Class 12 Business Chapter 5 সংগঠনকৰণ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 12 Business Chapter 5 সংগঠনকৰণ and select needs one.
Class 12 Business Chapter 5 সংগঠনকৰণ
Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given Assam Board Class 12 Business Chapter 5 সংগঠনকৰণ Solutions for All Subject, You can practice these here.
সংগঠনকৰণ
Chapter : 5
প্ৰথম খণ্ড
অতি চমু উত্তৰ দিয়াঃ ( মূল্যাংকঃ ১ )
( ক ) অতি চমু উত্তৰ দিয়া ( মূল্যাংকঃ ১ )
১ । সংগঠনকৰণৰ কোনটো পদ্ধতিৰ ভিতৰত কাম – কাজৰ শ্ৰেণীবদ্ধকৰণ কৰা হয় ?
উত্তৰঃ কাৰ্যকৰী সংগঠন ।
২। ইয়াক তলতীয়া কৰ্মচাৰীক অর্পণ কৰিব পাৰি ? ই কি ?
উত্তৰঃ কর্তৃত্ব ।
৩। সংগঠনৰ কোনটো গাঁঠনিত উৰাবাতৰি বিয়পাৰ সুযােগ থাকে ?
উত্তৰঃ অনানুষ্ঠানিক সংগঠন ।
8। সফল কর্তৃত্ব অর্পণৰ বাবে , দায়িত্বৰ লগত কি থাকিব লাগে ?
উত্তৰঃ কর্তৃত্ব ।
৫। এটা বাণিজ্যিক প্রতিষ্ঠানে সৌন্দৰ্য্য বর্ধক , তৈয়াৰী কাপােৰ , চাবােন আৰু বিস্কুট বনায় । এনে এটা প্রতিষ্ঠানত সংগঠনকৰণৰ কোনটো গাঁঠনি উপযুক্ত হ’ব ?
উত্তৰঃ বিভাগীয় গাঁঠনি ।
৬। এজন মানুহৰ দায়িত্ব , কর্তৃত্বতকৈ বেছি হ’লে , তেওঁৰ কাম – কাজত ইয়াৰ কেনেকুৱা প্ৰভাৱ পৰিব ?
উত্তৰঃ তেওঁৰ কাম–কাজবােৰ সঠিকভাৱে কৰাত বাধা আহি পৰিব ।
৭। এনেকুৱা এটা সংগঠনৰ নাম লিখা যত কৰ্মচাৰীসকলৰ মাজত এটা বন্ধুত্ব সুলভ পৰিবেশ থাকে ?
উত্তৰঃ অনানুষ্ঠানিক সংগঠন ।
৮ । কোনটোৰ মাত্রা বেছি , বিকেন্দ্রীকৰণ নেতৃত্ব প্রদান ?
উত্তৰঃ বিকেন্দ্রীকৰণৰ ।
৯। কোনটো সংজ্ঞাই কয় , কর্মচাৰীসকলক সফলভাৱে পৰিচালনা কৰিব পাৰে এজন উপৰােক্ত বিষয়াই ’ ?
উত্তৰঃ নিয়ন্ত্ৰণৰ পৰিসৰ ।
১০। কর্তৃত্ব প্রদান কৰিব পাৰি , কিন্তু কি নােৱাৰি ?
উত্তৰঃ দ্বায়িত্ব ।
১১। এজন তলতীয়া কৰ্মচাৰীয়ে কাৰ পৰা আদেশ গ্রহণ কৰিব লাগে ?
উত্তৰঃ শীর্ষ বিষয়াৰ পৰা ।
১২। কর্তৃত্ব ওপৰৰ পৰা তললৈ কাৰ পৰা কালৈ বয় ?
উত্তৰঃ শীর্ষ বিষয়াৰ পৰা তলতীয়া কৰ্মচাৰীলৈয়ে বয় ।
১৩। কোনে ধৰণৰ অনুষ্ঠানত নীতি , কার্যপদ্ধতি আদি পালন কৰা হয় ?
উত্তৰঃ আনুষ্ঠানিক সংগঠন ।
১৪। সফল পৰিচালনা কতৃত্ব অর্পণৰ দ্বাৰা সম্ভব ’ — কিয় ?
উত্তৰঃ কর্তৃত্ব অর্পণে পৰিচালনা সূচাৰুৰূপে পালন কৰাত সহায় কৰে বাবে ।
১৫। পৰিচালনাৰ প্ৰসাৰ কি ?
উত্তৰঃ পৰিচালনাৰ প্ৰসাৰ হ’ল ইয়াৰ সমূহ অংগবিলাকৰ সমষ্টি ।
১৬। কেনে অনুষ্ঠানত সদস্যসকলৰ মাজত বন্ধুত্বপূর্ণ সম্বন্ধ সম্ভব হয় ?
উত্তৰঃ আনুষ্ঠানিক সংগঠনত ।
১৭৷ কাৰ প্ৰসাৰ বেছি বিকেন্দ্রীকৰণ নেতৃত্ব অর্পণ ?
উত্তৰঃ বিকেন্দ্রীকৰণৰ ।
১৮। কার্যকৰী সংগঠন এটাৰ ভেটী কি ?
উত্তৰঃ ইয়াৰ ভেটী হ’ল লক্ষ্য , নীতি , কার্যপদ্ধতি আদি ।
( খ ) চমু উত্তৰ দিয়া ( মূল্যাংকঃ ১/৩ )
১৯। সংগঠন কি ?
উত্তৰঃ ব্যৱসায়ৰ উদ্দেশ্যত উপনীত হ’বলৈ কৰণীয় কার্যৰ বিশ্লেষণমূলক চিনাক্তকৰণ , কার্য বিভাগীকৰণ , কর্তৃত্ব আৰু দায়িত্ব স্থিৰকৰণেৰে দায়িত্ব আৰােপ কৰাৰ সামগ্রিক প্রক্রিয়াৰে সংগঠনকৰণ বােলা হয় ।
২০। সংগঠনৰ গাঁঠনি বুলিলে কি বুজা ?
উত্তৰঃ ব্যৱসায় প্রতিষ্ঠানত বিভিন্ন অংশ অথবা উপাদানৰ মাজত অন্ত:সম্পর্ক স্থাপন আৰু আন্ত সংযােজন সাধনৰ উপায় হৈছে সংগঠনৰ গঠন । ইয়াক সংগঠনৰ আৰ্হি বা নক্সাও বােলা হয় ।
২১। আনুষ্ঠানিক সংগঠন কি ?
উত্তৰঃ আনুষ্ঠানিক সংগঠন হৈছে প্রতিষ্ঠানৰ উদ্দেশ্যত উপনীত হ’বলৈ পৰিচালনাই সজ্ঞানে কর্মীসকলৰ প্ৰতিজনলৈ পালন কৰিব লগা দায়িত্ব আৰােপ কৰাৰ জৰিয়তে গঠন কৰা এক সংগঠন । আনুষ্ঠানিক সংগঠন চাৰিটা উপাদানৰ ওপৰত প্রতিষ্ঠিত । যেনে—
( ক ) শ্রম বিভাজন ।
( খ ) স্তৰানুক্রমিক আৰু কাৰ্যকৰণ পদ্ধতি ।
( গ ) গঠন । আৰু
( ঘ ) নিয়ন্ত্ৰণৰ শিকলি ।
২২। অনানুষ্ঠানিক সংগঠন কি ?
উত্তৰঃ অনানুষ্ঠানিক সংগঠন হৈছে সংগঠনত কৰ্মৰত লােকৰ মাজত কিছুমান দিশত সাদৃশ্যৰ ভিত্তিত গঢ়ি উঠা এক স্বাভাৱিক দলীয় সম্পর্ক । এই সংগঠন কোনাে পদ্ধতি বা নীতি – নিয়মৰ ভিত্তিত গঢ়ি উঠাৰ পৰিৱর্তে ব্যক্তিগত মনােভংগী , ভালপােৱা , পক্ষপাতিত্ব আদিৰ ভিত্তিত গঢ়ি উঠে ।
২৩। কর্তৃত্বৰ বিকেন্দ্রীকৰণ কি ?
