Class 12 Business Chapter 11 বজাৰৰ্কৰণ

Class 12 Business Chapter 11 বজাৰৰ্কৰণ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 12 Business Chapter 11 বজাৰৰ্কৰণ and select needs one.

Class 12 Business Chapter 11 বজাৰৰ্কৰণ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Business Chapter 11 বজাৰৰ্কৰণ Solutions for All Subject, You can practice these here…

বজাৰৰ্কৰণ

Chapter : 11

দ্বিতীয় খণ্ড

অতি চমু উত্তৰ দিয়াঃ ( মূল্যাংকঃ ১ )

১ । বজাৰকৰণৰ চাৰিটা মিশ্ৰণৰ নাম লিখা । 

উত্তৰঃ উৎপন্ন দ্রব্য , দৰ মূল্য , স্থান , বৃদ্ধিকৰণ উত্তীর্ণকৰণ ।

২ । গ্রাহকক এটা দ্রব্যৰ বিষয়ে অবগত কৰা কাৰ্যটোৰ নাম লিখা । 

উত্তৰঃ উত্তীর্ণকৰণ কার্য 

৩। ‘ট্রেডমার্ক’ ৰ দুটা উদাহৰণ দিয়া । 

উত্তৰঃ লিমকা আৰু আমুল । 

৪। দ্রব্যৰ সংজ্ঞা দিয়া । 

উত্তৰঃ দ্রব্য মানে পন্য সামগ্রী অথবা সেৱা নাইবা মূল্য সম্পন্ন যিকোনাে বস্তু যাক বিনিময়ৰ বাবে বজাৰলৈ বিক্ৰীৰ বাবে আগবঢ়োৱা হয় । ইয়ে গ্রাহকসকললৈ উৎপন্ন দ্রব্য অথবা বিক্ৰীৰ পাছত আগবঢ়োৱা সেৱা অভিযােগ নিষ্পত্তি কৰা অতিৰিক্ত যন্ত্রাংশ প্রাপ্ত কৰাকো অন্তর্ভূক্ত কৰে ।

৫। সুচল দ্ৰব্যৰ দুটা উদাহৰণ দিয়া । 

উত্তৰঃ চার্ফ , চাবােন , ক্ল’জ আপ দন্ত মঞ্জন । 

৬। দ্রব্য ( এটা ঠাইৰ পৰা আন এটা ঠাইলৈ ) নিবৰ বাবে কৰিবলগীয়া কাৰ্যটোৰ নাম লিখা ।( বিতৰণৰ ) 

উত্তৰঃ বিতৰণ প্ৰণালীৰ বাছনি । 

৭। বজাৰকৰণৰ আধুনিক ধাৰণাটো কি ? 

উত্তৰঃ উৎপাদনকাৰী সকলৰ পৰা উপভােক্তা সকললৈ পণ্য আৰু সেৱা স্থানান্তৰ কৰাবলৈ ইয়াৰ আনুষাংগিক কার্য যেনে উৎপাদন দ্রব্যৰ আৰ্হি প্ৰস্তুতকৰণ বা পণ্য সামগ্রী প্রস্তুতকৰণ , পেকেজিং বা টোপােলাকৰণ , পণ্যাগাৰকৰণ , পৰিবহন , বিক্রয়কৰণ , বিজ্ঞাপনকৰণ আৰু দৰ ধার্যকৰণৰ আৱশ্যক হয় । এই সকলােবােৰ কার্যকে বজাৰকৰণ কার্য হিচাপে বুজা যায় । বজাৰকৰণ হৈছে এক সামাজিক প্রক্রিয়া যত মানুহে আনৰ সৈতে ভাৱ বিনিময় কৰে , নির্দিষ্ট দিশত । পথত কাম কৰিবলৈ , ধৰা হ’ল এটা দ্রব্য বা সেৱা ক্ৰয় কৰিবলৈ বাধ্য কৰােৱাৰ বিপৰীতে পতিয়ন নিয়াৰম ।

৮ । ‘ট্রেডমার্ক’ মানে কি ? 

