Class 11 Logic and Philosophy Important Chapter 5 দর্শন Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Logic and Philosophy Important Chapter 5 দর্শন Solutions in Assamese and select need one. Class 11 Logic and Philosophy Additional Solutions Assamese Medium Download PDF. HS 1st Year Logic and Philosophy Important Question Answer in Assamese.
Class 11 Logic and Philosophy Important Chapter 5 দর্শন
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Logic and Philosophy Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Logic and Philosophy Important Solutions in Assamese for All Chapters, You can practice these here.
দর্শন
Chapter: 5
| PART – 2: দর্শন |
| IMPORTANT QUESTION AND ANSWER |
অতিৰিক্ত প্ৰশ্ন উত্তৰ:
১। চিন্তাৰ আকাৰ সম্বন্ধীয় বিজ্ঞান কি কি?
উত্তৰঃ তর্কবিজ্ঞান, গণিত, জ্যামিতি আদি চিন্তাৰ আকাৰ সম্বন্ধীয় বিজ্ঞান বোলে।
২। পৰমসত্তা কাক বোলে?
উত্তৰঃ এই প্রতিভাসিক জগতৰ অন্তৰালত আন এক প্ৰকৃত জগত বা সত্য আছে যাক পৰমসত্তা বোলা হয়।
৩। ইংৰাজীত জ্ঞানবিদ্যাক কি বোলা হয়।
উত্তৰঃ ইংৰাজীত জ্ঞানবিদ্যাক Epistemology বোলা হয়।
৪। ‘Epistemology’ শব্দৰ ব্যুৎপত্তিগত অর্থ কি?
উত্তৰঃ ‘Epistemology’ শব্দৰ ব্যুৎপত্তিগত অর্থ হৈছে জ্ঞানবিদ্যা বা জ্ঞানবিজ্ঞান অর্থাৎ জ্ঞান সম্পর্কীয় বিজ্ঞানসন্মত আলোচনা।
৫। অৱভাস কাক বোলে?
উত্তৰঃ আমাৰ অভিজ্ঞতাৰ দ্বাৰা জগতৰ বস্তু সম্বন্ধে যি জ্ঞান হয় সি হ’ল জগতৰ বাহ্যিক ৰূপৰ জ্ঞান। জগতৰ এই বাহ্যিক ৰূপকেই অৱভাস (Appearance) বোলা হয়।
৬। জীৱনৰ পৰমমূল্য তিনিটা কি কি?
উত্তৰঃ জীৱনৰ পৰমমূল্য তিনিটা হ’ল- সত্য (Truth), সুন্দৰ (Beauty) আৰু শিৱ (Goodness)।
৭। জীৱনৰ পৰমমূল্য এই তিনিটা আদর্শ বা প্রমূল্যক আমি জগতৰ কি বিচাৰো?
উত্তৰঃ এই তিনিটা আদর্শ বা প্রমূল্যক লৈ আমি জগতৰ বস্তু, জ্ঞান আৰু আচৰণৰ মূল্য বিচাৰ কৰো।
৮। প্রমূল্য বিজ্ঞান বা আদর্শবিজ্ঞানসমূহ কি কি?
উত্তৰঃ প্রমূল্য বিজ্ঞান বা আদর্শবিজ্ঞানসমূহ হ’ল-তর্কবিজ্ঞান, নীতিবিজ্ঞান, সৌন্দর্যবিজ্ঞান, ধর্মদর্শন আদি।
৯। বিজ্ঞানে বিশ্বজগতক বিভিন্ন ভাগত ভাগ কৰি আলোচনা কৰা বিভাগসমূহ কি?
উত্তৰঃ বিজ্ঞানে বিশ্বজগতক বিভিন্ন ভাগত ভাগ কৰি আলোচনা কৰা বিভাগসমূহ হ’ল যেনে-জড়বিজ্ঞান, জীৱবিজ্ঞান, সামাজিক বিজ্ঞান আৰু চিন্তাৰ আকাৰগত বিজ্ঞান আদি।
১০। বস্তু বা জগতৰ বাহ্যিক ৰূপ কি?
