Class 12 Business Chapter 12 উপভােক্তা সুৰক্ষা Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 12 Business Chapter 12 উপভােক্তা সুৰক্ষা and select needs one.
Class 12 Business Chapter 12 উপভােক্তা সুৰক্ষা
Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given Assam Board Class 12 Business Chapter 12 উপভােক্তা সুৰক্ষা Solutions for All Subject, You can practice these here.
উপভােক্তা সুৰক্ষা
Chapter : 12
দ্বিতীয় খণ্ড
অতি চমু উত্তৰ দিয়াঃ ( মূল্যাংকঃ ১ )
১। গ্রাহকক সুৰক্ষা প্রদান কৰাটো এটা নীতিগত বিচাৰ । শুদ্ধ / অশুদ্ধ ।
উত্তৰঃ শুদ্ধ ।
২। গ্রাহকৰ অধিকাৰবােৰ কি কি ? যিকোনাে এটা লিখা ।
উত্তৰঃ সুৰক্ষাৰ অধিকাৰ ।
৩। গ্রাহক সুৰক্ষাৰ কোনটো অধিকাৰে এটা বাণিজ্য প্রতিষ্ঠানক তেওঁলােকৰ নিজৰ গ্রাহক সুৰক্ষা কক্ষ খােলাৰ ৰাস্তা মুকলি কৰি দিয়ে ?
উত্তৰঃ বিচাৰত শুনানী লাভৰ অধিকাৰ ।
8। গ্রাহক সুৰক্ষা আইনে গ্রাহকৰ সুৰক্ষাৰ ছটা অধিকাৰ প্ৰদান কৰে — শুদ্ধ / অশুদ্ধ ।
উত্তৰঃ শুদ্ধ ।
৫। ISI হ’ল খাদ্য সামগ্ৰীৰ গুণাগুণ সম্পর্কীয় প্রমাণ পত্র । শুদ্ধ / অশুদ্ধ ।
উত্তৰঃ অশুদ্ধ ।
৬। গ্রাহক সুৰক্ষা আইনৰ অধীনত বেয়া দ্ৰব্য আৰু সেৱাৰ গাফিলতিৰ বাবে গ্রাহকে এটা গােচৰ ৰুজু কৰিব পাৰে । শুদ্ধ / অশুদ্ধ ।
উত্তৰঃ শুদ্ধ ।
৭। অনা-চৰকাৰী সংস্থাববাৰে গ্ৰাহকৰ সুৰক্ষাৰ বাবে প্রত্যক্ষ ভূমিকা ল’ব পাৰে নেকি ?
উত্তৰঃ হয় । অনাচৰকাৰী সংস্থাবােৰে গ্ৰাহকৰ সুৰক্ষাৰ বাবে প্রত্যক্ষ ভূমিকা ল’ব পাৰে ।
৮। আহমেদে এটা ইস্ত্রী ক্রয় কৰিব বিচাৰে । কি চিহ্ন চাই তেওঁ ইয়াৰ গুণাগুণ সম্পর্কে সুনিশ্চিত হ’ব ?
উত্তৰঃ আই এচ আই চিহ্ন ।
৯ । কোনখন আইনে দ্রব্যৰ উৎপাদন আৰু বিতৰণ ব্যৱস্থাৰ তদাৰক কৰে ?
উত্তৰঃ অত্যাৱশ্যকীয় সামগ্রী আইন , ১৯৫৫ ।
১০। কোনখন আইনে ১৯৫৮ চনৰ ব্যৱসায় চিহ্ন আৰু পণ্য দ্রব্য চিহ্ন আইনখন বাতিল কৰিছিল ?
উত্তৰঃ ব্যবসায় চিহ্ন আইন , ১৯৯৯ । ১১।
১১। ভাৰতীয় মানদণ্ড বিৰিউ আইনে কোনটো চিহ্ন প্রণয়ন কৰে ?
উত্তৰঃ বি আই এছ ।
১২। পণ্য দ্ৰব্যৰ চার্টিফিকেট কোনটো চিহ্নৰ দ্বাৰা চিহ্নিত হয় ?
উত্তৰঃ এগমার্ক ।
১৩। কবিতাই এটা সােণৰ আঙুঠি কিনিব খােজে । এজন সচেতন ক্রেতা হিচাপে তেওঁ কি চাই ইয়াৰ মানদণ্ড নিৰূপণ কৰিব ?
উত্তৰঃ বি আই এ হলমার্ক ।
( খ ) চমু উত্তৰ দিয়া ( মূল্যাংকঃ ১/৩ )
১৪। উমা শর্মাই ৮ লাখ টকাৰে এখন গাড়ী কিনিলে আৰু কিনাৰ পিছত গম পালে যে গাড়ীখনৰ ইঞ্জিনত বিজুতি আছে । বহুৰ ওজৰ দেখুওৱাৰ পিছতো বিজুতিটো ঠিক কৰা নহ’ল । তেওঁ জিলা আদালতত এটা গােচৰ তৰিলে । কিন্তু জিলা আদালতৰ ৰায়ত সন্তুষ্ট নহৈ তেওঁ পুনৰাই আবেদন জনােৱাৰ সিদ্ধান্ত ল’লে । তেওঁক উচ্চ প্রশাসনত কেনেকৈ গােচৰ তৰিব উপায় দিয়া ।
উত্তৰঃ যিকোনাে গ্রাহক , পঞ্জীভূক্ত গ্রাহক সংস্থা , কেন্দ্রীয় চৰকাৰ নাইবা ৰাজ্যচৰকাৰ ইত্যাদিয়ে উপযুক্ত গ্রাহক ফ’ৰামত আপত্তি দাখিল কৰিব পাৰে । ইয়াত উমা শর্মাই ক্ৰয় কৰা গাড়ীখনৰ ইঞ্জিনৰ বিজুতিৰ বাবে বহুৰ আপত্তি দেখুওৱাৰ পিছত ঠিক কৰি নিদিয়াত জিলা আদালতত গােচৰ তৰিছিল । কিন্তু উক্ত আদালতে দিয়া ৰায়ত্ব সন্তুষ্ট নহৈ পুনৰাই আবেদন জনােৱাৰ সিদ্ধান্ত ললে । এইক্ষেত্ৰত শৰ্মাই উপযুক্ত ন্যায় পােৱাৰ বাবে ৰাজ্যিক আয়ােগ অথবা ৰাষ্ট্ৰীয় আয়ােগৰ ওচৰত আবেদন জনাই আপত্তি জনাব পাৰে ।
