Class 12 Sociology Chapter 13 বিশ্বায়ন আৰু সামাজিক পৰিবর্তন

Class 12 Sociology Chapter 13 বিশ্বায়ন আৰু সামাজিক পৰিবর্তন The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Sociology Chapter 13 বিশ্বায়ন আৰু সামাজিক পৰিবর্তন and select needs one.

Class 12 Sociology Chapter 13 বিশ্বায়ন আৰু সামাজিক পৰিবর্তন

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Sociology Chapter 13 বিশ্বায়ন আৰু সামাজিক পৰিবর্তন Solutions for All Subject, You can practice these here…

চমু প্রশ্নোত্তৰ

প্রশ্ন ১। উদাৰীকৰণ বুলিলে কি বুজা ? নাইবা , উদাৰীকৰণ আৰু ভাৰতীয় অর্থনীতি সম্পর্কে এটি টোকা লিখা । 

উত্তৰঃ উদাৰীকৰণ হ’ল নিয়ন্ত্রীত অর্থনীতিৰ ওপৰত থকা অপ্রয়ােজনীয় বাধানিষেধবােৰ উঠাই দিয়া । যেতিয়া বাণিজ্য আৰু উদ্যোগৰ ওপৰত থকা অপ্রয়ােজনীয় বাধা – নিষেধবােৰ উঠাই দিয়া হয় , তেতিয়া অর্থনীতি বেছি প্রতিদ্বন্দী আৰু প্রগতিশীল হয় বা মুক্ত হয় আৰু তাকে উদাৰীকৰণ বােলে । এইটো এনে এটা পদ্ধতি যত পৃথিৱীৰ বিভিন্ন দেশসমূহক এনেকুৱা কিছুমান সুবিধা দিব খােজা হয় য’ত তেওঁলােকে মুক্ত বাণিজ্যিক উন্নয়ন গঢ়ি তুলিব পাৰে । ইয়াৰ প্রধান উদ্দেশ্যবােৰৰ এটা হ’ল বেছি ভাল আন্তৰাষ্ট্ৰীয় অর্থনৈতিক সম্পর্ক গঢ়ি তােলাটো । এই নীতিয়ে অর্থনীতিয়ে কাম কৰিব পৰা ক্ষমতা বৃদ্ধি কৰে আৰু ব্যক্তিগত কোম্পানীবােৰে বেছি ভাল ফল দেখুৱাবলৈ সক্ষম হয় । 

প্রশ্ন ২। গােলকীকৰণৰ পদ্ধতি ব্যাখ্যা কৰা । নাইবা , পৃথিৱীখনক গােলকীকৰণে এখন গাওঁত পৰিণত কৰিছে ব্যাখ্যা কৰা । 

উত্তৰঃ গােলকীকৰণ এনে এক পদ্ধতি যত এখন দেশৰ অর্থনীতি আন এখন দেশৰ অর্থনীতিৰ লগত সংলগ্নিত হয় । ই এইটোকে বুজায় যে ই হ’ল বিভিন্ন দেশৰ মাজত অবাধ গতিৰে হােৱা কিছুমান সামগ্রী , সেৱা, মূলধন আৰু শ্ৰমৰ বিনিময় , ইয়াকে গােলকীকৰণ বুলি জনা যায় । মুঠতে পৃথিৱীৰ দেশবােৰৰ মাজত বেপাৰ বাণিজ্যৰ মজেৰে হােৱা বিনিময় ব্যৱস্থা বা পদ্ধতিটোকে গােলকীকৰণ বােলে । ইয়াত খােলাখুলি আৰু মুক্তভাবে বিভিন্ন দেশৰ মাজত বাণিজ্যিক বিনিময় হয় । এইদৰে পৃথিৱীৰ অর্থনীতি ঐক্যবদ্ধতা হােৱাকে গােলকীকৰণ বুলি কোৱা হয় । গােলকীকৰণে পৃথিৱীখনক এখন গাঁৱত পৰিণত কৰিছে । 

প্রশ্ন ৩। গােলকীকৰণৰ লগত নিয়োগৰ সম্পর্ক কি ?