উত্তৰঃ কর্তৃত্বৰ বিকেন্দ্রীকৰণ হৈছে প্রতিষ্ঠিানৰ উচ্চ পৰিচালনাৰ এক দর্শন , যাৰ অধীনত পৰিচালনাৰ বাবে সর্বাধিক কর্তৃত্ব মধ্যম পর্যায়ৰ পৰিচালকসকললৈ আৰু বিশেষকৈ নিম্ন পর্যায়লৈ বিস্তাৰন ঘটোৱা হয় ।
কর্তৃত্বৰ বিকেন্দ্রীৰণে পৰিচালনাৰ নিম্নস্তৰলৈকে সিদ্ধান্তগ্রহণ ক্ষমতাৰ বিস্তাৰ ঘটায় । শীর্ষত এজন বিষয়াৰ হাতত সিদ্ধান্ত গ্রহণ আৰু নীতি গ্রহণৰ ব্যৱস্থা নাৰাখি বিভিন্ন পর্যায়ৰ ব্যক্তি বা বিষয়ালৈ ঠেলি দিয়াই হৈছে বিকেন্দ্রীকৰণ ।
২৪। সংগঠনকৰণ এটা কাৰ্য্য প্রণালী হিচাপে সংজ্ঞা দিয়া আৰু বুজাই লিখা ।
উত্তৰঃ ব্যৱসায়ৰ উদ্দেশ্যত উপনীত হ’বলৈ কৰণীয় কার্যৰ বিশ্লেষণমূলক চিনাক্তকৰণ , কার্যৰ বিভাগীকৰণ , কর্তৃত্ব আৰু দায়িত্ব স্থিৰকৰণেৰে দায়িত্ব আৰােপ কৰাৰ সামগ্রিক প্রক্রিয়াকে সংগঠনকৰণ বােলা হয় ।
২৫। সংগঠন যে এটা গাঁঠনি বুজাই লিখা ।
উত্তৰঃ ব্যৱসায় প্রতিষ্ঠানত বিভিন্ন অংশ অথবা উপাদানৰ মাজত আন্তঃসম্পর্ক স্থাপন আৰু আন্ত সংযােজন সাধনৰ উপায় হৈছে সংগঠনৰ গঠন । ইয়াক সংগঠনৰ আৰ্হি বা নক্সাও বােলা হয় ।
২৬। সংগঠন এটা দলীয় কার্য হিচাপে বুজাই লিখা ।
উত্তৰঃ সংগঠন এটা দলীয় কাৰ্য্য কাৰণ প্ৰতিষ্ঠানৰ বিভিন্ন স্তৰত থকা পদবী আৰু কামৰ মাজত আনুষ্ঠানিক সম্পর্ক থাকে । ব্যক্তিগত দলবিলাকে সৰু বৰ নির্বিশেষে তেওঁলােকৰ মাজত ঘনিষ্ঠ সম্পর্ক গঢ়ি উঠাত গুৰুত্ব দিয়ে । ব্যৱসায়ৰ সমূহীয়া লক্ষ্য সাধাৰণ বাবে ব্যক্তিগত প্রচেষ্টা বিলাকক সংহতি আৰু সমন্বয়ৰ যােগেদি একত্রিত কৰা হয় ।
২৭। কর্তৃত্বৰ কেন্দ্ৰীকৰণ কি ?
উত্তৰঃ সংগঠন এটাৰ সিদ্ধান্ত লােৱাৰ কতৃত্ব যেতিয়া ব্যৱস্থাপনাৰ উচ্চস্তৰত যােৱা হয় । তেতিয়া তাক কেন্দ্রীকৰণ বুলি কোৱা হয় । সম্পূর্ণ কেন্দ্রীকৰণে পৰিচালনাত ক্ষমতাৰ গুৰুত্ব অনুসৰি লােক – বিন্যাসৰ শীর্ষস্তৰত সকলাে সিদ্ধান্ত গ্রহণ কাৰ্য্য ঘনীভূত হােৱাটোকে সূচায় ।
২৮। সংগঠনৰ তিনিটা বৈশিষ্ট্যৰ বিষয়ে লিখা ।
উত্তৰঃ সংগঠনৰ উল্লেখযােগ্য বৈশিষ্ট্যবােৰ হ’ল—
( ক ) শ্রম বিভাজন :- সকলাে সংগঠনৰ এক সমূহীয়া বৈশিষ্ট্য হৈছে শ্রম বিভাজন । যিকোনাে সংগঠনৰ উদ্দেশ্য সিদ্ধিৰ বাবে সাধাৰণ উদ্দেশ্যক সুবিধাজনক কিছুমান ভাগত ভগাই লােৱ হয় আৰু এজন ব্যক্তিয়ে বা একেবােৰ ব্যক্তিয়ে সকলাে কাম কৰিব নােৱাৰা বাবে সামগ্রিক কামক বিশেষীকৰণৰ ভিত্তিত ভগাই লােৱা হয় ।
( খ ) সমন্বয় :- সাধাৰণ উদ্দেশ্যত উপনীত হ’বলৈ সামগ্রিক কামক ভাগ বিভাগ কৰাৰ পিছত সেইবােৰৰ মাজত সম্পর্ক ৰক্ষা কৰা বা সংহতি সাধন কৰাৰ আৱশ্যক হয় । এই সংহতি স্থাপনেই হৈছে সমন্বয় সাধন । ইয়াৰ জৰিয়তে বিভিন্ন বিভাগক মিলিত কৰা হয় ।
( গ ) উদ্দেশ্য সিদ্ধি :- উদ্দেশ্যহীন সংগঠনৰ গঠন অর্থহীন । সেয়ে কার্যতঃ সংগঠন গঠনৰ লক্ষ্য উদ্দেশ্য স্থিৰ কৰা আৰু উদ্দেশ্য সিদ্ধিৰ উপায় অৱলম্বন কৰা ।
( ঘ ) কর্তৃত্ব আৰু দায়িত্বৰ গঠনঃ সংগঠনৰ গঠনে স্তৰভেদে আৰু কর্তৃত্ব আৰু দায়িত্বৰ স্পষ্টীকৰনেৰে বিভিন্ন অৱস্থানৰ কৰ্মীৰ অৱস্থিতি প্রকাশ কৰে । এই স্থান আৰু কতৃত্ব প্রদান অবিহনে নির্দিষ্ট কিছুমান কর্ম সম্পাদন কৰা কঠিন বাবে সেইবােৰ স্পষ্ট কৰা হয় ।
২৯। আনুষ্ঠানিক সংগঠনৰ তিনিটা বৈশিষ্ট্যৰ বিষয়ে লিখা ।
উত্তৰঃ আনুষ্ঠানিক সংগঠনৰ বৈশিষ্ট্যসমূহ হ’ল—
( ক ) এই সংগঠন শীর্ষ পৰিচালনাৰ দ্বাৰা নিৰ্মাণ কৰা হয় ।
( খ ) এই সংগঠন শ্রম বিভাজন আৰু কার্য সম্পাদনৰ পাৰদৰ্শিতাৰ নীতিৰ ওপৰত প্রতিষ্ঠিত ।
( গ ) এই সংগঠনে কার্য সম্পাদন কৰা ব্যক্তিৰ পৰিৱর্তে কার্য সম্পাদনৰ ওপৰতহে অধিক কেন্দ্রীভূত হয় ।
( ঘ ) ইয়াত কার্যধাৰকৰ কর্তৃত্ব আৰু দায়িত্বৰ প্রতি প্রত্যেকে আসক্ত হ’ব লাগে ।
( ঙ ) পদ্ধতি , কার্যক্রম , নিয়মাৱলী আদিৰ জৰিয়তে সভ্যসকলৰ মাজত সমন্বয় আৰু তেওঁলােকৰ নিয়ন্ত্রণ সুনির্দিষ্ট হয় ।
৩০। কাৰ্যকৰী সংগঠনৰ তিনিটা বৈশিষ্ট্য বুজাই লিখা ।
উত্তৰঃ কাৰ্যকৰী গাঁঠনিৰ বৈশিষ্ট্যসমূহ হ’ল—
( ক ) ই হ’ল এটা সাংগঠনিক আৰ্হি যত একে ধৰণৰ কামবােৰ একেলগে কৰি একো একোটা গােটৰ সৃষ্টি কৰা হয় ।
( খ ) ইয়াত নির্দিষ্ট কাৰ্য্যৰ ওপৰত গুৰুত্ব প্রদান কৰা হয় ।
