Class 12 Business Chapter 7 নির্দেশিতকৰণ

Class 12 Business Chapter 7 নির্দেশিতকৰণ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 12 Business Chapter 7 নির্দেশিতকৰণ and select needs one.

Class 12 Business Chapter 7 নির্দেশিতকৰণ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given Assam Board Class 12 Business Chapter 7 নির্দেশিতকৰণ Solutions for All Subject, You can practice these here.

নির্দেশিতকৰণ

Chapter : 7

প্ৰথম খণ্ড

অতি চমু উত্তৰ দিয়াঃ ( মূল্যাংকঃ ১ )

১ । বিত্তীয় অনুপ্ৰেৰণাৰ দুটা উদাহৰণ দিয়া । 

উত্তৰঃ মাহিলি দৰমহা , মজুৰি , বােনাচ আদি । 

২। গ্রেপভাইন জ্ঞাতকৰণৰ কোনটো প্ৰকাৰৰ লগত জড়িত ? 

উত্তৰঃ অনানুষ্ঠানিক জ্ঞাতকৰণৰ লগত জড়িত । 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৩। তদাৰক কৰ্তাসকল পৰিচালনাৰ কোনটো তৰণৰ অংগ ? 

উত্তৰঃ নিম্ন পৰ্য্যায়ৰ পৰিচালনাৰ লগত । 

8। ক্রমবর্ধমান অনুপ্ৰেৰণা তত্ত্বৰ পােষকতা কোনে কৰিছিল ? 

উত্তৰঃ এ . এইচ . মাছল । 

৫। ‘অ–বিত্তীয় অনুপ্ৰেৰণাসমূহৰ’ দুটা উদাহৰণ দিয়া । 

উত্তৰঃ ( ক ) স্বীকৃতি , ( খ ) সামগ্রিক উন্নয়নৰ সুবিধা আদি । 

৬। এজন ভাল নেতাৰ দুটা গুণ উল্লেখ কৰা । 

উত্তৰঃ এজন ভাল নেতাৰ দুটা গুণ হ’ল — 

( ক ) অপৰিসীম জ্ঞান আৰু বুদ্ধিমত্তা । আৰু 

( খ ) সুন্দৰ জ্ঞাতকৰণৰ দক্ষতা । 

৭। ঋনাত্মক অনুপ্ৰেৰণাৰ দুটা উদাহৰণ দিয়া । 

উত্তৰঃ ( ক ) দৰমহা বৃদ্ধি । আৰু 

( খ ) প্রমােচন । 

৮ । উর্ধমূখী জ্ঞাতকৰণ কি ? 

উত্তৰঃ উৰ্দ্ধমূখী জ্ঞাতকৰণ হ’ল তলতীয়া কৰ্মচাৰীৰ পৰা উপৰােক্ত শীর্ষ বিষয়ালৈ কৰা জ্ঞাতকৰণ প্রক্রিয়া । 

৯। জ্ঞাতকৰণৰ সৈতে জড়িত এটা অসুবিধা উল্লেখ কৰা । 

উত্তৰঃ ভুল শব্দৰ প্ৰয়ােগ , অর্থযুক্ত শব্দ বাদ পৰি যােৱা আদি । 

১০। মাছল’ৰ মতে ক্ৰমবৰ্ধমান অনুপ্ৰেৰণাতত্ত্বৰ ওপৰৰ পৰ্যায়ৰ অনুপ্ৰেৰণা কি ? 

উত্তৰঃ আত্মপ্রতিষ্ঠাৰ প্রয়ােজনীয়তা । 

১১। কোনটো উৎপাদনৰ উৎসৰ লগত নির্দেশকৰণ জড়িত ? 

উত্তৰঃ সংগঠনকৰণ । 

১২। কোনটো দৰকাৰ পােন প্রথমে আহে ? 

উত্তৰঃ দৈহিক প্রয়ােজন । 

১৩। কোনটো অনুষ্ঠানিক বাৰ্তালাপত ‘আদেশ’ আছে ? 

উত্তৰঃ নিম্নমুখী বাৰ্তালাপত । 

১৪৷ একনায়কত্ববাদী নেতৃত্ব কি ? 

উত্তৰঃ ই এনে এক নেতৃত্ব যত এজনেই শাসক আৰু তেওঁৰ আদেশ সকলােৱে মানিবলগা হয় ।

১৫ । কোনজন লিখক ক্রমবর্ধমান অনুপ্ৰেৰণাৰ লগত জড়িত ? 

উত্তৰঃ আব্রাহাম হেনৰী মাছল । 

১৬। নিম্নমূখী জ্ঞাতকৰণ কি ? 

উত্তৰঃ নিম্নমুখী জ্ঞাতকৰণ হৈছে সংগঠনৰ শীর্ষ পৰিচালনাৰ পৰা মধ্যম আৰু নিম্ন পৰিচালনালৈ প্রবাহিত হােৱা জ্ঞাতকৰণ । 

( খ ) চমু উত্তৰ দিয়া ( মূল্যাংক : ১/৩ ) 

১৭। নির্দেশকৰণৰ সংজ্ঞা আৰু ধাৰণা লিখা । 

উত্তৰঃ নির্দেশকৰণ হৈছে সংগঠনৰ উদ্দেশ্য সাধনৰ প্রতি মানৱ সম্পদক শিক্ষিত কৰা , উপদেশ দিয়া , পৰামর্শ দিয়া , অনুপ্রাণিত কৰা আৰু নেতৃত্ব দিয়া পদ্ধতি । Koonty And O . Donnell ৰ মতে নির্দেশকৰণ হৈছে পৰিচালনাৰ আন্তঃব্যক্তিগত দিশ , যাৰ দ্বাৰা প্ৰতিষ্ঠানৰ উদ্দেশ্যত উপনীত হ’বলৈ অধীনস্থসকলক উদ্দেশ্য বুজাবলৈ আৰু ফলপ্রসুতা আৰু পাৰদৰ্শিতাৰে বৰঙণি আগবঢ়াবলৈ নেতৃত্ব দিয়া হয় ।

১৮। নির্দেশকৰণৰ তিনিটা আৱশ্যকতা বুজাই লিখা । 

উত্তৰঃ নির্দেশনাৰ প্ৰয়ােজন হয় পৰিকল্পনাক বাস্তৱ ৰূপ দিয়াৰ উপৰি ব্যৱসায়ৰ পূর্বে নির্ধাৰিত লক্ষ্য আৰু উদ্দেশ্য মানক কৰাৰ বাবে । নির্দেশনাৰ আৱশ্যকতা বা গুৰুত্বসমূহ হ’ল— 

( ক ) মানব সম্পদৰ লগত জড়িতঃ ই হৈছে পৰিচালনাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰ্য্য , যাৰ লগত মানৱ সম্পদ জড়িত হৈ থাকে । মানৱ সম্পদেই হ’ল উৎপাদনৰ মূল উপাদান আৰু ইয়াৰ সুন্দৰ ব্যৱহাৰৰ বাবে নির্দেশনাৰ দৰকাৰ । 

( খ ) দক্ষতা বৃদ্ধি :- নির্দেশনাই মানৱ সম্পদৰ সুস্থ ব্যৱহাৰৰ লগে লগে ইয়াক অনুপ্রাণিত কৰি দক্ষতাও বৃদ্ধি কৰে । 

( গ ) কামৰ আৰম্ভণঃ নির্দেশনা হৈছে এনে এক কাৰ্য্য যাৰ দ্বাৰা প্রতিষ্ঠান এটালৈ সজীৱতা , অনা হয় আৰু কৰ্মীসকলে নিজৰ নিজৰ কামৰ যােগেদি ব্যৱসায়ৰ পূর্ব নির্ধাৰিত লক্ষ্যত উপনীত হ’ব চেষ্টা কৰে । 

১৯। নির্দেশকৰণ আৰু পৰিদৰ্শনৰ মাজত পার্থক্য দেখুওৱা ।

২০। অণুপ্ৰেৰণা কি বুজাই লিখা । 

উত্তৰঃ অনুপ্ৰেৰণাৰ অৰ্থ হৈছে প্ৰতিষ্ঠানৰ উদ্দেশ্যত ফলপ্রসুতাৰে আৰু পাৰদৰ্শিতাৰে উপনীত হ’বলৈ ব্যক্তিৰ অপূৰ্ণ প্রয়ােজনীয়তা পূৰণ কৰি তেওঁলােকৰ সৰ্বোচ্চ সামর্থৰে কাম কৰােৱাত উৎসাহ যােগােৱা অথবা প্রবৃত্ত কৰােৱাই পৰিচালনাৰ এক পৰিকল্পিত পদ্ধতি । 

২১। জ্ঞাতকৰণ বুলিলে কি বুজা ?

উত্তৰঃ জ্ঞাতকৰণ বুলিলে এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ অথবা এটা বিভাগৰ পৰা আন এটা বিভাগলৈ নাইবা এটা স্তৰৰ পৰা আন এটা স্তৰলৈ ব্যৱসায় সংক্রান্তীয় আদেশ , নির্দেশ , উপদেশ , পৰামর্শ , অনুৰােধ , অভিযােগ , তথ্য প্রভৃতি সংবাদৰ আদান প্রদানক বুজায় । 

২২। আনুষ্ঠানিক জ্ঞাতকৰণ কি ? 

উত্তৰঃ সংগঠনৰ গঠনত পৰিচালনাই আনুষ্ঠানিক প্রণালীৰে গঠন কৰা জ্ঞাতকৰণ ব্যৱস্থাই আনুষ্ঠানিক জ্ঞাতকৰণ । সংগঠনৰ গঠনত বিভিন্ন অৱস্থানত অৱস্থিত সভ্যসকল প্রতিষ্ঠিত প্রণালী অনুসৰি জ্ঞাতকৰণ ব্যৱস্থা মানি চলা , অধীনস্থ সকললৈ সিদ্ধান্ত আৰু আদেশ নির্দেশ জাৰি কৰা , সেইদৰে অধীনস্থ সকলেও পৰামর্শ , অভিযােগ , প্রতিবেদন আদি মুখ্য বিষয়ালৈ দাখিল কৰাৰ যি প্রতিষ্ঠিত জ্ঞাতকৰণ ব্যৱস্থা তাক আনুষ্ঠানিক জ্ঞাতকৰণ ব্যৱস্থা হিচাপে জনা যায় । 

২৩। অনানুষ্ঠানিক জ্ঞাতকৰণ কি ? 

উত্তৰঃ আনুষ্ঠানিক জ্ঞাতকৰণ প্ৰণালীৰ বাহিৰৰ পৰা উদ্ভৱ হােৱা জ্ঞাতকৰণ হৈছে অনানুষ্ঠানিক জ্ঞাতকৰণ । ই সংগঠনৰ গঠন সম্পর্কৰ পৰিৱৰ্তে কৰ্মৰত কৰ্মচাৰীৰ সামাজিক সম্পর্কৰ পৰা সৃষ্টি হােৱা ব্যৱস্থা । 

২৪। পৰিদৰ্শনৰ প্ৰয়ােজনীয়তা চমুকৈ আলােচনা কৰা ৷ 

উত্তৰঃ ( ক ) পৰিদৰ্শকে দৈনন্দিন কাম – কাজৰ ক্ষেত্ৰত শ্ৰমিকসকলৰ লগত সহাবস্থান কৰে আৰু বন্ধুত্বপূর্ণভাবে কামৰ তদাৰক কৰে । সেয়ে সফল পৰিদৰ্শকে শ্ৰমিকসকলৰ বাবে পথ প্রদর্শন , বন্ধু আৰু দার্শনিক হিচাপে কাম কৰে । 

( খ ) পৰিদৰ্শকে শ্রমিক আৰু পৰিচালক সকলৰ মাজত যােগসূত্ৰৰ কাম কৰে । পৰিচালকসকলৰ বিভিন্ন মতামতসমূহ শ্ৰমিকসকলৰ মাজত বিনিময় ঘটাই আৰু শ্ৰমিকসকলৰ সমস্যাসমূহ পৰিচালকৰ জৰিয়তে সমাধান কৰাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে । 

( গ ) পৰিদৰ্শকজনে তেওঁৰ অধীনস্থ শ্ৰমিকসকলৰ মাজৰ দলীয় ঐক্যতা অক্ষুন্ন ৰখাত এক বিশেষ ভূমিকা পালন কৰে । তেওঁ শ্ৰমিকসকলৰ মাজৰ আভ্যন্তৰীণ অৰিয়া অৰিসমূহ দূৰ কৰি সকলােৰে মাজত সম্প্রীতিৰ ভাব সৃষ্টি কৰে । 

