Class 12 Business Chapter 1 পৰিচালনাৰ প্রকৃতি আৰু তাৎপর্য

Class 12 Business Chapter 1 পৰিচালনাৰ প্রকৃতি আৰু তাৎপর্য Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 12 Business Chapter 1 পৰিচালনাৰ প্রকৃতি আৰু তাৎপর্য and select needs one.

Class 12 Business Chapter 1 পৰিচালনাৰ প্রকৃতি আৰু তাৎপর্য

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Business Chapter 1 পৰিচালনাৰ প্রকৃতি আৰু তাৎপর্য Solutions for All Subject, You can practice these here…

পৰিচালনাৰ প্রকৃতি আৰু তাৎপর্য 

Chapter : 1

প্ৰথম খণ্ড

অতি চমু উত্তৰ দিয়াঃ ( মূল্যাংকঃ ১ ) 

১ । পৰিচালনাৰ সংজ্ঞা দিয়া । 

উত্তৰঃ এজন ব্যক্তিৰ প্ৰচেষ্টাৰ দ্বাৰা উদ্দেশ্যত উপনীত হ’ব নােৱাৰা কোনাে ব্যক্তি বা ব্যক্তি সমষ্টিয়েই আনলােকৰ হতুৱাই সম্পাদন কৰিবলৈ লােৱা কাম কাজ সমন্বিত কৰাৰ সামগ্রিক পদ্ধতিক পৰিচালনা বােলে । হেনৰি ফেয়লৰ মতে পৰিচালনা মানে পূর্বানুমান আৰু পৰিকল্পনা কৰা , সংগঠিত কৰা , নির্দেশ দিয়া , সমন্বয় সাধন কৰা আৰু নিয়ন্ত্রণ সাধন কৰা’ । 

২। পৰিচালনা সমূলি বিপথগামী । মন্তব্য দিয়া । 

উত্তৰঃ পৰিচালনাৰ উপস্থিতি সর্বত্র।পৰিচালনা অবিহনে ব্যৱসায়িক , সামাজিক অথবা শিক্ষাগত কাৰ্যকলাপবােৰ নিয়াৰিকৈ চলােৱা সম্ভৱপৰ নহয় । দৈনন্দিন জীৱনৰ সকলাে কাম–কাজতেই পৰিচালনা এক অপৰিহাৰ্য্য অংগ । 

৩। পৰিচালনা এটা লক্ষ্য সম্বন্ধীয় প্রণালী নেকি ? 

উত্তৰঃ হয় । পৰিচালনা এটা লক্ষ্য সম্বন্ধীয় প্রণালী 

8। পৰিচালনা কলা অথবা বিজ্ঞান অথবা উভয় কলা আৰু বিজ্ঞান । মন্তব্য কৰা ৷

উত্তৰঃ কলা হৈছে বিজ্ঞানসন্মত জ্ঞানৰ দক্ষতাপূর্ণ প্রয়ােগ ব্যৱস্থা । ইয়াত কলাকাৰৰ ব্যক্তিগত দক্ষতা , ব্যৱহাৰিক জ্ঞান আৰু এইবােৰৰ প্ৰয়ােগেৰে বাস্তৱিক অৱস্থাৰ পৰা সর্বাধিক ফল লাভ কৰা যায় । পৰিচালনা ব্যৱস্থাত পৰিচালকে অৱস্থাসাপেক্ষে ব্যক্তিগত দক্ষতাৰ লগতে আনবােৰ উপাদানৰ প্ৰয়ােগ ঘটায় । এই দৃষ্টিকোণৰ পৰা সাধাৰণ ধাৰণা বা জ্ঞানৰ দক্ষতাপূর্ণ প্রয়ােগেৰে পৰিচালনা কাৰ্য্য সম্পাদনা কৰাত পৰিচালনাক কলা হিচাপে আখ্যা দিয়া হয় । ইয়াৰােপৰি পৰিচালনা অনুশীলনকাৰীসকলৰ সৃষ্টিশীল প্রতিভাৰে মানৱ সম্পদৰ আচৰণ অধ্যয়ন কৰা তাৰ দ্বাৰা মানুহক উদ্দেশ্যৰ উপলদ্ধিতাৰে আকাংখিত কার্যত নিয়ােগ কৰােৱতো পৰিচালনাৰ কলাত্মক গুণৰ প্রয়োগ ঘটায় । এই বিবেচনাৰেও পৰিচালনাক এক কলা বুলি কোৱা হয় ।

