Class 12 Business Chapter 7 নির্দেশিতকৰণ

Class 12 Business Chapter 7 নির্দেশিতকৰণ The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 12 Business Chapter 7 নির্দেশিতকৰণ and select needs one.

Class 12 Business Chapter 7 নির্দেশিতকৰণ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Business Chapter 7 নির্দেশিতকৰণ Solutions for All Subject, You can practice these here…

( গ ) চমু উত্তৰ দিয়া ( মূল্যাংক : ২/৪ ) 

৩৫ । এজন পৰিদৰ্শকৰ চাৰিটা কাৰ্য্য বর্ণনা কৰা । 

উত্তৰঃ পৰিদৰ্শকৰ ভূমিকসমূহ হ’ল— 

( ক ) সম্পৰ্কৰক্ষী বিষয়াৰ ভূমিকা :- সংগঠনৰ কর্মী বাহিনীলৈ প্ৰতিষ্ঠানৰ শীর্ষ পৰিচালনাৰ পৰিকল্পনাৰ নীতি , কৌশল , কার্যক্রম আদি জ্ঞাতকৰণেৰে উপস্থাপন কৰাত পৰিদর্শক সকলে গুৰুত্ব পূর্ণ ভূমিকা পালন কৰে । তেওঁলােকে কর্মী বাহিনীৰ পৰামর্শ , সমস্যা , আভিযােগ আদিৰ বিষয়ে অবগত কৰাত শীর্ষ পৰিচালনা আৰু কর্মী বাহিনীৰ মাজত সম্পৰ্কৰক্ষী বিষয়াৰ ভূমিকা পালন কৰে । 

( খ ) সজাগতাৰ ভূমিকাঃ সংগঠনৰ নিম্ন পর্যায়ত কার্য সম্পাদনৰ উন্নত সজাগতা বা সতর্কতা অনাই প্রতিষ্ঠানৰ উদ্দেশ্য সাধনৰ উত্তম উপায় হিচাপে পৰিগণিত হয় । পৰিচালনাৰ পৰিকল্পনা , নীতি , কার্যক্রম আদিৰ উদ্দেশ্য সিদ্ধিত পৰিদৰ্শকসকল হে প্রধান । 

( গ ) মানৱ সম্পর্ক স্থাপনৰ ভূমিকাঃ পৰিদৰ্শকসকলৰ বন্ধুত্ব সুলভ আচৰণৰ দ্বাৰা নিম্ন পর্যায়ৰ কৰ্মচাৰীৰ প্ৰয়ােজনীয়তা পূৰণ কৰাৰ উপৰি ব্যক্তিগত সমস্যা যত্ন লােৱা কার্যই সংগঠনত উন্নত মানৱ সম্পর্ক সৃনিষ্ট কৰাত সহায় কৰে । 

( ঘ ) সহ পৰিদর্শকেৰে সহযােগিতাৰ ভূমিকাঃ সংগঠনত আন্ত সম্পর্কিত বিভিন্ন বিভাগ , গােট , শাখা , উপশাখাৰ কাৰ্যকৰণ পৰ্যায়ত বহুতাে পৰিদৰ্শক নিয়ােজিত হয় । এই ক্ষেত্ৰত পৰিদৰ্শকসকলৰ মাজত সহযােগিতাৰ উন্নয়নে সংগঠনৰ কার্য সম্পাদনলৈ গতিশীলতা আনে । 

৩৬। এজন ভাল নেতাৰ চাৰিটা গুণ বর্ণনা কৰা । 

উত্তৰঃ নেতৃত্বৰ গুণাবলীসমূহঃ ( ক ) ব্যক্তিত্ব আৰু মানসিক শক্তি :- ব্যক্তিত্ব হৈছে নেতৃত্বৰ নিজস্ব প্রকৃতি আৰু স্বাতন্ত্র চৰিত্ৰ বা ধর্ম । ই ব্যক্তিৰ সুষ্ঠ শৰীৰৰ অভ্যন্তৰ বা মনৰ বহিঃপ্রকাশ । সেয়েহে নেতৃত্ব প্রদানকাৰীৰ কাম কৰাত এজন নেতাৰ সুস্বাস্থ্য আৰু মানসিক শক্তিৰ প্ৰয়ােজন হয় । 