( ঘ ) পৰিদৰ্শকজনে তলতীয়া কৰ্মচাৰীসকলৰ বাবে কামৰ সময়তে প্রশিক্ষণৰ ব্যৱস্থা গ্ৰহণৰ সুবিধা কৰি পাৰ্গত দল সৃষ্টি কৰিব পাৰে । এজন সফল পৰিদৰ্শকে কর্মচাৰীৰ কামৰ বিশ্লেষণ কৰে সেইবােৰৰ ফলাফলসমূহ কর্মচাৰীলৈ পঠিয়াই দিয়ে । তেওঁ কৰ্মচাৰীসকলক কর্মদক্ষতা বৃদ্ধিৰ উপদেশ প্রদান কৰে । 

২৫। নেতৃত্বৰ তিনিটা গুৰুত্বৰ বিষয়ে লিখা । 

উত্তৰঃ নেতৃত্বৰ তিনিটা আৱশ্যকতা বা গুৰুত্ব হ’লঃ– 

( ক ) দলীয় উৎসাহৰ বিকাশ সবল নেতৃত্বই কর্মীসকলৰ মাজত সহযােগী , সমন্বয় আৰু বন্ধুত্বৰ ভাব গঢ় দিয়ে আৰু দলীয় উদ্যম বৃদ্ধি কৰে।

( খ ) সম্পদৰ প্ৰকাম্য ব্যৱহাৰঃ উৎপাদনৰ উপাদানসমূহৰ প্ৰকাম্য ব্যৱহাৰৰ বাবেও নেতৃত্ব আৱশ্যক হয় । 

( গ ) প্রনােদিতকৰণ :- ভাল নেতৃত্বৰ বাবেই কৰ্মচাৰীসকলৰ উৎসাদ , উদ্যম বৃদ্ধি পায় আৰু তেওঁলোক আত্মবিশ্বাসোঁ বৃদ্ধি পায় ; যিয়ে সংগঠনটোৰ উৎপাদিকা শক্তি বঢ়ায় । 

২৬। এজন সফল নেতাৰ তিনিটা গুণাগুণ লিখা । 

উত্তৰঃ এজন সফল নেতাৰ গুণাগুণবােৰ হ’লঃ 

( ক ) কর্মজ্ঞান :- এজন নেতা সফল হ’বৰ বাবে তেওঁৰ যথেষ্ট কর্মজ্ঞান থাকিব লাগিব । সংগঠনৰ বিভিন্ন স্তৰত সংঘটিত কাম – কাজৰ তেওঁৰ সম্পূর্ণ জ্ঞান থাকিব লাগিব । 

( খ ) বুদ্ধিমত্তা :- এজন সফল নেতা সাধাৰণতে প্রবল বুদ্ধিমান হােৱা দেখা যায় । তেওঁ প্রতিটো সমস্যাই বুদ্ধিমত্তাৰে বিবেচনা কৰি সমাধান সূত্র উলিয়াব পাৰিব লাগে । 

( গ ) আবেগিক স্থবিৰতাঃ এজন নেতাই সদাই ধৈৰ্য্য আৰু সংযমেৰে সিদ্ধান্ত ল’ব লাগে । আবেগিক আৰু মানসিক স্থবিৰতা তেওঁৰ বাবে খুবেই দৰকাৰী ।

২৭। আধুনিক ব্যৱসায়ত জ্ঞাতকৰণৰ তিনিটা আৱশ্যকতা বুজাই লিখা । 

উত্তৰঃ ( ক ) সাংগঠনিক কার্য সম্পাদনৰ ভেটিঃ ব্যৱসায়ৰ পৰিকল্পনা প্রস্তুতকৰণ , সিদ্ধান্ত গ্রহণ , অধীনস্থলৈ আদেশ নির্দেশ জাৰিকৰণ আদিত পাৰস্পৰিক সংবাদ আদান প্রদানেকে পৰিচালনা আৰু সংগঠনৰ সামগ্রিক দিশৰ কার্য সম্পাদনত জ্ঞাতকৰণেৰে সহযােগিতা আৰু সমন্বয় সাধন কৰা হয় । 

( খ ) সমন্বয় সহায়কঃ জ্ঞাতকৰণে সমন্বয় সাধনত সহায় কৰে । সংগঠনত সকলাে স্তৰৰ ব্যক্তিৰ মাজত সংবাদ আদিৰ আদান প্রদানৰ দ্বাৰা সমন্বয় সাধন কৰি উদ্দেশ্য সিদ্ধিত সহায় লাভ কৰা হয় । 

( গ ) পৰিচালনা দক্ষতা বৃদ্ধিত সহায়ক :- পৰিচালনাৰ দক্ষতা বৃদ্ধিত জ্ঞাতকৰণৰ প্ৰভূত গুৰুত্ব পৰিলক্ষিত হয় । সংগঠনৰ সদস্যসকলক উদ্দেশ্য আৰু আকাংখা জ্ঞাত কৰা , আদেশ নির্দেশ জাৰি কৰাৰ জৰিয়তে কাম আবন্টন কৰা আৰু দায়িত্ব আৰােপ কৰা তথা তেওঁলােকৰ কার্য সম্পাদন মূল্যায়ন কৰা আদিৰে পৰিচালনাৰ দক্ষতা বৃদ্ধি কৰাত জ্ঞাতকৰণ এক আহিলা হৈ পৰে ।

২৮ । নেতৃত্বৰ সংজ্ঞা আৰু ধাৰণা লিখা । 

উত্তৰঃ নেতৃত্ব হৈছে পূর্ব নির্ধাৰিত কোনাে লক্ষ্যত উপনীত হােৱাত অনুগামী অর্থাৎ অধীনস্থসকলৰ অতি ইচ্ছাৰে আৰু উৎসাহেৰে কাম কৰিবলৈ প্ৰভাৱান্বিত কৰা এক পদ্ধতি । Koonty আৰু O. Donnell ৰ মতে ‘নেতৃত্ব হৈছে পৰিচালক এজনৰ অধীনস্থ সকলক বিশ্বাস আৰু আগ্ৰহেৰে কামলৈ সন্মত কৰােৱাৰ সামর্থ্য’। 

২৯। নির্দেশকৰণৰ তিনিটা বৈশিষ্ট্য বুজাই লিখা । 

উত্তৰঃ নির্দেশকৰণৰ তিনিটা বৈশিষ্ট্য হল— 

( ক ) নির্দেশকৰণ হৈছে পৰিচালনাৰ দ্বাৰা কোনাে সংগঠনৰ কাৰ্য আৰম্ভ কৰােৱাৰ গুৰুত্বপূর্ণ পৰিচালনীয় কার্য । 

( খ ) জ্যেষ্ঠ অধীনস্থৰ সম্পর্কেৰে পৰিচালনাৰ যিকোনাে পর্যায়ত নির্দেশকৰণ কার্য সম্পাদন কৰা হয় । 

( গ ) সংগঠন জীৱনৰ সকলাে সময়তে এই কাৰ্যৰ অবিৰত সম্পাদন কৰা হয় । 

( ঘ ) ক্রমানুসৰিক পনিৰচালনা স্তৰৰ শীর্ষতম স্তৰৰ পৰা নিম্নতম স্তৰলৈকে ই নিম্নগামী গতিৰ হয় । 

( ঙ ) পৰিচালনাৰ সকলাে স্তৰত নির্দেশকৰণৰ অনুশীলনেৰে ই সৰ্ব্ব ব্যাপ্ত প্রকৃতিৰ হয় । 

( চ ) পৰিকল্পনা আৰু কার্যসমাধাৰ মাজত নির্দেশ কৰণক এক সেতু হিচাপে গণ্য কৰা হয় । 

( ছ ) নির্দেশকৰণত কর্মী বাহিনীৰ মাজত মুক্ত সংবাদ প্রবাহেৰে উৎস মানৱ সম্পর্ক উন্নয়ন ঘটাবলৈ বিচৰা হয় । 

৩০। ‘দৰকাৰ’ আৰু ‘অনুপ্ৰেৰণা’ — এই দুটাৰ সংজ্ঞা বুজাই লিখা । 

উত্তৰঃ প্রয়ােজনীয়তা :- প্রয়ােজনীয়তাৰ পৰাই অনুপ্রেৰণা আৰম্ভ হয় । কর্মচাৰীসকলৰ সকলাে ধৰণৰ প্ৰয়ােজনীয়তা যদি সঠিকভাৱে পূৰণ কৰিব পাৰি তেতিয়া তেওঁলােকৰ উৎপাদনৰ ক্ষমতা বৃদ্ধি পায় । সংগঠনটোৰ লক্ষ্য পূৰণৰ বাবে কৰ্মচাৰীসকলে সর্বোচ্চ অৰিহণা যােগায় । 

উদগনিঃ উদগণি হ’ল এনে এক পদ্ধতি যিয়ে কর্মচাৰীসকলক লক্ষ্যমুখী কৰে । উদগনিয়েই হ’ল অনুপ্ৰেৰণাৰ মূল । উদগণি বিভিন্ন প্রকাৰৰ হ’ব পাৰে — ওপৰঞ্চি ভাট্টা , বােনাচ , লাভৰ অংশ ইত্যাদি । 

৩১। সফল জ্ঞাতকৰণৰ তিনিটা অসুবিধাৰ বিষয়ে লিখা । 

উত্তৰঃ জ্ঞাতকৰণ প্ৰক্ৰিয়াৰ বিভিন্ন প্রতিবন্ধকতা সমূহ হ’ল ভাষাজনিত প্রতিবন্ধকতা , মানসিক প্রতিবন্ধকতা , সাংগঠনিক প্রতিবন্ধকতা , ব্যক্তিগত প্রতিবন্ধকতা ইত্যাদি । 

( ক ) ভাষাগত প্রতিবন্ধকতা :– ভাষাগত প্রতিবন্ধকতাৰ ক্ষেত্ৰত উদ্ভৱ হােৱা বাধাসমূহ হ’ল–

( i ) ভুলকৈ প্রকাশিত বাৰ্তাঃ পৰিচালকে তলতীয়া কৰ্মচাৰীলৈ ভূল শব্দৰ প্ৰয়ােগ , অর্থযুক্ত শব্দ বাদ পৰি যােৱা ইত্যাদি বার্তাসমূহ শুদ্ধকৈ প্ৰেৰণ নকৰিলে এনে প্রতিবন্ধকতাৰ উদ্ভৱ হয় । 

( ii ) বিভিন্ন অর্থযুক্ত প্রতীক :- এটা শব্দই বিভিন্ন অর্থ বহন কৰিব পাৰে । প্ৰেৰকে পঠোৱা বাৰ্তাৰ শুদ্ধ ৰূপটোহে প্রাপকে বিচাৰ কৰিব লাগে । কিয়নাে শব্দৰ ভূল ব্যাখাই যােগাযোগত সমস্যাৰ সৃষ্টি কৰে । 

( iii ) দোষযুক্ত ভাষান্তৰ কৰণঃ সকলাে কৰ্মচাৰীৰ বােধগম্য কৰি ভাষান্তৰ কৰা হয় । এই ক্ষেত্ৰত ভূল অর্থৰ ৰূপান্তৰৰ ফলতাে যােগাযােগ প্রক্রিয়া বাধাগ্রস্ত হােৱা দেখা যায় । 

( iv ) অস্পষ্ট ধাৰণা :- যােগাযােগ কেতিয়াবা বার্তা প্রেৰকে প্রেৰিত বাৰ্তাৰ অস্পষ্ট ধাৰণাৰ জৰিয়তে বাৰ্তা গ্রাহকৰ মনত সন্দেহ জন্মায় । এনে অস্পষ্ট ধাৰণাই জ্ঞাতকৰণ ব্যৱস্থাত প্রতিবন্ধকতাৰ সৃষ্টি কৰে । 

( v ) কাৰিকৰি ভাষাগত খেলিমেলি :- কর্মচাৰী সকল কাৰিকৰী জ্ঞানসম্পন্ন নহ’লে , তেওঁলােকৰ ভাষাগত কাৰণতে মনত খেলিমেলিৰ সৃষ্টি হব পাৰে । 

( vi ) শাৰীৰিক ভাষা আৰু আকাৰ ইংগিতভাৱ প্ৰকাশ কৰ্মচাৰী আৰু পৰিচালকৰ শাৰীৰিক চাল – চলনৰ ভাষা আৰু ভাব প্রকাশ যদি একে নহয় তেতিয়াই যােগাযােগ প্রক্রিয়াত বাধা জন্মে । 

( খ ) মনস্তাত্বিক প্রতিবন্ধকঃ কিছুমান ক্ষেত্ৰত আবেগিক নাইবা মনস্তাত্বিক উপাদানসমূহে জ্ঞাতকাৰীক বাধা প্রদান কৰে ।

