Class 12 Business Chapter 10 বিত্তীয় বজাৰ

Class 12 Business Chapter 10 বিত্তীয় বজাৰ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 12 Business Chapter 10 বিত্তীয় বজাৰ and select needs one.

Class 12 Business Chapter 10 বিত্তীয় বজাৰ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given Assam Board Class 12 Business Chapter 10 বিত্তীয় বজাৰ Solutions for All Subject, You can practice these here.

বিত্তীয় বজাৰ

Chapter : 10

দ্বিতীয় খণ্ড

অতি চমু উত্তৰ দিয়াঃ ( মূল্যাংকঃ ১ ) 

১। ভাৰতৰ আটাইতকৈ পুৰণি প্রতিভূতি বিনিময় কেন্দ্ৰটো কি ? 

উত্তৰঃ মুম্বাই ষ্টক বিনিময় কেন্দ্র । 

২। কোনটো প্রতিভূতি বিনিময় কেন্দ্রৰ লগত ‘ চেনসেক্স’ আৰু ‘নিফৰ্টী’এই ধাৰণা দুটা জড়িত ? 

উত্তৰঃ ‘চেনমেক্স’ ধাৰণাটো মুম্বাই ষ্টক বজাৰ আৰু ‘ নিফটী ’ ধাৰণাটো জাতীয় ষ্টক বিনিময় কেন্দ্ৰৰ সৈতে জড়িত । 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৩। ভাৰতত প্রতিভূতি বিনিময়ৰ নিয়মকানুন চম্ভালিবলৈ কোনটো বিধিসম্মত সংস্থাই কাম কৰে ? 

উত্তৰঃ চেবি ( SEBI ) 

৪। কোন বছৰত ‘ছেবি’ৰ সংস্থাপন হৈছিল ? 

উত্তৰঃ 1992

৫। মুদ্রা বজাৰত কেনে ধৰণৰ দলিলৰ ব্যৱসায় কৰা হয় ? 

উত্তৰঃ এবছৰতকৈ কম সময়ত ম্যাদ পূর্ণ হােৱা দলিল । 

৬। প্রাথমিক বজাৰৰ আন এটা নাম কি ?

উত্তৰঃ নতুন বিলি বজাৰ । 

৭। এটা কোম্পানীয়ে বজাৰত প্ৰতিভূতি মেলি দিয়াৰ দুটা উপায় উল্লেখ কৰা । 

উত্তৰঃ ( ক ) অনুষ্ঠান পত্ৰৰ জৰিয়তে জনসাধাৰনক বিলি । আৰু

( খ ) বিক্ৰীৰ বাবে প্ৰস্তাৱ ।

৮। মুদ্রা বজাৰত সঘন ব্যৱহৃত দুইবিধ দলিলৰ নাম লিখা । 

উত্তৰঃ ( ক ) তলবী মুদ্রা বা ঋণ । আৰু

( খ ) ট্রেজাৰী বিল বা কোষাগাৰ বিল । 

৯ । দীঘলীয়া বিত্ত বিনিয়ােগৰ বজাৰখনৰ নাম লিখা । 

উত্তৰঃ পূজিবজাৰ ।

১০। মুদ্রা বজাৰত ক্রয় – বিক্রয় হােৱা দলিলবােৰৰ সময়সীমা কিমান ? 

উত্তৰঃ এবছৰ । 

১১। দুখন বাণিজ্যিক দলিলৰ নাম লিখা । 

উত্তৰঃ ( ক ) চার্টিফিকেট অফ ডিপােজিত । আৰু

( খ ) ট্রেজাৰী বিল । 

১২। SEBI সম্পূর্ণ নাম কি ?

উত্তৰঃ Securities Exchange Board of India . 

১৩। মূলধনী বজাৰৰ ভাগবােৰ কি ? 

উত্তৰঃ প্রাথমিক বজাৰ আৰু গৌণ বজাৰ । 

১৪ । কোনখন বজাৰত প্ৰথমবাৰৰ বাবে ছিকিউৰিটি বিক্ৰী কৰা হয় ? 

উত্তৰঃ প্রাথমিক বজাৰ । 

১৫ । কোনখন বজাৰত পুৰণা চিকিউৰিটি বিক্ৰী কৰা হয় ? 

উত্তৰঃ গৌণ বজাৰত । 

১৬। ট্রেজাৰী বিলত সুত দিয়া হয়নে ? 

উত্তৰঃ হয় ।

( খ ) চমু উত্তৰ দিয়া ( মূল্যাংক : ১/৩ ) 

১৭। মুদ্রা বজাৰ কি ? বুজাই লিখা । 

উত্তৰঃ যি কেন্দ্রত হ্রস্বকালীন মুদ্রা বিষয়ক পৰিসম্পদৰ লেন – দেন হয় তাকে মুদ্রা বজাৰ বােলে । অধ্যাপক জি , ক্রাউথাৰৰ মতে “ বিভিন্ন পর্যায়ৰ মুদ্রাসদৃশ বস্তুৰ লেন – দেন কৰা অনুষ্ঠান প্রতিষ্ঠানক দিয়া সামুহিক নাম হৈছে মুদ্রা বজাৰ । 

১৮। মূলধনী বজাৰ কি ? 

উত্তৰঃ যি কেন্দ্ৰত দীর্ঘম্যাদী পূজি সম্পৰ্কীয় প্রতিভূতিৰ ক্রয় – বিক্রয় হয় তাকে পুঁজি বজাৰ বা মূলধনী বজাৰ বােলে । ইয়াত দীর্ঘম্যাদী আৰু মধ্যকালীন সময়ৰ প্ৰতিভূতিৰ আৰু ঋণপুঁজি ধাৰলৈ দিয়া আৰু লােৱা সকলাে প্ৰকাৰ সা – সুবিধা আৰু ব্যৱস্থা থাকে । 

১৯। মুদ্রা বজাৰৰ তিনিটা চৰিত্ৰ উল্লেখ কৰা । 

উত্তৰঃ ভাৰতীয় মুদ্রা বজাৰৰ চৰিত্ৰসমূহ হ’ল— 

( ক ) দুতৰপীয়া মুদ্রা বজাৰ :- ভাৰতীয় মুদ্রা বজাৰ দুতৰপীয়া অর্থাৎ সংগঠিত আৰু অসংগঠিত হিচাপে দ্বিখণ্ডিত হৈ আছে । সংগঠিত মুদ্রা বজাৰৰ অন্তর্ভূক্ত অনুষ্ঠানবােৰ হ’ল – বিজার্ভ বেংক , বাণিজ্যিক বেংক , সমবায় বেংক আৰু অন্যান্য বিত্তীয় প্রতিষ্ঠানসমূহ । ইত্যাদি । আনহাতে অসংগঠিত খণ্ডৰ অন্তর্ভূক্ত অনুষ্ঠান সমূহ হৈছে দেশীয় বেংকৰ , মহাজন ইত্যাদি । 

( খ ) সমন্বয়বিহীনঃ ভাৰতীয় মুদ্রা বজাৰৰ সংগঠিত আৰু অসংগঠিত খণ্ডৰ মাজত সমন্বয়ৰ অভাৱ দেখা যায় ফলত কেন্দ্রীয় বেংকে মুদ্রানীতি কাৰ্যকাৰী কৰাত অসুবিধাই দেখা দিয়ে । 