১৫। ব্যৱসায় এটাৰ দৃষ্টিৰে গ্ৰাহক সুৰক্ষাৰ গুৰুত্ব বর্ণনা কৰা ।
উত্তৰঃ গ্ৰাহকক সুৰক্ষা প্রদান আৰু উপযুক্তভাবে সন্তুষ্টি প্রদান কৰাত ব্যৱসায়ীয়ে দিবলগা গুৰুত্বসমূহ হ’ল –
( ক ) ব্যৱসায়ৰ দীর্ঘকালীন স্বার্থঃ ব্যৱসায় প্রতিষ্ঠানে ভৱিষ্যতে সাফল্য লাভ কৰিবলৈ দীর্ঘকালীন স্বার্থৰ বাবে গ্ৰাহকক সন্তুষ্ট কৰি ৰখা প্রয়ােজন । সন্তুষ্ট গ্রাহকে ভাল মন্তব্য প্রদানৰ দ্বাৰা ব্যৱসায়ক সহায় কৰে । এনেদৰে ব্যৱসায় প্রতিষ্ঠানে গ্রাহক সন্তুষ্টি দ্বাৰা দীর্ঘকালীন লাভ সর্বাধিকৰণ লক্ষ্য কৰি লােৱা উচিত ।
( খ ) ব্যৱসায়ে সমাজৰ সম্পদ ব্যৱহাৰ কৰেঃ ব্যৱসায় সংগঠনে সমাজত থকা সম্পদবােৰ ব্যৱহাৰ কৰে । সেয়ে এনে ব্যৱসায় সংগঠনে সেইবােৰ দ্ৰব্যৰ যােগান ধৰিব লাগে আৰু তেনে সেৱা আগবঢ়াব লাগে যিবােৰ ৰাজহুৱা স্বার্থজড়িত আৰু যিয়ে ৰাজহুৱা বিশ্বাসত আঘাত নঘটায় ।
( গ ) সামাজিক দায়বদ্ধতাঃ ব্যৱসায় সংগঠনৰ স্বাৰ্থজড়িত গােটৰ প্রতি সামাজিক দায়বদ্ধতা থাকে । যিহেতু ব্যৱসায় প্রতিষ্ঠানে দ্রব্য বিক্ৰী আৰু সেৱাৰ দ্বাৰাই ধন আহৰণ কৰে সেয়ে গ্রাহকসকলৰ প্রতিও যথেষ্ট তত্বাৱধান ল’ব লাগে ।
১৬। গ্রাহকৰ সুৰক্ষাৰ বাবে ভাৰত চৰকাৰে প্রচলন কৰা বিভিন্ন আইনৰ নাম লিখা ।
উত্তৰঃ গ্ৰাহকৰ স্বার্থ সুৰক্ষিত কৰাত ভাৰত চৰকাৰে গৃহীত কৰা বিভিন্ন ধৰণৰ আইন সমূহ হ’ল–
( ক ) গ্রাহক সুৰক্ষা আইন 1986 :- 1986 চনৰ গ্ৰাহক সুৰক্ষা আইনে গ্রাহক স্বার্থ সুৰক্ষা আৰু গ্রাহকৰ স্বার্থ উন্নয়নৰ প্রতি সচেষ্ট । এই আইনে ত্রুটিপূর্ণ দ্রব্য , সেৱাৰ ঘাটি , অসাধু কার্যকলাপ আৰু আন প্ৰকাৰৰ শােষণ বা আক্রান্তৰ পৰা গ্ৰাহকক সুৰক্ষা প্রদান কৰে ।
( খ ) চুক্তি আইন 1872 :- এই আইনে এখন চুক্তি প্রতিজ্ঞাকাৰী পক্ষক বন্ধোনত আৱদ্ধ কৰাৰ বিভিন্ন পৰিস্থিতি বা চর্তসমূহৰ অৱস্থাৰ নির্দেশ দিয়াৰ লগতে চুক্তি ভংগৰ ফলশ্রুতি হিচাপে বিভিন্ন পক্ষই পাব পৰা সুৰক্ষাৰো নির্দেশ কৰে ।
( গ ) পণ্য বিক্রয় আইন 1930 :- যেতিয়া ক্ৰয় কৰা দ্রব্য , বিক্রী চর্ত মতে নহয় , তেতিয়া এই আইনে ক্রেতাক কিছুমান সুৰক্ষা আৰু সকাহ প্রদান কৰে ।
১৭। গ্রাহকৰ দৃষ্টিৰে তেওঁলােকৰ সুৰক্ষা কিমান গুৰুত্বপূৰ্ণ বর্ণনা কৰা ।
উত্তৰঃ গ্ৰাহকৰ দৃষ্টিকোণৰ পৰা গ্রাহক সুৰক্ষাৰ গুৰুত্ব তলত দিয়া বিষয়সমূহৰ পৰা বুজিব পৰা যায় ।
( ক ) গ্রাহকৰ অজ্ঞতাঃ বহু ক্ষেত্ৰতে গ্রাহকসকল তেওঁলােকৰ অধিকাৰ আৰু পাব পৰা সাহায্য সম্পর্কত জ্ঞাত নােহাৱা হেতুকে তেওঁলােকক শিক্ষা প্রদান কৰাতো প্রয়ােজন যাতে গ্রাহক সজাগতাত উপনীত হ’ব পাৰি ।
( খ ) অসংগঠিত গ্রাহকঃ অসংগঠিত গ্রাহক সকলক সংগঠিত কৰা দৰকাৰ যাতে তেনে সংগঠনে তেওঁলােকৰ স্বাৰ্থৰ প্রতি নজৰ দিব পাৰে । এই ক্ষেত্ৰত ভাৰতত কাম কৰি থকা গ্রাহক সংগঠনসমূহ শক্তিশালী নােহােৱা পর্যন্তগ্রাহকক সুৰক্ষা দিয়াৰ প্রয়ােজন ।
( গ ) ব্যাপক হাৰত গ্ৰাহকক শােষণঃ শােষণ মূল্যক আৰু অসাধু কার্যকলাপ যেনে ত্রুটিপূর্ণ আৰু অসুৰক্ষিত দ্রব্য , ভেজালকৰণ , ভূৱা বিজ্ঞাপন , গােপন ভড়াল , কলা বজাৰ ইত্যাদিৰ দ্বাৰা গ্রাহক শােষিত হােৱাৰ সম্ভাৱনীয়তা বেছি । বিক্রেতাৰ এনে অন্যায় আচৰণৰ পৰা গ্ৰাহকক সুৰক্ষা প্রদান কৰা প্রয়ােজন ।
১৮। এজন গ্রাহকৰ দায়িত্ববােৰ কি কি ?
