Class 12 Business Chapter 4 পৰিকল্পনাকৰণ

Class 12 Business Chapter 4 পৰিকল্পনাকৰণ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 12 Business Chapter 4 পৰিকল্পনাকৰণ and select needs one.

Class 12 Business Chapter 4 পৰিকল্পনাকৰণ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Business Chapter 4 পৰিকল্পনাকৰণ Solutions for All Subject, You can practice these here…

পৰিকল্পনাকৰণ

Chapter : 4

প্ৰথম খণ্ড

অতি চমু উত্তৰ দিয়াঃ ( মূল্যাংকঃ ১ )

( ক ) অতি চমু উত্তৰ দিয়া ( মূল্যাংকেঃ ১ ) 

১। বিভিন্ন ধৰণৰ পৰিকল্পনাৰােৰ কি কি ? 

উত্তৰঃ বিভিন্ন ধৰণৰ পৰিকল্পনাৰােৰ হ’ল উদ্দেশ্য , কৌশল , নীতি , কাৰ্য্য পদ্ধতি , নিয়ম আঁচনি , বাজেট আদি । 

২ । পৰিকল্পনাকৰণ প্রক্রিয়া কি ? 

উত্তৰঃ পৰিকল্পনাকৰণ প্রক্রিয়া হ’ল ব্যৱসায়ৰ উদ্দেশ্যসমূহ স্থিৰ কৰি সম্পদৰ সঠিক ব্যৱহাৰ কৰা । 

৩। ‘পৰিকল্পনাকৰণ এটা সময়খৰচী প্রক্রিয়া’ — মন্তব্য দিয়া । 

উত্তৰঃ পৰিকল্পনাকৰণ এটা সময়খৰচী প্রক্রিয়া । পৰিকল্পনাকৰণত প্রথমেই উদ্দেশ্যসমূহ স্থিৰ কৰিব লাগে আৰু ই এক সময়খৰচী প্রক্রিয়া । বিভিন্ন ধৰণৰ সমল যােগাৰ কৰি ইয়াৰ পৰা সঠিক সমলখিনি বাচি লৈহে পৰিকল্পনা কৰা হয় । 

৪ । ‘পৰিকল্পনাকৰণে কৃতকাৰ্য্যতাৰ নিশ্চয়তা প্রদান নকৰে ।’— শুদ্ধ নে অশুদ্ধ । 

উত্তৰঃ শুদ্ধ । কিয়নাে পৰিকল্পনাকৰণ এক দীঘলীয়া প্রক্রিয়া আৰু ইয়াৰ সঠিক প্রণয়ন সহজ নহয় । 

৫ । পৰিকল্পনাকৰণৰ কিবা অসুবিধা আছে নেকি ? মন্তব্য কৰা । 

উত্তৰঃ পৰিকল্পনাকৰণৰ বহুতাে অসুবিধা আছে । সেইবােৰ হ’ল – 

( ক ) অনিশ্চিত ভৱিষ্যতৰ শুদ্ধ অনুমান সম্ভৱ নহয় । 

( খ ) সময় , অর্থ আৰু শ্ৰমৰ ব্যয়ৰ দৃষ্টিচৰ পৰিকল্পনা এক ব্যয়বহুল প্রক্রিয়া । 

( গ ) অনুপযুক্ত তথ্যভিত্তিক পৰিকল্পনা আকাংক্ষিত কাৰ্য্য সম্পাদন আৰু ফলাফল লাভ সফল নহয় । 

৬। কোন ধৰণৰ পৰিকল্পনাই কি কৰা যাব তাক নিৰ্ধাৰণ কৰে ? 

উত্তৰঃ নিয়মে স্থিৰ কৰে কি কৰিব লাগে আৰু কি কৰিব নালাগে । 

৭। কোন ধৰণৰ পৰিকল্পনাই নিয়ন্ত্রণ সাধনৰ কাৰ্যবােৰ অন্তর্ভুক্ত নকৰে ?

উত্তৰঃ ব্যৱস্থাপনাৰ প্রথম কাৰ্যটো হ’ল পৰিকল্পনাকৰণ । নিয়ন্ত্রণ সাধন একেবাৰে শেষৰটো কাৰ্য । গতিকে পৰিকল্পনাকৰণে নিয়ন্ত্রণ সাধনক সামৰি নলয় । 

৮। পৰিকল্পনাকৰণ মানে কি বুজা ? 

উত্তৰঃ পৰিকল্পনা হৈছেপৰিচালনাৰ প্ৰথম আৰু মৌলিক কার্য । ইয়াৰ দ্বাৰা ব্যৱসায়ৰ নিৰ্ধাৰিত উদ্দেশ্যত উপনীত হওঁতে অৱলম্বন কৰিব লগা কার্যপন্থা আগতীয়াকৈ নিৰ্ধাৰণ কৰা হয় । এই পৰিকল্পনাক ব্যৱসায়ৰ কি কি কার্য , কেতিয়া , কাৰ হতুৱাই আৰু কেনেকৈ কৰােৱা হ’ব । সেইবােৰৰ আগতীয়াকৈ সিদ্ধান্তগ্রহণ কৰা কাৰ্য বুলি ক’ব পাৰি । অর্থাৎ কোনাে কার্যসম্পাদনৰ আগতে চিন্তা কৰা কাৰ্য আৰু ইয়াত পৰিচালনাৰ চিন্তা ভাৱনাৰ প্রয়ােজন হয় । 

৯। ‘পৰিকল্পনাকৰণে অনিশ্চয়তা দূৰ কৰে । শুদ্ধ / অশুদ্ধ । 

উত্তৰঃ শুদ্ধ । পৰিকল্পনাকৰণে বিপদ আৰু অনিশ্চয়তা হ্রাস কৰে । 

১০। পৰিকল্পনাকৰণে কিদৰে নির্দেশ প্রদান কৰে ? 