( গ ) সুদৰ হাৰৰ বৈশিষ্ট্যঃ ঋণৰ আদান প্রদানৰ ক্ষেত্ৰত সংগঠিত আৰু অসংগঠিত বজাৰত সুদৰ হাৰৰ তাৰতম্য খাকে অর্থাৎ চৰকাৰী খণ্ড আৰু সংগঠিত খণ্ডৰ তুলনাত অসংগঠিত খণ্ডৰ সুদৰ হাৰৰ পার্থক্য বেছি । 

২০। মূলধনী বজাৰৰ তিনিটা বৈশিষ্ট্য ব্যাখ্যা কৰা । 

উত্তৰঃ মূলধনী বজাৰৰ তিনিটা বৈশিষ্ট্য হল— 

( ক ) অনুন্নত পূজি বজাৰ দেশৰ জনমুফি আয় কম হােৱা বাবে সঞ্চয়ৰ পৰিমাণে কম হয় । সেয়ে পূজি অভাৱত পুঁজি বজাৰ অনুন্নত হৈয়ে আছে । 

( খ ) সজাগত অভাৱ :- দেশৰ শিক্ষিত হাৰ কম হােৱা হেতু বেছিভাগ লোক পূজি বজাৰৰ সুবিধা আৰু গুৰুত্বৰ বিষয়ে সচেতন নহয় । তেওঁলােকৰ হাতত কিছু সঞ্চিত ধন থাকিলেও লােকচান হােৱাৰ ভয়ত পূজি বজাৰৰ প্রতিভূতিত বিনিয়ােগ কৰিবলৈ ইচ্ছুক নহয় । 

( গ ) দুর্বল নিয়ন্ত্রণ :- পুঁজি বজাৰৰ নিয়ন্ত্রণ ব্যৱস্থাও দুর্বল ধৰণৰ কিয়নাে প্রতিভূতি আৰু বিনিময় নিয়ন্ত্রণ কর্তৃপক্ষ গঠন হােৱাৰ পাছতাে ইয়াত খেলি-মেলি হােৱা দেখা যায় । 

২১। ‘ছেবি’ৰ তিনিটা উদ্দেশ্য লিখা । 

উত্তৰঃ ছেবিৰ তিনিটা উদ্দেশ্য হল— 

( ক ) প্রতিভূতি বা নিৰাপত্তা পত্র বিলি কোম্পানিৰ দ্বাৰা উপযুক্ত লেন – দেন উন্নীত কৰােৱা আৰু আপেক্ষিক ভাৱে নিম্ন ব্যয়ত পুঁজি সংগ্রহৰ বজাৰ স্থান নিশ্চিত কৰা ।

( খ ) বিনিয়ােগকাৰীৰ সঞ্চয় প্রতিভূত বজাৰলৈ প্রবাহিত কৰাত তেওঁলােকক সুৰক্ষা দিয়া আৰু তেওঁলােকৰ বিনিয়ােগ অধিকাৰ আৰু স্বার্থ সুৰক্ষিত কৰা ।

( গ ) প্রতিভূতি বজাৰৰ লেন – দেনকাৰী বা দালাল , সদাগৰ বেংক আদি মধ্যস্থতাকাৰীৰ লেন – দেনত উপযুক্ত অনুশীলন কৰােৱাত নিয়ন্ত্রণ সাব্যস্ত কৰাৰ লগতে আচৰণ বিধানৰ প্রয়ােগ ঘটোৱা । 

২২। বিত্তীয় বজাৰৰ তিনিটা কাৰ্য বৰ্ণনা কৰা । 

উত্তৰঃ বিত্তীয় বজাৰৰ কাৰ্যসমূহ হ’ল— 

( ক ) সঞ্চয়ৰ আহৰণ আৰু বিনিয়ােগ :- বিত্তীয় বজাৰে সঞ্চয়কাৰীৰ পৰা বিনিয়ােগকাৰীলৈ সঞ্চয়ৰ স্থানান্তৰৰ সুবিধা প্রদান কৰে । ইয়ে সঞ্চয়কাৰীক বিভিন্ন ধৰণৰ বিনিয়োগ পচন্দৰ বিষয়ে জানিবলৈ দিয়ে আৰু এইদৰেই উদ্বৃত্ত পূজিসমূহ সর্বোচ্চ উৎপাদনশীল ক্ষেত্ৰত ব্যৱহাৰৰ সুবিধা কৰি দিয়ে । 

( খ ) মূল্য প্রকাশৰ সুযােগ :- চাহিদা আৰু যােগানৰ উপাদানে বজাৰত পন্য অথবা সেৱাৰ দৰ নিৰ্দ্ধাৰণ বা প্রতিষ্ঠাপিত কৰাত সহায় কৰে । পুজিৰ যােগনিয়াৰ আৰু ব্যৱসায় প্রতিষ্ঠান সমূহৰ আলােচনা মর্মে বিত্তীয় সম্পদ সমূহৰ দৰ প্রতিষ্ঠাপিত কৰা হয় যিটো কোনাে নির্দিষ্ট বজাৰত ক্রয় বিক্রয় কৰা হয় । 

( গ ) বিত্তীয় সম্পদসমূহৰ তাৰল্যতাৰ ব্যৱস্থা কৰা :-  বিত্তীয় বজাৰ সমূহে বিত্তীয় সম্পদ সমূহৰ সহজ ক্রয় বিক্রয়ৰ সুবিধা প্রদান কৰে । এই বজাৰ সমূহে বিত্তীয় সম্পদসমূহৰ তাৰল্যতাৰ ব্যৱস্থা কৰে যাতে সেই সম্পদসমূহ প্রয়ােজন বােধে অতি সহজে নগদ ধনলৈ ৰূপান্তৰিত কৰিব পাৰে । 

২৩। প্রতিভূতি বিনিময় কেন্দ্ৰৰ তিনিটা বৈশিষ্ট্য বর্ণনা কৰা । 

উত্তৰঃ প্রতিভূতি বিনিময় কেন্দ্ৰৰ বৈশিষ্ট্যসমূহ হ’ল— 

( ক ) কোম্পানি , নিগম , চৰকাৰ ইত্যাদিয়ে বিলি কৰা অংশ পত্র , ঋণপত্ৰ আৰু বণ্ডৰ বেচা কিনা কৰা একন বজাৰ হৈছে প্রতিভূতি বিনিময় কেন্দ্র । 

( খ ) প্রতিভূতি বিনিময় কেন্দ্ৰত দালালে ক্রেতা বিক্রেতাৰ মাজত মধ্যস্থতাকাৰীৰ সেৱা আগবঢ়ায় । 

( গ ) ষ্টক বিনিময় কেন্দ্ৰৰ কাৰ্যৰ এলেকা বা ভৌগােলিক পৰিসীমা সু–সংজ্ঞাবদ্ধ । 

২৪। প্রতিভূতি বিনিময় কেন্দ্ৰত ব্যৱসায়ৰ তিনিটা অসুবিধা বর্ণনা কৰা । 

উত্তৰঃ প্ৰতিভূতি বিনিময় কেন্দ্ৰত ব্যৱসায়ৰ তিনিটা অসুবিধা হল— 

( ক ) প্রতিকূল ফটকা বাজি :- প্রতিকুল ফটকা বাজিৰ বাবে ষ্টক বিনিময় কেন্দ্ৰৰ বজাৰত কেতিয়াবা সন্দেহৰ সৃষ্টি হয় আৰু দেশৰ অৰ্থনীতিৰ অনিষ্ট হয় ।