মনস্তাত্বিক প্রতিবন্ধক সমূহ তলত উল্লেখ কৰা হল – 

( i ) আগতীয়া মূল্যাংকণ :- প্রেৰকে পঠোৱা বার্তাটো সম্পূর্ণ হােৱাৰ আগতেই প্রাপকে পাঠোদ্ধাৰ কাৰ্যসম্পন্ন কৰিলে যােগাযােগ প্রক্রিয়া পৰিপন্থী আৰু অবিবেচক হয় । 

( ii ) অমনোযােগী :- অন্যমনস্কভাবে প্রাপকে যদি ভালদৰে কথাবিলাক নুশুনাকৈয়ে গ্রহণ কৰে , তেনেহ’লে এই ধৰণৰ কাৰ্যসমূহ মনস্তাত্বিক প্রতিবন্ধকৰূপে পৰিগণিত হয় । 

( iii ) প্রেৰণৰ দ্বাৰা ক্ষতি আৰু দুর্বল স্মৰণশক্তিঃ দুর্বল স্মৰণ শক্তি যােগাযােগ প্রক্রিয়াৰ অন্য এক প্রতিবন্ধক । ব্যক্তিয়ে যদি ভালদৰে মনােযােগ নিদিয়ে , তেতিয়া বাৰ্ত্তাসমূহ বেছি সময়লৈ মনত ৰাখিব নােৱাৰে । ইয়ে প্রতিবন্ধকতাৰ সৃষ্টি কৰে । 

( iv ) অবিশ্বাসঃ বাৰ্তাৰ প্রেৰক আৰু বাৰ্তা গ্রহীতাৰ মাজত বিশ্বাসৰ অভাৱ হ’লে যােগাযােগত  বাধাৰ সৃষ্টি হয় । 

( গ ) সাংগঠনিক প্রতিবন্ধকতাঃ এই ধৰণৰ প্রতিবন্ধকতা সমূহ হ’ল–

( i ) সাংগঠনিক নীতিঃ সংগঠনৰ নীতিসমূহ যদি জ্ঞাতকৰণৰ সমর্থনযােগ্য নহয় , তেনেহ’লে এই কার্যই সংগঠনৰ জ্ঞাতকৰণ প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি কৰে । 

( ii ) নীতি নিয়মৰ বিধানঃ নির্দিষ্ট নীতি নিয়ম আৰু কঠিন পদ্ধতিৰ প্ৰয়ােগেও জ্ঞাতকৰণ প্রক্রিয়াত বাধাৰ সৃষ্টি কৰে । 

( iii ) মর্যদা :- উচ্চ পদস্থ বিষয়া পদ মর্যদায়াে তলতীয়া কৰ্মচাৰীসকলৰ মাজত মনস্তাত্বিক দূৰত্ব বঢ়ায় । 

( iv ) জটিল সাংগঠনিক গঠন প্রণালীঃ কিছুমান সংগঠনৰ গঠন প্রণালী জটিল হােৱা বাবে কেবাটাও পৰিচালনা পর্যায় থাকে । জ্ঞাতকৰণৰ প্রক্রিয়াই এই পর্যায়সমূহ অতিক্রম কৰিব লগাত যথেষ্ট সময় লয় আৰু বাধাগ্রস্ত হয় । 

৩২। অনানুষ্ঠানিক জ্ঞাতকৰণৰ তিনিটা অসুবিধা লিখা । 

উত্তৰঃ অনানুষ্ঠানিক জ্ঞাতকৰণৰ তিনিটা অসুবিধা হল–

( ক ) এই জ্ঞাতকৰণ পুৰামাত্রাই অপৰিকল্পিত । 

( খ ) ইয়াত তথ্য বিকৃতিৰ আশংকা থাকে । 

( গ ) গােপনীয়তা ৰক্ষা কৰাত সমস্যাই দেখা দিয়ে । 

৩৩। বিত্তীয় আৰু অনা – বিত্তীয় অনুপ্ৰেৰণাৰ মাজত পার্থক্য দেখুওৱা ।

৩৪ । অনুপ্ৰেৰণাই ব্যৱসায়ৰ সফলতাত অৰিহণা যােগায় — এই বাক্যশাৰী উজলাই চাৰিটা বাক্য লিখা । 

উত্তৰঃ  ( ক ) অনুপ্ৰেৰণা সহকাৰে কাম কৰা কৰ্মচাৰীয়ে প্রতিষ্ঠানৰ সাধাৰণ উদ্দেশ্যত উপনীত হবলৈ প্ৰচেষ্টা চলাই । 

( খ ) অনুপ্রাণিত কৰ্মচাৰীক সক্রিয় আৰু সচেতন কৰাৰ ফলত তেওঁলােকৰ কাম – কাজত আন্তৰিকতা পৰিস্ফুট হয় । 

( গ ) অনুপ্ৰেৰণা উন্নত কৰাত পৰিচালনীয় প্রচেষ্টাৰে ব্যক্তি , কর্মচাৰীৰ প্রয়ােজনীয়তাৰ প্রতি যত্নপৰ হােৱা আৱশ্যক হয় । 

( ঘ ) অনুপ্ৰেৰণাৰ উন্নয়নে শ্রমিক কর্মচাৰীক উত্তেজিত আৰু উৎসাহিত কৰি সংগঠন কামৰ পৰা আঁতৰি নাযাবলৈ শিকায় । 

( গ ) চমু উত্তৰ দিয়া ( মূল্যাংক : ২/৪ ) 

৩৫ । এজন পৰিদৰ্শকৰ চাৰিটা কাৰ্য্য বর্ণনা কৰা । 

উত্তৰঃ পৰিদৰ্শকৰ ভূমিকসমূহ হ’ল— 

( ক ) সম্পৰ্কৰক্ষী বিষয়াৰ ভূমিকা :- সংগঠনৰ কর্মী বাহিনীলৈ প্ৰতিষ্ঠানৰ শীর্ষ পৰিচালনাৰ পৰিকল্পনাৰ নীতি , কৌশল , কার্যক্রম আদি জ্ঞাতকৰণেৰে উপস্থাপন কৰাত পৰিদর্শক সকলে গুৰুত্ব পূর্ণ ভূমিকা পালন কৰে । তেওঁলােকে কর্মী বাহিনীৰ পৰামর্শ , সমস্যা , আভিযােগ আদিৰ বিষয়ে অবগত কৰাত শীর্ষ পৰিচালনা আৰু কর্মী বাহিনীৰ মাজত সম্পৰ্কৰক্ষী বিষয়াৰ ভূমিকা পালন কৰে । 

( খ ) সজাগতাৰ ভূমিকাঃ সংগঠনৰ নিম্ন পর্যায়ত কার্য সম্পাদনৰ উন্নত সজাগতা বা সতর্কতা অনাই প্রতিষ্ঠানৰ উদ্দেশ্য সাধনৰ উত্তম উপায় হিচাপে পৰিগণিত হয় । পৰিচালনাৰ পৰিকল্পনা , নীতি , কার্যক্রম আদিৰ উদ্দেশ্য সিদ্ধিত পৰিদৰ্শকসকল হে প্রধান । 

( গ ) মানৱ সম্পর্ক স্থাপনৰ ভূমিকাঃ পৰিদৰ্শকসকলৰ বন্ধুত্ব সুলভ আচৰণৰ দ্বাৰা নিম্ন পর্যায়ৰ কৰ্মচাৰীৰ প্ৰয়ােজনীয়তা পূৰণ কৰাৰ উপৰি ব্যক্তিগত সমস্যা যত্ন লােৱা কার্যই সংগঠনত উন্নত মানৱ সম্পর্ক সৃনিষ্ট কৰাত সহায় কৰে । 

( ঘ ) সহ পৰিদর্শকেৰে সহযােগিতাৰ ভূমিকাঃ সংগঠনত আন্ত সম্পর্কিত বিভিন্ন বিভাগ , গােট , শাখা , উপশাখাৰ কাৰ্যকৰণ পৰ্যায়ত বহুতাে পৰিদৰ্শক নিয়ােজিত হয় । এই ক্ষেত্ৰত পৰিদৰ্শকসকলৰ মাজত সহযােগিতাৰ উন্নয়নে সংগঠনৰ কার্য সম্পাদনলৈ গতিশীলতা আনে । 

৩৬। এজন ভাল নেতাৰ চাৰিটা গুণ বর্ণনা কৰা । 

উত্তৰঃ নেতৃত্বৰ গুণাবলীসমূহঃ ( ক ) ব্যক্তিত্ব আৰু মানসিক শক্তি :- ব্যক্তিত্ব হৈছে নেতৃত্বৰ নিজস্ব প্রকৃতি আৰু স্বাতন্ত্র চৰিত্ৰ বা ধর্ম । ই ব্যক্তিৰ সুষ্ঠ শৰীৰৰ অভ্যন্তৰ বা মনৰ বহিঃপ্রকাশ । সেয়েহে নেতৃত্ব প্রদানকাৰীৰ কাম কৰাত এজন নেতাৰ সুস্বাস্থ্য আৰু মানসিক শক্তিৰ প্ৰয়ােজন হয় । 

( খ ) মানৱিক সম্পৰ্কৰ জ্ঞানঃ এজন নেতাৰ বাবে মানৱিক সম্পর্ক আৰু আচৰনৰ জ্ঞানৰ আৱশ্যক হয় । মানুহক জনা , তেওঁলােকৰ প্রয়ােজনীয়তা , আবেগ অনুভূতিৰ লগতে পৰিচালনাৰ সিদ্ধান্ত প্রতি ক্রিয়া প্রতিক্রিয়া , অনুপ্ৰেৰণা জ্ঞাত হােৱা আদি নেতাৰ বাবে অতি আৱশ্যক । 

( গ ) উদ্দেশ্য ধর্মিতাঃ সংগঠন আৰু কৰ্মীৰ যিকোনাে সমস্যাৰ প্ৰতি নেতাৰ দৃষ্টিভংগী উদ্দেশ্যধর্মী হােৱা আৱশ্যক । কোনাে পৰিস্থিতিতে হেঁচা প্রয়ােগ , ভীতি প্রদর্শন , আসক্তি , পক্ষপাতিত্বৰ দৃষ্টিভংগীৰে সমস্যা সাধনৰ প্রতি অগ্ৰসৰ নােহােৱাতাে নেতাৰ উল্লেখযােগ্য গুণ । 

( গ ) ব্যক্তিগত অনুপ্ৰেৰণাঃ কোনাে কার্য সম্পাদন কৰােৱাত প্রথমে নেতাৰ নিজৰ আগ্রহ প্রতিফলিত হােৱা প্রয়ােজন । নিজস্ব অনুপ্ৰেৰণা অবিহনে নেতৃত্বই কার্য সম্পাদনৰ আশা কৰা কঠিন হয় । 

( ঙ ) জ্ঞাতকৰণৰ দক্ষতা :- জ্ঞাতণৰ দক্ষতাই নেতৃত্বৰ মৌখিক আৰু লিখিত সম্পর্ক স্থাপনেৰে সিদ্ধান্ত আদেশ নির্দেশ আদি কৰ্মচাৰীক অৱগত কৰােৱাৰ সামর্থক বুজায় । 

( চ ) সাহস আৰু ইচ্ছাশক্তিঃ সাহসী পদক্ষেপ গ্রহণ নেতাসকলৰ এক বিশেষ গুণ । এই সাহস আৰু ইচ্ছাশক্তিৰ অভাৱত নেতৃত্বৰ বিশ্বাস , আশা আকাংখাৰ বাস্তৱিক ৰূপ দেখা নাযায় । 

৩৭। সফল জ্ঞাতকৰণৰ যিকোনাে চাৰিটা বাধা চমুকৈ আলােচনা কৰা । 

উত্তৰঃ সফল জ্ঞাতকৰণৰ যিকোনাে চাৰিটা বাধাসমূহ হ’ল— 

( ক ) ভূলকৈ প্রকাশিত বাৰ্তাঃ পৰিচালকে তলতীয়া কৰ্মচাৰীলৈ ভূল শব্দৰ প্ৰয়ােগ , অর্থযুক্ত শব্দ বাদ পৰি যােৱা ইত্যাদি বার্তাসমূহ শুদ্ধকৈ প্রেৰণ নকৰিলে এনে প্রতিবন্ধকতাৰ উদ্ভৱ হয় । 

( খ ) বিভিন্ন অর্থযুক্ত প্রতীক :- এটা শব্দই বিভিন্ন অর্থ বহন কৰিব পাৰে । প্রেৰকে পঠোৱা বাৰ্তাৰ শুদ্ধ ৰূপটোহে প্রাপকে বিচাৰ কৰিব লাগে । কিয়নাে শব্দৰ ভুল ব্যাখাই যােগাযােগত সমস্যাৰ সৃষ্টি কৰে ।

