Class 12 Business Chapter 11 বজাৰৰ্কৰণ

Class 12 Business Chapter 11 বজাৰৰ্কৰণ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 12 Business Chapter 11 বজাৰৰ্কৰণ and select needs one.

Class 12 Business Chapter 11 বজাৰৰ্কৰণ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given Assam Board Class 12 Business Chapter 11 বজাৰৰ্কৰণ Solutions for All Subject, You can practice these here.

বজাৰৰ্কৰণ

Chapter : 11

দ্বিতীয় খণ্ড

অতি চমু উত্তৰ দিয়াঃ ( মূল্যাংকঃ ১ )

১ । বজাৰকৰণৰ চাৰিটা মিশ্ৰণৰ নাম লিখা । 

উত্তৰঃ উৎপন্ন দ্রব্য , দৰ মূল্য , স্থান , বৃদ্ধিকৰণ উত্তীর্ণকৰণ ।

২ । গ্রাহকক এটা দ্রব্যৰ বিষয়ে অবগত কৰা কাৰ্যটোৰ নাম লিখা । 

উত্তৰঃ উত্তীর্ণকৰণ কার্য 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৩। ‘ট্রেডমার্ক’ ৰ দুটা উদাহৰণ দিয়া । 

উত্তৰঃ লিমকা আৰু আমুল । 

৪। দ্রব্যৰ সংজ্ঞা দিয়া । 

উত্তৰঃ দ্রব্য মানে পন্য সামগ্রী অথবা সেৱা নাইবা মূল্য সম্পন্ন যিকোনাে বস্তু যাক বিনিময়ৰ বাবে বজাৰলৈ বিক্ৰীৰ বাবে আগবঢ়োৱা হয় । ইয়ে গ্রাহকসকললৈ উৎপন্ন দ্রব্য অথবা বিক্ৰীৰ পাছত আগবঢ়োৱা সেৱা অভিযােগ নিষ্পত্তি কৰা অতিৰিক্ত যন্ত্রাংশ প্রাপ্ত কৰাকো অন্তর্ভূক্ত কৰে ।

৫। সুচল দ্ৰব্যৰ দুটা উদাহৰণ দিয়া । 

উত্তৰঃ চার্ফ , চাবােন , ক্ল’জ আপ দন্ত মঞ্জন । 

৬। দ্রব্য ( এটা ঠাইৰ পৰা আন এটা ঠাইলৈ ) নিবৰ বাবে কৰিবলগীয়া কাৰ্যটোৰ নাম লিখা ।( বিতৰণৰ ) 

উত্তৰঃ বিতৰণ প্ৰণালীৰ বাছনি । 

৭। বজাৰকৰণৰ আধুনিক ধাৰণাটো কি ? 

উত্তৰঃ উৎপাদনকাৰী সকলৰ পৰা উপভােক্তা সকললৈ পণ্য আৰু সেৱা স্থানান্তৰ কৰাবলৈ ইয়াৰ আনুষাংগিক কার্য যেনে উৎপাদন দ্রব্যৰ আৰ্হি প্ৰস্তুতকৰণ বা পণ্য সামগ্রী প্রস্তুতকৰণ , পেকেজিং বা টোপােলাকৰণ , পণ্যাগাৰকৰণ , পৰিবহন , বিক্রয়কৰণ , বিজ্ঞাপনকৰণ আৰু দৰ ধার্যকৰণৰ আৱশ্যক হয় । এই সকলােবােৰ কার্যকে বজাৰকৰণ কার্য হিচাপে বুজা যায় । বজাৰকৰণ হৈছে এক সামাজিক প্রক্রিয়া যত মানুহে আনৰ সৈতে ভাৱ বিনিময় কৰে , নির্দিষ্ট দিশত । পথত কাম কৰিবলৈ , ধৰা হ’ল এটা দ্রব্য বা সেৱা ক্ৰয় কৰিবলৈ বাধ্য কৰােৱাৰ বিপৰীতে পতিয়ন নিয়াৰম ।

৮ । ‘ট্রেডমার্ক’ মানে কি ? 

উত্তৰঃ ‘ট্রেড মার্ক’ মানে হৈছে ট্রেড মার্ক আইনৰ অধীনত চৰকাৰৰ সৈতে পঞ্জীকৃত এটা পৰিচয়জ্ঞাপক নাম । 

৯। কেনে ধৰণৰ মধ্যস্থতাকাৰী বিক্ৰীৰ দুটা তৰপৰ মাজত থাকে ?

উত্তৰঃ পাইকাৰী আৰু খুচুৰা বিক্রেতা ।

১০। দুটা বাণিজ্য উদ্যোগীৰ উদাহৰণ দিয়া । 

উত্তৰঃ পাইকাৰী আৰু খুচুৰা বিক্রেতা ।

১১। দুই ধৰণৰ কিনিব পৰা দ্ৰব্যৰ উদাহৰণ দিয়া । 

উত্তৰঃ আচবাব , সাজপােছাক , যন্ত্রপাতি ইত্যাদি ।

১২। বস্তুৰ দৰ নির্ণয়ৰ এটা উদ্দেশ্য উল্লেখ কৰা । 

উত্তৰঃ ( a ) বজাৰ অংশৰ নেতৃত্ব হাতলৈ অনা । আৰু  

( b ) উৎপন্ন দ্রব্যৰ গুনৰ নেতৃত্বত উপনীত হােৱা । 

১৩। বজাৰকৰণৰ মিশ্রণ চাৰিটাৰ কথা কোনে কৈছিল ? 

উত্তৰঃ Mc Carthy য়ে ।

১৪। লেবেলিং কি ? 

উত্তৰঃ পেকেজৰ ওপৰত লগােৱা চিনাক্তকৰণ চিহ্নই হৈছে লেবেলিং । পন্য দ্রব্যৰ ই এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য । 

১৫। পেকেজিং কি ? নাইবা টোপােলাকৰণ কি ? 

উত্তৰঃ টোপােলাকৰণে উৎপন্ন দ্রব্যৰ টোপােলা বা পেকেজৰ বাবে ৰূপাংকন কৰাক বুজায় । 

১৬। ব্ৰেণ্ড কি ? নাইবা পৰিচয় জ্ঞাপক চিহ্নকৰণ কি ? 

উত্তৰঃ প্ৰায়বােৰ উপভােক্তাই উৎপন্ন দ্রব্যৰ বিপণনৰ বাবে গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণৰ বিষয় হৈছে উৎপন্ন দ্রব্যৰ বিশেষকৰ জৰিয়তে বা বর্গীয় নামেৰে চন পৰিচয়জ্ঞাপক চিহ্নৰ নামেৰে বিক্ৰী কৰিব । 

১৭। পণ্য কিনা নহয় কিন্তু তাক বিক্ৰী কৰা হয় ’ — বজাৰকৰণ কোনটো ধাৰণা ইয়াৰ লগত জড়িত ? 

উত্তৰঃ বিক্ৰয়ৰ ধাৰণাৰ লগত জড়িত । 

১৮। বজাৰকৰণৰ কোনটো ধাৰণাই কয় যে লাভ অর্জন কৰিবৰ হলে গ্রাহকক সন্তুষ্টি দিব লাগে আৰু সমাজৰ স্বাৰ্থ অটুট ৰাখিব লাগে ? 

উত্তৰঃ সামাজিক ধাৰণা । 

১৯। ‘KOUTONS’ অত 50 % + 40 % কমাই দিয়াটো বিক্রী বৃদ্ধিকৰণৰ কোনটো কৌশল ? 

উত্তৰঃ ডিস্কাউন্ট । 

২০। ট্রেড মার্কৰ দুটা উদাহৰণ দিয়া ? 

উত্তৰঃ লিমকা আৰু আমুল । 

২১। দুটা সুলভ পণ্যৰ উদাহৰণ দিয়া ? 

উত্তৰঃ বিস্কুট , চেনি ।

২২ । এনে এটা পণ্যৰ উদাহৰণ দিয়া যাৰ উপযােগিতা এবাৰত শেষ হৈ যায় ? 

উত্তৰঃ শীতল পানীয় । 

( খ ) চমু উত্তৰ দিয়া ( মূল্যাংকঃ ১/৩ ) 

২৩। এটা ভাল ব্ৰেণ্ডৰ তিনিটা গুণাগুণ বর্ণনা কৰা । 

উত্তৰঃ এটা ভাল ব্ৰেণ্ডৰ তিনিটা গুণাগুণ হ’ল— 

( ক ) পৰিচয় জ্ঞাপক নাম এটাই উৎপন্ন দ্রব্যৰ উপকাৰ আৰু গুনসম্পৰ্কত পৰামৰ্শ আগবঢ়াব লাগে কাৰণ তেতিয়াহেই উৎপন্ন দ্রব্যৰ কাৰ্যৰ প্রতি উপযুক্ত হয় । 

( খ ) পৰিচয় জ্ঞাপক নাম চুটি হােৱাৰ লগতে ইয়াৰ অর্থ বুজাবলৈ বা পন্য দ্রব্য চিনিপাবলৈ সহজ হােৱা উচিত যেনে ভিম , বিন ইত্যাদি । 

( গ ) পৰিচয়জ্ঞাপক নাম বৈশিষ্ট্যপূর্ণ বা স্বকীয়তাপূর্ণ হােৱা উচিত যাতে গ্রাহকে ক্রয় কত প্রতি আকৃষ্ট হয় । যেনে মিৰিণ্ডা , লিৰিল , চাফাৰি ইত্যাদি । 

২৪। প্রাকৃতিক বিতৰণৰ তিনিটা দিশৰ বিষয়ে লিখা । 

উত্তৰঃ পন্যৰ কায়িক বিতৰণৰ দিশ সমূহ হ’ল– 

( ক ) পৰিবহনঃ ই হৈছে পন্য সামগ্রী আৰু কেচামাল , উৎপাদনস্থলীৰ পৰা বিক্রী স্থানলৈকে কঢ়িওৱাৰ উপায় পন্য বিতৰণত ই হৈছে প্রধান উপাদান কিয়নাে পন্য সামগ্রীকাৰিক ভাবে পােৱাৰ ব্যৱস্থা নকৰিলে বিক্রী কার্য সম্পন্ন কৰিব পৰা সম্ভৱ নহয় । 

( খ ) পন্যগাৰকৰণ :- পন্যগাৰকৰণে উৎপন্ন দ্রব্যৰ সময় উপযােগিতা সৃষ্টি কৰাৰ উদ্দেশ্য সেইবােৰৰ মজুতকৰন আৰু মিলাই মিলাই বিভিন্ন উৎপন্ন দ্রব্যৰ সমাহাৰ ঘটোৱাৰ সৈতে জড়িত কার্যক বুজায় । ইয়াৰ মৌলিক উদ্দেশ্য হৈছে পন্য সামগ্রীৰ উপযুক্ত স্থায়িক বন্দোবস্তুকৰণ আৰু সেইবােৰৰ মজুত কৰণত সুবিধা প্রদান কৰা । 

( গ ) বীমাঃ পন্য সামগ্রী বিতৰণ আৰু সেৱা সংক্রান্তত ভালেসংখ্যক বিপদাশংক অন্তর্নিহিত হৈ থাকে । বীমাই এই বিপদাশংকাৰ পূৰণ কৰাত সহায় কৰে ইয়ে পন্য সামগ্রী মজুতকৰণ আৰু পৰিবহনত উদ্ভৱ হােৱা বিপদশংকা পূৰণৰ দ্বাৰা পন্য সামগ্ৰীৰ সুস্থ প্রবাহৰ সুবিধা আগবঢ়ায় ।

২৫। বস্তুৰ দৰ নির্ণয়ত কি কি কাৰকে ক্রিয়া কৰে তাৰ তিনিটাৰ বিষয়ে লিখা । 

উত্তৰঃ মূল্য নির্ধাৰণত প্ৰভাৱ পেলােৱা উপাদান সমূহ হ’ল — 

( ক ) উৎপন্ন দ্রব্য ব্যয় :- উৎপন্ন দ্রব্য বা সেৱাৰ দৰ নিৰ্দ্ধাৰণত প্ৰভাৱ পেলােৱ গুৰুত্বপূর্ণ উপাদান হৈছে উৎপন্ন দ্রব্য ব্যয় । ই দ্রব্যৰ উৎপাদন , বিতৰণ আৰু বিক্ৰীকৰণৰ ব্যয় অন্তর্ভূক্ত কৰে । ব্যয়ে সর্বনিম্ন স্তৰ অথবা কাৰখানাৰ মজিয়াৰ দৰ নিৰ্দ্ধাৰণ কৰে , যিটো দৰত দ্রব্য বিক্ৰী কৰিব পাৰে ।

