Class 12 Business Chapter 8 নিয়ন্ত্রণকৰণ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 12 Business Chapter 8 নিয়ন্ত্রণকৰণ and select needs one.
Class 12 Business Chapter 8 নিয়ন্ত্রণকৰণ
Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given Assam Board Class 12 Business Chapter 8 নিয়ন্ত্রণকৰণ Solutions for All Subject, You can practice these here.
নিয়ন্ত্রণকৰণ
Chapter : 8
প্ৰথম খণ্ড
অতি চমু উত্তৰ দিয়াঃ ( মূল্যাংকঃ ১ )
১। নিয়ন্ত্রণ সাধন বুলিলে কি বুজা ?
উত্তৰঃ নিয়ন্ত্রণ হৈছে পতিষ্ঠাণৰ কার্য সম্পাদনত কার্য পৰিকল্পনা সংলগ্ন হােৱা নােহােৱাৰ পৰিকল্পনামতে অগ্রগতি লাভ কৰা নকৰাৰ আৰু পৰিকল্পনা অনুযায়ী কার্যৰ বিচ্যুতি ঘটালে শুধৰনি কৰাৰ এক তদাৰক পদ্ধতি ।
George R. Jerry ৰ মতে ‘ নিয়ন্ত্রণ হৈছে কি কার্য সম্পাদন কৰি থকা হৈছে তাক মূল্যাংকন কৰা অর্থাৎ কৃতিত্ব মূল্যাংকণ কৰা কাৰ্য আৰু আৱশ্যকবােধে শুধৰনি ব্যৱস্থাৰ প্ৰয়ােগ কৰা যাতে পৰিকল্পনা অনুসৰি কার্য সম্পাদন কৰা হয় ।
২। ‘সফল নিয়ন্ত্রণ সাধনে প্রতিষ্ঠানৰ উদ্দেশ্যত উপনীত কৰােৱাত সহায় কৰে’ । শুদ্ধ / অশুদ্ধ ।
উত্তৰঃ শুদ্ধ ।
৩। ‘সফল নিয়ন্ত্রন সাধনৰ দ্বাৰা কৰ্মচাৰীৰ উৎসাহ আৰু সহযােগবঢ়াব পাৰি’। শুদ্ধ / অশুদ্ধ ।
উত্তৰঃ শুদ্ধ ।
8। নিয়ন্ত্রণ সাধন এটা সংগঠনৰ বাবে আগলৈ চোৱা / পিছলৈ চোৱা কাৰ্য । সঠিক কথাখিনি বাছি উলিওৱা ।
উত্তৰঃ নিয়ন্ত্রণ সাধন এটা সংগঠনৰ বাবে আগলৈ আৰু পিছলৈ এই দুয়ােটা নিৰীক্ষণেই প্রয়ােজনীয় ।
৫ । ‘নিয়ন্ত্রণ প্রক্রিয়াই সঠিককৈ আৰ্হি জুখিব পাৰে ’ — শুদ্ধ / অশুদ্ধ ।
উত্তৰঃ শুদ্ধ ।
৬। এই কথাখিনিৰ অর্থ লিখা — ‘ পৰিচালনাত ব্যৱহৃত ভ্রান্তি / বিপথ’ ।
উত্তৰঃ বিচ্ছুতি হ’ল আৰ্হি প্রদর্শন আৰু আচল প্রদর্শনৰ মাজৰ পাৰ্থক্য ।
৭ । ‘পৰিচালনাৰ হিচাপ পৰিদৰ্শন এটা অনুষ্ঠানৰ ফলাফল মাপক প্রক্রিয়া । তুমি সম্মত হয়নে ? কাৰণ দর্শোৱা ।
উত্তৰঃ হয় , পৰিচালনাৰ হিচাপ পৰিদর্শন এটা অনুষ্ঠানৰ ফলাফলৰ মাপক বুলি ধৰা হয় । কাৰণ নিয়মীয়া হিচাপ পৰিদর্শনে এটা সংগঠনৰ কাম – কাজ সুচাৰুৰূপে পালন কৰাত সহায় কৰে ।
৮ । বাজেট প্রস্তুত কৰােতে ইয়াৰ নিয়ন্ত্রণ দৰকাৰী নেকি ? কাৰণ দর্শোৱা ।
উত্তৰঃ হয় , বাজেট প্রস্তুত কৰােতে ইয়াৰ নিয়ন্ত্ৰণ দৰকাৰী , কাৰণ সংগঠন এটা বাজেট ইয়াৰ মূল লক্ষ্যৰ প্রতি গুৰুত্ব দি প্ৰস্তুত কৰা হয় ।
৯। নিয়ন্ত্রণ সাধনেই চালনাৰ ‘শেষ চক্র ’ নেকি ? কাৰণ দশোৱা ।
উত্তৰঃ নহয় , নিয়ন্ত্রণ সাধনেই পৰিচালনাৰ শেষ চক্র নহয় , কাৰণ নিয়ন্ত্রণ প্রক্রিয়াত এনেকুৱা কিছুমান সমস্যাই নতুনকৈ দেখা দিয়ে যিবােৰক আমি সমাধান কৰিবলৈ নতুনকৈ পৰিকল্পনা কৰিবলগীয়া হয় ।
১০। নিয়ন্ত্রণ সাধনৰ দোষ – গুণৰ মূল কি ?
উত্তৰঃ সংগঠন এটাৰ প্ৰতিটো কার্যত বা প্রতিটো স্তৰত দৃষ্টিৰ খাটো যেনেদৰে সহজ নহয় , তেনেদৰে আর্থিকভাবেও সমর্থনযােগ্য নহয় । সেয়েহে নিয়ন্ত্রণ ব্যৱস্থাই গুৰুত্বপূৰ্ণ ফলাফল অঞ্চল সমূহত ( Key Result Areas KRAs ) দৃষ্টি নিবদ্ধ কৰিব লাগে । এই KRA সমূহক সংগঠনটোৰ গুৰুত্বপূর্ণ অংশত ৰখা হয় আৰু ইয়াক সংকটপূর্ণ বিন্দুত নিয়ন্ত্রণ বুলি কোৱা হয় ।
১১। বাজেটীয় নিয়ন্ত্রণ কি ?
উত্তৰঃ বাজেটীয় নিয়ন্ত্রণ হ’ল পূর্বতে পৰিকল্পনা কৰা খৰচৰ পৰিমাণ আৰু আচল খৰচৰ পৰিমাণ যদি বেছি হয় তাক নিয়ন্ত্রণ কৰা প্রক্রিয়া ।
১২। নিয়ন্ত্রণত ফিডবে কি ?