উত্তৰঃ ‘ট্রেড মার্ক’ মানে হৈছে ট্রেড মার্ক আইনৰ অধীনত চৰকাৰৰ সৈতে পঞ্জীকৃত এটা পৰিচয়জ্ঞাপক নাম । 

৯। কেনে ধৰণৰ মধ্যস্থতাকাৰী বিক্ৰীৰ দুটা তৰপৰ মাজত থাকে ?

উত্তৰঃ পাইকাৰী আৰু খুচুৰা বিক্রেতা ।

১০। দুটা বাণিজ্য উদ্যোগীৰ উদাহৰণ দিয়া । 

উত্তৰঃ পাইকাৰী আৰু খুচুৰা বিক্রেতা ।

১১। দুই ধৰণৰ কিনিব পৰা দ্ৰব্যৰ উদাহৰণ দিয়া । 

উত্তৰঃ আচবাব , সাজপােছাক , যন্ত্রপাতি ইত্যাদি ।

১২। বস্তুৰ দৰ নির্ণয়ৰ এটা উদ্দেশ্য উল্লেখ কৰা । 

উত্তৰঃ ( a ) বজাৰ অংশৰ নেতৃত্ব হাতলৈ অনা । আৰু  

( b ) উৎপন্ন দ্রব্যৰ গুনৰ নেতৃত্বত উপনীত হােৱা । 

১৩। বজাৰকৰণৰ মিশ্রণ চাৰিটাৰ কথা কোনে কৈছিল ? 

উত্তৰঃ Mc Carthy য়ে ।

১৪। লেবেলিং কি ? 

উত্তৰঃ পেকেজৰ ওপৰত লগােৱা চিনাক্তকৰণ চিহ্নই হৈছে লেবেলিং । পন্য দ্রব্যৰ ই এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য । 

১৫। পেকেজিং কি ? নাইবা টোপােলাকৰণ কি ? 

উত্তৰঃ টোপােলাকৰণে উৎপন্ন দ্রব্যৰ টোপােলা বা পেকেজৰ বাবে ৰূপাংকন কৰাক বুজায় । 

১৬। ব্ৰেণ্ড কি ? নাইবা পৰিচয় জ্ঞাপক চিহ্নকৰণ কি ? 

উত্তৰঃ প্ৰায়বােৰ উপভােক্তাই উৎপন্ন দ্রব্যৰ বিপণনৰ বাবে গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণৰ বিষয় হৈছে উৎপন্ন দ্রব্যৰ বিশেষকৰ জৰিয়তে বা বর্গীয় নামেৰে চন পৰিচয়জ্ঞাপক চিহ্নৰ নামেৰে বিক্ৰী কৰিব । 

১৭। পণ্য কিনা নহয় কিন্তু তাক বিক্ৰী কৰা হয় ’ — বজাৰকৰণ কোনটো ধাৰণা ইয়াৰ লগত জড়িত ? 

উত্তৰঃ বিক্ৰয়ৰ ধাৰণাৰ লগত জড়িত । 

১৮। বজাৰকৰণৰ কোনটো ধাৰণাই কয় যে লাভ অর্জন কৰিবৰ হলে গ্রাহকক সন্তুষ্টি দিব লাগে আৰু সমাজৰ স্বাৰ্থ অটুট ৰাখিব লাগে ? 

উত্তৰঃ সামাজিক ধাৰণা । 

১৯। ‘KOUTONS’ অত 50 % + 40 % কমাই দিয়াটো বিক্রী বৃদ্ধিকৰণৰ কোনটো কৌশল ? 

উত্তৰঃ ডিস্কাউন্ট । 

২০। ট্রেড মার্কৰ দুটা উদাহৰণ দিয়া ? 

উত্তৰঃ লিমকা আৰু আমুল । 

২১। দুটা সুলভ পণ্যৰ উদাহৰণ দিয়া ? 

উত্তৰঃ বিস্কুট , চেনি ।

২২ । এনে এটা পণ্যৰ উদাহৰণ দিয়া যাৰ উপযােগিতা এবাৰত শেষ হৈ যায় ? 