আনহাতে বিজ্ঞান হৈছে পর্যৱেক্ষণ আৰু পৰীক্ষা নিৰীক্ষাৰ দ্বাৰা আহৰণ কৰা প্রণালীৱদ্ধ জ্ঞানৰ ভাণ্ডাৰ । বিজ্ঞান পুণৰীক্ষণ যােগ্য হােৱাৰ লগতে ই কাৰণ আৰু ফলাফলৰ মাজত সম্পর্ক স্থাপন কৰে । পৰিচালনাৰ নীতি আৰু জ্ঞানাে অবিৰত পর্যৱেক্ষণৰ পৰা উদ্ভৱ হােৱা , সেইবােৰ সকলােতে প্রযােজ্য হােৱা , পৰিচালনাৰ নীতিয়ে কাৰণ আৰু ফলাফলৰ মাজত সম্পর্ক স্থাপন কৰা পুণৰীক্ষণৰ যােগেদি ভৱিষ্যতৰ ঘটনা জনাৰ আধাৰ হােৱা , ইত্যাদি বিজ্ঞানৰ বিশেষ বৈশিষ্ট ধাৰণ কৰাত পৰিচালনাক এক বিজ্ঞান হিচাপে গণ্য কৰা হয় । 

৫। পৰিচালনা বহুমুখী । পৰিচালনাৰ যিকোনাে এটা দিশৰ বিষয়ে লিখা । 

উত্তৰঃ ব্যৱস্থাপনাৰ জটিল কার্যাৱলীত তলত উল্লেখ কৰা তিনিটা মূল দিশ থকা হেতুকে ইয়াক বহুমুখী দিক বিশিষ্টৰ ধাৰণা বুলি বিবেচনা কৰা হয় । 

( ক ) কর্মক্ষেত্ৰত ব্যৱস্থাপনা । 

( খ ) ব্যক্তিসকলৰ ব্যৱস্থাপনা । আৰু 

( গ ) কার্যৰূপায়নৰ ব্যৱস্থাপনা । 

৬। পৰিচালনা এটা গতিশীল প্রক্রিয়া বুলি ভবা নেকি ? মন্তব্য কৰা  । 

উত্তৰঃ হয় । পৰিচালনা এটা গতিশীল আৰু ধাৰাবাহিক প্রক্রিয়া । ব্যৱসায় সংগঠন এটা প্ৰতিটো স্তৰতে আৰু আৰম্ভণিৰ পৰা শেষলৈকে পৰিচালনা দৰকাৰী । 

৭। লাভ অর্জনেই পৰিচালনাৰ মূল লক্ষ্য । হয় নে নহয় কোৱা । 

উত্তৰঃ নহয় । পৰিচালনাৰ বিভিন্ন দিশ আছে । লাভ অর্জন কেৱল এইবােৰৰ মাজৰ এটা । 

৮ । পৰিচালনা এটা বহুমুখী কাৰ্য্য নেকি ? 

উত্তৰঃ ব্যৱস্থাপনাৰ জটিল কার্যাৱলীত তলত উল্লেখ কৰা তিনিটা মূল দিশ থকা হেতুকে ইয়াক বহুমুখী দিক বিশিষ্টৰ ধাৰণা বুলি বিবেচনা কৰা হয় ।

( ক ) কর্মক্ষেত্ৰত ব্যৱস্থাপনা ।

( খ ) ব্যক্তিসকলৰ ব্যৱস্থাপনা । আৰু 

( গ ) কার্যৰূপায়নৰ ব্যৱস্থাপনা । 

৯। পৰিচালনাৰ নীতিবােৰ বিশুদ্ধ বিজ্ঞান নহয় । মন্তব্য কৰা । 

উত্তৰঃ পৰিচালনাৰ নীতিবােৰ বিশুদ্ধ বিজ্ঞান নহয় কিয়নাে এইবােৰ আপেক্ষিক । 

১০। পৰিচালনাৰ নীতিবােৰ সার্বজনীন বুলি কোৱা হয় কিয় ? 

উত্তৰঃ পৰিচালনাৰ নীতিবোৰ সার্বজনীন কিয়নাে সকলাে ধৰণৰ সংগঠন আৰু পৰিস্থিতিত ইয়াৰ ব্যৱহাৰ বিদ্যমান । 

১১। পৰিকল্পনাই ভৱিষ্যতৰ সাল – সলনি আৰু অনিশ্বয়তা দূৰ কৰে । তুমি সম্মত হয়নে ? মতামত দিয়া । 

উত্তৰঃ হয় । পৰিকল্পনাই ভৱিষ্যতৰ অনিশ্চয়তা বহু পৰিমাণে দূৰ কৰে । 

১২। কোনটো স্তৰত ব্যৱসায়ৰ নীতি নির্ধাৰণ কৰা হয় ? 

উত্তৰঃ ব্যৱসায়ৰ নীতি নির্ধাৰণ শীর্ষ স্তৰত কৰা হয় । 

১৩। সমন্বয় সাধন পৰিচালনাৰ এটা কাৰ্য্য নহয় বুলি ভবা নেকি ? 

উত্তৰঃ নাভাবাে । সমন্বয় সাধন পৰিচালনাৰ ভিতৰৰে এক অংগ । 

১৪। ‘দক্ষতা’ বুলিলে কি বুজা ? 