( গ ) এই ধৰণৰ গাঠনিয়ে বৃত্তিগত বিশেষীকৰণৰ সৃষ্টি কৰে ।
৩১। কাৰ্য্যকৰী সংগঠনৰ তিনিটা অসুবিধা বর্ণনা কৰা ।
উত্তৰঃ কাৰ্যকৰী সংগঠনৰ তিনিটা অসুবিধা হল—
( ক ) এই গাঁঠনিত যিহেতু এজন কর্মচাৰীক এটা বিশেষ অংশৰ দায়িত্ব দিয়া হয় , সেইবাবে তেওঁ সেই অংশত পাৰ্গত হয় আৰু সেইবাবে তেওঁ অন্য এটা কাৰ্য্যত বা দায়িত্বত পাৰ্গত নহয় ।
( খ ) প্রতিটো কামক সৰু সৰু অংশত বিভক্ত কৰা হয় বাবে প্রতিষ্ঠানটোৰ ব্যয়ৰ মাত্রা বৃদ্ধি পায় ।
( গ ) হঠাতে উৎপাদন প্রক্রিয়া বা বজাৰকৰণ প্রক্রিয়াৰ বিশেষ পৰিবর্তন হ’লে তেতিয়া এনে পৰিবৰ্তনবিলাক সহজে কাৰ্যকৰীকৰণ সম্ভৱ নহয় ।
৩২। কর্তৃত্ত্ব আৰু দায়িত্বৰ মাজত তিনিটা বিভেদৰ বিষয়ে লিখা ।
উত্তৰঃ কর্তৃত্ত্ব আৰু দায়িত্বৰ মাজত তিনিটা বিভেদ হ’ল—
( ক ) কর্তৃত্ব পৰিচালনীয় অৱস্থানতহে থাকে , ব্যক্তিগত সামর্থ্যত নাথাকে ।
( খ ) পৰিচালকৰ আদেশ জাৰিকৰণৰ অধিকাৰ বৈধ । অর্থাৎ এই অধিকাৰ সামাজিক আৰু নৈতিকভাবে গ্রহণযােগ্য হয় ।
( গ ) কর্তৃত্বই পৰিচালকক সিদ্ধান্ত গ্রহণৰ অধিকাৰ প্ৰদান কৰে । অর্থাৎ সিদ্ধান্ত গ্রহণৰ জৰিয়তে কর্তৃত্বৰ অনুশীলন ঘটে ।
৩৩। কর্তৃত্ব অর্পণ আৰু বিকেন্দ্রীকৰণৰ মাজত তলত দিয়া ধৰণে পার্থক্য দেখুওৱা ।
( ক ) কাম কৰা স্বাধীনতা ।
( খ ) প্ৰকাৰ ।
( গ ) উদ্দেশ্য ।

( গ ) চমু উত্তৰ দিয়া ( মূল্যাংক : ২/৪ )
৩৪। আনুষ্ঠানিক আৰু অনানুষ্ঠানিক সংগঠনৰ মাজত চাৰিটা পার্থক্যৰ বিষয়ে লিখা ।

৩৫। আধুনিক ব্যবসায়ত সংগঠনকৰণৰ আৱশ্যকতা চমুকৈ আলােচনা কৰা ।
উত্তৰঃ সংগঠনৰ গুৰুত্বসমূহ তলত ব্যাখ্যা কৰা হলঃ–
( ক ) বিশেষীকৰণৰ সুবিধাঃ কর্ম বিভাজনে বিভিন্ন বিভাগ বা বিশেষ দিশত কামৰ বিভাজন ঘটোৱাত সেইবােৰৰ কাম – কাজৰ অনুশীলনত বিশেষীকৰণৰ সৃষ্টি হয় । এই বিশেষীকৰণে সাংগঠনিক কার্যত শ্ৰমিকৰ পাৰদৰ্শিতা বৃদ্ধি কৰে ।
( খ ) নতুন প্রযুক্তিৰ প্ৰকাম্য ব্যৱহাৰত সহায়ক :- নতুন আৰু পৰিৱৰ্ত্তিত পৰিস্থিতিত উদ্ভাৱন হােৱা নতুন প্রযুক্তিৰ সফল অৱলম্বনেৰে পৰিচালনাই প্রতিযােগিতাত অৱতীৰ্ণ হােৱাৰ সামর্থ্য লাভ কৰে । ফলত সংগঠনত নতুন প্রযুক্তিৰ প্ৰকাম্য ব্যৱহাৰত সহায় লাভ হয় ।
( গ ) অবিৰত কার্য সম্পাদনৰ সুবিধাঃ সংগঠানৰ নমনীয়তাৰ নীতিৰে ভৱিষ্যতৰ পৰিৱৰ্তিত অৱস্থাত সাংগঠনিক সংযােজনৰ সুবিধা প্রদান কৰাৰ বিপৰীতে কর্ম বিভাজন আৰু যােগ্যলােকৰ ওপৰত বিভাগীয় কামৰ দায়িত্ব আৰােপকৰণে কার্য সম্পাদন অবিৰত কৰে ।
( ঘ ) কর্তৃত্ব আৰু দায়িত্বৰ সম্পৰ্কৰ স্পষ্টতা :- সংগঠনৰ গঠনত পৰিচালক আৰু অধীনস্থৰ কর্তৃত্ব আৰু দায়িত্বৰ সম্পৰ্কৰ স্পষ্টতাই কাম – কাজৰ সুস্থসম্পাদনৰ সুবিধা আগবঢ়ায় লগতে , প্রত্যেক অৱস্থানৰ ব্যক্তিৰ মাজত উন্নত মানৱীয় সম্পর্কৰ প্রবর্তন কৰে । ফলত সংগঠনত কর্মস্পৃহা বৃদ্ধি পায় ।
৩৬। সফল কর্তৃত্ব প্রদানৰ চাৰিটা বাধাৰ বিষয়ে লিখা ।
উত্তৰঃ প্রতিনিধিত্বৰ প্রতিবন্ধকতাসমূহ হ’ল–
( i ) জ্যেষ্ঠসকলৰ দৃষ্টিকোণৰ পৰা :- বিভিন্ন কাৰণত জ্যেষ্ঠবিষয়াসকল কর্তৃত্ব প্রতিনিধিত্বৰ প্ৰতি অনিচ্ছুক হয় । যেনে—
( ক ) আত্মাভিমানৰ বশবর্তিতা :- বহু ক্ষেত্ৰত জ্যেষ্ঠ বিষয়াই আত্মাভিমানৰ বশৱৰ্তিতাৰে নিজে উন্নত কাম কৰাৰ দাবী কৰি আনক অপাৰগ বুলি ভাবিবলৈ লয় । এনে ধৰণৰ আত্মাভিমানী বিষয়াই কর্তৃত্বৰ আৱশ্যকীয় প্রতিনিধিত্ব কৰাৰ পৰা বিৰত থাকি সংগঠন কার্য সম্পাদন ক্ষতিগ্রস্ত কৰে ।
( খ ) স্বেচ্ছাচাৰিতাৰ মনােভাৱঃ ই ইছে প্রতিনিধিত্বকৰণৰ অন্য এক প্রতিবন্ধক । বিশেষ বিষয়াই জেষ্ঠ্যৰ ক্ষমতাৰ লােভত কর্তৃত্ব নিজৰ হাতত ৰাখিবলৈ ইয়াৰ প্রতিনিধিত্ব নকৰি সংগঠনৰ কার্য সম্পাদন লেহেমীয়া কৰে ।
( গ ) আদেশ জাৰি আৰু পৰিচালনাৰ সামৰ্থ্যৰ অভাৱঃ জ্যেষ্ঠ বিষয়াৰ ইয়াৰ বাবেও কর্তৃত্ব প্রতিনিধিত্বকৰণৰ প্রতি অনিহা প্রদর্শন কৰা দেখা যায় ।
( ঘ ) অধীনস্থসকলৰ ওপৰত বিশ্বাস স্থাপনৰ অভাৱঃ ইয়াৰ ফলত কর্তৃত্ব প্রতিনিধিকৰণক আওকান কৰা হয় ।
৩৭। কর্তৃত্ব প্রদান আৰু বিকেন্দ্রীকৰণৰ মাজৰ চাৰিটা পার্থক্য চমুকৈ আলােচনা কৰা ।

৩৮। কর্তৃত্ব প্রদানৰ চাৰিটা আৱশ্যকতা ব্যাখ্যা কৰা ।