( খ ) বিনিয়ােগকাৰীৰ ক্ষতিঃ ফটকাবাজিৰ বাবে নিৰাপত্তা পত্ৰৰ দাম বহুত উঠা নমা হয় । ইয়াৰ ফলত বিনিয়ােগকাৰীৰ বহুত ক্ষতি হয় ।

( গ ) কোম্পানিৰ প্ৰতি অর্থনৈতিক বাধা :- ষ্টক বিনিময় কেন্দ্রই নিয়মিত ভাবে প্রতিভূতি পত্ৰৰ দাম প্রকাশ কৰি থাকো যদি কম সংখ্যক কোম্পানিৰ প্ৰতিভূতিৰ দাম কমি যায় তেনে ক্ষেত্ৰত সেই কোম্পানিসমূহে বিত্তীয় অনুষ্ঠান সমূহৰ পৰা ঋণ পােৱাৰ ক্ষেত্ৰত অথবা অংশ পত্র বা ঋণ পত্ৰৰ নতুন বিলিৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হব লগা হয় । 

২৫। ‘ছেবি’ কি ? 

উত্তৰঃ ভাৰতীয় প্রতিভূতি আৰু বিনিময় বাের্ড হৈছে , ভাৰতীয় প্রতিভূতি আৰু বিনিময় ব’র্ড আইন ১৯৯২ চনৰ অধীনত গঠন কৰা মূলধন বিলি তদাৰক আৰু নিয়ন্ত্রণ সম্পৰ্কীয় এখন বর্ড বা পৰিষদ । 

২৬। মুদ্রা বজাৰ আৰু মূলধনী বজাৰৰ মাজত পার্থক্য দেখুওবা । 

২৭। নতুন বিলি বজাৰ কি ? 

উত্তৰঃ কোম্পানি , নিগম , চৰকাৰী বা অর্ধচৰকাৰী প্রতিষ্ঠানবােৰে নতুনকৈ অংশপত্র , ঋণপত্র 

বা বিত্তীয় দলিল পােন প্রথম বাৰৰ কাৰণে যি বজাৰত বিক্ৰী কৰে তাকে প্রাথমিক পুঁজি বজাৰ বােলে । ইয়াক নতুন বিলিবজাৰ বুলিও কোৱা হয় । 

২৮। গৌণ মূলধনী বজাৰ কি ? 

উত্তৰঃ প্ৰতিভূতি বিনিময় কেন্দ্র অথবা প্রতিভূতি বজাৰ মানে হৈছে মূলধন বজাৰৰ এক উপাদান , এখন সংগঠিত আৰু কেন্দ্রীভূত বজাৰ য’ত অংশ পত্র , ঋণপত্র , চৰকাৰী জামিন পত্ৰ আদি সকলাে প্ৰকাৰৰ পূৰণি আৰু প্রচলিত নিৰাপত্তা পত্র ক্রয় আৰু বিক্রয় কৰা হয় । ‘পাইল’ৰ মতে প্রতিভূতি বিনিময় কেন্দ্ৰবােৰ হৈছে কিছুমান বজাৰ স্থান যত নিৰাপত্তা পত্র বা প্রতিভূতিসমূহ তালিকাভূক্ত কৰি বিনিয়ােগৰ উদ্দেশ্যে অথবা ফটকা লেনদেন সংঘটিত কৰাৰ অর্থে ক্ৰয় আৰু বিক্রয় কৰা হয় । 

২৯। প্রাথমিক আৰু গৌণ মূলধনী বজাৰৰ মাজত পার্থক্য দেখুওৱা । 

( গ ) চমু উত্তৰ দিয়া ( মূল্যাংক : ২/৪ ) 

৩০। মুলধনী বজাৰৰ চাৰিটা বৈশিষ্ট্য লিখা । 

উত্তৰঃ মূলধনী বজাৰৰ তিনিটা বৈশিষ্ট্য হল— 

( ক ) অনুন্নত পূজি বজাৰ দেশৰ জনমুফি আয় কম হােৱা বাবে সঞ্চয়ৰ পৰিমাণে কম হয় । সেয়ে পূজি অভাৱত পুঁজি বজাৰ অনুন্নত হৈয়ে আছে । 

( খ ) সজাগত অভাৱ :- দেশৰ শিক্ষিত হাৰ কম হােৱা হেতু বেছিভাগ লোক পূজি বজাৰৰ সুবিধা আৰু গুৰুত্বৰ বিষয়ে সচেতন নহয় । তেওঁলােকৰ হাতত কিছু সঞ্চিত ধন থাকিলেও লােকচান হােৱাৰ ভয়ত পূজি বজাৰৰ প্রতিভূতিত বিনিয়ােগ কৰিবলৈ ইচ্ছুক নহয় । 

( গ ) দুর্বল নিয়ন্ত্রণ :- পুঁজি বজাৰৰ নিয়ন্ত্রণ ব্যৱস্থাও দুর্বল ধৰণৰ কিয়নাে প্রতিভূতি আৰু বিনিময় নিয়ন্ত্রণ কর্তৃপক্ষ গঠন হােৱাৰ পাছতাে ইয়াত খেলি-মেলি হােৱা দেখা যায় । 

 ৩১। প্রতিভূতি বিনিময় বজাৰে সমাজলৈ আগবঢ়োৱা চাৰিটা সেৱাৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ প্রতিভূতি বিনিময় বজাৰে সমাজলৈ আগবঢ়োৱা সেৱা চাৰিটা হল— 

( ক ) দেশৰ উৎপাদন , বিতৰণ , ভােগ , নিয়ােগৰ লগতে জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ উপৰিও দেশৰ অৰ্থ ব্যৱস্থাক সবল কৰাৰ ক্ষেত্ৰত কেন্দ্রই উল্লেখনীয় সেৱা আগবঢ়াই আহিছে ।  

( খ ) কোম্পানিবােৰৰ নিৰাপত্তা পত্ৰৰ স্থিৰ আৰু ধাৰাবাহিক ক্রয় বিক্রয় লেনদেনৰ সুচল পথ প্রশস্ত কৰণেৰে প্ৰতিভূতি বিনিময় কেন্দ্রই দেশৰ জনসাধাৰণক সঞ্চয়ৰ প্ৰতি অনুপ্রানিত কৰে । 

( গ ) অনুন্নত দেশবােৰৰ বিভিন্ন উদ্যোগ প্রতিষ্ঠানৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত চৰকাৰ আগবাঢ়ি অহাৰ মূলধন আহৰণৰ প্ৰক্ৰিয়াত প্রতিভূতি বিনিময় কেন্দ্ৰবােৰ মধ্যস্থকাৰী অনুষ্ঠান হিচাপে অতি উল্লেখযােগ্য সেৱা আগবঢ়ায় । 

( ঘ ) দেশৰ প্রতিভূতি বজাৰ জনসাধাৰণৰ মাজত সঞ্চয় আৰু বিনিয়ােগৰ অভ্যাস গঢ়ি তুলি তথা প্ৰেৰণা যােগাই দেশত মূলধন বিল প্রক্রিয়া ত্বৰান্বিত কৰে । 