উত্তৰঃ দক্ষতা বুলিলে কোনাে এক কার্য সঠিক সময়ত সূচাৰুৰূপে পালন কৰাকে বুজায় । 

১৫। মধ্যস্তৰীয় পৰিচালনাত কোন কোন থাকে ? 

উত্তৰঃ মধ্যস্তৰীয় পৰিচালনাৰ অন্তর্ভূক্ত বিভাগীয় পৰিচালকসকল হ’ল-দন পৰিচালক , বিত্ত পৰিচালক ইত্যাদি । 

১৬৷ পৰিচালনাৰ দুটা সামাজিক দিশ উল্লেখ কৰা । 

উত্তৰঃ পৰিচালনাৰ দুটা সামাজিক দিশ হ’ল— 

( ক ) উন্নত মানৰ সামগ্রী উৎপাদন কৰা । আৰু 

( খ ) গ্রাহকৰ চাহিদা অনুযায়ী কম মূল্যত পণ্য যােগান ধৰা ।

চমু উত্তৰ দিয়া -( মূল্যাংক : ১/৩ ) 

১৭। পৰিচালনা এটা লক্ষ্যমুখী প্রক্রিয়া । ব্যাখ্যা কৰা । 

উত্তৰঃ ( ক ) পৰিচালনা এক লক্ষ্যমুখী প্রক্রিয়া :-  যিকোনাে সংগঠনৰে কিছুমান লক্ষ্য থাকে আৰু এই লক্ষ্যৰ ওপৰতেই সংগঠনটো বৰ্ত্তি থাকে । লক্ষ্যসমূহ সহজ সৰল হােৱাৰ উপৰিও স্পষ্ট হ’ব লাগে । পৰিচালনা হৈছে সংগঠনত বিভিন্ন ব্যক্তিৰ চেষ্টাক একগােট কৰি লক্ষ্যত উপনীত হােৱা কার্য । 

( খ )পৰিচালনা সর্বব্যাপক :- ব্যৱসায় সংগঠনৰ সকলােবিলাক কাৰ্যতে ব্যৱস্থাপনা বিদ্যমান । ইয়াৰ উপৰিও অনা বিত্তীয় প্রতিষ্ঠান , সামাজিক ও ৰাজনৈতিক সংগঠন ইত্যাদি সকলাে প্রতিষ্ঠানতেই ব্যৱস্থাপনা সাঙোৰ খাই থাকে । 

( গ ) পৰিচালনাৰ আয়তনৰ পৰিমাণ বহুমুখী :- ব্যৱস্থাপনাৰ জটিল কার্যাৱলীত মূল দিশ তিনিটা হল – 

( i ) কর্মক্ষেত্ৰত ব্যৱস্থাপনা :- সংগঠন এটা বর্তি থাকে কিছুমান কার্য সমাধানৰ দ্বাৰা । ব্যৱস্থাপনাই লক্ষ্যত উপনীত হ’বৰ বাবে কৰ্মৰ আঁচনি তৈয়াৰ কৰি ব্যক্তিসকলক কর্ম আৰোপ কৰে । ব্যৱসায়ৰ বিভিন্ন 

সমস্যা সমাধানৰ উদ্দেশ্যৰে সিদ্ধান্ত গ্রহণ , বাজেট প্রস্তুত কৰা , দায়িত্ব আৰােপ কৰা আৰু কর্তৃত্ব প্রদান কৰা হয় । 

( ii ) ব্যক্তিসকলৰ পৰিচালনা :-যিকোনাে সংগঠনত ব্যক্তিসকল হৈছে ডাঙৰ সম্পদ । প্রযুক্তিবিদ্যাৰ বিকাশ হােৱা স্বত্বেও পৰিচালক সকলৰ মুখ্য কাম হৈছে আনৰ হতুৱাই কার্য সম্পাদন কৰােৱা । 

( iii ) কার্যৰূপায়নৰ ব্যৱস্থাপনা :- যিকোনাে ধৰণৰ ব্যৱসায় সংগটন তিষ্টি থাকিবলৈ হ’লে মূল উৎপাদিত সামগ্ৰী আৰু সেৱা গ্ৰাহকসকললৈ আগবঢ়াব লাগিব । উৎপাদন প্রক্রিয়া আৰু সেৱাৰ বাবে কৰ্ম আৰু ব্যক্তিসকলৰ আন্তঃসম্পর্ক জৰিত হৈ থাকে । 

১৮। পেশা হিচাপে পৰিচালনাৰ মুখ্য চৰিত্ৰসমূহ আলােচনা কৰা । 

উত্তৰঃ পৰিচালনাক পেশা হিচাপে গ্ৰহণ কৰাৰ কাৰণসমূহ তলত উল্লেখ কৰা হলঃ 

( ক ) আধুনিক সংগঠনবােৰত পৰিচালনাৰ নীতি নিয়মবােৰ আৰু কৌশলসমূহ অপৰিহাৰ্য্য । সেই গতিকেই পৰিচালনা সম্বন্ধীয় আনুষ্ঠানিক শিক্ষা আৰু প্রশিক্ষণ দৰকাৰী ।