( গ ) দোষযুক্ত ভাষান্তৰ কৰণঃ সকলাে কর্মচাৰীৰ বােধগম্য কৰি ভাষান্তৰ কৰা হয় । এই ক্ষেত্ৰত ভূল অর্থৰ ৰূপান্তৰৰ ফলতাে যােগাযােগ প্রক্রিয়া বাধাগ্রস্ত হােৱা দেখা যায় । 

( ঘ ) অস্পষ্ট ধাৰণা :- যােগাযােগ কেতিয়াবা বার্তা প্রেৰকে প্রেৰিত বাৰ্তাৰ অস্পষ্ট ধাৰণাৰ জৰিয়তে বাৰ্তা গ্রাহকৰ মনত সন্দেহ জন্মায় । এনে অস্পষ্ট ধাৰণাই জ্ঞাতকৰণ ব্যৱস্থাত প্রতিবন্ধকতাৰ সৃষ্টি কৰে । 

৩৮। আনুষ্ঠানিক জ্ঞাতকৰণৰ চাৰিটা সুবিধাৰ বিষয়ে লিখা । 

উত্তৰঃ সুবিধাঃ ( ক ) আনুষ্ঠানিক জ্ঞাতকৰণ কর্তৃত্বৰ শিকলিৰে কাৰ্যালয়ৰ ব্যৱস্থা হােৱাত ই মৌলিক বা যথার্থ হয় । 

( খ ) জ্ঞাতকৰণ পূর্ব পৰিকল্পিত হােৱাত কৰ্মচাৰীৰ কাম বুজাত সহায় কৰে আৰু ই সুস্থ সাংগঠনিক জীৱনৰ ভেটি হয় । 

( গ ) কার্যালয়ৰ দ্বাৰা সূচনা আৰু অনুশীলন হােৱাত পৰিচালনাৰ দ্বাৰা নিয়ন্ত্ৰণযােগ্য হয় । 

৩৯। আনুষ্ঠানিক জ্ঞাতকৰণৰ চাৰিটা অসুবিধাৰ বিষয়ে লিখা । 

উত্তৰঃ আনুষ্ঠানিক জ্ঞাতকৰণৰ চাৰিটা অসুবিধা হ’ল– 

( ক ) আনুষ্ঠানিক জ্ঞাতকৰণ লেহেমীয়া হয় । 

( খ ) এই জ্ঞাতকৰণ অব্যক্তিক আৰু আনুষ্ঠানিক হােৱাত বহুত ক্ষেত্ৰত কৰ্মচাৰীৰ বাবে আপেক্ষাজনিত উদ্বেগৰ কাৰণ হয় । 

( গ ) আনুষ্ঠানিক জ্ঞাতকৰণ অধিক কেন্দ্রীয় অথবা আনুষ্ঠানিক হয় বাবে কৰ্মচাৰীৰ বাধাৰ কাৰণ হয় । 

Sl. No.সূচী-পত্ৰ
প্ৰথম খণ্ডপৰিচালনাৰ নীতি আৰু কার্য
Chapter 1পৰিচালনাৰ প্রকৃতি আৰু তাৎপর্য ।
Chapter 2পৰিচালনাৰ নীতি ।
Chapter 3ব্যৱসায় / ব্যৱসায়িক পৰিৱেশ ।
Chapter 4পৰিকল্পনাকৰণ ।
Chapter 5সংগঠনকৰণ ।
Chapter 6কর্মচাৰী নিযুক্তকৰণ ।
Chapter 7নির্দেশিতকৰণ ।
Chapter 8নিয়ন্ত্রণকৰণ ।
দ্বিতীয় খণ্ডব্যৱসায়িক বিত্ত আৰু ৰজাৰৰ
Chapter 9বিত্তীয় পৰিচালনা ।
Chapter 10বিত্তীয় বজাৰ ।
Chapter 11বজাৰকৰণ ।
Chapter 12উপভােক্তা সুৰক্ষা ।

৪০। ‘নেতৃত্ব হ’ল নির্দেশকৰণৰ এটা গুৰুত্বপূর্ণ উপাদান — তুমি সম্মত হােৱানে ? তােমাৰ উত্তৰৰ সপক্ষে চাৰিটা যুক্তি দিয়া । 

উত্তৰঃ নেতৃত্ব হ’ল নির্দেশনাৰ এক গুৰুত্বপূর্ণ উপাদান । নিদের্শকৰণ সফল হ’বৰ বাবে সুস্থ আৰু সক্রিয় নেতৃত্বৰ প্রয়ােজন । নেতৃত্ব হ’ল পৰিচালকৰ সামর্থ্যৰ যােগেদি অধীনস্থ কর্মচাৰীক দৃঢ়তা আৰু উৎসাহেৰে কাম কৰিবলৈ অনুপ্ৰেৰণা যােগােৱা কাৰ্য্য । 

নির্দেশনাত নেতৃত্ব প্রয়ােজনীয় কিয়নাে— 

( ক ) নেতৃত্বই কৰ্মীসকলৰ মাজত উৎসাহ আৰু আত্মবিশ্বাস বঢ়ায় । 

( খ ) নেতৃত্বই কৰ্মীসকলৰ মাজত বন্ধুত্বৰ ভাব যােগাই তােলে আৰু দুগুণ উৎসাহেৰে কাম কৰিবলৈ অনুপ্ৰেৰণা যােগায় । 

( গ ) পৰিচালনাৰ সকলাে স্তৰতে নেতৃত্বৰ প্রয়োজন যাতে কোনাে স্তৰতে কোনাে ধৰণৰ বিচ্ছুতি নহয় । 

( ঘ ) নেতা এজনৰ হাতত প্ৰশাসনীয় ক্ষমতাও ন্যস্ত কৰা হয় । সঠিক নির্দেশনাৰ বাবে তেওঁৰ কাৰ্য্য অপৰিহাৰ্য হৈ পৰে ।

৪১। আনুষ্ঠানিক আৰু অনানুষ্ঠানিক সংগঠনৰ মাজত পার্থক্য দেখুওৱা ।

উত্তৰঃ আনুষ্ঠানিক জ্ঞাতকৰণ প্রণালীৰ বাহিৰৰ পৰা উদ্ভৱ হােৱা জ্ঞাতকৰণ হৈছে অনানুষ্ঠানিক জ্ঞাতকৰণ । ই সংগঠনৰ গা সম্পৰ্কৰ পৰিৱৰ্তে কৰ্মৰত কৰ্মচাৰীৰ সামাজিক সম্পর্কৰ পৰা সৃষ্টি হােৱা ব্যৱস্থা । 

৪২। লিখিত আৰু মৌখিক জ্ঞাতকৰণৰ মাজত পার্থক্য দেখুওৱা । 

৪৩। নির্দেশকৰণৰ বিভিন্ন উপাদানবােৰ আলােচনা কৰা ।

উত্তৰঃ নির্দেশকৰণৰ উপাদানবােৰ হৈছে— 

( ক ) আদেশ জাৰিকৰণঃ নিদের্শকৰণত আদেশ জাৰিকৰণ হৈছে , প্রধান উপাদান । আদেশ জাৰিকৰণৰ জৰিয়তে পৰিচালকে অধীনস্থসকলক যিকোনাে কাম আৰম্ভ , প্রচলিত পদ্ধতি , সংশােধন কৰা , স্থগিত কৰা আদিৰ জাননী দিয়ে । 

( খ ) নেতৃত্ব প্রদানঃ নির্দেশকৰণত নেতৃত্বই পৰিচালকৰ দ্বাৰা অধীনস্থসকলক বাট দেখুওৱা , উপদেশ দিয়া পদ্ধতিক বুজায় । ইয়াৰ দ্বাৰা পৰিচালক সকলে ব্যক্তি আৰু সংগঠন উভয়ৰে সৰ্বোচ্চ সন্তুষ্টি লাভৰ পথ সুচল কৰে ।

( গ ) জ্ঞাতকৰণঃ জ্ঞাতকৰণক নির্দেশকৰণৰ এক গুৰুত্বপূর্ণ উপাদান হিচাপে গণ্য কৰা হয় । ই ভাব বিনিময়ৰ আহিলা হিচাপে কোনাে বাৰ্তাৰ প্ৰেৰক আৰু গ্ৰাহকক একেলগ কৰে ।

( ঘ ) অনুপ্রাণিত কৰণঃ সংগঠনত অনুপ্রাণিতকৰণে ব্যক্তিৰ উত্তম কার্যসম্পাদনত প্ৰেৰণা জগাই উদ্দেশ্য সিদ্ধি সহজ কৰে । নির্দেশকৰণত অনুপ্ৰেৰণা সৃষ্টি অবিহনেই ফলপ্রসূ হােৱা আশা কৰা নাযায় । সেইবাবে পৰিচালনাই অধীনস্থলৈ নির্দেশ জাৰি কৰােতে নির্দেশ পালনৰ বাবে অনুপ্ৰেৰণা সৃষ্টি কৰাৰ পদক্ষেপ গ্রহণ কৰে । 

৪৪। নেতৃত্ব আৰু পৰিচালনাৰ মাজত পার্থক্য দেখুওৱা । 

৪৫। জ্ঞাতকৰণ প্রক্রিয়া সফল কৰিবৰ বাবে চাৰিটা উপায় উল্লেখ কৰা । 

উত্তৰঃ জ্ঞাতকৰণ প্রক্রিয়া সফল কৰাৰ চাৰিটা উপায় হলঃ 

( ক ) প্রত্যক্ষ যােগাযােগঃ যােগাযােগৰ কাৰণে এনে এক প্রণালী ব্যৱহাৰ কৰা উচিত যাৰ দ্বাৰা বার্তা প্ৰেৰকজনে নির্দিষ্ট প্রাপকজনক প্রত্যক্ষভাবে যােগাযোগ কৰিব পাৰে । 

( খ ) পাৰস্পৰিক বিশ্বাসঃ বিশেষকৈ মৌখিক যােগাযােগৰ বাবে বার্তা প্রেৰক আৰু প্ৰাপক এই দুইজনেই এজন আনজনক বিশ্বাস কৰিব লাগিব । 

( গ ) সমন্বয় সাধন :- যদিহে প্ৰতিষ্ঠানৰ বিভিন্ন বিভাগৰ মাজত ফলপ্রসূ সমন্বয় সাধন কৰিব পাৰি তেতিয়া যােগাযােগ প্রতিবন্ধকসমূহ হ্রাস পায় ।

( ঘ ) ভাষাৰ সমতা :- যােগাযােগ ব্যৱস্থা এনে এক ভাষা ব্যৱহাৰ কৰা উচিত যে বার্তা প্রেৰক আৰু প্রাপক দুইজনেই শুদ্ধকৈ লিখিব পাৰে । 

৪৬। ‘নির্দেশকৰণেই পৰিচালনাৰ মূলমন্ত্র’ । আলােচনা কৰা । 

উত্তৰঃ নির্দেশকৰণ হৈছে সংগঠনৰ উদ্দেশ্য সাধনৰ প্রতি মানৱ সম্পদক শিক্ষিত কৰা , উপদেশ দিয়া , পৰামর্শ দিয়া , অনুপ্রাণিত কৰা আৰু নেতৃত্ব দিয়া পদ্ধতি । Koonty And O . Donnell ৰ মতে নির্দেশকৰণ হৈছে পৰিচালনাৰ আন্তঃব্যক্তিগত দিশ , যাৰ দ্বাৰা প্ৰতিষ্ঠানৰ উদ্দেশ্যত উপনীত হ’বলৈ অধীনস্থসকলক উদ্দেশ্য বুজাবলৈ আৰু ফলপ্রসুতা আৰু পাৰদৰ্শিতাৰে বৰঙণি আগবঢ়াবলৈ নেতৃত্ব দিয়া হয় ।

নির্দেশনাৰ প্ৰয়ােজন হয় পৰিকল্পনাক বাস্তৱ ৰূপ দিয়াৰ উপৰি ব্যৱসায়ৰ পূর্বে নির্ধাৰিত লক্ষ্য আৰু উদ্দেশ্য মানক কৰাৰ বাবে । নির্দেশনাৰ আৱশ্যকতা বা গুৰুত্বসমূহ হ’ল— 

( ক ) মানব সম্পদৰ লগত জড়িতঃ ই হৈছে পৰিচালনাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰ্য্য , যাৰ লগত মানৱ সম্পদ জড়িত হৈ থাকে । মানৱ সম্পদেই হ’ল উৎপাদনৰ মূল উপাদান আৰু ইয়াৰ সুন্দৰ ব্যৱহাৰৰ বাবে নির্দেশনাৰ দৰকাৰ । 

( খ ) দক্ষতা বৃদ্ধি :- নির্দেশনাই মানৱ সম্পদৰ সুস্থ ব্যৱহাৰৰ লগে লগে ইয়াক অনুপ্রাণিত কৰি দক্ষতাও বৃদ্ধি কৰে । 