উত্তৰঃ এটা সংগঠনৰ উদ্দেশ্য বা লক্ষ্যসমূহত উপনীত হােৱাত পৰিকল্পনাকৰণে নির্দেশ দিয়ে । পৰিকল্পনাই সকলাে বিভাগ আৰু প্ৰতিজন কর্মচাৰী বাট দেখুৱায় । 

১১। পৰিকল্পনাকৰণৰ কাৰ্য্যতালিকা প্রস্তুত মানে কি ? 

উত্তৰঃ পৰিকল্পনাত কাৰ্য্যতালিকা প্রস্তুত মানে হ’ল– সংগঠনটোৰ নীতি নিয়মবােৰ সঠিক কৰি লক্ষ্যত উপনীত হােৱাৰ প্ৰয়াস কৰা ।

১২। কাৰখানাত ধূমপান নিষেধ’— এই বাক্যশাৰী কোন ধৰণৰ পৰিকল্পনাৰ লগত জড়িত ? 

উত্তৰঃ এই বাক্যশাৰী আনুষ্ঠানিক পৰিকল্পনাৰ লগত জড়িত । 

১৩। পৰিচালনাৰ কোনটো কার্যক ভূমি হিচাপে ধৰা হয় ? 

উত্তৰঃ পৰিকল্পনাকৰণ । 

১৪ । লক্ষ্যৰ এটা উদাহৰণ দিয়া । 

উত্তৰঃ লক্ষ্যৰ উদাহৰণ হ’ল— x ব্যবসায় সংগঠনৰ এই বছৰৰ বিক্ৰীৰ পৰিমান হ’ব লাগিব প্রায় এক কোটি টকা ।

১৫। বাজেট কি ? 

উত্তৰঃ বাজেট হ’ল এটা ব্যৱসায় সংগঠনৰ ভৱিষ্যতে হ’ব লগা বিভিন্ন শিতানৰ খৰচৰপৰিমাণ । 

১৬। পৰিকল্পনাকৰণৰ এটা বাহ্যিক অসুবিধা লিখা । 

উত্তৰঃ ব্যয় বহুলতা । 

( খ ) চমু উত্তৰ দিয়া ( মূল্যাংকঃ ১/৩ ) 

১৭। পৰিকল্পনাকৰণ এটা ধাৰাবাহিক প্রক্রিয়া । — বুজাই লিখা । 

উত্তৰঃ পৰিৱৰ্তিত পৰিস্থিতিত আভ্যন্তৰীণ আৰু বাহ্যিক পৰিৱেশৰ উপাদানৰ প্ৰভাৱ বিবেচনা কৰিবলৈ আৰু সেই মতে ব্যৱসায়ৰ অস্তিত্ব ৰক্ষা কৰিবলৈ ধাৰাবাহিকভাবে পৰিকল্পনাকৰণ কৰা হয় । 

১৮৷ পৰিকল্পনাকৰণৰ তিনিটা মুখ্য সুবিধাৰ বিষয়ে লিখা । 

উত্তৰঃ পৰিকল্পনাকৰণৰ সুবিধাসমূহ হ’লঃ– 

( ক ) ব্যৱসায় সংগঠনৰ উদ্দেশ্যত উপনীত হােৱাত পৰিকল্পনাই উপায় হিচাপে কাম কৰে । 

( খ ) অনুৎপাদন মূলক কার্য সর্বনিম্ন কৰাত ই সহায় কৰে । 

( গ ) ব্যৱসায়ৰ সা – সুবিধা , সম্পদ আদিৰ উন্নত ব্যৱহাৰ নিশ্চিত কৰে । 

১৯। পৰিকল্পনাকৰণৰ কিবা অসুবিধা আছে নেকি ? চমুকৈ আলােচনা কৰা । 

উত্তৰঃ পৰিকল্পনাকৰণৰ কিবা অসুবিধা হয় আছে তাৰ তলত উল্লেখ কৰা হ’ল–

( ক ) অনিশ্চিত ভৱিষ্যতৰ শুদ্ধ অনুমান সম্ভৱ নােহােৱাত পৰিকল্পনাৰ সহজাত আসোঁৱাহ পৰিলক্ষিত হয় । 

( খ ) পৰিকল্পনা পদ্ধতিৰ একাধিক পর্যায়ৰ মাজত বুজাপৰাৰ অভাৱ দেখা যায় । 

( গ ) পৰিচালনাৰ শীর্ষতম স্তৰত যুগুত কৰা পৰিকল্পনা মধ্যম আৰু নিম্নস্তৰৰ বাবে সততে অনুকৰণীয় নহ’ব পাৰে । 

২০। সলনি হৈ থকা পৰিবেশতাে পৰিকল্পনাকৰণে কাম কৰিব পাৰে বুলি ভাবানে ? 

উত্তৰঃ মই ভাবাে সলনি হৈ থকা পৰিবেশত পৰিকল্পনাকৰণ ফলপ্রসূনহয়।কাৰণ ভৱিষ্যতৰ । এক স্থিৰ পৰিবেশ কল্পনা কৰিহে পৰিকল্পনা এটা যুগুত কৰা হয় । গতিকে পৰিবেশৰ সাল সলনিয়ে ইয়াৰ ওপৰত প্ৰভাৱ পেলােৱাটো প্রায় নিশ্চিত । বাহ্যিক পৰিবেশৰ কাৰক যেনে –অর্থনৈতিক অৱস্থা , প্রতিযােগীয়ে বজাৰত মেলি দিয়া নতুন দ্রব্য, সলনি হােৱা আইন আৰু ৰাজনৈতিক অৱস্থা আদিয়ে পৰিকল্পনাৰ ওপৰত প্ৰভাৱ পেলায় ।

২১। কেনে ধৰণৰ নিয়মাবলী পৰিকল্পনাই সামৰি লয় ? 

