Class 12 Business Chapter 5 সংগঠনকৰণ

Class 12 Business Chapter 5 সংগঠনকৰণ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 12 Business Chapter 5 সংগঠনকৰণ and select needs one.

Class 12 Business Chapter 5 সংগঠনকৰণ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Business Chapter 5 সংগঠনকৰণ Solutions for All Subject, You can practice these here…

সংগঠনকৰণ

Chapter : 5

প্ৰথম খণ্ড

অতি চমু উত্তৰ দিয়াঃ ( মূল্যাংকঃ ১ )

( ক ) অতি চমু উত্তৰ দিয়া ( মূল্যাংকঃ ১ ) 

১ । সংগঠনকৰণৰ কোনটো পদ্ধতিৰ ভিতৰত কাম – কাজৰ শ্ৰেণীবদ্ধকৰণ কৰা হয় ? 

উত্তৰঃ কাৰ্যকৰী সংগঠন । 

২। ইয়াক তলতীয়া কৰ্মচাৰীক অর্পণ কৰিব পাৰি ? ই কি ? 

উত্তৰঃ কর্তৃত্ব । 

৩। সংগঠনৰ কোনটো গাঁঠনিত উৰাবাতৰি বিয়পাৰ সুযােগ থাকে ? 

উত্তৰঃ অনানুষ্ঠানিক সংগঠন । 

8। সফল কর্তৃত্ব অর্পণৰ বাবে , দায়িত্বৰ লগত কি থাকিব লাগে ? 

উত্তৰঃ কর্তৃত্ব । 

৫। এটা বাণিজ্যিক প্রতিষ্ঠানে সৌন্দৰ্য্য বর্ধক , তৈয়াৰী কাপােৰ , চাবােন আৰু বিস্কুট বনায় । এনে এটা প্রতিষ্ঠানত সংগঠনকৰণৰ কোনটো গাঁঠনি উপযুক্ত হ’ব ?

উত্তৰঃ বিভাগীয় গাঁঠনি । 

৬। এজন মানুহৰ দায়িত্ব , কর্তৃত্বতকৈ বেছি হ’লে , তেওঁৰ কাম – কাজত ইয়াৰ কেনেকুৱা প্ৰভাৱ পৰিব ? 

উত্তৰঃ তেওঁৰ কাম–কাজবােৰ সঠিকভাৱে কৰাত বাধা আহি পৰিব । 

৭। এনেকুৱা এটা সংগঠনৰ নাম লিখা যত কৰ্মচাৰীসকলৰ মাজত এটা বন্ধুত্ব সুলভ পৰিবেশ থাকে ? 

উত্তৰঃ অনানুষ্ঠানিক সংগঠন । 

৮ । কোনটোৰ মাত্রা বেছি , বিকেন্দ্রীকৰণ নেতৃত্ব প্রদান ? 

উত্তৰঃ বিকেন্দ্রীকৰণৰ । 

৯। কোনটো সংজ্ঞাই কয়  , কর্মচাৰীসকলক সফলভাৱে পৰিচালনা কৰিব পাৰে এজন উপৰােক্ত বিষয়াই ’ ? 

উত্তৰঃ নিয়ন্ত্ৰণৰ পৰিসৰ । 

১০। কর্তৃত্ব প্রদান কৰিব পাৰি , কিন্তু কি নােৱাৰি ? 

উত্তৰঃ দ্বায়িত্ব । 

১১। এজন তলতীয়া কৰ্মচাৰীয়ে কাৰ পৰা আদেশ গ্রহণ কৰিব লাগে ? 

উত্তৰঃ শীর্ষ বিষয়াৰ পৰা । 

১২। কর্তৃত্ব ওপৰৰ পৰা তললৈ কাৰ পৰা কালৈ বয় ? 

উত্তৰঃ শীর্ষ বিষয়াৰ পৰা তলতীয়া কৰ্মচাৰীলৈয়ে বয় । 

১৩। কোনে ধৰণৰ অনুষ্ঠানত নীতি , কার্যপদ্ধতি আদি পালন কৰা হয় ?