( খ ) পৰিচালক হ’বলৈ হ’লে এজন পৰিচালকৰ সামাজিক দায়বদ্ধতা জ্ঞান থকাটো অতি প্রয়ােজনীয় । 

১৯। পৰিচালনা এটা হিচাপৰক্ষণ , চিকিৎসা সম্বন্ধীয় আৰু আইন সম্বন্ধীয় পেশাৰ দৰে । মতাতম দিয়া । 

উত্তৰঃ পৰিচালনা এটা হিচাপৰক্ষণ , চিকিৎসা সম্বন্ধীয় আৰু আইন সম্বন্ধীয় পেশাৰ দৰে । কাৰণ — 

(ক ) পৰিচালকসকলে তলতীয়া কৰ্মচাৰীসকলক উৎসাহ উদ্দীপনা যােগায় । 

( খ ) পৰিচালকসকলে দৰকাৰী দ্রব্য বজাৰত ভােত্তালৈ আগবঢ়াই সমাজৰ সেৱা কৰে । 

২০। পৰিচালক এক কার্য হিচাপে সংক্ষেপে আলােচনা কৰা । 

উত্তৰঃ ব্যৱসায়ৰ উদ্দেশ্য পূৰণৰ বাবে প্রশাসনে লােৱা নীতি আৰু সিদ্ধান্তসমূহক পৰিচালনাই কার্যকৰী কৰে । প্ৰতিটো ব্যৱসায় সংগঠনৰ লক্ষ্য হৈছে কম ব্যয়ৰ যােগেদি অধিক উৎপাদন কৰা ।

২১। শীর্ষ পৰিচালনাৰ তিনিটা কার্য লিখা । 

উত্তৰঃ শীর্ষ পৰিচালনাৰ তিনিটা কার্যহল— 

( ক ) প্রতিষ্ঠানৰ মৌলিক উদ্দেশ্য স্থাপন কৰা ।

( খ ) মৌলিক উদ্দেশ্যত উপনীত হ’বলৈ কৌশল উন্নীত কৰা । 

( গ ) পৰিচালনাত মধ্যম আৰু নিম্ন স্তৰৰ ব্যক্তি নিয়ােগ কৰা । 

২২। নিম্ন পৰিচালনাৰ তিনিটা কার্য উল্লেখ কৰা । 

উত্তৰঃ নিম্ন পৰিচালনাৰ তিনিটা কার্য হল— 

( ক ) মধ্যম পৰিচালনাৰ পৰামর্শমতে কাম কৰা । 

( খ ) কার্য কর্তাসকলৰ দ্বাৰা সর্বোত্তম কার্য সমাধানকৰণত আৱশ্যকীয় পৰামর্শ দিয়া । আৰু

( গ ) সুস্থ কর্ম পৰিৱেশ গঢ়ি তােলা । 

২৩। সমন্বয় সাধক আৰু সহযােগী পৰিচালনাৰ মাজত পার্থক্য দেখুওৱা । 

২৪ । পেশাৰ প্ৰকৃতিবােৰ কি কি ? 

উত্তৰঃ পেশাৰ প্ৰকৃতিবােৰ হ’ল–

( ক ) আধুনিক সংগঠনবােৰত পৰিচালনাৰ নীতি নিয়মবােৰ আৰু কৌশলসমূহ অপৰিহাৰ্য্য । সেই গতিকেই পৰিচালনা সম্বন্ধীয় আনুষ্ঠানিক শিক্ষা আৰু প্রশিক্ষণ দৰকাৰী ।

( খ ) পৰিচালক হ’বলৈ হ’লে এজন পৰিচালকৰ সামাজিক দায়বদ্ধতা জ্ঞান থকাটো অতি প্রয়ােজনীয় । 

২৫। উদ্দেশ্য সমন্বিত পৰিচালনা কি ? ব্যাখ্যা কৰা । 

উত্তৰঃ উদ্দেশ্য সমন্বিত পৰিচালনা আধুনিক পৰিচালনাৰ এক নতুন কৌশল । ই এনে এটা পৰিচালনা য’ত উচ্চস্তৰৰ বিষয়া আৰু নিম্নস্তৰৰ 

বিষয়াসকলে সমূহীয়াভাৱে সংগঠনৰ উদ্দেশ্য আৰু লক্ষ্য নির্ধাৰণ কৰা হয় । ইয়াত সংগঠনটোৰ সমূহীয়া লক্ষ্যত উপনীত হ’বলৈ ব্যক্তিগত দায়িত্ববােৰ নিৰ্দ্ধাৰণ কৰা হয় আৰু আপেক্ষিকভাৱে সামূহিক ফলাফল নির্ণয় কৰা হয় । 

২৬। ৰমেন এটি বৃহৎ বাণিজ্যিক প্রতিষ্ঠানৰ উত্তৰ – পূব শাখাৰ পৰিচালক । তেওঁ সংগঠনৰ কোনটো স্তৰৰ পৰিচালক ? তেওঁৰ মুখ্য কামকাজবােৰ কি কি ?