উত্তৰঃ গ্ৰাহকৰ দায়িত্বসমূহ হ’ল—
( ক ) বুদ্ধিমান আৰু জ্ঞানসম্পন্ন দ্রব্য বাছনি কৰিবলৈ বজাৰত পাব পৰা দ্রব্য বা সেৱাৰ প্রতি সজাগ থাকিব লাগে ।
( খ ) গুণৰ নিশ্চয়তা প্রদান কৰিব পৰা মানদণ্ডযুক্ত দ্রব্যহে ক্ৰয় কৰা উচিত । যেনে বৈদ্যুতিক দ্রব্যৰ বাবে ISI চিহ্ন , গহনা পাতিব ক্ষেত্ৰত Hall Mark , কৃষিজাত দ্রব্যৰ ক্ষেত্ৰত Agmark ইত্যাদি চিহৰ বিচাৰ কৰিব লাগে ।
( গ ) দ্রব্য আৰু সেৱাৰ লগত জড়িত বিপদাশংকাৰ বিষয়ে শিকি লােৱা, উৎপাদৰ নির্দেশাৱলী অনুকৰণ আৰু দ্রব্য সুৰক্ষা সহকাৰে ব্যৱহাৰ কৰা ।
১৯। গ্রাহকৰ ন্যায়ালয়ত কোনে গােচৰ তৰিব পাৰে ?
উত্তৰঃ গ্ৰাহকৰ ন্যায়ালয়ত তলত উল্লেখ কৰা পক্ষসমূহে গােচৰ তৰিব পাৰে –
( ক ) যিকোনাে গ্রাহক ।
( খ ) যিকোনাে পঞ্জীভূক্ত গ্রাহক সংস্থা ।
( গ ) কেন্দ্রীয় চৰকাৰ নাইবা যিকোনাে ৰাজ্য চৰকাৰ ।
( ঘ ) একে স্বার্থ থকা অসংখ্য গ্রাহকৰ হৈ এজন বা তাতােধিক গ্রাহকে । আৰু
( ঙ ) মৃত গ্রাহকৰ আইনগত উত্তৰাধিকাৰী বা প্রতিনিধিয়ে ।
২০। ৰাজ্যিক কমিশ্যনত কেনেকুৱা গােচৰ তৰিব পাৰি ?
উত্তৰঃ যেতিয়া উত্থাপিত দ্রব্য বা সেৱাৰ অভিযােগ আদায় বিচৰা , ক্ষতিপূৰণৰ সৈতে ২০ লাখতকৈ অধিক কিন্তু ১ কোটিতকৈ কম তেতিয়া উপযুক্ত ৰাজ্যিক আয়ােগৰ ওচৰত আপত্তি দাখিল কৰিব পাৰে । জিলা ফ’ৰামৰ আদেশ পুনৰ বিচাৰৰ বাবেও ৰাজ্যিক আয়ােগৰ ওচৰত আবেদন কৰিব পাৰি ।
২১। গ্রাহক সংস্থা আৰু অনাচৰকাৰী সংস্থাৰ ভূমিকা গ্ৰাহকৰ সুৰক্ষা আৰু তেওঁলােকৰ উন্নয়নৰ ক্ষেত্ৰত আলােচনা কৰা ।
উত্তৰঃ গ্ৰাহকৰ স্বার্থ সুৰক্ষা আৰু উন্নয়নৰ বাবে গ্রাহক সংগঠন আৰু বেচৰকাৰী সংগঠনসমূহৰ ভূমিকা তলত উল্লেখ কৰা হ’ল –
( ক ) সাধাৰণ ৰাইজক প্রশিক্ষণ কার্যসূচী , আলোচনা চক্ৰ আৰু কৰ্মশালাৰ আয়ােজন কৰি গ্রাহকৰ অধিকাৰ সম্পর্কে শিক্ষা দিয়া ।
( খ ) সাময়িক আলােচনী পত্রিকা আৰু অন্যান্য প্রকাশৰ দ্বাৰা গ্ৰাহকৰ সমস্যা , আইনগত প্রতিবেদন , পাচ পৰা সাহাৰ্য আৰু অন্যান্য স্বার্থ জড়িত বিষয়ৰ দ্বাৰা গ্ৰাহকক জ্ঞান প্রদান কৰা ।
( গ ) ক্ষমতাপ্রাপ্ত পৰীক্ষাগাৰত প্রতিযােগি ব্ৰাণ্ডৰ গ্ৰাহকৰ দ্ৰব্যৰ তুলনামূলক পৰীক্ষা চলােৱা । আৰু গ্ৰাহকৰ লাভৰ বাবে তাৰ ফলাফল প্রকাশ কৰা ।
২২। বেচৰকাৰী সংস্থাবােৰে গ্ৰাহকৰ সুৰক্ষাৰ স্বাৰ্থত বহুতাে কাৰ্যৰ কৰা দেখা যায় । ইয়াৰে যিকোনাে পাঁচটা উল্লেখ কৰা ।
উত্তৰঃ ( ক ) সাধাৰণ ৰাইজক প্রশিক্ষণ কার্যসূচী , আলােচনা চক্ৰ আদিৰ মাজেৰে গ্ৰাহকৰ অধিকাৰ সম্পর্কে শিক্ষা দিয়া ।
( খ ) সাময়িক আলােচনী পত্রিকা আৰু অন্যান্য প্রকাশৰ দ্বাৰা গ্ৰাহকৰ সমস্যা , আইনগত প্রতিবেদন , পাব পৰা সাহাৰ্য আদিৰ জ্ঞান প্রদান কৰা ।
( গ ) ক্ষমতাপ্রাপ্ত পৰীক্ষাগাৰাত প্রতিযােগী ব্ৰাণ্ডৰ গ্ৰাহকৰ দ্ৰব্যৰ তুলনামূলক পৰীক্ষা চলােৱা আৰু গ্ৰাহকৰ লাভৰ বাবে তাৰ ফলাফল প্রকাশ কৰা ।
( ঘ ) গ্রাহকে আইনগত প্রতিকাৰ বিচাৰিলে আইনগত সাহার্য , আইনগত উপদেশ আদি প্রদান কৰা ।
( ঙ ) গ্রাহকৰ হৈ উপযুক্ত গ্রাহক আদালতত আপত্তি দাখিল কৰা ।
( গ ) চমু উত্তৰ দিয়া ( মূল্যাংকঃ ২/৪ )
২৩। গ্রাহক সুৰক্ষা মানে কি বুজা ?