উত্তৰঃ গুৰুত্বঃ ( ক ) শীষকাৰ্যবাহীলৈ সকাহঃ সংগঠনৰ শীর্ষ কাৰ্যবাহীয়ে প্রত্যেকটো কার্যই নিজে সম্পাদন কৰিব নােৱাৰে । কিয়নাে কাৰ্যবাহীসকলে পৰিকল্পনাকৰণ , সমন্বয় সাধন , নিয়ন্ত্রণ সাধন আদি পৰিচালনীয় কার্যত ওতঃপ্রােতভাবে জড়িত হ’ব লগাত পৰে । এনে পৰিস্থিতিত অধীনস্থসকললৈ কর্তৃত্ব প্রতিনিধিত্ব কৰি কাৰ্যবাহীসকলে সকাহ লাভ কৰে ।
( খ ) সংগঠনৰ ভেটি :- সাংগঠনিক গঠন পদ্ধতিত কর্তৃত্ব প্রতিনিধিত্ব কৰণ হৈছে এক গুৰুত্বপূর্ণ পর্যায় । অর্থাৎ প্রতিষ্ঠানৰ সকলাে পর্যায়ৰ কার্য সম্পাদনৰ অৰ্থে গঠন কৰা সংগঠনৰ প্ৰধান ভেটি হৈছে জ্যেষ্ঠ পৰিচালক নাইবা কার্যবাহীসকলৰ কর্তৃত্ব অধীনস্থলে প্রতিনিধিত্ব কৰাৰ জৰিয়তে কার্য সম্পাদনৰ সুচলতা নিশ্চিত কৰা ।
( গ ) বিশেষজ্ঞৰ ব্যৱহাৰঃ কতৃত্ব প্রতিনিধিত্বকৰণে বিশেষ জ্ঞান আৰু অভিজ্ঞতাৰ ব্যক্তিৰ ওপৰত দায়িত্ব অর্পণ হৈছে অন্য এক সুবিধা । এনে কাৰ্যই সংগঠনৰ কামৰ মান উন্নত কৰে ।
( ঘ ) সম্প্ৰসাৰণ আৰু ভিন্নমুখীকৰণ সুবিধা :- ব্যৱসায়ৰ সম্প্ৰসাৰণ আৰু কাম – কাজৰ ভিন্নমুখীকৰণৰ সুবিধাৰ ফলত জ্যেষ্ঠসকলে একোটা কাম অধীনস্থৰ দায়িত্ব অর্পণ কৰি নতুন নতুন দিশত অগ্ৰসৰ হােৱা আৰু তাৰ দ্বাৰা ব্যৱসায়ৰ সম্প্ৰসাৰণ ঘটোৱাৰ সুবিধা লাভ কৰে বাবে কর্তৃত্ব প্রতিনিধিত্বকৰণৰ গুৰুত্ব পৰিলক্ষিত হয় ।
( ঙ ) অধীনস্থসকলৰ উন্নয়ন সাধন :- কর্তৃত্ব প্রতিনিধিত্বকৰণে অধীনস্থ সকলৰ কৰ্তব্য , দায়িত্ব , পাৰদৰ্শিতা বৃদ্ধি কৰাত সহায় কৰে । তেওঁলােকৈ অর্পণ কৰা কর্তৃত্বৰ ফলতে সিদ্ধান্ত গ্রহণ আৰু আদেশ জাৰি কৰাৰ ক্ষমতা লাভ হয় । ফলত অধীনস্থসকলৰ সাংগঠনিক কার্যত নিজৰ উন্নয়ন সাধনৰ সুযােগ আনে ।
৩৯। কার্যকৰী আৰু বিভাগীয় গাঁঠনিৰ মাজত তলত দিয়া ধৰণেৰে পাৰ্থক্য দেখুওৱাঃ
( a ) গঠন ।
( b ) পৰিচালনাৰ ক্ৰমােন্নতি ।
( C ) দায়িত্ব ।
( d ) উপযুক্ততা ।

৪০। ‘কর্তৃত্ব প্রদান কৰিব পাৰি , কিন্তু দায়িত্ব নােৱাৰি ’ – এই বাক্যশাৰী বহলাই লিখা ।
উত্তৰঃ কর্তৃত্ব হৈছে পৰিচলনীয় কোনাে অৱস্থানত অৰ্পণ কৰা এক অধিকাৰ যিয়ে সেই অৱস্থাৰ পৰিচালকক আধানস্থলৈ আদেশ নির্দেশ জাৰি কৰাৰ সামর্থ কৰে । কিন্তু দায়িত্ব হৈছে । জৈষ্ঠ্যৰ প্ৰতি অধীনস্থই পালন কৰা কর্তব্য বা বাধ্যতা , যত জৈষ্ঠ্যৰ পৰা অর্পিত কাৰ্য্য অধীনস্থই সম্পাদন কৰাৰ কর্তৃত্ব লাভ কৰে । অর্থাৎ এজন ব্যক্তিক কোনাে এটা বিশেষ কাম কৰাৰ বাবে কর্তৃত্ব প্রদান কৰিব পাৰি । কিন্তু সেই বিশেষ কামটো ঠিকমতে সমধা কৰাৰ দায়িত্ব সম্পূর্ণৰূপে তেওঁৰ ওপৰত । সেইবাবে কর্তৃত্ব প্রদান কৰিব কিন্তু দায়িত্ব নােৱাৰি ।
৪১। বিকেন্দ্রীকৰণৰ ধাৰণাটো কর্তৃত্ব প্রদানৰ লগত জড়িত’— এই বাক্যশাৰী চমুকৈ বর্ণনা কৰা ।
উত্তৰঃ বিকেন্দ্রীকৰণৰ ধাৰণাটো কর্তৃত্ব প্রদানৰ লগত কিছু পৰিমাণে জড়িত । কাৰণ বিকেন্দ্রীকৰণ আৰু কর্তৃত্ব প্রদান এই দুয়ােটাৰ প্ৰধান উদ্দেশ্য কামৰ বােজা হ্রাস কৰি সমস্যাবােৰ সূচাৰুৰূপে সমাধান কৰা । এই দুয়ােটা প্রক্রিয়াই সাধাৰণতে সংগঠন এটাৰ শীর্ষ বিষয়াসকলে নির্ধাৰণ কৰে । ইয়াৰ ওপৰিও দুয়ােটা প্রক্রিয়াই তলতীয়া কৰ্মচাৰী সকলক বিভিন্ন ধৰণে উদগণি দিয়ে যাতে তেওঁলােকে দায়িত্ব ঠিক মতে সমাধা কৰিব পাৰে । সাধাৰণতে এই দুয়ােটা প্রক্রিয়াই সংগঠন এটাৰ মুখ্য উদ্দেশ্যত উপনীত হ’বৰ কাৰণে কৰা যায় ।
| Sl. No. | সূচী-পত্ৰ |
| প্ৰথম খণ্ড | পৰিচালনাৰ নীতি আৰু কার্য |
| Chapter 1 | পৰিচালনাৰ প্রকৃতি আৰু তাৎপর্য । |
| Chapter 2 | পৰিচালনাৰ নীতি । |
| Chapter 3 | ব্যৱসায় / ব্যৱসায়িক পৰিৱেশ । |
| Chapter 4 | পৰিকল্পনাকৰণ । |
| Chapter 5 | সংগঠনকৰণ । |
| Chapter 6 | কর্মচাৰী নিযুক্তকৰণ । |
| Chapter 7 | নির্দেশিতকৰণ । |
| Chapter 8 | নিয়ন্ত্রণকৰণ । |
| দ্বিতীয় খণ্ড | ব্যৱসায়িক বিত্ত আৰু ৰজাৰৰ |
| Chapter 9 | বিত্তীয় পৰিচালনা । |
| Chapter 10 | বিত্তীয় বজাৰ । |
| Chapter 11 | বজাৰকৰণ । |
| Chapter 12 | উপভােক্তা সুৰক্ষা । |
৪২। কাৰ্যকৰী গাঁঠনিৰ দুটা সুবিধা আৰু দুটা অসুবিধা বর্ণনা কৰা ।
উত্তৰঃ কাৰ্যকৰী সংগঠনৰ দুটা সুবিধা তলত উল্লেখ কৰা হলঃ–