( গ ) কামৰ আৰম্ভণঃ নির্দেশনা হৈছে এনে এক কাৰ্য্য যাৰ দ্বাৰা প্রতিষ্ঠান এটালৈ সজীৱতা , অনা হয় আৰু কৰ্মীসকলে নিজৰ নিজৰ কামৰ যােগেদি ব্যৱসায়ৰ পূর্ব নির্ধাৰিত লক্ষ্যত উপনীত হ’ব চেষ্টা কৰে । 

( ঘ ) দীঘল প্রশ্ন উত্তৰ ( মূল্যাংকঃ ১/৫ ) 

৪৭। সফল জ্ঞাতাকৰণৰ পাঁচটা বাধা আলােচনা কৰা ।

উত্তৰঃ সফল জ্ঞাতকৰণৰ পাঁচটা বাধা হ’ল— 

( ক ) ভূলকৈ প্রকাশিত বাৰ্তাঃ পৰিচালকে তলতীয়া কৰ্মচাৰীলৈ ভূল শব্দৰ প্ৰয়ােগ , অর্থযুক্ত শব্দ বাদ পৰি যােৱা ইত্যাদি বার্তাসমূহ শুদ্ধকৈ প্রেৰণ নকৰিলে এনে প্রতিবন্ধকতাৰ উদ্ভৱ হয় । বিভিন্ন অর্থযুক্ত প্রতীক এটা শব্দই বিভিন্ন অর্থ বহন কৰিব পাৰে । প্রেৰকে পঠোৱা বাৰ্তাৰ শুদ্ধ ৰূপটোহে প্রাপকে বিচাৰ কৰিব লাগে । কিয়নাে শব্দৰ ভূল ব্যাখাই যােগাযােগত সমস্যাৰ সৃষ্টি কৰে । 

( গ ) দোষযুক্ত ভাষান্তৰ কৰণঃ সকলাে কৰ্মচাৰীৰ বােধগম্য কৰি ভাষান্তৰ কৰা হয় । এই ক্ষেত্ৰত ভূল অর্থৰ ৰূপান্তৰৰ ফলতাে যােগাযােগ প্রক্রিয়া বাধাগ্রস্ত হােৱা দেখা যায় । 

( ঘ ) অস্পষ্ট ধাৰণাঃ যােগাযােগ কেতিয়াবা বার্তা প্রেৰকে প্রেৰিত বাৰ্তাৰ অস্পষ্ট ধাৰণাৰ জৰিয়তে বাৰ্তা গ্রাহকৰ মনত সন্দেহ জন্মায় । এনে অস্পষ্ট ধাৰণাই জ্ঞাতকৰণ ব্যৱস্থাত প্রতিবন্ধকতাৰ সৃষ্টি কৰে । 

( ঙ ) কাৰিকৰি ভাষাগত খেলিমেলি :- কর্মচাৰী সকল কাৰিকৰী জ্ঞানসম্পন্ন নহ’লে , তেওঁলােকৰ ভাষাগত কাৰণতে মনত খেলিমেলিৰ সৃষ্টি হব পাৰে । 

৪৮। মাছল’ৰ ক্রমবর্ধমান অনুপ্ৰেৰণা তত্ত্বৰ মতে মানুহৰ অনুপ্ৰেৰণাৰ বাবে কি কি দৰকাৰী ? 

উত্তৰঃ মাছৰ ক্রমবর্ধমান অনুপ্ৰেৰণা তত্ব মতে , মানুহৰ অনুপ্ৰেৰণাৰ বাবে দৰকাৰী কাৰকবােৰ তলত চমুকৈ আলােচনা কৰা হ’ল–

( ক ) শাৰীৰিক প্রয়ােজনীয়তাঃ প্রত্যেকজন ব্যক্তিক জীয়াই থাকিবৰ বাবে কিছুমান বস্তুৰ প্রয়ােজনীয়তাৰ ওপৰত অধিক গুৰুত্ব দিব লাগে যেনে – খাবলৈ আহাৰ , পিন্ধিবলৈ কাপােৰ , থাকিবলৈ ঘৰ ইত্যাদি । 

( খ ) নিৰাপত্তামূলক প্রয়ােজনীয়তাঃ মানুহৰ শাৰীৰিক প্রয়ােজনীয়তাখিনি পূৰণ হােৱাৰ পিছতে ভৱিষ্যতে হ’ব পৰা কিছুমান বিপদ যেনে — চুৰি , ডকাইতি , জুই , দুর্ঘটনা ইত্যাদিৰ কাৰণে নিৰাপত্তাৰ প্রয়ােজন হয় । 

( গ ) সামাজিক প্রয়ােজনীয়তা :- নিৰাপত্তামূলক প্রয়ােজনীয়তা পূৰণৰ পিছত মানুহে সামাজিক প্রয়ােজনীয়তাবােৰ যেনে সামাজিক স্বীকৃতি , সামাজিক আত্মীয়তা আদি পূৰণ কৰিব বিচাৰে । 

( ঘ ) মৰম – দয়াৰ প্ৰয়ােজনীয়তাঃ মানুহ সামাজিক প্রাণী । সেইবাবে সমাজত বাস কৰিবৰ বাবে প্রতিজনৰে মৰম – স্নেহ , দয়া – সহানুভূতি , বুজাবুজিৰ মনােভাব থাকিব লাগিব । 

( ঙ ) আত্ম – প্রতিষ্ঠাৰ প্রয়ােজনীয়তাঃ প্রতিজন ব্যক্তিয়ে নিজৰ কাম – কাজৰ যােগেদি সমাজত আত্মবিকাশ কৰি সামাজিক স্থিতি দৃঢ় কৰিব বিচাৰে । 

৪৯। বিভিন্ন ধৰণৰ জ্ঞাতকৰণ প্রক্রিয়াসমূহ কি কি ? 

উত্তৰঃ সংগঠনৰ গঠনত পৰিচালনাই আনুষ্ঠানিক প্রণালীৰে গঠন কৰা জ্ঞাতকৰণ ব্যৱস্থাই আনুষ্ঠানিক জ্ঞাতকৰণ । সংগঠনৰ গঠনত বিভিন্ন অৱস্থানত অৱস্থিত সভ্যসকল প্রতিষ্ঠিত প্রণালী অনুসৰি জ্ঞাতকৰণ ব্যৱস্থা মানি চলা , অধীনস্থ সকললৈ সিদ্ধান্ত আৰু আদেশ নির্দেশ জাৰি , সেইদৰে অধীনস্থ সকলেও পৰামর্শ , অভিযােগ , প্রতিবেদন আদি মুখ্য বিষয়ালৈ দাখিলৰ যি প্রতিষ্ঠিত জ্ঞাতকৰণ ব্যৱস্থা তাক আনুষ্ঠানিক জ্ঞাতকৰণ ব্যৱস্থা হিচাপে জনা যায় । 

আনুষ্ঠানিক জ্ঞাতকৰণ প্ৰণালীৰ বাহিৰৰ পৰা উদ্ভৱ হােৱা জ্ঞাতকৰণ হৈছে অনানুষ্ঠানিক সৃষ্টি  জ্ঞাতকৰণ । ই সংগঠনৰ গঠন সম্পর্কৰ পৰিৱৰ্তে কৰ্মৰত কৰ্মচাৰীৰ সামাজিক সম্পর্কৰ পৰা সৃষ্টি হােৱা ব্যৱস্থা 

৫০। জ্ঞাতকৰণৰ পাচটা বাধা আলােচনা কৰা । 

উত্তৰঃ জ্ঞাতকৰণৰ পাঁচটা বাধা হল— 

( ক ) ভূলকৈ প্রকাশিত বাৰ্তাঃ পৰিচালকে তলতীয়া কৰ্মচাৰীলৈ ভূল শব্দৰ প্ৰয়ােগ , অর্থযুক্ত শব্দ বাদ পৰি যােৱা ইত্যাদি বার্তাসমূহ শুদ্ধকৈ প্রেৰণ নকৰিলে এনে প্রতিবন্ধকতাৰ উদ্ভৱ হয় । 

( খ ) বিভিন্ন অর্থযুক্ত প্রতীক :- এটা শব্দই বিভিন্ন অর্থ বহন কৰিব পাৰে । প্রেৰকে পঠোৱা বাৰ্তাৰ শুদ্ধ ৰূপটোহে প্রাপকে বিচাৰ কৰিব লাগে । কিয়নাে শব্দৰ ভুল ব্যাখাই যােগাযােগত সমস্যাৰ সৃষ্টি কৰে । 

( গ ) দোষযুক্ত ভাষান্তৰ কৰণঃ সকলাে কর্মচাৰীৰ বােধগম্য কৰি ভাষান্তৰ কৰা হয় । এই ক্ষেত্ৰত ভুল অর্থৰ ৰূপান্তৰৰ ফলতাে যােগাযােগ প্রক্রিয়া বাধাগ্রস্ত হােৱা দেখা যায় । 

( ঘ ) অস্পষ্ট ধাৰণাঃ যােগাযােগ কেতিয়াবা বার্তা প্ৰেৰকে প্রেৰিত বাৰ্তাৰ অস্পষ্ট ধাৰণাৰ জৰিয়তে বাৰ্তা গ্রাহকৰ মনত সন্দেহ জন্মায় । এনে অস্পষ্ট ধাৰণাই জ্ঞাতকৰণ ব্যৱস্থাত প্রতিবন্ধকতাৰ সৃষ্টি কৰে । 

( ঙ ) কাৰিকৰি ভাষাগত খেলি-মেলি :- কর্মচাৰী সকল কাৰিকৰী জ্ঞানসম্পন্ন নহ’লে , তেওঁলােকৰ ভাষাগত কাৰণতে মনত খেলি-মেলিৰ সৃষ্টি হব পাৰে । 

৫১। এজন সফল নেতা হ’বৰ বাবে কিছুমান ভাল গুণৰ অধিকাৰী হ’বই লাগিব’— বাক্যশাৰীৰ লগত সংগতি ৰাখি এজন নেতাৰ পাঁচটা গুণৰ বিষয়ে লিখা । 

উত্তৰঃ নেতৃত্বৰ গুণাবলীসমূহঃ ( ক ) ব্যক্তিত্ব আৰু মানসিক শক্তি ব্যক্তিত্ব হৈছে নেতৃত্বৰ নিজস্ব প্রকৃতি আৰু স্বাতন্ত্র চৰিত্ৰ বা ধর্ম । ই ব্যক্তিৰ সুষ্ঠ শৰীৰৰ অভ্যন্তৰ বা মনৰ বহিঃপ্রকাশ । সেয়েহে নেতৃত্ব প্রদানকাৰীৰ কাম কৰাত এজন নেতাৰ সুস্বাস্থ্য আৰু মানসিক শক্তিৰ প্ৰয়ােজন হয় । 

( খ ) মানবিক সম্পর্কৰ জ্ঞান :- এজন নেতাৰ বাবে মানৱিক সম্পর্ক আৰু আচৰনৰ জ্ঞানৰ আৱশ্যক হয় । মানুহক জনা , তেওঁলােকৰ প্ৰয়ােজনীয়তা , আবেগ অনুভূতিৰ লগতে পৰিচালনাৰ সিদ্ধান্ত প্রতি ক্রিয়া প্রতিক্রিয়া , অনুপ্ৰেৰণা জ্ঞাত হােৱা আদি নেতাৰ বাবে অতি আৱশ্যক । 

( গ ) উদ্দেশ্য ধর্মিতা :- সংগঠন আৰু কৰ্মীৰ যিকোনাে সমস্যাৰ প্ৰতি নেতাৰ দৃষ্টিভংগী উদ্দেশ্যধর্মী হােৱা আৱশ্যক । কোনাে পৰিস্থিতিতে হেঁচা প্রয়ােগ , ভীতি প্রদর্শন , আসক্তি , পক্ষপাতিত্বৰ দৃষ্টিভংগীৰে সমস্যা সাধনৰ প্ৰতি অগ্ৰসৰ নােহােৱাতো নেতাৰ উল্লেখযােগ্য গুণ । 

( ঘ ) ব্যক্তিগত অনুপ্ৰেৰণা :- কোনাে কার্য সম্পাদন কৰােৱাত প্রথমে নেতাৰ নিজৰ আগ্রহ প্রতিফলিত হােৱা প্রয়ােজন । নিজস্ব অনুপ্ৰেৰণা অবিহনে নেতৃত্বই কার্য সম্পাদনৰ আশা কৰা কঠিন হয় । 

( ঙ ) জ্ঞাতকৰণৰ দক্ষতা :- জ্ঞাতকৰণৰ দক্ষতাই নেতৃত্বৰ মৌখিক আৰু লিখিত সম্পর্ক স্থাপনেৰে সিদ্ধান্ত আদেশ নির্দেশ আদি কৰ্মচাৰীক অৱগত কৰােৱাৰ সামৰ্থক বুজায় । 