উত্তৰঃ উৎপাদক আৰু বিক্রেতাসকলৰ অসদাচৰণ বা অন্যায় ব্যৱহাৰৰ বিপৰীতে গ্রাহকসকলক সুৰক্ষা দিয়াটোৱেই হৈছে গ্রাহক সুৰক্ষা । সাম্প্রতিক সময়ত গ্রাহকসকলক ৰজা বুলি গণ্য কৰা হয় । সকলাে বজাৰকৰণ কার্যকলাপৰ কেন্দ্রীয় স্তৰত অৱস্থান কৰে গ্ৰাহকসকল । তথাপিতাে বৰ্দ্ধিত প্রতিযােগিতা আৰু বিক্রী বৃদ্ধিৰ তাগিদাত গ্রাহক সকলক উৎপাদনকাৰী আৰু বিক্রেতাই বিভিন্ন অবিবেকী ,শোষণমূলক অভব্য আচৰণ , ক’লা বজাৰ , ভেজালকৰণ আদি অনৈতিক কার্যকলাপৰ দ্বাৰা অন্যায় ব্যৱহাৰ কৰা দেখা যায় । এই ক্ষেত্ৰত যিখন আইনৰ দ্বাৰা অসুৰক্ষিত গ্রাহকসকলক সুৰক্ষা প্রদান কৰা হয় সেই আইনখনক কোৱা “ গ্রাহক সুৰক্ষা আইন 1986 ” ।
২৪ । গ্রাহকৰ অধিকাৰবােৰ চমুকৈ আলােচনা কৰা ।
উত্তৰঃ গ্রাহক সুৰক্ষা আইনে গ্রাহকক ছটা অধিকাৰ প্ৰদান কৰিছে । এই অধিকাৰসমূহ তলত আলােচনা কৰা হ’ল—
( ক ) সুৰক্ষাৰ অধিকাৰ :- জীৱন আৰু স্বাস্থ্যৰ বাবে বিপদজনক দ্রব্য আৰু সেৱাৰ বিপক্ষে নিৰাপত্তা পােৱাৰ গ্ৰাহকৰ অধিকাৰ আছে । উদাহৰণস্বৰূপে বৈদ্যুতিক সা – সজুলি , প্রেচাৰ কুকাৰ , খাদ্য-সামগ্ৰীৰ ক্ষেত্ৰত নিম্নমানৰ খাদ্য যেনে ব্রেড , গাখীৰ , আচাৰ , মাখন ইত্যাদি যিবােৰ নিম্নমানৰ উৎপাদনৰ নাইবা সুৰক্ষাৰ নিয়ম মানি নচলে সেয়া গভীৰ ক্ষতিৰ কাৰণ হ’ব পাৰে ।
( খ ) জানিবৰ অধিকাৰঃ গ্রাহক এজনে ক্রয় কৰিব বিচৰা দ্রব্যৰ বিষয়ে সম্পূর্ণ তথ্য জনাব অধিকাৰ আছে য’ত ইয়াৰ উপাদান , উৎপাদনৰ তাৰিখ , মূল্য , পৰিমাণ , ব্যৱহাৰৰ নির্দেশাৱলী ইত্যাদি অন্তর্ভূক্ত হৈ থাকে ।
( গ ) বাছনি কৰাৰ অধিকাৰঃ বিভিন্ন দ্রব্যৰ মাজৰ পৰা প্রতিযােগিতামূলক মূল্যত গ্রাহকে বাছনি কৰি লােৱাৰ স্বাধীনতা আছে । বজাৰকাৰীয়ে দ্রব্যৰ গুণগত মানদণ্ড , ব্ৰাণ্ড , মূল্য আকাৰ ইত্যাদি অনুসৰি দ্ৰব্য আগবঢ়াব লাগে যাতে গ্রাহকে এইবােৰৰ পৰা বাছনি কৰি ল’ব পাৰে ।
( ঘ ) বিচাৰত শুনানী লাভৰ অধিকাৰঃ কোনাে গ্রাহকে দ্রব্য বা সেৱাৰ দ্বাৰা অসন্তুষ্ট হলে আপত্তি দাখিল কৰিব পাৰে আৰু তেতিয়া শুনানী লাভ কৰাৰ অধিকাৰ পায় । সেয়ে দূৰদৃষ্টি সম্পন্ন ব্যৱসায় প্রতিষ্ঠানে গ্রাহক সেৱা আৰু বিবাদ কোষ প্রতিষ্ঠা কৰি গ্ৰাহকক সহায় কৰি আছে ।
| Sl. No. | সূচী-পত্ৰ |
| প্ৰথম খণ্ড | পৰিচালনাৰ নীতি আৰু কার্য |
| Chapter 1 | পৰিচালনাৰ প্রকৃতি আৰু তাৎপর্য । |
| Chapter 2 | পৰিচালনাৰ নীতি । |
| Chapter 3 | ব্যৱসায় / ব্যৱসায়িক পৰিৱেশ । |
| Chapter 4 | পৰিকল্পনাকৰণ । |
| Chapter 5 | সংগঠনকৰণ । |
| Chapter 6 | কর্মচাৰী নিযুক্তকৰণ । |
| Chapter 7 | নির্দেশিতকৰণ । |
| Chapter 8 | নিয়ন্ত্রণকৰণ । |
| দ্বিতীয় খণ্ড | ব্যৱসায়িক বিত্ত আৰু ৰজাৰৰ |
| Chapter 9 | বিত্তীয় পৰিচালনা । |
| Chapter 10 | বিত্তীয় বজাৰ । |
| Chapter 11 | বজাৰকৰণ । |
| Chapter 12 | উপভােক্তা সুৰক্ষা । |
২৫। ‘গ্রাহকৰ দায়িত্বও আছে’ — বাক্যশাৰী বর্ণনা কৰা ।
উত্তৰঃ গ্ৰাহকৰ দায়িত্বসমূহ হ’ল—
( ক ) বুদ্ধিমান আৰু জ্ঞানসম্পন্ন দ্রব্য বাছনি কৰিবলৈ বজাৰত পাব পৰা দ্রব্য বা সেৱাৰ প্রতি সজাগ থাকিব লাগে ।
( খ ) গুণৰ নিশ্চয়তা প্রদান কৰিব পৰা মানদণ্ডযুক্ত দ্রব্যহে ক্ৰয় কৰা উচিত । যেনে বৈদ্যুতিক দ্রব্যৰ বাবে ISI চিহ্ন , গহনা পাতিৰ ক্ষেত্ৰত Hall Mark , কৃষিজাত দ্রব্যৰ ক্ষেত্ৰত Agmark ইত্যাদি চিহ্নৰ বিচাৰ কৰিব লাগে ।
( গ ) দ্রব্য আৰু সেৱাৰ লগত জড়িত বিপদাশংকাৰ বিষয়ে শিকি লােৱা, উৎপাদক নির্দেশাৱলী অনুকৰণ আৰু দ্রব্য সুৰক্ষা সহকাৰে ব্যৱহাৰ কৰা ।