উত্তৰঃ শীতল পানীয় । 

( খ ) চমু উত্তৰ দিয়া ( মূল্যাংকঃ ১/৩ ) 

২৩। এটা ভাল ব্ৰেণ্ডৰ তিনিটা গুণাগুণ বর্ণনা কৰা । 

উত্তৰঃ এটা ভাল ব্ৰেণ্ডৰ তিনিটা গুণাগুণ হ’ল— 

( ক ) পৰিচয় জ্ঞাপক নাম এটাই উৎপন্ন দ্রব্যৰ উপকাৰ আৰু গুনসম্পৰ্কত পৰামৰ্শ আগবঢ়াব লাগে কাৰণ তেতিয়াহেই উৎপন্ন দ্রব্যৰ কাৰ্যৰ প্রতি উপযুক্ত হয় । 

( খ ) পৰিচয় জ্ঞাপক নাম চুটি হােৱাৰ লগতে ইয়াৰ অর্থ বুজাবলৈ বা পন্য দ্রব্য চিনিপাবলৈ সহজ হােৱা উচিত যেনে ভিম , বিন ইত্যাদি । 

( গ ) পৰিচয়জ্ঞাপক নাম বৈশিষ্ট্যপূর্ণ বা স্বকীয়তাপূর্ণ হােৱা উচিত যাতে গ্রাহকে ক্রয় কত প্রতি আকৃষ্ট হয় । যেনে মিৰিণ্ডা , লিৰিল , চাফাৰি ইত্যাদি । 

২৪। প্রাকৃতিক বিতৰণৰ তিনিটা দিশৰ বিষয়ে লিখা । 

উত্তৰঃ পন্যৰ কায়িক বিতৰণৰ দিশ সমূহ হ’ল– 

( ক ) পৰিবহনঃ ই হৈছে পন্য সামগ্রী আৰু কেচামাল , উৎপাদনস্থলীৰ পৰা বিক্রী স্থানলৈকে 

কঢ়িওৱাৰ উপায় পন্য বিতৰণত ই হৈছে প্রধান উপাদান কিয়নাে পন্য সামগ্রীকাৰিক ভাবে পােৱাৰ ব্যৱস্থা নকৰিলে বিক্রী কার্য সম্পন্ন কৰিব পৰা সম্ভৱ নহয় । 

( খ ) পন্যগাৰকৰণ :- পন্যগাৰকৰণে উৎপন্ন দ্রব্যৰ সময় উপযােগিতা সৃষ্টি কৰাৰ উদ্দেশ্য সেইবােৰৰ মজুতকৰন আৰু মিলাই মিলাই বিভিন্ন উৎপন্ন দ্রব্যৰ সমাহাৰ ঘটোৱাৰ সৈতে জড়িত কার্যক বুজায় । ইয়াৰ মৌলিক উদ্দেশ্য হৈছে পন্য সামগ্রীৰ উপযুক্ত স্থায়িক বন্দোবস্তুকৰণ আৰু সেইবােৰৰ মজুত কৰণত সুবিধা প্রদান কৰা । 

( গ ) বীমাঃ পন্য সামগ্রী বিতৰণ আৰু সেৱা সংক্রান্তত ভালেসংখ্যক বিপদাশংক অন্তর্নিহিত হৈ থাকে । বীমাই এই বিপদাশংকাৰ পূৰণ কৰাত সহায় কৰে ইয়ে পন্য সামগ্রী মজুতকৰণ আৰু পৰিবহনত উদ্ভৱ হােৱা বিপদশংকা পূৰণৰ দ্বাৰা পন্য সামগ্ৰীৰ সুস্থ প্রবাহৰ সুবিধা আগবঢ়ায় ।