উত্তৰঃ চকু, কাণ, নাক, জিভা, ছাল আদি ইন্দ্ৰিয় প্ৰত্যক্ষৰ জৰিয়তে জগতৰ বস্তুসমূহৰ বিষয়ে যি অভিজ্ঞতা হয় সেয়ে বস্তু বা জগতৰ বাহ্যিক ৰূপ।
দীঘল প্ৰশ্ন উত্তৰ:
১। দর্শন আৰু বিজ্ঞান পার্থক্য লিখা?
উত্তৰঃ “যদিও দৰ্শন আৰু বিজ্ঞানৰ মূল উদ্দেশ্য হ’ল জ্ঞান অন্বেষণ, তথাপিও জ্ঞান আহৰণৰ পদ্ধতি, আলোচ্য বিষয়ৰ পৰিসৰ আৰু আন বহুতো ক্ষেত্ৰত এই দুয়োৰে মাজত গুৰুত্বপূর্ণ পাৰ্থক্য দেখা যায়। উদাহৰণস্বৰূপে –
(i) বিজ্ঞানে জগতৰ বস্তুসমূহৰ কেৱল বাহ্যিক ৰূপৰহে জ্ঞান দিয়ে; কিন্তু দর্শনে জগতৰ বাহ্যিক ৰূপ আৰু ইয়াৰ অন্তর্নিহিত স্বৰূপ, অর্থাৎ সত্তাৰ বিষয়েও জ্ঞান দিয়ে। বিজ্ঞানৰ জৰিয়তে প্ৰকৃতি জগতৰ কোনো এটা বিষয়ৰ অভিজ্ঞতাৰে লাভ কৰা অৱভাসিক ৰূপটোৰ বিষয়ে আমি জানিব পাৰো। কিন্তু দর্শনে অভিজ্ঞতাৰে লাভ কৰা জগতখনৰ অৱভাসিক ৰূপৰ জ্ঞানৰ ওপৰত ভিত্তি কৰি ইয়াৰ অন্তৰালত থকা পৰমসত্তাৰ স্বৰূপ জানিবলৈ আগবাঢ়ে।
(ii) বিজ্ঞানে জগতৰ কোনো এটা বিষয়ৰ জ্ঞান অন্বেষণ কৰোতে কিছুমান বিধি বা নিয়ম আৰু জ্ঞানৰ অপৰিহাৰ্য প্রত্যয়ক বিনা বিচাৰে স্বতঃসিদ্ধ বুলি স্বীকাৰ কৰি লয়। উদাহৰণ স্বৰূপে প্ৰকৃতিৰ একৰূপতা বিধি, দেশ, কাল, দ্রব্য, কাৰ্যকাৰণ সম্বন্ধ নিয়ম আদি তথ্যবোৰ বিজ্ঞানে কোনো বিচাৰ নকৰাকৈ স্বীকাৰ কৰে। কিন্তু দৰ্শনে এই তথ্যবোৰৰ সত্যাসত্য বিচাৰ নকৰাকৈ বিনা বিচাৰে স্বীকাৰ নকৰে; বৰং বিজ্ঞানৰ স্বতঃসিদ্ধ সত্য বা বিনা বিচাৰে স্বীকৃত নীতিবোৰৰ বিচাৰমূলক পৰীক্ষাৰ দ্বাৰা যুক্তিপূর্ণ বিশ্লেষণাত্মক পদ্ধতিৰে বৈধতা নিৰ্ণয়ৰ চেষ্টা কৰে।
(iii) বিজ্ঞানে জগতৰ কোনো বস্তু বা ঘটনাৰ সার্বিক ব্যাখ্যা দিওতে বস্তু বা ঘটনাৰ কোনো মূল্য নিৰূপণ নকৰে; কিন্তু দর্শনে জগতৰ সামগ্রিক ব্যাখ্যা দিয়াৰ উপৰিও তাৰ মূল্য নিৰূপণো কৰে। কাৰণ দৰ্শনৰ মূল উদ্দেশ্যই হ’ল জগতৰ সম্পূৰ্ণ সার্বিক ব্যাখ্যা দিয়া আৰু ইয়াৰ মূল্যায়ন কৰা।