উত্তৰঃ গােলকীকৰণৰ লগত জড়ি হৈ থকা আন এটা প্রক্রিয়া হ’ল নিয়ােগ ব্যৱস্থা । এই দুয়ােটাৰে এটা সম্পর্ক আছে । গােলকীকৰণৰ ফলত কিছুমান অনিষ্টকাৰী ফলাফলহে দেখা যায় যদিও বহুতাে ভাল ফলাফলে দেখা দিয়ে এই ক্ষেত্ৰত গােলকীকৰণে বিভিন্ন দিশত সংস্থাপনৰ ব্যৱস্থা সৃষ্টি কৰা দেখা যায় । নগৰীয়া মধ্যবিত্ত যুৱক – যুৱতী সকলৰ বাবে গােলকীকৰণ আৰু তথ্যপ্রযুক্তিৰ বিপ্লবে তেওঁলােকৰ জীৱনলৈ বৃত্তি লাভৰ নতুন পথ মুকলি কৰিছে । 

গােলকীকৰণৰ বাবেই আমাৰ উঠি অহা প্রজন্মই সাধাৰণ শিক্ষাৰ ডিগ্ৰীধাৰী হােৱাতকৈ নতুন তথ্যপ্রযুক্তি প্রশিক্ষণ লৈ গােলকীকৰণে প্রতিষ্ঠা কৰা কম্পিউটাৰ , ইণ্টাৰনেট অলেখ চাকৰি বাকৰি সংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে । শপিংমল , ৰেষ্টোৰেণ্ট , হােটেল , মােবাইল ফোন কোম্পানী , B.PO. ( Business Process Outsourcing ) বােৰত যথেষ্ট সংখ্যক সংস্থাপন ব্যৱস্থাৰ সৃষ্টি হােৱা দেখা যায় । গতিকে গােলকীকৰণ আৰু নিয়ােগ ব্যৱস্থাৰ সম্পর্ক যথেষ্ট বেছি । 

Sl. No.সূচী-পত্ৰ
Unit 1 প্ৰথম খণ্ড
Chapter 1ভাৰতীয় সমাজ
Chapter 2ভাৰতীয় সমাজৰ জনসংখ্যাৰ গাঁথনি
Chapter 3 সামাজিক সংস্থাবােৰৰ ধাৰাবাহিকতা আৰু পৰিবর্তন
Chapter 4সামাজিক সংস্থা হিচাপে বজাৰ
Chapter 5সামাজিক বৈষম্য আৰু বৰ্জন আৰ্হি
Chapter 6সাংস্কৃতিক বিচিত্ৰতাৰ প্ৰত্যাহ্বান
Chapter 7প্রকল্প আঁচনিৰ বাবে পৰামর্শ
Unit 2দ্বিতীয় খণ্ড
Chapter 1সংৰচনাত্মক পৰিৱর্তন
Chapter 2সাংস্কৃতিক পৰিবর্তন
Chapter 3ভাৰতীয় গণতন্ত্রৰ বিৱৰণ
Chapter 4গ্রাম্য সমাজত পৰিৱৰ্তন আৰু বিকাশ
Chapter 5ঔদ্যোগিক সমাজৰ পৰিৱৰ্তন আৰু বিকাশ
Chapter 6বিশ্বায়ন আৰু সামাজিক পৰিবর্তন
Chapter 7গণমাধ্যম আৰু যােগাযােগ
Chapter 8সামাজিক আন্দোলন

প্রশ্ন ৪। গােলকীয় অর্থনীতি স্পষ্ট বৈশিষ্ট্যবােৰ কি কি ? 

উত্তৰঃ গােলকীয় অর্থনীতিৰ স্পষ্ট বৈশিষ্ট্যবােৰ তলত উল্লেখ কৰা হ’ল— 

( ১ ) গােলকীকৰণে সামাজিক আৰু অর্থনৈতিক সম্পর্কক একে লেঠাৰিয়ে গােটেই পৃথিবীতে জড়িত কৰি ৰাখে । 

( ২ ) লেঠাৰি নিচিগা এই পদ্ধতিক কিছুমান অর্থনৈতিক নীতিয়ে ঠেলি দি থাকে । 

( ৩ ) যদিও অর্থনৈতিক শক্তি গােলকীকৰণৰ এটা অবিচ্ছেদ্য অংগ তথাপি , এইটো কোৱা শুদ্ধ নহব যে তেওঁলােকে ( অর্থনীতিয়ে ) অকলে ইয়াক উৎপাদন কৰিছে । 

( ৪ ) আন্তৰাষ্ট্ৰীয় মুদ্ৰাৰ সংস্থাবােৰৰ যেনে— IMF আৰু WTO আদিৰ যথেষ্ট বৰঙণি আছে । বৈদ্যুতিক অর্থনীতিয়েও অর্থনৈতিক গােলকীকৰণক সমর্থন জনাই আহিছে । 

প্রশ্ন ৫। বৈদ্যুতিক অর্থনীতিয়ে কিদৰে অর্থনৈতিক গােলকীকৰণক সহায় সমর্থন আগবঢ়ায় ? 