উত্তৰঃ আনুষ্ঠানিক সংগঠন । 

১৪। সফল পৰিচালনা কতৃত্ব অর্পণৰ দ্বাৰা সম্ভব ’ — কিয় ? 

উত্তৰঃ কর্তৃত্ব অর্পণে পৰিচালনা সূচাৰুৰূপে পালন কৰাত সহায় কৰে বাবে । 

১৫। পৰিচালনাৰ প্ৰসাৰ কি ? 

উত্তৰঃ পৰিচালনাৰ প্ৰসাৰ হ’ল ইয়াৰ সমূহ অংগবিলাকৰ সমষ্টি । 

১৬। কেনে অনুষ্ঠানত সদস্যসকলৰ মাজত বন্ধুত্বপূর্ণ সম্বন্ধ সম্ভব হয় ? 

উত্তৰঃ আনুষ্ঠানিক সংগঠনত । 

১৭৷ কাৰ প্ৰসাৰ বেছি বিকেন্দ্রীকৰণ নেতৃত্ব অর্পণ ? 

উত্তৰঃ বিকেন্দ্রীকৰণৰ । 

১৮। কার্যকৰী সংগঠন এটাৰ ভেটী কি ? 

উত্তৰঃ ইয়াৰ ভেটী হ’ল লক্ষ্য , নীতি , কার্যপদ্ধতি আদি । 

( খ ) চমু উত্তৰ দিয়া ( মূল্যাংকঃ ১/৩ ) 

১৯। সংগঠন কি ? 

উত্তৰঃ ব্যৱসায়ৰ উদ্দেশ্যত উপনীত হ’বলৈ কৰণীয় কার্যৰ বিশ্লেষণমূলক চিনাক্তকৰণ , কার্য বিভাগীকৰণ , কর্তৃত্ব আৰু দায়িত্ব স্থিৰকৰণেৰে দায়িত্ব আৰােপ কৰাৰ সামগ্রিক প্রক্রিয়াৰে সংগঠনকৰণ বােলা হয় । 

২০। সংগঠনৰ গাঁঠনি বুলিলে কি বুজা ? 

উত্তৰঃ ব্যৱসায় প্রতিষ্ঠানত বিভিন্ন অংশ অথবা উপাদানৰ মাজত অন্ত:সম্পর্ক স্থাপন আৰু আন্ত সংযােজন সাধনৰ উপায় হৈছে সংগঠনৰ গঠন ।ইয়াক সংগঠনৰ আৰ্হি বা নক্সাও বােলা হয় । 

২১। আনুষ্ঠানিক সংগঠন কি ? 

উত্তৰঃ আনুষ্ঠানিক সংগঠন হৈছে প্রতিষ্ঠানৰ উদ্দেশ্যত উপনীত হ’বলৈ পৰিচালনাই সজ্ঞানে কর্মীসকলৰ প্ৰতিজনলৈ পালন কৰিব লগা দায়িত্ব আৰােপ কৰাৰ জৰিয়তে গঠন কৰা এক সংগঠন । আনুষ্ঠানিক সংগঠন চাৰিটা উপাদানৰ ওপৰত প্রতিষ্ঠিত । যেনে— 

( ক ) শ্রম বিভাজন ।

( খ ) স্তৰানুক্রমিক আৰু কাৰ্যকৰণ পদ্ধতি ।

( গ ) গঠন । আৰু 

( ঘ ) নিয়ন্ত্ৰণৰ শিকলি । 

২২। অনানুষ্ঠানিক সংগঠন কি ? 

উত্তৰঃ অনানুষ্ঠানিক সংগঠন হৈছে সংগঠনত কৰ্মৰত লােকৰ মাজত কিছুমান দিশত সাদৃশ্যৰ ভিত্তিত গঢ়ি উঠা এক স্বাভাৱিক দলীয় সম্পর্ক । এই সংগঠন কোনাে পদ্ধতি বা নীতি – নিয়মৰ ভিত্তিত গঢ়ি উঠাৰ পৰিৱর্তে ব্যক্তিগত মনােভংগী , ভালপােৱা , পক্ষপাতিত্ব আদিৰ ভিত্তিত গঢ়ি উঠে । 

২৩। কর্তৃত্বৰ বিকেন্দ্রীকৰণ কি ? 

