Class 12 Business Chapter 6 কর্মচাৰী নিযুক্তকৰণ

Class 12 Business Chapter 6 কর্মচাৰী নিযুক্তকৰণ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 12 Business Chapter 6 কর্মচাৰী নিযুক্তকৰণ and select needs one.

Class 12 Business Chapter 6 কর্মচাৰী নিযুক্তকৰণ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given Assam Board Class 12 Business Chapter 6 কর্মচাৰী নিযুক্তকৰণ Solutions for All Subject, You can practice these here.

কর্মচাৰী নিযুক্তকৰণ

Chapter : 6

প্ৰথম খণ্ড

অতি চমু উত্তৰ দিয়াঃ ( মূল্যাংকঃ ১ )

১ । প্রশিক্ষণৰ সংজ্ঞা দিয়া । 

উত্তৰঃ প্রশিক্ষণ হৈছে ফলপ্রসু কার্য সম্পাদনৰ অৰ্থে নিপুনতা বৃদ্ধিৰ কার্যক্রম ই নির্দিষ্ট এক উদ্দেশ্য বা কার্য সম্পাদনৰ বাবে বিশেষ দক্ষতা উন্নয়ন সাধনৰ লগত জড়িত পদ্ধতি । Edwin B.Flippo ৰ মতে প্রশিক্ষণ হৈছে নির্দিষ্ট কোনাে কার্য সম্পাদন কৰাৰ বাবে কৰ্মচাৰীৰ জ্ঞান আৰু নিপুনতা বৃদ্ধি কৰা কাৰ্য । 

২। কর্মচাৰী সংগ্রহ বুলিলে কি বুজা ? 

উত্তৰঃ মানৱ সম্পদ সংগ্রহ বা কর্মচাৰীৰ যােগান লাভ সংগঠনৰ ব্যক্তি পৰিচালনাৰ এক গুৰুত্বপূর্ণ কার্য । ই সংগঠনৰ খালি হৈ থকা বিভিন্ন অৱস্থান বা পদৰ বাবে সম্ভাব্য প্রার্থী উৎস চিনাক্ত কৰাৰ লগত জৰিত , য’ৰ পৰা ভৱিষ্যতৰ বাবে আৱশ্যকীয় কৰ্মচাৰী বিচাৰি উলিওৱা হয় । 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

Edwin B.Flippo ‘মানৱ সম্পদ সংগ্রহ হৈছে সম্ভাৱনাপূর্ণ কর্মচাৰীৰ অনুসন্ধানৰ আৰু সংগঠনৰ কাম লাভৰ বাবে আবেদন কৰাত উৎসাহিত কৰা পদ্ধতি । 

৩। কর্মচাৰী সংগ্ৰহৰ আভ্যন্তৰীণ উৎসবােৰ কিয় মিতব্যয়ী বুলি গণ্য কৰা হয় ? 

উত্তৰঃ কৰ্মচাৰী সংগ্ৰহৰ আভ্যন্তৰীণ উৎসবােৰ মিতব্যয়ী হয় কাৰণ এই পদ্ধতিত সংগঠনটোত নিয়ােগ হৈ থকা কর্মচাৰীসকলে নিজববীয়াকৈ তেওঁলােকৰ ভাল সম্পর্ক থকা ব্যক্তিক নতুন কর্মচাৰী হিচাপে নিয়ােগ কৰে আৰু ইয়াত কোনাে বিশেষ পদ্ধতি অবলম্বন নহয়। 

8। স্থায়ী কর্মচাৰী নিয়োগ কি ? 

উত্তৰঃ ব্যৱসায় সংগঠনত প্রত্যেক অৱস্থানত উপযুক্ত সময়ত যােগ্য কর্মী পাব পৰাকৈ ব্যক্তি লাভ কৰা , তেওঁলােকক নিযুক্ত কৰা , উন্নত কৰা , মূল্যাংকণ কৰা , পাৰিশ্ৰমিক প্রদান কৰা আৰু প্ৰতিপাল কৰাৰ সামগ্রিক পদ্ধতিকে স্থায়ী কর্মচাৰী নিয়ােগ হিচাপে গণ্য কৰা হয় ।

৫। নিয়ােগ প্রক্রিয়াত কর্মচাৰী সংগ্রহক কিয় এক ধনাত্মক পদক্ষেপ বুলি ধৰা হয় ? 

উত্তৰঃ কৰ্মচাৰী নিয়ােগ প্রক্রিয়াত উপযুক্ত বাচনিৰ সকলাে ব্যক্তিকে আবেদন কৰিবলৈ আহ্বান জনােৱা হয় বাবেই ই এক ধনাত্মক প্রক্রিয়া ।

৬। এটা কোম্পানীয়ে ব্যৱহাৰ কৰা কৰ্মচাৰী সংগ্ৰহৰ উৎসবােৰৰ নাম লিখা । 

উত্তৰঃ কৰ্মচাৰী সংগ্ৰহৰ মূখ্য উৎস দুটা হ’ল— 

( ক ) আভ্যন্তবিন উৎস । আৰু  

( খ ) বাহ্যিক উৎস ।

৭। ‘কর্মচাৰী এজনৰ ভাল ফলাফলৰ বাবে প্রশিক্ষণ গােটেই কর্মকালতেই দৰকাৰী ’– মন্তব্য দিয়া । 

উত্তৰঃ হয় । সলনি হৈ থকা কাৰিকৰী আৰু অন্যান্য পৰিবেশৰ লগত খাপ খাই আগবাঢ়ি যাবলৈ প্ৰশিক্ষণৰ দৰকাৰ । 

৮। ‘প্রশিক্ষণে এজন ব্যক্তিৰ ভৱিষ্যত উন্নত আৰু সুস্থিৰ কৰে । ( শুদ্ধ / অশুদ্ধ ) 

উত্তৰঃ শুদ্ধ । 

৯। “প্রশিক্ষণে ভৱিষ্যতৰ বাবে পৰিচালক প্রস্তুত কৰে” । তুমি সম্মত হােৱানে ? মন্তব্য কৰা । 

উত্তৰঃ হয় । মই এই বাক্যশাৰীৰ সৈতে সন্মত কাৰণ প্ৰশিক্ষণৰ দ্বাৰা এজন উন্নত পৰিচালক প্রস্তুত কৰিব পাৰি । 

১০। কৰ্মচাৰী নিয়ােগ এটা সংগঠনৰ দৰকাৰ হােৱা মানৱ শক্তিৰ এক বিবেচনা ’ – মন্তব্য কৰা । 

উত্তৰঃ কৰ্মচাৰী নিয়ােগ প্রক্রিয়াই সংগঠনটোত বিভিন্ন বিভাগত কিমান পৰিমাণৰ কৰ্মচাৰীৰ দৰকাৰ হ’ব তাক স্থিৰ কৰে আৰু সেই মতেই উপযুক্ত ব্যক্তিক নিয়োগ কৰে । 

১১। স্থায়ী কর্মচাৰী নিয়োগ প্রথম পর্যায় কি ? 

উত্তৰঃ মানব সম্পদ পৰিকল্পনাকৰণ । 

১২। বহু বিভাগৰ জ্ঞান কোনটো প্রশিক্ষণত দৰকাৰী ? 

উত্তৰঃ কর্ম প্রশিক্ষণ । 

১৩। নতুনকৈ স্থাপিত ব্যৱসায় এটাত কেনে কর্মচাৰী সংগ্রহ দৰকাৰী — বাহ্যিক নে আভ্যন্তৰীণ ? 

উত্তৰঃ বাহ্যিক ।

১৪। বাছনিক কিয় ঋণাত্মক প্রক্রিয়া বুলি গণ্য কৰা হয় ? 

উত্তৰঃ বহুতৰ মাজৰ পৰা মাথাে কেইজনমানকহে বাছনি কৰা বাবে বাছনিক ঋণাত্মক প্রক্রিয়া বুলি ধৰা হয় । 

১৫। প্রশিক্ষণৰ উদ্দেশ্য কি ? 

উত্তৰঃ কৰ্মচাৰীৰ দক্ষতা বঢ়োৱা । 

( খ ) চমু উত্তৰ দিয়া ( মূল্যাংক : ১/৩ ) 

১৬। সংগঠন এটাত নিয়ােগৰ পদ্ধতি হ’ল প্রশিক্ষণ আৰু ফলাফল’ । বহলাই লিখা । 

উত্তৰঃ আভ্যন্তৰীণ নিয়ােগ প্রক্রিয়াত প্রশিক্ষণ আৰু পাৰদৰ্শিতাৰ মূল্যায়ন হ’ল দুটা গুৰুত্বপূর্ণ আহিলা । সংগঠন এটাৰ আভ্যন্তৰীণ নিয়ােগৰ ক্ষেত্ৰত শীর্ষ বিষয়া সকলে তলতীয়া কর্মচাৰীসকলৰ পাৰদৰ্শিতাৰ মূল্যায়ন কৰি আৰু তেওঁলােকক বিশেষভাবে প্রশিক্ষণ দি আভ্যন্তৰীণ নিয়ােগ প্রক্রিয়া সফল কৰি তােলে । 

১৭। প্রশিক্ষণ আৰু শিক্ষাৰ মাজত পার্থক্য দেখুওৱা ।

১৮। কৰ্মচাৰী সংগ্ৰহৰ উৎসবােৰ কি কি ? 