ব্যয় বহল অর্থত তিনি প্ৰকাৰৰ –

( i ) স্থিৰ ব্যয় ।

(  ii ) পৰিবর্তনীয় ব্যয় আৰু ।

( iii ) অর্ধ পৰিবর্তনীয় ব্যয় । 

( খ ) উপযােগিতা আৰু চাহিদাঃ পণ্য অথবা সেৱাৰ বজাৰ চাহিদাই মূল্য নির্ধাৰণত বাৰুকৈয়ে প্রভাৱ পেলায় । যিহেতু সম্ভাব্য ক্রেতাসকল চাহিদাৰ দ্বাৰা প্ৰভাৱিত হয় সেয়ে দৰ নিৰ্দ্ধাৰণৰ ক্ষেত্ৰত ক্রেতাৰ ক্ৰয় কৰাৰ ক্ষমতা , পৰিশােধ কৰাৰ ইচ্ছা , তেওঁলােকৰ পছন্দ ইত্যাদি বিষয়সমূহ বিবেচনা কৰা হয় । যদি কোনাে দ্রব্যৰ চাহিদা অস্থিতিস্থাপক প্রতিষ্ঠানে উচ্চ দৰ স্থিৰ কৰাটো উচিত নহব ।

( গ ) প্রতিযােগিতা :- প্রতিযােগিতা থকা বজাৰত মূল্য নির্ধাৰণ কৰাটো এটা জটিল উপাদান । প্রতিযােগিসকলে সদৃশ পণ্যৰ বাবে কিমান দৰ নিৰ্দ্ধাৰণ কৰিছে আৰু সন্মুখত এই দৰ বৃদ্ধি বা হ্রাস কৰা সম্ভাৱনীয়তা থকা বিদ্যমান তথ্যপাতি সমূহেও দৰ নিৰ্দ্ধাৰণত প্ৰভাৱ পেলায় । 

২৬। বিক্রী উন্নীতকৰণৰ তিনিটা পদ্ধতি বর্ণনা কৰা । 

উত্তৰঃ বিক্রী উন্নীতকৰণৰ পদ্ধতি তিনিটা হ’ল—

( ক ) ভােক্তা উত্তীর্ণকৰণ :- এই পদ্ধতিৰ দ্বাৰা পন্য নমুনা বিতৰণ , প্রামাণিক প্রদর্শনী অনুষ্ঠিত কৰণ , ৰেহাই দৰত বিতৰণ , বিনামূল্যে বিতৰণ , দৰ কর্তন , প্রতিযােগিতা অনুষ্ঠিতকৰণ আদি কাৰ্যৰে প্রতিষ্ঠানে পন্যৰ প্রতি গ্রাহকৰ দৃষ্টি আকর্ষণ কৰি ভোক্তা উত্তীর্ণ কৰিব পাৰে । 

( খ ) ব্যৱসায়ীৰ উত্তীর্ণকৰণ :- এই পদ্ধতিৰ দ্বাৰা প্রস্তুতকাৰীয়ে পাইকাৰী আৰু খুচুৰা ব্যৱসায়ীসকলক আকর্ষণ কৰাৰ প্রচেষ্টা চলায় । এই প্রচেষ্টাৰ অংশ হিচাপে ব্যৱসায়ীসকলক বৃহৎ সম্ভাৰ ৰখাৰ উদগণি যােগায় । ইয়াৰ বাবে নগদ আৰু ব্যৱসায় বাট্টা প্রদান , প্রদর্শন আৰু বিজ্ঞাপন বাবদ বনাচ আগবঢ়োৱা , বিজ্ঞাপন সাহায্য আগবঢ়োৱা ইত্যাদি কিছুমান আঁচনি গ্ৰহণ কৰে । 

( গ ) বিক্রেতা উত্তীর্ণকৰণঃ প্রস্তুতকাৰীয়ে বিক্রেতাসকলক তেওঁলােকৰ সর্বোত্তম প্রচেষ্টা প্রয়ােগ কৰাৰ অৰ্থে অনুপ্রাণিত কৰে । এই উদ্দেশ্য বিক্রেতাসকললৈ বনাচ , বাট্টা , প্রতিযােগিতাৰ পুৰস্কাৰ আগবঢ়োৱা ইত্যাদি আচনি গ্ৰহণ কৰে । 

২৮। বিজ্ঞাপনৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা । 

উত্তৰঃ বিজ্ঞাপনৰ বৈশিষ্ট্য সমূহ হ’ল— 

( ক ) পৰিশােধ ৰূপঃ বিজ্ঞাপন হৈছে যােগাযােগৰ এক মূল্য পৰিশােধ ৰূপক । অর্থাৎ বিজ্ঞাপন দাতাই সম্ভাব্য কাৰােবাৰ সৈতে যােগাযােগ কৰাত ব্যয় বহন কৰিব লাগে । 

( খ ) অব্যক্তিত্বঃ বিজ্ঞাপনত সম্ভাব্য কোনো ক্রেতা বা ব্যক্তি আৰু বিজ্ঞাপন দাতাৰ মাজত পােনপটীয়া মুখামুখীৰ সংস্পর্শ নঘটে । সেয়ে ইয়াক প্ৰৱর্তন পদ্ধতিৰ অব্যক্তিত্ব এক পদ্ধতি হিচাপে বুজা যায় । 

( গ ) চিনাক্ত বিজ্ঞাপনকাৰী :- বিজ্ঞাপনকৰণত কিছুমান চিনাক্ত কৰিব পৰা ব্যক্তি বা কোম্পানিৰ দ্বাৰা দায়গ্রহণ কৰা হয় যিবােৰে বিজ্ঞাপনৰ প্রচেষ্টা চলায় আৰু লগতে ইয়াৰ ব্যয়াে বহন কৰে । 

২৯। ব্যক্তিগত বিক্রয়ৰ তিনিটা বৈশিষ্ট্য বর্ণনা কৰা ।

উত্তৰঃ ব্যক্তিগত বিক্রয় কৰণৰ বৈশিষ্ট্যসমূহ হ’ল– 

( ক ) ব্যক্তিগত ৰূপঃ ব্যক্তিগত বিক্রয়কৰণত মুখামুখীকৈ এক পােনপটীয়া কথােপকথনে স্থান লাভ কৰে । যিয়ে বিক্রেতা আৰু ক্ৰেতাৰ মাজত ভাব বিনিময় অন্তর্ভুক্ত কৰে । 

( খ ) সম্পর্ক উন্নয়ন :- ব্যক্তিগত বিক্রয় কৰণে বিক্রীত জড়িত ব্যক্তি এজনক সম্ভাব্য গ্রাহকৰ লগত ব্যক্তিগত সম্পর্ক স্থাপন আৰু উন্নত কৰিবলৈ অনুমতি দিয়ে । যিয়ে বিক্ৰীকৰাত গুৰুত্বপূৰ্ণ হব পাৰে । 

( গ ) মৌখিকঃ ব্যক্তিগত বিক্রয় কৰণ মৌখিক ভাবে হয় । ই লিখিত আকাৰ নহয় । 

৩০। লেবেলিংৰ তিনিটা সুবিধা বর্ণনা কৰা । 

উত্তৰঃ লেবেলিংৰ সুবিধা সমুহ হল— 

( ক ) লেবেলৰ দ্বাৰা উৎপন্ন দ্রব্য চিনাক্তকৰণত সহায়ক হয় । ইয়াৰ ফলত গ্রাহকে বহুসংখ্যক সামগ্ৰীৰ মাজৰ পৰা তেওঁৰ পচন্দৰ সামগ্রী চিনাক্ত কৰি ক্ৰয় কৰিব পাৰে । 

( খ ) লেবেলিঙে উৎপন্ন দ্রব্য ভিন ভিন শ্রেণীত ভাগ কৰাত সহায় কৰে । 

( গ ) লেবেলিংৰ দ্বাৰা উৎপন্ন দ্রব্যৰ উত্তীর্ণকৰণ বা প্রবর্তনত সহায় কৰে । 

৩১। ‘পেকেজিংৰ তিনিটা কাৰ্য্য লিখা । 

উত্তৰঃ পেকেজিঙৰ কিছুমান গুৰুত্বপূৰ্ণ কার্য হৈছে— 

( ক ) উৎপন্ন দ্রব্য চিনাক্তকৰণ :- পেকেজিঙে উৎপন্ন দ্রব্য চিনাক্তকৰণত সহায় কৰে । উদাহৰণস্বৰূপে ৰঙা ৰঙৰ কলগেট , অথবা প’ণ্ডচ ক্রীমৰ বয়াম এইবােৰৰ পেকেজৰ দ্বাৰাই সহজে চিনাক্ত কৰিব পাৰি । 

( খ ) উৎপন্ন দ্রব্য সুৰক্ষা :- পেকেজিঙে উৎপন্ন দ্রব্যৰ নষ্ট , ভঙা , সৰকি যােৱা , ক্ষয় – ক্ষতি হােৱা , জলবায়ুজনিত পৰিণতি আদিৰ পৰা সুৰক্ষিত উৎপন্ন দ্রব্যৰ ৰূপে এনে ধৰণৰ মজুতকৰণ , বিতৰণ আৰু পৰিবহনত আৱশ্যক হয় । 

( গ ) উৎপন্ন দ্রব্যৰ ব্যৱহাৰত সুবিধা দিয়া :- পেকেজৰ আকাৰ আৰু আকৃতি এনে ধৰণৰ হােৱা উচিত যাতে সেইবােৰ খুলিবলৈ , চলাবলৈ আৰু উপভভাক্তাসকলৰ ব্যৱহাৰৰ বাবে সুবিধাজনক হয় । প্রসাধন সামগ্রী ঔষধ আৰু দন্তমঞ্জনৰ টিউব হৈছে ইয়াৰ উদাহৰণ । 

৩২। এজন বজাৰ কৰ্তাৰ বাবে ব্রেণ্ডিংৰ তিনিটা সুবিধা উল্লেখ কৰা । 

উত্তৰঃ বজাৰ কৰ্তাৰ বাবে ব্রেণ্ডিংৰ সুবিধাসমূহ হ’ল— 

( ক ) উৎপন্ন দ্রব্য ভিন্নকৰণত সামর্থ হয় :- পৰিচয়জ্ঞাপনকৰণে এটা প্রতিষ্ঠানৰ উৎপন্ন দ্রব্যক ইয়াৰ প্ৰতিযােগি প্রতিষ্ঠানৰ উৎপন্ন দ্রব্যৰ পৰা পৃথক কৰাত সহায় কৰে । 

( খ ) বিজ্ঞাপনকৰণ আৰু প্ৰদৰ্শন আঁচনিত সহায় কৰে :- পৰিচয়জ্ঞাপনে প্রতিষ্ঠানক ইয়াৰ উৎপন্নৰ বিজ্ঞাপনকৰণ আৰু প্ৰদৰ্শন আঁচনি প্ৰস্তুত কৰণত সহায় কৰে । ইয়াৰ অবিহনে বিজ্ঞাপনকাৰীয়ে বর্গীয় উৎপন্ন দ্রব্যৰ বাবে সৃষ্টি কৰিব পাৰে কিন্তু উৎপন্ন দ্রব্যৰ বাবে কতিয়াও বিক্রী নিশ্চিত কৰিব নােৱাৰে । 

( গ ) ব্যৱধানমূলক মূল্য ধার্যকৰণত সহায় কৰে :- ব্যৱধানমূলক মূল্য ধার্যকৰণ বা দৰৰ পৃথকীকৰণ হৈছে প্রতিষ্ঠানে প্রতিযােগিৰ দ্বাৰা ধাৰ্য কৰা দৰতকৈ ইয়াৰ উৎপন্ন দ্রব্যৰ সুকীয়া দৰ ধার্য কৰাক বুজায় য’ত পৰিচয়জ্ঞাপক চিহ্নই প্রতিষ্ঠানক সামর্থ্য কৰি তোলে ।

৩৩। বজাৰকৰণ আৰু বিক্ৰীকৰণৰ মাজত তলত উল্লেখ কৰা ভেটিৰ আধাৰত পার্থক্য দেখুওৱা— 

( a ) অর্থ

( b ) জোৰ বা হেঁচা ।

উত্তৰঃ বজাৰকৰণ আৰু বিক্ৰীকৰণৰ মাজত তলত উল্লেখ কৰা ভেটিৰ আধাৰত পার্থক্য দেখুওৱা হ’ল–

৩৪ । মেলা বা প্রদর্শনীৰ বিক্রী বঢ়োৱাত কেনে ধৰণৰ গুৰুত্ব আছে আলােচনা কৰা । 

উত্তৰঃ বিভিন্ন উৎপাদনকাৰী আৰু ব্যৱসায়ীয়ে উৎপাদিত সামগ্রী বিক্ৰী কৰিবলৈ মেলা আৰু প্রদর্শনী অনুষ্ঠিত কৰে । মেলা প্রদর্শনীৰ জৰিয়তে উদ্যোক্তাৰ আগতীয়া জাননীৰ সহাৰি মমে অগনন ইচ্ছুক তােক সমবেত হয় আৰু নিজৰ নিজৰ আৱশ্যকীয় বয়বস্তু ক্রয় কৰে । মেলা আৰু প্ৰদৰ্শনীত উৎপাদনকাৰীয়ে বিক্ৰীৰ বাবে সাজু কৰা পন্যৰ তালিকা , বিৱৰণ আৰু পন্যৰ কিয়দাংশৰ মুক্ত বিতৰণেৰে গ্ৰাহকক আকর্ষণ কৰে । ইয়াৰ দ্বাৰা পন্যৰ গুণাগুণ সােৱাদ আদি জনাত গ্রাহক সহজ হয় । প্রদর্শনীৰ ক্ষেত্ৰত কাৰিকৰিক ব্যৱহাৰ্য বয়বস্তুৰ ব্যৱহাৰ প্ৰণালী দেখুৱাই দিয়ে আৰু সেইবােৰৰ উপকাৰিতা হাতে কামে দেখুৱাই দৰ্শকক ক্রেতালৈ পৰিৱৰ্ন কৰে । 