( ঘ ) সাৱধানতাৰে লেবেল পঢ়ি চাব লাগে যাতে মূল্য , শুদ্ধ ওজন , উৎপাদন আৰু ম্যাদৰ তাৰিখ ইত্যাদি সম্পর্কত তথ্য পাব পাৰি ।
২৬। শ্রেণীবন্ধন মানে কি ? বুজাই লিখা ।
উত্তৰঃ শ্রেণীবন্ধন হৈছে নিশ্চিত কিছুমান ভেটি যেনে দ্রব্যৰ আকাৰ , গুণাগুন আদিৰ ওপৰত ভিত্তি কৰি পণ্য দ্রব্য শ্রেণীবিভাগ কৰাৰ প্রক্রিয়া । কোম্পানিয়ে যেতিয়া পণ্য সামগ্ৰীৰ মানদণ্ডৰ কঠোৰ কৌশল অনুসৰণ নকৰে তেনে ক্ষেত্রত পণ্যৰ শ্রেণীবন্ধন আৱশ্যক হয় । শ্রেণীবন্ধনৰ জৰিয়তে বিক্রেতাই মানদণ্ড যুক্ত দ্রব্যৰ বাবে উচ্চহাৰত দাম লাভ কৰে । সাধাৰণতে কৃষিজাত পণ্য সামগ্রী যেনে— আটা , চাউল , দাইল ইত্যাদি পণ্যৰ বাবে শ্রেণীবন্ধন কৰা হয় ।
২৭। গ্রাহকৰ অসন্তোষ দূৰ কৰাৰ উপায়বােৰ কি ? চমুকৈ বর্ণনা কৰা ।
উত্তৰঃ গ্রাহক সুৰক্ষা আইন 1986 চনৰ 9 নং ধাৰা মতে গ্রাহক সকলৰ বিবাদসমূহ ক্ষীপ্র আৰু সহজ সৰলভাবে উপশম কৰাৰ ব্যৱস্থা আছে । এই উদ্দেশ্যে জিলা , ৰাজ্যিক আৰু কেন্দ্রীয় স্তৰত একৰকম বিচৰালয় স্থাপিত কৰা হৈছে । এই বিচৰালয় পৰিষদে স্বাভাৱিক ন্যায়ৰ নীতি পর্যবেক্ষণ কৰিব আৰু গ্ৰাহকসকলক যথাযথ ক্ষতিপূৰণ দিয়াৰ কাৰণে কর্তৃত্ব লাভ কৰিব । ন্যায়িক বিচৰালয়ৰ নির্দেশ অমান্য কৰিলে শাস্তি বিধানৰ ব্যৱস্থা এই আইনত উল্লেখ আছে ।
গ্রাহক সুৰক্ষা আইনে তলত উল্লেখ কৰা প্ৰতিকাৰ অভিকৰণৰ ব্যৱস্থা কৰিছে –
( ক ) ৰাজ্য চৰকাৰে প্ৰতিখন জিলাত জাননীৰ দ্বাৰা গ্রাহক বিবাদ উপশম বিচৰালয় অর্থাৎ জিলা বিচৰালয় স্থাপন কৰে ।
( খ ) ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ অনুমােদন সাপেক্ষে গ্রাহক বিবাদ উপশম আয়ােগ গঠন কৰে । এই আয়ােগক ৰাজ্যিক আয়ােগ বুলি জনা যায় ।
( গ ) কেন্দ্রীয় চৰকাৰৰ দ্বাৰা গ্রাহক উপশম আয়ােগ গঠন কৰে । ইয়াক জাতীয় আয়ােগ বুলি জনা যায় ।
২৮। নির্দিষ্টমান বুলিলে কি বুজা ? বর্ণনা কৰা ।
উত্তৰঃ নির্দিষ্টমানে পূর্ব নির্ধাৰিত নির্দিষ্টভাৱে পণ্য সামগ্রী উৎপাদন কৰাক বুজায় আৰু ইয়ে উৎপন্নৰ সদৃশ ৰূপত্ব আৰু সামঞ্জস্য তাৰ লক্ষ্যত উপনীত হােৱাত সহায় কৰে । পণ্য সামগ্ৰীৰ নির্দিষ্টমানে গ্রাহকক পণ্যৰ গুণাগুণ সম্পর্কে নিশ্চিত প্রদান কৰে । পণ্য দ্রব্যৰ সমজাতীয় গুণ বজাই ৰাখিবলৈ অর্থ্যাৎ সাফল্য লাভ কৰাৰ উদ্দেশ্যে পণ্যৰ নির্দিষ্ট মান বজাই ৰখাত গ্রাহকক নিশ্চিতি দিয়ে । ইয়ে পণ্য দ্রব্যৰ মানদণ্ড আৰু পেকিং সুনিশ্চিত কৰে ।
( ঘ ) দীঘল প্রশ্ন উত্তৰ ( মূল্যাংকঃ ১/৫ )
২৯। গ্রাহকৰ আইনগত সুৰক্ষাৰ বাবে কি কি বিভিন্ন ধৰণৰ আইন প্রণয়ন কৰা হৈছে ?
উত্তৰঃ গ্ৰাহকৰ স্বার্থ সুৰক্ষিত কৰাত ভাৰত চৰকাৰে গৃহীত কৰা বিভিন্ন ধৰণৰ আইন সমূহ হল –
( ক ) গ্রাহক সুৰক্ষা আইন 1986:- 1986 চনৰ গ্ৰাহক সুৰক্ষা আইনে গ্রাহকৰ স্বার্থ সুৰক্ষা আৰু গ্ৰাহকৰ স্বার্থ উন্নয়নৰ প্ৰতি সচেষ্ট । এই আইনে ত্রুটিপূর্ণ দ্রব্য , সেৱাৰ ঘাটি , অসাধু কার্যকলাপ আৰু আন প্ৰকাৰৰ শােষণ বা আক্রান্তৰ পৰা গ্ৰাহকক সুৰক্ষা প্রদান কৰে ।
( খ ) চুক্তি আইন 1872 :- এই আইনে এখন চুক্তি প্রতিজ্ঞাকাৰী পক্ষক বন্ধোনত আৱদ্ধ কৰাৰ বিভিন্ন পৰিস্থিতি বা চর্তসমূহৰ অৱস্থাৰ নির্দেশ দিয়াৰ লগতে চুক্তি ভংগৰ ফলশ্রুতি হিচাপে বিভিন্ন পক্ষই পাব পৰা সুৰক্ষাৰৰ নির্দেশ কৰে ।
( গ ) পণ্য বিক্রয় আইন 1930 :- যেতিয়া ক্ৰয় কৰা দ্রব্য , বিক্রী চর্ত মতে নহয় , তেতিয়া এই আইনে ক্রেতাক কিছুমান সুৰক্ষা আৰু সকাহ প্রদান কৰে ।