উত্তৰঃ কৰ্মচাৰী সংগ্ৰহৰ আভ্যন্তৰীণ উৎসবােৰ হৈছেঃ 

( ক ) বদলিকৰণঃ সংগঠনৰ খালি পদ পূৰণ কৰাত বদলিকৰণক এক উৎস হিচাপে গণ্য কৰা হয় । ই হৈছে সদৃশ কামৰ বাবে কৰ্মৰত কোনাে কর্মচাৰীক একে দায়িত্ব , কাম , পাৰিশ্রমিকতে এঠাইৰ পৰা আন ঠাইলৈ, এটা গােটৰ পৰা আন এটা গােটলৈ স্থানান্তৰ কৰি পদাবিষ্টিত কৰা পদ্ধতি ।

( খ ) পদোন্নতি আৰু পদাবনতি :- পদোন্নতি মানে কৰ্মৰত কৰ্মচাৰীৰ বর্তমানতকৈ উচ্চ স্থৰৰ কামত অধিক দায়িত্ব আৰু পদমর্যদাৰে তথা অধিক পাৰিশ্ৰমিক আৰু সা – সুবিধাৰে পদাধিষ্ঠিতকৰণৰ ব্যৱস্থা । আনহাতে পদাৱনতি হৈছে কৰ্মৰত কৰ্মচাৰীৰ বৰ্তমানতকৈ নিম্নখাপত তুলনামূলকভাবে কম দায়িত্ব আৰু পদমর্যদাৰে নিম্ন পাৰিশ্ৰমিক আৰু সা- সুবিধাৰে পদাধিষ্ঠিত কৰা হয় । 

( গ ) পূৰণা কৰ্মচাৰীৰ নিয়ােগ :- কোনাে কোনাে ক্ষেত্ৰত পূৰণা অর্থাৎ অৱসৰী কৰ্মচাৰী নিয়ােগৰ জৰিয়তে সংগঠনৰ কৰ্মচাৰী বা মানৱ সম্পদ সংগ্রহ কৰা হয় । 

১৯। কৃতিত্ব মূল্যায়ন কি ? 

উত্তৰঃ পাৰদৰ্শিতাৰ মূল্যায়ন মানে হ’ল কেতবােৰ পূর্ব নির্ধাৰিত মানৰ লগত কৰ্মচাৰীৰ বর্তমান বা অতীতৰ কাৰ্য্য সম্পাদন মূল্যায়ন কৰা । কৰ্মচাৰীজনে তেওঁৰ কামৰ মান আগতীয়াকৈ জনা উচিত আৰু তেওঁৰ জ্যেষ্ঠজনে তেওঁৰ কাম সম্পাদনৰ খতিয়ান তেওঁক প্রদান কৰিব লাগে ।কর্ম সম্পাদনৰ মূল্যায়নৰ প্ৰক্ৰিয়াত সেয়েহে কৰ্মৰ সংজ্ঞা প্রদান , কাৰ্য্যৰ মূল্যয়ন আৰু খতিয়ান প্রদান অন্তর্ভুক্ত । কৰ্মচাৰীসকলে প্রশিক্ষণ লােৱাৰ পাচত যেতিয়া আকৌ কর্মত যোগদান কৰে , তাৰ কিছুদিন যােৱাৰ পিচত তেওঁলােকৰ পাৰদৰ্শিতাৰ মূল্যায়ন কৰাৰ প্রয়ােজন । 

২০। প্রশিক্ষণৰ পদ্ধতিবােৰ কি কি ? 

উত্তৰঃ প্ৰশিক্ষণৰ বিভিন্ন পদ্ধতিসমূহক প্রদানত দুটা ভাগত ভাগ কৰিব পাৰি যেনে – 

( ক ) কর্মক্ষেত্রত প্রশিক্ষণ । আৰু 

( খ ) কর্মক্ষেত্ৰৰ বাহিৰত প্রশিক্ষণ ।

২১। সংগঠন এটাৰ কৰ্মচাৰী নিয়ােগ প্রক্রিয়াত কেৰিয়াৰ পৰিকল্পনাকৰণ কি ? 

উত্তৰঃ কেৰিয়াৰ পৰিকল্পনা সকলাে ধৰণৰ সংগঠনৰ কাৰণে দৰকাৰী কাৰণ সংগঠন এটাত নিয়ােগ হৈ থকা কর্মচাৰীসকলৰ কেৰিয়াৰ সম্বন্ধ বিষয়বােৰ আৰু পদোন্নতি বিষয়ক কাম– কাজ বিলাকৰ কাৰণে । শীর্ষ বিষয়াসকলে তেওঁলােকৰ তলতীয়া কৰ্মচাৰী সকলৰ বিভিন্ন কার্য পন্থা সম্পর্কেও বিভিন্ন আঁচনি ৰূপায়ন কৰিবলগীয়া হয় । এজন কর্মচাৰীৰ কাৰণে তেওঁৰ পদোন্নতি এটা তেওঁৰ কেৰিয়াৰ পৰিকল্পনাৰ এক গুৰুত্বপূর্ণ বিষয় আৰু ইয়াক শীর্ষ বিষয়াসকলেহে নিৰ্ধাৰণ কৰে । গতিকে আমি ক’ব পাৰাে যে নিয়ােগ প্রক্রিয়াত কেৰিয়াৰ পৰিকল্পনাও এটা অংশ ।

২২। এটা কাৰখানাৰ নতুন যন্ত্রপাতিবােৰ ব্যৱহাৰৰ সময়ত কর্মচাৰীসকলে প্ৰায়েই তদাৰক কৰােতাৰ সহায় ল’ব লগা হয় । এই কাৰ্য্যই তেওঁক অত্যাধিক বােজা দিয়ে । ইয়াৰ প্ৰতিকাৰ দিয়া । 

উত্তৰঃ নিৰীক্ষকজনৰ কামৰ বােজা কমাবৰ বাবে তলত উল্লেখ কৰা উপায়বােৰ অৱলম্বন কৰিব পাৰি – 

( ক ) সঠিক প্রশিক্ষণ :- যিহেতু যন্ত্রপাতিবােৰ নতুন আৰু অত্যাধুনিক , এইবােৰৰ সঠিক ব্যৱহাৰৰ বাবে কৰ্মচাৰীসকলক উন্নত প্রশিক্ষণ দিব লাগে । 

( খ ) কাৰিকৰী সহায়ঃ সংগঠনটোৱে সংশ্লিষ্ট জ্ঞান থকা কাৰিকৰী সহায়ক এজনৰ পৰাও সহায় ল’ব পাৰে যাতে কৰ্মচাৰীসকলৰ কোনাে অসুবিধা নহয় । 

২৩। এটা কাৰখানাৰ কৰ্মচাৰীসকলে অযথা বহি সময় পাৰ কৰিব লগা হয় কিয়নাে ইয়াৰ অত্যাধুনিক যন্ত্রপাতিৰ ব্যৱহাৰ তেওঁলােকে ভালদৰে নাজানে । কাৰিকৰী বিশেষজ্ঞৰ সঘন প্রয়ােজনে খৰচ বঢ়ায় । এই সমস্যাটো কেনেদৰে সমাধা কৰা যাব ? 

উত্তৰঃ অত্যাধুনিক যন্ত্রপাতিৰ ব্যৱহাৰৰ বাবে উন্নত কাৰিকৰী কৌশল আৰু জ্ঞানৰ দৰকাৰ । গতিকে উন্নত আৰু আধুনিক যন্ত্রপাতি ব্যৱহাৰ কৰিবলৈ হ’লে সংগঠনটোৱে তেওঁলােকৰ কর্মচাৰীসকলক বিহিত প্রশিক্ষণ দিব লাগিব । ভাল জ্ঞান থকা মানুহ সেই কর্মত নিয়ােগ কৰিব লাগিব । আৰু দৰকাৰ হ’লে পুৰণি কর্মকৰ্ত্তাসকলক Voluntary Retirement Scheme আদিৰ দ্বাৰা অব্যাহতি দিব লাগিব । 

২৪। এটা প্রতিষ্ঠানে গামােচা আৰু মেখেলা – চাদৰ বনায় । প্রতিষ্ঠানটোৱে ১০০০ খন গামােচা আৰু ১০০০ যােৰ মেখেলা চাদৰ বনালে । ৰঙালী বিহুৰ বাবে জৰুৰীভাৱে ৫০০০ খন গামােচা আৰু ৫০০০ যােৰ মেখেলা – চাদৰৰ অৰ্ডাৰ আহিল । কোম্পানীটোৱে এই অর্ডাৰখিনি কেনেকৈ পূর্ণ কৰিব উপদেশ দিয়া আৰু কৰ্মচাৰী সংগ্ৰহৰ কোনটো পদ্ধতি সহায়ক হ’ব কোৱা ? তুমি কি ভাবা ? 