( ক ) এই গাঁথনিয়ে প্রতিটো বিভাগ আৰু নিয়ােজিত কর্মচাৰীক একোটা নির্দিষ্ট কামত পাৰ্গত কৰি তােলে । ইয়াৰ ফলত সম্পদৰ প্ৰকাম্য ব্যৱহাৰ বা উপযােগিতা সম্ভৱ হয় ।
( খ ) প্ৰতিটো বিভাগৰ মুৰব্বীজনৰ অধীনত আৰু নির্দেশত কাম সম্পন্ন হয় বাবে উচ্চ স্তৰত থকা পৰিচালকসকলে গােটেই প্রতিষ্ঠানটো সহজেই নিয়ন্ত্রণ কৰিব পাৰে ।
কাৰ্য্যকৰী সংগঠনৰ অসুবিধা তলত উল্লেখ কৰা হ’ল—
( ক ) এই গাঁঠনিত যিহেতু এজন কর্মচাৰীক এটা বিশেষ অংশৰ দায়িত্ব দিয়া হয় , সেইবাবে তেওঁ সেই অংশত পাৰ্গত হয় আৰু সেইবাবে তেওঁ অন্য এটা কাৰ্যত বা দায়িত্বত পাৰ্গত নহয় ।
( খ ) প্ৰতিটো কামক সৰু সৰু অংশত বিভক্ত কৰা হয় বাবে প্রতিষ্ঠানটোৰ ব্যয়ৰ মাত্রা বৃদ্ধি পায় ।
৪৩। বিভাগীয় গাঁঠনিৰ সংজ্ঞা দিয়া আৰু ইয়াৰ বৈশিষ্ট্য উল্লেখ কৰা ।
উত্তৰঃ বিভাগীয় গাঁঠনি অনুসৰি প্ৰতিষ্ঠানৰ কাৰ্য্যসমূহ সমষ্টিগতভাৱে কেইবাটাও বিভাগত ভাগ কৰা হয় । এনে বিভাগ দ্ৰৱ্যৰ ভিত্তিত বা অর্ধতল ভিত্তিত কৰা হয় ।
ইয়াৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’লঃ–
( ক ) বিভাগীয় গাঁথনিত প্রতিষ্ঠানটোক কাম – কাজ আৰু দ্রব্য উৎপাদনৰ ভিত্তিত বিভিন্ন ভাগত ভাগ কৰা হয় ।
( খ ) ই এটা খৰচী প্রক্রিয়া যিহেতু প্রত্যেকটো কার্য বেলেগ বেলেগকৈ সমাধা কৰিব লাগে ।
( গ ) এই পদ্ধতিত প্রতিষ্ঠানটোৰ বিভিন্ন বিভাগক সুকীয়াকৈ ক্ষমতা প্রদান কৰা হয় আৰু তেওঁলােকে নিজে নিজৰ সিদ্ধান্ত গ্রহণ কৰে ।
৪৪। বিভাগীয় গাঠনিযুক্ত সংগঠন বুলিলে কি বুজা ? কোন ধৰণৰ ব্যৱসায়ৰ বাবে ই প্রযােজ্য ? এনে সংগঠনৰ চাৰিটা সুবিধা লিখা ।
উত্তৰঃ যেতিয়া কোনাে এটা ব্যৱসায় ডাঙৰ হয় আৰু ইয়াৰ উৎপাদন বাঢ়ে আৰু বিভিন্ন ধৰণৰ সামগ্রী প্রস্তুত কৰে তেতিয়া ব্যৱসায়টো বিভিন্ন ভাগত ভাগ কৰি বিভিন্ন কামকাজবােৰ সমাধাৰ প্রচেষ্টা চলােৱা হয় । ইয়াক বিভাগীয় গাথনিযুক্ত সংগঠন বােলে । যেনে কাপােৰৰ উৎপাদন কৰা এটা ব্যৱসায় ।
ইয়াৰ বিভিন্ন বিভাগবােৰ হ’ল—
( ক ) উৎপাদন বিভাগ ।
( খ ) বিত্ত বিভাগ ।
( গ ) মানবসম্পদ বিভাগ ।
( ঘ ) বজাৰকৰণ বিভাগ ইত্যাদি ।
এনে ধৰণৰ ব্যৱসায়ৰ বিভিন্ন সুবিধাবােৰ হ’ল—
( ক ) ইয়াৰ কামবােৰ সংঘবদ্ধভাবে এটা দলৰ সৈতে আনটো দলে কৰে ।
( খ ) যিকোনাে সিদ্ধান্ত এটা সঠিক সময়ত সময় খৰচ নকৰাকৈ ল’ব পাৰি ।
( গ ) শ্ৰমৰ বিভাজনৰ দ্বাৰা কামবােৰ সুচাৰুৰূপে কৰিব পাৰি ।
( ঘ ) এই নীতিয়ে ব্যৱসায়টো আগবঢ়াত আৰু ডাঙৰ হােৱাত সহায় কৰে ।
( ঘ ) দীঘল প্রশ্ন উত্তৰ ( মূল্যাংক : ১/৫ )
৪৫। সংগঠনকৰণৰ অন্তৰ্গত প্রক্রিয়াবােৰ ব্যাখ্যা কৰা ।
উত্তৰঃ সংগঠন পদ্ধতি পর্যায়সমূহ হলঃ–
( ক ) প্রতিষ্ঠানৰ সামগ্রিক বা সম্পূর্ণ কার্য নিৰ্দ্ধাৰণ কৰা ।
( খ ) কামৰ শ্রেণীবদ্ধকৰণ বা বিভাগীকৰণ কৰা ।
( গ ) কর্তৃত্ব প্রতিনিধিত্ব কৰণ আৰু দায়িত্ব অৰ্পণ কৰা ।
( ঘ ) বিভাগীয় প্রতিষ্ঠাপনেৰে কর্ম বিভাজন কৰা ।
( ঙ ) বিভাগীয় প্রতিষ্ঠাপনৰ কৰ্মীলৈ ভৌতিক সা – সুবিধাৰ বন্দবস্ত কৰা ।
( চ ) কর্তৃত্ব আৰু দায়িত্ব সম্পর্ক নিৰূপণ আৰু প্ৰতিষ্ঠাপন কৰা ।
৪৬। কাৰ্যকৰী আৰু বিভাগীয় সংগঠনৰ বিষয়ে আলােচনা কৰা ।
উত্তৰঃ কাৰ্যকৰী আৰু বিভাগীয় সংগঠনৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হ’ল–
( ক ) এই গাঁথনিয়ে প্রতিটো বিভাগ আৰু নিয়ােজিত কর্মচাৰীক একোটা নির্দিষ্ট কামত পাৰ্গত কৰি তােলে । ইয়াৰ ফলত সম্পদৰ প্ৰকাম্য ব্যৱহাৰ বা উপযােগিতা সম্ভৱ হয় ।
( খ ) প্ৰতিটো বিভাগৰ মুৰব্বীজনৰ অধীনত আৰু নির্দেশত কাম সম্পন্ন হয় বাবে উচ্চ স্তৰত থকা পৰিচালকসকলে গােটেই প্রতিষ্ঠানটো সহজেই নিয়ন্ত্রণ কৰিব পাৰে ।
( গ ) বিভাগীয় গাঁথনিত প্রতিষ্ঠানটোক কাম – কাজ আৰু দ্রব্য উৎপাদনৰ ভিত্তিত বিভিন্ন ভাগত ভাগ কৰা হয় ।
( ঘ ) ই এটা খৰচী প্রক্রিয়া যিহেতু প্রত্যেকটো কার্য বেলেগ বেলেগকৈ সমাধা কৰিব লাগে ।
( ঙ ) এই পদ্ধতিত প্রতিষ্ঠানটোৰ বিভিন্ন বিভাগক সুকীয়াকৈ ক্ষমতা প্রদান কৰা হয় আৰু তেওঁলােকে নিজে নিজৰ সিদ্ধান্ত গ্রহণ কৰে ।
৪৭। কর্তৃত্ব প্রদানৰ উপাদানসমূহ কি কি ?
