Class 11 Logic and Philosophy Important Chapter 6 ভাৰতীয় দর্শন

Class 11 Logic and Philosophy Important Chapter 6 ভাৰতীয় দর্শন Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Logic and Philosophy Important Chapter 6 ভাৰতীয় দর্শন Solutions in Assamese and select need one. Class 11 Logic and Philosophy Additional Solutions Assamese Medium Download PDF. HS 1st Year Logic and Philosophy Important Question Answer in Assamese.

Class 11 Logic and Philosophy Important Chapter 6 ভাৰতীয় দর্শন

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Logic and Philosophy Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Logic and Philosophy Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 6

PART – 2: দর্শন
IMPORTANT QUESTION AND ANSWER

অতিৰিক্ত প্ৰশ্ন উত্তৰ: 

১। ‘দৰ্শন’ শব্দৰ মূল অৰ্থ কি?

উত্তৰঃ ‘দৰ্শন’ শব্দটো ‘দৃশ’ ধাতুৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে ‘দেখা’ বা ‘প্ৰত্যক্ষ কৰা’।

২। ভাৰতীয় দৰ্শনৰ মূল উদ্দেশ্য কি?

উত্তৰঃ জীৱন আৰু জগতৰ সত্য উপলব্ধি কৰি তাক জীৱনত প্ৰয়োগ কৰা।

৩। ‘Philosophy’ শব্দৰ অৰ্থ কি?

উত্তৰঃ ‘Philosophy’ শব্দৰ অৰ্থ হৈছে ‘জ্ঞানৰ প্ৰতি প্ৰেম’ (‘Philos’ = প্ৰেম, ‘Sophia’ = জ্ঞান)।

৪। ভাৰতীয় দৰ্শনৰ বৈশিষ্ট্য কি?

উত্তৰঃ ই আধ্যাত্মিক পটভূমি সম্পন্ন, আদর্শ আৰু বাস্তৱৰ সমন্বয়।

৫। ভাৰতীয় দৰ্শন আৰু ধৰ্মৰ সম্পৰ্ক কি?

উত্তৰঃ ভাৰতীয় দৰ্শন ধৰ্মৰ সৈতে গভীৰভাৱে জড়িত; সত্যৰ বাস্তৱ অভিজ্ঞতাই ধৰ্ম।

৬। ভাৰতীয় দৰ্শনৰ প্রাচীনতম উৎস কি?

উত্তৰঃ বেদসমূহ (ঋগ্বেদ, যজুৰ্বেদ, সামবেদ, অথৰ্ববেদ)।

৭। ‘চাক্ষুস জ্ঞান’ আৰু ‘আন্তঃপ্ৰত্যক্ষ জ্ঞান’ৰ পাৰ্থক্য কি?

উত্তৰঃ চাক্ষুস জ্ঞান বাহ্যিক চকুৰে দেখা; আন্তঃপ্ৰত্যক্ষ জ্ঞান ভিতৰৰ সত্য উপলব্ধি।

৮। ভাৰতীয় দৰ্শনৰ নটা সম্প্ৰদায় কোনে কোনে?

উত্তৰঃ চার্বাক, বৌদ্ধ, জৈন, ন্যায়, বৈশেষিক, সাংখ্য, যোগ, মীমাংসা, বেদান্ত।

৯। ভাৰতীয় দৰ্শনৰ এটা মুখ্য লক্ষণ কি?

উত্তৰঃ বেদৰ প্ৰভাৱ — অধিকাংশ সম্প্ৰদায়ে বেদ স্বীকাৰ কৰে বা সমালোচনা কৰি চিন্তা গঢ়ে।

১০। দ্বন্দ্বাত্মক যুক্তি পদ্ধতি বুলিলে কি বুজায়?

উত্তৰঃ বিৰোধী মত খণ্ডন কৰি নিজৰ মত প্ৰতিষ্ঠা কৰা যুক্তিৰ পদ্ধতি।

দীঘল প্ৰশ্ন উত্তৰ: 

১। ভাৰতীয় দৰ্শনৰ উৎসৰ বিষয়ে লিখা।

উত্তৰঃ ভাৰতীয় দর্শনক প্রাচীনতম উৎস বেদসমূহ বুলি কোৱা হয়। সংস্কৃত ‘বিদ’ ধাতুৰ পৰা বেদ শব্দটো আহিছে যাৰ অৰ্থ ‘জ্ঞান’। ভাৰতীয় চিন্তাত জ্ঞান শব্দৰ অৰ্থ সত্য। গতিকে ‘বেদ’ শব্দৰ অৰ্থ হৈছে সত্য। উপনিষদসমূহ বেদৰ এটা বিভাগ। এইবোৰ বেদৰ তাত্বিক চিন্তাধাৰাৰ অন্য ৰূপ। চাৰিখন বেদ আমি পাও- ঋক্, জজু, সাম আৰু অথৰ্ব। ভাগৱত গীতাত উপনিষদসমূহৰ বাণীবোৰ সংক্ষিপ্তভাৱে উল্লেখ আছে। আমি ৰামায়ণ আৰু মহাভাৰত নামৰ দুখন মহাকাব্য পাওঁ যত প্রাচীন দার্শনিক চিন্তাধাৰাসমূহ সন্নিৱিষ্ট আছে। এইদৰে ভাৰতীয় দৰ্শনৰ বিভিন্ন প্রস্থানসমূহ বেদ, উপনিষদ, গীতা আৰু মহাকাব্যসমূহৰ পৰা গঢ়ি উঠিছে। এইবোৰ উৎসৰ প্ৰতি যথাযথ আনুগত্য থকা সত্ত্বেও প্রস্থান প্রত্যক্ষ বা পৰোক্ষভাৱে হওক বেদ আৰু উপনিষদৰ লগত জড়িত।

২। ভাৰতীয় দৰ্শনৰ সাধাৰণ লক্ষণ লিখা।

উত্তৰঃ এটা জাতিৰ মৌলিক কৃষ্টি-সংস্কৃতিৰ সাৰ অংশখিনি সেই জাতিৰ দৰ্শন। ভাৰতীয় দর্শন নটা সম্প্রদায়ত বিভক্ত। প্রত্যেক সম্প্রদায়ে সূক্ষ্ম বিচাৰ-বিশ্লেষণ পদ্ধতিৰে আগবাঢ়ি ভাৰতীয় দৰ্শনৰ ক্ৰমবিকাশ ধাৰা গঢ়ি তুলিছে। ইয়াৰ মাজত আমি এটা ঐক্যৰ উপস্থিতি অনুভৱ কৰো, যাক ভাৰতৰ আত্মা বুলিব পাৰি। সেইদৰে ভাৰতীয় লোকৰ নৈতিকতা, কৃষ্টি আদিৰ সমন্বয়ত বিকশিত হোৱা চিন্তাধাৰাত মতবিৰোধ থাকিলেও কিছুমান সাদৃশ্যপূর্ণ লক্ষণ থকাটো অতি স্বাভাৱিক। ভাৰতীয় দার্শনিক সম্প্রদায়সমূহৰ মাজত পৰিলক্ষিত এনে সাদৃশ্যৰ বিষয়বোৰক ভাৰতীয় দৰ্শনৰ সাধাৰণ লক্ষণ বোলা হয়। তলত এই লক্ষণবোৰ আলোচনা কৰা হ’ল।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top