উত্তৰঃ এনেকুৱা এটা সময়ত সংগঠনটোৱে নিজৰ কৰ্মচাৰীসকলক অনুপ্রাণিত কৰিব পাৰিব লাগিব । অত্যাধিক মজুৰি আৰু কিছুমান অতিৰিক্ত সা – সুবিধা কিছুদিনৰ বাবে প্ৰদান কৰিলে সমস্যা সমাধান হব । 

নাইবা , ঠিকাভিত্তিত কিছু কর্মচাৰী সংগ্রহ কৰিও উক্ত সমস্যাৰ সমাধান উলিয়াব পাৰি । 

২৫। কৰ্মচাৰী নিয়ােগক কিয় পৰিচালনাৰ এটা মূখ্য অংগ বুলি ধৰা হয় ? তিনিটা কাৰণ দিয়া । 

উত্তৰঃ ব্যৱসায় সংগঠন এটাত প্রত্যেক অবস্থানত উপযুক্ত সময়ত যােগ্য কর্মী পাব পৰাকৈ ব্যক্তি লাভ কৰা , তেওঁলােকক নিযুক্ত কৰা , উন্নত কৰা , মূল্যাংকন কৰা , পাৰিশ্ৰমিক প্রদান কৰা আৰু প্ৰতিপালন কৰা পদ্ধতিকে কৰ্মচাৰী নিয়ােগ হিচাপে গণ্য কৰা হয় । ইয়াৰ মুখ্য কাৰণ হ’ল– 

(ক ) ইয়াৰ দ্বাৰা আগতীয়াকৈ মানৱ সম্পদৰ বন্দোবস্তকৰণ কৰিব পাৰি । 

( খ ) সংগঠনিক অবস্থা পূৰণ আৰু টনকিয়াল কৰিবৰ বাবেও ইয়াৰ প্ৰয়ােজন । 

( গ ) ইয়াৰ দ্বাৰা সকলাে পর্যায়ৰ কৰ্মচাৰীক সন্তুষ্টি প্রদান কৰিব পাৰি । 

২৬। আভ্যন্তৰীণ কৰ্মচাৰী সংগ্ৰহৰ তিনিটা সুবিধা লিখা । 

উত্তৰঃ ইয়াৰ তিনিটা সুবিধা হল— 

( ক ) কম সময়ত কম খৰছত মানুহ বিচাৰি উলিয়াব পাৰি । 

( খ ) এই প্রক্রিয়াত সংগঠনৰ কৰ্মচাৰীসকল জড়িত হৈ পৰে আৰু ই তেওঁলােকক অধিক সন্তুষ্টি প্রদান কৰে । 

( গ ) কর্মদক্ষ , উচিত মানুহ বিচাৰি উলিওৱাত সহায়ক হয় । 

২৭। প্রশিক্ষণ আৰু বিকাশৰ মাজত তিনিটা পার্থক্য দেখুওৱা । 

( গ ) চমু উত্তৰ দিয়া ( মূল্যাংক : ২/৪ ) 

২৮। কৰ্মচাৰী সংগ্ৰহ আৰু বাচনি , নিয়ােগ প্রক্রিয়া হিচাপে ব্যাখ্যা কৰা ৷ 

উত্তৰঃ ব্যৱসায় সংগঠনত প্রত্যেক অৱস্থানত উপযুক্ত সময়ত যােগ্য কর্মী পাব পৰাকৈ ব্যক্তি লাভ কৰা , তেওঁলােকক নিযুক্ত কৰা , উন্নত কৰা , মূল্যাংকন কৰা , পাৰিশ্রমিক দিয়া আৰু প্ৰতিপাল কৰাৰ সামগ্রিক পদ্ধতিকে স্থায়ী কর্মচাৰী নিয়ােগ হিচাপে গণ্য কৰা হয় । কর্মচাৰীৰ বাছনি হৈছে সংগৃহীত প্রার্থী অথবা সাম্ভাব্য প্রার্থীৰ মাজৰ পৰা পৰীক্ষা আৰু সাক্ষাৎকাৰ অনুষ্ঠিত কৰি উপযুক্তসকলক সযত্নে বাছি লােৱা পদ্ধতি । 

২৯৷ ক্ষতিপূৰণ বুলিলে কি বুজা ? 

উত্তৰঃ এজন কর্মচাৰীৰ অবদান আৰু প্রচেষ্টালৈ চাই সংগঠন এটাই কর্মচাৰীজনক যি ধনৰাশি আৰু অন্যান সুবিধা প্রদান কৰে তাক ক্ষতি পূৰণ বুলি ক’ব পাৰি । যেনে — মাহিলি বেতন , পদোন্নতি ইত্যাদি ।

ইয়াত মূলতঃ দুটা প্রধান ভাগত বিভক্ত কৰিব পাৰি — 

( ক ) মূখ্য ক্ষতিপূৰণ । আৰু 

( খ ) গৌণ ক্ষতিপূৰণ ।

মূখ্য ক্ষতি পূৰণৰ ভিতৰত মাহিলি বেতন , মজুৰি আদিক ধৰা হয় । গৌণ ক্ষতি পূৰণৰ ভিতৰত আন আন সা – সুবিধাবােক ধৰা হয় । 

৩০। কৃতিত্ব মূল্যায়ন আৰু প্রশিক্ষণ চমুকৈ আলােচনা কৰা । 

উত্তৰঃ পাৰদৰ্শিতাৰ মূল্যায়ন মানে হ’ল কেতবােৰ পূর্ব নির্ধাৰিত মানকৰ লগত কৰ্মচাৰীৰ বৰ্ত্তমান বা অতীতৰ কাৰ্য্য সম্পাদন মূল্যায়ন কৰা । কৰ্মচাৰীজনে তেওঁৰ কামৰ মান আগতীয়াকৈ জনা উচিত আৰু তেওঁৰ জ্যেষ্ঠজনে তেওঁৰ কামৰ খতিয়ান তেওঁক প্রদান কৰিব লাগে । এই প্রক্রিয়াত সেয়েহে কৰ্মৰ সংজ্ঞা প্রদান , কাৰ্য্যৰ মূল্যায়ন আৰু খতিয়ান প্রদান অন্তর্ভুক্ত । 

প্রশিক্ষণ হৈছে ফলপ্রসু কার্য সম্পাদনৰ অৰ্থে নিপুনতা বৃদ্ধিৰ কার্যক্রমই নির্দিষ্ট এক উদ্দেশ্য বা কার্য সম্পাদনৰ বাবে বিশেষ দক্ষতা উন্নয়ন সাধনৰ লগত জড়িত পদ্ধতি । Edwin B. Flippo ৰ মতে প্রশিক্ষণ হৈছে নির্দিষ্ট কোনাে কার্য সম্পাদন কৰাৰ বাবে কৰ্মচাৰীৰ জ্ঞান আৰু নিপুনতা বৃদ্ধি কৰা কাৰ্য । 

৩১। কাৰ্য্যত প্রশিক্ষণ বুলিলে কি বুজা ? 

উত্তৰঃ কার্যত প্রশিক্ষণ কর্মক্ষেত্ৰত প্ৰশিক্ষণৰ অন্তৰ্গত প্রশিক্ষণ সমূহ হ’ল— 

( ক ) শিক্ষা নবীছ প্রশিক্ষণ আঁচনিঃ ন শিকাৰুৰ প্রশিক্ষণ আঁচনিত প্রশিক্ষার্থীজনক এজন অভিজ্ঞ শ্রমিকৰ অধীনত কর্ম প্রশিক্ষণ দিয়া হয় । অতি উচ্চ খাপৰ দক্ষতা আহৰণৰ উদ্দেশ্যে এই প্রশিক্ষণ দিয়া হয় । 

( খ ) ঘৰুৱাভাবে শিক্ষণঃ এই পদ্ধতিৰ অধীনত শীর্ষকর্মচাৰীয়ে তেওঁৰ অধীনৰ কৰ্মচাৰী বা প্রশিক্ষার্থীজনক নীতি নির্দেশনা প্রদান কৰি ঘৰুৱাভাবে শিক্ষা প্রদান কৰে । এই ঘৰুৱা শিক্ষকজনে পাৰস্পৰিকভাবে লক্ষ্য নির্ধাৰণ কৰি সেই লক্ষ্যত কেনেদৰে উপনীত হ’ব পৰা যায় তাৰ পৰামর্শ দিয়ে । 

( গ ) ইনটার্নচিপ প্রশিক্ষণ :- ই কম ব্যৱসায়িক প্রতিষ্ঠান আৰু শিক্ষা অনুষ্ঠানৰ সহযােগত চলােৱা এটা যৌথ প্রশিক্ষণ আঁচনি । বাছনি কৰা প্ৰশিক্ষার্থী সকলােৱে এক নির্দিষ্ট সময়ৰ বাবে নিয়মীয়াকৈ শিক্ষা গ্রহণ কৰিব লাগে । 

( ঘ ) কৰ্মৰ আবর্তন :- এনে ধৰণৰ পদ্ধতিত প্ৰশিক্ষার্থীজনক প্রতিষ্ঠানৰ ভিতৰতে এটা বিভাগৰ পৰা আন এটা বিভাগ বা এটা কামৰ পৰা আন এটা কামলৈ অদল বদল কৰি প্রশিক্ষণ দিয়া হয় । ই কৰ্মচাৰীজনক ব্যৱসায়ৰ বিভিন্ন অংশৰ বিষয়ে আৰু সংগঠনৰ কাৰ্য প্রণালীৰ বিষয়ে বিশদভাবে বুজি পােৱাৰ সুবিধা দিয়ে । 

৩২। কাৰ্য্যৰ বাহিৰত প্রশিক্ষণ বুলিলে কি বুজা ? 