৩৫। বিজ্ঞাপন আৰু বেচোতাৰ কাৰ্য্যৰ মাজত পার্থক্য দেখুওৱা । 

৩৬। প্রমােচন মিশ্রণ আৰু বজাৰকৰণৰ মিশ্ৰণৰ মাজত পার্থক্য দেখুওৱা । 

উত্তৰঃ উত্তীর্ণকৰণ মিশ্রণে যােগাযােগৰ উদ্দেশ্য সফল হবলৈ এটা সংগঠনৰ দ্বাৰা ব্যৱহৃত বৃদ্ধিৰ আহিলাসমূহৰ সংযােজন কৰাক বুজায় । বিপননকাৰী সকলৰ দ্বাৰা তেওঁলােকৰ প্ৰতিষ্ঠানৰ উৎপন্ন দ্রব্যবােৰৰ বিষয়ে গ্রাহকসকলক জনাবলৈ আৰু ক্ৰয় সম্মত কৰাবলৈ যােগাযােগৰ ভিন ভিন আহিলা ব্যৱহাৰ কৰা হয় । এইবােৰ হৈছে বিজ্ঞাপন , ব্যক্তিগত বিক্রয় , বিক্রী উত্তীর্ণকৰণ আৰু প্ৰচাৰ । এই আহিলাবােৰক উত্তীর্ণকৰণ মিশ্রণ বুলি কোৱা হয় । 

আনহাতে বজাৰকৰণ মিশ্রণ হৈছে বজাৰকৰণ আহিলাৰ এক সমষ্টি যাক নিৰ্ধাৰিত লক্ষ্যৰ বজাৰত প্রতিষ্ঠানে ইয়াৰ বজাৰকৰণ উদ্দেশ্যক চলাই নিবলৈ ব্যৱহাৰ কৰে । বজাৰকৰণ মিশ্রণৰ পৰিৱৰ্তনশীল বা উপাদান বােৰ চাৰিটা শ্ৰেণীত বিভক্ত হয় , যিবােৰৰ ইংৰাজী শব্দসমূহৰ অদ্যাক্ষৰেৰে জনপ্রিয় ভাবে ‘ Four ‘ P’s হিচাপে জনা যায় । সেইবােৰ হৈছে উৎপন্ন দ্রব্য ( Product ) দৰ Price , অৱস্থিতি ( Place ) আৰু উত্তীর্ণকৰণ ( Promotion ) কোনাে উৎপন্ন দ্রব্য বজাৰলৈ আগবঢ়াবলৈ হলে এই উপাদানবােৰৰ সংযােজন ঘটোৱা হব । 

৩৭। বিজ্ঞাপনৰ তিনিটা গুৰুত্ব চমুকৈ আলােচনা কৰা ।

উত্তৰঃ বিজ্ঞাপনৰ গুৰুত্বসমূহ হ’লঃ 

( ক ) গন বিস্তৃতি :- বিজ্ঞাপনকৰণ হৈছে এক মাধ্যম যাৰ জৰিয়তে বৃহৎ ভৌগলিক অঞ্চলজোৰা বহুসংখ্যক লােকক চুকি পাব পাৰি । 

( খ ) গ্রাহকৰ সৃষ্টি আৰু বিশ্বাস বঢ়াই তােলা :- বিজ্ঞাপন কৰণে সম্ভাব্য গ্রাহকসকলৰ মাজত বিশ্বাসৰ সৃষ্টি কৰে । তেওঁলােকে উৎপন্ন দ্রব্যৰ গুণৰ বিষয়ে অধিক সহায় লাভ কৰে আৰু অধিক আশ্চস্ত হয় আৰু সন্তুষ্টি লাভ কৰে । 

( গ ) মিতব্যয়িতাঃ বৃহৎ সংখ্যাক লােকক ঢুকি পাবলৈ হলে বিজ্ঞাপন হৈছে যােগাযােগৰ এক অতি মিতব্যয়ী উপায় । বৃহৎ সংখ্যকক ঢুকি পােৱা কাৰণতে বিজ্ঞাপণৰ সামগ্রিক ব্যয় ই প্রতিষ্ঠা কৰা অসংখ্য যােগাযােগৰ ওপৰত প্ৰসাৰিত হয় । ফলস্বৰূপে ঢুকি পােৱা লােকৰ সংখ্যাৰ বিবেচনাৰে প্ৰতিজনৰ গড় ব্যয় নিম্ন হয় । 

৩৮। বাতৰিকাকত এখনক বিজ্ঞাপনৰ বাবে বাছি লােৱাৰ তিনিটা সুবিধা লিখা । 

উত্তৰঃ বাতৰিকাকত এখনক বিজ্ঞাপনৰ বাবে বাছি লােৱাৰ প্ৰধান কাৰণসমূহ হ’ল– 

( ক ) এই মধ্যমটো অত্যন্ত কম খৰচী । 

( খ ) অতি কম সময়ৰ ভিতৰত ই বহুতাে ঠাইত প্রভাব পেলাব পাৰে । 

( গ ) সাধাৰণ মানুহ এজনে সহজে বুজি পােৱাৰ লগতে ইয়াৰ প্ৰসাৰ যথেষ্ট বেছি ।

( গ ) চমু উত্তৰ দিয়া ( মূল্যাংক : ২/৪ ) 

৩৯। বজাৰকৰণৰ চাৰিটা কাৰ্য্য উল্লেখ কৰা । 

উত্তৰঃ বজাৰকৰণৰ কাৰ্যসমূহ হ’ল — 

( ক ) বজাৰ তথ্য সংগ্রহ আৰু বিশ্লেষণকৰণঃ ই হৈছে এটা গুৰুত্বপূৰ্ণ কার্য । গ্রাহকসকলৰ প্রয়ােজনীয়তা চিনাক্ত কৰিবলৈ আৰু উৎপন্ন দ্রব্য আৰু সেৱাৰ সফল বজাৰকৰণৰ বাবে বিভিন্ন সিদ্ধান্ত গ্রহণ কৰিবলৈ বজাৰ তথ্য সংগ্রহ আৰু বিশ্লেষণকৰণৰ আৱশ্যক হয় । প্রতিষ্ঠানৰ সুবিধা – অসুবিধা আৰু ক্ষমতা অথবা দুর্বলতাসমূহৰ বিশ্লেষণ কৰি । সিদ্ধান্ত গ্রহণ কৰাত ই সহায় কৰে । 

( খ ) বজাৰ পৰিকল্পনাকৰণঃ সংগঠনৰ বজাৰকৰণ উদ্দেশ্যত উপনীত হােৱাৰ কাৰণে উপযুক্ত বজাৰকৰণ পৰিকল্পনা উন্নীত কৰা হয় । 

( গ ) উৎপন্ন দ্রব্যৰ ৰূপ আৰু উন্নয়ন :- উৎপাদিত দ্রব্যৰ আৰ্হি প্ৰস্তুতকৰণ আৰু তাৰ উন্নয়ন সাধন কৰাতে হৈছে বজাৰকৰণৰ এক গুৰুত্বপূর্ণ কাম । দ্রব্যৰ ৰূপাংকনে নিৰ্ধাৰিত লক্ষ্যৰ গ্ৰাহকলৈ আকর্ষণ বঢ়োৱাত বৰঙণি যােগায় । 

( ঘ ) মানদণ্ডীকৰণ আৰু শ্ৰেণীবন্ধন :- মানদণ্ডীকৰণে পূর্ব নির্ধাৰিত নির্দিষ্টতাৰে পণ্য সামগ্রী উৎপাদন কৰাক বুজায় আৰু ইয়ে উৎপন্নৰ সদৃশ ৰূপত্ব আৰু সামঞ্জস্যতাৰ লক্ষ্যত উপনীত হােৱাত সহায় কৰে । আনহাতে শ্রেণীবন্ধন হৈছে উৎপাদিত দ্রব্যৰ গুণ , আকাৰ আদিৰ ভিত্তিত বিভিন্ন ভাগত বিভক্ত কৰাৰ প্রক্রিয়া । 

৪০। বজাৰকৰণৰ মিশ্ৰণৰ চাৰিটা উপাদানৰ নাম লিখা আৰু আলােচনা কৰা । 

উত্তৰঃ বজাৰকৰণ মিশ্ৰণৰ উপাদানসমূহ হ’ল – 

( ক ) উৎপন্ন দ্রব্য ( Product ) :- উৎপন্ন দ্রব্য মানে পণ্য সামগ্রী অথবা সেৱা নাইবা মূল্যসম্পন্ন যিকোনাে বস্তু , যাক বিনিময়ৰ বাবে বজাৰলৈ বিক্ৰীৰ বাবে আগবঢ়োৱা হয় । উৎপন্ন দ্রব্যৰ ধাৰণাই গ্রাহকসকললৈ উৎপন্ন দ্রব্য অথবা বিক্ৰীৰ পাছত আগবঢ়োৱা সেৱা , অভিযােগ নিষ্পত্তি কৰা অতিৰিক্ত যন্ত্রাংশ প্রাপ্ত কৰাকো অন্তর্ভুক্ত কৰে । 

( খ ) মূল্য / দৰ ( Price ) :- দৰ হৈছে উৎপাদিত দ্রব্য লাভ কৰিবলৈ গ্রাহকসকলে দিব লগা মূল্যৰ পৰিমাণ । দ্রব্যৰ ক্ষেত্ৰত দৰস্তৰৰ চাহিদাই প্রভাবান্বিত কৰে । বজাৰ পৰিচালকে দৰ এনেদৰে নিৰ্দ্ধাৰণ কৰিব লাগে যাতে দ্রব্যসমূহ সফলভাবে বিক্রী কৰিবলৈ সমর্থ হয় । ইয়াৰােপৰি দৰ নিৰ্দ্ধাৰণ কৰাৰ ক্ষেত্ৰত গ্রাহক , ব্যৱসায়ীসকললৈ বাট্টা আৰু বাকীৰ চৰ্ত আদিৰাে সিদ্ধান্তগ্রহণ কৰিব লাগে যাতে গ্রাহকসকলে উৎপন্ন মূল্যৰ সৈতে মূল্যৰ দিশ উপলব্ধি কৰিব পাৰে । 

( গ ) স্থান ( Place ) :- ইয়ে প্রতিষ্ঠানৰ উৎপন্ন দ্রব্যৰ নিৰ্ধাৰিত লক্ষ্যৰ গ্ৰাহকসকলক ক্রয় কৰিবলৈ সুবিধা দিয়ে । এই ক্ষেত্ৰত গুৰুত্বপূর্ণ সিদ্ধান্তৰ দিশে গ্রাহকক ঢুকি পাবলৈ ব্যৱসায়ী বা মধ্যস্থকাৰী বাছনি কৰা , মধ্যস্থকাৰীসকললৈ বাট্টাৰ ব্যৱস্থা কৰা আদিক অন্তর্ভূক্ত কৰে । 

( ঘ ) বৃদ্ধিকৰণ ( Promotion ) :- উৎপন্ন দ্রব্য আৰু সেৱাৰ প্রবর্তনে সেইবােৰ কাম কাজক অন্তর্ভূক্ত কৰে । বাৰে উৎপন্ন দ্রব্যৰ লভ্যতা , বৈশিষ্ট্য , সুবিধা আদি নিৰ্ধাৰিত লক্ষ্যৰ গ্ৰাহকসকলক অবগত কৰায় আৰু তেওঁলােকক ক্ৰয় কৰিবলৈ সন্মত কৰায় । বজাৰকৰণ সংগঠনসমূহে পণ্য বিক্ৰীৰ কাৰণে বিজ্ঞাপন , ব্যক্তিগত বিক্রয় , বাট্টা , নমুনা আদি ব্যৱহাৰত বেছি পৰিমাণৰ ধন খৰছ কৰে । 

৪১। গ্রাহকক বিজ্ঞাপনে আগবঢ়োৱা চাৰিটা সেৱাৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ গ্রাহকক বিজ্ঞাপনে আগবঢ়োৱা চাৰিটা সেৱা হল— 

( ক ) ক্ৰয় সুবিধা :- বিজ্ঞাপনে ভােক্তাৰ ক্রয় কার্য সহজ কৰে । ইয়াৰ যােগেদি পন্য সামগ্রী বিক্ৰী দৰ স্থিৰ কৰা , পন্য প্রাপ্তি স্থল প্রকাশ কৰা কাৰ্যৰে ভােক্তাৰ ক্ৰয়ৰ সুবিধা হয় ।