উত্তৰঃ কর্তৃত্বৰ বিকেন্দ্রীকৰণ হৈছে প্রতিষ্ঠিানৰ উচ্চ পৰিচালনাৰ এক দর্শন , যাৰ অধীনত পৰিচালনাৰ বাবে সর্বাধিক কর্তৃত্ব মধ্যম পর্যায়ৰ পৰিচালকসকললৈ আৰু বিশেষকৈ নিম্ন পর্যায়লৈ বিস্তাৰন ঘটোৱা হয় । 

কর্তৃত্বৰ বিকেন্দ্রীৰণে পৰিচালনাৰ নিম্নস্তৰলৈকে সিদ্ধান্তগ্রহণ ক্ষমতাৰ বিস্তাৰ ঘটায় । শীর্ষত এজন বিষয়াৰ হাতত সিদ্ধান্ত গ্রহণ আৰু নীতি গ্রহণৰ ব্যৱস্থা নাৰাখি বিভিন্ন পর্যায়ৰ ব্যক্তি বা বিষয়ালৈ ঠেলি দিয়াই হৈছে বিকেন্দ্রীকৰণ । 

২৪। সংগঠনকৰণ এটা কাৰ্য্য প্রণালী হিচাপে সংজ্ঞা দিয়া আৰু বুজাই লিখা । 

উত্তৰঃ ব্যৱসায়ৰ উদ্দেশ্যত উপনীত হ’বলৈ কৰণীয় কার্যৰ বিশ্লেষণমূলক চিনাক্তকৰণ , কার্যৰ বিভাগীকৰণ , কর্তৃত্ব আৰু দায়িত্ব স্থিৰকৰণেৰে দায়িত্ব আৰােপ কৰাৰ সামগ্রিক প্রক্রিয়াকে সংগঠনকৰণ বােলা হয় । 

২৫। সংগঠন যে এটা গাঁঠনি বুজাই লিখা । 

উত্তৰঃ ব্যৱসায় প্রতিষ্ঠানত বিভিন্ন অংশ অথবা উপাদানৰ মাজত আন্তঃসম্পর্ক স্থাপন আৰু আন্ত সংযােজন সাধনৰ উপায় হৈছে সংগঠনৰ গঠন । ইয়াক সংগঠনৰ আৰ্হি বা নক্সাও বােলা হয় ।

২৬। সংগঠন এটা দলীয় কার্য হিচাপে বুজাই লিখা । 

উত্তৰঃ সংগঠন এটা দলীয় কাৰ্য্য কাৰণ প্ৰতিষ্ঠানৰ বিভিন্ন স্তৰত থকা পদবী আৰু কামৰ মাজত আনুষ্ঠানিক সম্পর্ক থাকে । ব্যক্তিগত দলবিলাকে সৰু বৰ নির্বিশেষে তেওঁলােকৰ মাজত ঘনিষ্ঠ সম্পর্ক গঢ়ি উঠাত গুৰুত্ব দিয়ে । ব্যৱসায়ৰ সমূহীয়া লক্ষ্য সাধাৰণ বাবে ব্যক্তিগত প্রচেষ্টা বিলাকক সংহতি আৰু সমন্বয়ৰ যােগেদি একত্রিত কৰা হয় । 

২৭। কর্তৃত্বৰ কেন্দ্ৰীকৰণ কি ? 

উত্তৰঃ সংগঠন এটাৰ সিদ্ধান্ত লােৱাৰ কতৃত্ব যেতিয়া ব্যৱস্থাপনাৰ উচ্চস্তৰত যােৱা হয় । তেতিয়া তাক কেন্দ্রীকৰণ বুলি কোৱা হয় । সম্পূর্ণ কেন্দ্রীকৰণে পৰিচালনাত ক্ষমতাৰ গুৰুত্ব অনুসৰি লােক – বিন্যাসৰ শীর্ষস্তৰত সকলাে সিদ্ধান্ত গ্রহণ কাৰ্য্য ঘনীভূত হােৱাটোকে সূচায় । 