( ঘ ) অত্যাৱশ্যকীয় সামগ্রী আইন 1955ঃ এই আইনে অত্যাৱশ্যকীয় সামগ্ৰীৰ যােগান , বিতৰণ , সামগ্ৰীৰ সমবিতৰণ নিশ্চিত কৰা আৰু মূল্য বৃদ্ধি ৰােধ কৰা , গােপন ভঁড়ালকাৰী , ক’লা ব্যৱসায়ী ইত্যাদিৰ বিপক্ষে বিহিত ব্যৱস্থা গ্ৰহণ কৰে ।
( ঙ ) কৃষি উৎপন্ন ( মান অনুযায়ী স্তৰীকৰণ আৰু চিহ্নিতকৰণ ) আইন 1937 :- এই আইনে কৃষিজাত সামগ্ৰী আৰু মানদণ্ডৰ স্তৰ অনুযায়ী শ্রেণীবদ্ধকৰণৰ অনুমােদন কৰে ।
৩০ । এজন গ্রাহকৰ অধিকাৰ আৰু দায়িত্বসমূহ বর্ণনা কৰা ।
উত্তৰঃ গ্ৰাহক সুৰক্ষা আইনে গ্রাহকক ছটা অধিকাৰ প্ৰদান কৰিছে । এই অধিকাৰসমূহ তলত আলােচনা কৰা হ’ল–
( ক ) সুৰক্ষাৰ অধিকাৰ :- জীৱন আৰু স্বাস্থ্যৰ বাবে বিপদজনক দ্রব্য আৰু সেৱাৰ বিপক্ষে নিৰাপত্তা পােৱাৰ গ্ৰাহকৰ অধিকাৰ আছে । উদাহৰণস্বৰূপে বৈদ্যুতিক সা – সজুলি , প্রেচাৰ কুকাৰ , খাদ্যসামগ্ৰীৰ ক্ষেত্ৰত নিম্নমানৰ খাদ্য যেনে ব্রেড , গাখীৰ , আচাৰ , মাখন ইত্যাদি যিবােৰ নিম্নমানৰ উৎপাদনৰ নাইবা সুৰক্ষাৰ নিয়ম মানি নচলে সেয়া গভীৰ ক্ষতিৰ কাৰণ হ’ব পাৰে ।
( খ ) জানিবৰ অধিকাৰঃ গ্রাহক এজনে ক্রয় কৰিব বিচৰা দ্ৰব্যৰ বিষয়ে সম্পূর্ণ তথ্য জনাৰ অধিকাৰ আছে য’ত ইয়াৰ উপাদান , উৎপাদনৰ তাৰিখ , মূল্য , পৰিমাণ , ব্যৱহাৰৰ নির্দেশাৱলী ইত্যাদি অন্তর্ভূক্ত হৈ থাকে ।
গ্রাহকৰ দায়িত্বসমূহ হ’ল – ( ক ) বুদ্ধিমান আৰু জ্ঞানসম্পন্ন দ্রব্য বাছনি কৰিবলৈ বজাৰত পাব পৰা দ্রব্য বা সেৱাৰ প্রতি সজাগ থাকিব লাগে।
( খ ) গুণৰ নিশ্চয়তা প্রদান কৰিব পৰা মানদণ্ডযুক্ত দ্রব্যহে ক্ৰয় কৰা উচিত । যেনে বৈদ্যুতিক দ্রব্যৰ বাবে ISI চিহ্ন , গহনা পাতিৰ ক্ষেত্ৰত Hall Mark , কৃষিজাত দ্রব্যৰ ক্ষেত্ৰত Agmark ইত্যাদি চিহৰ বিচাৰ কৰিব লাগে ।
৩১। গ্রাহক সুৰক্ষা আইন , ১৯৮৬ মতে গ্রাহকক সুৰক্ষা প্রদান কৰাৰ উপায়বােৰ লিখা ।
উত্তৰঃ গ্রাহক সুৰক্ষা আইন 1986 চনৰ 9 নং ধাৰা মতে গ্রাহক সকলৰ বিবাদসমূহ ক্ষীপ্র আৰু সহজ সৰলভাবে উপশম কৰাৰ ব্যৱস্থা আছে । এই উদ্দেশ্যে জিলা , ৰাজ্যিক আৰু কেন্দ্রীয় স্তৰত একৰকম বিচৰালয় স্থাপিত কৰা হৈছে । এই বিচৰালয় পৰিষদে স্বাভাৱিক ন্যায়ৰ নীতি পর্যবেক্ষণ কৰিব আৰু গ্ৰাহকসকলক যথাযথ ক্ষতিপূৰণ দিয়াৰ কাৰণে কর্তৃত্ব লাভ কৰিব । ন্যায়িক বিচৰালয়ৰ নির্দেশ অমান্য কৰিলে শাস্তি বিধানৰ ব্যৱস্থা এই আইনত উল্লেখ আছে ।
গ্রাহক সুৰক্ষা আইনে তলত উল্লেখ কৰা প্ৰতিকাৰ অভিকৰণৰ ব্যৱস্থা কৰিছে –
( ক ) ৰাজ্য চৰকাৰে প্ৰতিখন জিলাত জাননীৰ দ্বাৰা গ্রাহক বিবাদ উপশম বিচৰালয় অর্থাৎ জিলা বিচৰালয় স্থাপন কৰে ।
( খ ) ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ অনুমােদন সাপেক্ষে গ্রাহক বিবাদ উপশম আয়ােগ গঠন কৰে । এই আয়ােগক ৰাজ্যিক আয়ােগ বুলি জনা যায় ।
( গ ) কেন্দ্রীয় চৰকাৰৰ দ্বাৰা গ্রাহক উপশম আয়ােগ গঠন কৰে । ইয়াক জাতীয় আয়ােগ বুলি জনা যায় ।
৩২। সমাজতান্ত্রিকতাত গ্রাহক সুৰক্ষাৰ গুৰুত্ব বর্ণনা কৰা ।
উত্তৰঃ গ্রাহক সুৰক্ষাৰ গুৰুত্ব গ্রাহকৰ লগতে ব্যৱসায়ৰ বাবেও অতি গুৰুত্বপূর্ণ ।
( ক ) গ্রাহকৰ দৃষ্টিকোণৰ পৰা :- গ্ৰাহকৰ দৃষ্টিকোণৰ পৰা গ্রাহক সুৰক্ষাৰ গুৰুত্ব তলত দিয়া বিষয়সমূহৰ পৰা বুজিব পৰা যায় ।
( ১ ) গ্রাহকৰ অজ্ঞতাঃ বহু ক্ষেত্ৰতে গ্রাহকসকল তেওঁলােকৰ অধিকাৰ আৰু পাব পৰা সাহায্য সম্পর্কত জ্ঞাত নােহােৱা হেতুকে তেওঁলােকক শিক্ষা প্রদান কৰাতাে প্রয়ােজন যাতে গ্রাহক সজাগতাত উপনীত হ’ব পাৰি ।