উত্তৰঃ কর্মক্ষেত্ৰৰ বাহিৰত প্রশিক্ষণঃ ইয়াৰ অন্তর্নিহিত পদ্ধতিসমূহ হ’ল–

( ক ) শ্রেণী কোঠাত বক্তৃতা / সভাঃ নির্দিষ্ট তথ্য , নিয়ম , পদ্ধতি বা প্রক্রিয়াৰ বিষয়ে জ্ঞান দিবলৈ বক্তৃতা বা সভা হ’ল এক নিয়মীয়া পদ্ধতি।এই ব্যৱস্থাই শ্রেণীকক্ষৰ উপস্থাপন আকর্ষণীয় কৰি তােলে , লগতে কিছুমান কঠিন বিষয় বুজাই দিয়াত সহায় কৰে । 

(খ ) পৰিঘটনা অধ্যয়নঃ এই পদ্ধতিত পৰিচালক সকলে তেওঁলােকৰ অভিজ্ঞতাৰ পৰা গ্রহণ কৰা পৰিঘটনাৰ দ্বাৰা উদ্ভৱ হােৱা সমস্যাসমূহ যথাসম্ভৱ শুদ্ধকৈ উপস্থাপন কৰি বৰ্ণনা কৰাৰ চেষ্টা কৰে । প্ৰশিক্ষার্থীসকলে পৰিঘটনাসমূহ অধ্যয়ন কৰি সমস্যাসমূহৰ কাৰণ নিৰ্দ্ধাৰণ কৰিব লাগে আৰু সমাধানৰ সূত্র প্রয়ােগ কৰিব লাগে । 

( গ ) কম্পিউটাৰ আৰ্হিৰ উপস্থাপন :- কম্পিউটাৰৰ আঁচনিৰ দ্বাৰা কর্ম পৰিৱেশৰ উপস্থাপন কৰি কোনাে কর্মৰ বাস্তৱ সত্যৰ নকল হয় আৰু আচল জীৱন সংঘটিত হ’ব পৰা সম্ভাব্য ক্ষতি বা খৰছ নােহােৱাকৈ শিকোৱাৰ ব্যৱস্থা কৰা হয় । 

( ঘ ) কাৰখানা কক্ষৰ মুকলিত প্রশিক্ষণ :-  কর্মচাৰীসকলে ব্যৱহাৰ কৰা সা–সজুলি সহায়ত তেওঁলােকৰ কাম শিকিব পাৰে । কিন্তু কাৰখানাৰ ক্ষেত্ৰৰ বাহিৰত থাকি তেওঁলােকে প্রশিক্ষণ লয় । 

Sl. No.সূচী-পত্ৰ
প্ৰথম খণ্ডপৰিচালনাৰ নীতি আৰু কার্য
Chapter 1পৰিচালনাৰ প্রকৃতি আৰু তাৎপর্য ।
Chapter 2পৰিচালনাৰ নীতি ।
Chapter 3ব্যৱসায় / ব্যৱসায়িক পৰিৱেশ ।
Chapter 4পৰিকল্পনাকৰণ ।
Chapter 5সংগঠনকৰণ ।
Chapter 6কর্মচাৰী নিযুক্তকৰণ ।
Chapter 7নির্দেশিতকৰণ ।
Chapter 8নিয়ন্ত্রণকৰণ ।
দ্বিতীয় খণ্ডব্যৱসায়িক বিত্ত আৰু ৰজাৰৰ
Chapter 9বিত্তীয় পৰিচালনা ।
Chapter 10বিত্তীয় বজাৰ ।
Chapter 11বজাৰকৰণ ।
Chapter 12উপভােক্তা সুৰক্ষা ।

৩৩। মানব সম্পদ উন্নয়ন কর্মচাৰী নিয়ােগৰ এটা গুৰুত্বপূৰ্ণ দিশ ’ — বহলাই লিখা । 

উত্তৰঃ মানৱ সম্পদ পৰিচালনা হ’ল এটা বিশেষ ক্ষেত্র যত বিভিন্ন ব্যক্তিৰ দক্ষতাৰ প্রয়ােজন হয় । মানৱ সম্পদ পৰিচালকৰ সংখ্যা আৰু এই বিভাগৰ আকাৰৰ দ্বাৰা প্ৰতিষ্ঠানৰ আকাৰ নিৰ্দ্ধাৰণ কৰা হয় । বৃহৎ কোম্পানিত , মানৱ সম্পদ বিভাগৰ ভিতৰতে বিভিন্ন কার্য সম্পাদনৰ বাবে বিশেষভাবে খ্যাতি থকা লােকক নিযুক্ত কৰা হয় । 

মানৱ সম্পদ ব্যৱস্থাপনাৰ ভিতৰত বিশেষ কার্য আৰু কর্তব্য অন্তর্ভুক্ত হৈ থাকে যাক মানৱ সম্পদ ব্যৱস্থাপনাৰ ব্যক্তিসকলে নিশ্চিতভাৱে সম্পাদন কৰিব লাগে ।

এই কর্তব্য সমূহহ’ল— 

( ক ) উপযুক্ত গুণসম্পন্ন ব্যক্তিৰ সন্ধান কৰি কৰ্মচাৰী সংগ্রহ কৰা । 

( খ ) কর্ম বিশ্লেষণ , কর্ম বর্ণনাৰ বাবে কর্ম বিষয়ক তথ্য সংগ্রহ । 

( গ ) সেৱামূল প্রদান আৰু উদগনিমূলক আঁচনিৰ বিকাশ ।

( ঘ ) কর্মচাৰীৰ প্রশিক্ষণ আৰু উন্নীতকৰণ যাতে তেওঁলােকৰ কর্ম সম্পাদনৰ দক্ষতা বৃদ্ধিৰ লগতে কর্ম জীৱনৰ বিকাশ ঘটে । 

( ঙ ) ওজৰ আপত্তি আৰু গােচৰসমূহ নিষ্পত্তি কৰা । 

( চ ) সামাজিক ৰক্ষণাবেক্ষণ প্রদান আৰু কৰ্মচাৰীৰ কল্যাণ সাধন ইত্যাদি । 

৩৪। প্রশিক্ষণ আৰু বিকাশ কি বুজাই লিখা । 

উত্তৰঃ প্রশিক্ষণ হৈছে ফলপ্রসু কার্য সম্পাদনৰ অৰ্থে নিপুনতা বৃদ্ধিৰ কার্যক্রম ই নির্দিষ্ট এক উদ্দেশ্য বা কার্য সম্পাদনৰ বাবে বিশেষ দক্ষতা উন্নয়ন সাধনৰ লগত জড়িত পদ্ধতি । Edwin B.Flippo ৰ মতে প্রশিক্ষণ হৈছে নির্দিষ্ট কোনাে কার্যসম্পাদন কৰাৰ বাবে কৰ্মচাৰীৰ জ্ঞান আৰু নিপুনতা বৃদ্ধি কৰা কাৰ্য । 

প্রশিক্ষণ আৰু উন্নয়নে প্রতিষ্ঠান আৰু ব্যক্তি দুয়ােপক্ষকে সহায় কৰে । 

( ক ) প্রতিষ্ঠানৰ প্রতি প্রশিক্ষণ আৰু উন্নয়নৰ আৱশ্যকতাঃ ( i ) প্রশিক্ষণ হৈছে এক পদ্ধতিগত শিক্ষা । ই এক পূর্ব কর্ম পদ্ধতি হিচাপে অপচয় ৰোধ কৰে । 

( ii ) ই কর্মচাৰীৰ গুণগত আৰু সংখ্যাগত দিশত উৎপাদিকা শক্তি বৃদ্ধি কৰে । উৎপাদিকা শক্তি বৃদ্ধিয়ে উচ্চ হাৰত মুনাফা অর্জনত সহায় কৰে । 

( iii ) প্রশিক্ষণে ভবিষ্যতৰ পৰিচালকক প্রস্তুত কৰাই দিয়ে যিয়ে নেকি জৰুৰী অৱস্থাত দায়িত্ব ল’ব পাৰে । 

( iv ) প্রশিক্ষণে কর্মচাৰীৰ চৰিত্র উন্নয়ন কৰে আৰু কৰ্মচাৰীৰ অনুপস্থিতি আৰু চাকৰি এৰাৰ প্রৱণতা হ্রাস কৰে । 

( v ) কাৰিকৰী আৰু অর্থনৈতিক পৰিৱেশ পৰিবৰ্তনত উপযুক্ত সহাৰি দিয়াত সহায় কৰে । 

( খ ) কর্মচাৰীৰ প্ৰতি আবশ্যকতাঃ ( i ) প্রশিক্ষণৰ ফলত বৃদ্ধি পােৱা দক্ষতা আৰু জ্ঞানে ব্যক্তিৰ কৰ্মজীৱন উন্নত কৰে । 

( ii ) বর্ধিত কার্য সম্পাদনে ব্যক্তিৰ উপার্জন বৃদ্ধি কৰে ।

( iii ) প্রশিক্ষণৰ ফলত কর্মচাৰীয়ে দক্ষতাৰে মেচিন চলাব পাৰে , ফলস্বৰূপে দুর্ঘটনা ঘটায় আশংকা কম হয় । 

( iv ) প্রশিক্ষণে কর্মচাৰীৰ সন্তুষ্টি আৰু উদ্যম বৃদ্ধি কৰে । 

৩৫। এছেছমেন্ট টেষ্ট কি ? 