উত্তৰঃ ( ক ) পৰিকল্পনাকৰণৰ প্রাধান্যৰ নীতি :-  এই নীতি অনুসৰি প্রত্যেক পৰিচালকৰ পৰিচালনীয় কার্যাৱলীত পৰিকল্পনাকৰণে প্রথম স্থান লাভ কৰে । কিয়নাে অন্যান্য পৰিচালনীয় কার্যাৱলী মাত্ৰ পৰিকল্পনাকৰনত অন্তর্ভূক্ত উদ্দেশ্যত উপনীত হােৱাৰ বাবে সংগঠিত কৰা হয় ।

( খ ) উদ্দেশ্যৰ প্ৰতি বৰঙনিৰ নীতি :- ব্যৱসায়ৰ সকলাে প্ৰকাৰৰ পৰিকল্পনা উদ্দেশ্যত উপনীত হােৱাৰ অৰ্থে প্রস্তুত কৰা হয় । অর্থাৎ পৰিকল্পনাকৰণৰ উদ্দেশ্যৰ প্ৰতি বৰঙনিৰ নীতি হৈছে উদ্দেশ্যত উপনীত হােৱাৰ উপায় উদ্ভাৱন কৰা । 

( গ ) পৰিকল্পনাকৰণৰ আনুমানিক স্বীকাৰ্যৰ নীতি :- পৰিকল্পনাৰণ ফলপ্রসু কৰিবলৈ হলে কিছুমান স্বীকার্য বা অনুমান প্রস্তুত কৰি ল’ব লাগে । এইবােৰৰ ওপৰত ভিত্তি কৰি পৰিকল্পনাকৰণ সম্পূর্ণ কৰা হয় । 

২২। উদ্দেশ্য আৰু নীতি কি লিখা । 

উত্তৰঃ পৰিকল্পনাকৰণৰ মূল ভেটি হ’ল উদ্দেশ্য । ব্যৱসায়ৰ বিভিন্ন ধৰণৰ উদ্দেশ্য প্রাপ্তিৰ বাবে পৰিকল্পনাকৰণ কৰা হয় । এইবােৰক মাপ হিচাপে লৈ বিভিন্ন ধৰণৰ পৰিকল্পনা হাতত লােৱা হয় আৰু কাৰ্যকৰী কৰা হয় । 

নীতিঃ ব্যৱসায়ৰ পৰিকল্পনাকৰণৰ লগত সংগতি ৰাখি অথবা পৰিকল্পনাৰ প্ৰসংগত নীতিক এক স্থিৰ পৰিকল্পনা হিচাপে গ্ৰহণ কৰা হয়।ইয়াক পৰিকল্পনাকৰণৰ সহায় হিচাপেও বুজোৱা হয় ।

( গ ) চমু উত্তৰ দিয়া( মূল্যাংক : ২/৪ )

২৩। এটা পৰিকল্পনাৰ উদ্দেশ্য কি কি ? 

উত্তৰঃ আকাংক্ষাক বাস্তৱ ৰূপ দিবলৈ যিবিলাক কাৰ্য্য কৰা হয় , সিবিলাকেই হৈছে উদ্দেশ্য । এই উদ্দেশ্যই হৈছে আকাংক্ষাৰ শেষৰ ফলাফল য’ত প্রতিষ্ঠান প্রাকৃতিক আৰু মানবীয় কর্মোদ্যসীক একে ধাৰাৰে গতি কৰায় । পিটাৰ এফ দ্ৰাকাৰৰ মতে প্রতিষ্ঠানবিলাকৰ উদ্দেশ্য এনে ধৰণৰ হব পাৰে– 

( ক ) উৎপাদিকা শক্তি বৃদ্ধি । 

( খ ) সুনাম অর্জন । আৰু 

( গ ) পৰিবর্তন ইত্যাদি ।

২৪। পৰিকল্পনাৰ কৌশল বুলিলে কি বুজা ? 

উত্তৰঃ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত ব্যৱসায়ৰ সম্পদসমূহ কিমান উপযুক্ত প্রকাশ্য ব্যৱহাৰ কৰি নির্দিষ্ট লক্ষ্যত উপনীত হ’বৰ বাবে ৰচনা কৰা আঁচনিয়েই কৌশল । ব্যৱসায়ৰ প্রতিযােগীতামূলক বজাৰত উৎপাদনকাৰী বা বিক্রেতাই দ্ৰৱ্যৰ চাহিদা বৃদ্ধি কৰিবৰ বাবে বা প্রতিযােগীক পৰাভূত কৰিবৰ বাবে কৌশল ৰচনা কৰে । 

২৫। এটা পৰিকল্পনা যুগুত কৰােতে কেনে ধৰণৰ নীতি তুমি বিবেচনা কৰিবা ? 

উত্তৰঃ নীতিসমূহ হৈছে সাধাৰণ নিয়মৰ সমষ্টি । এটা পৰিকল্পনা যুগুত কৰােতে লব লগা নীতিসমূহ হ’ল— 

( ক ) আমি সাধাৰণতে বাকী বিক্রী নকৰাে । 

( খ ) আমি পাইকাৰী বিক্রেতা আৰু খুচুৰা বিক্রেতা এই দুই ধৰণৰ বিক্রেতাৰ লগতেই  ব্যৱসায় কৰিম ইত্যাদি । 

২৬। পৰিকল্পনাকৰণৰবকাৰ্য্য পদ্ধতি বুলিলে কি বুজা ? 

উত্তৰঃ কার্য পদ্ধতিক পৰিকল্পনাৰ এক প্ৰকাৰ হিচাপে গণ্য কৰা হয় , যাৰ অধীনত বিভিন্ন পর্যায়ত সাংগঠনিক কাম-কাজ সম্পাদন কৰােৱাক নির্দিষ্ট কৰা হয় । এই কার্য পদ্ধতিৰ মৌলিক উপাদান হৈছে সময় অনুযায়ী কামৰ ক্রমানু সৰিকতা মানি চলি সম্পাদন কৰা । 

২৭। পৰিকল্পনাৰ আনুমানিক স্বীকাৰ্য্য কি ? 