উত্তৰঃ ৰমেন সংগঠনটোৰ মধ্যম পৰ্য্যায়ৰ পৰিচালক । তেওঁৰ মূখ্য কাম – কাজবােৰ হ’ল– 

( ক ) উচ্চস্তৰৰ নীতি – নিয়মবােৰ কাৰ্যকৰীকৰণ । 

( খ ) তেওঁৰ তলতীয়া বিভাগবােৰৰ বাবে পৰিকল্পনা আৰু বাজেট প্রস্তুতকৰণ । 

( গ ) তেওঁ তলতীয়া কৰ্মচাৰী নিয়োগ আৰু প্রশিক্ষণত সহায় কৰে ।

( গ ) চমু উত্তৰ দিয়া – ( মূল্যাংক : ২/৪ ) 

২৭। পৰিচালনাক কিয় বহুমুখী ধাৰণা বুলি গণ্য কৰা হয় ? 

উত্তৰঃ পৰিচালনা এটা বহুমুখী ধাৰণা কাৰণ ই এটা বহুমুখী বিষয় আৰু ইয়াক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰিব পাৰি । যেনে –

( ক ) কাৰ্যৰ পৰিচালনা ।

( খ ) মানুহৰ পৰিচালনা । আৰু 

( গ ) সংগঠনৰ পৰিচালনা । 

সাধাৰণতে পৰিচালনাই মানৱ সম্পদৰ সহায়ত বিভিন্ন দ্রব্য সামগ্ৰীৰ উৎপাদন কাৰ্য্যত জড়িত হৈ থাকে । ইয়াৰ উপৰিও পৰিচালনাই , নির্দেশকৰণ নিয়ন্ত্রণ সাধন , স্থায়ী কর্মচাৰী নিয়োগ ইত্যাদি বিভিন্ন কার্য সম্পাদন কৰিবলগীয়া হয় । 

পৰিচালনাই বিভিন্ন ধৰণৰ উপভোক্তাৰ ৰুচি – অভিৰুচি ইত্যাদিৰ কথাও চিন্তা কৰিবলগীয়া হয় । আৰু সেই অনুসৰি বজাৰত বিভিন্ন দ্রব্য সামগ্ৰীৰ যােগান ধৰিব লগা হয় । ইয়াৰ উপৰিও পৰিচালনাই সামাজিক দায়বদ্ধতাৰ প্ৰতিও লক্ষ্য ৰাখিবলগীয়া হয় । 

২৮। পৰিচালনাৰ চৰিত্ৰসমূহ চমুকৈ আলােচনা কৰা । 

উত্তৰঃ পৰিচালনাৰ চৰিত্ৰসমূহ তলত উল্লেখ কৰা হ’ল— 

( ক ) পৰিচালনা এক বিজ্ঞান :- পৰিচালনাক পূর্ণ বিজ্ঞান বুলি কব নােৱাৰি কাৰণ ইয়াৰ নীতি নিয়মবােৰ পৰিস্থিতিৰ ওপৰত অধিষ্ঠিত । আৰু ই সকলাে সময়তে একে ফলাফল নিদিয়ে । সেইবাবে পৰিচালনাক সমাজ বিজ্ঞান হিচাপে গণ্য কৰা হয় । 

( খ ) পৰিচালনা এক কলা :- কলা হৈছে বিজ্ঞানসন্মত জ্ঞানৰ দক্ষতাপূর্ণ প্রয়ােগ ব্যবস্থা , কাৰণ কলাত ফলাফল ব্যক্তিগত দক্ষতা ব্যৱহাৰিক জ্ঞান আৰু এইবােৰৰ প্ৰয়ােগেৰে সর্বাধিক ফল লাভ কৰিব পাৰি । ঠিক তেনেদৰে পৰিচালাতত এজন পৰিচালকৰ ব্যক্তিগত দক্ষতা , ব্যৱহাৰিক জ্ঞানৰ ওপৰত সংগঠন এটাৰ সফলতা নির্ভৰ কৰে ।

( গ ) পৰিচালনা এক বৃত্তি :- পৰিচালনা এক বৃত্তি কাৰণ বৃত্তিৰ দৰে পৰিচালনাতো প্রণালীবদ্ধ 

আৰু শৃংখলাবদ্ধ জ্ঞানৰ উন্নয়ন ঘটে । পৰ্যবেক্ষণ , পৰীক্ষা – নিৰীক্ষাৰ জৰিয়তে পৰিচালকসকলে নীতি , তত্ত্ব , কৌশল আদিৰ দীর্ঘকালজোৰা উন্নয়ন সাধনেৰে পৰিচালনাক বৃত্তিত পৰিণত কৰিছে । 