উত্তৰঃ কৰ্মচাৰী বাছনিৰ সময়ত এটা সংগঠনে বিভিন্ন ধৰণৰ পৰীক্ষা – নিৰীক্ষা কৰে । এছেছমেন্ট টেষ্ট সেইবােৰৰ ভিতৰতে এটা । এই পৰীক্ষাত এটা নির্দিষ্ট কক্ষত আবেদনকাৰীসকলৰ সৰু দল এটাক ৬ পৰা ৮ জন পৰীক্ষাক বিভিন্ন ধৰণে পৰীক্ষা কৰে । ইয়াত বিভিন্ন ধৰণৰ দলবদ্ধ কাৰ্য্যবােৰ কৰিব দিয়া হয় আৰু নতুন আবেদনকাৰীসকলক কিছুমান নম্বৰ প্ৰদান কৰি শেষ নির্ণয় লােৱা হয় । 

( ঘ ) দীঘল প্রশ্ন উত্তৰ ( মূল্যাংকঃ ১/৫ ) 

৩৬। ‘কাৰিকৰী আৰু অর্থনৈতিক দিশত হৈ থকা সাল – সলনিৰ মুখামুখি হ’বৰ বাৰে প্রশিক্ষণে সহায় আগবঢ়ায় বহলাই লিখা ।

উত্তৰঃ সকলাে ধৰণৰ সংগঠনতে প্রশিক্ষণ এক অপৰিহাৰ্য্য অংগ । সঘনে সলনি হৈ থকা কাৰিকৰী আৰু অর্থনৈতিক পৰিৱৰ্তনসমূহৰ লগত খাপ খাই চলিবৰ বাবে কৰ্মচাৰী সকলৰ প্রশিক্ষণ দৰকাৰী । সেইবাবে কৰ্মচাৰীসকলৰ ধাৰাবাহিক প্রশিক্ষণৰ অতি প্রয়ােজন । 

কর্মচাৰী বাছনিৰ পিছত পৰিচালনাৰ এক দৰকাৰী কাৰ্য্য হ’ল কৰ্মচাৰী প্রশিক্ষণ । কিছুমান বিশেষ কামৰ বাবে কৰ্মচাৰীসকলৰ বিশেষ জ্ঞান বা কর্মদক্ষতাৰ প্ৰয়ােজন হয় , যি প্রশিক্ষণে পূর্ণ কৰিব পাৰে । কৰ্মচাৰীসকলৰ সামগ্রিক উন্নয়নৰ বাবেও মাজে মাজে প্রশিক্ষণৰ দৰকাৰ । বর্তমান সময়ত আধুনীক কাৰিকৰী কৌশল সঘনে সলনি হৈ থাকে যাৰ বাবে এটা সংগঠনৰ কর্মচাৰী বৃন্দৰ অহৰহ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিবলগীয়া হয় । কর্মচাৰীসকলক অর্থনৈতিক জ্ঞান আৰু বজাৰৰ বিভিন্ন দিশসমূহৰ বিষয়ে জ্ঞান দিবলৈও প্রশিক্ষণৰ দৰকাৰ । 

৩৭। কৰ্মচাৰী সংগ্ৰহৰ বাহ্যিক উৎসবােৰৰ অসুবিধাসমূহ কি ? 

উত্তৰঃ কৰ্মচাৰী সংগ্ৰহৰ বাহ্যিক উৎসসমূহৰ অসুবিধাসমূহ তলত চমুকৈ বর্ণনা কৰা হ’ল– 

( ক ) খৰচী পদ্ধতিঃ ই এটা ব্যয়ৰ পদ্ধতি কাৰণ ইয়াত বিজ্ঞাপন , অন্যান্য অনুষ্ঠান যােগেদি সাম্ভাব্য প্রার্থীৰ অনুসন্ধান কৰা আৰু সাক্ষাৎকাৰত যথেষ্ট ব্যয় হয় । 

( খ ) সময়ৰ প্রয়ােজন :- ই এটা দীঘলীয়া প্রক্রিয়া কাৰণ খালী হৈ থকা পদৰ বাবে সাম্ভাব্য প্রার্থীক জনােৱা , আবেদন পত্র গ্রহণ কৰা , সাক্ষাৎকাৰ ইত্যাদিত বহু সময়ৰ প্ৰয়ােজন হয় । 

( গ ) উৎসৰ বাছনিঃ বাহ্যিক উৎস বহুতাে থকা বাবে সঠিক উৎসৰ বাছনি কৰাটো এক জটিল প্রক্রিয়া । 

( ঘ ) পুৰণি কৰ্মচাৰীৰ ক্ষোভ :- এই ব্যৱস্থাত পুৰণি কর্মচাৰীসকলৰ মনত ক্ষোভৰ সৃষ্টি হয় । কিয়নাে এনে ব্যৱস্থাই তেওঁলােকৰ পদোন্নতিত ব্যাঘাত জন্মায় ।

৩৮৷ কৰ্মচাৰী সংগ্ৰহৰ আভ্যস্তীৰণ উৎসবােৰৰ অসুবিধাসমূহ কি ? 

উত্তৰঃ ব্যৱসায়ৰ আভ্যন্তৰীণ উৎসসমূহৰ সীমাবদ্ধতাসমূহ তলত চমুকৈ আলোচনা কৰা হ’ল— 

( ক ) সীমিত পছন্দঃ এই পদ্ধতিত নতুন পদৰ বাবে সীমিত সংখ্যক কর্মচাৰীৰ পৰা বাছনি কৰাটো এটা প্রধান সমস্যা আৰু আনহাতেদি সংগঠনটোৰ বাবে প্রয়ােজন হােৱা আধুনীক কাৰিকৰী বিষয়ৰ লগত সম্পর্ক থকা ব্যক্তি নহ’বও পাৰে । 

( খ ) অনুপযুক্ত কর্মচাৰীৰ পদোন্নতি :- যদিহে প্রতিষ্ঠানত কেৱল জেষ্ঠ্যতাৰ ভিত্তিত পদোন্নতি দিয়াৰ ব্যৱস্থা থাকে তেতিয়া অনুপযুক্ত কর্মচাৰীৰ পদোন্নতিৰ যােগেদি প্রতিষ্ঠানটোৰ সমস্যাহে সৃষ্টি কৰিব । 

( গ ) অসম্পূর্ণ উৎসঃ প্রতিষ্ঠান এটাত প্রয়ােজন হােৱা সকলােবিলাক পদবী আভ্যন্তৰীণ উৎসৰ যােগেদি পূৰণ কৰাটো সম্ভৱ নহয় কিয়নাে ই বহিঃ উৎসৰ ওপৰত নিৰ্ভৰ কৰিব লাগে । 

( ঘ ) প্রতিযােগীতাৰ অভাবঃ যেতিয়া কৰ্মচাৰীসকলে জানিব পাৰে যে , এটা নির্দিষ্ট সময়ৰ অন্তত পদোন্নতি লাভ কৰিব তেতিয়া তেওঁলােকৰ মাজত প্রতিযােগীতা নহয় । 

৩৯। আজিৰ পৰিবেশত কৰ্মচাৰী নিয়ােগৰ আৱশ্যকতা কি ? 

উত্তৰঃ ( ক ) আগতীয়াকৈ মানৱ সম্পদৰ বন্দোবস্তকৰণ :- ব্যৱসায় সংগঠনৰ আকাংখিত কর্মচাৰীৰ তাৎক্ষণিক আৰু প্রয়ােজন হােৱা মাত্রকে যােগান লাভ কৰিবলৈ স্থায়ী কর্মচাৰী নিয়ােগ কৰাৰ আৱশ্যক হয় । ইয়াৰ আগতীয়া বন্দোবস্তই ভৱিষ্যতৰ সম্পদৰ অভাৱ নাইকীয়া কৰাত ইয়াৰ প্ৰয়ােজনীয়তা আৰু গুৰুত্ব পৰিলক্ষিত হয় । 

( খ ) সাংগঠনিক অবস্থান পূৰণঃ সংগঠনত কর্ম বিভাজন আৰু উপ বিভাজনে সৃষ্টি কৰা বিভিন্ন পৰ্য্যায়ৰ অৱস্থান পূৰণ কৰাত স্থায়ী কর্মচাৰী নিয়ােগৰ গুৰুত্ব দেখা যায় । কাৰণ , বিভিন্ন অৱস্থানত কৰ্মচাৰী নিয়ােগৰ জৰিয়তে তেওঁলােকৰ কার্য সম্পাদনৰ পৰা সংগঠনৰ উদ্দেশ্য সিদ্ধিলৈ বৰঙণি লাভ কৰা যায় । 

( গ ) সর্বোত্তম উদ্দেশ্য সাধনঃ পৰিমাণগত আৰু গুণগত বিবেচনাৰ স্থায়ী কর্মচাৰী নিয়ােগ ফলত সংগঠনৰ সৰ্বোত্তম উদ্দেশ্য সাধন সম্ভাৱপৰ হয় । উৎপাদনৰ উভয় দিশত সফলতা লাভ কৰা , সর্বনিম্ন ব্যয়ৰ দ্বাৰা সর্বাধিক লাভ অর্জন কৰা আদি সকলােতে স্থায়ী কর্মচাৰীৰ নিয়মিত সেৱাৰ আৱশ্যক হয় । 