উত্তৰঃ সফল কর্তৃত্ব প্রদানৰ উপাদানসমূহ হলঃ–
( ক ) কর্তৃত্ব :- কৰ্মচাৰী এজনক কোনাে এটা কাম কৰিৰ বাবে আদেশ দিব পৰা ক্ষমতাকে কর্তৃত্ব বােলে । কর্তৃত্ব হৈছে ন্যস্ত কৰা কামটো সম্পন্ন কৰিবৰ বাবে অর্পণ প্রয়ােজনীয় ক্ষমতা আৰু অধিকাৰ ।
( খ ) দায়িত্ব :- দায়িত্ব হৈছে কোনাে এটা কৰ্ত্তব্য নিষ্ঠা আৰু সামর্থতাৰে পালন কৰা এক প্রক্রিয়া । দায়িত্ব সদায় মানৱ সম্বন্ধীয় আৰু ই উর্ধ্বগামী ।
( গ ) উত্তৰদায়কঃ কোনাে প্রাপ্ত কর্তৃত্ব বা দায়িত্বক বাস্তবায়িত কৰাৰ পিছত সেই সম্পর্কীয় প্রতিবেদন নিম্ন স্তৰৰ বিষয়া বা কর্মচাৰীয়ে তেওঁৰ উৰ্দ্ধতম কর্তৃপক্ষক অবগত কৰা ব্যৱস্থাটোক উত্তদায়ক বােলে ।
৪৮। সফল কর্তৃত্ব প্রদানৰ নীতিবােৰ ব্যাখ্যা কৰা ।
উত্তৰঃ প্রতিনিধত্বকৰণ তলত উল্লেখ কৰা ধৰণে ফলপ্রসু কৰিব পাৰি ।
( ক ) অর্পিত কর্তৃত্বৰ সুসংজ্ঞাবদ্ধ কৰাঃ প্রতিনিধিত্বণ ফলপ্রসু কৰিবলৈ সর্বপ্রথমে অর্পন কৰা কর্তৃত্ব নির্দিষ্টকৈ সংজ্ঞাবদ্ধ আৱশ্যক ।প্রতিনিধিত্বৰ এই সংজ্ঞাবদ্ধ কৰণে প্রত্যেক অধীনস্থ অর্পিত কামৰ স্পষ্টতা আনে । তেওঁলােকৰ কামৰ ফলাফল জনাত সহায় কৰে ।
( খ ) প্রতিনিধিত্বৰ নীতি পালন :- ফলপ্রসু প্রতিনিধিত্বকৰণৰ অন্য এক গুৰুত্বপূর্ণ বিবেচনা হৈছে প্রতিষ্ঠিত নীতি পালনৰ জৰিয়তে ইয়াক কার্যকাৰী কৰা । ইয়াৰ বাবে প্রথমে নীতি প্রতিষ্ঠা কৰা আৰু সেইবােৰৰ আধাৰত কর্তৃত্ব প্রতিনিধিত্বই উদ্দেশ্যত উপনীত হােৱাত সহায় কৰে ।
( গ ) অধীনস্থৰ উপযুক্ত বাছনি কর্তৃত্ব প্রতিনিধিত্বকৰণত উপযুক্ত অধীনস্থ বাছনি কৰা আৱশ্যক । ইয়াৰ বাবে অধীনস্থৰ যােগ্যতা , দায়িত্ব গ্রহণৰ প্রতি ইচ্ছা , আত্মবিশ্বাস , জেষ্ঠ্যসকলৰ লগতে সংগঠনৰ প্রতি বাধ্যতা , দৃষ্টিভংগী আদি পৰীক্ষা কৰা হ’ব লাগে ।
( ঘ ) সহায়ক সাংগঠনিক পৰিৱেশৰ উন্নয়ন সাধন :- প্রতিনিধিত্ব ফলপ্রসু কৰিবৰ বাবে এক সহায়ক সাংগঠনিক পৰিৱেশৰ উন্নয়ন ঘটোৱা আৱশ্যক হয় । এই ক্ষেত্ৰত শীর্ষ পৰিচালনাই প্রত্যেক প্রতিনিধিত্বৰ জ্যেষ্ঠ অধীনস্থৰ মাজত সুসম্পর্ক গঢ়ি উঠাৰ আৰু তাৰ দ্বাৰা আকাংখিত ফল লাভৰ এক সহায়ক পৰিৱেশৰ উন্নয়ন সাধনৰ প্রতি যত্নপৰ হ’ব লাগে ।
( ঙ ) জ্ঞাতকৰণ :- জ্যেষ্ঠ অধীনস্থৰ অথবা প্রতিনিধিত্বকাৰী আৰু প্রতিনিধিত্ব গ্রহীতাৰ মাজত উপযুক্ত জ্ঞাতকৰণে প্রতিনিধিত্ব ফলপ্রসু কৰে । এই কার্যত জ্যেষ্ঠসকলে সকলাে প্ৰকাৰৰ তথ্য যােগান ধৰি অধীনস্থৰ সিদ্ধান্ত গ্রহণলৈ সুবিধা আগবঢ়ায় । আনহাতে পৰিস্থিতি সাপেক্ষে অধীনস্থসকলেও পৰামৰ্শৰ বাবে জ্যেষ্ঠসকলৰ লগত যােগাযােগ স্থাপন কৰে । এইদৰে উপযুক্ত জ্ঞাতকৰণে কর্তৃত্ব প্রতিনিধিত্বকৰণ ফলপ্রসু কৰে ।
৪৯। কেন্দ্রীকৰণ আৰু কর্তৃত্ব প্রদানৰ মাজত পার্থক্য দেখুওৱা ।

৫০। সফল কর্তৃত্ব প্রদানৰ বাধাবােৰ আলােচনা কৰা ।
উত্তৰঃ সফল কর্তৃত্ব প্রদানৰ বাধাসমূহ হ’লঃ–
( ক ) উপৰােক্ত বিষয়াৰ অত্যাধিক বিশ্বাসঃ বহুক্ষেত্ৰত দেখা যায় যে উপৰােক্ত বিষয়াসকলৰ নিম্নোক্ত বিষয়াসকলৰ ওপৰত অত্যাধিক বিশ্বাস থাকে । কিন্তু কাৰ্য ক্ষেত্ৰত ই বিপৰীত হােৱা দেখা যায় ।
( খ ) নিম্নোক্ত বিষয়াৰ ওপৰত বিশ্বাসৰ অভাৱঃ কেতিয়াবা আকৌ তলতীয়া কৰ্মচাৰীসকলৰ ওপৰত বিশ্বাসৰ অভাবে কর্তৃত্ব প্রদানত বাধা হৈ দেখা দিয়ে ।
( গ ) শীর্ষ বিষয়াৰ দক্ষতাৰ অভাৱঃ কর্তৃত্ব প্রদানৰ পিছত শীর্ষ বিষয়াৰ দক্ষতাৰ অভাবাে বহুক্ষেত্ৰত হেঙাৰ হ’ব পাৰে ।
( ঘ ) নিয়ন্ত্রনৰ অভাৱঃ শীর্ষ বিষয়াসকলে কেতিয়াৱা কেতিয়াবা তলতীয়া কৰ্মচাৰীসকলক বিভিন্ন কাম – কাজত নিয়ন্ত্রণ কৰিব নােৱাৰা দেখা যায় ।
( ঙ ) তলতীয়া কৰ্মচাৰীৰ দক্ষতাৰ অভাৱঃ বহুক্ষেত্ৰত আকৌ কর্তৃত্ব প্রদান কৰা হয় যদিও তলতীয়া কৰ্মচাৰীৰ দক্ষতাৰ অভাৱত ইসম্পূর্ণ হৈ নুঠে ।
৫১। সফল কর্তৃত্ব প্রদানৰ বাবে কি কি উপায় অবলম্বন কৰিব লাগে ?