২৮। সংগঠনৰ তিনিটা বৈশিষ্ট্যৰ বিষয়ে লিখা । 

উত্তৰঃ সংগঠনৰ উল্লেখযােগ্য বৈশিষ্ট্যবােৰ হ’ল— 

( ক ) শ্রম বিভাজন :- সকলাে সংগঠনৰ এক সমূহীয়া বৈশিষ্ট্য হৈছে শ্রম বিভাজন । যিকোনাে সংগঠনৰ উদ্দেশ্য সিদ্ধিৰ বাবে সাধাৰণ উদ্দেশ্যক সুবিধাজনক কিছুমান ভাগত ভগাই লােৱ হয় আৰু এজন ব্যক্তিয়ে বা একেবােৰ ব্যক্তিয়ে সকলাে কাম কৰিব নােৱাৰা বাবে সামগ্রিক কামক বিশেষীকৰণৰ ভিত্তিত ভগাই লােৱা হয় । 

( খ ) সমন্বয় :- সাধাৰণ উদ্দেশ্যত উপনীত হ’বলৈ সামগ্রিক কামক ভাগ বিভাগ কৰাৰ পিছত সেইবােৰৰ মাজত সম্পর্ক ৰক্ষা কৰা বা সংহতি সাধন কৰাৰ আৱশ্যক হয় । এই সংহতি স্থাপনেই হৈছে সমন্বয় সাধন । ইয়াৰ জৰিয়তে বিভিন্ন বিভাগক মিলিত কৰা হয় । 

( গ ) উদ্দেশ্য সিদ্ধি :- উদ্দেশ্যহীন সংগঠনৰ গঠন অর্থহীন । সেয়ে কার্যতঃ সংগঠন গঠনৰ লক্ষ্য উদ্দেশ্য স্থিৰ কৰা আৰু উদ্দেশ্য সিদ্ধিৰ উপায় অৱলম্বন কৰা ।

( ঘ ) কর্তৃত্ব আৰু দায়িত্বৰ গঠনঃ সংগঠনৰ গঠনে স্তৰভেদে আৰু কর্তৃত্ব আৰু দায়িত্বৰ স্পষ্টীকৰনেৰে বিভিন্ন অৱস্থানৰ কৰ্মীৰ অৱস্থিতি প্রকাশ কৰে । এই স্থান আৰু কতৃত্ব প্রদান অবিহনে নির্দিষ্ট কিছুমান কর্ম সম্পাদন কৰা কঠিন বাবে সেইবােৰ স্পষ্ট কৰা হয় । 

২৯। আনুষ্ঠানিক সংগঠনৰ তিনিটা বৈশিষ্ট্যৰ বিষয়ে লিখা । 

উত্তৰঃ আনুষ্ঠানিক সংগঠনৰ বৈশিষ্ট্যসমূহ হ’ল— 

( ক ) এই সংগঠন শীর্ষ পৰিচালনাৰ দ্বাৰা নিৰ্মাণ কৰা হয় । 

( খ ) এই সংগঠন শ্রম বিভাজন আৰু কার্য সম্পাদনৰ পাৰদৰ্শিতাৰ নীতিৰ ওপৰত প্রতিষ্ঠিত । 

( গ ) এই সংগঠনে কার্য সম্পাদন কৰা ব্যক্তিৰ পৰিৱর্তে কার্য সম্পাদনৰ ওপৰতহে অধিক কেন্দ্রীভূত হয় । 

( ঘ ) ইয়াত কার্যধাৰকৰ কর্তৃত্ব আৰু দায়িত্বৰ প্রতি প্রত্যেকে আসক্ত হ’ব লাগে । 

( ঙ ) পদ্ধতি , কার্যক্রম , নিয়মাৱলী আদিৰ জৰিয়তে সভ্যসকলৰ মাজত সমন্বয় আৰু তেওঁলােকৰ নিয়ন্ত্রণ সুনির্দিষ্ট হয় । 

৩০। কাৰ্যকৰী সংগঠনৰ তিনিটা বৈশিষ্ট্য বুজাই লিখা । 

উত্তৰঃ কাৰ্যকৰী গাঁঠনিৰ বৈশিষ্ট্যসমূহ হ’ল— 

( ক ) ই হ’ল এটা সাংগঠনিক আৰ্হি যত একে ধৰণৰ কামবােৰ একেলগে কৰি একো একোটা গােটৰ সৃষ্টি কৰা হয় । 