( ঘ ) কর্ম সন্তুষ্টিঃ ব্যৱসায় প্রতিষ্ঠানৰ সংগঠনিক আৰ্হিৰ প্রত্যেক স্তৰৰ ব্যক্তিৰ কৰ্ম সন্তুষ্টিৰ আৱশ্যক হয় । কর্ম সন্তুষ্টি অবিহনে মাথােন হেচাৰে তেওঁলােকৰ পৰা আকাংখিত কার্য সম্পাদন লাভ কৰা নাযায় । এই পদ্ধতিত কামৰ দায়িত্ব প্রদান , উন্নত কর্ম পৰিৱেশৰ উন্নয়ন সাধন আদিৰে কৰ্মচাৰীৰ কৰ্ম সন্তুষ্টিৰ আচনি গ্ৰহণ কৰা হয় বাবে স্থায়ী কর্মচাৰী নিয়ােগ ব্যৱস্থাৰ গুৰুত্ব পৰিলক্ষিত হয় । 

( ঙ ) যােগ্যতাৰ উন্নয়নঃ ব্যৱসায় সংগঠনৰ পৰিৱৰ্ত্তিত পৰিস্থিতিত পৰিৱেশৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ তেওঁলোক ভিন্ন যােগ্যতাৰ উন্নয়ন প্রয়ােজন হয় । সংগঠনত বিষয়া কৰ্মচাৰীৰ আৱশ্যকীয় প্রশিক্ষণৰ বন্দোবস্তই তেওঁলােকৰ উন্নয়ন সাধন কৰে । 

৪০। এটা সংগঠনৰ বাবে প্রশিক্ষণে কঢ়িওৱা সুবিধাসমূহ কি কি ? 

উত্তৰঃ এটা সংগঠনৰ বাবে প্রশিক্ষণে কঢ়িওৱা সুবিধাসমূহ তলত উল্লেখ কৰা হ’ল–

( i ) প্রশিক্ষণ হৈছে এক পদ্ধতিগত শিক্ষা । ই এক পূর্ব কর্ম পদ্ধতি হিচাপে অপচয় ৰোধ কৰে । 

( ii ) ই কর্মচাৰীৰ গুণগত আৰু সংখ্যাগত দিশত উৎপাদিকা শক্তি বৃদ্ধি কৰে । উৎপাদিকা শক্তি বৃদ্ধিয়ে উচ্চ হাৰত মুনাফা অর্জনত সহায় কৰে । 

( iii ) প্রশিক্ষণে ভবিষ্যতৰ পৰিচালকক প্রস্তুত কৰাই দিয়ে যিয়ে নেকি জৰুৰী অৱস্থাত দায়িত্ব ল’ব পাৰে । 

( iv ) প্রশিক্ষণে কর্মচাৰীৰ চৰিত্র উন্নয়ন কৰে আৰু কৰ্মচাৰীৰ অনুপস্থিতি আৰু চাকৰি এৰাৰ প্রৱণতা হ্রাস কৰে । 

( v ) কাৰিকৰী আৰু অর্থনৈতিক পৰিৱেশ পৰিবৰ্তনত উপযুক্ত সহাৰি দিয়াত সহায় কৰে । 

( খ ) কর্মচাৰীৰ প্ৰতি আবশ্যকতাঃ ( i ) প্রশিক্ষণৰ ফলত বৃদ্ধি পােৱা দক্ষতা আৰু জ্ঞানে ব্যক্তিৰ কৰ্মজীৱন উন্নত কৰে । 

( ii ) বর্ধিত কার্য সম্পাদনে ব্যক্তিৰ উপার্জন বৃদ্ধি কৰে ।

( iii ) প্রশিক্ষণৰ ফলত কর্মচাৰীয়ে দক্ষতাৰে মেচিন চলাব পাৰে , ফলস্বৰূপে দুর্ঘটনা ঘটায় আশংকা কম হয় । 

( iv ) প্রশিক্ষণে কর্মচাৰীৰ সন্তুষ্টি আৰু উদ্যম বৃদ্ধি কৰে । 

৪১। কর্মচাৰী নিয়ােগ কাৰ্য্য এজন পৰিচালকে সুচাৰুৰূপে চলাব পাৰে , এটা পৃথক বিভাগ ইয়াৰ বাবে নহ’লেও হয় ‘ — বুজাই লিখা । 

উত্তৰঃ কৰ্মচাৰী নিয়ােগ এনে এটা প্রক্রিয়া যত কাৰ্য্যৰ বিৱৰণী, কাৰ্য্যৰ গুণাগুণ আদিৰ বিশ্লেষণ কৰা হয় । ইয়াৰ উপৰিও নিয়ােগ , নির্বাচন , প্রশিক্ষণ , উন্নয়ন , কৃতিত্বৰ মূল্যায়ন আদি নিহিত হৈ থাকে যিবিলাক সাধাৰণতে এজন পৰিচালকে সম্পাদন কৰে । গতিকে কর্মচাৰী নিয়ােগৰ বাবে এক সুকীয়া বিভাগৰ প্রয়ােজন নহয় কিয়নাে ইয়াৰ অন্তৰ্গত সকলোবােৰ কাৰ্য্যই এজন পৰিচালকে সুচাৰুৰূপে পালন কৰিব পাৰে । 

সাধাৰণতে পৰিচালকসকলে একো একোটা সুকীয়া বিভাগৰ দায়িত্বত থাকে গতিকে সেই বিভাগটোৰ প্ৰয়ােজন হােৱা নতুন কর্মচাৰী নিয়ােগৰ সম্পূর্ণ দায়িত্ব উক্ত পৰিচালকৰ হাততে থাকে ।

৪২। এটা সংগঠনৰ কৰ্মচাৰী বাচনি প্রক্রিয়াৰ পদ্ধতিসমূহ আলােচনা কৰা । 

উত্তৰঃ কৰ্মচাৰী বাছনিৰ বিভিন্ন পৰ্য্যায়সমূহ তলত উল্লেখ কৰা হ’ল — 

( ক ) আবেদন প্ৰ – পত্ৰৰ পুনৰীক্ষণ :- বাছনিৰ প্রথম প্রক্রিয়া হ’ল খালী হৈ থকা পদৰ বিপৰীতে প্রার্থীসকলে নিজৰ যোগ্যতা আৰু অভিজ্ঞতা দর্শাই আবেদন কৰে । 

( খ ) প্রাথমিক সাক্ষাৎকাৰ :- আবেদন গ্ৰহণৰ পিছত প্রার্থীসকলক লিখিত বা মৌখিকভাবে পদটোৰ সৈতে জড়িত কিছুমান নির্দিষ্ট আৰু সাধাৰণ প্রশ্ন কৰা হয় । 

( গ ) বাছনি পৰীক্ষা :- আবেদন গ্রহণৰ পিছত কিছুমান সংগঠনে প্রত্যক্ষ সাক্ষাৎকাৰ লয় আৰু আন কিছুমানে বাছনি পৰীক্ষা অনুষ্ঠিত কৰে। 

( ঘ ) প্রধান সাক্ষাৎকাৰঃ বাছনি পৰীক্ষাত কৃতকাৰ্য্য হােৱা প্রার্থীসকলক নিযুক্তিৰ বাবে এক চুড়ান্ত সাক্ষাৎকাৰ অনুষ্ঠিত কৰা হয় । 

( ঙ ) প্রাসংগিকতাঃ প্রধান সাক্ষাৎকাৰত উত্তীর্ণ হােৱা প্রার্থীসকলৰ সকলাে তথ্য অনুসন্ধান কৰি তেওঁৰ সম্বন্ধে জনা ব্যক্তিসকলৰ লগত যােগাযােগ কৰি মতামত গ্রহণ কৰা হয় । 

( চ ) শাৰীৰিক পৰীক্ষাঃ উপৰােক্ত সকলাে কাৰ্য্য সমাধান হােৱাৰ পিছত প্রার্থীজনৰ শাৰীৰিক সুস্থতাৰ পৰীক্ষা কৰা হয় । 

( ছ ) নিযুক্তি পত্র প্রদানঃ শাৰীৰিক পৰীক্ষাত উত্তীর্ণ হােৱাৰ পিছত প্রার্থীজনক উক্ত কর্মৰ বাবে নিয়ােগ কৰা হয় । 

৪৩। আভ্যন্তৰীণ কর্মচাৰী সংগ্রহ প্রক্রিয়া কি ? কি কি কাৰণত প্রতিষ্ঠানসমূহে সদায় আভ্যন্তৰীণ কৰ্মচাৰী সংগ্রহ প্রক্রিয়া হাতত নলয় ? 