( ২ ) অসংগঠিত গ্রাহকঃ অসংগঠিত গ্রাহক সকলক সংগঠিত কৰা দৰকাৰ যাতে তেনে সংগঠনে তেওঁলােকৰ স্বাৰ্থৰ প্ৰতি নজৰ দিব পাৰে । এই ক্ষেত্ৰত ভাৰতত কাম কৰি থকা গ্রাহক সংগঠনসমূহ শক্তিশালী নােহােৱা পর্যন্তগ্রাহকক সুৰক্ষা দিয়াৰ প্রয়ােজন ।
( ৩ ) ব্যাপক হাৰত গ্ৰাহকক শোষণঃ শোষণ মূল্যক আৰু অসাধু কার্যকলাপ যেনে ত্রুটিপূর্ণ আৰু অসুৰক্ষিত দ্রব্য , ভেজালকৰণ , ভূৱা বিজ্ঞাপন , গােপন ভড়াল , কলা বজাৰ ইত্যাদিৰ দ্বাৰা গ্রাহক শােষিত হােৱাৰ সম্ভাৱনীয়তা বেছি । বিক্রেতাৰ এনে অন্যায় আচৰণৰ পৰা গ্ৰাহকক সুৰক্ষা প্রদান কৰা প্রয়ােজন ।
৩৩। গ্রাহক সুৰক্ষা পথবােৰ কি কি ? বর্ণনা কৰা ।
উত্তৰঃ গ্রাহক সুৰক্ষাৰ উদ্দেশ্যত উপনীত হ’ব পৰা বিভিন্ন উপায়সমূহ হ’ল –
( ক ) ব্যৱসায় প্রতিষ্ঠানৰ আত্ম নিয়ন্ত্রণ :- দূৰদৰ্শী ব্যৱসায় প্রতিষ্ঠানে দীর্ঘম্যাদী স্বার্থৰ কথা চিন্তা কৰি গ্ৰাহকক উচিতভাবে সেৱা আগবঢ়ায় । গ্রাহকৰ ওজৰ আপত্তি নিষ্পত্তি কৰাৰ কাৰণে ব্যৱসায় প্রতিষ্ঠানে গ্রাহক সেৱা আৰু বিবাদ কোষ প্রতিষ্ঠা কৰে ।
( খ ) ব্যৱসায় সংস্থা :- বেহা – বেপাৰ , বাণিজ্য আৰু ব্যৱসায় সংস্থা যেনে ভাৰতীয় উদ্যোগ আৰু বণিক সমিতিৰ সংঘ আৰু ভাৰতীয় উদ্যোগ সংঘই আচৰণ বিধি প্রস্তুত কৰে যাৰ আধাৰত ইয়াৰ সদস্যসকলে গ্রাহকৰ লগত কৰিবলগীয়া আচৰণৰ নির্দেশনা লাভ কৰে ।
( গ ) গ্রাহকৰ সজাগতাঃ এজন সচেতন গ্রাহকে যিকোনাে অসাধু ব্যৱসায়িক কার্যকলাপত নাইবা অবিবেকী শােষণৰ বিৰুদ্ধে মাত মাতিব পাৰে ।
( ঘ ) গ্রাহক সংগঠনঃ গ্রাহক সংগঠনসমূহে গ্ৰাহকৰ অধিকাৰ সম্পর্কে গ্রাহকক শিক্ষাদান আৰু তেওঁলােকৰ সুৰক্ষা প্রদানৰ ক্ষেত্ৰত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে । এনে সংগঠনবােৰে ব্যৱসায় প্রতিষ্ঠানবােৰক অসাধু কার্য এৰাই চলা আৰু গ্ৰাহকক কৰা শােষণৰ পৰা আঁতৰি থকাৰ বাবে বাধ্য কৰিব পাৰে ।
( ঙ ) দীঘল প্রশ্ন উত্তৰ ( মূল্যাংক : ২/৬ )
৩৪ । গ্রাহক এজনৰ অধিকাৰ আৰু দায়িত্ববােৰ বৰ্ণনা কৰা ।
উত্তৰঃ গ্রাহক এজনৰ অধিকাৰ আৰু দায়িত্ববােৰ তলত বৰ্ণনা কৰা হ’ল–
( ক ) সুৰক্ষাৰ অধিকাৰ :- জীৱন আৰু স্বাস্থ্যৰ বাবে বিপদজনক দ্রব্য আৰু সেৱাৰ বিপক্ষে নিৰাপত্তা পােৱাৰ গ্ৰাহকৰ অধিকাৰ আছে । উদাহৰণস্বৰূপে বৈদ্যুতিক সা – সজুলি , প্রেচাৰ কুকাৰ , খাদ্যসামগ্ৰীৰ ক্ষেত্ৰত নিম্নমানৰ খাদ্য যেনে ব্রেড , গাখীৰ , আচাৰ , মাখন ইত্যাদি যিবােৰ নিম্নমানৰ উৎপাদনৰ নাইবা সুৰক্ষাৰ নিয়ম মানি নচলে সেয়া গভীৰ ক্ষতিৰ কাৰণ হ’ব পাৰে ।
( খ ) জানিবৰ অধিকাৰঃ গ্রাহক এজনে ক্রয় কৰিব বিচৰা দ্ৰব্যৰ বিষয়ে সম্পূর্ণ তথ্য জনাৰ অধিকাৰ আছে য’ত ইয়াৰ উপাদান , উৎপাদনৰ তাৰিখ , মূল্য , পৰিমাণ , ব্যৱহাৰৰ নির্দেশাৱলী ইত্যাদি অন্তর্ভূক্ত হৈ থাকে ।
গ্রাহকৰ দায়িত্বসমূহ হ’ল –
( ক ) বুদ্ধিমান আৰু জ্ঞানসম্পন্ন দ্রব্য বাছনি কৰিবলৈ বজাৰত পাব পৰা দ্রব্য বা সেৱাৰ প্রতি সজাগ থাকিব লাগে।
( খ ) গুণৰ নিশ্চয়তা প্রদান কৰিব পৰা মানদণ্ডযুক্ত দ্রব্যহে ক্ৰয় কৰা উচিত । যেনে বৈদ্যুতিক দ্রব্যৰ বাবে ISI চিহ্ন , গহনা পাতিৰ ক্ষেত্ৰত Hall Mark , কৃষিজাত দ্রব্যৰ ক্ষেত্ৰত Agmark ইত্যাদি চিহৰ বিচাৰ কৰিব লাগে ।
৩৫। গ্রাহক সুৰক্ষা প্রদানৰ বাবে কি কি বিভিন্ন ধৰণৰ ৰাস্তা আছে ? গ্রাহক সংস্থা আৰু অনাচৰকাৰী সংস্থাৰ গুৰুত্ব এই ক্ষেত্ৰত কেনেকুৱা ব্যাখ্যা কৰা ।