( খ ) অনাবশ্যক মধ্যস্থকাৰীৰ বিলােপনঃ উৎপাদনকাৰীয়ে বিজ্ঞাপনৰ দ্বাৰা ইয়াৰ উৎপাদিত দ্রব্যৰ বাবে ভােক্তাৰ লগত প্রত্যক্ষ সম্পর্ক স্থাপন কৰিবলৈ বিচাৰে । এই কাৰ্যৰ দ্বাৰা পন্য সামগ্ৰীৰ দৰ বৃদ্ধি কৰাৰ লগতে উৎপাদনকাৰীৰ লাভৰ পৰিমাণ হ্রাসৰ কাৰণ হােৱা মধ্যস্থকাৰীৰ স্তৰ হ্ৰাস কিম্বা সম্ভৱপৰ স্থলত বিলােপ সাধনাে কৰা হয় । 

( গ ) গ্রাহকক শিক্ষিত কৰাঃ বিজ্ঞাপনে উৎপাদনকাৰীৰ নতুন উৎপাদিত সামগ্রী , সেইবােৰৰ ভিন্ন ব্যৱহাৰ সম্পর্কে জনাত সহায় কৰি গ্ৰাহকক পন্য সম্পর্কত শিক্ষা লাভ কৰাত সুযােগ দিয়ে । 

( ঘ ) ভোক্তাৰ উদ্ধৃত্ত সৃষ্টিঃ বিজ্ঞাপনে বহুতাে লােকৰ বাবে নির্দিষ্ট পন্য সামগ্ৰীৰ উপযােগিতা বৃদ্ধি কৰে । ই পন্য বিশেষ গুণাগুণ সম্পর্কে ভোক্তাৰ দৃষ্টি গােচৰ কৰাই পন্যৰ প্ৰতি আকৃষ্ট কৰা কাৰ্যৰে সমাদৰ তীব্ৰ কৰে । 

৪২। ‘পেকেজিং’ৰ চাৰিটা কাৰ্য বৰ্ণনা কৰা । 

উত্তৰঃ পেকেজিঙৰ কিছুমান গুৰুত্বপূর্ণ কার্য হৈছে—

( ক ) উৎপন্ন দ্রব্য চিনাক্তকৰণঃ পেকেজিঙে উৎপন্ন দ্রব্য চিনাক্তকৰণত সহায় কৰে । উদাহৰণস্বৰূপে ৰঙা ৰঙৰ কলগেট , অথবা পণ্ডচ ক্রীমৰ বয়াম এইবােৰৰ পেকেজৰ দ্বাৰাই সহজে চিনাক্ত কৰিব পাৰি । 

( খ ) উৎপন্ন দ্রব্য সুৰক্ষা :- পেকেজিঙে উৎপন্ন দ্রব্যৰ নষ্ট , ভঙা , সৰকি যােৱা , ক্ষয় – ক্ষতি হােৱা , জলবায়ুজনিত পৰিণতি আদিৰ পৰা সুৰক্ষিত উৎপন্ন দ্রব্যৰ ৰূপে এনে ধৰণৰ মজুতকৰণ , বিতৰণ আৰু পৰিবহনত আৱশ্যক হয় । 

( গ ) উৎপন্ন দ্রব্যৰ ব্যৱহাৰত সুবিধা দিয়াঃ পেকেজৰ আকাৰ আৰু আকৃতি এনে ধৰণৰ হােৱা উচিত যাতে সেইবােৰ খুলিবলৈ , চলাবলৈ আৰু উপভোক্তাসকলৰ ব্যৱহাৰৰ বাবে সুবিধাজনক হয় । প্রসাধন সামগ্রী ঔষধ আৰু দন্তমঞ্জনৰ টিউব হৈছে ইয়াৰ উদাহৰণ ।

( ঘ ) উৎপন্ন দ্রব্য উত্তীর্ণকৰণঃ পণ্য সামগ্ৰীৰ প্রৱর্তনৰ উদ্দেশ্যতাে পেকেজিঙৰ ব্যৱহাৰ হয় । গ্রাহকৰ মনােযােগ আকর্ষণ কৰিবলৈ নীলা , কলা পাখীবৰণীয়া আঁচনি ফটোগ্রাফ অথবা মুদ্ৰণৰ ব্যৱহাৰ কৰা হ’ব পাৰে । আত্ম সেৱাৰ জৰিয়তে ক্ৰয় কৰা ভাণ্ডাৰত পেকেজিঙৰ ভূমিকা অত্যন্ত গুৰুত্বপূর্ণ । 

৪৩। ‘মানদণ্ডীকৰণ’ আৰু ‘শ্রেণীবন্ধন’ বজাৰকৰণৰ কাৰ্য্য হিচাপে ব্যাখ্যা কৰা । 

উত্তৰঃ মানদণ্ডী কৰণ :- মানদণ্ডীকৰণে পূর্ব নির্ধাৰিত নির্দিষ্টতাৰে পন্য সামগ্রী উৎপাদন কাক বুজায় যিয়ে উৎপন্নৰ সদৃশ ৰূপত্ব আৰু সামঞ্জস্যতাৰ লক্ষ্যত উপনীত হােৱাত সহায় কৰে । ইয়ে ক্রেতাসকলক এই নিশ্চয়তা প্রদান কৰে যে পন্য সামগ্রী পূর্ব নির্ধাৰিত মানৰ গুণৰ , দৰৰ আৰু টোপােলাকৰণৰ সংগতিপূর্ণ হৈছে আৰু ইয়ে উৎপন্ন দ্রব্যৰ পৰিদর্শনপৰীক্ষণ আৰু মূল্যায়নৰ বাবে প্রয়ােজনীয়তা হ্রাস কৰিছে । শ্রেণীবন্ধন ( grading ) – শ্রেণীবন্ধন হৈছে কিছুমান গুৰুত্বপূৰ্ণ বৈশিষ্ট্য যেনে গুন , আকাৰ আদিৰ ভিত্তিত উৎপন্ন দ্রব্য বিভিন্ন ভাগত বিভক্ত কৰাৰ প্রক্রিয়া ।ক্রমানুসৰি কৰণ / শ্রেণীবন্ধন নির্দিষ্টকৈ সেইবােৰ উৎপন্ন দ্রব্যৰ বাবে আৱশ্যকীয় যিবােৰ পূর্বনির্ধাৰিত নির্দিষ্টতা অনুসৰি উৎপাদন কৰা নহয় । 

৪৪। ‘মজুতকৰণ আৰু পৰিবহন’ ক বজাৰকৰণৰ কাৰ্য্য হিচাপে আলােচনা কৰা । 

উত্তৰঃ মজুতকৰণ :- পন্যৰ উৎপাদন আৰু বিক্ৰীৰ মাজত সময় ব্যৱধান থাকে উৎপন্ন দ্রব্যৰ অনিয়মীয়া চাহিদা অথবা ঋতুগত উৎপাদনৰ বাবে অনিয়মীয়া যােগানৰ ক্ষেত্ৰতাে চাহিদা অনিয়মীয়া হ’ব পাৰে । কিন্তু বজাৰত এই উৎপন্ন দ্রব্যবােৰৰ সুচল প্রবাহ ৰক্ষা কৰিবলৈ উৎপন্ন দ্রব্যবােৰৰ উচিত মজুতৰ প্রয়ােজন । চাহিদাৰ আকষ্মিকতা পূৰণ কৰিবলৈ পন্য সামগ্রী যথেষ্ট মজুতকৰণ প্রয়ােজন হয় ।

পৰিবহন :- পৰিবহনে এঠাইৰ পৰা আন ঠাইলৈ পন্য সামগ্রী কঢ়িওৱাৰ লগত জড়িত । উৎপাদন  কাৰীয়ে বিভিন্ন এলেকাত সিচৰিত হৈ থকা গ্রাহকক তেওঁলােকৰ প্ৰয়ােজনীয় পন্য সামগ্রী পৰিবহনৰ দ্বাৰা উপভােক্তাৰ স্থানলৈ কঢ়িয়াই নি সুবিধা প্রদান কৰে । পৰিবহনৰ দ্বাৰা ভােক্তাৰ স্থান উপযােগিতা , সময় উপযােগিতা ইত্যাদি পুৰণ কৰা হয় । 

৪৫। দ্রব্য বুলিলে কি বুজা ? দ্রব্যৰ পেকেজিং কিয় দৰকাৰী ? 

উত্তৰঃ দ্রব্য মানে পন্য সামগ্রী অথবা সেৱা নাইবা মূল্য সম্পন্ন যিকোনাে বস্তু , যাক বিনিময়ৰ বাবে বজাৰলৈ বিক্ৰীৰ বাবে আগবঢ়োৱা হয় । উৎপন্ন দ্রব্যৰ ধাৰণাই গ্রাহক সকললৈ উৎপন্ন দ্রব্য অথবা বিক্ৰীৰ পাছত আগবঢ়োৱা সেৱা , অভিযােগ নিষ্পত্তি কৰা অতিৰিক্ত যন্ত্রাংশ প্রাপ্ত কৰাকো অন্তর্ভূক্ত কৰে । 

দ্রব্যৰ পেকেজিং দৰকাৰী কাৰণ পেকেজিঙে উৎপন্ন দ্রব্য চিনাক্তকৰণত সহায় কৰে । উৎপন্ন দ্রব্যৰ , অন্তর্বস্তু নষ্ট , ভঙা , সৰকি যােৱা , ক্ষয় ক্ষতি হােৱা ইত্যাদিৰ পৰা সুৰক্ষিত উৎপন্ন দ্রব্যৰ ৰূপে এনে ধৰণৰ মজুতকৰণ , বিতৰণ আৰু পৰিবহনত আৱশ্যক হয় । ইয়াৰােপৰি উৎপন্ন দ্রব্যৰ ব্যৱহাৰৰ ক্ষেত্ৰতাে পেকেজিং দৰকাৰী । পেকেজৰ আকাৰ আৰু আকৃতি এনে ধৰণৰ হােৱা উচিত যাতে সেইবােৰ খুলিবলৈ চলাবলৈ আৰু উপভোক্তা সকলৰ ব্যৱহাৰৰ বাবে সুবিধাজনক হয় । যেনে প্ৰসাৰণ সামগ্রী , ঔষধ ইত্যাদি । 

৪৬। উৎপাদনকাৰীলৈ বিজ্ঞাপনে আগবঢ়োৱা চাৰিটা সুবিধা বর্ণনা কৰা । 

উত্তৰঃ উৎপাদনকাৰীলৈ বিজ্ঞাপনে আগবঢ়োৱা সুবিধা চাৰিটা হলঃ 

( ক ) বৰ্দ্ধিত বিক্রী উৎপাদনকাৰীৰ বাবে বিজ্ঞাপন প্রধান উদ্দেশ্য হৈছে ইয়াৰ উৎপাদিত সামগ্ৰীৰ বিক্ৰী বৃদ্ধি কৰা তেওঁলােকে উৎপাদন ব্যাপক মাত্ৰাৰ সামগ্রী বিজ্ঞাপনৰ মাধ্যমত ভােক্তাক জ্ঞাত কৰা হয় , যাৰ দ্বাৰা বিক্রী বৃদ্ধি হয় ।

( খ ) স্থিৰ চাহিদা – বিজ্ঞাপনে উৎপাদনকাৰীৰ পন্য সামগ্ৰীৰ চাহিদাৰ উত্থান পতন প্রতিৰোধ কৰে আৰু সকলাে ঋতুতে বিশেষ বিশেষ পন্যৰ চাহিদা সুস্থিৰ কৰাত বৰঙণি যােগায় । 

( গ ) মজুত সম্ভাৰ সর্বনিম্ন কৰা – সু – সংগঠিত বিজ্ঞাপন অভিযানে পন্যৰ প্রতি সন্তোষজনক সহাৰি লাভ কৰি বিক্ৰী খৰতকীয়া কৰে । ইয়াৰ ফলস্বৰূপে উৎপাদনকাৰীৰ বিক্ৰীযােগ্য পন্যৰ মজুত সর্বনিম্ন কৰাত সহায় হয় আৰু পুনৰ উৎপাদনৰ প্রতি তেওঁলােক অনুপ্রাণিত হয় । 

( ঘ ) সুনাম সৃষ্টি – পন্যৰ মাত্র বিশিষ্টতাৰ সঘন প্ৰচাৰৰ দ্বাৰা কোনাে ব্যৱসায়ীৰ পন্যৰ ওপৰত বিজ্ঞাপনে সংশ্লিষ্ট উৎপাদনকাৰীৰ সুনাম সৃষ্টি কৰে । 

৪৭। ‘পেকেজিং’ আৰু লেবেলিংৰ গুৰুত্ব বজাৰকৰণত কেনেকুৱা আলােচনা কৰা । 

উত্তৰঃ পেকেজিংৰ গুৰুত্ব –( i ) পন্য সামগ্রীৰ পৰিবহন কৰণত , মজুতকৰণত আৰু ব্যৱহাৰৰ সময়ত পেকেজিঙে ৰক্ষণাবেক্ষণ দিয়ে । 