( খ ) মানৱিক সম্পৰ্কৰ জ্ঞানঃ এজন নেতাৰ বাবে মানৱিক সম্পর্ক আৰু আচৰনৰ জ্ঞানৰ আৱশ্যক হয় । মানুহক জনা , তেওঁলােকৰ প্রয়ােজনীয়তা , আবেগ অনুভূতিৰ লগতে পৰিচালনাৰ সিদ্ধান্ত প্রতি ক্রিয়া প্রতিক্রিয়া , অনুপ্ৰেৰণা জ্ঞাত হােৱা আদি নেতাৰ বাবে অতি আৱশ্যক । 

( গ ) উদ্দেশ্য ধর্মিতাঃ সংগঠন আৰু কৰ্মীৰ যিকোনাে সমস্যাৰ প্ৰতি নেতাৰ দৃষ্টিভংগী উদ্দেশ্যধর্মী হােৱা আৱশ্যক । কোনাে পৰিস্থিতিতে হেঁচা প্রয়ােগ , ভীতি প্রদর্শন , আসক্তি , পক্ষপাতিত্বৰ দৃষ্টিভংগীৰে সমস্যা সাধনৰ প্রতি অগ্ৰসৰ নােহােৱাতাে নেতাৰ উল্লেখযােগ্য গুণ । 

( গ ) ব্যক্তিগত অনুপ্ৰেৰণাঃ কোনাে কার্য সম্পাদন কৰােৱাত প্রথমে নেতাৰ নিজৰ আগ্রহ প্রতিফলিত হােৱা প্রয়ােজন । নিজস্ব অনুপ্ৰেৰণা অবিহনে নেতৃত্বই কার্য সম্পাদনৰ আশা কৰা কঠিন হয় । 

( ঙ ) জ্ঞাতকৰণৰ দক্ষতা :- জ্ঞাতণৰ দক্ষতাই নেতৃত্বৰ মৌখিক আৰু লিখিত সম্পর্ক স্থাপনেৰে সিদ্ধান্ত আদেশ নির্দেশ আদি কৰ্মচাৰীক অৱগত কৰােৱাৰ সামর্থক বুজায় । 

( চ ) সাহস আৰু ইচ্ছাশক্তিঃ সাহসী পদক্ষেপ গ্রহণ নেতাসকলৰ এক বিশেষ গুণ । এই সাহস আৰু ইচ্ছাশক্তিৰ অভাৱত নেতৃত্বৰ বিশ্বাস , আশা আকাংখাৰ বাস্তৱিক ৰূপ দেখা নাযায় । 

৩৭। সফল জ্ঞাতকৰণৰ যিকোনাে চাৰিটা বাধা চমুকৈ আলােচনা কৰা । 

উত্তৰঃ সফল জ্ঞাতকৰণৰ যিকোনাে চাৰিটা বাধাসমূহ হ’ল— 

( ক ) ভূলকৈ প্রকাশিত বাৰ্তাঃ পৰিচালকে তলতীয়া কৰ্মচাৰীলৈ ভূল শব্দৰ প্ৰয়ােগ , অর্থযুক্ত শব্দ বাদ পৰি যােৱা ইত্যাদি বার্তাসমূহ শুদ্ধকৈ প্রেৰণ নকৰিলে এনে প্রতিবন্ধকতাৰ উদ্ভৱ হয় । 

( খ ) বিভিন্ন অর্থযুক্ত প্রতীক :- এটা শব্দই বিভিন্ন অর্থ বহন কৰিব পাৰে । প্রেৰকে পঠোৱা বাৰ্তাৰ শুদ্ধ ৰূপটোহে প্রাপকে বিচাৰ কৰিব লাগে । কিয়নাে শব্দৰ ভুল ব্যাখাই যােগাযােগত সমস্যাৰ সৃষ্টি কৰে ।

( গ ) দোষযুক্ত ভাষান্তৰ কৰণঃ সকলাে কর্মচাৰীৰ বােধগম্য কৰি ভাষান্তৰ কৰা হয় । এই ক্ষেত্ৰত ভূল অর্থৰ ৰূপান্তৰৰ ফলতাে যােগাযােগ প্রক্রিয়া বাধাগ্রস্ত হােৱা দেখা যায় । 