উত্তৰঃ সফল কর্তৃত্ব প্রদানৰ বাবে তলত উল্লেখ কৰা উপায়সমূহ অবলম্বন কৰিব লাগিব :–
( ক ) সফল কর্তৃত্ব প্রদানৰ বাবে প্রত্যেক ব্যক্তিক অর্পণ কৰা দায়িত্ববােৰ বা কর্মবােৰ ঠিকমতে নিৰ্দ্ধাৰণ কৰা হ’ব লাগিব ।
( খ ) সফল কর্তৃত্ব প্রদানৰ বাবে নির্দিষ্ট কাৰ্য্যৰ বাবে নির্দিষ্ট আৰু দক্ষ ব্যক্তিৰ প্ৰয়ােজন আৰু সেইবাবে দক্ষ ব্যক্তি নিয়ােগ অতিকৈ প্ৰয়ােজনীয় ।
( গ ) সফল কর্তৃত্ব প্রদানৰ বাবে শীর্ষ বিষয়াসকলৰ লগত তলতীয়া কৰ্মচাৰীসকলৰ সঠিক আৰু ভাল যােগাযােগৰ ব্যৱস্থা থাকিব লাগিব ।
( ঘ ) শীর্ষ বিষয়াসকলে তলতীয়া কৰ্মচাৰীসকলক সঠিকভাৱে নিয়ন্ত্রণ কৰিব পাৰিলে কর্তৃত্ব প্রদান সফলভাৱে প্ৰয়ােগ কৰিব পাৰি ।
( ঙ ) শীর্ষ বিষয়াসকলে তেওঁলােকৰ তলতীয়া কৰ্মচাৰীসকলক উপযুক্ত কামৰ বাবে পুৰস্কৃত কৰি তেওঁলােক উদগণি যােগাব পাৰে ।
( ঙ ) দীঘল প্রশ্ন উত্তৰ ( মূল্যাংক : ২/৬ )
৫২। ‘কর্তৃত্ব’, ‘দায়িত্ব’ আৰু উত্তৰদায়ক এই সংজ্ঞাকেইটা বহলাই লিখা ।
উত্তৰঃ কর্তৃত্ব’, ‘দায়িত্ব’ আৰু উত্তৰদায়ক এই সংজ্ঞাকেইটা তলত আলোচনা কৰা হ’ল–
( ক ) কর্তৃত্ব :- কৰ্মচাৰী এজনক কোনাে এটা কাম কৰিৰ বাবে আদেশ দিব পৰা ক্ষমতাকে কর্তৃত্ব বােলে । কর্তৃত্ব হৈছে ন্যস্ত কৰা কামটো সম্পন্ন কৰিবৰ বাবে অর্পণ প্রয়ােজনীয় ক্ষমতা আৰু অধিকাৰ ।
( খ ) দায়িত্ব :- দায়িত্ব হৈছে কোনাে এটা কৰ্ত্তব্য নিষ্ঠা আৰু সামর্থতাৰে পালন কৰা এক প্রক্রিয়া । দায়িত্ব সদায় মানৱ সম্বন্ধীয় আৰু ই উর্ধ্বগামী ।
( গ ) উত্তৰদায়কঃ কোনাে প্রাপ্ত কর্তৃত্ব বা দায়িত্বক বাস্তবায়িত কৰাৰ পিছত সেই সম্পর্কীয় প্রতিবেদন নিম্ন স্তৰৰ বিষয়া বা কর্মচাৰীয়ে তেওঁৰ উৰ্দ্ধতম কর্তৃপক্ষক অবগত কৰা ব্যৱস্থাটোক উত্তদায়ক বােলে ।
৫৩। ‘সফল সংগঠনকৰণেই কৃতকাৰ্য্য পৰিচালনাৰ মূল ’ – এই বাক্যশাৰীৰ লগত সংগতি ৰাখি সংগঠনৰ আৱশ্যকতাৰ বিষয়ে লিখা ।
উত্তৰঃ সংগঠনৰ গুৰুত্বসমূহ তলত ব্যাখ্যা কৰা হলঃ –
( ক ) বিশেষীকৰণৰ সুবিধাঃ কর্ম বিভাজনে বিভিন্ন বিভাগ বা বিশেষ দিশত কামৰ বিভাজন ঘটোৱাত সেইবােৰৰ কাম – কাজৰ অনুশীলনত বিশেষীকৰণৰ সৃষ্টি হয় । এই বিশেষীকৰণে সাংগঠনিক কার্যত শ্ৰমিকৰ পাৰদৰ্শিতা বৃদ্ধি কৰে ।
( খ ) নতুন প্রযুক্তিৰ প্ৰকাম্য ব্যৱহাৰত সহায়ক নতুন আৰু পৰিৱৰ্তিত পৰিস্থিতিত উদ্ভাৱন হােৱা নতুন প্রযুক্তিৰ সফল অৱলম্বনেৰে পৰিচালনাই প্রতিযােগিতাত অৱতীৰ্ণ হােৱাৰ সামর্থ্য লাভ কৰে । ফলত সংগঠনত নতুন প্রযুক্তি প্রকাম্য ব্যৱহাৰত সহায় লাভ হয় ।
( গ ) অবিৰত কার্য সম্পাদনৰ সুবিধাঃ সংগঠনৰ নমনীয়তাৰ নীতিৰে ভৱিষ্যতৰ পৰিৱর্তিত অৱস্থাত সাংগঠনিক সংযােজন সুবিধা প্রদান কৰাৰ বিপৰীতে কর্মবিভাজন আৰু যােগ্যলােকৰ ওপৰত বিভাগীয় কামৰ দায়িত্ব আৰোপ কৰণে কার্য সম্পাদন অবিৰত কৰে ।
( ঘ ) কর্তৃত্ব আৰু দায়িত্ব সম্পর্ক স্পষ্টতা :- সংগঠনৰ গঠনত পৰিচালক আৰু অধীনস্থৰ কর্তৃত্ব আৰু দায়িত্ব সম্পর্ক স্পষ্টতাই কাম – কাজৰ সুস্থ সম্পাদনৰ সুবিধা আগবঢ়ায় লগতে , প্রত্যেক অৱস্থানৰ ব্যক্তিৰ মাজত উন্নত মানৱীয় সম্পর্ক প্রবর্তন কৰে । ফলত সংগঠনত কর্ম স্পৃহা বৃদ্ধি পায় ।
( ঙ ) কৰ্মচাৰী নিয়ােগৰ দিক নির্ণয়ঃ সাংগঠনিক গঠনে পাৰদর্শী কর্মচাৰী নিয়ােগ কৰাত গুৰুত্ব আৰোপ কৰে । সংগঠনৰ পৰিচালনীয় আৰু কাৰ্য্যকৰণীয় অৱস্থানৰ স্পষ্টতা নিৰূপণ কৰি এইবােৰত উপযুক্ত কর্মীৰ প্রয়ােজনীয়তা জনাৰ লগতে সামর্থ্য আৰু দক্ষতাৰ বিষয়েও জানিবলৈ দিয়াত সকলাে অৱস্থানতে যােগ্য ব্যক্তি নিয়ােগে উদ্দেশ্য সিদ্ধি সহজ কৰে ।
( চ ) সমন্বয়ৰ সুবিধাঃ সুস্থ আহি আৰু সুনির্দিষ্ট সাংগঠনিক গঠনে প্রতিষ্ঠান সর্বস্তৰক প্রণালীবদ্ধভাৱে সম্পর্কিত কৰাত পৰিচালনাৰ বাবে সমন্বয় সাধন সহজ হয় ।
৫৪। এটা সংগঠনত বিকেন্দ্রীকৰণৰ আৱশ্যকতা ছটা বিষয়ৰ সৈতে আলােচনা কৰা ।
উত্তৰঃ ব্যৱসায় সংগঠনত বিকেন্দ্রীকৰণৰ গুৰুত্ব বা সুবিধাসমূহ হ’ল—
( ক ) শীর্ষ পৰিচালনাৰ বােজা হ্রাসঃ কর্তৃত্বৰ বিকেন্দ্রীকণে শীর্ষ পৰিচালনাৰ বােজা লঘু কৰে । কাৰণ , বিকেন্দ্রীকৰণৰ ফলত সিদ্ধান্ত গ্রহণৰ দৰে গুৰুত্বপূর্ণ কার্যবােৰ বিভিন্ন অৱস্থানৰ পৰিচালক বা অধীনস্থলৈ প্রতিনিধিত্ব কৰা হয় । সেইদৰে শীর্ষ কাৰ্যবাহীৰ বিশেষ মনােযােগৰ গুৰুত্ব লঘু হােৱাত বিকেন্দ্রীকণে শীর্ষকাৰ্য্যবাহীসকলক পৰিকল্পনাকৰণত অধিক মনােনিবেশ কৰিবলৈ সুযােগ আগবঢ়ায় ।
( খ ) সিদ্ধান্ত গ্রহণত তাৎপৰতাঃ কর্তৃত্বৰ বিকেন্দ্রীকৰণে সিদ্ধান্ত গ্রহণলৈ তৎপৰতা আনে । নিম্ন পর্যায়ৰ পৰিচালকসকলৰ পৰিচালনীয় কার্য সীমিত হােৱাত তেওঁলােকে বিভাগীয় সমস্যা সমাধানত অধিক মনােনিবেশ কৰিব লগাত পৰে ।