২। প্রমূল্যবিজ্ঞান ব্যাখ্যা কৰা।
উত্তৰঃ জ্ঞানবিদ্যা আৰু অধিবিদ্যাৰ উপৰিও দৰ্শনৰ এটা গুৰুত্বপূৰ্ণ ভাগ হ’ল প্রমূল্যবিজ্ঞান বা আদর্শবিজ্ঞান। জগত আৰু জীৱনৰ সামগ্রিক আলোচনা, ব্যাখ্যা আৰু মূল্য অৱধাৰণ কৰাই দৰ্শনৰ কাম। গতিকে, প্ৰমূল্য বিজ্ঞানৰ জৰিয়তে দৰ্শনে জীৱন আৰু জগতৰ মূল্য নিৰূপণ কৰে। সেয়ে দৰ্শনৰ পৰিসৰত আদর্শ বা মূল্যও অন্তর্ভুক্ত। প্রমূল্য বিজ্ঞানে তিনিটা পৰম মূল্যক আদর্শ হিচাপে লৈ জীৱন আৰু জগতৰ মূল্যায়ন কৰে। জীৱনৰ এই পৰমমূল্য তিনিটা হ’ল- সত্য (Truth), সুন্দৰ (Beauty) আৰু শিৱ (Goodness)। এই তিনিটা আদর্শ বা প্রমূল্যক লৈ আমি জগতৰ বস্তু, জ্ঞান আৰু আচৰণৰ মূল্য বিচাৰ কৰো। প্ৰমূল্য বিজ্ঞানে আমাৰ এনে মূল্য বিচাৰ ব্যক্তিগত নে বস্তুগত, মানৱ জীৱনৰ পৰম আদর্শ বা মূল্য অর্থাৎ সত্য, শিৱ আৰু সুন্দৰৰ তাৎপর্য, ইয়াৰ যথার্থতা আৰু পৰমসত্তাৰ লগত এই তিনিটা আদৰ্শৰ সম্বন্ধ কেনেধৰণৰ ইত্যাদি সম্পর্কেও আলোচনা কৰে। প্রমূল্য বিজ্ঞান বা আদর্শবিজ্ঞানসমূহ হ’ল-তর্কবিজ্ঞান, নীতিবিজ্ঞান, সৌন্দর্যবিজ্ঞান, ধর্মদর্শন আদি তর্কবিজ্ঞানত “সত্যতা” প্ৰমূল্য হিচাপে ধৰা হয়; নীতিবিজ্ঞানত “পৰমকল্যাণ” বা “পৰমশ্রেয়” প্ৰমূল্য; সৌন্দর্যবিজ্ঞানত “সৌন্দৰ্য” আৰু ধৰ্ম-দৰ্শনত “পৱিত্ৰতা” প্ৰমূল্য হিচাপে গ্ৰহণ কৰা হয়। এইদৰে দেখা যায় যে, দৰ্শন বিভিন্ন শাখাত মানৱ জীৱনৰ বেলেগ-বেলেগ মৌলিক আদৰ্শৰ সন্ধান কৰে। সেয়েহে দৰ্শনত জীৱনৰ মূল তিনিটা আদৰ্শ “সত্য”, “শিৰ” (উৎকৃষ্টতা), আৰু “সুন্দৰ” বুলি কোৱা হয়।
জীৱনৰ এই আদৰ্শসমূহ বা প্ৰমূল্যসমূহৰ অধ্যয়ন কৰা খণ্ডক “প্ৰমূল্য-দৰ্শন” বোলা হয়, যি সত্তাৰ সৈতে মূল্যৰ সম্পৰ্ক, ইয়াৰ আত্মনিষ্ঠ নে বস্তুনিষ্ঠ স্বৰূপ আদি বিষয়ৰ গভীৰ আলোচনা কৰে।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.