( ঘ ) অস্পষ্ট ধাৰণা :- যােগাযােগ কেতিয়াবা বার্তা প্রেৰকে প্রেৰিত বাৰ্তাৰ অস্পষ্ট ধাৰণাৰ জৰিয়তে বাৰ্তা গ্রাহকৰ মনত সন্দেহ জন্মায় । এনে অস্পষ্ট ধাৰণাই জ্ঞাতকৰণ ব্যৱস্থাত প্রতিবন্ধকতাৰ সৃষ্টি কৰে । 

৩৮। আনুষ্ঠানিক জ্ঞাতকৰণৰ চাৰিটা সুবিধাৰ বিষয়ে লিখা । 

উত্তৰঃ সুবিধাঃ ( ক ) আনুষ্ঠানিক জ্ঞাতকৰণ কর্তৃত্বৰ শিকলিৰে কাৰ্যালয়ৰ ব্যৱস্থা হােৱাত ই মৌলিক বা যথার্থ হয় । 

( খ ) জ্ঞাতকৰণ পূর্ব পৰিকল্পিত হােৱাত কৰ্মচাৰীৰ কাম বুজাত সহায় কৰে আৰু ই সুস্থ সাংগঠনিক জীৱনৰ ভেটি হয় । 

( গ ) কার্যালয়ৰ দ্বাৰা সূচনা আৰু অনুশীলন হােৱাত পৰিচালনাৰ দ্বাৰা নিয়ন্ত্ৰণযােগ্য হয় । 

৩৯। আনুষ্ঠানিক জ্ঞাতকৰণৰ চাৰিটা অসুবিধাৰ বিষয়ে লিখা । 

উত্তৰঃ আনুষ্ঠানিক জ্ঞাতকৰণৰ চাৰিটা অসুবিধা হ’ল– 

( ক ) আনুষ্ঠানিক জ্ঞাতকৰণ লেহেমীয়া হয় । 

( খ ) এই জ্ঞাতকৰণ অব্যক্তিক আৰু আনুষ্ঠানিক হােৱাত বহুত ক্ষেত্ৰত কৰ্মচাৰীৰ বাবে আপেক্ষাজনিত উদ্বেগৰ কাৰণ হয় । 

( গ ) আনুষ্ঠানিক জ্ঞাতকৰণ অধিক কেন্দ্রীয় অথবা আনুষ্ঠানিক হয় বাবে কৰ্মচাৰীৰ বাধাৰ কাৰণ হয় । 

Sl. No.সূচী-পত্ৰ
প্ৰথম খণ্ডপৰিচালনাৰ নীতি আৰু কার্য
Chapter 1পৰিচালনাৰ প্রকৃতি আৰু তাৎপর্য ।
Chapter 2পৰিচালনাৰ নীতি ।
Chapter 3ব্যৱসায় / ব্যৱসায়িক পৰিৱেশ ।
Chapter 4পৰিকল্পনাকৰণ ।
Chapter 5সংগঠনকৰণ ।
Chapter 6কর্মচাৰী নিযুক্তকৰণ ।
Chapter 7নির্দেশিতকৰণ ।
Chapter 8নিয়ন্ত্রণকৰণ ।
দ্বিতীয় খণ্ডব্যৱসায়িক বিত্ত আৰু ৰজাৰৰ
Chapter 9বিত্তীয় পৰিচালনা ।
Chapter 10বিত্তীয় বজাৰ ।
Chapter 11বজাৰকৰণ ।
Chapter 12উপভােক্তা সুৰক্ষা ।

৪০। ‘নেতৃত্ব হ’ল নির্দেশকৰণৰ এটা গুৰুত্বপূর্ণ উপাদান — তুমি সম্মত হােৱানে ? তােমাৰ উত্তৰৰ সপক্ষে চাৰিটা যুক্তি দিয়া । 

উত্তৰঃ নেতৃত্ব হ’ল নির্দেশনাৰ এক গুৰুত্বপূর্ণ উপাদান । নিদের্শকৰণ সফল হ’বৰ বাবে সুস্থ আৰু সক্রিয় নেতৃত্বৰ প্রয়ােজন । নেতৃত্ব হ’ল পৰিচালকৰ সামর্থ্যৰ যােগেদি অধীনস্থ কর্মচাৰীক দৃঢ়তা আৰু উৎসাহেৰে কাম কৰিবলৈ অনুপ্ৰেৰণা যােগােৱা কাৰ্য্য । 