উত্তৰঃ নিয়ন্ত্রণ কার্যত বিভিন্ন উৎসৰ পৰা পােৱা জ্ঞানেই হ’ল ফিডবেক ।
১৩। পৰিচালনাত নিয়ন্ত্ৰণৰ দুটা আধুনিক কৌশল লিখা ।
উত্তৰঃ ( ক ) কম্পিউটাৰৰ সহায়ত নিয়ন্ত্রণ । আৰু
( খ ) পৰিদৰ্শকৰ দ্বাৰা নিয়ন্ত্রণ ।
( খ ) চমু উত্তৰ দিয়া ( মূল্যাংকঃ ১/৩ )
১৪৷ এটা পৰিকল্পনা সুচাৰুৰূপে চলাবৰ বাবে নিয়ন্ত্রণ সাধনৰ দুটা পৰ্য্যায় চমুকৈ লিখা ।
উত্তৰঃ নিয়ন্ত্রণ সাধনৰ দুটা প্রক্রিয়া তলত বাখ্যা কৰা হ’ল —
( ক ) কার্য সম্পাদনৰ মানদণ্ড স্থিৰকৰণ ।
( খ ) প্রকৃত কার্য সম্পাদনৰ পৰিমাপ ।
( ক ) কার্য সম্পাদনৰ মানদণ্ড স্থিৰকৰণ :- নিয়ন্ত্রণ প্রক্রিয়াৰ প্ৰথমটো কাম হৈছে কার্য সম্পাদনৰ মানদণ্ড স্থিৰ কৰা । মানদণ্ড হৈছে সেই ভিত্তি যাৰ সৈতে তুলনা কৰি প্রকৃত মানদণ্ড জুখি উলিওৱা হয় । সেয়েহে , মানদণ্ড সমূহে বেমাৰ্কৰ দৰে কাম কৰে যাৰ সহায়ত সংগঠন এটাই নিজৰ কাম উন্নত কৰিবলৈ চেষ্টা কৰে ।
( খ ) প্রকৃত কার্য সম্পাদনৰ পৰিমাপঃ পাৰদৰ্শিতাৰ মানদণ্ডসমূহ স্থিৰ কৰাৰ পৰবৰ্ত্তী পদক্ষেপ হৈছে প্রকৃত পাৰদৰ্শিতাৰ পৰিমাপ । পাৰদৰ্শিতাৰ পৰিমাপ কৰিব লাগে বস্তুনিষ্ঠ আৰু নিৰ্ভৰযােগ্য ধৰণে । পাৰদৰ্শিতা পৰিমাপৰ বাবে কেইবাটাও কৌশল আছে । এইবােৰৰ ভিতৰত আছে ব্যক্তিগত পর্যবেক্ষণ , নমুনা পৰীক্ষা ইত্যাদি ।
১৫। সমতা বিন্দু বিশ্লেষণে সংগঠন এটাৰ পাৰদৰ্শিতা প্রতিপন্ন কৰে । চমুকৈ আলােচনা কৰা ।
উত্তৰঃ লাভালাভৰ সমতা বিশ্লেষণে সংগঠন এটাৰ পাৰদৰ্শিতা প্রতিপন্ন কৰে । ব্যৱসায় সংগঠন এটাৰ বিভিন্ন পর্যায়ত লাভ আৰু লােকচানৰ পৰিমাণ নির্ধাৰণ কৰাত এই বিশ্লেষণে সহায় কৰে । গতিকে ইয়াৰ দ্বাৰা সংগঠন এটাৰ পাৰদৰ্শিতা জুখি চাব পাৰি ।
১৬। ‘নিয়ন্ত্রণ সাধন পৰিচালনাৰ এক অভিন্ন অংগ । কাৰণ দর্শোৱা । নিয়ন্ত্রণ সাধনত কিয় সংশােধনী উপায় অবলম্বন কৰিব লগা হয় ?
উত্তৰঃ নিয়ন্ত্রণ সাধন পৰিচালনাৰ এক অভিন্ন অংগ , কাৰণ সংগঠন এটাৰ সকলাে ধৰণৰ কাম – কাজ সুচাৰুৰূপে পালন কৰিবলৈ হ’লে তাত নিয়ন্ত্রণ থকাটো অতি দৰকাৰ । এজন পৰিচালকে যদি তলতীয়া কৰ্মচাৰী , বা বিভিন্ন ধৰণৰ কাম – কাজবােৰ সঠিকভাবে নিয়ন্ত্রণ কৰিব নােৱাৰে তেনেহ’লে সংগঠনটোৰ মূল লক্ষ্যত উপনীত হােৱাত বাধা আহি পৰে । নিয়ন্ত্রণ সাধন প্রক্রিয়াত সংশােধনী উপায় অবলম্বন কৰা হয় কাৰণ যেতিয়া সংগঠন এটাৰ পাৰদৰ্শিতা বা ফলাফলসমূহ আশানুৰূপ নহয় ।
১৭। পৰিচালনা নিয়ন্ত্ৰণৰ উপায়সমূহ কি কি ?