২৫। বস্তুৰ দৰ নির্ণয়ত কি কি কাৰকে ক্রিয়া কৰে তাৰ তিনিটাৰ বিষয়ে লিখা । 

উত্তৰঃ মূল্য নির্ধাৰণত প্ৰভাৱ পেলােৱা উপাদান সমূহ হ’ল — 

( ক ) উৎপন্ন দ্রব্য ব্যয় :- উৎপন্ন দ্রব্য বা সেৱাৰ দৰ নিৰ্দ্ধাৰণত প্ৰভাৱ পেলােৱ গুৰুত্বপূর্ণ উপাদান হৈছে উৎপন্ন দ্রব্য ব্যয় । ই দ্রব্যৰ উৎপাদন , বিতৰণ আৰু বিক্ৰীকৰণৰ ব্যয় অন্তর্ভূক্ত কৰে । ব্যয়ে সর্বনিম্ন স্তৰ অথবা কাৰখানাৰ মজিয়াৰ দৰ নিৰ্দ্ধাৰণ কৰে , যিটো দৰত দ্রব্য বিক্ৰী কৰিব পাৰে । ব্যয় বহল অর্থত তিনি প্ৰকাৰৰ –

( i ) স্থিৰ ব্যয় ।

(  ii ) পৰিবর্তনীয় ব্যয় আৰু ।

( iii ) অর্ধ পৰিবর্তনীয় ব্যয় । 

( খ ) উপযােগিতা আৰু চাহিদাঃ পণ্য অথবা সেৱাৰ বজাৰ চাহিদাই মূল্য নির্ধাৰণত বাৰুকৈয়ে প্রভাৱ পেলায় । যিহেতু সম্ভাব্য ক্রেতাসকল চাহিদাৰ দ্বাৰা প্ৰভাৱিত হয় সেয়ে দৰ নিৰ্দ্ধাৰণৰ ক্ষেত্ৰত ক্রেতাৰ ক্ৰয় কৰাৰ ক্ষমতা , পৰিশােধ কৰাৰ ইচ্ছা , তেওঁলােকৰ পছন্দ ইত্যাদি বিষয়সমূহ বিবেচনা কৰা হয় । যদি কোনাে দ্রব্যৰ চাহিদা অস্থিতিস্থাপক প্রতিষ্ঠানে উচ্চ দৰ স্থিৰ কৰাটো উচিত নহব ।

( গ ) প্রতিযােগিতা :- প্রতিযােগিতা থকা বজাৰত মূল্য নির্ধাৰণ কৰাটো এটা জটিল উপাদান । প্রতিযােগিসকলে সদৃশ পণ্যৰ বাবে কিমান দৰ নিৰ্দ্ধাৰণ কৰিছে আৰু সন্মুখত এই দৰ বৃদ্ধি বা হ্রাস কৰা সম্ভাৱনীয়তা থকা বিদ্যমান তথ্যপাতি সমূহেও দৰ নিৰ্দ্ধাৰণত প্ৰভাৱ পেলায় । 

২৬। বিক্রী উন্নীতকৰণৰ তিনিটা পদ্ধতি বর্ণনা কৰা । 

উত্তৰঃ বিক্রী উন্নীতকৰণৰ পদ্ধতি তিনিটা হ’ল—

( ক ) ভােক্তা উত্তীর্ণকৰণ :- এই পদ্ধতিৰ দ্বাৰা পন্য নমুনা বিতৰণ , প্রামাণিক প্রদর্শনী অনুষ্ঠিত কৰণ , ৰেহাই দৰত বিতৰণ , বিনামূল্যে বিতৰণ , দৰ কর্তন , প্রতিযােগিতা অনুষ্ঠিতকৰণ আদি কাৰ্যৰে প্রতিষ্ঠানে পন্যৰ প্রতি গ্রাহকৰ দৃষ্টি আকর্ষণ কৰি ভোক্তা উত্তীর্ণ কৰিব পাৰে । 

( খ ) ব্যৱসায়ীৰ উত্তীর্ণকৰণ :- এই পদ্ধতিৰ দ্বাৰা প্রস্তুতকাৰীয়ে পাইকাৰী আৰু খুচুৰা ব্যৱসায়ীসকলক আকর্ষণ কৰাৰ প্রচেষ্টা চলায় । এই প্রচেষ্টাৰ অংশ হিচাপে ব্যৱসায়ীসকলক বৃহৎ সম্ভাৰ ৰখাৰ উদগণি যােগায় । ইয়াৰ বাবে নগদ আৰু ব্যৱসায় বাট্টা প্রদান , প্রদর্শন আৰু বিজ্ঞাপন বাবদ বনাচ আগবঢ়োৱা , বিজ্ঞাপন সাহায্য আগবঢ়োৱা ইত্যাদি কিছুমান আঁচনি গ্ৰহণ কৰে । 