২৯৷ পৰিচালনাৰ আৱশ্যকতাসমূহ চমুকৈ আলােচনা কৰা । 

উত্তৰঃ পৰিচালনাৰ গুৰুত্ব আৰু তাৎপর্যসমূহ হ’ল— 

( ক ) দলীয় উদ্দেশ্য সম্পাদন কৰা পৰিচালনাই মানৱ সম্পদ আৰু অন্যান্য সম্পদ একেলগ কৰে আৰু এটা সংগঠন গঢ়ি তুলি ইয়াৰ বিভিন্ন বিভাগ আৰু স্তৰৰ কৰ্মচাৰীৰ মাজত উদ্দেশ্য দাঙি ধৰে ।সংগঠনৰ কৰ্মচাৰীক কামলৈ সাজু কৰি এইদৰে উদ্দেশ্যত উপনীত হােৱাত পৰিচালনাই নেতৃত্ব দিয়ে । 

( খ ) সম্পদৰ প্ৰকাম্য ব্যৱহাৰ নিশ্চিত কৰা :-  উৎপাদনৰ উল্লেখযােগ্য উপাদানবােৰ হৈছে- ভূমি , শ্রম , মূলধন , সংগঠন আৰু পৰিচালনা । ইয়াৰে পৰিচালনা অবিহনে অন্য উপাদানসমূহ নিষ্ক্রিয় আৰু নিষ্প্রভ হৈ পৰে , কিয়নাে পৰিচালনাইহে মাথােন অন্যান্য সম্পদৰ প্ৰকাম্য ব্যৱহাৰ নিশ্চিত কৰে । 

( গ ) ব্যয় সর্বনিম্ন কৰা :- বৰ্দ্ধিত প্রতিযােগিতা প্রতিৰোধ কৰিবলৈ আৰু ব্যৱসায় জগতত তিষ্ঠি থাকিবলৈ হ’লে ব্যৱসায়ে সর্বনিম্ন উন্নত মানৰ পণ্য সামগ্রী প্রস্তুত কৰিব লাগিব । এই ক্ষেত্ৰত পৰিচালনাইহে ইয়াৰ উন্নত পৰিকল্পনা , সুস্থ সংগঠন , আৱশ্যকীয় সমন্বয় সাধন আৰু নিয়ন্ত্রণ সাধনৰ জৰিয়তে উৎপাদন ব্যয় হ্রাস কৰিব পাৰে । 

( ঘ ) নতুনত্বৰ প্ৰয়ােগ ঘটোৱা :- পৰিচালনাই পৰিবৰ্তিত ৰুচি , চাহিদা আদিৰ ভিত্তিত নতুন নতুন উৎপাদন আৰু সেৱা আগবঢ়াই ভােক্তা সমাজক সন্তুষ্ট কৰিব পাৰে । 

( ঙ ) লাভ বৃদ্ধি কৰণ :- পৰিচালনাই লাভৰ মাত্রা বৃদ্ধিৰ সুযােগ আনে আৰু প্ৰকাৰন্তৰে ব্যবসায় প্রতিষ্ঠানক বিকাশমুখী আৰু উন্নত কৰি তােলাত সহায় কৰে । 

( চ ) সুস্থ ভাবে ব্যৱসায় চলাই নিয়া :- পৰিচালনাই ইয়াৰ উন্নত পৰিকল্পনা সুস্থ সংগঠন আৰু ফলপ্রসূ পৰিকল্পনাৰে পাৰদৰ্শী আৰু সুস্থ ব্যৱসায় বা ব্যৱসায়িক কাম কাজ চলাই নিয়াতাে নিশ্চিত কৰে । 

( ছ ) সামাজিক উপকাৰ :- জনজীৱনৰ জীৱিকা নির্বাহৰ মানদণ্ড উন্নতীকৰণ , সম্পদৰ প্রকাম্য ব্যৱহাৰ আৰু ভােগ , নিয়ােগ আদিৰে 

শান্তি প্রতিষ্ঠা কৰাত বৰঙণি যােগাই পৰিচালনাই সামাজিক উপকাৰ সাধন কৰে । 

( জ ) বিকাশ আৰু পৰিৱৰ্তন নিশ্চিত কৰা :-  পৰিচালনাই ব্যৱসায় প্রতিষ্ঠানক পৰিৱর্তিত পৰিস্থিতিত কাম – কাজ চলাই নিয়া আৰু ইয়াক বিকাশমুখী কৰি তােলাত সহায় কৰে । 