উত্তৰঃ ব্যৱস্থাপনীয় নিয়ন্ত্ৰণৰ বিভিন্ন কৌশলসমূহ দুটা বহল ভাগত ভগাব পাৰি । যেনে — পৰম্পৰাগত কৌশল আৰু আধুনিক কৌশল ।
পৰাম্পৰাগত কৌশলঃ যিবােৰ কৌশল কোম্পানী এটাই বহু বছৰ ধৰি ব্যৱহাৰ কৰি আছে আৰু এই কৌশলসমূহৰ প্ৰাসংগিকতা আজিও বিদ্যমান তেনে কৌশলক পৰাম্পৰাগত কৌশল বােলে ।
পৰম্পৰাগত কৌশলসমূহহ’ল —
( ক ) ব্যক্তিগত নিৰীক্ষণ ।
( খ ) পাৰিসাংখ্যিক প্রতিবেদন ।
( গ ) লাভালাভ সমতাৰ বিশ্লেষণ ।
( ঘ ) বাজেটৰ যােগেদি নিয়ন্ত্রণ ।
আধুনিক কৌশলঃ যিবােৰ কৌশল নতুনকৈ উদ্ভাৱন কৰা হৈছে আৰু ব্যৱস্থাপনা সাহিত্যত নতুন তাক আধুনিক কৌশল বােলে । সংগঠন এটাক নিয়ন্ত্রণ কৰিব পৰাকৈ এই কৌশল সমূহে নতুন চিন্তা ধাৰা আগবঢ়ায় ।
আধুনিক কৌশলসমূহহ’ল —
( ক ) বিনিয়ােগৰ পৰা প্রতিদান ।
( খ ) অনুপাত বিশ্লেষণ ।
( গ ) দায়বদ্ধতাৰ হিচাপকৰণ ।
( ঘ ) ব্যৱস্থাপনাৰ হিচাপ পৰীক্ষণ ।
( ঙ ) PERT আৰু CPM আৰু
( চ ) ব্যৱস্থাপনা তথ্য প্রণালী ।
( গ ) চমু উত্তৰ দিয়া ( মূল্যাংকঃ ২/৪ )
১৮। নিয়ন্ত্রণ সাধনৰ গুৰুত্বসমূহচমুকৈ বর্ণনা কৰা ।
উত্তৰঃ নিয়ন্ত্রণ সাধনৰ গুৰুত্বসমূহ হ’ল—
( ক ) ভৱিষ্যত পৰিচালনীয় কাৰ্য্যৰ ভেটি :- নিয়ন্ত্রণ সাধনে ব্যৱসায় প্রকল্প আদিৰ কাৰ্যৰ ওপৰত ধাৰাবহিক জ্ঞান লাভ কৰাত সহায় কৰে । ইয়াৰ জৰিয়তে দীর্ঘকালীন পৰিকল্পনাকৰনক সঠিক পথত ৰূপায়ন কৰাত নিয়ন্ত্রনে ভেটি হিচাপে কাম কৰে ।
( খ ) সিদ্ধান্ত গ্রহণত সুবিধা :- নিয়ন্ত্রণ সাধনে প্রতিষ্ঠানৰ কার্য সম্পাদনত মানক কাৰ্য আৰু প্রকৃত কার্য সম্পাদনৰ মাজত ব্যৱধান জানি লৈ আৱশ্যকীয় প্রতিকাৰেৰে ভৱিষ্যতৰ বাবে পৰিকল্পনাকৰণত সহায় কৰে । ই অতিবাহিত কালৰ কাম – কাজ , পদ্ধতি আদিৰ অভিজ্ঞতাৰে পৰিচালনাক ভৱিষ্যত কার্যলৈ সুস্থিৰতা অনাত সহায় কৰে ।
( গ ) সর্বনিম্ন ব্যয়ত সৰ্বাধিক উৎপাদনৰ সুবিধা :- নিয়ন্ত্রণ সাধনে প্রতিষ্ঠানৰ লাভ সৰ্বাধিকৰণৰ লক্ষ্যত উপনীত হােৱাত সুবিধা প্রদান কৰি সৰ্ব্বনিম্ন ব্যয়ত সৰ্বাধিক উৎপাদনৰ সহায় কৰে ।
( ঘ ) সমন্বয় সাধনলৈ সুবিধা :- নিয়ন্ত্ৰণৰ যােগেদি সংগঠনৰ কাম – কাজ সমন্বিত কৰাত সহায় লাভ কৰা যায় । সংগঠনৰ পৰিচালকসকলে বিভাগীয় উদ্দেশ্যত উপনীত হােৱাত অধীনস্থ সকলৰ কাম – কাজ সমন্বিত কৰে । নিয়ন্ত্রণ সাধনে সমগ্র সংগঠনৰ কাম কাজৰ অগ্ৰগতিৰ তদাৰক কৰি সেইবােৰৰ সমন্বিত উন্নতিৰ প্রতি লক্ষ্য ৰখা বাবে উদ্দেশ্যৰ অনুকূলে কার্য সম্পাদন সহজ কৰে ।
১৯৷ ‘ক্রিটিকেল পাথ মেথড’ কি ?( CPM )
উত্তৰঃ চি পি এম হৈছে এটা গুৰুত্বপূর্ণ নেটৱৰ্ক কৌশল যি পৰিকল্পনা আৰু নিয়ন্ত্ৰণৰ ক্ষেত্ৰত খুবেই উপযােগী । এই কৌশলে সময়সূচী প্রস্তুত কৰাত আৰু সম্পদ আবটনত সহায় কৰে আৰু প্রকল্পসমূহ এটা নির্দিষ্ট সময়সীমা আৰু খৰচৰ সীমাৰ ভিতৰত কাৰ্যকৰীভাৱে ৰূপায়নৰ প্রচেষ্টা চলায় । চি পি এমৰ ক্ষেত্ৰত এবিধ সময়ৰ হিচাপহে প্ৰস্তুত কৰা হয় । ইয়াৰ উপৰিও প্রকল্প সম্পূর্ণ কৰাৰ বাবে খৰচৰ আনুমানিক হিচাপ কৰাটোও চি পি এমৰ ক্ষেত্ৰত আৱশ্যকীয় । জাহাজ নির্মাণ , নির্মাণ প্রকল্প বিমান প্রস্তুত আদি ক্ষেত্র সমূহত চি পি এমৰ ব্যৱহাৰ হয় ।
২০। ‘প্রােগ্রাম ইভালুয়েছন এণ্ড ৰিভিউ টেকনিক’ কি ? ( PERT )
উত্তৰঃ পার্ট ( PERT ) হৈছে এটা গুৰুত্বপূৰ্ণ নেটৱৰ্ক কৌশল যি পৰিকল্পনা আৰু নিয়ন্ত্ৰণৰ ক্ষেত্ৰত খুবেই উপযােগী । এই কৌশলসমূহে সময়সূচী প্রস্তুত কৰাত আৰু প্রকল্পসমূহ এটা নির্দিষ্ট সময়সীমা আৰু খৰচৰ সীমাৰ ভিতৰত কাৰ্যকৰীভাৱে ৰূপায়নৰ প্রচেষ্টা চলায় । পার্টৰ বাবে তিনি ধৰণৰ সময়ৰ হিচাপ প্রস্তুত কৰাতাে প্রয়ােজন — আশাবাদী ( আটাইতকৈ কম সময় ) নিৰাশবাদী ( আটাইতকৈ বেছি সময় আৰু সম্ভাৱনাময় সময় ) । নেটৱৰ্কৰ আটাইতকৈ দীঘলীয়া পথটোক আটাইতকৈ জটিল পথ বুলি কোৱা হয় । এইপথটোৱে সেইবােৰ ঘটনাক্রমক প্রতিনিধিত্ব কৰে যিবােৰ প্রকল্প এটা সময় মতে সম্পূর্ণ কৰিবলৈ দৰকাৰী আৰু যিবােৰ কার্যত পলম হলে গােটেই প্রকল্পটোৱে পলম হৈ যায়।
২১। বিনিয়ােগ প্রতিদান কি বুজহি লিখা ?( RDI )

২২৷ সমৰাশি / হাৰ বিশ্লেষণ কি ?