( গ ) বিক্রেতা উত্তীর্ণকৰণঃ প্রস্তুতকাৰীয়ে বিক্রেতাসকলক তেওঁলােকৰ সর্বোত্তম প্রচেষ্টা প্রয়ােগ কৰাৰ অৰ্থে অনুপ্রাণিত কৰে । এই উদ্দেশ্য বিক্রেতাসকললৈ বনাচ , বাট্টা , প্রতিযােগিতাৰ পুৰস্কাৰ আগবঢ়োৱা ইত্যাদি আচনি গ্ৰহণ কৰে । 

২৮। বিজ্ঞাপনৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা । 

উত্তৰঃ বিজ্ঞাপনৰ বৈশিষ্ট্য সমূহহ’ল— 

( ক ) পৰিশােধ ৰূপঃ বিজ্ঞাপন হৈছে যােগাযােগৰ এক মূল্য পৰিশােধ ৰূপক । অর্থাৎ বিজ্ঞাপন দাতাই সম্ভাব্য কাৰােবাৰ সৈতে যােগাযােগ কৰাত ব্যয় বহন কৰিব লাগে । 

( খ ) অব্যক্তিত্বঃ বিজ্ঞাপনত সম্ভাব্য কোনো ক্রেতা বা ব্যক্তি আৰু বিজ্ঞাপন দাতাৰ মাজত পােনপটীয়া মুখামুখীৰ সংস্পর্শ নঘটে । সেয়ে ইয়াক প্ৰৱর্তন পদ্ধতিৰ অব্যক্তিত্ব এক পদ্ধতি হিচাপে বুজা যায় । 

( গ ) চিনাক্ত বিজ্ঞাপনকাৰী :- বিজ্ঞাপনকৰণত কিছুমান চিনাক্ত কৰিব পৰা ব্যক্তি বা কোম্পানিৰ দ্বাৰা দায়গ্রহণ কৰা হয় যিবােৰে বিজ্ঞাপনৰ প্রচেষ্টা চলায় আৰু লগতে ইয়াৰ ব্যয়াে বহন কৰে । 

২৯। ব্যক্তিগত বিক্রয়ৰ তিনিটা বৈশিষ্ট্য বর্ণনা কৰা ।

উত্তৰঃ ব্যক্তিগত বিক্রয় কৰণৰ বৈশিষ্ট্যসমূহ হ’ল– 

( ক ) ব্যক্তিগত ৰূপঃ ব্যক্তিগত বিক্রয়কৰণত মুখামুখীকৈ এক পােনপটীয়া কথােপকথনে স্থান লাভ কৰে । যিয়ে বিক্রেতা আৰু ক্ৰেতাৰ মাজত ভাব বিনিময় অন্তর্ভুক্ত কৰে । 

( খ ) সম্পর্ক উন্নয়ন :- ব্যক্তিগত বিক্রয় কৰণে বিক্রীত জড়িত ব্যক্তি এজনক সম্ভাব্য গ্রাহকৰ লগত ব্যক্তিগত সম্পর্ক স্থাপন আৰু উন্নত কৰিবলৈ অনুমতি দিয়ে । যিয়ে বিক্ৰীকৰাত গুৰুত্বপূৰ্ণ হব পাৰে । 

( গ ) মৌখিকঃ ব্যক্তিগত বিক্রয় কৰণ মৌখিক ভাবে হয় । ই লিখিত আকাৰ নহয় । 

৩০। লেবেলিংৰ তিনিটা সুবিধা বর্ণনা কৰা । 

উত্তৰঃ লেবেলিংৰ সুবিধা সমুহ হল— 

( ক ) লেবেলৰ দ্বাৰা উৎপন্ন দ্রব্য চিনাক্তকৰণত সহায়ক হয় । ইয়াৰ ফলত গ্রাহকে বহুসংখ্যক সামগ্ৰীৰ মাজৰ পৰা তেওঁৰ পচন্দৰ সামগ্রী চিনাক্ত কৰি ক্ৰয় কৰিব পাৰে । 