( ঝ ) জাতিৰ অর্থনৈতিক উন্নয়নত গুৰুত্ব :- অনুন্নত আৰু উন্নয়নশীল দেশ অর্থনৈতিক উন্নয়নত পৰিচালনাৰ গুৰুত্ব যথেষ্ট । উদাহৰণস্বৰূপে — ভাৰতৰ দৰে জনবহুল দেশত , য’ত উৎপাদনশীলতা নিম্ন হােৱাৰ লগতে সম্পদ সীমিত তেনে দেশত পৰিচালনাই মানৱ সম্পদ আৰু অন্যান্য সম্পদৰ উপযুক্ত পৰিচালনাৰে উৎপাদনশীলতা বৃদ্ধি কৰিব পাৰে । 

( ঞ ) জটিলতাৰ সৰলীকৰণ :- মানৱ সম্পদৰ গুৰুত্ব আৰু ইয়াৰ পৰিচালনা সম্পর্কত সতর্কতা বৃদ্ধি পােৱাৰ লগে লগে পৰিচালনাৰ কাম কাজো জটিল হৈ পৰিছে । এই জটিলতাৰে সৰল কৰি তুলিবলৈ পৰিচালনাৰ গুৰুত্ব যথেষ্ট বৃদ্ধি পাইছে । 

৩০৷ পৰিচালনা এটা পেশা বুলি ভবা নেকি ? বহলাই লিখা । 

উত্তৰঃ পৰিচালনাক পেশা হিচাপে ভাবো । পৰিচালনাক পেশা হিচাপে ভবাৰ কাৰণসমূহ তলত উল্লেখ কৰা হলঃ 

( ক ) আধুনিক সংগঠনবােৰত পৰিচালনাৰ নীতি নিয়মবােৰ আৰু কৌশলসমূহ অপৰিহাৰ্য্য । সেই গতিকেই পৰিচালনা সম্বন্ধীয় আনুষ্ঠানিক শিক্ষা আৰু প্রশিক্ষণ দৰকাৰী ।

( খ ) পৰিচালক হ’বলৈ হ’লে এজন পৰিচালকৰ সামাজিক দায়বদ্ধতা জ্ঞান থকাটো অতি প্রয়ােজনীয় । 

৩১। সমন্বয় সাধন আৰু নিয়ন্ত্রণ সাধনৰ মাজত পার্থক্য দেখুওৱা । 

৩২। ব্যৱসায়ত পৰিচালনাই কেনে ধৰণৰ উল্লেখনীয় অৱদান আগবঢ়াইছে ? 

উত্তৰঃ ব্যৱসায়ত পৰিচালনাই কেনে ধৰণৰ উল্লেখনীয় অৱদান আগবঢ়াইছে তলত উল্লেখ কৰা হ’ল–

( ক ) দলীয় উদ্দেশ্য সম্পাদন কৰা পৰিচালনাই মানৱ সম্পদ আৰু অন্যান্য সম্পদ একেলগ কৰে আৰু এটা সংগঠন গঢ়ি তুলি ইয়াৰ বিভিন্ন বিভাগ আৰু স্তৰৰ কৰ্মচাৰীৰ মাজত উদ্দেশ্য দাঙি ধৰে ।সংগঠনৰ কৰ্মচাৰীক কামলৈ সাজু কৰি এইদৰে উদ্দেশ্যত উপনীত হােৱাত পৰিচালনাই নেতৃত্ব দিয়ে । 

( খ ) সম্পদৰ প্ৰকাম্য ব্যৱহাৰ নিশ্চিত কৰা :-  উৎপাদনৰ উল্লেখযােগ্য উপাদানবােৰ হৈছে- ভূমি , শ্রম , মূলধন , সংগঠন আৰু পৰিচালনা । ইয়াৰে পৰিচালনা অবিহনে অন্য উপাদানসমূহ নিষ্ক্রিয় আৰু নিষ্প্রভ হৈ পৰে , কিয়নাে পৰিচালনাইহে মাথােন অন্যান্য সম্পদৰ প্ৰকাম্য ব্যৱহাৰ নিশ্চিত কৰে । 

( গ ) ব্যয় সর্বনিম্ন কৰা :- বৰ্দ্ধিত প্রতিযােগিতা প্রতিৰোধ কৰিবলৈ আৰু ব্যৱসায় জগতত তিষ্ঠি থাকিবলৈ হ’লে ব্যৱসায়ে সর্বনিম্ন উন্নত মানৰ পণ্য সামগ্রী প্রস্তুত কৰিব লাগিব । এই ক্ষেত্ৰত পৰিচালনাইহে ইয়াৰ উন্নত পৰিকল্পনা , সুস্থ সংগঠন , আৱশ্যকীয় সমন্বয় সাধন আৰু নিয়ন্ত্রণ সাধনৰ জৰিয়তে উৎপাদন ব্যয় হ্রাস কৰিব পাৰে । 

( ঘ ) নতুনত্বৰ প্ৰয়ােগ ঘটোৱা :- পৰিচালনাই পৰিবৰ্তিত ৰুচি , চাহিদা আদিৰ ভিত্তিত নতুন নতুন উৎপাদন আৰু সেৱা আগবঢ়াই ভােক্তা সমাজক সন্তুষ্ট কৰিব পাৰে । 