উত্তৰঃ অনুপাতভিত্তিক গণনাৰ মাজেৰে বিত্তীয় বিৱৰণৰ বিশ্লেষণেই হৈছে অনুপাতৰ বিশ্লেষণ । ব্যৱসায়িক সংগঠনসমূহে সঘনাই ব্যৱহাৰ কৰা অনুপাতবােৰ হ’ল—
( ক ) তাৰল্যৰ অনুপাতঃ ব্যৱসায়ৰ হ্রস্বকালীন স্বচ্ছলতা নির্ধাৰণ কৰিবলৈ তাৰল্যৰ অনুপাত গণনা কৰা হয় ।
( খ ) স্বচ্ছলতাৰ অনুপাতঃ ব্যৱসায়ৰ দীর্ঘকালীন লেনদেন স্থিৰ কৰিবলৈ যিটো অনুপাত নির্ধাৰণ কৰা হয় সেইটোৱেই স্বচ্ছলতাৰ অনুপাত ।
( গ ) লাভ যােগ্যতাৰ অনুপাতঃ ব্যৱসায়ৰ লাভৰ পৰিমাণ নিৰূপণ কৰিবলৈ এই অনুপাত ব্যৱহাৰ কৰা হয় ।
( ঘ ) অন্তর্গমন অনুপাত :- সম্পদসমূহৰ কাৰ্য্যকৰী ব্যৱহাৰৰ ওপৰত নিৰ্ভৰশীল কাম কাজসমূহৰ দক্ষতা নিৰূপণৰ বাবে অন্তর্গমন অনুপাত গণনা কৰা হয় ।
২৩। তথ্য প্রযুক্তি ব্যৱসায়ৰ বাবে প্রয়ােজনীয় কিয় ?
উত্তৰঃ তথ্য প্রযুক্তি আধুনিক ব্যৱসায়ৰ বাবে অতি প্রয়ােজনীয় হােৱাৰ কাৰণসমূহ হ’ল–
( ক ) ই বিভিন্ন স্তৰত থকা পৰিচালকসকলক সঠিক বিৱৰণ যােগান ধৰে ।
( খ ) ই সকলাে দৰকাৰী তথ্য সুন্দৰভাৱে আৰু কম খৰচত যােগান ধৰে ।
( গ ) ই পৰিকল্পনাৰণ , নিয়ন্ত্রণ সাধন আৰু সিদ্ধান্ত গ্রহণত সহায় কৰে ।
( ঘ ) সংগঠনটোৰ সকলাে ধৰণৰ তথ্য চকুৰ পচাৰতে যােগান ধৰে ।
২৪। ব্যতিক্রমী ব্যৱস্থাপনা বুলিলে কি বুজা ?
উত্তৰঃ ব্যতিক্রমী ব্যৱস্থাপনা হ’ল নিয়ন্ত্রণ সাধনৰ এক গুৰুত্বপূর্ণ অংগ । এই নীতিৰ দ্বাৰা পৰিচালনাৰ সৰু – সুৰা বিচ্ছুতিবােৰ এৰাই চলিব চেষ্টা কৰা হয় । ইয়াৰ ফলত পৰিচালনা সৰ্য্যত সময় ৰাহি হয় আৰু ইয়াক বেলেগ গঠনমূলক কাৰ্য্যত নিয়ােগ কৰিব পাৰি । কিন্তু বিচ্ছুতিৰ পৰিমাণ যদি অধিক হয় তেনেহ’লে পৰিচালনাই ইয়াক সুধৰাব চেষ্টা কৰা উচিত ।
২৫। বিভিন্ন ধৰণৰ ‘বাজেটবােৰ’ কি কি ?
উত্তৰঃ বিভিন্ন ধৰণৰ বাজেটসমূহ হ’ল— ( ক ) বিক্রী বাজেট :- সংগঠন এটাৰ সাম্ভাব্য বিক্ৰীৰ খতিয়ান পৰিমাণ আৰু মূল্যৰ হিচাপ ।
( খ ) উৎপাদন বাজেটঃ সংগঠন এটাই নির্দিষ্ট সময় এছােৱাত কৰিব খােজা উৎপাদন হিচাপ ।
( গ ) সামগ্ৰীৰ বাজেটঃ উৎপাদনৰ বাবে প্রয়ােজন হােৱা সামগ্ৰীৰ পৰিমাণ আৰু খৰচৰ বিৱৰণ ।
( ঘ ) নগদ বাজেটঃ সংগঠনটোলৈ আহিবলগীয়া আৰু ওলাই যাব লগীয়া নগদ ধনৰ বিৱৰণ ।
( ঙ ) মূলধন বাজেট :- দীর্ঘস্থায়ী সম্পদ যেনে নতুন কাৰখানা বা ডাঙৰ সজুলি । যন্ত্রপাতি কিনাৰ হ’বলগীয়া সাম্ভাব্য খৰচৰ বিৱৰণ ।
( ঘ ) দীঘল প্রশ্ন উত্তৰ ( মূল্যাংক : ১/৫ )
২৬। কাৰ্যকৰণৰ ক্ষেত্রফলৰ মানবােৰ কি কি বুজাই লিখা ।

২৭। বাজেটীয় নিয়ন্ত্ৰণ বুলিলে কি বুজা ? বহলাই আলােচনা কৰা ।
উত্তৰঃ বাজেটৰ যােগেদি নিয়ন্ত্রণ হৈছে পৰিচালনীয় নিয়ন্ত্ৰণৰ এটা কৌশল যিটোৰ সহায়ত সকলাে কাৰ্যৰে আগতীয়া পৰিকল্পনা কৰা হয় আৰু বাজেটীয় মানদণ্ডৰ সৈতে প্রকৃত ফলাফলসমূহ তুলনা কৰি চোৱা হয় ।
বিভিন্ন ধৰণৰবাজেটসমূহহ’ল—
( ক ) বিক্রী বাজেটঃ সংগঠন এটাৰ সাম্ভাব্য বিক্ৰীৰ খতিয়ান পৰিমাণ আৰু মূল্যৰ হিচাপ ।
( খ ) উৎপাদন বাজেটঃ সংগঠন এটাই নির্দিষ্ট সময় এছােৱাত কৰিব খােজা উৎপাদনৰ হিচাপ ।
( গ ) সামগ্ৰীৰ বাজেটঃ উৎপাদনৰ বাবে প্রয়ােজন হােৱা সামগ্ৰীৰ পৰিমাণ আৰু খৰচৰ বিৱৰণ ।
( ঘ ) নগদ বাজেটঃ সংগঠনটোলৈ আহিবলগীয়া আৰু ওলাই যাবলগীয়া নগদ ধনৰ বিৱৰণ ।
( ঙ ) মূলধন বাজেট :- দীর্ঘ স্থায়ী সম্পদ যেনে নতুন কাৰখানা বা ডাঙৰ সজুলি । যন্ত্রপাতি কিনাৰ হ’বলগীয়া সাম্ভাব্য খৰচৰ বিৱৰণ ।
২৮৷ পৰিকল্পনাকৰণ আৰু নিয়ন্ত্রন সাধনৰ মাজৰ সম্বন্ধ বুজাই লিখা ।