( খ ) লেবেলিঙে উৎপন্ন দ্রব্য ভিন ভিন শ্রেণীত ভাগ কৰাত সহায় কৰে । 

( গ ) লেবেলিংৰ দ্বাৰা উৎপন্ন দ্রব্যৰ উত্তীর্ণকৰণ বা প্রবর্তনত সহায় কৰে । 

৩১। ‘পেকেজিংৰ তিনিটা কাৰ্য্য লিখা । 

উত্তৰঃ পেকেজিঙৰ কিছুমান গুৰুত্বপূৰ্ণ কার্য হৈছে— 

( ক ) উৎপন্ন দ্রব্য চিনাক্তকৰণ :- পেকেজিঙে উৎপন্ন দ্রব্য চিনাক্তকৰণত সহায় কৰে । উদাহৰণস্বৰূপে ৰঙা ৰঙৰ কলগেট , অথবা প’ণ্ডচ ক্রীমৰ বয়াম এইবােৰৰ পেকেজৰ দ্বাৰাই সহজে চিনাক্ত কৰিব পাৰি । 

( খ ) উৎপন্ন দ্রব্য সুৰক্ষা :- পেকেজিঙে উৎপন্ন দ্রব্যৰ নষ্ট , ভঙা , সৰকি যােৱা , ক্ষয় – ক্ষতি হােৱা , জলবায়ুজনিত পৰিণতি আদিৰ পৰা সুৰক্ষিত উৎপন্ন দ্রব্যৰ ৰূপে এনে ধৰণৰ মজুতকৰণ , বিতৰণ আৰু পৰিবহনত আৱশ্যক হয় । 

( গ ) উৎপন্ন দ্রব্যৰ ব্যৱহাৰত সুবিধা দিয়া :- পেকেজৰ আকাৰ আৰু আকৃতি এনে ধৰণৰ হােৱা উচিত যাতে সেইবােৰ খুলিবলৈ , চলাবলৈ আৰু উপভভাক্তাসকলৰ ব্যৱহাৰৰ বাবে সুবিধাজনক হয় । প্রসাধন সামগ্রী ঔষধ আৰু দন্তমঞ্জনৰ টিউব হৈছে ইয়াৰ উদাহৰণ । 

৩২। এজন বজাৰ কৰ্তাৰ বাবে ব্রেণ্ডিংৰ তিনিটা সুবিধা উল্লেখ কৰা । 

উত্তৰঃ বজাৰ কৰ্তাৰ বাবে ব্রেণ্ডিংৰ সুবিধাসমূহ হ’ল— 

( ক ) উৎপন্ন দ্রব্য ভিন্নকৰণত সামর্থ হয় :- পৰিচয়জ্ঞাপনকৰণে এটা প্রতিষ্ঠানৰ উৎপন্ন দ্রব্যক ইয়াৰ প্ৰতিযােগি প্রতিষ্ঠানৰ উৎপন্ন দ্রব্যৰ পৰা পৃথক কৰাত সহায় কৰে । 

( খ ) বিজ্ঞাপনকৰণ আৰু প্ৰদৰ্শন আঁচনিত সহায় কৰে :- পৰিচয়জ্ঞাপনে প্রতিষ্ঠানক ইয়াৰ উৎপন্নৰ বিজ্ঞাপনকৰণ আৰু প্ৰদৰ্শন আঁচনি প্ৰস্তুত কৰণত সহায় কৰে । ইয়াৰ অবিহনে বিজ্ঞাপনকাৰীয়ে বর্গীয় উৎপন্ন দ্রব্যৰ বাবে সৃষ্টি কৰিব পাৰে কিন্তু উৎপন্ন দ্রব্যৰ বাবে কতিয়াও বিক্রী নিশ্চিত কৰিব নােৱাৰে । 