( খ ) ইয়াত নির্দিষ্ট কাৰ্য্যৰ ওপৰত গুৰুত্ব প্রদান কৰা হয় । 

( গ ) এই ধৰণৰ গাঠনিয়ে বৃত্তিগত বিশেষীকৰণৰ সৃষ্টি কৰে । 

৩১। কাৰ্য্যকৰী সংগঠনৰ তিনিটা অসুবিধা বর্ণনা কৰা । 

উত্তৰঃ কাৰ্যকৰী সংগঠনৰ তিনিটা অসুবিধা হল— 

( ক ) এই গাঁঠনিত যিহেতু এজন কর্মচাৰীক এটা বিশেষ অংশৰ দায়িত্ব দিয়া হয় , সেইবাবে তেওঁ সেই অংশত পাৰ্গত হয় আৰু সেইবাবে তেওঁ অন্য এটা কাৰ্য্যত বা দায়িত্বত পাৰ্গত নহয় । 

( খ ) প্রতিটো কামক সৰু সৰু অংশত বিভক্ত কৰা হয় বাবে প্রতিষ্ঠানটোৰ ব্যয়ৰ মাত্রা বৃদ্ধি পায় । 

( গ ) হঠাতে উৎপাদন প্রক্রিয়া বা বজাৰকৰণ প্রক্রিয়াৰ বিশেষ পৰিবর্তন হ’লে তেতিয়া এনে পৰিবৰ্তনবিলাক সহজে কাৰ্যকৰীকৰণ সম্ভৱ নহয় । 

৩২। কর্তৃত্ত্ব আৰু দায়িত্বৰ মাজত তিনিটা বিভেদৰ বিষয়ে লিখা । 

উত্তৰঃ কর্তৃত্ত্ব আৰু দায়িত্বৰ মাজত তিনিটা বিভেদ হ’ল— 

( ক ) কর্তৃত্ব পৰিচালনীয় অৱস্থানতহে থাকে , ব্যক্তিগত সামর্থ্যত নাথাকে । 

( খ ) পৰিচালকৰ আদেশ জাৰিকৰণৰ অধিকাৰ বৈধ । অর্থাৎ এই অধিকাৰ সামাজিক আৰু নৈতিকভাবে গ্রহণযােগ্য হয় । 

( গ ) কর্তৃত্বই পৰিচালকক সিদ্ধান্ত গ্রহণৰ অধিকাৰ প্ৰদান কৰে । অর্থাৎ সিদ্ধান্ত গ্রহণৰ জৰিয়তে কর্তৃত্বৰ অনুশীলন ঘটে ।

৩৩। কর্তৃত্ব অর্পণ আৰু বিকেন্দ্রীকৰণৰ মাজত তলত দিয়া ধৰণে পার্থক্য দেখুওৱা । 

( ক ) কাম কৰা স্বাধীনতা ।

( খ ) প্ৰকাৰ ।

( গ ) উদ্দেশ্য । 

( গ ) চমু উত্তৰ দিয়া ( মূল্যাংক : ২/৪ ) 

৩৪। আনুষ্ঠানিক আৰু অনানুষ্ঠানিক সংগঠনৰ মাজত চাৰিটা পার্থক্যৰ বিষয়ে লিখা ।

৩৫। আধুনিক ব্যবসায়ত সংগঠনকৰণৰ আৱশ্যকতা চমুকৈ আলােচনা কৰা । 

উত্তৰঃ সংগঠনৰ গুৰুত্বসমূহ তলত ব্যাখ্যা কৰা হলঃ–

( ক ) বিশেষীকৰণৰ সুবিধাঃ কর্ম বিভাজনে বিভিন্ন বিভাগ বা বিশেষ দিশত কামৰ বিভাজন ঘটোৱাত সেইবােৰৰ কাম – কাজৰ অনুশীলনত বিশেষীকৰণৰ সৃষ্টি হয় । এই বিশেষীকৰণে সাংগঠনিক কার্যত শ্ৰমিকৰ পাৰদৰ্শিতা বৃদ্ধি কৰে । 