উত্তৰঃ পৰিকল্পনাকৰণৰ স্বীকাৰ্যৰ দ্বাৰা অর্থনৈতিক , সামাজিক , ৰাজনৈতিক , প্রযুক্তি আদিৰ ভৱিষ্যত অৱস্থা সম্পৰ্কত অনুমান কৰা হয় । এইবােৰৰ ভিত্তিত পৰিকল্পনাই কার্য কৰাৰ আশা কৰা হয় আৰু পৰিকল্পিত উদ্দেশ্যত উপনীত হােৱাৰ প্রচেষ্টা চলােৱা হয় । 

২৮। পৰিকল্পনাকৰণৰ দৰকাৰী উপাদানসমূহ কি কি ? 

উত্তৰঃ পৰিকল্পনাকৰণৰ দৰকাৰী উপাদানসমূহ হ’ল–বিভিন্ন ধৰণৰ পৰিকল্পনাৰােৰ হ’ল উদ্দেশ্য , কৌশল , নীতি , কাৰ্য্য পদ্ধতি , নিয়ম আঁচনি , বাজেট আদি । 

২৯। তুমি কেনেদৰে এটা পৰিকল্পনা কার্যকৰী কৰিবা ? 

উত্তৰঃ এটা পৰিকল্পনা কাৰ্যকৰী কৰােতে ইয়াৰ বিভিন্ন উপাদানসমূহ চালি – জাৰি চাব লাগিব । পৰিকল্পনাৰ লগত সংগতি ৰাখি ইয়াৰ নীতি- নিয়ম , কাৰ্য্যতালিকা , আঁচনি আদি তৈয়াৰ কৰিব  লাগিব । ব্যৱসায়ৰ উদ্দেশ্যবােৰ আগত ৰাখি পৰিকল্পনাকৰণ প্রক্রিয়া আগবঢ়াব লাগিব । এই প্রক্রিয়াত বাজেট সম্বন্ধীয় কথাবােৰ ঠিক কৰি লৈ আগবাঢ়িব লাগিব তেতিয়াহে পৰিকল্পনা এটা কাৰ্য্যকৰী হ’ব ।

৩০। এটা পৰিকল্পনা বাছনিৰ সময়ত কিয় বিকল্পৰ সন্ধান কৰা হয় ? 

উত্তৰঃএটা পৰিকল্পনা যুগুত কৰােতে বিভিন্ন ধৰণৰ দিশ চালি–জাৰি চোৱা হয় । পৰিকল্পনাজনে বিভিন্ন ধৰণৰ বিকল্প ভালদৰে অধ্যয়ন কৰিহে পৰিকল্পনাকৰণ চূড়ান্ত কৰিব লাগে । পৰিচালনাত পৰিকল্পনা প্রস্তুত কৰা কাৰ্যটোক চিন্তন কাৰ্য্য বােলে । ইয়াত ভৱিষ্যতৰ কাৰ্যপন্থা হাতত লােৱা হয় । গতিকে ভৱিষ্যতৰ প্ৰয়ােজন অনুসৰি ঠিক মতে ভবা- চিন্তা কৰি এক পৰিকল্পনা যুগুত কৰা দেখা যায় । 

৩১৷ পৰিকল্পনাত ‘বাজেট’ কি ? 

উত্তৰঃ সাধাৰণ অৰ্থত বাজেট হৈছে কোনাে এটা পৰিকল্পনাৰ কাৰ্য্যক্রমক সংখ্যাৰে প্ৰকাশ কৰা এখন বিৱৰণী । বাজেট হৈছে ভৱিষ্যতৰ আৱশ্যকতাৰ এটা হিচাপ । সাধাৰণতে বাজেটৰ দুটা দিশ থাকে — আয় আৰু ব্যয় । 

বাজেট হৈছে বাঞ্চিত ফল লাভৰ এক বিকৃতি । বাজেট পৰিকল্পনাৰ এক মূখ্য আহিলা আৰু পৰিচালনা কাৰ্যত ব্যয় নিয়ন্ত্রণত ব্যৱহাৰ কৰা হয় । 

( ঘ ) দীঘল প্রশ্ন উত্তৰ ( মূল্যাংক :১/৫ ) 

৩২। পৰিকল্পনাকৰণ পৰ্যায়বােৰ কি কি ? 

উত্তৰঃ পৰিকল্পনাকৰণৰ পদ্ধতিসমূহ হ’লঃ– 

( ক ) কাৰ্যৰ প্রয়ােজনীয়তা চিনাক্তকৰণঃ ইয়াক পৰিকল্পনাকৰণৰ এক পর্যায় বুলি কোৱাৰ বিপৰীতে প্রাক পর্যায় বুলি চিহ্নিত কৰাহে যুগুত , কিয়নাে পৰিকল্পনাৰণৰ আগেয়ে ব্যৱসায়ৰ কার্যক্ষেত্র অর্থাৎ ব্যৱসায়ৰ বাবে সুযােগ চিনাক্তকৰণ হােৱাৰ পিছতহে পৰিকল্পনাকণ আৰম্ভ হয় । 

( খ ) তথ্য সংগ্রহকৰণঃ পৰিকল্পনাকৰণ আৰম্ভ কৰিবলৈ হ’লে বিভিন্ন দিশৰ ওপৰত প্রাসংগিক তথ্য সংগ্রহাতে এক গুৰুত্বপূর্ণ কার্য হৈ পৰে । অর্থাৎ পৰিকল্পনাকৰণৰ আগতেই ইয়াৰ পর্যায় আৰম্ভ হয় । 