নির্দেশনাত নেতৃত্ব প্রয়ােজনীয় কিয়নাে— 

( ক ) নেতৃত্বই কৰ্মীসকলৰ মাজত উৎসাহ আৰু আত্মবিশ্বাস বঢ়ায় । 

( খ ) নেতৃত্বই কৰ্মীসকলৰ মাজত বন্ধুত্বৰ ভাব যােগাই তােলে আৰু দুগুণ উৎসাহেৰে কাম কৰিবলৈ অনুপ্ৰেৰণা যােগায় । 

( গ ) পৰিচালনাৰ সকলাে স্তৰতে নেতৃত্বৰ প্রয়োজন যাতে কোনাে স্তৰতে কোনাে ধৰণৰ বিচ্ছুতি নহয় । 

( ঘ ) নেতা এজনৰ হাতত প্ৰশাসনীয় ক্ষমতাও ন্যস্ত কৰা হয় । সঠিক নির্দেশনাৰ বাবে তেওঁৰ কাৰ্য্য অপৰিহাৰ্য হৈ পৰে ।

৪১। আনুষ্ঠানিক আৰু অনানুষ্ঠানিক সংগঠনৰ মাজত পার্থক্য দেখুওৱা ।

উত্তৰঃ আনুষ্ঠানিক জ্ঞাতকৰণ প্রণালীৰ বাহিৰৰ পৰা উদ্ভৱ হােৱা জ্ঞাতকৰণ হৈছে অনানুষ্ঠানিক জ্ঞাতকৰণ । ই সংগঠনৰ গা সম্পৰ্কৰ পৰিৱৰ্তে কৰ্মৰত কৰ্মচাৰীৰ সামাজিক সম্পর্কৰ পৰা সৃষ্টি হােৱা ব্যৱস্থা । 

৪২। লিখিত আৰু মৌখিক জ্ঞাতকৰণৰ মাজত পার্থক্য দেখুওৱা । 

৪৩। নির্দেশকৰণৰ বিভিন্ন উপাদানবােৰ আলােচনা কৰা ।

উত্তৰঃ নির্দেশকৰণৰ উপাদানবােৰ হৈছে— 

( ক ) আদেশ জাৰিকৰণঃ নিদের্শকৰণত আদেশ জাৰিকৰণ হৈছে , প্রধান উপাদান । আদেশ জাৰিকৰণৰ জৰিয়তে পৰিচালকে অধীনস্থসকলক যিকোনাে কাম আৰম্ভ , প্রচলিত পদ্ধতি , সংশােধন কৰা , স্থগিত কৰা আদিৰ জাননী দিয়ে । 

( খ ) নেতৃত্ব প্রদানঃ নির্দেশকৰণত নেতৃত্বই পৰিচালকৰ দ্বাৰা অধীনস্থসকলক বাট দেখুওৱা , উপদেশ দিয়া পদ্ধতিক বুজায় । ইয়াৰ দ্বাৰা পৰিচালক সকলে ব্যক্তি আৰু সংগঠন উভয়ৰে সৰ্বোচ্চ সন্তুষ্টি লাভৰ পথ সুচল কৰে ।

( গ ) জ্ঞাতকৰণঃ জ্ঞাতকৰণক নির্দেশকৰণৰ এক গুৰুত্বপূর্ণ উপাদান হিচাপে গণ্য কৰা হয় । ই ভাব বিনিময়ৰ আহিলা হিচাপে কোনাে বাৰ্তাৰ প্ৰেৰক আৰু গ্ৰাহকক একেলগ কৰে ।

( ঘ ) অনুপ্রাণিত কৰণঃ সংগঠনত অনুপ্রাণিতকৰণে ব্যক্তিৰ উত্তম কার্যসম্পাদনত প্ৰেৰণা জগাই উদ্দেশ্য সিদ্ধি সহজ কৰে । নির্দেশকৰণত অনুপ্ৰেৰণা সৃষ্টি অবিহনেই ফলপ্রসূ হােৱা আশা কৰা নাযায় । সেইবাবে পৰিচালনাই অধীনস্থলৈ নির্দেশ জাৰি কৰােতে নির্দেশ পালনৰ বাবে অনুপ্ৰেৰণা সৃষ্টি কৰাৰ পদক্ষেপ গ্রহণ কৰে । 