৫২। এজন পৰিদৰ্শকৰ বিভিন্ন কাৰ্যসমূহ বহলাই লিখা । 

উত্তৰঃ পৰিদৰ্শকৰ ভূমিকসমূহ হ’ল— 

( ক ) সম্পৰ্কৰক্ষী বিষয়াৰ ভূমিকা :- সংগঠনৰ কৰ্মী বাহিনীলৈ প্ৰতিষ্ঠানৰ শীর্ষ পৰিচালনাৰ পৰিকল্পনাৰ নীতি , কৌশল , কার্যক্রম আদি জ্ঞাতকৰণেৰে উপস্থাপন কৰাত পৰিদর্শক সকলে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে । তেওঁলােকে কর্মী বাহিনীৰ পৰামর্শ , সমস্যা , আভিযােগ আদিৰ বিষয়ে অবগত কৰাত শীর্ষ পৰিচালনা আৰু কৰ্মী বাহিনীৰ মাজত সম্পর্কৰক্ষী বিষয়াৰ ভূমিকা পালন কৰে । 

( খ ) সজাগতাৰ ভূমিকাঃ সংগঠনৰ নিম্ন পর্যায়ত কার্য সম্পাদনৰ উন্নত সজাগতা বা সতর্কতা অনাই প্ৰতিষ্ঠানৰ উদ্দেশ্য সাধনৰ উত্তম উপায় হিচাপে পৰিগণিত হয় । পৰিচালনাৰ পৰিকল্পনা , নীতি , কার্যক্রম আদিৰ উদ্দেশ্য সিদ্ধিত পৰিদৰ্শকসকল হে প্রধান । 

( গ ) মানৱ সম্পর্ক স্থাপনৰ ভূমিকাঃ পৰিদৰ্শকসকলৰ বন্ধুত্ব সুলভ আচৰণৰ দ্বাৰা নিম্ন পর্যায়ৰ কৰ্মচাৰীৰ প্ৰয়ােজনীয়তা পূৰণ কৰাৰ উপৰি ব্যক্তিগত সমস্যা যত্ন লােৱা কার্যই সংগঠনত উন্নত মানৱ সম্পর্ক সৃনিষ্ট কৰাত সহায় কৰে । 

( ঘ ) সহ পৰিদর্শকেৰে সহযােগিতাৰ ভূমিকা :-  সংগঠনত আন্তসম্পর্কিত বিভিন্ন বিভাগ , গােট , শাখা , উপশাখাৰ কাৰ্যকৰণ পৰ্যায়ত বহুতাে পৰিদৰ্শক নিয়ােজিত হয় । এই ক্ষেত্ৰত পৰিদৰ্শকসকলৰ মাজত সহযােগিতাৰ উন্নয়নে সংগঠনৰ কার্য সম্পাদনলৈ গতিশীলতা আনে । 

৫৩। ‘ভাল আৰু সফল নির্দেশকৰণ কিছুমান নির্দিষ্ট নীতিৰ ওপৰত প্রতিষ্ঠিত ’ — আলােচনা কৰা । 

উত্তৰঃ নির্দেশকৰণৰ নীতিসমূহ হ’ল— 

( ক ) ব্যক্তিৰ সৰ্বাধিক বৰঙণিৰ নীতিঃ সংগঠনৰ সর্বাধিক উদ্দেশ্য সাধনৰ লক্ষ্যত প্রত্যেক অৱস্থানৰ ব্যক্তিৰে সৰ্বাধিক বৰঙণি লাভ কৰা হ’ব লাগে । এই ক্ষেত্ৰত পৰিচালনাই অধীনস্থ সকলে সর্বাধিক বৰঙণি আগবঢ়োৱাত সামর্থ্য লক্ষ্যেৰে উপযুক্ত নীতি অৱলম্বন কৰা আৱশ্যক । 

( খ ) উদ্দেশ্যৰ ঐক্যতাৰ নীতি :- পৰিচালনাই ব্যক্তি আৰু সংগঠন উভয়ৰ উদ্দেশ্য পূৰণ কৰাত উপযুক্ত কৌশল অৱলম্বন কৰি ঐক্যপূর্ণ উদ্দেশ্যৰ নীতি গ্রহণ কৰিব লগাত পৰে । উভয়ৰ সমুহীয়া উদ্দেশ্য পূৰণৰ কৌশলে ব্যক্তিগত আৰু সাংগঠনিক উপকাৰ সাধন কৰে । ইয়াৰ বাবে পৰিচালনাই যথােচিত নির্দেশকৰণৰ নীতিৰ উন্নয়ন ঘটাব লাগে ।

( গ ) আদেশৰ একতাৰ নীতিঃ এই নীতি অনুসৰি এজন ব্যক্তি অধীনস্থই এজন জেষ্ঠ্যৰ পৰা আদেশ নির্দেশ লাভ কৰিব লাগে আৰু অধীনস্থজনে সেই নির্দিষ্ট জেষ্ঠ্যজনৰ প্রতি দায়বদ্ধ হ’ব লাগে । 

( ঘ ) নির্দেশৰ একতাৰ নীতি :- নির্দেশৰ একতাৰ নীতি অনুসৰি একে উদ্দেশ্যৰ ব্যক্তি সমষ্টিৰ কামত একোটা পৰিকল্পনাৰ বাবে একোজনকৈ মুৰববী থকা আৱশ্যক । অর্থাৎ একে উদ্দেশ্য ব্যক্তি সমষ্টিৰ একক পৰিকল্পনাৰ কাম – কাজ এজন জেষ্ঠ বিষয়াৰ নির্দেশাধীন তথা নিয়ন্ত্রণাধীন হােৱা আৱশ্যক । 

( গ ) অংশ গ্ৰহণৰ পৰিচালনাৰ নীতি :- নির্দেশকৰণ ফলপ্রসূ হ’বলৈ পৰিচালনাৰ বাবে জেষ্ঠ্যসকলৰ সিদ্ধান্ত গ্রহণত অধীনস্থসকলৰ অংশ গ্রহণ আহ্বান কৰাৰ নীতি – গ্রহণ কৰা হব লাগে । এই নীতিকে পৰিচালনাৰ গণতান্ত্রিক নীতি বুলিও কোৱা হয় । জেষ্ঠ্য আৰু অধীনস্থ উভয়ৰ পাৰস্পৰিক সন্মতিৰে সিদ্ধান্ত গ্রহণ কৰা হলে কার্যক্ষেত্ৰত জেষ্ঠ্যসকলৰ নির্দেশকৰণৰ অনুশীলন সহজ হয় । 

৫৪। সফল পৰিদৰ্শনৰ আৱশ্যকতা ব্যাখ্যা কৰা । 

উত্তৰঃ সফল পৰিদৰ্শনৰ আৱশ্যকতা সমূহ হ’ল– 

( ক ) পৰিদৰ্শকে দৈনন্দিন কামকাজৰ ক্ষেত্ৰত শ্ৰমিকসকলৰ লগত সহাবস্থান কৰে আৰু বন্ধুত্বপূর্ণভাবে কামৰ তদাৰক কৰে । সেয়ে সফল পৰিদৰ্শকে শ্ৰমিকসকলৰ বাবে পথ প্রদর্শন , বন্ধু আৰু দার্শনিক হিচাপে কাম কৰে ।

( খ ) পৰিদৰ্শকে শ্রমিক আৰু পৰিচালক সকলৰ মাজত যােগসূত্ৰৰ কাম কৰে । পৰিচালকসকলৰ বিভিন্ন মতামতসমূহ শ্ৰমিকসকলৰ মাজত বিনিময় ঘটাই আৰু শ্ৰমিকসকলৰ সমস্যাসমূহ পৰিচালকৰ জৰিয়তে সমাধান কৰাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে । 

( গ ) পৰিদৰ্শকজনে তেওঁৰ অধীনস্থ শ্ৰমিকসকলৰ মাজৰ দলীয় ঐক্যতা অক্ষুন্ন ৰখাত এক বিশেষ ভূমিকা পালন কৰে । তেওঁ শ্ৰমিকসকলৰ মাজৰ আভ্যন্তৰীণ অৰিয়া অৰিসমূহ দূৰ কৰি সকলােৰে মাজত সম্প্রীতিৰ ভাব সৃষ্টি কৰে । 

( ঘ ) পৰিদৰ্শকজনে তলতীয়া কৰ্মচাৰীসকলৰ বাবে কামৰ সময়তে প্রশিক্ষণৰ ব্যৱস্থা গ্ৰহণৰ সুবিধা কৰি পাৰ্গত দল সৃষ্টি কৰিব পাৰে । এজন সফল পৰিদৰ্শকে কর্মচাৰীৰ কামৰ বিশ্লেষণ কৰে সেইবােৰৰ ফলাফলসমূহ কর্মচাৰীলৈ পঠিয়াই দিয়ে । তেওঁ কৰ্মচাৰীসকলক কর্মদক্ষতা বৃদ্ধিৰ উপদেশ প্রদান কৰে । 

৫৫। এটা ব্যবসায় পৰিচালনাত নিদের্শকৰণৰ ভূমিকা উল্লেখ কৰা । 

উত্তৰঃ সংগঠনত নির্দেশকৰণৰ গুৰুত্ব তলত আলােচনা কৰা হ’ল— 

( ক ) কার্য আৰম্ভন :- সাংগঠনিক উদ্দেশ্যত আকাংখিত ধৰণে উপনীত হবলৈ পৰিচালনাই সংগঠনৰ প্রত্যেক অৱস্থানৰ ব্যক্তিলৈ নিৰ্দেশৰ যােগেদি কার্য সম্পাদন আৰম্ভ কৰা আহ্বান জনায় । 

( খ ) কর্মচাৰীৰ প্রচেষ্টা সমন্বিতকৰণঃ সংগঠনৰ উদ্দেশ্যত সফলতাৰে উপনীত হ’বলৈ বিভিন্ন পর্যায় আৰু অৱস্থানৰ ব্যক্তিৰ পাৰদৰ্শিতাই মাথােন যথেষ্ট নহৈ ই ফলপ্রসু হােৱাও আৱশ্যক।এই ক্ষেত্ৰত পৰিচালনাৰ সময়ােচিত আদেশ নির্দেশে সকলাে স্তৰ আৰু অৱস্থানৰ কর্মচাৰীৰ প্ৰচেষ্টাক ঐক্যবদ্ধ কৰাত গুৰুত্বপূর্ণ ভূমিকা পৰিলক্ষিত হয় । 

( গ ) ব্যক্তিৰপৰা সৰ্বাধিক পাৰদৰ্শিতা লাভঃ সংগঠনত আৱশ্যকীয় আৰু উপযুক্ত আদেশ নির্দেশৰ জৰিয়তে , বিশেষকৈ অনুপ্ৰেৰনামূলক নেতৃত্ব আৰু উৎসাহজনক যােগাযােগেৰে কৰ্মচাৰীৰ সুপ্ত সম্ভাৱনীয়তা আৰু সামর্থ উন্নত বা বৃদ্ধি কৰিব পাৰে । 

( ঘ ) পৰিৱৰ্তন আৰু গতিশীলতাৰ সুবিধা লাভঃ পৰিবৰ্ত্তিত পৰিস্থিতিৰ লগত খাপ খুৱাই সংগঠনক উপযােগী কৰি তােলাত সময়ে সময়ে সাংগঠনিক গঠন আৰু সেইবােৰৰ ব্যক্তি সমষ্টিৰ পৰিৱর্তন সাধনৰ আৱশ্যক হয় । ইয়াৰ বাবে কৰ্মচাৰীক সাজু কৰি তােলাত পৰিচালনাৰ সময়ােচিত আদেশ নির্দেশেৰে পৰিৱৰ্তনৰ প্রতি আগ্রহীত গুৰুত্ব দেখা যায় । 

( ঙ ) সাংগঠনিক স্থিৰতা নিশ্চিতকৰণ :- নির্দেশকৰণৰ উপাদান হিচাপে পৰিদর্শন , অনুপ্রাণিতকৰণ , নেতৃত্ব প্রদান আৰু জ্ঞাতকৰণে সংগঠনৰ স্থিৰতা বা স্থায়িত্ব নিশ্চিত কৰাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে । 

( ঙ ) দীঘল প্রশ্ন উত্তৰ ( মূল্যাংকঃ ২/৬ ) 