উত্তৰঃ বৈদ্যুতিক অর্থনীতি এটা প্রধান উপাদান যিটোৱে গােলকীকৰণ অর্থনীতি সহায় সহযােগ দিয়ে । বেংক , নিগম , নিধি পৰিচালক ( Fund Manager ) , ব্যক্তিগত বিনিয়ােগকাৰী আদিয়ে কেৱল মাত্র কম্পিউটাৰৰ মাউচ ( mouse ) টোত মাথােন টিপ ( click ) এটা মাৰিয়ে জমা ধন আন্তৰাষ্ট্ৰীয় ভাবে ইহাত – সিহাত কৰিব পাৰে । এনেকি পৃথিৱীৰ বিভিন্ন প্রান্তলৈ যােগাযােগ কৰি বাণিজ্যিক লেন – দেন কৰিব পাৰে । তথাপি এই তীব্র গতিৰ বৈদ্যুতিক ধন দেনত কিছুমান বিপদ সংকেত নথকাও নহয় । ভাৰততাে এইবােৰ আলােচনা কৰা হৈছে বিশেষকৈ চেয়াৰ ( Share ) বজাৰৰ দাম উঠা নমা কৰা প্ৰসংগত কাৰণ বৈদেশিক বিনিয়ােগ কাৰীসকলে হুন্দি ( Hundi ) ষ্টক কিনে আৰু লাভ কৰি , আকৌ বিক্ৰী কৰি দিয়ে । এই ধৰণৰ তীব্র গতিৰ আদান প্রদান সম্ভব হব পাৰিছে কেবল মাত্র যােগাযােগ বিপ্লৱৰ বাবেহে । 

প্রশ্ন ৬। গােলকীকৰণৰ মূল নীতিবােৰ কি কি উল্লেখ কৰা । 

উত্তৰঃ মূল নীতিবােৰ তলত উল্লেখ কৰা হ’ল— 

( ১ ) গােলকীকৰণৰ প্ৰথম আৰু অতি প্রয়ােজনীয় নীতি হ’ল বিশ্ববাণিজ্য । পৃথিৱীৰ দেশবােৰৰ মাজত বাণিজ্যিক ব্যবস্থা গঢ় দিয়া । 

( ২ ) গােলকীকৰণে পৃথিৱীত এক নতুন অর্থনীতি প্রতিষ্ঠা কৰে । 

( ৩ ) গােলকীকৰণে পৃথিৱীৰ বিভিন্ন দেশত নতুন নতুন বজাৰৰ সৃষ্টি কৰে ।

( ৪ ) গােলকীকৰণে শ্রম বিভাজনত উৎসাহ প্রদান কৰে । 

( ৫ ) গােলকীকৰণে পৃথিৱীৰ দেশবােৰত শ্রমিক প্ৰব্ৰজনৰ সৃষ্টি কৰে । 

( ৬ ) এই ব্যৱস্থাই পৃথিৱীত এক বিশ্ব অর্থনীতিৰ সৃষ্টি কৰে । 

প্রশ্ন ৭। ভাৰতৰ অর্থনীতিত গােলকীকৰণৰ চাৰিটা প্রভাব উল্লেখ কৰা । 

উত্তৰঃ ভাৰতীয় অর্থনীতিৰ ওপৰত গােলকীকৰণৰ প্রভাবসমূহ :- ( ১ ) পৃথিৱীৰ ৰপ্তানী বজাৰত ভাৰতৰ ৰপ্তানীৰ পৰিমাণ বৃদ্ধি । ১৯৯০-২০০০ দশকত ভাৰতৰ ৰপ্তানীৰ পৰিমাণ ১২৫% বৃদ্ধি পাইছিল । 

( ২ ) গােলকীকৰণৰ ফলত ভাৰতত বৈদেশিক প্রত্যক্ষ বিনিয়ােগ যথেষ্ট বৃদ্ধি পাইছে । ২০০১ চনৰ পৰা বছৰী ৫০০ crores কৈ বৃদ্ধি পাই আছে । 

( ৩ ) ঘৰুৱা সামগ্ৰীৰ মুঠ উৎপাদন বৃদ্ধি । ১৯৮০-৯০ ভিতৰত ৫.৬৩% পৰা ৫.৮০% বৃদ্ধি পাইছিল । 

( ৪ ) নিবনুৱাৰ সংখ্যা বৃদ্ধি । ভাৰততাে ক্রমান্বয়ে নিবনুৱা সংখ্যা ক্রমান্বয়ে বৃদ্ধি পাই আছে । 

প্রশ্ন ৮। ৰাষ্ট্ৰজোৰা কোম্পানী ( transnational Corporations ) মানে কি ? 