( ঙ ) লাভ বৃদ্ধি কৰণ :- পৰিচালনাই লাভৰ মাত্রা বৃদ্ধিৰ সুযােগ আনে আৰু প্ৰকাৰন্তৰে ব্যবসায় প্রতিষ্ঠানক বিকাশমুখী আৰু উন্নত কৰি তােলাত সহায় কৰে । 

( চ ) সুস্থ ভাবে ব্যৱসায় চলাই নিয়া :- পৰিচালনাই ইয়াৰ উন্নত পৰিকল্পনা সুস্থ সংগঠন আৰু ফলপ্রসূ পৰিকল্পনাৰে পাৰদৰ্শী আৰু সুস্থ ব্যৱসায় বা ব্যৱসায়িক কাম কাজ চলাই নিয়াতাে নিশ্চিত কৰে । 

( ছ ) সামাজিক উপকাৰ :- জনজীৱনৰ জীৱিকা নির্বাহৰ মানদণ্ড উন্নতীকৰণ , সম্পদৰ প্রকাম্য ব্যৱহাৰ আৰু ভােগ , নিয়ােগ আদিৰে শান্তি প্রতিষ্ঠা কৰাত বৰঙণি যােগাই পৰিচালনাই সামাজিক উপকাৰ সাধন কৰে । 

( জ ) বিকাশ আৰু পৰিৱৰ্তন নিশ্চিত কৰা :-  পৰিচালনাই ব্যৱসায় প্রতিষ্ঠানক পৰিৱর্তিত পৰিস্থিতিত কাম – কাজ চলাই নিয়া আৰু ইয়াক বিকাশমুখী কৰি তােলাত সহায় কৰে । 

( ঝ ) জাতিৰ অর্থনৈতিক উন্নয়নত গুৰুত্ব :- অনুন্নত আৰু উন্নয়নশীল দেশ অর্থনৈতিক উন্নয়নত পৰিচালনাৰ গুৰুত্ব যথেষ্ট । উদাহৰণস্বৰূপে — ভাৰতৰ দৰে জনবহুল দেশত , য’ত উৎপাদনশীলতা নিম্ন হােৱাৰ লগতে সম্পদ সীমিত তেনে দেশত পৰিচালনাই মানৱ সম্পদ আৰু অন্যান্য সম্পদৰ উপযুক্ত পৰিচালনাৰে উৎপাদনশীলতা বৃদ্ধি কৰিব পাৰে । 

( ঞ ) জটিলতাৰ সৰলীকৰণ :- মানৱ সম্পদৰ গুৰুত্ব আৰু ইয়াৰ পৰিচালনা সম্পর্কত সতর্কতা বৃদ্ধি পােৱাৰ লগে লগে পৰিচালনাৰ কাম কাজো জটিল হৈ পৰিছে । এই জটিলতাৰে সৰল কৰি তুলিবলৈ পৰিচালনাৰ গুৰুত্ব যথেষ্ট বৃদ্ধি পাইছে । 

৩৩। সমন্বয় সাধনৰ চৰিত্ৰসমূহ চমুকৈ আলােচনা কৰা । 

উত্তৰঃ সমন্বয় সাধনৰ চৰিত্ৰসমূহ হ’লঃ 

( ক ) সমন্বয় সাধন হৈছে এটা প্রতিষ্ঠানৰ সুস্থ কাম– কাজ নিশ্চিত কৰিবলৈ কাম–কাজৰ মাজত ঐক্য সাধন বা মিলকৰণ কৰাৰ এক প্রক্রিয়া ।

( খ ) ই ব্যৱস্থাৰ বিভিন্ন বিভাগৰ মাজত সর্বনিম্ন সংঘর্ষ আৰু সৰ্বাধিক সংহতিৰে উদ্দেশ্যত সাফল্য লাভ নিশ্চিত কৰা এক প্রচেষ্টা । 

( গ ) সমন্বয় সাধন হৈছে পৰিকল্পনাকৰণ , সংগঠনকৰণ , কামলৈ উদ্গতি যােগােৱা বা অনুপ্রাণিত কৰা আৰু নিয়ন্ত্রণ সাধন কৰাৰ জৰিয়তে ব্যৱসায়ৰ লক্ষ্যত উপনীত হােৱাৰ প্রচেষ্টা । 

( ঘ ) সমন্বয় সাধন হৈছে পৰিচালনাৰ অন্যান্য কার্যৰ এটা গুৰুত্বপূর্ণ কার্য । 

( ঙ ) প্ৰতিটো পৰিচালনীয় কার্যই সমন্বয় সাধনৰ লগত জড়িত হয় ।

See Next Page No Below…

1 thought on “Class 12 Business Chapter 1 পৰিচালনাৰ প্রকৃতি আৰু তাৎপর্য”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top