( ii ) ইয়ে ব্রেণ্ডিং আৰু বিজ্ঞাপনকৰণত সুবিধা প্রদান কৰে । 

( iii ) পন্যদ্রব্য ব্যক্তিত্ব অথবা চিনাক্তকৰণত সন্মান দিয়ে । 

( iv ) বজাৰত পন্য সামগ্ৰীৰ আকর্ষনীয় প্রদর্শনত উপকাৰী বা সহায়ক হয় । 

লেবেলিংৰ গুৰুত্ব –

( ক ) স্পষ্ট লেবেলিংৰ দ্বাৰা পন্য সামগ্রী চিনাক্তকৰণত সহজ কৰি তােলে । 

( খ ) পন্য সামগ্ৰীৰ ব্যৱহাৰ সম্পৰ্কত ব্যৱসায়ী আৰু ভােজাক চমু নির্দেশাৱলী প্রদান কৰি উৎপাদনকাৰীসকলক সামর্থ কৰি তােলে । 

( গ ) পন্যদ্রব্যৰ দৰ স্পষ্টকৈ লিপিবদ্ধ কৰাত ব্যৱহাৰ কৰিব পাৰি যাৰ ফলত খুচুৰা বিক্রেতাই গ্রাহকৰ পৰা বেছি দাম ধার্য কৰিব নােৱাৰে । 

( ঘ ) পন্য দ্রব্যৰ বিশেষ বৈশিষ্ট্য উল্লেখ কৰি ই প্ৰৱর্তনৰ সজুলি হিচাপে কাম কৰে । 

Sl. No.সূচী-পত্ৰ
প্ৰথম খণ্ডপৰিচালনাৰ নীতি আৰু কার্য
Chapter 1পৰিচালনাৰ প্রকৃতি আৰু তাৎপর্য ।
Chapter 2পৰিচালনাৰ নীতি ।
Chapter 3ব্যৱসায় / ব্যৱসায়িক পৰিৱেশ ।
Chapter 4পৰিকল্পনাকৰণ ।
Chapter 5সংগঠনকৰণ ।
Chapter 6কর্মচাৰী নিযুক্তকৰণ ।
Chapter 7নির্দেশিতকৰণ ।
Chapter 8নিয়ন্ত্রণকৰণ ।
দ্বিতীয় খণ্ডব্যৱসায়িক বিত্ত আৰু ৰজাৰৰ
Chapter 9বিত্তীয় পৰিচালনা ।
Chapter 10বিত্তীয় বজাৰ ।
Chapter 11বজাৰকৰণ ।
Chapter 12উপভােক্তা সুৰক্ষা ।

৪৮। বজাৰকৰণৰ চাৰিটা গুৰুত্বপূর্ণ উপাদান ব্যাখ্যা কৰা । 

উত্তৰঃ বজাৰকৰণ মিশ্ৰণৰ উপাদানসমূহ হলঃ 

( ক ) উৎপন্ন দ্রব্য ( Product ) :- উৎপন্ন দ্রব্য মানে পণ্য সামগ্রী অথবা সেৱা নাইবা মূল্যসম্পন্ন যিকোনাে বস্তু , যাক বিনিময়ৰ বাবে বজাৰলৈ বিক্ৰীৰ বাবে আগবঢ়োৱা হয় । উৎপন্ন দ্রব্যৰ ধাৰণাই গ্রাহকসকললৈ উৎপন্ন দ্রব্য অথবা বিক্ৰীৰ পাছত আগবঢ়োৱা সেৱা , অভিযােগ নিষ্পত্তি কৰা অতিৰিক্ত যন্ত্রাংশ প্রাপ্ত কৰাকো অন্তর্ভুক্ত কৰে । 

( খ ) মূল্য / দৰ ( Price ) :- দৰ হৈছে উৎপাদিত দ্রব্য লাভ কৰিবলৈ গ্রাহকসকলে দিব লগা মূল্যৰ পৰিমাণ । দ্রব্যৰ ক্ষেত্ৰত দৰস্তৰৰ চাহিদাই প্রভাবাম্বিত কৰে । বজাৰ পৰিচালকে দৰ এনেদৰে নিৰ্দ্ধাৰণ কৰিব লাগে যাতে দ্রব্যসমূহ সফলভাবে বিক্রী কৰিবলৈ সমর্থ হয় । ইয়াৰােপৰি দৰ নিৰ্দ্ধাৰণ কৰাৰ ক্ষেত্ৰত গ্রাহক , ব্যৱসায়ী সকললৈ বাট্টা আৰু বাকীৰ চৰ্ত আদিৰ সিদ্ধান্ত গ্রহণ কৰিব লাগে যাতে গ্রাহকসকলে উৎপন্ন মূল্যৰ সৈতে মূল্যৰ দিশ উপলব্ধি কৰিব পাৰে । 

( গ ) স্থান ( Place ) :- ইয়ে প্রতিষ্ঠানৰ উৎপন্ন দ্রব্যৰ নিৰ্ধাৰিত লক্ষ্যৰ গ্ৰাহকসকলক ক্রয় কৰিবলৈ সুবিধা দিয়ে । এই ক্ষেত্ৰত গুৰুত্বপূর্ণ সিদ্ধান্তৰ দিশে গ্রাহকক ঢুকি পাবলৈ ব্যৱসায়ী বা মধ্যস্থকাৰী বাছনি কৰা , মধ্যস্থকাৰী সকললৈ বাট্টাৰ ব্যৱস্থা কৰা আদিক অন্তর্ভূক্ত কৰে । 

( ঘ ) বৃদ্ধিকৰণ ( Promotion ) :- উৎপন্ন দ্রব্য আৰু সেৱাৰ প্রবর্তনে সেইবােৰ কাম কাজক অন্তর্ভূক্ত কৰে যিবােৰে উৎপন্ন দ্রব্যৰ লভ্যতা , বৈশিষ্ট্য , সুবিধা আদি নিৰ্ধাৰিত লক্ষ্যৰ গ্ৰাহকসকলক অবগত কৰায় আৰু তেওঁলােকক ক্ৰয় কৰিবলৈ সন্মত কৰায় । বজাৰকৰণ সংগঠনসমূহে পণ্য বিক্ৰীৰ কাৰণে বিজ্ঞাপন , ব্যক্তিগত বিক্রয় , বাট্টা , নমুনা আদি ব্যৱহাৰত বেছি পৰিমাণৰ ধন খৰছ কৰে । 

৪৯। ব্যক্তিগত বিক্রয়কৰণৰ চাৰিটা সুবিধা উল্লেখ কৰা । 

উত্তৰঃ পণ্য সামগ্রী আৰু সেৱাৰ বজাৰকৰণত ব্যক্তিগত বিক্রয়কৰণে এক অতি গুৰুত্বপূর্ণ ভূমিকা পালন কৰে । ব্যৱসায়ী , গ্রাহক আৰু সমাজলৈ ব্যক্তিগত বিক্রয়কৰণৰ ভূমিকাসমূহ হ’ল – 

( ক ) ব্যৱসায়ীৰ প্ৰতি গুৰুত্বঃ ব্যৱসায় সংগঠনৰ প্ৰতি ব্যক্তিগত বিক্রয়কৰণৰ গুৰুত্ব তলত উল্লেখ কৰা হ’ল – 

( ১ ) সার্থক বা ফলদায়ক আহিলা ।

( ২ ) নমনীয়তাৰ আহিলা ।

( ৩ ) প্রচেষ্টাৰ অপব্যয় সর্বনিম্ন কৰায় ।

( ৪ ) উপভােক্তাৰ মনােযােগ বুজা ।

( ৫ ) সম্পর্ক দীর্ঘস্থায়ী কৰােৱা ।

( ৬ ) ব্যক্তিগত সম্বন্ধ ।

( ৭ ) সূচনা পর্যায়ত ভূমিকা । আৰু 

( ৮ ) গ্রাহকৰ সৈতে সংযােগ । 

( খ )গ্রাহকসকলৰ প্ৰতি গুৰুত্বঃ গ্ৰাহকসকল ব্যক্তিগত বিক্রয়কৰণৰ দ্বাৰা নিম্নোক্ত উপায়েৰে উপকৃত হয় । 

( ১ ) প্রয়ােজনীয়তা চিনাক্তকৰণত সহায় ।

( ২ ) শেহতীয়া বজাৰৰ তথ্য লাভ ।

( ৩ ) বিশেষজ্ঞৰ পৰামৰ্শ লাভ । আৰু

( ৪ ) গ্রাহকসকলক প্ৰভাৱিত কৰা । 

( গ ) সমাজৰ প্ৰতিগুৰুত্বঃ সমাজ এখনলৈ ব্যক্তিগত বিক্রয় নির্দিষ্ট উপকাৰসমূহ হৈছে –

( ১ ) শেহতীয়াচাহিদাৰ পৰিবর্তন আনে ।

( ২ ) নিয়ােগৰ সুবিধা সৃষ্টিকৰে ।

( ৩ ) জীৱিকাৰ সুযােগ আনে ।

( ৪ ) বিক্রয় লােকৰ গতিশীলতা ।

( ৫ ) উৎপন্ন দ্রব্যৰ মানদণ্ড বঢ়ায় । 

৫০। বিতৰণ প্ৰণালীৰ বিভিন্ন প্ৰকাৰসমূহ চমুকৈ ব্যাখ্যা কৰা । 

উত্তৰঃ বিতৰণ প্ৰণালীৰ প্ৰধান প্ৰকাৰবােৰ হ’ল – 

( ক ) প্রত্যক্ষ প্রণালী ( শূন্যস্তৰ ) :- ই হৈছে অতি সৰল আৰু চমু বিতৰণ প্ৰণালী য’ত প্রস্তুত কাৰকে কোনাে মধ্যস্থকাৰীক জড়িত নকৰি উপভভাক্তালৈ প্ৰত্যক্ষভাবে পণ্য সামগ্রী ব্যবস্থা কৰে । ইয়াক শূন্য স্তৰৰ প্রণালী বুলিও কোৱা হয় । কিয়নাে প্রস্তুতকাৰী আৰু উপভোক্তাৰ মাজত পােনপটীয়া আৰু প্ৰত্যক্ষ সম্পর্ক স্থাপন হােৱাতো ইয়াৰ বিশেষ লক্ষণ , অর্থাৎ কোনাে মধ্যস্থকাৰী নাথাকে । 

( খ ) পৰােক্ষ প্রণালীঃ উৎপানকাৰীয়ে যেতিয়া উৎপন্ন দ্রব্য উৎপাদন কেন্দ্ৰৰ পৰা উপভােক্তাৰ কেন্দ্ৰলৈ এক বা একাধিক মধ্যস্থকাৰী নিয়ােগ কৰায় , তেন্তে তেনে বিতৰণ প্ৰণালীক পৰােক্ষ প্রণালী বুলি কোৱা হয় । এই প্রণালী তলত ব্যাখ্যা কৰা ৰূপত প্রকাশিত হয় । 

( ১ ) প্রস্তুতকাৰী – খুচুৰা উপভােক্তা ( এক স্তৰীয় প্ৰণালী ) :- এই বিতৰণ ব্যৱস্থাত একক মধ্যস্থকাৰী , অর্থাৎ খুচুৰা বিক্রেতাসকলক প্রস্তুতকাৰী আৰু উপভােক্তাৰ মাজত ব্যৱহাৰ কৰা হয় । পণ্য সামগ্রী প্রস্তুতকাৰীৰ পৰা খুচুৰা বিক্রেতা সকললৈ পাৰ কৰি দিয়া হয় , যিসকলে সেইবােৰ চুড়ান্ত বা সর্বশেষ ব্যৱহাৰকাৰীলৈ বিক্রী কৰে । 

( ২ ) প্রস্তুতকাৰী –পাইকাৰী —খুচুৰা বিক্রেতা উপভােক্তা ( দ্বিস্তৰযুক্ত প্রণালী ) :- প্ৰায়বােৰ উপভােক্তা দ্রব্য যেনে চাবােন , তেল , কাপােৰ , চাউল , চেনী , মাহজাতীয় খাদ্য শস্য আদিৰ বিতৰণ জালিকাত অৱলম্বন কৰা বিতৰণ প্রণালী হৈছে এই দ্বি স্তৰযুক্ত প্রণালী । ইয়াত পাইকাৰী বিক্রেতা আৰু খুচুৰা বিক্রেতাই প্রস্তুতকাৰী আৰু উপভােক্তাসকলৰ মাজত মধ্যস্থতা কৰে । 

( ৩ ) প্রস্তুতকাৰী – প্রতিনিধি –পাইকাৰী – খুচুৰা — উপভােক্তা ( ত্রিস্তৰযুক্ত প্রণালী ) :- এই প্রণালীৰ প্ৰস্তুতকাৰীসকলে তেওঁলােকৰ নিজৰ বিক্ৰীকৰণ প্রতিনিধি বা দালালৰ ব্যৱহাৰ কৰে , যিসকলে পাইকাৰী বিক্রেতাসকলৰ লগত আৰু পিচত খুচুৰা বিক্রেতাসকলৰ লগত যােগাযােগ স্থাপন কৰে ।