( গ ) ব্যৱধানমূলক মূল্য ধার্যকৰণত সহায় কৰে :- ব্যৱধানমূলক মূল্য ধার্যকৰণ বা দৰৰ পৃথকীকৰণ হৈছে প্রতিষ্ঠানে প্রতিযােগিৰ দ্বাৰা ধাৰ্য কৰা দৰতকৈ ইয়াৰ উৎপন্ন দ্রব্যৰ সুকীয়া দৰ ধার্য কৰাক বুজায় য’ত পৰিচয়জ্ঞাপক চিহ্নই প্রতিষ্ঠানক সামর্থ্য কৰি তোলে ।

৩৩। বজাৰকৰণ আৰু বিক্ৰীকৰণৰ মাজত তলত উল্লেখ কৰা ভেটিৰ আধাৰত পার্থক্য দেখুওৱা— 

( a ) অর্থ ( b ) জোৰ বা হেঁচা ।

উত্তৰঃ বজাৰকৰণ আৰু বিক্ৰীকৰণৰ মাজত তলত উল্লেখ কৰা ভেটিৰ আধাৰত পার্থক্য দেখুওৱা হ’ল–

৩৪ । মেলা বা প্রদর্শনীৰ বিক্রী বঢ়োৱাত কেনে ধৰণৰ গুৰুত্ব আছে আলােচনা কৰা । 

উত্তৰঃ বিভিন্ন উৎপাদনকাৰী আৰু ব্যৱসায়ীয়ে উৎপাদিত সামগ্রী বিক্ৰী কৰিবলৈ মেলা আৰু প্রদর্শনী অনুষ্ঠিত কৰে । মেলা প্রদর্শনীৰ জৰিয়তে উদ্যোক্তাৰ আগতীয়া জাননীৰ সহাৰি মমে অগনন ইচ্ছুক তােক সমবেত হয় আৰু নিজৰ নিজৰ আৱশ্যকীয় বয়বস্তু ক্রয় কৰে । মেলা আৰু প্ৰদৰ্শনীত উৎপাদনকাৰীয়ে বিক্ৰীৰ বাবে সাজু কৰা পন্যৰ তালিকা , বিৱৰণ আৰু পন্যৰ কিয়দাংশৰ মুক্ত বিতৰণেৰে গ্ৰাহকক আকর্ষণ কৰে । ইয়াৰ দ্বাৰা পন্যৰ গুণাগুণ সােৱাদ আদি জনাত গ্রাহক সহজ হয় । প্রদর্শনীৰ ক্ষেত্ৰত কাৰিকৰিক ব্যৱহাৰ্য বয়বস্তুৰ ব্যৱহাৰ প্ৰণালী দেখুৱাই দিয়ে আৰু সেইবােৰৰ উপকাৰিতা হাতে কামে দেখুৱাই দৰ্শকক ক্রেতালৈ পৰিৱৰ্ন কৰে । 

৩৫। বিজ্ঞাপন আৰু বেচোতাৰ কাৰ্য্যৰ মাজত পার্থক্য দেখুওৱা । 

৩৬। প্রমােচন মিশ্রণ আৰু বজাৰকৰণৰ মিশ্ৰণৰ মাজত পার্থক্য দেখুওৱা । 

উত্তৰঃ উত্তীর্ণকৰণ মিশ্রণে যােগাযােগৰ উদ্দেশ্য সফল হবলৈ এটা সংগঠনৰ দ্বাৰা ব্যৱহৃত বৃদ্ধিৰ আহিলাসমূহৰ সংযােজন কৰাক বুজায় । বিপননকাৰী সকলৰ দ্বাৰা তেওঁলােকৰ প্ৰতিষ্ঠানৰ উৎপন্ন দ্রব্যবােৰৰ বিষয়ে গ্রাহকসকলক জনাবলৈ আৰু ক্ৰয় সম্মত কৰাবলৈ যােগাযােগৰ ভিন ভিন আহিলা ব্যৱহাৰ কৰা হয় । এইবােৰ হৈছে বিজ্ঞাপন , ব্যক্তিগত বিক্রয় , বিক্রী উত্তীর্ণকৰণ আৰু প্ৰচাৰ । এই আহিলাবােৰক উত্তীর্ণকৰণ মিশ্রণ বুলি কোৱা হয় । 