উত্তৰঃ কৰ্মচাৰী সংগ্ৰহৰ আভ্যন্তৰীণ উৎসবােৰ হৈছে— 

( ক ) বদলিকৰণঃ সংগঠনৰ খালি পদ পূৰণ কৰাত বদলিকৰণক এক উৎস হিচাপে গণ্য কৰা হয় । ই হৈছে সদৃশ কামৰ বাবে কৰ্মৰত কোনাে কর্মচাৰীক একে দায়িত্ব , কাম , পাৰিশ্রমিকতে এঠাইৰ পৰা আন ঠাইলৈ, এটা গােটৰ পৰা আন এটা গােটলৈ স্থানান্তৰ কৰি পদাবিষ্টিত কৰা পদ্ধতি ।

( খ ) পদোন্নতি আৰু পদাৱনতি পদোন্নতি মানে কর্মৰত কৰ্মচাৰীৰ বৰ্তমানতকৈ উচ্চ স্তৰৰ কামত অধিক দায়িত্ব আৰু পদমর্যদাৰে তথা অধিক পাৰিশ্ৰমিক আৰু সা – সুবিধাৰে পদাধিষ্ঠিতকৰণৰ ব্যৱস্থা । আনহাতে পদাৱনতি হৈছে কৰ্মৰত কৰ্মচাৰীৰ বৰ্তমানতকৈ নিম্নখাপত তুলনামূলকভাবে কম দায়িত্ব আৰু পদমর্যদাৰে নিম্ন পাৰিশ্ৰমিক আৰু সা- সুবিধাৰে পদাধিষ্ঠিত হয় । 

( গ ) পূৰণা কৰ্মচাৰীৰ নিয়ােগ :- কোনাে কোনাে ক্ষেত্ৰত পূৰণা অর্থাৎ অৱসৰী কৰ্মচাৰী নিয়োগৰ জৰিয়তে সংগঠনৰ কৰ্মচাৰী বা মানৱ সম্পদ সংগ্রহ কৰা হয় । ব্যৱসায় সংগঠনত প্রত্যেক অৱস্থানত উপযুক্ত সময়ত যােগ্য কর্মী পাব পৰাকৈ ব্যক্তি লাভ কৰা , তেওঁলােকক নিযুক্ত কৰা , উন্নত কৰা , মূল্যাংকন কৰা , পাৰিশ্রমিক দিয়া আৰু প্ৰতিপাল কৰাৰ সামগ্রিক পদ্ধতিকে স্থায়ী কর্মচাৰী নিয়ােগ হিচাপে গণ্য কৰা হয় । 

কর্মচাৰীৰ বাছনি হৈছে সংগৃহীত প্রার্থী অথবা সাম্ভাব্য প্রার্থীৰ মাজৰ পৰা পৰীক্ষা আৰু সাক্ষাৎকাৰ অনুষ্ঠিত কৰি উপযুক্তসকলক সযত্নে বাছি লােৱা পদ্ধতি । 

( ঙ ) দীঘল প্রশ্ন উত্তৰ ( মূল্যাংক : ২/ ৬ ) 

৪৪। কৰ্মচাৰী নিয়ােগ প্রক্রিয়াত কি কি পৰ্য্যায় আছে ? 

উত্তৰঃ স্থায়ী কর্মচাৰী নিয়ােগকৰণ পদ্ধতি পৰ্যায়বোৰ হ’ল — 

( ক ) মানৱশক্তি পৰিকল্পনাকৰণঃ স্থায়ী কর্মচাৰী নিয়ােগৰ এই পৰ্যায়ত প্রতিষ্ঠানৰ বিভিন্ন পর্যায়ত উপযুক্ত কামত উপযুক্ত সময়ত উপযুক্ত লােকক পদাধিষ্ঠিতকৰণ’ৰ জৰিয়তে মানৱ সম্পদৰ স্বকালীন আৰু দীর্ঘকালীন প্রয়ােজনীয়তা পূৰণৰ আগতীয়া সিদ্ধান্ত গ্রহণ কৰা হয় । 

( খ ) সংগ্ৰহ আৰু বাছনিঃ এই পর্যায়ত পদোন্নতি আৰু বদলিকৰণেৰে আভ্যন্তৰীণ উৎস আৰু বিজ্ঞাপন প্রচাৰেৰে বহিঃউৎসৰ পৰা স্থায়ী কর্মচাৰী নিয়ােগৰ ব্যৱস্থা কৰা হয় । আনহাতে বাছনি হৈছে সংগ্রহ তালিকাৰ পৰা স্থায়ী কর্মচাৰীৰ বােগ্যতা বিচাৰ কৰি উপযুক্ত হিচাপে বিবেচিত স্থায়ী কর্মচাৰী বাছি উলিওৱা কার্য । 

( গ ) পদাধিষ্ঠিতকৰণ আৰু সমুপস্থিতকৰণঃ এই পর্যায়ত কামৰ পদত বাছনি ব্যক্তিৰ আসন নির্দিষ্ট কৰা হয় । আনহাতে সমুপস্থিত কৰণত কৰ্মচাৰীক সংগঠনৰ লগত পৰিচয় ৰাওতে প্ৰতিষ্ঠানৰ ইতিহাস , মৌলিক লক্ষ্য , কর্ম সম্পর্কেৰে জ্যেষ্ঠ , সহকর্মী , কর্মস্থানৰ পৰিৱেশ নীতি – নিয়ম আদিৰ লগত পৰিচিত কৰােৱা হয় । 

( ঘ ) প্রশিক্ষণ আৰু উন্নয়ন :- প্রশিক্ষনে কর্মচাৰীৰ সম্ভাব্য দক্ষতা বৃদ্ধিত সহায় কৰে আৰু তেওঁলােকৰ পদোন্নতি আৰু উন্নয়ন পথ প্রশস্ত কৰে । 

( ঙ ) পুৰস্কাৰ আৰু অনুপ্ৰেৰণা :- কৰ্মচাৰীৰ পৰিশ্ৰমৰ ওপৰত ব্যৱসায় প্রতিষ্ঠানৰ উৎপাদন  নিৰ্ভৰশীল হােৱা বাবে তেওঁলােকলৈ উপযুক্ত পৰিশ্ৰমিক বা পুৰস্কাৰ আগবঢ়োৱা আৱশ্যক হয় । কিয়নাে কৰ্মচাৰীৰ সন্তুষ্টি অবিহনে সফল কার্য সম্পাদনা আশা কৰা নাযায় । আনহাতে অনুপ্ৰেৰণাৰ জৰিয়তে কর্মচাৰীৰ ব্যক্তিগত অৱস্থানৰ কামত প্ৰেৰণা লাভ কৰি সাংগঠনিক উদ্দেশ্যলৈ বৰঙণি আগবঢ়োৱা হয় । 

( চ ) ব্যক্তিকল্যাণঃ এই পর্যায়ত পৰিচালনাই ব্যক্তি কল্যাণৰ ব্যৱস্থা হিচাপে সময়মতে কর্মচাৰীৰ পদোন্নতি , তেওঁলােকৰ স্বাস্থ্য সুৰক্ষা , আমােদ – প্রমোদ , আবাস গৃহ , সামাজিক নিৰাপত্তা আদি আচনি প্রবর্তন কৰা হ’ব লাগে । 

৪৫। কৰ্মচাৰী সংগ্ৰহৰ মূখ্য উৎসবােৰ বহলাই লিখা । 

উত্তৰঃ কৰ্মচাৰী সংগ্রহৰ আভ্যন্তৰীণ উৎসবােৰ হৈছে— 

( ক ) বদলিকৰণঃ সংগঠনৰ খালি পদ পূৰণ কৰাত বদলিকৰণক এক উৎস হিচাপে গণ্য কৰা হয় । ই হৈছে সদৃশ কামৰ বাবে কৰ্মৰত কোনাে কর্মচাৰীক একে দায়িত্ব , কাম , পাৰিশ্রমিকতে এঠাইৰ পৰা আন ঠাইলৈ, এটা গােটৰ পৰা আন এটা গােটলৈ স্থানান্তৰ কৰি পদাবিষ্টিত কৰা পদ্ধতি । 

( খ ) পদোন্নতি আৰু পদাৱনতি :- পদোন্নতি মানে কর্মৰত কৰ্মচাৰীৰ বর্তমানতকৈ উচ্চ স্তৰৰ কামত অধিক দায়িত্ব আৰু পদমর্যদাৰে তথা অধিক পাৰিশ্ৰমিক আৰু সা – সুবিধাৰে পদাধিষ্ঠিতকৰণৰ ব্যৱস্থা । আনহাতে পদাৱনতি হৈছে কৰ্মৰত কৰ্মচাৰীৰ বৰ্তমানতকৈ নিম্নখাপত তুলনামূলকভাবে কম দায়িত্ব আৰু পদমর্যদাৰে নিম্ন পাৰিশ্ৰমিক আৰু সা- সুবিধাৰে পদাধিষ্ঠিত কৰা হয় । 

( গ ) পূৰণা কৰ্মচাৰীৰ নিয়ােগ :- কোনাে কোনাে ক্ষেত্ৰত পূৰণা অর্থাৎ অৱসৰী কৰ্মচাৰী নিয়ােগৰ জৰিয়তে সংগঠনৰ কৰ্মচাৰী বা মানৱ সম্পদ সংগ্রহ কৰা হয় । 