উত্তৰঃ পৰিকল্পাকৰণ আৰু নিয়ন্ত্রণসাধনৰ মাজত থকা সম্পর্কবােৰ হ’ল—
( ক ) পৰিকল্পনাকৰণে সাংগঠনিক উদ্দেশ্য আৰু লক্ষ্য নিৰ্দ্ধাৰণ কৰে আৰু নিয়ন্ত্রণ সাধনে পৰিকল্পনাৰ উদ্দেশ্য আৰু লক্ষ্য বাস্তৱিক ৰূপায়ন তদাৰক কৰে ।
( খ ) অন্যান্য পৰিচালনা কার্যাৱলীৰ মাজত স্থাপন হােৱা সম্পৰ্কৰ তুলনাত পৰিকল্পনাৰণ আৰু নিয়ন্ত্রণসাধনৰ মাজত আন্ত – সম্পর্ক গভীৰ হােৱাত পৰিকল্পনা আৰু ফলাফলৰ প্রত্যক্ষ যােগাযােগ প্রতিফলিত হয় ।
( গ ) পৰিকল্পনাকৰনে যদি ভৱিষ্যতলৈ দৃষ্টি নিক্ষেপ কৰে নিয়ন্ত্রণ সাধনে অতীতলৈ ঘুৰি চায় । অর্থাৎ পৰিকল্পনাৰনে ভৱিষ্যতৰ উদ্দেশ্য , উত্তম আৰু বিকল্প কার্যধাৰাৰে উদ্দেশ্য সিদ্ধিলৈ লক্ষ্য ৰাখে । আনহাতে নিয়ন্ত্রণ সাধনে অতীতলৈ ফিৰি চাওঁতে পৰিকল্পনাৰ মানক অনুসৰি কার্য সম্পাদনৰ খতিয়ান লয় , যত নিৰ্ধাৰিত মানক আৰু প্রকৃত কার্য সম্পাদনৰ তুলনাৰে কোনাে ধৰণৰ বিচ্যুতি ঘটিলে তাক উদ্ধাৰ কৰি আৱশ্যকীয় শুধৰণি ব্যৱস্থা গ্ৰহণ কৰায় ।
( ঘ ) নিয়ন্ত্ৰণৰ সাধন অবিহনে পৰিকল্পনাকৰণ নাযায় । অর্থাৎ নিয়ন্ত্ৰণৰ ব্যৱস্থা নৰখাকৈ কোনাে পৰিকল্পনা প্রস্তুত কৰা হ’লে তেনে পৰিকল্পনাকৰণ অর্থহীন , নিস্ফল আৰু অপব্যয় মূলক অনুশীলনত পৰিণত হয় ।
( ঙ ) পৰিকল্পনাকৰণে নিয়ন্ত্ৰণৰ পথ দেখুৱায় , নিয়ন্ত্রণে পৰৱর্তী পৰিকল্পনা উন্নত কৰাত অৰিহনা যােগায় , উন্নত পৰিকল্পনাই নিয়ন্ত্রণ সাধনৰ উন্নয়ন সাধন কৰায় । এইদৰে পৰিকল্পনাকৰণ আৰু নিয়ন্ত্রণ সাধনৰ মাজত পাৰস্পৰিক সমর্থনৰ আৰু পৰিপুৰক সম্পর্ক স্থাপন কৰে ।
২৯। ‘সঠিক নিয়ন্ত্রণ সাধনেৰে পৰিচালনাই ইয়াৰ লক্ষ্যত উপনীত হ’ব পাৰে — বুজা লিখা ।
উত্তৰঃ নিয়ন্ত্রণ হৈছে প্রতিষ্ঠাণৰ কার্য সম্পাদনত কার্য পৰিকল্পনা সংলগ্ন হােৱা নােহাৱাৰ পৰিকল্পনামতে অগ্রগতি লাভ কৰা নকৰাৰ আৰু পৰিকল্পনা অনুযায়ী কার্যৰ বিচ্যুতি ঘটাতে শুধৰনি কৰাৰ এক তদাৰক পদ্ধতি ।
George R.Jery ৰ মতে ‘ নিয়ন্ত্রণ হৈছে কি কার্য সম্পাদন কৰি থকা হৈছে তাক মূল্যাংশ কৰা অর্থাৎ কৃতিত্ব মূল্যাংকণ কৰা কাৰ্য আৰু আৱশ্যকবােধে শুধৰনি ব্যৱস্থাৰ প্ৰয়ােগ কৰা যাতে পৰিকল্পনা অনুসৰি কার্য সম্পাদন কৰা হয় ।
নিয়ন্ত্রণ সাধনৰ গুৰুত্বসমূহ হ’ল— ( ক ) ভৱিষ্যত পৰিচালনীয় কাৰ্য্যৰ ভেটিঃ নিয়ন্ত্রণ সাধনে ব্যৱসায় প্রকল্প আদিৰ কাৰ্য ওপৰত ধাৰাবহিক জ্ঞান লাভ কৰাত সহায় কৰে । ইয়াৰ জৰিয়তে দীর্ঘকালীন পৰিকল্পনাকৰনক সঠিক পথত ৰূপায়ন কৰাত নিয়ন্ত্রনে ভেটি হিচাপে কাম কৰে।
( খ ) সিদ্ধান্ত গ্রহণত সুবিধা :- নিয়ন্ত্রণ সাধনে প্রতিষ্ঠানৰ কার্য সম্পাদনত মানক কাৰ্য আৰু প্রকৃত কার্য সম্পাদনৰ মাজত ব্যৱধান জানি লৈ আৱশ্যকীয় প্রতিকাৰেৰে ভৱিষ্যতৰ বাবে পৰিকল্পনাকৰণত সহায় কৰে । ই অতিবাহিত কালৰ কাম-কাজ , পদ্ধতি আদিৰ অভিজ্ঞতাৰে পৰিচালনাক ভৱিষ্যত কার্যলৈ সুস্থিৰতা অনাত সহায় কৰে ।
( গ ) সর্বনিম্ন ব্যয়ত সৰ্বাধিক উৎপাদনৰ সুবিধা :- নিয়ন্ত্রণ সাধনে প্রতিষ্ঠানৰ লাভ সৰ্বাধিকৰণৰ লক্ষ্যত উপনীত হােৱাত সুবিধা প্রদান কৰি সৰ্ব্বনিম্ন ব্যয়ত সৰ্বাধি উৎপাদনৰ সহায় কৰে ।
( ঘ ) সমন্বয় সাধনলৈ সুবিধা :- নিয়ন্ত্ৰণৰ যােগেদি সংগঠনৰ কাম – কাজ সমন্বিত কৰা সহায় লাভ কৰা যায় । সংগঠনৰ পৰিচালকসকলে বিভাগীয় উদ্দেশ্যত উপনীত হােৱা অধীনস্থ সকলৰ কাম-কাজ সমন্বিত কৰে । নিয়ন্ত্রণ সাধনে সমগ্র সংগঠনৰ কাম কাজৰ অগ্ৰগতিৰ তদাৰক কৰি সেইবােৰৰ সমন্বিত উন্নতিৰ প্রতি লক্ষ্য ৰখা বাৱে উদ্দেশ্যৰ অনুকূলে কার্য সম্পাদন সহজ কৰে ।