আনহাতে বজাৰকৰণ মিশ্রণ হৈছে বজাৰকৰণ আহিলাৰ এক সমষ্টি যাক নিৰ্ধাৰিত লক্ষ্যৰ বজাৰত প্রতিষ্ঠানে ইয়াৰ বজাৰকৰণ উদ্দেশ্যক চলাই নিবলৈ ব্যৱহাৰ কৰে । বজাৰকৰণ মিশ্রণৰ পৰিৱৰ্তনশীল বা উপাদান বােৰ চাৰিটা শ্ৰেণীত বিভক্ত হয় , যিবােৰৰ ইংৰাজী শব্দসমূহৰ অদ্যাক্ষৰেৰে জনপ্রিয় ভাবে ‘ Four ‘ P’s হিচাপে জনা যায় । সেইবােৰ হৈছে উৎপন্ন দ্রব্য ( Product ) দৰ Price , অৱস্থিতি ( Place ) আৰু উত্তীর্ণকৰণ ( Promotion ) কোনাে উৎপন্ন দ্রব্য বজাৰলৈ আগবঢ়াবলৈ হলে এই উপাদানবােৰৰ সংযােজন ঘটোৱা হব । 

৩৭। বিজ্ঞাপনৰ তিনিটা গুৰুত্ব চমুকৈ আলােচনা কৰা ।

উত্তৰঃ বিজ্ঞাপনৰ গুৰুত্বসমূহ হ’লঃ 

( ক ) গন বিস্তৃতি :- বিজ্ঞাপনকৰণ হৈছে এক মাধ্যম যাৰ জৰিয়তে বৃহৎ ভৌগলিক অঞ্চলজোৰা বহুসংখ্যক লােকক চুকি পাব পাৰি । 

( খ ) গ্রাহকৰ সৃষ্টি আৰু বিশ্বাস বঢ়াই তােলা :- বিজ্ঞাপন কৰণে সম্ভাব্য গ্রাহকসকলৰ মাজত বিশ্বাসৰ সৃষ্টি কৰে । তেওঁলােকে উৎপন্ন দ্রব্যৰ গুণৰ বিষয়ে অধিক সহায় লাভ কৰে আৰু অধিক আশ্চস্ত হয় আৰু সন্তুষ্টি লাভ কৰে । 

( গ ) মিতব্যয়িতাঃ বৃহৎ সংখ্যাক লােকক ঢুকি পাবলৈ হলে বিজ্ঞাপন হৈছে যােগাযােগৰ এক অতি মিতব্যয়ী উপায় । বৃহৎ সংখ্যকক ঢুকি পােৱা কাৰণতে বিজ্ঞাপণৰ সামগ্রিক ব্যয় ই প্রতিষ্ঠা কৰা অসংখ্য যােগাযােগৰ ওপৰত প্ৰসাৰিত হয় । ফলস্বৰূপে ঢুকি পােৱা লােকৰ সংখ্যাৰ বিবেচনাৰে প্ৰতিজনৰ গড় ব্যয় নিম্ন হয় । 

৩৮। বাতৰিকাকত এখনক বিজ্ঞাপনৰ বাবে বাছি লােৱাৰ তিনিটা সুবিধা লিখা । 

উত্তৰঃ বাতৰিকাকত এখনক বিজ্ঞাপনৰ বাবে বাছি লােৱাৰ প্ৰধান কাৰণসমূহ হ’ল– 

( ক ) এই মধ্যমটো অত্যন্ত কম খৰচী । 

( খ ) অতি কম সময়ৰ ভিতৰত ই বহুতাে ঠাইত প্রভাব পেলাব পাৰে । 

( গ ) সাধাৰণ মানুহ এজনে সহজে বুজি পােৱাৰ লগতে ইয়াৰ প্ৰসাৰ যথেষ্ট বেছি ।

See Next Page No Below…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top