৩২। NSEI ৰ চাৰিটা কাৰ্য্য উল্লেখ কৰা । 

উত্তৰঃ NSEI ৰ চাৰিটা কাৰ্য্য হ’ল— 

( ক ) সকলাে ধৰণৰ প্ৰতিভূতিৰ কাৰণে ৰাষ্ট্ৰীয় ভিত্তিত বেহা – বেপাৰৰ সুবিধা প্রতিষ্ঠাপিত কৰা ।

( খ ) যথাযথ জ্ঞাতকৰণ কৰ্মজালৰ জৰিয়তে গােটেই দেশ জুৰি বিনিয়ােগকাৰীসকলে সমভাবে ঢুকি পােৱাৰ নিশ্চয়তা প্রদান কৰা । 

( গ ) বৈদ্যুতিক বেহা – বেপাৰ পদ্ধতি ব্যৱহাৰ কৰি মুক্ত , সুদক্ষ আৰু স্বচ্ছ প্রতিভূতি বজাৰৰ ব্যৱস্থা কৰা । 

( ঘ ) তাৎক্ষণিক নিষ্পত্তিকৰণ চক্ৰ আৰু হিচাপ প্রবিষ্টি নিষ্পত্তিকৰণ স্থাপন কৰা ।

৩৩। Over the Counter Exchange of India ৰ চাৰিটা আৱশ্যকতা চমুকৈ আলােচনা কৰা । 

উত্তৰঃ Over the Counter Exchange of India ৰ চাৰিটা আৱশ্যকতা হ’ল– 

( ক ) ক্ষুদ্র আৰু কম তৰল কোম্পানী সমূহক তেওঁলােকৰ প্ৰতিভুতি পত্র বেচা – কিনা কৰাৰ কাৰণে এখন মঞ্চৰ ব্যৱস্থা কৰি দিয়ে । 

( খ ) নিগমসমূহৰ কাৰণে এইটো ব্যয় ফলদায়ক পদ্ধতি কিয়নাে নতুন বিলিৰ ব্যয় কম হয় আৰু বিনিয়োগকাৰীসকলক আগবঢ়োৱা সেৱা কম খৰছি হয় । 

( গ ) OTC ৰ জৰিয়তে পৰিয়াল ভিত্তিক ব্যৱসায় প্রতিষ্ঠান আৰু নিবিড়ভাবে ধাৰণ কৰি ৰখা কোম্পানীসমূহে জনসাধাৰণৰ ওচৰলৈ যাব পাৰে । 

( ঘ ) ব্যৱসায়ীসকলে নতুন বিলি আৰু গৌণ বজাৰ উভয়তে তেওঁলােকৰ পছন্দত কার্য পৰিচালনা কৰিব পাৰে । 

Sl. No.সূচী-পত্ৰ
প্ৰথম খণ্ডপৰিচালনাৰ নীতি আৰু কার্য
Chapter 1পৰিচালনাৰ প্রকৃতি আৰু তাৎপর্য ।
Chapter 2পৰিচালনাৰ নীতি ।
Chapter 3ব্যৱসায় / ব্যৱসায়িক পৰিৱেশ ।
Chapter 4পৰিকল্পনাকৰণ ।
Chapter 5সংগঠনকৰণ ।
Chapter 6কর্মচাৰী নিযুক্তকৰণ ।
Chapter 7নির্দেশিতকৰণ ।
Chapter 8নিয়ন্ত্রণকৰণ ।
দ্বিতীয় খণ্ডব্যৱসায়িক বিত্ত আৰু ৰজাৰৰ
Chapter 9বিত্তীয় পৰিচালনা ।
Chapter 10বিত্তীয় বজাৰ ।
Chapter 11বজাৰকৰণ ।
Chapter 12উপভােক্তা সুৰক্ষা ।

৩৪। ‘চেবি’ ৰ যিকোনাে চাৰিটা কার্য বুজাই লিখা । 

উত্তৰঃ ‘চেবি’ৰ যিকোনাে চাৰিটা কার্য হ’ল— 

( ক ) ষ্টক বিনিময় কেন্দ্র বা আন কোনাে প্রতিভূতি বজাৰৰ ব্যৱসায় নিয়ন্ত্রণ কৰা । 

( খ ) ব্যক্তি আৰু অনুষ্ঠানৰ কাম-কাজ পঞ্জীয়ন আৰু নিয়ন্ত্রণ কৰা । 

( গ ) পাৰস্পৰিক নিধিকে ধৰি সমুহীয়া বিনিয়ােগ আচনিৰ কাম-কাজ পঞ্জীয়ন আৰু নিয়ন্ত্রণ কৰা । 

( ঘ ) প্রতিভূতি বজাৰত স্ব নিয়ন্ত্রিত সংগঠনৰ প্ৰৱৰ্তন আৰু নিয়ন্ত্রণ কৰা । 

৩৫। ভাৰতীয় মূলধনী বজাৰ নিয়ন্ত্ৰণত চেবিৰ গুৰুত্ব ব্যাখ্যা কৰা । 

উত্তৰঃ ভাৰতীয় মূলধনী বজাৰ নিয়ন্ত্রনত চেবিৰ গুৰুত্ব তলত উল্লেখ কৰা হ’ল–

( ক ) চেবিয়ে প্রতিভূতি বজাৰৰ বিনিয়ােগকাৰী আৰু মধ্যস্থতা কাৰী সকলৰ শিক্ষা আৰু প্রশিক্ষণ উন্নীত কৰে । 

( খ ) প্রাথমিক আৰু গৌন পূজি বজাৰৰ বাবে উপদেষ্টা সমিতি গঠন কৰে । 

( গ ) চেবিয়ে প্রতিভূতি বজাৰত লগত সম্পর্কিত প্ৰৱঞ্চনা আৰু অভব্য ব্যৱসায় অনুশীলন দমন কৰে । 

( ঘ ) বৈদেশিক প্রতিষ্ঠানগত বিনিয়ােগকাৰীৰ প্ৰৱেশৰ বাবে নিয়মাৱলী প্রস্তুত কৰা । 

( ঘ ) দীঘল প্রশ্ন উত্তৰ ( মূল্যাংকঃ ১/৫ ) 

৩৬। ‘চেবি’ ৰ নিয়ন্ত্রণমূলক আৰু বিকাশৰ লগত জড়িত কাৰ্য্যসমূহ বর্ণনা কৰা । 

উত্তৰঃ ‘চেবি’ ৰ নিয়ন্ত্রণমূলক আৰু বিকাশৰ লগত জড়িত কাৰ্য্যসমূহ হ’ল— 

( ক ) ষ্টক বিনিময় কেন্দ্র বা আন কোনাে প্রতিভূতি বজাৰৰ ব্যৱসায় নিয়ন্ত্রণ কৰা । 

( খ ) ব্যক্তি আৰু অনুষ্ঠানৰ কাম – কাজ পঞ্জীয়ন আৰু নিয়ন্ত্রণ কৰা । 

( গ ) পাৰস্পৰিক নিধিকে ধৰি সমুহীয়া বিনিয়ােগ আচনিৰ কাম কাজ পঞ্জীয়ন আৰু নিয়ন্ত্রণ কৰা । 