( গ ) উদ্দেশ্য স্থাপনঃ প্রতিষ্ঠানটোৰ উদ্দেশ্য নিৰ্দ্ধাৰণ কৰাৰ পৰাই পৰিকল্পনাকৰণৰ প্রকৃত আৰম্ভ হয় । কাৰণ উদ্দেশ্য স্থাপনত সামান্য ভূল কৰা হ’লেও পৰৱর্তী কার্য ধাৰা দুর্বল কৰিব পাৰে । সেয়ে উদ্দেশ্য স্থাপন পর্যায়ত প্রতিষ্ঠানৰ মৌলিক লক্ষ্যৰ প্ৰতি বৰঙণি যােগােৱা উদ্দেশ্য বাস্তৱসন্মত হােৱা , জ্ঞাতকৰণ কার্য সম্পাদন আৰু নিয়ন্ত্ৰণৰ সুবিধার্থে সাংখ্যিক প্রকাশ যােগ্য হােৱাৰ প্ৰতি লক্ষ্য ৰখা উচিত ।

( ঘ ) পৰিকল্পনাকৰণৰ স্বীকার্য বা অনুমানৰ উন্নয়ন :- পৰিকল্পনাকৰণৰ স্বীকাৰ্যৰ দ্বাৰা অর্থনৈতিক , সামাজিক , ৰাজনৈতিক , প্রযুক্তি আদিৰ ভৱিষ্যত অৱস্থা সম্পৰ্কত অনুমান কৰা হয় । এইবােৰৰ ভিত্তিত পৰিকল্পনাই কার্য কৰাৰ আশা কৰা হয় আৰু পৰিকল্পিত উদ্দেশ্যত উপনীত হােৱাৰ প্রচেষ্টা চলােৱা হয় । 

( ঙ ) বিকল্পকার্য ধাৰাৰ উন্নয়নঃ পৰিকল্পনাকৰণৰ বিকল্প কার্য ধাৰাই একাধিক কার্য ধাৰাৰ উন্নয়ন সাধনক বুজায় , য’ৰ পৰা বর্তমান আৰু ভৱিষ্যত যিকোনাে পৰিৱর্তিত পৰিস্থিতিতে উত্তম কার্য ধাৰা বাছনি কৰিব পৰা যায় । ইয়াৰ বাবে পৰিচালনাই অভিজ্ঞতা আৰু বিশেষজ্ঞতাৰ আধাৰত উত্তম বিকল্পৰ অনুসন্ধান কৰিব লাগে আৰু উত্তম কার্য ধাৰাৰ অনুসন্ধান কৰােতে অতি বেছি সংখ্যক বিকল্প কার্য ধাৰাৰ উন্নয়ন সাধন কৰিব নালাগে । কিয়নাে ই কার্য ধাৰা বিশ্লেষণত সময় পদ্ধতিৰ আৱশ্যক আৰু মানি চলাৰ দৃষ্টিৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে । 

Sl. No.সূচী-পত্ৰ
প্ৰথম খণ্ডপৰিচালনাৰ নীতি আৰু কার্য
Chapter 1পৰিচালনাৰ প্রকৃতি আৰু তাৎপর্য ।
Chapter 2পৰিচালনাৰ নীতি ।
Chapter 3ব্যৱসায় / ব্যৱসায়িক পৰিৱেশ ।
Chapter 4পৰিকল্পনাকৰণ ।
Chapter 5সংগঠনকৰণ ।
Chapter 6কর্মচাৰী নিযুক্তকৰণ ।
Chapter 7নির্দেশিতকৰণ ।
Chapter 8নিয়ন্ত্রণকৰণ ।
দ্বিতীয় খণ্ডব্যৱসায়িক বিত্ত আৰু ৰজাৰৰ
Chapter 9বিত্তীয় পৰিচালনা ।
Chapter 10বিত্তীয় বজাৰ ।
Chapter 11বজাৰকৰণ ।
Chapter 12উপভােক্তা সুৰক্ষা ।

৩৩। পৰিকল্পনাকৰণ কি কি ধৰণে কৰা যায় ? 

উত্তৰঃ পৰিকল্পনাকৰণৰ ধৰণবােৰ তলত চমুকৈ বর্ণনা কৰা হ’ল— 

( ক ) লক্ষ্য :- লক্ষ্য হৈছে এক আকাংক্ষিত কাৰ্য , যিটো সংগঠনে সাধন কৰিবলৈ বিচাৰে । 

( খ ) উদ্দেশ্যঃ আকাংক্ষাক বাস্তবৰূপ দিয়াৰ বাবে যিবিলাক কাৰ্য্য কৰা হয় , সেইবিলাকেই উদ্দেশ্য । 

( গ ) নীতিঃ সংগঠনৰ সুচাৰুৰূপে চলাবৰ বাবে প্রস্তুত কৰা বিৱৰণীৰ সমষ্টিটোক নীতি বােলা হয় । 

( ঘ ) কাৰ্য্য পদ্ধতিঃ কাৰ্য্য পদ্ধতি হ’ল সংগঠন এটাৰ কামবিলাকৰ এটা ক্রম , যিবিলাক একাদিক্রমত সজাই মূল কামটো সম্পন্ন কৰিবৰ চেষ্টা কৰা যায় । 

( ঙ ) নিয়মঃ নিয়ম হৈছে বিকল্পবােৰৰ পৰা বাছি লােৱা সৰল ধৰণৰ পৰিকল্পনা । 

৩৪। এটা পৰিকল্পনা যুগুত কৰােতে কেনে ধৰণৰ ধাৰণা / অনুভৱ বিবেচনা কৰা যায় ? 