 

( ঘ ) দীঘল প্রশ্ন উত্তৰ ( মূল্যাংক : ১/৫ ) 

৫১। ‘দ্রব্য অনুযায়ী গ্রাহকৰ প্ৰতি ঢাল খােৱা আৰু দ্ৰব্যৰ বিকাশ গ্রাহকৰ দৰকাৰৰ প্ৰতি লক্ষ্য ৰাখি কৰা ’ – এই দুইটাই হ’ল বজাৰকৰণ পৰিচালনাৰ মূল ধাৰণা । এই ধাৰণা দুটা চিনাক্ত কৰা আৰু ইহঁতৰ মাজত পার্থক্য দেখুওৱা । 

উত্তৰঃ বজাৰকৰণৰ উক্ত ধাৰণা দুটা হ’ল– 

( a ) গতানুগতিক ধাৰণা ।

( b ) আধুনিক ধাৰণা । 

৫২। কিছুমান দ্রব্যৰ বিশেষ গুণ থাকে ? এইবােৰ বহুতাে গ্রাহকক আকর্ষিত কৰে । এনেকুৱা বিশেষ গুণ থকা দ্রব্যবােৰ চিনাক্ত কৰা আৰু ইয়াৰ বৈশিষ্ট্যবােৰ বৰ্ণনা কৰা । 

উত্তৰঃ উচ্চ শিখৰত পৰিচয়জ্ঞাপক নাম চিহ্ন যুক্ত উপভােক্তাৰ পন্য যেনে বিৰল তথা অতি উত্তম কলাত্মক কার্য বা প্রাচীন কোনাে সংগ্রহ , নির্দিষ্ট চুলিকটা চেলুন , নির্দিষ্ট কোনাে হােটেল আৰু ৰেষ্টুৰেণ্ট , সাজ পাৰ ইত্যাদি । এনে ধৰণৰ দ্রব্য ক্রয় কৰিবলৈ কিছুমান লােকে বহুত সময় আৰু প্রচেষ্টা আনকি দুৰ দুৰণিলৈকেও ভ্ৰমণ কৰে ।

এনেধৰণৰ দ্ৰব্যৰ বৈশিষ্ট্য হল– 

( ক ) যিহেতু অতি কম সংখ্যক লােকেহে ক্রয় কৰে , বিশেষ বৈশিষ্ট্যতাৰে উৎপন্ন দ্রব্যৰ চাহিদা সীমিত হয় । 

( খ ) এনে ধৰণৰ দ্ৰব্যৰ মূল্য অধিক আৰু ব্যয় বহুল হয় । 

( গ ) এনে ধৰণৰ দ্ৰব্য কম স্থানতহে পােৱা যায় । 

( ঘ ) বহুতাে বৈশিষ্ট্যতাপূর্ণ উৎপাদিত দ্রব্যৰ বাবে বিক্ৰীৰ পিছৰ সেৱা অতি গুৰুত্বপূর্ণ হয় । 

৫৩। পেকেজিং মানে কি ? পেকেজিংৰ কাৰ্যবােৰ কি কি ? 

উত্তৰঃ উৎপন্ন দ্রব্যৰ ধাৰণ পাত্র অথবা মেৰিওৱা বা চকা কাপােৰ কাগজৰ ৰূপাংকন বা আৰ্হিকৰণ কৰা আৰু সেইবােৰ প্ৰস্তুত কৰা কাৰ্যক পেকেজিং বা টোপােলাকৰণ বুলি কোৱা হয় । পেকেজিঙৰ কিছুমান গুৰুত্বপূৰ্ণ কার্য হৈছে— 

( ক ) উৎপন্ন দ্রব্য চিনাক্তকৰণ :- পেকেজিঙে উৎপন্ন দ্রব্য চিনাক্তকৰণত সহায় কৰে । উদাহৰণস্বৰূপে ৰঙা ৰঙৰ কলগেট , অথবা প’ণ্ডচ ক্রীমৰ বয়াম এইবােৰৰ পেকেজৰ দ্বাৰাই সহজে চিনাক্ত কৰিব পাৰি । 

( খ ) উৎপম দ্রব্য সুৰক্ষা :- পেকেজিঙে উৎপন্ন দ্রব্যৰ নষ্ট , ভঙা , সৰকি যােবা , ক্ষয় – ক্ষতি হােৱা , জলবায়ুজনিত পৰিণতি আদিৰ পৰা সুৰক্ষিত উৎপন্ন দ্রব্যৰ ৰূপে এনে ধৰণৰ মজুতকৰণ , বিতৰণ আৰু পৰিবহনত আৱশ্যক হয় । 

( গ ) উৎপন্ন দ্রব্যৰ ব্যৱহাৰত সুবিধা দিয়া :- পেকেজৰ আকাৰ আৰু আকৃতি এনে ধৰণৰ হােৱা উচিত যাতে সেইবােৰ খুলিবলৈ , চলাবলৈ আৰু উপভোক্তাসকলৰ ব্যৱহাৰৰ বাবে সুবিধাজনক হয় । প্রসাধন সামগ্রী ঔষধ আৰু দন্তমনৰ টিউব হৈছে ইয়াৰ উদাহৰণ । 

( ঘ ) উৎপন্ন দ্রব্য উত্তীর্ণকৰণঃ পণ্য সামগ্ৰীৰ প্ৰৱৰ্তনৰ উদ্দেশ্যতাে পেকেজিঙৰ ব্যৱহাৰ হয় । গ্রাহকৰ মনােযােগ আকর্ষণ কৰিবলৈ নীলা , কলা পাখী বৰণীয়া আঁচনি ফটোগ্রাফ অথবা মুদ্ৰণৰ ব্যৱহাৰ কৰা হ’ব পাৰে । আত্ম সেৱাৰ জৰিয়তে ক্ৰয় কৰা ভাণ্ডাৰত পেকেজিঙৰ ভূমিকা অত্যন্ত গুৰুত্বপূর্ণ । 

৫৪। বিক্ৰী প্ৰৱৰ্ত্তন মানে কি ? ইয়াৰ গুৰুত্ব ব্যাখ্যা কৰা । 

উত্তৰঃ আমেৰিকান মার্কেটিং এছ’চিয়েশ্বনৰ সংজ্ঞা কমিটি মতে বিক্রী , উত্তীর্ণকৰণ মানে বজাৰকৰণ কার্যত ব্যক্তিক বিক্রী , বিজ্ঞাপন আৰু প্ৰচাৰৰ বাহিৰে সেইবােৰৰ কাৰ্যক বুজায় যিবােৰে ভােক্তাৰ ক্ৰয় আৰু ব্যৱসায়ীৰ ফসদ বিক্রী উন্নীত কৰে । 

গুৰুত্ব বা সুবিধাঃ ( i ) মনােযােগিতাৰ মূল্যঃ বিক্রী উত্তীর্ণকৰণৰ কাম কাজত উদগনিৰ ব্যৱহাৰে মানুহৰ মনােযােগ আকর্ষণ কৰে । 

( ii ) নতুন উৎপন্ন দ্রব্যৰ সুচনাত উপযােগী :- বিক্রী উত্তীর্ণকৰণ আহিলা বজাৰত নতুন উৎপন্ন দ্রব্যৰ সুচনা কৰােতে অতি ফলদায়ক হব পাৰে ।মানুহক ইতিমধ্যে নিয়মীয়াকৈ ক্ৰয় কৰি অহা আহৰণ ভংগ কৰাই নতুন উৎপন্ন দ্রব্য ক্রয় কৰােৱাত বিক্রী উত্তীর্ণ কৰণৰ আহিলাই পতিয়ন নিয়াব পাৰে । 

( iii ) সামগ্রিক উত্তীর্ণকৰণ প্ৰচেষ্টাত সবলঃ বিক্রী উত্তীর্ণকৰণৰ কাৰ্যৰ ৰূপাংকন ব্যক্তিগত বিক্রয়কৰণ আৰু বিজ্ঞাপনকৰণ প্ৰচেষ্টাৰ সন্মিলিত শক্তিতকৈ অধিক সবল ৰূপত প্রতিষ্ঠা কৰা হয় আৰু ইয়ে প্রতিষ্ঠান এটাৰ আন সকলাে ফলদায়ক প্রচেষ্টাৰ ওপৰত অৱস্থান কৰে । 

৫৫। বিজ্ঞাপনৰ সংজ্ঞা দিয়া আৰু ইয়াৰ উদ্দেশ্যসমূহ বর্ণনা কৰা । 

উত্তৰঃ বিজ্ঞাপনৰ অৰ্থ হৈছে কোন নির্দিষ্ট দিশৰ প্রতি মন মনােযােগ আকর্ষিত কৰা । বিজ্ঞাপন হৈছে এনে এক কলা , যাৰ দ্বাৰা কোনাে ব্যক্তি ( উৎপাদনকাৰী বিক্রেতা ) আৰু ব্যক্তিৰ মত ; ধাৰণা নাইবা তেওঁৰ পণ্য সামগ্রী আৰু সেৱা সম্পর্কে জনসাধাৰণক অৱগত কৰােৱা হয়।

বিজ্ঞাপনৰ মুখ্য উদ্দেশ্যসমূহ হ’ল–

( ক ) নতুন উৎপাদিত দ্রব্যৰ বিষয়ে ভােক্তা সমাজক অৱগত কৰাৰ জৰিয়তে পণ্যৰ প্ৰতি ভােক্তাৰ মনােযােগ আকৰ্ষণ কৰা । 

( খ ) অব্যক্তিক এই বিজ্ঞাপনৰ জৰিয়তে ব্যক্তিৰে বা ব্যক্তিগত বিক্ৰীলৈ সমর্থন আগবঢ়োৱা আৰু বিক্রী পদ্ধতি সহজ কৰি তােলা ।

( গ ) প্রতিষ্ঠিত কোনাে দ্রব্যৰ প্রচলিত বজাৰ সহাৰি অক্ষুন্ন ৰখাৰ উপৰি ইয়াৰ বজাৰ সম্প্ৰসাৰণ কৰা । 

( ঘ ) বিক্ৰীৰ পৰিমাণ বৃদ্ধি আৰু বিক্ৰী ব্যয় হ্রাস কৰা । 

( ঙ ) পণ্যজ্ঞান সম্পর্কে তথ্য প্রচাৰৰ জৰিয়তে উপভােক্তাবাদৰ উন্নয়ন ঘটোৱা । 

৫৬। দ্রব্য এটাৰ দৰ নির্ণয় কৰােতে কি কি কাৰক বিবেচনা কৰা হয় চমুকৈ আলােচনা কৰা ।

উত্তৰঃ মূল্য নির্ধাৰণত প্ৰভাৱ পেলােৱা উপাদান সমূহ হ’ল— 

( a ) উৎপন্ন দ্রব্যৰ ব্যয়ঃ উৎপন্ন দ্রব্য বা সেৱাৰ দৰ নিৰ্দ্ধাৰণত প্ৰভাৱ পেলােৱ গুৰুত্বপূর্ণ উপাদান হৈছে উৎপন্ন দ্রব্য ব্যয় । ই দ্রব্যৰ উৎপাদন , বিতৰণ আৰু বিক্ৰীকৰণৰ ব্যয় অন্তর্ভূক্ত কৰে । ব্যয়ে সর্বনিম্ন স্তৰ অথবা কাৰখানাৰ মজিয়াৰ দৰ নিৰ্দ্ধাৰণ কৰে , যিটো দৰত দ্রব্য বিক্ৰী কৰিব পাৰে । ব্যয় বহল অর্থত তিনি প্ৰকাৰৰ– 

( ক ) স্থিৰ ব্যয় । 

( খ ) পৰিবর্তনীয় ব্যয় । আৰু 

( গ ) অর্ধ পৰিবর্তনীয় ব্যয় । 

( b ) উপযােগিতা আৰু চাহিদাঃ পণ্য অথবা সেৱাৰ বজাৰ চাহিদাই মূল্য নির্ধাৰণত বাৰুকৈয়ে প্ৰভাৱ পেলায় । যিহেতু সম্ভাব্য ক্রেতাসকল চাহিদাৰ দ্বাৰা প্ৰভাৱিত হয় সেয়ে দৰ নিৰ্দ্ধাৰণৰ ক্ষেত্ৰত ক্রেতাৰ ক্ৰয় কৰাৰ ক্ষমতা , পৰিশােধ কৰাৰ ইচ্ছা , তেওঁলােকৰ পছন্দ ইত্যাদি বিষয়সমূহ বিবেচনা কৰা হয় । যদি কোনাে দ্রব্যৰ চাহিদা অস্থিতিস্থাপক । উচ্চ দৰ স্থিৰ কৰিব পাৰি । অন্যহাতে যদি চাহিদা স্থিতি স্থাপক হয় , তেনেক্ষেত্ৰত প্রতিষ্ঠানে উচ্চ দৰ স্থিৰ কৰাটো উচিত নহ’ব । 