( ঘ ) প্রতিভূতি বজাৰত স্ব নিয়ন্ত্রিত সংগঠনৰ প্ৰৱৰ্তন আৰু নিয়ন্ত্রণ কৰা । 

( ঙ ) প্রতিভূতি বজাৰৰ লগত সম্পর্কিত প্ৰৱঞ্চনামূলক আৰু অশুভ বেচা – কিনাৰ অনুশীলন নিষেধ কৰা । 

( চ ) বজাৰত বিনিয়ােগকাৰীৰ শিক্ষা আৰু মধ্যস্থতাকাৰীৰ প্রশিক্ষণ উন্নীত কৰা । 

( ছ ) প্রতিভূতিৰ ভিতৰুৱা বেচা – কিনা নিষিদ্ধ কৰা । 

( জ ) প্রতিভূতি বজাৰত কোম্পানি বিশেষৰ প্ৰায় সকলাে নিৰাপত্তা পত্র নির্দিষ্টকৈ কোনাে ক্রেতাৰ দ্বাৰা ক্ৰয় কৰাত আৰু কোম্পানি বিশেষ অধিগ্রহন কৰাক নিয়ন্ত্রণ কৰা । 

( ঝ ) ষ্টক বিনিময় কেন্দ্ৰবােৰৰ পৰিদর্শন , অনুসন্ধান আৰু হিচাপ পৰীক্ষণৰ লগতে প্ৰতিভূতি বজাৰৰ মধ্যস্থকাৰী স্ব – নিয়ন্ত্রিত অন্যান্য সংগঠনৰ ক্ষেত্ৰতো একেবােৰ উদ্দেশ্যত তথ্য তলৰ কৰা । 

( ঞ ) কেন্দ্রীয় চৰকাৰে প্ৰতিভূতি চুক্তি ( নিয়ন্ত্রণ ) আইন ১৯৫৬ চনৰ অধীনত আৰােপ কৰা কাৰ্য পালন কৰা আৰু ক্ষমতা অনুশীলন কৰা ।

৩৭। কিয় চেবিৰ সংস্থাপন কৰা হৈছিল ? চেবিৰ চাৰিটা উদ্দেশ্য ব্যাখ্যা কৰা । 

উত্তৰঃ বিনিয়ােগকাৰীৰ সংখ্যা অবিৰত ভাবে বৃদ্ধি পােৱা আৰু ষ্টক বিনিময় কেন্দ্ৰৰ কার্যকলাপ বৃদ্ধি হােৱাৰ সময়তে কোম্পানি সমূহত বিভিন্ন ধৰণৰ অনিয়মে গা কৰি উঠিছিল । এই অনিয়ম আৰু কুকর্মই বিনিয়ােগকাৰীৰ বিশ্বাসত মামৰে ধৰিছিল আৰু বিনিয়ােগকাৰীসকলৰ ওজৰ আপত্তি সংখ্যাধিক হৈছিল । প্রতিভূতি বজাৰসমূহৰ সুস্থ বিকাশ উন্নীতকৰণ আৰু বিনিয়ােগকাৰী সকলক সুৰক্ষা প্রদান কৰাৰ বাবে 1988 চনৰ 12 এপ্রিলত ভাৰত চৰকাৰে চেবি স্থাপন কৰিছিল । আৰু 1992 চনৰ 30 জানুৱাৰীত এখন অধ্যাদেশৰ জৰিয়তে চেবিক এক বিধিবদ্ধ পদবী দিয়া হৈছিল । এই আইনখনেই হৈছে ভাৰতীয় প্রতিভূতি আৰু বিনিময় পৰিষদ আইন 1992 . 

উদ্দেশ্য:–

( ক ) প্রতিভূতি বা নিৰাপত্তা পত্র বিলি কোম্পানিৰ দ্বাৰা উপযুক্ত লেন – দেন উন্নীত কৰােৱা আৰু আপেক্ষিক ভাৱে নিম্ন ব্যয়ত পুঁজি সংগ্ৰহৰ বজাৰ স্থান নিশ্চিত কৰা । 

( খ ) বিনিয়ােগকাৰীৰ সঞ্চয় প্রতিভূত বজাৰলৈ প্রবাহিত কৰাত তেওঁলােকক সুৰক্ষা দিয়া আৰু তেওঁলােকৰ বিনিয়োগ অধিকাৰ আৰু স্বার্থ সুৰক্ষিত কৰা । 

( গ ) প্রতিভূতি বজাৰৰ লেন – দেনকাৰী বা দালাল , সদাগৰ বেংক আদি মধ্যস্থতাকাৰীৰ লেন – দেনত উপযুক্ত অনুশীলন কৰােৱাত নিয়ন্ত্রণ সাব্যস্ত কৰাৰ লগতে আচৰণ বিধানৰ প্ৰয়ােগ ঘটোৱা ।

৩৮। NSEI ৰ উদ্দেশ্যেসমূহ ব্যাখ্যা কৰা । 

উত্তৰঃ উদ্দেশ্যঃ ৰাষ্ট্রীয় প্রতিভূতি বিনিময় কেন্দ্র উদ্দেশ্য সমুহ হ’ল — 

( ক ) সকলাে ধৰণৰ প্ৰতিভূতিৰ কাৰণে ৰাষ্ট্ৰীয় ভিত্তিত বেহা – বেপাৰৰ সুবিধা প্রতিষ্ঠাপিত কৰা । 

( খ ) যথাযথ জ্ঞাতকৰণ কৰ্মজালৰ জৰিয়তে গােটেই দেশ জুৰি বিনিয়ােগকাৰীসকলে সমভাবে ঢুকি পােৱাৰ নিশ্চয়তা প্রদান কৰা । 

( গ ) বৈদ্যুতিক বেহা – বেপাৰ পদ্ধতি ব্যৱহাৰ কৰি মুক্ত , সুদক্ষ আৰু স্বচ্ছ প্রতিভূতি বজাৰৰ ব্যৱস্থা কৰা । 

( ঘ ) তাৎক্ষণিক নিষ্পত্তিকৰণ চক্ৰ আৰু হিচাপ প্রবিষ্টি নিষ্পত্তিকৰণ স্থাপন কৰা । 

( ঙ ) আন্তর্জাতিক মানদণ্ড পৰিপুৰণ কৰা । 

৩৯। প্রতিভূতি বিনিময় কেন্দ্র এটাৰ যিকোনাে পাঁচটা কাৰ্য্য ব্যাখ্যা কৰা । 

উত্তৰঃ প্রতিভূতি বজাৰৰ কার্যাৱলীসমূহ হ’ল– 

( ক ) প্রতিভূতিৰ লেন – দেন :- অন্যান্য বজাৰৰ দৰে ষ্টক বিনিময় কেন্দ্রই অংশ পত্র , ঋণ পত্ৰ আদিৰ নিয়মীয়া ক্রয় – বিক্রয়ৰ সুবিধা দিয়ে । ইয়াৰ ফলত প্রতিভূতিৰ ধাৰকে ইয়াক বিক্ৰী কৰি টকা উলিয়াই ল’ব পাৰে । অর্থাৎ এই বজাৰে প্ৰতিভূতিৰ তৰলতা আনে । 