উত্তৰঃ উন্নত পৰিকল্পনাৰ লক্ষনসমূহ হ’ল— 

( ক ) স্পষ্টকৈ সংজ্ঞাবদ্ধ উদ্দেশ্যঃ পৰিকল্পনা উন্নত হিচাপে পৰিগণিত হ’বলৈ হ’লে ই সুস্পষ্টকৈ সংজ্ঞাবদ্ধ উদ্দেশ্য স্থাপন কৰিব লাগে । প্রতিষ্ঠানৰ উদ্দেশ্যত উপনীত হবলৈ পৰিকল্পনাৰ উদ্দেশ্য যি মান দূৰ সম্ভৱ স্পষ্ট , নির্দিষ্ট , সংক্ষিপ্ত আৰু শুদ্ধ হােৱা আৱশ্যক । 

( খ ) ব্যাপকতা :- উন্নত পৰিকল্পনাত ব্যৱসায়ৰ উদ্দেশ্য নিৰ্দ্ধাৰণ আৰু উদ্দেশ্য পূৰণৰ প্ৰচেষ্টাত ব্যৱসায়ৰ প্ৰত্যেকটো দিশৰ অন্তৰ্ভক্তি অপৰিহাৰ্য হয় । পৰিকল্পনাত বিভিন্ন অংশ অন্তভূক্তি আৰু সেইবােৰৰ উদ্দেশ্য একেলগ কৰি আৰু সময় অনুসাৰে কার্য সিদ্ধিৰ পথ সুচল কৰি সমন্বিত ফল লাভ কৰা যায় । 

( গ ) উপযুক্ত উপলদ্ধিতাঃ ব্যৱসায়ৰ পৰিকল্পনাৰ বাস্তৱায়ন নিৰ্ভৰ কৰে ইয়াক কার্যকৰী কৰা লোকৰ উপযুক্ত উপলদ্ধি বােধ শক্তিৰ ওপৰত । সেয়ে উন্নত পৰিকল্পনাকৰণত পৰিকল্পনা প্রস্তুত কৰণ তথা ইয়াৰ বাস্তবায়ন কৰা কৰ্মী বাহিনীক পৰিকল্পনাৰ সকলাে কথা জ্ঞাত কৰাৰ ব্যৱস্থা সন্নিবিষ্ট কৰা হব লাগে । 

( ঘ ) উপযুক্ত সমন্বয় :- বিভিগীয় কামকাজৰ মাজত উপযুক্ত সমন্বয় সাধন নহ’লে বিভাগীয় আৰু সামগ্রিক পৰিকল্পনাত সময়ােচিত সফলতা আশা কৰা নাযায় । প্রতিষ্ঠানৰ পৰিকল্পনা উন্নত হিচাপে পৰিগনিত হ’বলৈ হ’লে আন্তঃবিভাগীয় আৰু বিভাগীয় একাধিক পর্যায়ৰ কার্য । সাধনত সমন্বয় সাধনৰ উচিত কৌশল অবলম্বন কৰা হ’ব লাগে । 

( ঙ ) নমনীয়তা :- উন্নত পৰিকল্পনাৰ অন্য এক লক্ষণ হৈছে ইয়াৰ নমনীয়তা বা পৰিৱর্তনশীলতা গুণ । ইয়াৰ দ্বাৰা ভবিষ্যতৰ অনিশ্চয়তাৰ মাজতাে ব্যৱসায় কার্যৰ ধাৰাবাহিকতা ৰক্ষা পৰে । বহল পৰিকল্পনা যুগুত আৰু পৰিৱৰ্তন ভিত্তিক সাল – সলনিৰ সুযােগ অন্তর্ভূক্ত কৰা হলে পৰিকল্পনা উন্নত হয় । 

৩৫। ব্যৱসায়িক সংগঠন এটাত কেনে ধৰণৰ কৌশলগত নির্ণয় লােৱা হয় ? 

উত্তৰঃ ব্যৱসায় সংগঠন এটাত বহু ধৰণৰ কৌশলগত নির্ণয় লােৱা হয়।ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত , ব্যৱসায় থকা সম্পদসমূহ কি উপযুক্ততা বা প্রকাশ্য ব্যৱহাৰ কৰি নির্দিষ্ট লক্ষ্যত উপনীত হ’বৰ বাবে তৈয়াৰ কৰা আঁচনিয়েই কৌশল । 

ব্যৱসায়ত লবলগীয়া কৌশলগত নির্ণয়বােৰ হ’ল— 

( ক ) মানৱ আৰু পাৰ্থিৱ সম্পদৰ সঠিক ব্যৱহাৰৰ বাবে কৌশলগত নির্ণয় লােৱা হয় । 

( খ ) প্রতিযােগীৰ নীতি আৰু হঠাতে উদ্ভৱ হােৱা সমস্যাক প্রতিহত কৰাৰ কাৰণে কৌশল তৈয়াৰ কৰা হয় । 

( গ ) কিছুমান অভাৱনীয় পৰিস্থিতিত প্রতিষ্ঠানে উৎপাদন পদ্ধতি , বজাৰকৰণৰ নীতি ইত্যাদিবিলাক পৰিবৰ্তন কৰিবলগীয়া হয় । এনে পৰিস্থিতিত বিশেষ কৌশল পৰিবর্তন কৰিবলগীয়া হয় । 

( ঘ ) হ্রস্বম্যাদী কিছুমান লক্ষ্যত সুকলমে উপনীত হ’বলৈ কৌশল প্রয়োগ কৰা হয় । 

৩৬। যদি পৰিকল্পনাকৰণে ভৱিষ্যতৰ কাম–কাজক সামৰি লয় , ই সফলতাৰ নিশ্চয়তা দিব নােৱাৰে কিয় ? 

উত্তৰঃ পৰিকল্পনাকৰণে ভৱিষ্যতৰ নিশ্চয়তা প্রদান কৰিব নােৱাৰাৰ কাৰণসমূহ হ’ল— 

( i ) ভৱিষ্যতে উদ্ভৱ হ’ব পৰা অনিশ্চয়তাৰ বিষয়ে ব্যবসায়িক প্রতিষ্ঠানবােৰ জ্ঞাত নাথাকে । 

( ii ) দেশৰ অর্থনৈতিক পৰিস্থিতিও সদা পৰিবর্তনশীল । ইয়াৰ পূর্বানুমান সম্ভৱ নহয় । 

( iii ) অন্যান্য প্রতিযােগীসকলৰ ভৱিষ্যতৰ কাৰ্যপন্থা নির্ণয় কৰা সম্ভৱ নহয় আৰু এই ক্ষেত্ৰত পৰিকল্পনাকৰণ সঠিক নহ’বও পাৰে । 

( iv ) ৰাজনৈতিক অস্থিৰতাইও ব্যৱসায় বাণিজ্যলৈ বহু ধৰণৰ প্রতিবন্ধকতাৰ সৃষ্টি কৰে । 

( v ) প্রযুক্তিবিদ্যাৰ পৰিবর্তনেও প্রতিষ্ঠান এটাৰ পৰিকল্পনাকৰণত বাধাৰ সৃষ্টি কৰে । 

( ঘ ) দীঘল প্রশ্ন উত্তৰ ( মূল্যাংকঃ ২/৬ ) 

৩৭। পৰিকল্পনাকৰণত , পৰিচালনাই কি কি মূখ্য চৰিত্র বিবেচনা কৰিব লাগে ? 