৫৬। নির্দেশকৰণ কি ? ইয়াৰ বৈশিষ্ট্যবোৰ আলােচনা কৰা । 

উত্তৰঃ নির্দেশকৰণ হৈছে সংগঠনৰ উদ্দেশ্য সাধনৰ প্রতি মানৱ সম্পদক শিক্ষিত কৰা , উপদেশ দিয়া , পৰামর্শ দিয়া , অনুপ্রাণিত কৰা আৰু নেতৃত্ব দিয়া পদ্ধতি । Koonty And O. Donnell ৰ মতে ‘ নির্দেশকৰণ হৈছে পৰিচালনাৰ আন্তঃ ব্যক্তিগত দিশ , যাৰ দ্বাৰা প্ৰতিষ্ঠানৰ উদ্দেশ্যত উপনীত হ’বলৈ অধীনস্থসকলক উদ্দেশ্য বুজাবলৈ আৰু ফলপ্রসুতা আৰু পাৰদৰ্শিতাৰে বৰঙণি আগবঢ়াবলৈ নেতৃত্ব দিয়া হয় । 

( ক ) নির্দেশকৰণ হৈছে পৰিচালনাৰ দ্বাৰা কোনাে সংগঠনৰ কাৰ্য আৰম্ভ কৰােৱাৰ গুৰুত্বপূর্ণ পৰিচালনীয় কার্য । 

( খ ) জ্যেষ্ঠ অধীনস্থৰ সম্পৰ্কেৰে পৰিচালনাৰ যিকোনাে পর্যায়ত নির্দেশকৰণ কার্য সম্পাদন 

( গ ) সংগঠন জীৱনৰ সকলাে সময়তে এই কাৰ্যৰ অবিৰত সম্পাদন কৰা হয় ।

( ঘ ) ক্রমানুসৰিক পনিৰচালনা স্তৰৰ শীর্ষতম স্তৰৰ পৰা নিম্নতম স্তৰলৈকে ই নিম্নগামী গতিৰ হয় । 

( ঙ ) পৰিচালনাৰ সকলাে স্তৰত নির্দেশকৰণৰ অনুশীলনেৰে ই সৰ্ব্ব ব্যাপ্ত প্ৰকৃতিৰ হয় । 

( চ ) পৰিকল্পনা আৰু কার্যসমাধাৰ মাজত নির্দেশ কৰণক এক সেতু হিচাপে গণ্য কৰা হয় । 

( ছ ) নির্দেশকৰণত কর্মী বাহিনীৰ মাজত মুক্ত সংবাদ প্রবাহেৰে উৎস মানৱ সম্পর্ক উন্নয়ন ঘটাবলৈ বিচৰা হয় । 

৫৭। পৰিদৰ্শনৰ সংজ্ঞা দিয়া । এটা উদ্যোগ প্রতিষ্ঠানত ইয়াৰ ভূমিকা বর্ণনা কৰা । 

উত্তৰঃ পৰিচালনাৰ আদেশৰ সঠিক পালনৰ জৰিয়তে প্রতিষ্ঠান উদ্দেশ্যৰ প্রতি মানসম্পদ আৰু আন ভৌতিক সম্পদৰ প্ৰকাম্য ব্যৱহাৰ নিশ্চিত কৰাত উদ্দেশ্যক যি তত্বাৱধান লােৱা হয় তাকেই পৰিদর্শন বােলা হয় । R.C. Davis ৰ মতে ‘ পৰিদৰ্শন হৈছে পৰিকল্পনা আৰু নির্দেশ অনুসৰি কার্য সমাধা কৰাত নিশ্চয়তা প্রদানৰ কার্যাৱলী ।’ 

পৰিদৰ্শকৰ ভূমিকসমূহহ’ল— ( ক ) সম্পৰ্কৰক্ষী বিষয়াৰ ভূমিকাঃ সংগঠনৰ কর্মী বাহিনীলৈ প্ৰতিষ্ঠানৰ শীর্ষ পৰিচালনাৰ পৰিকল্পনাৰ নীতি , কৌশল , কার্যক্রম আদি জ্ঞাত কৰণেৰে উপস্থাপন কৰাত পৰিদর্শক সকলে গুৰুত্ব পূর্ণ ভূমিকা পালন কৰে । তেওঁলােকে কর্মী বাহিনীৰ পৰামর্শ , সমস্যা , আভিযােগ আদিৰ বিষয়ে অবগত কৰাত শীর্ষ পৰিচালনা আৰু কৰ্মী বাহিনীৰ মাজত সম্পৰ্কৰক্ষী বিষয়াৰ ভূমিকা পালন কৰে । 

( খ ) সজাগতাৰ ভূমিকা :- সংগঠনৰ নিম্ন পর্যায়ত কার্য সম্পাদনৰ উন্নত সজাগতা বা সতর্কতা অনাই প্ৰতিষ্ঠানৰ উদ্দেশ্য সাধনৰ উত্তম উপায় হিচাপে পৰিগণিত হয় । পৰিচালনাৰ পৰিকল্পনা , নীতি , কার্যক্রম আদিৰ উদ্দেশ্য সিদ্ধিত পৰিদৰ্শকসকল হে প্রধান । 

( গ ) মানৱ সম্পর্ক স্থাপনৰ ভূমিক :-  পৰিদৰ্শকসকলৰ বন্ধুত্ব সুলভ আচৰণৰ দ্বাৰা নিম্ন পর্যায়ৰ কৰ্মচাৰীৰ প্ৰয়ােজনীয়তা পূৰণ কৰাৰ উপৰি ব্যক্তিগত সমস্যা যত্ন লােৱা কার্যই সংগঠনত উন্নত মানব সম্পর্ক সৃনিষ্ট কৰাত সহায় কৰে । 

( ঘ ) সহ পৰিদর্শকেৰে সহযােগিতাৰ ভূমিকা :- সংগঠনত আন্তসম্পর্কিত বিভিন্ন বিভাগ , গােট , শাখা , উপশাখাৰ কাৰ্যকৰণ পৰ্যায়ত বহুতাে পৰিদৰ্শক নিয়ােজিত হয় । এই ক্ষেত্ৰত পৰিদৰ্শকসকলৰ মাজত সহযােগিতাৰ উন্নয়নে সংগঠনৰ কার্য সম্পাদনলৈ গতিশীলতা আনে । 

৫৮। অনুপ্ৰেৰণা কি ? এটা আধুনিক প্রতিষ্ঠানত অনুপ্ৰেৰণাৰ গুৰুত্ব কি বুজাই লিখা ।

উত্তৰঃ অনুপ্ৰেৰণাৰ অৰ্থ হৈছে প্ৰতিষ্ঠানৰ উদ্দেশ্যত ফলপ্রসুতাৰে আৰু পাৰদৰ্শিতাৰে উপনীত হ’বলৈ ব্যক্তিৰ অপূর্ণ প্রয়ােজনীয়তা পূৰণ কৰি তেওঁলােকৰ সৰ্ব্বোচ্চ সামর্থৰে কাম কৰােৱাত উৎসাহ যােগােৱা অথবা প্রবৃত্ত কৰােৱাই পৰিচালনাৰ এক পৰিকল্পিত পদ্ধতি । 

অনুপ্রেৰণাৰ গুৰুত্ব বা আৱশ্যকতাসমূহ তলত আলােচনা কৰা হল— 

( ক ) অনুপ্ৰেৰণাই কৰ্মচাৰীসকলৰ কাৰ্যদক্ষতা বৃদ্ধি কৰাৰ লগতে সংগঠনৰ কাৰ্যদক্ষতা বৃদ্ধি কৰে । ফলপ্রসূ অনুপ্রাণিকৰণে কর্মচাৰীসকলৰ সকলাে প্রয়ােজন পূৰণত সহায় কৰে ।

( খ ) সুস্থ অনুপ্ৰেৰণাৰ উত্তৰণে কর্মচাৰীৰ নেচিবাচক মনােবৃত্তিক ইতিবাচক মনােবৃত্তিলৈ  পৰিবৰ্তন কৰাৰ ফলত প্রতিষ্ঠানৰ লক্ষ্যত উপনীত হােৱাৰ সহায়ক হয় । 

( গ ) অনুপ্ৰেৰণাই কৰ্মচাৰীসকলৰ লুটিবাগৰ দিয়া স্বভাৱৰ অৱসান ঘটায় , ফলত নতুন কর্মচাৰী নিয়ােগৰ খৰচ কমি যায় । অনুপ্ৰেৰণা বৃদ্ধিৰ ফলশ্রুতিৰে প্রতিভাসম্পন্ন ব্যক্তিক প্রতিষ্ঠানত ৰখাত সহায় কৰে । 

( ঘ ) অনুপ্ৰেৰণাৰ জৰিয়তে প্রতিষ্ঠানত অনুপস্থিতি হ্রাস কৰে । শুদ্ধ অনুপ্ৰেৰণাৰ যােগানে কর্মীসকলৰ আসোঁৱাহ বা অসুবিধাসমূহ দূৰ কৰিব পৰা যায় । 

( ঙ ) অনুপ্ৰেৰণাৰ জৰিয়তে কর্মস্পৃহা বা কর্ম আসক্তি মনােভাবে পৰিচালকসকলক নতুন নতুন পৰিবর্তন সংযােগ কৰাত মানুহে অসুবিধা নিদিয়ে । যদি পৰিচালকসকলে কর্মচাৰীসকলক পতিয়ন নিয়াব পাৰে যে পৰিবর্তনে কৰ্মচাৰীৰ বাবে উপৰুৱা পুৰস্কাৰ আনিব পাৰে , তেতিয়া কৰ্মচাৰীসকলে বিনাদ্বিধাই পৰিবৰ্তন গ্ৰহণ কৰিব । 

৫৯। নেতৃত্ব কি আৰু ইয়াৰ গুৰুত্ব এটা সংগঠনত কেনেকুৱা আলােচনা কৰা । 

উত্তৰঃ নেতৃত্ব হৈছে পূর্ব নির্ধাৰিত কোনাে লক্ষ্যত উপনীত হােৱাত অনুগামী অর্থাৎ অধীনস্থসকলৰ অতি ইচ্ছাৰে আৰু উৎসাহেৰে কাম কৰিবলৈ প্ৰভাৱান্বিত কৰা এক পদ্ধতি । Koonty আৰু O. Donnell ৰ মতে নেতৃত্ব হৈছে পৰিচালক এজনৰ অধীনস্থ সকলক বিশ্বাস আৰু আগ্ৰহেৰে কামলৈ সন্মত কৰােৱাৰ সামর্থ্য । 

ব্যবসায় পৰিচালনাত নেতৃত্বৰ গুৰুত্বসমূহ তলত উল্লেখ কৰা হ’ল— 

( ক ) লক্ষ্য নির্ধাৰনত প্রদর্শকঃ কর্মী সংগঠনবােৰৰ লক্ষ্য নির্ধাৰনৰ লগতে নীতি নির্ধাৰনত নেতৃত্বই প্রদর্শকৰ ভূমিকা পালন কৰে । এইদৰে নিৰ্দ্ধাৰণ কৰা লক্ষ্যত উপনীত হােৱাত নেতৃত্ব নির্দেশ মতে নীতি অনুসৰি কার্য সম্পাদন সহজ কৰি তােলাত নেতৃত্বৰ গুৰুত্ব প্রতিফলিত হয় । 

( খ ) অনুগামীক উৎসাহিত কৰণঃ অনুগামীক সমুহীয়া উদ্দেশ্য সিদ্ধিলৈ প্ৰেৰনা , উৎসাহ আৰু উৎসর্গৰ মনােভাবেৰে কৰ্মত প্রবৃত্ত কৰাত নেতৃত্বই তাৎপর্যজনক ভূমিকা পালন কৰে । সামগ্রিক ভাবে কৰ্মচাৰীক উত্তেজিত কৰি অনুপ্রানিতকৰণ পদ্ধতিক উপযুক্ত পর্যায়লৈ উন্নীত কৰা, তেওঁলােকৰ সুপ্ত সামর্থ্যক কার্য সম্পাদনলৈ সক্রিয় কৰাত নেতৃত্বৰ গুৰুত্ব স্বীকাৰ কৰা হয় । 

( গ ) বিশ্বাস আৰু আগ্রহ সৃষ্টি :- উন্নত নেতৃত্বই দলৰ সদস্যৰ মনলৈ বিশ্বাস আনে । তেওঁলােকৰ দৈনন্দিন কাম কাজত আৱশ্যকীয় উপদেশ , সহায় আৰু সমর্থন আগবঢ়াই নেতৃত্বই অনুগামীৰ মাজত আগ্রহ আৰু কৌতুহলৰ সৃষ্টি কৰে । 

( ঘ ) নৈতিক অৱস্থা সবলীকৰণঃ নৈতিক অৱস্থাই সংগঠন আৰু পৰিচালনাৰ প্ৰতি কর্মচাৰীৰ মনােভংগী তথা সংগঠনলৈ স্বেচ্ছাৰ সহযােগিতাক বুজায় । সফল নেতৃত্বই কৰ্মীৰ নৈতিক অৱস্থা উন্নত কৰি সংগঠনলৈ তেওঁলােকক উৎসর্গী মনােভাৱৰ কৰি তােলে । 

