Class 11 Logic and Philosophy Important Chapter 7 জ্ঞানৰ উৎপত্তি সম্পর্কীয় তত্ব

Class 11 Logic and Philosophy Important Chapter 7 জ্ঞানৰ উৎপত্তি সম্পর্কীয় তত্ব Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Logic and Philosophy Important Chapter 7 জ্ঞানৰ উৎপত্তি সম্পর্কীয় তত্ব Solutions in Assamese and select need one. Class 11 Logic and Philosophy Additional Solutions Assamese Medium Download PDF. HS 1st Year Logic and Philosophy Important Question Answer in Assamese.

Class 11 Logic and Philosophy Important Chapter 7 জ্ঞানৰ উৎপত্তি সম্পর্কীয় তত্ব

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Logic and Philosophy Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Logic and Philosophy Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 7

PART – 2: দর্শন
IMPORTANT QUESTION AND ANSWER

অতিৰিক্ত প্ৰশ্ন উত্তৰ: 

১। জ্ঞানবিদ্যা (Epistemology) বুলিলে কি বুজায়?

উত্তৰঃ দৰ্শনৰ যিটো শাখাই জ্ঞানৰ উৎপত্তি, স্বৰূপ, চৰ্ত আৰু সীমা আদি আলোচনা কৰে তাক জ্ঞানবিদ্যা বোলে।

২। বুদ্ধিবাদ অনুসৰি জ্ঞানৰ উৎস কি?

উত্তৰঃ বুদ্ধিবাদ অনুসৰি জ্ঞানৰ উৎস হৈছে বুদ্ধি।

৩। বুদ্ধিবাদী দাৰ্শনিকসকল ইন্দ্ৰিয়জ জ্ঞানক কিয় অযথার্থ বুলি কয়?

উত্তৰঃ কাৰণ, ইন্দ্ৰিয়জ জ্ঞান বস্তুৰ বাহ্যিক ৰূপৰ জ্ঞানহে দিয়ে, ই তাৎক্ষণিক, অসম্পূর্ণ আৰু অনিশ্চিত।

৪। প্লেটোৰ মতে কিয় অভিজ্ঞতা যথার্থ জ্ঞান নহয়?

উত্তৰঃ প্লেটোৰ মতে অভিজ্ঞতা ক্ষণিক, ব্যক্তিগত আৰু অনিশ্চিত, কিন্তু সত্য জ্ঞান সার্বজনীন, অনিবার্য আৰু নিশ্চিত।

৫। ডেকাৰ্টৰ মতে কিমান ধৰণৰ ধাৰণা থাকে?

উত্তৰঃ ডেকাৰ্টৰ মতে তিনিধৰণৰ ধাৰণা থাকে — (1) আগন্তুক ধাৰণা, (2) কৃত্রিম বা কাল্পনিক ধাৰণা, (3) অন্তর্জাত ধাৰণা।

৬। বুদ্ধিবাদৰ মূল বক্তব্য কি?

উত্তৰঃ বুদ্ধিবাদ মতে, বুদ্ধিয়েই জ্ঞানৰ একমাত্র উৎস।

৭। জন লকে মনক কি হিচাপে বর্ণনা কৰিছে?

উত্তৰঃ জন লকে মনক এখন অলিখিত কাগজ (Tabula Rasa) হিচাপে বর্ণনা কৰিছে।

৮। হিউমৰ মতে জ্ঞানৰ উৎস কি?

উত্তৰঃ হিউমৰ মতে ইন্দ্ৰিয় অভিজ্ঞতা হৈছে জ্ঞানৰ একমাত্র উৎস।

৯। স্পিনোজাৰ মতে কিহে দৰ্শনৰ উদ্দেশ্য?

উত্তৰঃ স্পিনোজাৰ মতে দৰ্শনৰ উদ্দেশ্য হৈছে বিষয় বস্তুৰ পূৰ্ণজ্ঞান অৰ্জন কৰা।

১০। লাইবনিজে মন বা আত্মাক কি বুলি অভিহিত কৰিছে?

উত্তৰঃ লাইবনিজে মন বা আত্মাক “মনাড” (Monad) বুলি অভিহিত কৰিছে।

তলত দিয়া প্ৰশ্ন সত্য অসত্য লিখা 

১। বুদ্ধিবাদ মতে, বুদ্ধিয়েই জ্ঞানৰ একমাত্র উৎস।

উত্তৰঃ সত্য।

২। অন্তৰ্জাত ধাৰণাৰ পৰা লাভ কৰা জ্ঞান সন্দিগ্ধ আৰু অসাৰ।

উত্তৰঃ অসত্য।

৩। বুদ্ধিবাদী সকলে ইন্দ্ৰিয় অভিজ্ঞতাক সম্পূৰ্ণভাৱে অস্বীকাৰ কৰে।

উত্তৰঃ অসত্য।

৪। অভিজ্ঞতাবাদ মতে, জন্মৰ সময়ত মন অলিখিত বগা কাগজৰ নিচিনা।

উত্তৰঃ সত্য।

৫। সংবেদন আৰু অন্তৰ্দর্শন অভিজ্ঞতাৰ দুই প্ৰকাৰ।

উত্তৰঃ সত্য।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top