৪৪। নেতৃত্ব আৰু পৰিচালনাৰ মাজত পার্থক্য দেখুওৱা । 

৪৫। জ্ঞাতকৰণ প্রক্রিয়া সফল কৰিবৰ বাবে চাৰিটা উপায় উল্লেখ কৰা । 

উত্তৰঃ জ্ঞাতকৰণ প্রক্রিয়া সফল কৰাৰ চাৰিটা উপায় হলঃ 

( ক ) প্রত্যক্ষ যােগাযােগঃ যােগাযােগৰ কাৰণে এনে এক প্রণালী ব্যৱহাৰ কৰা উচিত যাৰ দ্বাৰা বার্তা প্ৰেৰকজনে নির্দিষ্ট প্রাপকজনক প্রত্যক্ষভাবে যােগাযোগ কৰিব পাৰে । 

( খ ) পাৰস্পৰিক বিশ্বাসঃ বিশেষকৈ মৌখিক যােগাযােগৰ বাবে বার্তা প্রেৰক আৰু প্ৰাপক এই দুইজনেই এজন আনজনক বিশ্বাস কৰিব লাগিব । 

( গ ) সমন্বয় সাধন :- যদিহে প্ৰতিষ্ঠানৰ বিভিন্ন বিভাগৰ মাজত ফলপ্রসূ সমন্বয় সাধন কৰিব পাৰি তেতিয়া যােগাযােগ প্রতিবন্ধকসমূহ হ্রাস পায় ।

( ঘ ) ভাষাৰ সমতা :- যােগাযােগ ব্যৱস্থা এনে এক ভাষা ব্যৱহাৰ কৰা উচিত যে বার্তা প্রেৰক আৰু প্রাপক দুইজনেই শুদ্ধকৈ লিখিব পাৰে । 

৪৬। ‘নির্দেশকৰণেই পৰিচালনাৰ মূলমন্ত্র’ । আলােচনা কৰা । 

উত্তৰঃ নির্দেশকৰণ হৈছে সংগঠনৰ উদ্দেশ্য সাধনৰ প্রতি মানৱ সম্পদক শিক্ষিত কৰা , উপদেশ দিয়া , পৰামর্শ দিয়া , অনুপ্রাণিত কৰা আৰু নেতৃত্ব দিয়া পদ্ধতি । Koonty And O . Donnell ৰ মতে নির্দেশকৰণ হৈছে পৰিচালনাৰ আন্তঃব্যক্তিগত দিশ , যাৰ দ্বাৰা প্ৰতিষ্ঠানৰ উদ্দেশ্যত উপনীত হ’বলৈ অধীনস্থসকলক উদ্দেশ্য বুজাবলৈ আৰু ফলপ্রসুতা আৰু পাৰদৰ্শিতাৰে বৰঙণি আগবঢ়াবলৈ নেতৃত্ব দিয়া হয় ।

নির্দেশনাৰ প্ৰয়ােজন হয় পৰিকল্পনাক বাস্তৱ ৰূপ দিয়াৰ উপৰি ব্যৱসায়ৰ পূর্বে নির্ধাৰিত লক্ষ্য আৰু উদ্দেশ্য মানক কৰাৰ বাবে । নির্দেশনাৰ আৱশ্যকতা বা গুৰুত্বসমূহ হ’ল— 

( ক ) মানব সম্পদৰ লগত জড়িতঃ ই হৈছে পৰিচালনাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰ্য্য , যাৰ লগত মানৱ সম্পদ জড়িত হৈ থাকে । মানৱ সম্পদেই হ’ল উৎপাদনৰ মূল উপাদান আৰু ইয়াৰ সুন্দৰ ব্যৱহাৰৰ বাবে নির্দেশনাৰ দৰকাৰ । 

( খ ) দক্ষতা বৃদ্ধি :- নির্দেশনাই মানৱ সম্পদৰ সুস্থ ব্যৱহাৰৰ লগে লগে ইয়াক অনুপ্রাণিত কৰি দক্ষতাও বৃদ্ধি কৰে । 

( গ ) কামৰ আৰম্ভণঃ নির্দেশনা হৈছে এনে এক কাৰ্য্য যাৰ দ্বাৰা প্রতিষ্ঠান এটালৈ সজীৱতা , অনা হয় আৰু কৰ্মীসকলে নিজৰ নিজৰ কামৰ যােগেদি ব্যৱসায়ৰ পূর্ব নির্ধাৰিত লক্ষ্যত উপনীত হ’ব চেষ্টা কৰে । 

See Next Page No Below…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top