এভাৰেষ্ট | ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰ |
তাপ্তি | স্বাস্থ্যকৰ ঠাই |
আনন্দমান আৰু নিকোবৰ | পৃথিৱীৰ সৰ্ব্বোচ্চ পৰ্বত শৃংগ |
নেপাল | বংগোপসাগৰত থকা দ্বীপুঞ্জ |
নাইনিতাল | দক্ষিণ ভাৰতৰ নদী |
উত্তৰ:-
বাওঁফাল | সোঁফাল |
এভাৰেষ্ট | পৃথিৱীৰ সৰ্ব্বোচ্চ পৰ্বত শৃংগ ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰ |
তাপ্তি | দক্ষিণ ভাৰতৰ নদী স্বাস্থ্যকৰ ঠাই |
আনন্দমান আৰু নিকোবৰ | বংগোপসাগৰত থকা দ্বীপপুঞ্জ |
নেপাল | ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰ |
নাইনিতাল | স্বাস্থ্যকৰ ঠাই |
(গ) খালী ঠাই পূৰ কৰা —
(১) ভাৰতৰ মূল খণ্ডত একেবাৰে দক্ষিণত থকা ঠাইখন হ’ল………………. ( কন্যাকুমাৰী/ পণ্ডিচেৰী)
উত্তৰ:- কন্যাকুমাৰী।
(২) ভাৰতক…………. প্ৰায় সমানে দুভাগ কৰিছে ( বিষুৱ ৰেখায়ে / মকৰক্ৰান্তি ৰেখায়ে/ কৰ্কটক্ৰান্তি ৰেখায়ে)
উত্তৰ:- কৰ্কটক্ৰান্তি ৰেখায়ে।
(৩) গংগা নদীৰ উৎস হিমবাহ………( টামছুক খাম্বাব/ গঙ্গুত্ৰি)
উত্তৰ:- গঙ্গুত্ৰী।
(৪) ………… ভাৰতক শ্ৰীলংকাৰ পৰা পৃথক কৰিছে ( চুৱেজ খালে/ পানমা খালে/ পক্ প্ৰণালীয়ে)
উত্তৰ:- পক্ প্ৰণালীয়ে।
(ঘ) ভূচিত্ত্রাৱলী বা মানচিত্ৰ সহায় লৈ উত্তৰ উলিওৱা —
(১) অৰাব সাগৰত পৰা দুখন উল্লেখযোগ্য নদীৰ নাম।
উত্তৰ:- নৰ্মদা আৰু তাপ্তী।
(২) হিমালয় পৰ্বতমালাৰ একেবাৰে ওচৰা – ওচৰিকৈ থকা তিনি খন দেশৰ নাম।
উত্তৰ:- ভাৰত, নেপাল আৰু চীন।
(৩) ভাৰতৰ প্ৰতিৱেশী দ্বীপ ৰাষ্ট্ৰ কি?
উত্তৰ:- শ্ৰীলংকা।
(৪) ভাৰতৰ পূব উপকূল আৰু পশ্চিম উপকূলত পৰা নদীসমূহ চিনাক্ত কৰি নাম লিখা?
উত্তৰ:- ভাৰতৰ পূব উপকূলত পৰা নদী সমূহ হ’ল – মহানদী, গোদাবৰী, কৃষ্ণা আৰু কাবেৰী। পশ্চিম উকূলত পৰা নদীসমূহ হ’ল – নৰ্মদা আৰু তাপ্তী।
Sl. No. | Contents |
Chapter 1 | সৌৰজগতত আমাৰ পৃথিৱী |
Chapter 2 | পৃথিৱীৰ আকাৰ আৰু আকৃতি |
Chapter 3 | পৃথিৱীৰ গতি |
Chapter 4 | পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ |
Chapter 5 | ভূগোল অধ্যয়নৰ আহিলা – মানচিত্ৰ |
Chapter 6 | পৃথিৱীৰ প্ৰধান ভূ-অৱয়ৱ |
Chapter 7 | অসম – জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি |
Chapter 8 | আমাৰ ভাৰতবৰ্ষ |
Chapter 9 | কি, ক’ত, কেতিয়া আৰু কেনেকৈ |
Chapter 10 | আদি প্ৰস্তৰ যুগ |
Chapter 11 | আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস |
Chapter 12 | প্ৰাচীন নগৰীয়া সভ্যতা |
Chapter 13 | বৈদিক সভ্যতা |
Chapter 14 | মহাজনপথ |
Chapter 15 | নতুন ভাবৰ উত্থান |
Chapter 16 | মহামতি অশোক আৰু কৌটিল্যৰ অৰ্থশাস্ত্ৰ |
Chapter 17 | আমাৰ মৌলিক প্ৰয়োজনসমূহ |
Chapter 18 | উন্নত জীৱনৰ প্ৰয়োজনসমূহ |
Chapter 19 | জীৱন-ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 20 | কৃষি , উদ্যোগ আৰু সেৱাখণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 21 | চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ |
Chapter 22 | গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ |
Chapter 23 | কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ |
Chapter 24 | স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা |
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.