( খ ) নতুন প্রযুক্তিৰ প্ৰকাম্য ব্যৱহাৰত সহায়ক :-  নতুন আৰু পৰিৱৰ্ত্তিত পৰিস্থিতিত উদ্ভাৱন হােৱা নতুন প্রযুক্তিৰ সফল অৱলম্বনেৰে পৰিচালনাই প্রতিযােগিতাত অৱতীৰ্ণ হােৱাৰ সামর্থ্য লাভ কৰে । ফলত সংগঠনত নতুন প্রযুক্তিৰ প্ৰকাম্য ব্যৱহাৰত সহায় লাভ হয় । 

( গ ) অবিৰত কার্য সম্পাদনৰ সুবিধাঃ সংগঠানৰ নমনীয়তাৰ নীতিৰে ভৱিষ্যতৰ পৰিৱৰ্তিত অৱস্থাত সাংগঠনিক সংযােজনৰ সুবিধা প্রদান কৰাৰ বিপৰীতে কর্ম বিভাজন আৰু যােগ্যলােকৰ ওপৰত বিভাগীয় কামৰ দায়িত্ব আৰােপকৰণে কার্য সম্পাদন অবিৰত কৰে ।

( ঘ ) কর্তৃত্ব আৰু দায়িত্বৰ সম্পৰ্কৰ স্পষ্টতা :-  সংগঠনৰ গঠনত পৰিচালক আৰু অধীনস্থৰ কর্তৃত্ব আৰু দায়িত্বৰ সম্পৰ্কৰ স্পষ্টতাই কাম – কাজৰ সুস্থসম্পাদনৰ সুবিধা আগবঢ়ায় লগতে , প্রত্যেক অৱস্থানৰ ব্যক্তিৰ মাজত উন্নত মানৱীয় সম্পর্কৰ প্রবর্তন কৰে । ফলত সংগঠনত কর্মস্পৃহা বৃদ্ধি পায় । 

৩৬। সফল কর্তৃত্ব প্রদানৰ চাৰিটা বাধাৰ বিষয়ে লিখা । 

উত্তৰঃ প্রতিনিধিত্বৰ প্রতিবন্ধকতাসমূহ হ’ল– 

( i ) জ্যেষ্ঠসকলৰ দৃষ্টিকোণৰ পৰা :- বিভিন্ন কাৰণত জ্যেষ্ঠবিষয়াসকল কর্তৃত্ব প্রতিনিধিত্বৰ প্ৰতি অনিচ্ছুক হয় । যেনে— 

( ক ) আত্মাভিমানৰ বশবর্তিতা :- বহু ক্ষেত্ৰত জ্যেষ্ঠ বিষয়াই আত্মাভিমানৰ বশৱৰ্তিতাৰে নিজে উন্নত কাম কৰাৰ দাবী কৰি আনক অপাৰগ বুলি ভাবিবলৈ লয় । এনে ধৰণৰ আত্মাভিমানী বিষয়াই কর্তৃত্বৰ আৱশ্যকীয় প্রতিনিধিত্ব কৰাৰ পৰা বিৰত থাকি সংগঠন কার্য সম্পাদন ক্ষতিগ্রস্ত কৰে । 

( খ ) স্বেচ্ছাচাৰিতাৰ মনােভাৱঃ ই ইছে প্রতিনিধিত্বকৰণৰ অন্য এক প্রতিবন্ধক । বিশেষ বিষয়াই জেষ্ঠ্যৰ ক্ষমতাৰ লােভত কর্তৃত্ব নিজৰ হাতত ৰাখিবলৈ ইয়াৰ প্রতিনিধিত্ব নকৰি সংগঠনৰ কার্য সম্পাদন লেহেমীয়া কৰে ।

( গ ) আদেশ জাৰি আৰু পৰিচালনাৰ সামৰ্থ্যৰ অভাৱঃ জ্যেষ্ঠ বিষয়াৰ ইয়াৰ বাবেও কর্তৃত্ব প্রতিনিধিত্বকৰণৰ প্রতি অনিহা প্রদর্শন কৰা দেখা যায় । 