উত্তৰঃ গ্রাহক সুৰক্ষাৰ উদ্দেশ্যত উপনীত হ’ব পৰা বিভিন্ন উপায়সমূহ হ’ল —
( ক ) ব্যৱসায় প্রতিষ্ঠানৰ আত্ম নিয়ন্ত্রণ :- দূৰদৰ্শী ব্যৱসায় প্রতিষ্ঠানে দীর্ঘম্যাদী স্বার্থৰ কথা চিন্তা কৰি গ্ৰাহকক উচিতভাবে সেৱা আগবঢ়ায় । গ্রাহকৰ ওজৰ আপত্তি নিষ্পত্তি কৰাৰ কাৰণে ব্যৱসায় প্রতিষ্ঠানে গ্রাহক সেৱা আৰু বিবাদ কোষ প্রতিষ্ঠা কৰে ।
( খ ) ব্যৱসায় সংস্থা :- বেহা – বেপাৰ , বাণিজ্য আৰু ব্যৱসায় সংস্থা যেনে ভাৰতীয় উদ্যোগ আৰু বণিক সমিতিৰ সংঘ আৰু ভাৰতীয় উদ্যোগ সংঘই আচৰণ বিধি প্রস্তুত কৰে যাৰ আধাৰত ইয়াৰ সদস্যসকলে গ্রাহকৰ লগত কৰিবলগীয়া আচৰণৰ নিৰ্দেশনা লাভ কৰে ।
( গ ) গ্রাহকৰ সজাগতাঃ এজন সচেতন গ্রাহকে যিকোনাে অসাধু ব্যৱসায়িক কার্যকলাপত নাই বা অবিবেকী শােষণৰ বিৰুদ্ধে মাত মাতিব পাৰে ।
গ্রাহকৰ স্বার্থ সুৰক্ষা আৰু উন্নয়নৰ বাবে গ্রাহক সংগঠন আৰু বেচৰকাৰী সংগঠনসমূহৰ ভূমিকা তলত উল্লেখ কৰা হ’ল —
( ক ) সাধাৰণ ৰাইজক প্রশিক্ষণ কার্যসূচী , আলােচনা চক্ৰ আৰু কৰ্মশালাৰ আয়ােজন কৰি গ্রাহকৰ অধিকাৰ সম্পর্কে শিক্ষা দিয়া ।
( খ ) সাময়িক আলােচনী পত্রিকা আৰু অন্যান্য প্রকাশৰ দ্বাৰা গ্ৰাহকৰ সমস্যা , আইনগত প্রতিবেদন , পাচ পৰা সাহাৰ্য আৰু অন্যান্য স্বার্থ জড়িত বিষয়ৰ দ্বাৰা গ্ৰাহকক জ্ঞান প্ৰদান কৰা ।
( গ ) ক্ষমতাপ্রাপ্ত পৰীক্ষাগাৰত প্রতিযােগি ব্ৰাণ্ডৰ গ্ৰাহকৰ দ্ৰব্যৰ তুলনামূলক পৰীক্ষা চলােৱা আৰু গ্ৰাহকৰ লাভৰ বাবে তাৰ ফলাফল প্রকাশ কৰা ।
৩৬। গ্রাহক সুৰক্ষা আইনে ৬ ধৰণৰ সুৰক্ষা প্রদান কৰে । সেইবােৰ কি কি ?
উত্তৰঃ গ্রাহক সুৰক্ষা আইনে গ্রাহকক ছটা অধিকাৰ প্ৰদান কৰিছে । এই অধিকাৰসমূহ তলত আলােচনা কৰা হ’ল—
( ক ) সুৰক্ষাৰ অধিকাৰঃ জীৱন আৰু স্বাস্থ্যৰ বাবে বিপদজনক দ্রব্য আৰু সেৱাৰ বিপক্ষে নিৰাপত্তা পােৱাৰ গ্ৰাহকৰ অধিকাৰ আছে । উদাহৰণস্বৰূপে বৈদ্যুতিক সা – সজুলি , প্রেচাৰ কুকাৰ , খাদ্য-সামগ্ৰীৰ ক্ষেত্ৰত নিম্নমানৰ খাদ্য যেনে ব্রেড , গাখীৰ , আচাৰ , মাখন ইত্যাদি যিবােৰ নিম্নমানৰ উৎপাদনৰ নাইবা সুৰক্ষাৰ নিয়ম মানিনচলে সেয়া গভীৰ ক্ষতিৰ কাৰণ হ’ব পাৰে ।
( খ ) জানিবৰ অধিকাৰঃ গ্রাহক এজনে ক্রয় কৰিব বিচৰা দ্ৰব্যৰ বিষয়ে সম্পূর্ণ তথ্য জনাৰ অধিকাৰ আছে যত ইয়াৰ উপাদান , উৎপাদনৰ তাৰিখ , মূল্য , পৰিমাণ , ব্যৱহাৰৰ নির্দেশাৱলী ইত্যাদি অন্তর্ভূক্ত হৈ থাকে ।
( গ ) বাছনি কৰাৰ অধিকাৰ :- বিভিন্ন দ্রব্যৰ মাজৰ পৰা প্ৰতিযােগিতামূলক মূল্যত গ্রাহকে বাছনি কৰি লােৱাৰ স্বাধীনতা আছে । বজাৰ কাৰীয়ে দ্ৰব্যৰ গুণগত মানদণ্ড , ব্ৰাণ্ড , মূল্য আকাৰ ইত্যাদি অনুসৰি দ্ৰব্য আগবঢ়াব লাগে যাতে গ্রাহকে এইবােৰৰ পৰা বাছনি কৰি ল’ব পাৰে ।
( ঘ ) বিচাৰত শুনানী লাভৰ অধিকাৰঃ কোনাে গ্রাহকে দ্রব্য বা সেৱাৰ দ্বাৰা অসন্তুষ্ট হলে আপত্তি দাখিল কৰিব পাৰে আৰু তেতিয়া শুনানী লাভ কৰাৰ অধিকাৰ পায় । সেয়ে দূৰদৃষ্টি সম্পন্ন ব্যৱসায় প্রতিষ্ঠানে গ্রাহক সেৱা আৰু বিবাদ কোষ প্রতিষ্ঠা কৰি গ্ৰাহকক সহায় কৰি আছে ।
( ঙ ) নিষ্পত্তিকৰণবিচৰাত অধিকাৰঃ কোনাে দ্রব্য বা সেৱা গ্ৰাহকৰ আশা কৰা মতে কম হয় তেতিয়া গ্রাহকে সকাহ পােৱাৰ অধিকাৰ আছে । গ্রাহক সুৰক্ষা আইনে ব্যৱস্থা কৰা সকাহৰ ভিতৰত দ্রব্যৰ বদলিকৰণ, দ্রব্যত থকা ত্রুটি দূৰ কৰা , গ্রাহকৰ ক্ষতিৰ বিপৰীতে ক্ষতি পূৰণ আদায় দিয়া ইত্যাদিবােৰ অন্তর্ভুক্ত হৈ থাকে ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.