( ঙ ) ঔদ্যোগিক দুর্ঘটনা প্রতিবােধঃ নিয়ন্ত্রণ সাধন পদ্ধতিত নিৰ্ধাৰিত মানক অনুসৰি কাৰ্য্য সম্পাদনৰ অগ্ৰগতি তদাৰক কৰোতে কাৰ্য্য সম্পাদনৰ অৰ্থে ব্যৱহৃত যন্ত্ৰপাতি আদিৰ তদাৰক কৰা হয় । ইয়াৰ লগতে যন্ত্ৰাধিৰ সৈতে কাম কৰা শ্ৰমিকৰ প্ৰশিক্ষণৰ সুবিধা আগবঢ়োৱাৰ ফলস্বৰূপে কাৰখানাৰ দুর্ঘটনা প্রতিৰােধ কৰা হয় ।
( চ ) উন্নত কার্য সম্পাদনৰ নিশ্চয়তা :- নিয়ন্ত্রণ পদ্ধতিত মানক কাৰ্য আৰু প্রকৃত কাৰ্যৰ মাজত বিচুতি উদঘাটন কৰি পৰিচালনাক আগতীয়া যত্নৰ পৰামৰ্শ আগবঢ়োৱা হয় । ইয়াৰ দ্বাৰা ভূলৰ পুণৰাবৃত্তি নােহােৱাত পৰিচালনাই গ্রহণ কৰা সাৱধনতাই প্রতিষ্ঠানৰ কার্য সম্পাদন উন্নত কৰাত নিশ্চয়তা আনে ।
| Sl. No. | সূচী-পত্ৰ |
| প্ৰথম খণ্ড | পৰিচালনাৰ নীতি আৰু কার্য |
| Chapter 1 | পৰিচালনাৰ প্রকৃতি আৰু তাৎপর্য । |
| Chapter 2 | পৰিচালনাৰ নীতি । |
| Chapter 3 | ব্যৱসায় / ব্যৱসায়িক পৰিৱেশ । |
| Chapter 4 | পৰিকল্পনাকৰণ । |
| Chapter 5 | সংগঠনকৰণ । |
| Chapter 6 | কর্মচাৰী নিযুক্তকৰণ । |
| Chapter 7 | নির্দেশিতকৰণ । |
| Chapter 8 | নিয়ন্ত্রণকৰণ । |
| দ্বিতীয় খণ্ড | ব্যৱসায়িক বিত্ত আৰু ৰজাৰৰ |
| Chapter 9 | বিত্তীয় পৰিচালনা । |
| Chapter 10 | বিত্তীয় বজাৰ । |
| Chapter 11 | বজাৰকৰণ । |
| Chapter 12 | উপভােক্তা সুৰক্ষা । |
৩০। ‘সকলােখিনি নিয়ন্ত্রণ কৰিবলৈ গৈ নিয়ন্ত্রণ সাধন প্রক্রিয়া অকৃত কাৰ্য্য হ’ব পাৰে’— এই বাক্যশাৰী বহলাই আলােচনা কৰা।
উত্তৰঃ নিয়ন্ত্রণ সাধনৰ যি প্রচেষ্টা অথবা প্রতিটো কামৰ আৰম্ভণিতেই সুস্থিৰভাৱে প্রয়ােগ কৰিব লাগে । সঠিক নিয়ন্ত্রণে প্রত্যেকটো কামেই গতি প্রদান কৰে আৰু নির্দিষ্ট লক্ষ্যত উপনীত কৰায় । কিন্তু নিয়ন্ত্রণ সাধনৰ এক মাত্রা থকা উচিত । অত্যাধিক হেঁচা বা চাপ প্রয়ােগ কৰি কাম কৰিব চেষ্টা কৰিলে ই ওলােটা স্বৰূপ দেখুৱাব পাৰে । ইয়াৰ ফলত কৰ্মচাৰীসকল ব্যতিব্যস্ত হয় আৰু কামবােৰ সুচাৰুৰূপে সম্পূর্ণ কৰাত ব্যর্থ হয় । নিয়ন্ত্রণ সাধন পৰিচালনাৰ এক গুৰুত্বপূর্ণ দিশ আৰু ইয়াৰ সঠিক প্রয়ােগে সংগঠন এটা কৃতকাৰ্য্য কৰায় । ইয়াৰ অত্যাধিক মাত্রাই ওলােটা প্রতিক্রিয়া আৰু ঋণাত্মক ফল দেখুৱাব পাৰে ।
৩১। “ উৎপাদন ভঙা বিন্দু কৌশলৰ দ্বাৰা পৰিচালকসকলে খৰচ , উৎপাদন আৰু লাভৰ মাজৰ সম্বন্ধ নির্ণয় কৰিব পাৰে ” —বাক্যশাৰী বুজাই লিখা ।

৩২। ‘উত্তৰাদায়ীতাৰ দ্বায়িত্ব নিয়ন্ত্রণ সাধনত এক গুৰুত্বপূৰ্ণ পৰীক্ষা ।’ বহলাই আলােচনা কৰা ।
উত্তৰঃ সঠিক গণনাৰ দায়িত্ব হিচাপকৰণৰ এক অংশ য’ত খৰচ আৰু আয়ৰ চিনাক্তকৰণ কৰা হয় আৰু সংশ্লিষ্ট বিষয়া বা বিভাগবােৰ ইয়াৰ হিচাপৰ দায়িত্ব অর্পণ কৰা হয় । ই সংগঠনটোৰ আয় কোন কোন উৎসৰ পৰা হৈছে তাক নির্ণয় কৰে । ই আকৌ প্ৰত্যেকটো কামৰ লগত খৰচ হ’ব লগা ধনৰ পৰিমাণে নির্ণয় কৰে । লগতে খৰচৰ পৰিমাণ নিয়ন্ত্রণৰো প্রচেষ্টা চলায় ।
এটা দায়িত্ব কেন্দ্র হ’ল সংগঠনটোৰ এটা সুকীয়া বিভাগ যাৰ কিছুমান নির্দিষ্ট লক্ষ্য থাকে । ইয়াত নির্দিষ্ট বাজেট অনুসৰি প্ৰত্যেকটো কাম কম খৰচত সুকলমে কৰিব চেষ্টা কৰা হয় ।
( ঙ ) দীঘল প্রশ্ন উত্তৰ ( মূল্যাংক : ২/ ৬ )
৩৩। নিয়ন্ত্রণ সাধনৰ বিভিন্ন পদক্ষেপবােৰ বহলাই আলােচনা কৰা ।