উত্তৰঃ পৰিকল্পনাকৰণৰ প্রকৃতি আৰু বৈশিষ্ট্যসমূহ হ’ল— 

( ক ) পৰিকল্পনাকৰণ এক বৌদ্ধিক অনুশীলনঃ পৰিকল্পনা কৰণত পৰিকল্পনাকাৰীৰ কল্পনাশক্তি , ভৱিষ্যত দৃষ্টি আৰু বুদ্ধিৰ আৱশ্যক হয় । এইবােৰ গুণৰ দ্বাৰা উত্তম উদ্দেশ্য আৰু উত্তম কার্য ধাৰা বাছনি কৰা হয় । 

( খ ) পৰিকল্পনাকৰণ উদ্দেশ্যমুখী হয় :- প্রতিষ্ঠান এটাৰ পৰিকল্পনাই ইয়াৰ সাধাৰণ উদ্দেশ্যত উপনীত হােৱালৈ ৰঙণি যােগায় । সাধাৰণ উদ্দেশ্যৰ প্ৰতি বৰঙণি আগবঢ়োৱাত ব্যর্থ হলে প্রতিষ্ঠানৰ পৰিকল্পনা আৰু তাৰ বাস্তবায়নৰ উদ্দেশ্যত ব্যৱহাৰ কৰা মূল্যবান সম্পদৰ অপব্যয় হিচাপে পৰিগণিত কৰে ।

( গ ) উদ্দেশ্য কেন্দ্রীভূত কৰা :- প্ৰতিষ্ঠানৰ সাংগঠনিক বিভিন্ন স্তৰত নিয়ােজিত কর্মচাৰীৰ প্রত্যেকৰে নিজস্ব দৃষ্টিভংগী আৰু উদ্দেশ্য সম্পর্কে ধাৰণা পৃথক হ’ব পাৰে । এনে ক্ষেত্ৰত পৰিকল্পনাকৰণে সাংগঠনিক উদ্দেশ্য স্থাপনৰ ওপৰত নজৰ দিয়ে আৰু উদ্দেশ্যত উপনীত হ’বলৈ উপায় দিয়ে । 

( ঘ ) পৰিকল্পনাকৰণ পৰিচালনাৰ প্ৰাথমিক কার্যঃ পৰিকল্পনাকৰণক পৰিচালনাৰ প্রাথমিক কার্য হিচাপে গণ্য কৰা হয় । কিয়নাে পৰিচালনাৰ অন্যান্য কার্যাৱলী যেনে — সংগঠনকৰণ , কর্মচাৰী নিয়ােগ , নির্দেশকৰণ , সমন্বয় সাধন আৰু নিয়ন্ত্রণ সাধন আদি পৰিকল্পনাকৰণৰ প্রকৃতি আৰু ধৰণৰ ওপৰতহে নিৰ্ভৰশীল কৰে । 

( ঙ ) পৰিকল্পনাকৰণ ধাৰাবাহিক :- পৰিৱৰ্তিত পৰিস্থিতিত আভ্যন্তৰীণ আৰু বাহ্যিক পৰিৱেশৰ উপাদানৰ প্ৰভাৱ বিবেচনা কৰিবলৈ আৰু সেইমতে ব্যৱসায়ৰ অস্তিত্ব ৰক্ষা কৰিবলৈ ধাৰাবাহিকভাবে পৰিকল্পনাকৰণ কৰা হয় । 

( চ ) পৰিকল্পনা নমনীয়ঃ ব্যৱসায়ৰ পৰিৱর্তিত পৰিস্থিতিৰ লগত সংগতি ৰাখি পৰিকল্পনাক উপযােগী কৰা হয় । অর্থাৎ ইয়াক গতিশীল কৰা হয় । যদি ই নমনীয়ৰ পৰিবৰ্তে স্থিৰ প্ৰকৃতিৰ হয় তেনেহ’লে ব্যৱসায়ৰ উদ্দেশ্যত উপনীত হােৱাত অসুবিধাই দেখা দিব । সেই কাৰণে ইয়াক নমনীয় বা সংযােজনশীল কৰা হয় । 

৩৮। পৰিচালনাই কি কি পদক্ষেপ পৰিকল্পনাৰ পৰ্য্যায়ত ল’ব লাগে ? 

উত্তৰঃ পৰিকল্পনাকৰণৰ পদ্ধতিসমূহ হ’লঃ 

( ক ) কাৰ্যৰ প্ৰয়ােজনীয়তা চিনাক্তকৰণঃ ইয়াক পৰিকল্পনাকৰণৰ এক পর্যায় বুলি কোৱাৰ বিপৰীতে প্রাক পর্যায় বুলি চিহ্নিত কৰাহে যুগুত , কিয়নাে পৰিকল্পনাকৰণৰ আগেয়ে ব্যৱসায়ৰ কার্যক্ষেত্র অর্থাৎ ব্যৱসায়ৰ বাবে সুযােগ চিনাক্তকৰণ হােৱাৰ পিছতহে পৰিকল্পনাকণ আৰম্ভ হয় ।