( ঙ ) দৃষ্টি আৰু আগভাগ সৃষ্টি :- দৃষ্টি আৰু সামর্থ্য অবিহনে মানুহৰ উগতি সম্ভৱপৰ নহয় । নেতা বা পৰিচালকে অনুগামীসকলক দৃষ্টি দান কৰে , যাৰ বলতে তেওঁলােকৰ মনত আগভাগ গ্রহণ আৰু আগ্রহ সৃষ্টি হয় । 

( চ ) মানব সম্পদ উন্নত কৰা :- সফল নেতৃত্বই সংগঠনৰ মানৱ সম্পদৰ সম্ভাৱনীয়তা চিনাক্ত কৰা আৰু সেইবােৰ বাস্তৱলৈ ৰূপান্তৰ কৰাৰ মাজেৰে মানৱ সম্পদ উন্নত কৰাব পাৰে । Peter Drucker ৰ মতে নেতৃত্বই মানুহৰ দৃষ্টি , মানুহৰ উচ্চ কৃতিত্বৰ মানদণ্ড আৰু মানুহৰ ব্যক্তিত্ব স্বাভাৱিক সীমাবদ্ধতাৰ ওপৰলৈ তুলিব পাৰে । 

৬০। জাতকৰণ বুলিলে কি বুজা ? ইয়াৰ গুৰুত্ব ব্যাখ্যা কৰা । 

উত্তৰঃ জ্ঞাতকৰণ বুলিলে এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ অথবা এটা বিভাগৰ পৰা আন এটা বিভাগলৈ নাইবা এটা স্তৰৰ পৰা আন এটা স্তৰলৈ ব্যৱসায় সংক্রান্তীয় আদেশ , নির্দেশ , উপদেশ , পৰামর্শ , অনুৰােধ , অভিযােগ , তথ্য প্রভৃতি সংবাদৰ আদান প্রদানক বুজায় । 

( ক ) সাংগঠনিক কার্য সম্পাদনৰ ভেটিঃ ব্যৱসায়ৰ পৰিকল্পনা প্রস্তুতকৰণ , সিদ্ধান্ত গ্রহণ , অধীনস্থলৈ আদেশ নির্দেশ জাৰিকৰণ আদিত পাৰস্পৰিক সংবাদ আদান প্রদানেৰে পৰিচালনা আৰু সংগঠনৰ সামগ্ৰিক দিশৰ কার্য সম্পাদনত জ্ঞাতকৰণেৰে সহযােগিতা আৰু সমন্বয় সাধন কৰা হয় । 

( খ ) সমন্বয় সহায়কঃ জ্ঞাতকৰণে সমন্বয় সাধনত সহায় কৰে । সংগঠনত সকলাে স্তৰৰ ব্যক্তিৰ মাজত সংবাদ আদিৰ আদান প্রদানৰ দ্বাৰা সমন্বয় সাধন কৰি উদ্দেশ্য সিদ্ধিত সহায় লাভ কৰা হয় । 

( গ ) পৰিচালনা দক্ষতা বৃদ্ধিত সহায়ক পৰিচালনাৰ দক্ষতা বৃদ্ধিত জ্ঞাতকৰণৰ প্ৰভূত গুৰুত্ব পৰিলক্ষিত হয় । সংগঠনৰ সদস্যসকলক উদ্দেশ্য আৰু আকাংখা জ্ঞাত কৰা , আদেশ নির্দেশ জাৰি কৰাৰ জৰিয়তে কাম আবন্টন কৰা আৰু দায়িত্ব আৰোপ কৰা তথা তেওঁলােকৰ কার্য সম্পাদন মূল্যায়ন কৰা আদিৰে পৰিচালনাৰ দক্ষতা বৃদ্ধি কৰাত জ্ঞাতকৰণ এক আহিলা হৈ পৰে । 

( ঘ ) নেতৃত্বৰ অনুশীলনত সহায়ক :- সংগঠনত নেতৃত্ব অর্থাৎ অধীনস্থ সকললৈ পৰিচালকৰ উদ্দেশ্য , নীতি , পদ্ধতি আদি জ্ঞাত কৰাৰ উপৰি আৱশ্যকীয় কার্যাদেশ , উপদেশ , দিহাপৰামর্শ আদি কার্য সম্পাদন কৰােৱাত জ্ঞাতকৰণৰ সহায় অনস্বীকার্য । সেইদৰে অধীনস্থ সকলৰ সমস্যা অভিযােগ আদি নেতৃত্বক অবগত আৰু তাৰ দ্বাৰা পৰিচালক কার্য সম্পাদনত ফলপ্রসুব্যৱস্থা গ্ৰহণ কৰাৰ সুবিধা দিয়াত জ্ঞাতকৰণৰ গুৰুত্ব প্রতিফলিত হয় । 

( ঙ ) অনুপ্ৰেৰণা আৰু নৈতিক অবস্থা প্ৰৱর্তনঃ জ্ঞাত কৰণৰ যােগেদি পৰিচালকে অধীনস্থ আচৰণ সংশােধন কৰে আৰু তেওঁলােকৰ কাম – কাজলৈ পৰিৱৰ্তন কঢ়িয়াই আনে । অনুপ্ৰেৰণা আৰু নৈতিক অৱস্থাৰ উন্নয়ন , কর্মচাৰীৰ নিজ গুণ আৰু ইয়াৰ উন্নয়নে সাংগঠনিক উদ্দেশ্যত উপনীত হওতে সহায় কৰে । 

৬১ । সকলাে পৰিচালকেই নেতা কিন্তু সকলো নেতা পৰিচালক নহবও পাৰে ’ — তুমি এই বাক্যশাৰীৰ সৈতে একমত হয়নে ? তােমাৰ উত্তৰৰ সপক্ষে যুক্তি দর্শোৱা । 

উত্তৰঃ হয় । সকলাে পৰিচালকেই নেতা কিন্তু সকলাে নেতাই পৰিচালক নহয় । অর্থাৎ কোনাে এজন মানুহ বা ব্যক্তি নেতা হলেই তেওঁ পৰিচালক নহবও পাৰে । উদাহৰণস্বৰূপে এটা শ্রমিক সংঘৰ নেতাই এজন পৰিচালক নহ’বও পাৰে । পৰিচালক কাম – কাজ এজন নেতাৰ তুলনাত বহুত বেছি । গতিকে পৰিচালনাক নেতৃত্বৰ পৰা তলত উল্লেখ কৰা ধৰণে পৃথক কৰিব পাৰি–

( ক ) পৰিচালনা এক বৃহৎ বা ডাঙৰ ধাৰণা নেতৃত্ব ইয়াৰে এটা অংশহে । 

( খ ) এজন পৰিচালকে পৰিকল্পনা প্রস্তুতকৰণৰ পৰা আৰম্ভ কৰি , কর্মচাৰী নিয়ােগ , নির্দেশকৰণ , নিয়ন্ত্রণ ইত্যাদি সকলােবিলাক কাম–কাজে কৰিব লাগে । কিন্তু নেতা এজনে অকল তেওঁৰ তলৰ কৰ্মচাৰীসকলে কাম – কাজ বিলাক ঠিকমতে কৰিছে নে নাই তাক পৰীক্ষা কৰা । 

ওপৰৰ আলােচনাৰ পৰা আমি ক’ব পাৰাে যে সকলাে পৰিচালকে এজন ভাল নেতা হ’ব পাৰে , কিন্তু সকলো নেতাই এজন ভাল পৰিচালক নহ’বও পাৰে । 

৬২। জ্ঞাতকৰণৰ ভাল প্রণালী এটাই মৌখিক আৰু লিখিত এই দুইধৰণৰ সংবাদ ব্যৱহাৰ কৰে — বুজাই লিখা । 

উত্তৰঃ জ্ঞাতকৰণ প্ৰণালী এটাই লিখিত আৰু মৌখিক দুয়াে ধৰণৰ সংবাদ ব্যৱহাৰ কৰে । আনুষ্ঠানিক যােগাযােগৰ অন্য এটা প্রধান ৰূপ হৈছে লিখিত যােগাযােগ , য’ত বার্তা প্ৰেৰক জনে বার্তা প্রাপক জনৰ লগত লিখিতভাবে প্রত্যক্ষ সম্পর্ক সৃষ্টি কৰিব পাৰে । ইণ্টাৰনেট , চিঠি , প্ৰচাৰপ্ৰত্র প্রতিবেদন , চুক্তিপত্র ইত্যাদি লিখিত যােগাযােগৰ অন্তৰ্গত । এই পদ্ধতিত ব্যয় কম হয় যদিহে বার্তা প্ৰেৰক আৰু প্ৰাপক দুয়ােজনৰ মাজত দূৰত্ব যথেষ্ঠ বেছি হয় । সাধাৰণতে এই ধৰণৰ পদ্ধতি স্পষ্ট আৰু সম্পূর্ণ । 

এজন ব্যক্তিয়ে আন এজন ব্যক্তিৰ আগত নিজ মুখেৰে ভাবার্থ প্রকাশ কৰা কাৰ্য্যক মৌখিক যােগাযােগ বােলে । কেতিয়াবা মৌখিক যােগাযােগ বৰ ফলপ্রসু হয় । কাৰণ বার্তা প্ৰেৰকজনে বার্তা প্রেৰণৰ সময়ত তেওঁ নিজৰ ব্যক্তিত্বৰ দ্বাৰাও বার্তা প্রাপকজনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে । এই পদ্ধতিত সময় আৰু ধন যথেষ্ঠ পৰিমাণে ৰাহি হয় আৰু ই বেছি ফলপ্রসু হয় । সাধাৰণতে প্ৰতিষ্ঠানৰ সভা – সমিতি , বিষয়াসকলৰ ভাষণ ইত্যাদি মৌখিক যােগাযােগৰ প্ৰণালী । 

গতিকে ওপৰৰ আলােচনাৰ পৰা আমি ক’ব পাৰাে যে জ্ঞাতকৰনৰ ভাল প্রণালী এটাই লিখিত আৰু মৌখিক দুয়ােধৰণৰ সংবাদ ব্যৱহাৰ কৰে । 

৬৩। ‘মানুহক কেৱল তেওঁলােকৰ আশা – আকাংক্ষা পূৰণৰ দ্বাৰা অনুপ্রাণিত কৰিব পাৰি ’ —মন্তব্য দিয়া । 

উত্তৰঃ মাছলৰ ‘ক্রমবর্ধমান অনুপ্ৰেৰণা তত্ব’ মতে মানুহৰ অনুপ্ৰেৰণাৰ বাবে দৰকাৰী কাৰকবােৰ তলত চমুকৈ আলােচনা কৰা হ’ল – 

( ক ) শাৰীৰিক প্রয়ােজনীয়তাঃ প্রত্যেকজন ব্যক্তিক জীয়াই থাকিবৰ বাবে কিছুমান বস্তুৰ প্রয়ােজনীয়তাৰ ওপৰত অধিক গুৰুত্ব দিব লাগে যেনে — খাবলৈ আহাৰ , পিন্ধিবলৈ কাপােৰ , থাকিবলৈ ঘৰ ইত্যাদি । 

( খ ) নিৰাপত্তামূলক প্রয়ােজনীয়তাঃ মানুহৰ শাৰীৰিক প্রয়ােজনীয়তাখিনি পূৰণ হােৱাৰ পিছতে ভৱিষ্যতে হ’ব পৰা কিছুমান বিপদ যেনে — চুৰি , ডকাইতি , জুই , দুর্ঘটনা ইত্যাদিৰ কাৰণে নিৰাপত্তাৰ প্ৰয়ােজন হয় । 

( গ ) সামাজিক প্রয়ােজনীয়তা :- নিৰাপত্তামূলক প্রয়ােজনীয়তা পূৰণৰ পিছত মানুহে সামাজিক প্রয়ােজনীয়তাবােৰ যেনে সামাজিক স্বীকৃতি , সামাজিক আত্মীয়তা আদি পূৰণ কৰিব বিচাৰে । 

( ঘ ) মৰম – দয়াৰ প্ৰয়ােজনীয়তা :- মানুহ সামাজিক প্রাণী । সেইবাবে সমাজত বাস কৰিবৰ বাবে প্রতিজনৰে মৰম – স্নেহ , দয়া – সহানুভূতি , বুজাবুজিৰ মনােভাব থাকিব লাগিব । 

( ঙ ) আত্ম – প্রতিষ্ঠাৰ প্ৰয়ােজনীয়তাঃ প্রতিজন ব্যক্তিয়ে নিজৰ কাম – কাজৰ যােগেদি সমাজত আত্মবিকাশ কৰি সামাজিক স্থিতি দৃঢ় কৰিব বিচাৰে ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top