( খ ) তাৰল্য :- প্রতিভূতি বজাৰত পুৰণি বিত্তীয় পত্ৰৰ বেচা – কিনা নিয়মিত ভাৱে চলি থাকে । অর্থাৎ প্রয়ােজন হ’লে প্রতিভূতি কিনিব আৰু বেচিব পৰা সুবিধাৰ কাৰণে এইবােৰ তৰলতা আছে । ইয়াৰ ফলত সঞ্চয় কাৰীক প্রতিভূতি ক্ৰয় কৰাত অনুপ্রাণিত কৰে । কাৰণ দৰকাৰ মতে তেওঁ ইয়াক বিক্ৰী কৰি টকা উলিয়াই ল’ব পাৰে । 

( গ ) হস্তান্তৰৰ সুবিধা :- ষ্টক বিনিময় কেন্দ্রত প্রতিভূতি ক্রয় – বিক্রয় কৰি হস্তান্তৰ কৰা সহজ । ইয়াত পঞ্জীয়ন ভূক্ত প্রতিভূতি সহজে কোম্পানিয়ে হস্তান্তৰ কৰে । 

( ঘ ) প্রতিভূতি তথ্যপাতি :- ষ্টক বিনিময় কেন্দ্ৰত লেন – দেন হােৱা অংশ পত্র , ঋণপত্র আদিৰ সঠিক তথ্য পাতিৰ অভিলেখ ৰখা হয় । সেইবােৰ প্ৰচাৰ কৰিলে সকলাে প্রকাৰ প্ৰতিভূতিৰ সবিশেষ তথ্য জানিব পাৰি । ইয়াৰ বাবে নিজৰ সুবিধামতে প্রতিভূতি বাছনি কৰি ক্ৰয় কৰিব পাৰি । 

( ঙ ) সঞ্চয় অনুপ্রেৰণাদায়ক :- প্রতিভূতিত বিনিয়ােগ কৰি লাভ উপার্জন হােৱা কাৰণে আৰু প্ৰতি ভূতি বিক্ৰী কৰি টকা পাব পৰা সুবিধাই সঞ্চয় কাৰীক অনুপ্রাণিত কৰে ।

৪০। নতুন প্রতিভূতিবােৰ প্ৰাথমিক বজাৰত মেলি দিয়াৰ পাঁচটা প্রক্রিয়া উল্লেখ কৰা ।

উত্তৰঃ প্রাথমিক বজাৰত নতুন নিৰাপত্তা পত্র বিলিৰ ধৰণ সমূহ হল— 

( ক ) অনুপত্ৰৰ জৰিয়তে প্ৰস্তাৱঃ এই প্রস্তাৱটো হৈছে প্রাথমিক পূজি বজাৰত ৰাজহুৱা কোম্পানি এটাই মূলধন সংগ্ৰহৰ কাৰণে আটাইতকৈ জনপ্রিয় পদ্ধতি । অনুষ্ঠানপত্র বিলিৰ জৰিয়তে জনসাধাৰণক বৰঙণি আগবঢ়াবলৈ আহ্বান জনায় । মূলধন সংগ্রহ কৰিবলৈ অনুষ্ঠান পত্ৰই বাতৰি কাকত আৰু আললাচনীত বিজ্ঞাপন দি বিনিয়ােগকাৰী সকলক প্রত্যক্ষভাবে আহ্বান জনায় । 

( খ ) বিক্ৰীৰ বাবে প্ৰস্তাৱ :- এই পদ্ধতিৰ অধীনত নিৰাপত্তাপত্রসমূহ জনসাধাৰণক প্রত্যক্ষভাবে বিলি নকৰি মধ্যস্থকাৰীৰ জৰিয়তে বিক্ৰীৰ বাবে প্ৰস্তাৱ দিয়া হয় । এই ক্ষেত্ৰত কোম্পানিয়ে চুক্তি কৰা দৰত দালালক বিক্রী কৰে আৰু দালালবােৰেও বিনিয়ােগ প্রতিষ্ঠান বা জনসাধাৰণক পুনৰ বিক্ৰী কৰে । 

( গ ) ব্যক্তিগত উপস্থাপন :- ব্যক্তিগত উপস্থাপন হৈছে কোম্পানিয়ে কোনাে প্রতিষ্ঠানিক বিনিয়ােগকাৰী আৰু বাছনিভুক্ত কিছুমান ব্যক্তিক দিয়া নিৰাপত্তা পত্ৰৰ আবন্টন । এই পদ্ধতিয়ে জনসাধাৰণক বিলি কৰি মূলধন সংগ্রহ কৰা পদ্ধতিতকৈ অতি তৎকালে মূলধন বৃদ্ধি কৰাত সহায় কৰে । 

( ঘ ) অধিকাৰ সাপেক্ষে অংশ পত্র :- কোম্পানিৰ চৰ্ত সাপেক্ষে আগৰ অংশ ধাৰকসকলক নতুন অংশ পত্র বিলি কৰি বৰঙণি আগবঢ়াবলৈ সুবিধা প্রদান কৰা হয় । অংশধাৰকসকলে ইতিমধ্যেই ধাৰণ কৰা অংশৰ সংখ্যাৰ সমানুপাতিক ভিত্তিত নতুন অংশ ক্ৰয় কৰিবলৈ ‘ অধিকাৰ প্ৰস্তাৱ আগবঢ়োৱা হয় । 

( ঙ ) বৈদ্যুতি প্ৰাৰম্ভিক ৰাজহুৱা প্ৰস্তাৱ :- ষ্টক বিনিময় কেন্দ্ৰৰ অনলাইন পদ্ধতিৰ জৰিয়তে জনসাধাৰণক অংশ বিলি কৰাৰ কাৰণে ষ্টক বজাৰৰ সৈতে কোম্পানিয়ে চুক্তিবদ্ধ হােৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে । ইয়াক প্ৰাৰম্ভিক ৰাজহুৱা প্রস্তাৱ বুলি কোৱা হয় । ষ্টক বিনিময় কেন্দ্ৰৰ সৈতে বৈদ্যুতিক সংযােগ ঘটাবলৈ বিলি কৰা কোম্পানিয়ে এজন পঞ্জীয়ক নিযুক্তি দিয়ে । 

৪১। ‘চেবি ভাৰতীয় মূলধনী বজাৰৰ নিয়ন্ত্রক ’ — মন্তব্য দিয়া । 

উত্তৰঃ ভাৰতীয় মূলধনী বজাৰ নিয়ন্ত্রনত চেবিৰ গুৰুত্ব তলত উল্লেখ কৰা হ’ল–

( ক ) চেবিয়ে প্রতিভূতি বজাৰৰ বিনিয়ােগকাৰী আৰু মধ্যস্থতা কাৰী সকলৰ শিক্ষা আৰু প্রশিক্ষণ উন্নীত কৰে । 

( খ ) প্রাথমিক আৰু গৌন পূজি বজাৰৰ বাবে উপদেষ্টা সমিতি গঠন কৰে । 

( গ ) চেবিয়ে প্রতিভূতি বজাৰত লগত সম্পর্কিত প্ৰৱঞ্চনা আৰু অভব্য ব্যৱসায় অনুশীলন দমন কৰে । 