( c ) প্রতিযােগিতা :- প্রতিযােগিতা থকা বজাৰত মূল্য নির্ধাৰণ কৰাটো এটা জটিল উপাদান । প্রতিযােগিসকলে সদৃশ পণ্যৰ বাবে কিমান দৰ নিৰ্দ্ধাৰণ কৰিছে আৰু সন্মুখত এই দৰ বৃদ্ধি বা হ্রাস কৰা সম্ভাৱনীয়তা থকা বিদ্যমান তথ্যপাতি সমূহেও দৰ নিৰ্দ্ধাৰণত প্ৰভাৱ পেলায় । 

( d ) গ্রাহকসকলৰ প্ৰকাৰঃ নির্দিষ্ট লক্ষ্যসম্পন্ন গ্রাহকসকলে দ্রব্যৰ মূল্য পৰিশােধ কৰিবলৈ সক্ষম হ’বই । সেই কাৰণে টি , ভি প্রস্তুতকাৰক সকলে কম আয় সম্পন্ন লোকৰ বাবে সস্তা দৰত টেলিভিছন প্রস্তুত কৰিছে আৰু উচ্চ আয় সম্পন্ন লােকৰ বাবে বেছিদামী ডিলাক্স আৰ্হিৰ টেলিভিছ প্রস্তুত কৰি উলিয়াই দিছে ।

( e ) চৰকাৰী নিয়ন্ত্রণ :- কিছুমান পণ্যৰ সর্বোচ্চ বিক্রী দাম চৰকাৰে নিৰ্দ্ধাৰণ কৰি দিয়ে । কোনাে প্রতিষ্ঠানে বিধিবদ্ধ দৰতকৈ বেছি দৰ নিৰ্দ্ধাৰণ কৰিব নােৱাৰে । 

৫৭। ‘বাজাজ অটো’ৱে বজাৰত বিক্ৰী প্ৰৱৰ্তন / উন্নীতকৰণ কৰিব খােজে । তিনিটা বিক্রী প্ৰৱৰ্তনৰ উপায় উল্লেখ কৰা । 

উত্তৰঃ বাজাজ অটোৱে বজাৰ বিক্ৰী উন্নীতকৰণৰ বাবে তলত উল্লেখ কৰা উপায় অবলম্বন কৰে । 

( a ) ৰেহাই :- বিক্রী কৰিবলৈ সময়ে সময়ে ( নির্দিষ্ট সময়ৰ বাবে ) গাড়ী মটৰৰ স্বাভাৱিক মূল্যতকৈ কম মূল্যত বিক্ৰী কৰে । ইয়াৰ দ্বাৰা দ্ৰব্যৰ বিক্ৰী বৃদ্ধি হয় । 

( b ) বাট্টা :- দৰ তালিকাত উল্লেখ কৰা দৰতকৈ নিম্ন কোনাে দৰত দ্রব্যৰ বিক্ৰীৰ প্ৰস্তাৱ দিলে ইয়াক বাট্টা কার্য বুলি কোৱা হয় । বিশেষ কিছুমান ঋতুত বা দিনত যেনে বিশেষ পূজা বাট্টা , বিহুবাট্টা , ঈদবাট্টা ইত্যাদি । ইয়াৰ দ্বাৰা গ্রাহক কিছু পৰিমাণে আকর্ষিত হয় আৰু দ্রব্য ক্রয় কৰিবলৈ লয় । ফলত বিক্রী বৃদ্ধি হয় । 

( c ) বিনিময়ৰ প্ৰস্তাৱ :- এই ব্যৱস্থাত পূৰণি যান – বাহনৰ বিনিময়ত নতুন বাহন দিয়াৰ প্রস্তাব দিয়ে । এই ক্ষেত্ৰত উৎপাদকে পূৰণি যান বাহনৰ এটা স্থিৰ দাম নির্ধাৰণ কৰি লয় আৰু সেই দাম পৰিশােধ কৰাৰ পিছত নতুন বাহন দিয়ে । ফলত বিক্রী বৃদ্ধি হয় । 

( ঙ ) দীঘল প্রশ্ন উত্তৰ ( মূল্যাংকঃ ২/৬ ) 

৫৮। ‘বিজ্ঞাপনত খৰচ কৰা টকা অথলে যায়’ । তুমি সন্মত হয়নে ? তােমাৰ উত্তৰৰ সমর্থন যুক্তি দিয়া । 

উত্তৰঃ ‘বিজ্ঞাপনত খৰচ কৰা টকা অথলে যায় । ”

বিজ্ঞাপনৰ বিপক্ষে যুক্তিসমূহ হ’ল–

( ক ) ব্যয়লৈ বৃদ্ধি আনেঃ বিজ্ঞাপনকৰণৰ বিৰুদ্ধসকলে যুক্তি দর্শায় যে বিজ্ঞাপনকৰণে অপ্রয়ােজনীয়ভাবে উৎপন্ন দ্রব্যৰ ব্যয়লৈ বৃদ্ধি ঘটায় , যি সর্বশেষত ক্রেতাসকললৈ উচ্চ দৰত বােজা জাপি দিয়া হয় । 

( খ ) সামাজিক প্ৰমূল্য অৱক্ষয় কৰায় :- বিজ্ঞাপনে সামাজিক মূল্যবােধ নিম্নগামী কৰায়  আৰু বস্তুবাদৰ উত্তৰণ ঘটায় । মানুহে বিজ্ঞাপনৰ পৰা নতুন নতুন উৎপাদনৰ বিষয়ে জানিব পাৰি বর্তমানে ব্যৱহাৰ কৰি থকা বস্তুৰ অৱস্থাত অসন্তুষ্ট হয় আৰু তেওঁলােকৰ মাজত অসন্তুষ্টিৰ বীজ ৰােপণ কৰা হয় ।

( গ ) ক্রেতাসকলক বিভ্রান্ত কৰেঃ বহুতাে উৎপন্ন দ্রব্যৰ বিজ্ঞাপন এনেদৰে কৰা হয় যিবােৰে সদৃশ দাবী কৰে আৰু গ্ৰাহকসকলে কোনটো নির্দিষ্ট উৎপন্ন দ্রব্য ক্রয় কৰিব তাকে লৈ বিভ্রান্ত হয় । 

( ঘ ) নিম্নমানৰ উৎপন্ন দ্রব্য বিক্রীত উৎসাহিত কৰেঃ বিজ্ঞাপনে উচ্চস্তৰ আৰু নিম্নস্তৰ উৎপন্ন দ্রব্যৰ মাজত পার্থক্য নেদেখুৱায় আৰু মানুহক আনকি নিম্নস্তৰৰ উৎপন্ন দ্রব্যবোৰাে ক্ৰয় কৰাবলৈ প্ৰৰােচিত কৰায় । 

( ঙ ) কিছুমান বিজ্ঞাপন নিকৃষ্ট ৰুচিৰঃ বিজ্ঞাপনৰ বিৰুদ্ধে আন এক সমালােচনা হৈছে কিছুমান বিজ্ঞাপন নিকৃষ্ট ৰুচিৰ হয় । এইবােৰে এনেকুৱা নিদৰ্শন কৰে যে বহুতাে লােকৰ দ্বাৰা স্বীকৃত নহয় । কেতবােৰ বিজ্ঞাপনে নিয়ােগকর্তা আৰু নিয়ােজিতৰ মাজত বিকৃত সম্পর্ক প্রদর্শন কৰায় আৰু এইবােৰ অপৰাধজনক হয় । 

৫৯। “ আজিৰ বজাৰকৰণ ‘দ্রব্য সম্বন্ধীয় ’ নহৈ গ্রাহক সম্বন্ধীয়’হে ” — এই বাক্যশাৰী বজাৰকৰণৰ চৰিত্ৰৰ লগত সংগতি ৰাখি বৰ্ণনা কৰা । 

উত্তৰঃ উক্ত বাক্য শাৰী বজাৰকৰণৰ বৈশিষ্ট্যৰ দ্বাৰাই পৰিস্কাৰকৈ বুজিব পৰা যায় । তলত বৈশিষ্ট্যসমূহ উল্লেখ কৰা হ’ল । 

( a ) প্রয়ােজনীয়তা আৰু অভাৱঃ বজাৰকৰণ প্রক্রিয়াই ব্যক্তি বা ব্যক্তি সমষ্টিক তেওঁলােকৰ যি বস্তুৰ বাবে প্রয়ােজন হয় আৰু যি যি লাভ কৰিবলৈ বিচাৰে তাক লাভ কৰাত সহায় কৰে । 

( b ) বজাৰকৰণ সৃষ্টি কৰা :- বজাৰকৰণে কোনাে এক পন্য বা সেৱা ইয়াৰ আকাৰ , গুণ , জুতি আদি প্রয়ােজনীয় বৈশিষ্ট্য বা উপাদানেৰে পূৰ্ণ, নির্দিষ্ট দৰত নিৰ্ধাৰিত স্থানত লাভ কৰিব পৰা আৰু সেই নিচিনা আন আৱশ্যকীয় বিবেচনাৰে পন্য বা সেৱাৰ উপস্থাপন কৰে । 

( c ) গ্রাহক প্রমূল্যঃ গ্রাহক প্রমূল্যই গ্রাহকে পৰিশােধ কৰা দৰৰ বিবেচনাৰে লাভ কৰা উৎপন্ন দ্রব্য বা সেৱাৰ গুনগত মূল্যক বুজায় । বজাৰকৰণ প্রক্রিয়াই ক্রেতা বিক্রেতা মাজত উৎপন্ন দ্রব্য আৰু সেৱাৰ বিনিময়ৰ সুবিধা প্রদান কৰে । ক্রেতাসকলে ব্যয়ৰ সম্পর্কে তেওঁলােকৰ প্ৰয়ােজনীয়তা পূৰণ হােৱাত উৎপন্ন দ্রব্য বা সেৱাৰ উপকাৰৰ ধাৰণাৰে ক্রয় সিদ্ধান্ত গ্রহণ কৰে । 

( d ) বিনিময় ব্যবস্থা :- বজাৰকৰণ প্রক্রিয়াই বিনিময় ব্যৱস্থা বা পদ্ধতিৰ জৰিয়তে কার্য সম্পাদন কৰে । ক্রেতা বিক্রেতাই বিনিময় প্রক্রিয়াৰে তেওঁলােকৰ প্ৰয়ােজনীয়তা পূৰণ কৰে আৰু পাবলৈ বিচৰাটোক লাভ কৰে । 

৬০। বজাৰকৰণৰ ছটা মূখ্য কাৰ্যবৰ্ণনা কৰা । 

উত্তৰঃ বজাৰকৰণৰ কাৰ্যসমূহ হ’ল — 

( ক ) বজাৰ তথ্য সংগ্রহ আৰু বিশ্লেষণকৰণ :- ই হৈছে এটা গুৰুত্বপূর্ণ কার্য । গ্রাহকসকলৰ প্রয়ােজনীয়তা চিনাক্ত কৰিবলৈ আৰু উৎপন্ন দ্রব্য আৰু সেৱাৰ সফল বজাৰকৰণৰ বাবে বিভিন্ন সিদ্ধান্তগ্ৰহণ কৰিবলৈ বজাৰ তথ্য সংগ্রহ আৰু বিশ্লেষণকৰণৰ আৱশ্যক হয় । প্রতিষ্ঠানৰ সুবিধা – অসুবিধা আৰু ক্ষমতা অথবা দুর্বলতাসমূহৰ বিশ্লেষণ কৰি সিদ্ধান্ত গ্রহণ কৰাত ই সহায় কৰে । 

( খ ) বজাৰ পৰিকল্পনাকৰণঃ সংগঠনৰ বজাৰকৰণ উদ্দেশ্যত উপনীত হােৱাৰ কাৰণে উপযুক্ত বজাৰকৰণ পৰিকল্পনা উন্নীত কৰা হয় । 

( গ ) উৎপন্ন দ্রব্যৰ ৰূপ আৰু উন্নয়ন :- উৎপাদিত দ্রব্যৰ আৰ্হি প্ৰস্তুতকৰণ আৰু তাৰ উন্নয়ন সাধন কৰাতে হৈছে বজাৰকৰণৰ এক গুৰুত্বপূৰ্ণ কাম । দ্রব্যৰ ৰূপাংকনে নিৰ্ধাৰিত লক্ষ্যৰ গ্ৰাহকলৈ আকর্ষণ বঢ়োৱাত বৰঙণি যােগায় । 

( ঘ ) মানদণ্ডীকৰণ আৰু শ্রেণীবন্ধন :- মানদণ্ডীকৰণে পূর্ব নির্ধাৰিত নির্দিষ্টতাৰে পণ্য সামগ্রী উৎপাদন কৰাক বুজায় আৰু ইয়ে উৎপন্নৰ সদৃশ ৰূপত্ব আৰু সামঞ্জস্যতাৰ লক্ষ্যত উপনীত হােৱাত সহায় কৰে । আনহাতে শ্রেণীবন্ধন হৈছে উৎপাদিত দ্রব্যৰ গুণ , আকাৰ আদিৰ ভিত্তিত বিভিন্ন ভাগত বিভক্ত কৰাৰ প্রক্রিয়া । 