( গ ) সাংগঠনিক বিকাশৰ সুবিধা :- বিকেন্দ্রীকৰণে নিম্ন পর্যায়ৰ গতিশীল আৰু বুদ্ধিমান পৰিচালক সকলক ক্ষমতা প্রাপ্ত কৰে । তেওঁলােকে বিকাশৰ কৌশল পােষণ কৰাৰ লগতে সেইবােৰ কাৰ্যকৰীত সাংগঠনিক বিকাশৰ পথত অৰিহণা যােগায় ।
( ঘ ) নিম্ন পর্যায়ৰ পৰিচালকৰ উচ্চ মর্যদা :- বিকেন্দ্রীকৰণৰ ফলত নিম্ন পর্যায়ৰ পৰিচালকৰ মর্যাদা বৃদ্ধি পায় । বর্ধিত মর্যাদাই তেওঁলােকক অধিক মনােযােগিতা , উৎসাহ আৰু সন্মান তথা প্রত্যাশাৰে কাম কৰাত সুবিধা দিয়ে ।
( ঙ ) গণতান্ত্রিক পৰিচালনাঃ বিকেন্দ্রীকৰণে সাংগঠনিক কার্য পদ্ধতিলৈ গণতান্ত্রিক বৈশিষ্ট্য কঢ়িয়াই আনে । ফলত শীর্ষ পৰিচালনাৰ ক্ষমতাৰ স্বেচ্ছাচাৰিতা প্রতিহত কৰে ।
( চ ) ব্যতিক্রম পৰিচালনাৰ সুবিধা :- বিকেন্দ্রীকৰণৰ জৰিয়তে পৰিচালনাত কৌশলগত বিষয়কে ধৰি কাৰ্যকৰণীয় বিষয়বােৰতো সিদ্ধান্ত গ্রহণৰ ক্ষমতা নিম্ন পর্যায়লৈ অর্পন কৰা হয় । ইয়ে পৰিচালনা ব্যৱস্থাক অধিক উন্নত কৰে ।
৫৫। কর্তৃত্ব প্রদানৰ মূখ্য উপাদানসমূহ কি কি ? কর্তৃত্ব প্রদান কিদৰে কাৰ্য্যকৰী কৰিব পাৰি আলােচনা কৰা ।
উত্তৰঃ কর্তৃত্ব প্রতিনিধিত্বকৰণৰ উপাদানসমূহ হ’লঃ
( ক ) ফলাফল নিৰ্দ্ধাৰণঃ কর্তৃত্ব প্রতিনিধিত্বকৰণত এজন জ্যেষ্ঠ বিষয়াই অধীনস্থৰ পৰা কি মানদণ্ডৰ কার্য সম্পাদন লাভৰ আশা কৰিব পাৰি তাক আগতিয়াকৈ নিৰ্দ্ধাৰণ কৰিব লাগে । কার্যসম্পাদনৰ ফলাফলৰ আশাৰে অধীনস্থৰ যােগ্যতা মূল্যায়ণ কৰা নহ’লে আকাংখিত ফল লাভ কৰা নাযায় ।
( খ ) কর্তব্য অর্পন :- অধীনস্থৰ যােগ্যতা মূল্যায়ণ সাপেক্ষে পৰৱর্তী পর্যায়ত তেওঁলৈ কর্তব্য বা কাম অর্পণ কৰা হয় । কর্তব্য অর্পন দুই ধৰণে কৰা হ’ব পাৰে । যেনে—
( i ) কাম বা উদ্দেশ্য নিৰ্দ্ধাৰণেৰে । আৰু
( ii ) কামৰ ফলাফলৰ লক্ষ্য নিৰূপণেৰে ।
( গ ) কার্যব্যৱস্থাৰ অধিকাৰ অৰ্পনঃ কর্তৃত্ব প্রতিনিধিত্ব কৰণৰ এই পৰ্যায়ত কার্য সম্পাদনৰ অধিকাৰ অৰ্পন কৰা হয় । ইয়াৰ দ্বাৰা অধীনস্থসকলৰ কামৰ প্রতি প্রতিশ্রুতি বা সমর্পন , সংগঠনৰ সমল ব্যৱহাৰৰ অধিকাৰ লাভ আৰু কামৰ বাবে আৱশ্যকীয় অন্যান্য সা – সুবিধাৰ সুবন্দোবস্ত কৰা হয় । অর্থাৎ এই পর্যায়ত কর্তৃত্বৰ পৰিসৰ নিৰ্দ্ধাৰণ কৰা হয় । ইয়াৰ সহায়ত অধীনস্থৰ কাৰ্যব্যৱস্থা গ্ৰহণৰ পথ সুচল হয় ।
( ঘ ) বাধ্যতা সৃষ্টিঃ এই পর্যায়ত অধীনস্থৰ দায়িত্ব সৃষ্টিৰে তেওঁক বাধ্য কৰােৱাৰ আৱশ্যক হয় । ইয়াৰ দ্বাৰা অধীনস্থক জ্যেষ্ঠজনে কার্য সম্পাদনৰ বাবে নেৰানেপেৰাকৈ সংগ দি যত্নপৰ হােৱাৰ লগতে জ্যেষ্ঠ অধীনস্থ সন্তুষ্টি লাভৰ সুবিধা পােৱা যায় ।
৫৬। সকলাে ধৰণৰ সংগঠনতে কর্তৃত্ব প্রদানদৰকাৰী ’ — এই বাক্যশাৰীৰ সপক্ষে কাৰণ দর্শোৱা ।
উত্তৰ গুৰুত্বঃ ( ক ) শীর্ষ কাৰ্যবাহীলৈ সকাহঃ সংগঠনৰ শীর্ষ কাৰ্যবাহীয়ে প্রত্যেকটো কাৰ্যই নিজে সম্পাদন কৰিব নোৱাৰে । কিয়নো কাৰ্যবাহীসকলে পৰিকল্পনাকৰণ, সমম্বয় সাধন, নিয়ন্ত্ৰণ সাধন, আদি পৰিচালনীয় কার্যত ওতঃপ্রােতভাবে জড়িত হ’ব লগাত পৰে । এনে পৰিস্থিতিত অধীনস্থসকললৈ কর্তৃত্ব প্রতিনিধিত্ব কৰি কাৰ্যবাহীসকলে সকাহ লাভ কৰে ।
( খ ) সংগঠনৰ ভেটি :- সাংগঠনিক গঠন পদ্ধতিত কর্তৃত্ব প্রতিনিধিত্ব কৰণ হৈছে এক গুৰুত্বপূর্ণ পর্যায় । অর্থাৎ প্ৰতিষ্ঠানৰ সকলাে পর্যায়ৰ কার্য সম্পাদনৰ অৰ্থে গঠন কৰা সংগঠনৰ প্রধান ভেটি হৈছে জ্যেষ্ঠ পৰিচালক নাই বা কাৰ্যবাহীসকলৰ কর্তৃত্ব অধীনস্থলে প্রতিনিধিত্ব কৰাৰ জৰিয়তে কার্য সম্পাদনৰ সুচলতা নিশ্চিত কৰা ।
( গ ) বিশেষজ্ঞৰ ব্যৱহাৰঃ কতৃত্ব প্রতিনিধিত্বকৰণত বিশেষ জ্ঞান আৰু অভিজ্ঞতাৰ ব্যক্তিৰ ওপৰত দায়িত্ব অর্পণ হৈছে অন্য এক সুবিধা । এনে কাৰ্যই সংগঠনৰ কামৰ মান উন্নত কৰে ।
( ঘ ) সম্প্ৰসাৰণ আৰু ভিন্নমুখীকৰণ সুবিধা :- ব্যৱসায়ৰ সম্প্ৰসাৰণ আৰু কাম – কাজৰ ভিন্নমুখীকৰণৰ সুবিধাৰ ফলত জ্যেষ্ঠসকলে একোটা কাম অধীনস্থৰ দায়িত্ব অর্পণ কৰি নতুন নতুন দিশত অগ্ৰসৰ হােৱা আৰু তাৰ দ্বাৰা ব্যৱসায়ৰ সম্প্ৰসাৰণ ঘটোৱাৰ সুবিধা লাভ কৰে বাবে কর্তৃত্ব প্রতিনিধিত্বকৰণৰ গুৰুত্ব পৰিলক্ষিত হয় ।
( ঙ ) অধীনস্থসকলৰ উন্নয়ন সাধনঃ কর্তৃত্বৰ প্রতিনিধিত্বকৰণে অধীনস্থ সকলৰ কৰ্তব্য , দায়িত্ব , পাৰদৰ্শিতা বৃদ্ধি কৰাত সহায় কৰে । তেওঁলােকৈ অর্পণ কৰা কর্তৃত্বৰ ফলতে সিদ্ধান্ত গ্রহণ আৰু আদেশ জাৰি কৰাৰ ক্ষমতা লাভ হয় । ফলত অধীনস্থসকলৰ সাংগঠনিক কার্যত নিজৰ উন্নয়ন সাধনৰ সুযােগ আনে ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.