( ঘ ) বৈদেশিক প্রতিষ্ঠানগত বিনিয়ােগকাৰীৰ প্ৰৱেশৰ বাবে নিয়মাৱলী প্রস্তুত কৰা । 

৪২। প্রতিভূতি বিনিময় কেন্দ্র এটা প্রতিভূতি কিদৰে ক্রয় বিক্রয় কৰা হয় তাৰ প্ৰণালীবােৰ আলােচনা কৰা ।

উত্তৰঃ ষ্টক বজাৰত প্ৰতিভূতি ক্রয় বিক্রয় কৰা প্রণালীবােৰ হল— 

( ক ) দালাল নির্বাচনঃ যিহেতুকে প্রতিভূতি বিনিময় কেন্দ্ৰৰ মজিয়াত অস্বীকৃত কোনো ব্যক্তিকে নিৰাপত্তা পত্ৰৰ লেনদেন কৰিবলৈ নিদিয়ে সেয়ে সম্ভাব্য বিনিয়ােগকাৰী সকলে তেওঁলােকৰ সঞ্চয়ৰ বিনিয়ােগলৈ পৰিৱৰ্তিত কৰিবলৈ বিচাৰিলে কেন্দ্ৰৰ দ্বাৰা স্বীকৃত কোনাে দালাল তথা সভ্যৰ ওপৰত নিৰ্ভৰশীল হবই লাগিব । 

( খ ) দালালৰ নিয়ােজন :- দ্বিতীয় পর্যায়ত সংশ্লিষ্ট সম্ভাব্য ক্রেতাৰ হৈ নিৰাপত্তা পত্ৰৰ লেনদেন কৰিবলৈ ইচ্ছুক হয়নে নহয় এই মর্মে অনুসন্ধান কৰি জানি লয় । সেইদৰে দালাল জনেও সম্ভাব্য ক্রেতা বা বিনিয়ােগকাৰী জনৰ বিষয়ে জানিবলগীয়া খিনি জানি লৈ সন্তুষ্ট হলে কার্য সম্পাদনৰ বাবে যাৱতীয় পদক্ষেপ গ্রহনেৰে সংশ্লিষ্ট বিনিয়ােগকাৰী ক্রেতাৰ প্ৰস্তাৱ গ্ৰহন কৰে । এই প্রক্রিয়াকে দালালৰ নিয়ােজন বুলি কোৱা হয় । 

( গ ) ফৰমাছ দাখিল :- বিনিয়ােগকাৰীয়ে কোম্পানিৰ নিৰাপত্তা পত্ৰৰ বাবে ক্রয় বিক্রয় ফৰমাছ দালালৰ ওচৰত দাখিল কৰে । অৱশ্যে নিৰাপত্তা পত্ৰৰ বাছনি কৰাৰ ক্ষেত্ৰত অভিজ্ঞ দালালৰ অভিজ্ঞতাক যথেষ্ট গুৰুত্ব সহকাৰে লােৱা হয় আৰু ভালেমান ক্ষেত্ৰত দালালৰ উপদেশ মর্মেই নিৰাপত্তা পত্ৰৰ বাছনি কৰা হয় । 

( ঘ ) চুক্তি সম্পাদনঃ প্রতিভূতি বিনিময় কেন্দ্ৰৰ লেনদেন সংঘটিত হােৱা বেহা বেপাৰৰ মজিয়াক বিভিন্ন ভাগত ভাগ কৰি প্রতি ভাগক “ ট্রেডিংপষ্ট” হিচাপে বিভক্ত কৰা হয় । গ্রাহকৰ দ্বাৰা নিয়ােজিত দালাল বা তেওঁৰ দ্বাৰা অনুমােদিত এজেন্টে নির্দিষ্ট “ ট্রেডিং প’ষ্ট” ত প্ৰৱেশ কৰি ক্রয় বা বিক্রয়ৰ ফৰমাছৰ নিৰাপত্তা পত্র সংগ্রহ কৰে । ক্রেতা আৰু বিক্রেতা উভয় পক্ষৰ দালালৰ পৰা ক্রয় বা বিক্রয়ৰ সন্মতি সাপেক্ষে নির্দিষ্ট পষ্টত নির্দিষ্ট কোনাে সংকেত লাভ কৰি ক্রয় বিক্রয় কৰা চুক্তিত চুক্তিবদ্ধ হয় ? 

( ঙ ) লেনদেন নিষ্পত্তি কৰা :- লেনদেন সংঘটিত হােৱাৰ লগে লগে প্রতিভূতি বিনিময় কেন্দ্ৰৰ মজিয়াত নগদ ধনৰ আদান প্রদান হৈ নিষ্পত্তি হােৱা লেনদেন হ’ল আটাইতকৈ সহজ যাক “ থিতাতে হােৱা লেনদেন ” বােলা হয় । এই ক্ষেত্ৰত ক্রেতা আৰু বিক্রেতাৰ দালালৰ মাজত নিৰাপত্তা পত্ৰৰ নির্দিষ্ট মূল্য প্রদান আৰু প্ৰাপ্তিৰ লগে লগেই সংশ্লিষ্ট ক্রেতালৈ নিৰাপত্তা পত্ৰৰ হস্তান্তৰৰ নির্দিষ্ট প্রপত্র , অংশ প্রমাণ পত্ৰ আদিৰ হস্তাকৰি দিয়ে ।

( ঙ ) দীঘল প্রশ্ন উত্তৰ ( মূল্যাংকঃ২/৬ ) 

৪৩। মুদ্রা বজাৰৰ আহিলাসমূহ চমুকৈ ব্যাখ্যা কৰা— 

( ক ) কোষাগাৰ বিল ।

( খ ) বাণিজ্যিক দলিল ।

( গ ) আমানত প্রমাণ পত্র । 

উত্তৰঃ ( ক ) কোষাগাৰৰ বিলঃ ভাৰত চৰকাৰে হ্রস্বকালীন সময়ৰ কাৰণে ঋণ গ্রহণ কৰা এক আহিলা হৈছে কোষাগাৰৰ বিল । ইয়াৰ ম্যাদৰ সময় এবছৰতকৈ কম । হ্রস্বকালীন পূজিৰ প্রয়ােজন পূৰণ কৰাৰ কাৰণে ভাৰতীয় ৰিজাৰ্ভ বেংকে কেন্দ্রীয় চৰকাৰৰ হৈ বিলি কৰা এই আহিলাক জিৰ কুপণ বণ্ড ( Zero Coupon Bond ) হিচাপে জনা যায় । এই বিলসমূহ প্রতিশ্রুতি পত্ৰৰ ৰূপত বিলি কৰা হয় । 

( খ ) বাণিজ্যিক দলিল :- বাণিজ্যিক দলিল হৈছে স্থিৰ ম্যাদৰ অন্তত পৰিশােধ কৰা আৰু পৃষ্ঠাংকনৰ দ্বাৰা হস্তান্তৰযােগ্য আৰু স্থানান্তৰ যােগ্য বন্ধক মুক্ত হ্রস্বকালীন প্রতিশ্রুতি পত্র । এই দলিল সমূহ বৃহৎ বিত্তবান কোম্পানীসমূহে হ্রস্বকালীন পুঁজি বৃদ্ধি কৰিবলৈ বজাৰৰ হাৰতকৈ কম সুদৰ হাৰত বিলি কৰে । সাধাৰণতে ইয়াৰ ম্যাদৰ সময় ১৫ দিনৰ পৰা ( পােন্ধৰ দিন ) এবছৰ পর্যন্ত ধৰা হয় । 