( ঙ ) টোপােলাকৰণ আৰু বস্তুৰ গাত লগােৱা নিদর্শনঃ টোপােলাকৰণে উৎপন্ন দ্রব্যৰ টোপােলা বা পেকেজৰ বাবে ৰূপাংকন কৰাক বুজায় । লেবেল কৰণে টোপােলাৰ ওপৰত লগাব লগা কাগজৰ টুকুৰাৰ ৰূপাংকন কৰাক বুজায় আৰু এই লেবেলত নাম আদি লিখা থাকে । 

( চ ) পৰিচয়জ্ঞাপক চিহ্নকৰণ :- পৰিচয় জ্ঞাপক নামে উৎপন্ন দ্রব্যৰ ভিন্নতা বা বৈষম্য সৃষ্টি , অর্থাৎ প্রতিষ্ঠান এটাৰ উৎপন্ন দ্রব্য প্রতিযােগী প্রতিষ্ঠানৰ উৎপন্ন দ্রব্যৰ পৰা পৃথকে প্রতিষ্ঠা কৰাত ভেটিৰ ব্যৱস্থা গ্রহণত সহায় কৰে । ইয়ে প্রতিদানৰ প্রতিষ্ঠানটোক গ্রাহকৰ আনুগত্য স্থাপন কৰাত আৰু ইয়াৰ বিক্ৰী উত্তীর্ণ কৰাত সহায় কৰে ।

৬১। ‘বিতৰণৰ মাধ্যম’ বুলিলে কি বুজা ? ইয়াৰ বিভিন্ন প্রকাৰবােৰ ব্যাখ্যা কৰা । 

উত্তৰঃ দ্ৰব্যৰ কায়িক বিতৰণ হৈছে বিপনন কৰণৰ মিশ্ৰণৰ চতুর্থ গুৰুত্বপূর্ণ উপাদান । ই , পণ্য বিতৰণ উপযুক্ত স্থানত উৎপন্ন দ্রব্য আৰু সেৱাৰ প্রাপ্তি ঘটোৱাৰ লগত জড়িত হয় যাতে মানুহে সেইবােৰ ক্ৰয় কৰিব পাৰে । 

বিতৰণ প্ৰণালীৰ প্ৰধান প্ৰকাৰবােৰ হ’ল—

( ক ) প্রত্যক্ষ প্রণালী ( শূন্যস্তৰ ) :- ই হৈছে অতি সৰল আৰু চমু বিতৰণ প্ৰণালী য’ত প্রস্তুত কাৰকে কোনাে মধ্যস্থ কাৰীক জড়িত নকৰি উপভােক্তালৈ প্রত্যক্ষভাবে পণ্য সামগ্ৰীৰ ব্যৱস্থা কৰে । ইয়াক শূন্য স্তৰৰ প্ৰণালী বুলিও কোৱা হয় । কিয়নাে প্রস্তুতকাৰী আৰু উপভোক্তাৰ মাজত পােনপটীয়া আৰু প্রত্যক্ষ সম্পর্ক স্থাপন হােৱাতাে ইয়াৰ বিশেষ লক্ষণ , অর্থাৎ কোনাে মধ্যস্থকাৰী নাথাকে । 

( খ ) পৰােক্ষ প্রণালী :- উৎপানকাৰীয়ে যেতিয়া উৎপন্ন দ্রব্য উৎপাদন কেন্দ্ৰৰ পৰা উপভােক্তাৰ কেন্দ্ৰলৈ এক বা একাধিক মধ্যস্থকাৰী নিয়ােগ কৰায় , তেন্তে তেনে বিতৰণ প্রণালীক পৰােক্ষ প্রণালী বুলি কোৱা হয় । এই প্রণালী তলত ব্যাখ্যা কৰা ৰূপত প্রকাশিত – 

( ১ ) প্রস্তুতকাৰী – খুচুৰা উপভােক্তা ( এক স্তৰীয় প্রণালী ) :- এই বিতৰণ ব্যৱস্থাত একক মধ্যস্থকাৰী , অর্থাৎ খুচুৰা বিক্রেতাসকলক প্রস্তুতকাৰী আৰু উপভােক্তাৰ মাজত ব্যৱহাৰ কৰা হয় । পণ্য সামগ্রী প্রস্তুতকাৰীৰ পৰা খুচুৰা বিক্রেতাসকললৈ পাৰ কৰি দিয়া হয় , যিসকলে সেইবােৰ চুড়ান্ত বা সর্বশেষ ব্যৱহাৰকাৰীলৈ বিক্ৰী কৰে । 

( ২ ) প্রস্তুতকাৰী – পাইকাৰী —খুচুৰা বিক্রেতা উপভােক্তা ( দ্বিস্তৰযুক্ত প্রণালী ) :- প্ৰায়বােৰ উপভােক্তা দ্রব্য যেনে চাবােন , তেল , কাপােৰ , চাউল , চেনী , মাহজাতীয় খাদ্য শস্য আদিৰ বিতৰণ জালিকাত অৱলম্বন কৰা বিতৰণ প্ৰণালী হৈছে এই দ্বি স্তৰযুক্ত প্রণালী ৷ ইয়াত পাইকাৰী বিক্রেতা আৰু খুচুৰা বিক্রেতাই প্রস্তুতকাৰী আৰু উপভােক্তাসকলৰ মাজত মধ্যস্থতা কৰে । 

( ৩ ) প্রস্তুতকাৰী – প্রতিনিধি –পাইকাৰী খুচুৰা উপভােক্তা ( ত্রিস্তযুক্ত প্রণালী ) :- এই প্রণালীৰ প্রস্তুতকাৰীসকলে তেওঁলােকৰ নিজৰ বিক্ৰীকৰণ প্রতিনিধি বা দালালৰ ব্যৱহাৰ কৰে , যিসকলে পাইকাৰী বিক্রেতাসকলৰ লগত আৰু পিচত খুচুৰা বিক্রেতাসকলৰ লগত যােগাযােগ স্থাপন কৰে । 

৬২। ‘প্ৰৱৰ্তন মিশ্রণ’ কি ? ইয়াৰ বিভিন্ন উপাদানবােৰ বৰ্ণনা কৰা । 

উত্তৰঃ উত্তীর্ণকৰণ মিশ্রণে যােগাযােগৰ উদ্দেশ্যত সফল হ’বলৈ এটা সংগঠনৰ দ্বাৰা ব্যৱহৃত প্ৰৱর্তনিক আহিলাসমূহৰ সংযােজন কৰাক বুজায় । বিপনন কাৰীয়ে তেওঁলােকৰ প্ৰতিষ্ঠানৰ দ্রব্যবােৰৰ বিষয়ে ক্রেতাক অৱগত কৰিবলৈ আৰু ক্ৰয়ৰ সন্মত কৰাবলৈ যােগাযােগৰ বিভিন্ন আহিলা ব্যৱহাৰ কৰে ।

এই আহিলাসমূহ হ’ল– 

( ক ) বিজ্ঞাপন ।

( খ ) ব্যক্তিগত বিক্রয় ।

( গ ) বিক্রী উত্তীর্ণকৰণ আৰু প্ৰচাৰ । 

এই আহিলাবােৰক উত্তীর্ণকৰণ মিশ্রণৰ উপাদান বুলিও কোৱা হয় ।

( a ) বিজ্ঞাপন :- বিজ্ঞাপনৰ অৰ্থ হৈছে কোনাে নির্দিষ্ট দিশৰ প্রতি মনােযােগ আকর্ষিত কৰাই হৈছে এনে এক ক’লা , যাৰ দ্বাৰা কোনাে ব্যক্তি উৎপাদনকাৰী বিক্রেতা আৰু ব্যক্তিৰ মত ধাৰণা নাইবা তেওঁৰ পন্য সামগ্ৰী আৰু সেৱা সম্পর্কে জনসাধাৰণক অৱগত কৰােৱা হয় । 

( b ) ব্যক্তিগত বিক্রয়কৰণঃ পন্য দ্রব্য বিক্ৰী কৰাৰ উদ্দেশ্য এক বা একাধিক সম্ভাব্য গ্রাহকৰ সৈতে আলাপ বা কথােপকথনৰ ৰূপ বার্তাৰ মৌখিক ভাবে উপস্থাপন কৰাই হৈছে ব্যক্তিগত বিক্রয়কৰণ । ই এক ব্যক্তিগত ৰূপৰ যােগাযােগ । 

( c ) বিক্রী উত্তীর্ণকৰণঃ ইয়ে হ্রস্বকালীন এক উদগনি বা প্ৰেৰণাক বুজায় , যাক কোনাে উৎপন্ন দ্রব্য বা সেৱাৰ তাৎক্ষণিক ক্ৰয় কৰাবলৈ ক্রেতাসকলক অনুপ্রাণিত কৰাৰ উদ্দেশ্য গ্ৰহণ কৰা হয় । ইয়ে কোম্পানিৰ বিক্ৰী উন্নত কৰিবলৈ ব্যৱহাৰ কৰা সকলাে প্রকাৰৰ বৃদ্ধিকাৰক প্রচেষ্টাক অন্তর্ভূক্ত কৰে । 

( d ) প্রচাৰঃ ই বিজ্ঞাপন কৰণ সদৃশ । বিশেষকৈ ইয়াৰ অব্যক্তিক ৰূপত যােগাযােগৰ বৈশিষ্ট্যৰে প্ৰচাৰ হৈছে এক বিজ্ঞাপন কৰণ । ই যােগাযােগৰ এক অন্যপৰিশােধ বা মূল্য পৰিশােধ বিহীন ৰূপ । 

৬৩। বিক্ৰী প্ৰৱৰ্তন আৰু বিজ্ঞাপনৰ মাজত ছটা পার্থক্য দেখুওৱা । 

উত্তৰঃ বিজ্ঞাপন আৰু বিক্ৰী উত্তীর্ণকৰণৰ মাজত থকা পার্থক্য সমূহ হ’ল—

৬৪। শিল্প দ্রব্য কি ? ইয়াৰ পাঁচটা উল্লেখনীয় বৈশিষ্ট্য বর্ণনা কৰা । 

উত্তৰঃ যিবােৰ দ্ৰব্য অন্য উৎপন্ন দ্রব্যৰ উৎপাদনত নিয়ােজিত শক্তি হিচাপে ব্যৱহাৰ হয় তাকে ঔদ্যোগিক উৎপন্ন দ্রব্য বুলি কোৱা হয় । যেনে কেচা সামগ্রী , যন্ত্রপাতি , আহিলা ইত্যাদি । 

বৈশিষ্ট্যঃ ক্রেতাৰ সংখ্যা :- উপভােক্তাৰ বাবে ঔদ্যোগিক উৎপন্ন দ্রব্য হিচাপে কুহিয়াৰ ক্রয় কৰে আৰু উপভােক্তাৰ বাবে চেনী উৎপাদিত হয় কৌটি কৌটি লােকৰ ক্ৰয়ৰ বাবে । 

প্রণালীৰ স্তৰঃ ক্রেতাৰ সংখ্যা সীমিত হােৱা কাৰণে ঔদ্যোগিক উৎপন্ন দ্রব্য সাধাৰণতে চুটি বিতৰণ প্ৰণালী , অর্থাৎ প্রত্যক্ষ ভাৱে বিক্ৰী কৰা হয় নহলে একক প্ৰণালীৰ বিক্ৰী কৰা হয় । 

উদ্ভুত চাহিদা :- ঔদ্যোগিক উৎপন্ন দ্রব্যৰ বাবে চাহিদাৰ উদ্ভৱ হয় , উপভােক্তাৰ দ্ৰব্যৰ পৰা উদাহৰণস্বৰূপে চামৰাৰ চাহিদা জোতাৰ লগতে আন চামৰাৰ উৎপন্ন দ্রব্যৰ চাহিদাৰ পৰা উদ্ভৱ হয় । 

কাৰিকৰী বিবেচনাৰ ভূমিকাঃ কাৰিকৰী বিবেচনাই ঔদ্যোগিক উৎপন্ন দ্রব্যৰ ক্ৰয়ত অধিকতৰ তাৎপর্যপূর্ণ বহন কৰে । কাৰণ এই উৎপন্ন দ্রব্যবােৰ জটিল প্রকৃতিৰ আৰু এইবােৰ ব্যৱসায়িক কামত ব্যৱহাৰৰ বাবে ক্রয় কৰা হয় । 

ভৌগােলিক কেন্দ্রীভূত কৰণ :- নির্দিষ্ট স্থান বা অঞ্চলত উদ্যোগৰ অৱস্থিতিৰ কাৰণে ভৌগােলিকভাবে ঔদ্যোগিক বজাৰ অতিকৈ কেন্দ্রীভূত প্ৰকৃতিৰ হয় ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top