উত্তৰঃ নিয়ন্ত্রণ পদ্ধতিত কিছুমান পর্যায় অতিক্রম কৰা হয় যেনে–
( ক ) কার্য সম্পাদনৰ মানক প্রতিষ্ঠাপন কার্য :- কার্য সম্পাদনৰ মানক প্রতিষ্ঠাপনে কাৰ্যৰ যুক্তি সংগত লক্ষ্য নির্ধাৰণ কৰাক বুজায় । এই লক্ষ্য পৰিমিত ভাবে উপনীত হােৱাৰ যােগ্য হ’ব লাগে কাৰণ ইয়ে প্রকৃত কার্য সম্পাদনৰ তুলনাৰ বাবে মাপকাঠী হৈ পৰে ।
( খ ) কার্য সম্পাদনৰ পৰিমাপঃ এইপৰ্যায়ত প্রতিষ্ঠিত মানক লগত প্রকৃত কার্য সম্পাদনৰ পৰিমাপ কৰা হয় আৰু পৰিচালনাই ইয়াৰ পৰা পৰিকল্পনা অনুসৰি কামৰ অগ্রগতি নিৰ্দ্ধাৰণ কৰাৰ সুযােগ লাভ কৰে ।
( গ ) প্রকৃত কার্য সম্পাদন আৰু মানক কার্য সম্পাদনৰ তুলনা :- নিয়ন্ত্রণ পদ্ধতিৰ আন এক গুৰুত্বপূৰ্ণ পর্যায় হৈছে প্রকৃত কার্য সম্পাদন আৰু মানক কার্য সম্পাদনৰ মাজত তুলনা কৰা । ইয়াৰ দ্বাৰা মানকৰ বিপৰীতে প্রকৃত কাৰ্যৰ তুলনাৰে ব্যৱধান বা বিচ্যুতি নির্ণয় কৰা হয় ।
( ঘ ) বিচ্যুতিৰ কাৰণ বিশ্লেষণঃ নিয়ন্ত্রণ পদ্ধতিৰ ধাৰাবাহিকতাত মানক কার্য সম্পাদনৰ পৰা প্রকৃত কার্য সম্পাদনৰ মানক বিচলনৰ ওপৰঞ্চি বিচলন সংঘটিত হলে তাৰ কাৰণ বিশ্লেষণ কৰা আৱশ্যক । পৰিচালনাই মানক আৰু প্রকৃত কার্যসম্পাদনৰ তুলনাৰ পর্যায়ৰ পিছত ওপৰঞ্চিৰ কাৰণ বিশ্লেষণৰ পর্যায় গ্রহণ কৰে ।
( ঙ ) উপযুক্ত প্রতিকাৰমূলক কার্যব্যবস্থা গ্রহণঃ এই পৰ্যায়ত কার্যসম্পাদনৰ মানৰ লগত প্রকৃত কার্য সম্পাদন তুলনা কৰি গ্রহণযােগ্য মানক বিচ্যুতিৰ পৰা অতিৰিক্ত কোনাে বিচ্যুতি প্রমাণিত হলে পৰিচালনাই তাৰ প্ৰতিকাৰ বা শুধৰণিৰ ব্যৱস্থা গ্ৰহণ কৰে ।
৩৪। নিয়ন্ত্রণ সাধনৰ পুৰণিকলীয়া / চলিত আৰু আধুনিক কৌশলবােৰ আলােচনা কৰা ।
উত্তৰঃ ব্যৱস্থাপনীয় নিয়ন্ত্ৰণৰ বিভিন্ন কৌশলসমূহ দুটা বহল ভাগত ভগাব পাৰি । যেনে — পৰম্পৰাগত কৌশল আৰু আধুনিক কৌশল ।
পৰম্পৰাগত কৌশলঃ যিবােৰ কৌশল কোম্পানী এটাই বহু বছৰ ধৰি ব্যৱহাৰ কৰি আছে । আৰু এই কৌশলসমূহৰ প্ৰাসংগিকতা আজিও বিদ্যমান তেনে কৌশলক পৰাম্পৰাগত কৌশল বােলে ।
পৰম্পৰাগত কৌশলসমূহ হ’ল —
( ক ) ব্যক্তিগত নিৰীক্ষণ ।
( খ ) পাৰিসাংখ্যিক প্রতিবেদন ।
( গ ) লাভালাভ সমতাৰ বিশ্লেষণ ।
( ঘ ) বাজেটৰ যােগেদি নিয়ন্ত্রণ ।
আধুনিক কৌশলঃ যিবােৰ কৌশল নতুনকৈ উদ্ভাৱন কৰা হৈছে আৰু ব্যৱস্থাপনা সাহিত্যত নতুন তাক আধুনিক কৌশল বােলে । সংগঠন এটাক নিয়ন্ত্রণ কৰিব পৰাকৈ এই কৌশল সমূহে নতুন চিন্তা ধাৰা আগবঢ়ায় ।
আধুনিক কৌশলসমূহ হ’ল –
( ক ) বিনিয়ােগৰ পৰা প্রতিদান ।
( খ ) অনুপাত বিশ্লেষণ দায়বদ্ধতাৰ হিচাপকৰণ ।
( ঘ ) ব্যৱস্থাপনাৰ হিচাপ পৰীক্ষণ ।
( ঙ ) PERT আৰু CPM । আৰু
( চ ) ব্যৱস্থাপনা তথ্য প্রণালী ।
৩৫। নিয়ন্ত্রণ সাধনৰ বাধাবােৰ কি কি ? বুজাই লিখা ।
উত্তৰঃ নিয়ন্ত্রণ সাধনৰ অসুবিধা বা সীমাবদ্ধতা কিছুমান হ’ল :–
( ক ) সন্তোষজনক মানক স্থাপনৰ অসুবিধা :- প্রায়বােৰ প্ৰতিষ্ঠানৰ নিয়ন্ত্রণ সাধনৰ বাবে যুক্তিসংগত মানক স্থাপন কৰাক সমস্যা ৰূপে চিহ্নিত কৰা হয় । প্রকৃততে মানবিক আচৰণ আৰু গুণাত্মক উপাদান সম্পর্কিত কাম – কাজ কিছুমানৰ মানক স্থাপন জটিল কার্য হৈ পৰে ।
( খ ) বহিঃউপাদানৰ প্ৰভাৱঃ নিয়ন্ত্রণ সাধনৰ অন্য এক সীমাবদ্ধতা হৈছে বাহ্যিক উপাদানৰ প্ৰভাৱ । প্ৰতিষ্ঠানৰ পৰিচালনাই ফলপ্রসু নিয়ন্ত্রণ পদ্ধতি উন্নয়ন সাধন কৰিব পাৰে যদিও বহুক্ষেত্ৰত বাহ্যিক উপাদানৰ প্ৰতিকূল প্ৰভাৱৰ বাবে সুপ্রতিষ্ঠিত নিয়ন্ত্রণ পদ্ধতিও অকামিলা হােৱা পৰিলক্ষিত হয় ।