( গ ) আমানতৰ প্ৰমাণ পত্রঃ আমানত প্রমাণ পত্ৰ হৈছে বাণিজ্যিক বেংক আৰু উন্নয়নমূলক বিত্তীয় প্রতিষ্ঠানসমূহে বাহকৰ ৰূপত বিলি কৰা বন্ধক মুক্ত , হস্তান্তৰযােগ্য এক হ্রস্বম্যাদী আহিলা ।

৪৪। প্রতিভূতি বিনিময় কেন্দ্ৰৰ কাৰ্য্যসমূহ ব্যাখ্যা কৰা ৷ 

উত্তৰঃ প্ৰতিভূতি বজাৰৰ কার্যাৱলীসমূহ হ’ল— 

( ক ) প্রতিভূতিৰ লেন – দেন :- অন্যান্য বজাৰৰ দৰে ষ্টক বিনিময় কেন্দ্রই অংশ পত্র , ঋণ পত্র আদিৰ নিয়মীয়া ক্রয় – বিক্রয়ৰ সুবিধা দিয়ে । ইয়াৰ ফলত প্রতিভূতিৰ ধাৰকে ইয়াক বিক্ৰী কৰি টকা উলিয়াই ল’ব পাৰে । অর্থাৎ এই বজাৰে প্ৰতিভূতিৰ তৰলতা আনে । তাৰল্য প্রতিভূতি বজাৰত পুৰণি বিত্তীয় পত্ৰৰ বেচা – কিনা নিয়মিত ভাৱে চলি থাকে । অর্থাৎ প্রয়ােজন হলে প্রতিভূতি কিনিব আৰু বেচিব পৰা সুবিধাৰ কাৰণে এইবােৰৰ তৰলতা আছে । ইয়াৰ ফলত সঞ্চয় কাৰীক প্রতিভূতি ক্ৰয় কৰাত অনুপ্রাণিত কৰে । কাৰণ দৰকাৰ মতে তেওঁ ইয়াক বিক্ৰী কৰি টকা উলিয়াই ল’ব পাৰে ।

( গ ) হস্তান্তৰৰ সুবিধা :- ষ্টক বিনিময় কেন্দ্ৰত প্ৰতিভূতি ক্রয় – বিক্রয় কৰি হস্তান্তৰ কৰা সহজ । ইয়াত পঞ্জীয়ন ভূক্ত প্রতিভূতি সহজে কোম্পানিয়ে হস্তান্তৰ কৰে । 

( ঘ ) প্রতিভূতি তথ্যপাতি :- ষ্টক বিনিময় কেন্দ্ৰত লেন – দেন হােৱা অংশ পত্র , ঋণপত্র আদিৰ সঠিক তথ্য পাতিৰ অভিলেখ ৰখা হয় । সেইবােৰ প্ৰচাৰ কৰিলে সকলাে প্ৰকাৰ প্রতিভূতিৰ সবিশেষ তথ্য জানিব পাৰি । ইয়াৰ বাবে নিজৰ সুবিধামতে প্রতিভূতি বাছনি কৰি ক্ৰয় কৰিব পাৰি । 

( ঙ ) সঞ্চয় অনুপ্ৰেৰণাদায়ক :- প্রতিভূতিত বিনিয়ােগ কৰি লাভ উপার্জন হােৱা কাৰণে আৰু প্ৰতি ভূতি বিক্ৰী কৰি টকা পাব পৰা সুবিধাই সঞ্চয় কাৰীক অনুপ্রাণিত কৰে । 

( চ ) পূজিৰ প্রবাহ :- ষ্টক বিনিময় কেন্দ্ৰত প্ৰতিভূতি বেচা কিনা হ’লেও ইয়াৰ ফলত প্রতিভূতি প্ৰৱর্তনকাৰী প্ৰতিষ্ঠানৰ পুঁজিৰ পৰিমাণৰ সলনি নহয় । বৰং প্রতিভূতি বেচা কিনাৰ সুবিধাৰ কাৰণে নতুন বিনিয়ােগ বৃদ্ধি হয় । অর্থাৎ পুঁজিৰ প্রবাহ ঘটে । 

( ছ ) যৌথ কোম্পানিৰ প্ৰগতিঃ ষ্টক বিনিময় কেন্দ্ৰৰ প্ৰগতিৰ লগে লগে দেশত যৌথ কোম্পানিৰ পূজি সংগ্ৰহৰ সুবিধা হয় । ইয়াৰ ফলত কোম্পানি গঠন যথেষ্ঠ বৃদ্ধি পায় । 

( জ ) আর্থিক অৱস্থাৰ প্ৰতিচ্ছবিঃ প্রতিভূতি বজাৰে দেশৰ আর্থিক অৱস্থাৰ বিষয়ে সঠিক সম্ভেদ দাঙি ধৰে । সেয়ে ষ্টক বিনিময় কেন্দ্রক দেশৰ আর্থিক অৱস্থাৰ প্রতিচ্ছবি বােল । 

৪৫। নতুন বিলি বজাৰৰ কাৰ্য্যসমূহ বর্ণনা কৰা ।

উত্তৰঃ নতুন বিলি বজাৰৰ কাৰ্যসমূহ হ’ল— 

( ক ) নতুন বিলি বজাৰত সঞ্চয় সমূহ বিভিন্ন খণ্ডত বণ্টন কৰা হয় । 

( খ ) ই প্রতিভূতি পত্ৰৰ নতুন বিলিৰ ক্রয় বিক্রয় কৰে ।

( গ ) যিবিলাকৰ উদ্বৃত্ত পূজি থাকে আৰু সেই পূজি সমূহ উৎপাদন মূলক কামৰ বাবে ব্যৱহাৰ কৰিব বিচাৰে তেওঁলােকৰ মাজত যােগসূত্ৰকাৰী হিচাপে কার্য কৰে । 

( ঘ ) দেশৰ অর্থনৈতিক উন্নয়নৰ বাবে সঞ্চয়সমূহ ব্যৱহাৰ কৰা হয় । 

( ঙ ) সমাংশ আৰু ঋণৰ দীর্ঘম্যাদী আহিলাসমূহৰ লেনদেন কৰে । 

( চ ) দীর্ঘম্যাদী বিনিয়ােগৰ ধৰণ প্ৰাথমিক বজাৰৰ দ্বাৰা নিৰ্দ্ধাৰণ কৰা হয় । 

( ছ ) সঞ্চয় সংগ্রহৰ বাবে বহুতো মধ্যস্থকাৰীক সেৱা আগবঢ়াবলৈ নতুন বিলি বজাৰ ব্যৱহাৰ হয় । 

৪৬। NSET আৰু OTCEI ৰ মাজত পার্থক্য দেখুওৱা । তলৰ ভেটি কেইটা লৈ–

( a ) প্রতিষ্ঠাৰ চন ।

( b ) প্ৰাপ্ত মূলধন ।

( C ) ক্রয় – বিক্রয় প্রতিভূতি ।

 ( d ) উদ্দেশ্য ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top