( ঘ ) অধীনস্থসকলৰ ওপৰত বিশ্বাস স্থাপনৰ অভাৱঃ ইয়াৰ ফলত কর্তৃত্ব প্রতিনিধিকৰণক আওকান কৰা হয় । 

৩৭। কর্তৃত্ব প্রদান আৰু বিকেন্দ্রীকৰণৰ মাজৰ চাৰিটা পার্থক্য চমুকৈ আলােচনা কৰা । 

৩৮। কর্তৃত্ব প্রদানৰ চাৰিটা আৱশ্যকতা ব্যাখ্যা কৰা । 

উত্তৰঃ গুৰুত্বঃ ( ক ) শীষকাৰ্যবাহীলৈ সকাহঃ সংগঠনৰ শীর্ষ কাৰ্যবাহীয়ে প্রত্যেকটো কার্যই নিজে সম্পাদন কৰিব নােৱাৰে । কিয়নাে কাৰ্যবাহীসকলে পৰিকল্পনাকৰণ , সমন্বয় সাধন , নিয়ন্ত্রণ সাধন আদি পৰিচালনীয় কার্যত ওতঃপ্রােতভাবে জড়িত হ’ব লগাত পৰে । এনে পৰিস্থিতিত অধীনস্থসকললৈ কর্তৃত্ব প্রতিনিধিত্ব কৰি কাৰ্যবাহীসকলে সকাহ লাভ কৰে । 

( খ ) সংগঠনৰ ভেটি :- সাংগঠনিক গঠন পদ্ধতিত কর্তৃত্ব প্রতিনিধিত্ব কৰণ হৈছে এক গুৰুত্বপূর্ণ পর্যায় । অর্থাৎ প্রতিষ্ঠানৰ সকলাে পর্যায়ৰ কার্য সম্পাদনৰ অৰ্থে গঠন কৰা সংগঠনৰ প্ৰধান ভেটি হৈছে জ্যেষ্ঠ পৰিচালক নাইবা কার্যবাহীসকলৰ কর্তৃত্ব অধীনস্থলে প্রতিনিধিত্ব কৰাৰ জৰিয়তে কার্য সম্পাদনৰ সুচলতা নিশ্চিত কৰা ।  

( গ ) বিশেষজ্ঞৰ ব্যৱহাৰঃ কতৃত্ব প্রতিনিধিত্বকৰণে বিশেষ জ্ঞান আৰু অভিজ্ঞতাৰ ব্যক্তিৰ ওপৰত দায়িত্ব অর্পণ হৈছে অন্য এক সুবিধা । এনে কাৰ্যই সংগঠনৰ কামৰ মান উন্নত কৰে । 

( ঘ ) সম্প্ৰসাৰণ আৰু ভিন্নমুখীকৰণ সুবিধা :-  ব্যৱসায়ৰ সম্প্ৰসাৰণ আৰু কাম – কাজৰ ভিন্নমুখীকৰণৰ সুবিধাৰ ফলত জ্যেষ্ঠসকলে একোটা কাম অধীনস্থৰ দায়িত্ব অর্পণ কৰি নতুন নতুন দিশত অগ্ৰসৰ হােৱা আৰু তাৰ দ্বাৰা ব্যৱসায়ৰ সম্প্ৰসাৰণ ঘটোৱাৰ সুবিধা লাভ কৰে বাবে কর্তৃত্ব প্রতিনিধিত্বকৰণৰ গুৰুত্ব পৰিলক্ষিত হয় । 

( ঙ ) অধীনস্থসকলৰ উন্নয়ন সাধন :- কর্তৃত্ব প্রতিনিধিত্বকৰণে অধীনস্থ সকলৰ কৰ্তব্য , দায়িত্ব , পাৰদৰ্শিতা বৃদ্ধি কৰাত সহায় কৰে । তেওঁলােকৈ অর্পণ কৰা কর্তৃত্বৰ ফলতে সিদ্ধান্ত গ্রহণ আৰু আদেশ জাৰি কৰাৰ ক্ষমতা লাভ হয় । ফলত অধীনস্থসকলৰ সাংগঠনিক কার্যত নিজৰ উন্নয়ন সাধনৰ সুযােগ আনে । 

See Next Page No Below…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top