( গ ) ব্যয়বহুলতাঃ নিয়ন্ত্রন ব্যৱস্থা উন্নত কৰিবলৈ যাওতে প্রতিষ্ঠানৰ বাবেই এক ব্যয়বন্ধ কার্য হৈ পৰে । সংগঠনৰ বিভিন্ন স্তৰৰ প্ৰতিজন ব্যক্তিৰ কাম – কাজ মূল্যায়ন কৰা আৰু উৰ্দ্ধতন কর্তৃপক্ষলৈ প্রতিবেদনৰ ৰূপত দাখিল কৰাত নিয়ন্ত্রণ পদ্ধতিয়ে বহুত লােকক জড়িত কৰে । ইয়াৰ বাবে গধুৰ ব্যয় সম্পাদন কৰিব লগাত পৰে ।
( ঘ ) অপ্রচলিত হােৱাৰ ক্ষতি :- নিয়ন্ত্রণ পদ্ধতিৰ উন্নয়ন বা পদ্ধতি স্থাপনত সম্ভৱপৰ নমনীয়তা অৱলম্বনৰ সুবিধালৈ বিবেচনা কৰা হ’ব লাগে । কাৰণ পৰিৱৰ্তনশীল কাৰকৰ হেঁচাত গতিশীল ব্যৱসায় পদ্ধতিত বহুতাে পদ্ধতিৰে অপ্রচলিত হােৱৰ আশংকা থাকে । সেইদৰে প্রতিষ্ঠিত নিয়ন্ত্রণ পদ্ধতি অপ্রচলিত হৈ পৰিলেই প্রতিষ্ঠানৰ ক্ষতি কাৰণ হ’ব পাৰে ।
( ঙ ) কৰ্মচাৰীৰ বাধা প্রদান :- সচৰাচৰ প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকল নিয়ন্ত্রণ পদ্ধতিৰ অধীন হােৱাৰ ইচ্ছা নকৰে । বিশেষকৈ সুস্থ গতিত কার্য সম্পাদনৰ প্রবাহ চলি থকাত কোনাে নতুন নিয়ন্ত্রণ পদ্ধতিৰ সুচনা হােৱা , নতুনকৈ প্ৰয়ােগ কৰা নিয়ন্ত্রণ ব্যৱস্থাৰ কঠোৰতাৰ সন্মুখীন হােৱাত কৰ্মচাৰী বিমােৰত পৰে । সেইবাবে নিয়ন্ত্রণ ব্যৱস্থাৰ প্ৰয়ােগৰ প্রতি কর্মচাৰীয়ে বাধাৰ সৃষ্টি কৰে ।
৩৬। নিয়ন্ত্রণ সাধনৰ বৈসাদৃশ্যৰ কাৰণবােৰ কি কি ? কেনেকুৱা ধৰণৰ শুদ্ধ পদক্ষেপ ইয়াক ঠিক কৰাৰ বাবে ল’ব লাগে ?
উত্তৰঃ বিচ্ছুতিৰ বিভিন্ন কাৰণসমূহ হ’ল— ব্যৱসায়ক সদায় বাহিৰা কাৰক কিছুমানে ক্রিয়া কৰি থাকে যেনে বস্তুৰ সঘনে হােৱা দামৰ তাৰতম্য , চৰকাৰৰ নীতি আদি যাৰ বাবে পৰিচালনাত বিচ্ছুতি দেখা দিয়ে ।
( খ ) কেতিয়াবা আকৌ আভ্যন্তৰীণ কাৰকবােৰ যেনে উৎপাদনৰ সঠিক ব্যৱস্থা নােহােৱা , পুৰণি কলা – কৌশলৰ প্ৰয়ােগ আদিৰ বাবেও বিচ্ছুতিয়ে দেখা দিয়ে ।
( গ ) পৰিকল্পনাৰ আসোঁৱাহ , স্থিৰ লক্ষ্য নােহােৱা আৰু সঠিক ধৰণে কাম-কাজ আগবঢ়াৰ বাবেও কেতিয়াবা বিচ্ছুতি হ’ব পাৰে ।
( ঘ ) কেতিয়াবা কেতিয়াবা আকৌ দুর্বল নেতৃত্ব , যােগাযােগ ব্যৱস্থাৰ অভাৱ আদিৰ বাবেও পৰিচালনাত বিচ্ছুতি হােৱা দেখা যায় ।
বিচ্ছুতি শুধৰাব লাগিলে তলত উল্লেখ কৰা পদক্ষেপবােৰ গ্ৰহণ কৰিব লাগিব–
পােন প্রথমেই আভ্যন্তৰীণ কাৰকবােৰ যেনে সঠিক উৎপাদন ব্যৱস্থা , নতুন আৰু কাৰিকৰীভাৱে উন্নত যন্ত্রপাতি আদিৰ ব্যৱস্থা কৰিব লাগিব ৷
( খ ) পৰিকল্পনাকৰণ প্রক্রিয়া সঠিক হ’ব লাগিব , লক্ষ্যসমূহ পৰিষ্কাৰ আৰু স্থিৰ হ’ব লাগিব । আৰু কামবােৰ সমাধা কৰাৰ সঠিক ৰাস্তা নির্ণয় কৰিব লাগিব ।
( গ ) সংগঠনটোৰ নিয়ােগ প্রক্রিয়া সুস্থিৰ হ’ব লাগিব । সঠিক মানুহ সঠিক ঠাইত নিয়ােগ কৰিব লাগিব ।
( ঘ ) নেতৃত্ব সবল হ’ব লাগিব আৰু পৰিচালনা প্রত্যেকটো স্তৰৰ মাজত উন্নত যােগাযােগ আৰু সুন্দৰ সম্পর্ক স্থাপিত হ’ব লাগিব ।
৩৭। পৰিচালনাৰ তথ্য প্রযুক্তি প্রণালী কি ? ইয়াৰ সুবিধাবােৰ কি কি ?
উত্তৰঃ পৰিচালনাৰ তথ্য প্রযুক্তি প্রণালীৰ সুবিধাবােৰ হ’ল–
( ক ) ই বিভিন্ন স্তৰত থকা পৰিচালকসকলক সঠিক বিৱৰণ যােগান ধৰে ।
( খ ) ই সকলাে দৰকাৰী তথ্য সুন্দৰভাৱে আৰু কম খৰচত যােগান ধৰে ।
( গ ) ই পৰিকল্পনাৰণ , নিয়ন্ত্রণ সাধন আৰু সিদ্ধান্ত গ্রহণত সহায় কৰে ।
( ঘ ) সংগঠনটোৰ সকলাে ধৰণৰ তথ্য চকুৰ পচাৰতে যােগান ধৰে ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.