( খ ) তথ্য সংগ্রহকৰণ :- পৰিকল্পনাকৰণ আৰম্ভ কৰিবলৈ হলে বিভিন্ন দিশৰ ওপৰত প্রাসংগিক তথ্য সংগ্রহ কৰাতে এক গুৰুত্বপূর্ণ কার্য হৈ পৰে । অর্থাৎ পৰিকল্পনাকৰণৰ আগতেই ইয়াৰ পর্যায় আৰম্ভ হয় । 

( গ ) উদ্দেশ্য স্থাপন :- প্রতিষ্ঠানটোৰ উদ্দেশ্য নিৰ্দ্ধাৰণ কৰাৰ পৰাই পৰিকল্পনাকৰণৰ প্রকৃত আৰম্ভ হয় । কাৰণ উদ্দেশ্য স্থাপনত সামান্য ভূল কৰা হ’লেও পৰৱর্তী কার্য ধাৰা দুর্বল কৰিব পাৰে । সেয়ে উদ্দেশ্য স্থাপন পর্যায়ত প্রতিষ্ঠানৰ মৌলিক লক্ষ্য প্রতি বৰঙণি যোগােৱা উদ্দেশ্য বাস্তৱসন্মত হােৱা , জ্ঞাতকৰণ কার্য সম্পাদন আৰু নিয়ন্ত্ৰণৰ সুবিধার্থে সাংখ্যিক প্রকাশ যােগ্য হােৱাৰ প্রতি লক্ষ্য ৰখা উচিত । 

( ঘ ) পৰিকল্পনাকৰণৰ স্বীকার্য বা অনুমানৰ উন্নয়ন :- পৰিকল্পনাৰণৰ স্বীকাৰ্যৰ দ্বাৰা অর্থনৈতিক , সামাজিক , ৰাজনৈতিক , প্রযুক্তি আদিৰ ভৱিষ্যত অৱস্থা সম্পৰ্কত অনুমান কৰা হয় । এইবােৰৰ ভিত্তিত পৰিকল্পনাই কার্য কৰাৰ আশা কৰা হয় আৰু পৰিকল্পিত উদ্দেশ্যত উপনীত হােৱাৰ প্রচেষ্টা চলােৱা হয় । 

( ঙ ) বিকল্প কার্য ধাৰাৰ উন্নয়ন :- পৰিকল্পনাকৰণৰ বিকল্প কার্য ধাৰাই একাধিক কার্য ধাৰাৰ উন্নয়ন সাধনক বুজায় , য’ৰ পৰা বর্তমান আৰু ভৱিষ্যত যিকোনাে পৰিৱৰ্তিত পৰিস্থিতিতে উত্তম কার্য ধাৰা বাছনি কৰিব পৰা যায় । ইয়াৰ বাবে পৰিচালনাই অভিজ্ঞতা আৰু বিশেষজ্ঞতাৰ আধাৰত উত্তম বিকল্পৰ অনুসন্ধান কৰিব লাগে আৰু উত্তম কার্যধাৰাৰ অনুসন্ধান কৰােতে অতি বেছি সংখ্যক বিকল্প কার্য ধাৰাৰ উন্নয়ন সাধন কৰিব নালাগে । কিয়নাে ই কার্য ধাৰা বিশ্লেষণত সময় পদ্ধতিৰ আৱশ্যক আৰু মানি চলাৰ দৃষ্টিৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে । 

( চ ) বিকল্পকার্য ধাৰাৰ মূল্যায়ন :- এই পর্যায়ত প্রত্যেকটো বিকল্প কার্য ধাৰাৰ জটিল মূল্যায়ন হােৱাৰ বাবে সুবিধা অসুবিধা দোষ ক্রটি পৰীক্ষা কৰি পৰিকল্পনাৰ উদ্দেশ্যৰ প্রতি বৰঙণি যােগাব পৰাকৈ কার্য ধাৰা বাছনি কৰা হয় । পৰিচালনাকসকলে পৰিচালনীয় অৱস্থাৰ বাস্তৱ সমস্যা সমাধা কৰাৰ লক্ষ্য আগত ৰাখি বিকল্প কার্য ধাৰাৰ মূল্যায়ন কৰােতে সম্ভাব্য বিপদ , সময়ােচিত অৱলম্বন , প্রাযুক্তিক সুবিধা , সম্পদৰ আৱশ্যকতা আদিৰ পৰীক্ষা কৰা উচিত । 

৩৯। পৰিকল্পনাকৰণ এটা ব্যয়বহুল প্রক্রিয়া নেকি ? বহলাই আললাচনা কৰা । 

উত্তৰঃ পৰিকল্পনাকৰণ এটা ব্যয়বহুল প্রক্রিয়া হয় । কাৰণ বিভিন্ন ধৰণৰ তথ্যপাতি সংগ্রহ কৰাৰ কাৰণে আৰু বিভিন্ন ধৰণৰ কৰ্মৰ পৰীক্ষা – নিৰীক্ষা কৰিবৰ বাবে যথেষ্ট পৰিমাণৰ ব্যয় কৰিবলগীয়া হয় । পৰিকল্পনাকৰণত শীর্ষ স্তৰৰ বিষয়াসকলহে জড়িত হৈ থাকে ; আৰু তেওঁলােকৰ মাননি সাধাৰণতে অত্যাধিক বেছি হােৱা দেখা যায় । কাৰণ এওঁলােক অভিজ্ঞতা সম্পন্ন আৰু দক্ষ ব্যক্তি । পৰিকল্পনাকৰণ ব্যয়বহুল হােৱাৰ আন এটি কাৰণ হ’ল ই অত্যাধিক সময় খৰচী । পৰিকল্পনাকৰণ এক বৃহৎ প্রক্রিয়া য’ত সংগঠনটোৰ ইমূৰৰ পৰা সিমূৰলৈকে সকলাে বিষয়া কৰ্মচাৰী তথা বিভাগবােৰ জড়িত হৈ পৰে আৰু খৰচৰ পৰিমাণ বাঢ়ি যায় ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top