বাহ্যিক উৎসৰ উল্লেখযােগ্য প্রকাৰ কিছুমান তলত চমুকৈ ব্যাখ্যা কৰা হ’ল— 

( ক ) বিজ্ঞাপনঃ কৰ্মচাৰী সংগ্ৰহৰ জনপ্রিয় বাহ্যিক উৎস হৈছে খালি পদৰ বিজ্ঞাপন প্রচাৰ কৰা । এই বিজ্ঞাপন প্রচাৰৰ মাধ্যম হিচাপে বাতৰি কাকত , অনাঁতাৰ যন্ত্র ( ৰেডিঅ ’ ), দূৰদৰ্শন আদিৰ সহায়ত কৰ্মচাৰী সংগ্রহ কৰা হয় । 

( খ ) নিয়ােগ বিনিময় কেন্দ্রঃ চৰকাৰ আৰু ব্যক্তিগত সংগঠনৰ দ্বাৰা প্রতিষ্ঠিত নিয়ােগ  বিনিময় কেন্দ্রবােৰে বিভিন্ন প্রকাৰৰ কাম বিচৰা নিবনুৱাসকলৰ নাম পঞ্জীয়ন কৰে । এই কেন্দ্ৰবােৰ নিয়ােগকাৰীৰ লগত যােগাযােগ স্থাপন কৰি পঞ্জীকৃত ব্যক্তিৰ লগত মধ্যস্থকাৰী হিচাপে ভূমিকা পালন কৰে ।

( গ ) চৌহদৰ পৰা সংগ্রহঃ চৌহদৰ পৰা সংগ্রহে স্কুল , কলেজ , বিশ্ববিদ্যালয় , কাৰিকৰীক আৰু পৰিচালনা শিক্ষাৰ প্ৰতিষ্ঠানৰ পৰা নিয়ােগকাৰীৰ প্রতিনিধিয়ে ইচ্ছুক আৰু যােগ্য ব্যক্তিক নিজে সংগ্রহ কৰিবলৈ লয় । এই ক্ষেত্ৰত প্রতিশ্রুতিপূর্ণ ছাত্র – ছাত্ৰীক বাছনি কৰি নিয়ােগকাৰীয়ে নিজে আগবাঢ়ি আহে । 

( ঘ ) চুক্তিকাৰী : চুক্তিকাৰী সকল ( contractors ) বৃত্তিধাৰী ব্যক্তি । এওঁলােকে চহৰ গাওঁত কাম বিচৰা সম্ভাব্য শ্রমিকৰ লগত সম্পর্ক স্থাপন কৰি সমান্তৰালভাবে নিয়ােগকর্তাৰ লগতে যােগাযােগ স্থাপন কৰে । এইদৰে বিশেষকৈ অদক্ষ শ্রমিকে নিয়ােগকৰ্ত্তৰ লগত সম্পর্কিত কৰি চুক্তিকাৰীসকলে কমিচন গ্রহণ কৰে । 

( ঙ ) কাৰখানাৰ প্রবেশদ্বাৰঃ অদক্ষ শ্রমিকৰ বাবে কাৰখানাৰ প্ৰৱেশদ্বাৰত স্থায়ী অস্থায়ী কামৰ বাবে ব্যক্তি গােট খাই থাকে । কাৰখানাৰ প্রবেশদ্বাৰৰ পৰা সাধাৰণ সাক্ষাৎকাৰ বা কথা বতৰাৰ মাজেৰে আৱশ্যকীয় সংখ্যক শ্রমিক সংগ্রহ কৰাত কোনাে ধৰণৰ ব্যয় নাথাকে আৰু পছন্দমতে শ্রমিক সংগ্রহ কৰে । 

( চ ) শ্রমিক সংঘৰ পৰামর্শ :- কোনাে কোনাে ক্ষেত্ৰত সংগঠন বিশেষে বিশ্বাসী কৰ্মচাৰী লাভ কৰাৰ লগতে উন্নত শ্রমিক পৰিচালনাৰ সম্পর্ক সৃষ্টি কৰাৰ অৰ্থে কর্মচাৰী সংগ্রহৰ উদ্দেশ্যে শ্রমিক সংঘৰ পৰামৰ্শ বিচাৰে । কোনাে সংগঠনত পৰিচালনাই শ্রমিক সংঘৰ লগত চুক্তি কৰাৰ জৰিয়তেও কোনাে সংখ্যক কর্মচাৰী সংগ্ৰহ কৰিব পাৰে । 

৪৬। ‘প্রশিক্ষণ , বিকাশ আৰু শিক্ষা হ’ল মানব সম্পদ পৰিচালনাৰ গুৰুত্বপূর্ণ বিষয়’ বুজাই লিখা । 

উত্তৰঃ মানৱ সম্পদ পৰিচালনাৰ এক গুৰুত্বপূর্ণ অংশ হ’ল –প্রশিক্ষণ , বৃদ্ধি আৰু শিক্ষা । তলত এইবােৰ চমুকৈ বাখ্যা কৰা হ’ল— 

( ক ) প্রশিক্ষণঃ সকলাে ধৰণৰ সংগঠনৰ বাবে প্রশিক্ষণৰ প্রয়ােজন হয় । কাৰণ প্রশিক্ষণ হৈছে কর্ম যােগ্যতা বৃদ্ধিৰ বিশেষ আহিলা । প্রশিক্ষণে কৰ্মচাৰী সকলৰ দক্ষতা বৃদ্ধি কৰে আৰু পৰিচালনাৰ ব্যয় হ্রাস কৰে । অর্থাৎ আমি ক’ব পাৰাে যে প্রশিক্ষণে মানৱ সম্পদ গঢ়াত এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে । 

( খ ) বৃদ্ধিঃ কর্মচাৰীসকলৰ সকলাে দিশৰ উন্নয়নৰ লগত বৃদ্ধি জড়িত হৈ থাকে । গতিকে আমি ক’ব পাৰো যে বৃদ্ধি হ’ল এক পদ্ধতি যত কৰ্মচাৰী এজনে তেওঁৰ কাৰ্যকালত বিভিন্ন দিশত লাভ কৰা জ্ঞান , দক্ষতা , ইত্যাদি । গতিকে মানৱ সম্পদ উন্নয়ন তেতিয়াই হ’ব যেতিয় কর্মচাৰী এজনৰ বিভিন্ন দিশৰ জ্ঞান আৰু দক্ষতা বৃদ্ধি হ’ব । 

( গ ) শিক্ষা :- মানৱ সম্পদ উন্নয়নৰ কাৰণে শিক্ষা এক অপৰিহাৰ্য্য অংগ । শিক্ষা অবিহনে মানৱ সম্পদ উন্নয়ন সম্ভব নহয় । সাধাৰণ জ্ঞান আহৰণৰ পৰা কাৰিকৰী জ্ঞান লাভ কৰিবলৈ আমাক শিক্ষাৰ অতি প্রয়ােজন । 

ওপৰৰ আলােচনাৰ পৰা আমি ক’ব পাৰাে যে শিক্ষা , বৃদ্ধি আৰু প্ৰশিক্ষণৰ মানৱ সম্পদ পৰিচালনাৰ এক অপৰিহাৰ্য্য অংগ । 

৪৭। কৰ্মচাৰী নিয়ােগ , মানৱ সম্পদ পৰিচালনাৰ এটা ভাগ ’ – এই বাক্যশাৰী বুজাই লিখা । 

উত্তৰঃ মানৱ সম্পদ পৰিচালনা হ’ল এটা বিশেষ ক্ষেত্র যত বিভিন্ন ব্যক্তিৰ দক্ষতাৰ প্ৰয়ােজন হয় । মানৱ সম্পদ ব্যৱস্থাপনাৰ ভিতৰত বিশেষ কাৰ্য আৰু কর্তব্য অন্তর্ভুক্ত হৈ থাকে যাক মানৱ সম্পদ ব্যৱস্থাপনাৰ ব্যক্তিসকলে নিশ্চিতভাৱে সম্পাদন কৰিব লাগে । ইয়াৰ ভিতৰত স্থায়ী কর্মচাৰী নিয়ােগ এক গুৰুত্বপূৰ্ণ কাৰ্য । কাৰণ এটা সংগঠনৰ কৰ্মচাৰী সকলক প্ৰথমতে পৰিচালক সকলে বা শীর্ষ বিষয়াসকলেহে নিয়োগ কৰে আৰু তাৰ পিছত তেওঁলােকক বিভিন্ন ধৰণে প্রশিক্ষণ দি উপযুক্ত মানৱ সম্পদ হিচাপে তৈয়াৰ কৰে । 

মানব সম্পদ ব্যৱস্থাপনাৰ কাৰণে বিভিন্ন কাৰ্য্যসমূহ তলত বাখ্যা কৰা হ’ল— 

( ক ) উপযুক্ত গুণসম্পন্ন ব্যক্তিৰ সন্ধান কৰি কৰ্মচাৰী সংগ্রহ কৰা । 

( খ ) কর্ম বিশ্লেষণ , কর্ম বর্ণনাৰ বাবে কৰ্ম বিষয়ক তথ্য সংগ্রহ । 

( গ ) কর্মচাৰীসকলৰ সেৱামূলক আৰু উদগনিমূলক আঁচনিৰ বিকাশ । 

( ঘ ) কর্মচাৰীৰ প্রশিক্ষণ আৰু উন্নীতকৰণ । 

গতিকে আমি ক’ব পাৰাে যে স্থায়ী কর্মচাৰী নিয়ােগ মানৱ সম্পদ পৰিচালনাৰ এক গুৰুত্বপূর্ণ  অংশ ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top