উত্তৰঃ গােলকীকৰণ পৰিচালনাৰ বহুতাে অর্থনৈতিক উপাদানৰ ভিতৰত ট্রেন্সনেচনেল  কর্পোৰেচনৰ ভূমিকা বিশেষভাৱে গুৰুত্বপূর্ণ । TNC ( transnational corporation ) হ’ল এটা কোম্পানী যিয়ে এখনতকৈ বেছি দেশত কিছুমান সামগ্রী বা সেৱা উৎপাদন কৰি বজাৰকৃত কৰে ।

প্রশ্ন ৯। বিশ্ব বাণিজ্যিক সংস্থা কি ? 

উত্তৰঃ ১৯৯৫ চনৰ ১ জানুৱাৰীৰ দিনা বিশ্ব বাণিজ্যিক সংস্থা প্রতিষ্ঠা কৰা হৈছিল । ইয়াৰ প্রধান কাম হৈছে আন্তর্জাতিক বাণিজ্য । এই কাম আগতে কৰিছিল GATT ( General Agreement on Tariffs and Trade ) নামৰ সংস্থাটোৱে । ইয়াত মুঠতে ১২৮ খন সদস্য ৰাষ্ট্ৰ আছিল । ইয়াৰ মুখ্য কার্যালয় ছুইজাৰলেণ্ডৰ জেনেভা চহৰত । 

প্রশ্ন ১০। ভােগৰ সংস্কৃতি ( culture of consupmtion ) মানে কি ? 

উত্তৰঃ সংস্কৃতি বুলিলে আমি সাধাৰণতে সাজ – পােছাক , গীত মাত , নৃত্য , খাদ্য – খােৱা বােৱা আদিকে বুজাওঁ । যি হওক সংস্কৃতি বুলিলে আমি গােটেই জীৱন ধাৰণ ব্যৱস্থাটোকে বুজাওঁ । সংস্কৃতিৰ দুই প্রকাৰ ব্যৱহাৰ আছে — এটা ভােগৰ সংস্কৃতি আৰু আনটো হ’ল সাংস্কৃতিক সমূহ বা গােট । আধুনিক যুগৰ গােলকীকৰণ পদ্ধতি প্রচলনত ভােগ সংস্কৃতিয়ে কেনে ভূমিকা পালন কৰিছে তাক নতুনকৈ বিকাশ লাভ কৰা নগৰ চহৰবােৰত দেখা যায় । ১৯৭০ দশকলৈ নগৰ – চহৰবােৰ বিকাশ ঘটিছিল।বর্তমান এই নগৰ – চহৰত ভােগ সংস্কৃতিয়ে কলা , কৃষ্টি , খাদ্য খানা , ফেচন , সাজপাৰ , গীত – মাত , পর্যটন আদিৰ পয়ােভৰ দেখা যায় । গতিকে এনেধৰণৰ সংস্কৃতিকে ভােগ সংস্কৃতি বুলি কব পাৰি । 

প্রশ্ন ১১। সাংগঠনিক সংস্কৃতি ( Corporate Culture ) কি ? 

উত্তৰঃ সাংগঠনিক সংস্কৃতি হ’ল প্রশাসনিক তত্ত্বৰ এটা বিভাগ , যিটোৱে উৎপাদন বৃদ্ধি আৰু প্রতিদ্বন্দ্বিতা বৃদ্ধি কৰি অনুষ্ঠানৰ এক অদ্বিতীয় সাংগঠনিক সংস্কৃতি সকলাে সদস্যক দেখুৱাব বিচাৰে । অনুষ্ঠানৰ সকলাে কর্মীয়ে দলবদ্ধ আনুগত্যতাৰে পৰস্পৰাগত ভাৱে নীতি নিয়ম পালনত ঐক্যবদ্ধ আনুগত্যতা প্রকাশ কৰে । 

প্রশ্ন ১১। ভাবশূন্য ( Weightless ) অর্থনীতি মানে কি ? 

উত্তৰঃ আগৰ যুগৰ ব্যতিক্রমত বিশ্ব অর্থনীতি কেৱল কৃষিভিত্তিক বা উদ্যোগ ভিত্তিক হৈ থকা নাই । বর্তমান ভাৰশূন্য অর্থনীতি ( Weightless economy ) হ’ল এনে এক সামগ্ৰীৰ ওপৰত প্রতিষ্ঠিত যি কেৱল খা – খবৰৰ ( information ) ওপৰত ভিত্তি কৰি যেনে — কম্পিউটাৰ , চফটওয়েৰ, মাধ্যম আৰু আপ্যায়ন সামগ্ৰী আৰু ইনটাৰনেটৰ ওপৰতে নিৰ্ভৰশীল হৈ চলে । এনে অর্থনীতিকে , ভাৰশূন্য অর্থনীতি বােলে । ইয়াকে জ্ঞান অর্থনীতি বুলিও কোৱা হয় ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top