Class 11 Logic and Philosophy Important Chapter 4 প্রতীকাত্মক তর্কবিজ্ঞান Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Logic and Philosophy Important Chapter 4 প্রতীকাত্মক তর্কবিজ্ঞান Solutions in Assamese and select need one. Class 11 Logic and Philosophy Additional Solutions Assamese Medium Download PDF. HS 1st Year Logic and Philosophy Important Question Answer in Assamese.
Class 11 Logic and Philosophy Important Chapter 4 প্রতীকাত্মক তর্কবিজ্ঞান
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Logic and Philosophy Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Logic and Philosophy Important Solutions in Assamese for All Chapters, You can practice these here.
প্রতীকাত্মক তর্কবিজ্ঞান
Chapter: 4
| PART – 1: তর্কবিজ্ঞান |
| IMPORTANT QUESTION AND ANSWER |
অতিৰিক্ত প্ৰশ্ন উত্তৰ:
১। নঞর্থক ফলন কাক বোলে?
উত্তৰঃ যদি p এটা উক্তি তেনেহ’লে, p-ত ‘নহয়’ বা ‘এইটো মিছা যে’ অনুবন্ধবোৰ (prefix) যুক্ত কৰি পোৱা উক্তিটোক p-ৰ নঞর্থক উক্তি বোলা হয়। p-ৰ নঞর্থক ~p বুলি লিখা হয়।
২। বিকল্পাত্মক ফলন কাক বোলে?
উত্তৰঃ দুটা সৰল উক্তিক অবিকাৰী প্ৰতীক ‘নাইবা’ (v) ৰে সংযুক্ত কৰি পোৱা যৌগিক উক্তিটোকে বিকল্পাত্মক ফলন বোলে।
৩। ফলন বা তাৎপর্যমূলক ফলন কাক বোলে?
উত্তৰঃ p আৰু q দুটা উক্তি হ’লে ‘যদি p তেন্তে q’ আৰ্হিৰ উক্তিবোৰক নিহিতাৰ্থক ফলন বা তাৎপর্যমূলক ফলন বোলা হয়।
৪। অবিকাৰী প্ৰতীক কাক বোলে?
উত্তৰঃ যিবোৰ প্রতীকে যৌগিক বিবৃতি সমূহৰ আকাৰ প্ৰকাশ কৰি বচন ৰীতি অনুযায়ী যেতিয়াই ব্যৱহৃত হয়, প্রত্যেক বাৰেই একেটা অর্থই প্রকাশ কৰে সেইবোৰকেই অবিকাৰী প্রতীক বুলি কোৱা হয়।
৫। পাঁচটা মৌলিক সত্য-ফলনৰ নাম লিখা।
উত্তৰঃ পাঁচটা মৌলিক সত্য-ফলনৰ নাম হ’ল-
(1) নঞর্থক ফলন।
(2) সংযোজক ফলন।
(3) বিকল্পাত্মক ফলন।
(4) নিহিতার্থ মূলক ফলন।
(5) সমার্থক ফলন।
৬। p.q ৰ যোজক কাক বোলে?
উত্তৰঃ p আৰু q দুয়োটাকে সংযোজক ফলন p.q ৰ যোজক বুলি কোৱা হয়।
৭। চল বা পৰিবৰ্ত্য কাক বোলে?
উত্তৰঃ গতিকে যি প্রতীক চিহ্নৰ ঠাইত কোনো বিশেষ পৰিসৰৰ অন্তৰ্গত যি কোনোকে প্রতিস্থাপিত কৰা হয়, তাকেই চল বা পৰিবৰ্ত্য (variable) বোলা হয়।
৮। এটা সংযোজক ফলনৰ কেইটা পৰিবৰ্ত্য থাকে?
উত্তৰঃ এটা সংযোজক ফলনৰ দুটা পৰিবৰ্ত্য থাকে।
৯। বিকল্পাত্মক ফলন কাক বোলে?
উত্তৰঃ ৰে সংযুক্ত কৰি পোৱা যৌগিক উক্তিটোকে বিকল্পাত্মক ফলন বোলে।
১০। তর্কীয় অসত্য বুলি কেতিয়া বৰ্ণনা কৰা হয়।
উত্তৰঃ যেতিয়া প্রধান অবিকাৰী প্ৰতীকৰ তলৰ স্তম্ভত গোটেই কেইটা সত্য-মূল্য FFFF হয়, তেতিয়া বিবৃতিটোক এটা তর্কীয় অসত্য বুলি বৰ্ণনা কৰা হয়।
দীঘল প্ৰশ্ন আৰু উত্তৰ:
১। অবিকাৰী প্ৰতীক আৰু পৰিবৰ্ত্য বিষয় বহলাই লিখা।
উত্তৰঃ প্ৰতীকাত্মক তর্কবিজ্ঞানত জটিল বিবৃতি এটাক প্ৰকাশ কৰিবলৈ মূলতঃ দুবিধ ধৰণৰ প্ৰতীক ব্যৱহাৰ কৰা হয়। অবিকাৰী প্ৰতীক আৰু পৰিবৰ্ত্য।
অবিকাৰী প্ৰতীক: অবিকাৰী প্ৰতীক সেইসকল প্ৰতীকক কোৱা হয়, যিবোৰে যৌগিক বিবৃতিসমূহৰ গঠন বা আকাৰ প্ৰদৰ্শন কৰে আৰু যিকোনো পৰিস্থিতিত ব্যৱহৃত হ’লেও, সদায় একে অৰ্থেই প্ৰকাশ কৰে।
পৰিবৰ্ত্য: বচনাত্মক তর্কবিজ্ঞানত (যি প্রতীকাত্মক তর্কবিজ্ঞানৰ এটা শাখা), তলত উল্লেখ কৰা প্ৰতীকসমূহক অবিকাৰী প্ৰতীক হিচাপে গণ্য কৰা হয় –
(i) ~ (নঞর্থক চিহ্ন, ‘এইটো মিছা যে’ বা ‘নহয়’ বুলি কোৱা হয়)।
(ii). (সংযোজক চিহ্ন, ‘আৰু’ বুলি কোৱা হয়)।
(iii) v (বিকল্পাত্মক চিহ্ন, ‘বা’, ‘হয়/নাইবা’ বুলি কোৱা হয়)।
(iv) ⊃ (নিহিতার্থক চিহ্ন, ‘যদি-তেনেহ’লে’ বুলি কোৱা হয়)।
(v) ≡ (সমার্থক চিহ্ন, ‘যদি আৰু কেৱল যদিহে’ বুলি কোৱা হয়)।
এই পাঁচটা অবিকাৰী প্ৰতীকৰ জৰিয়তে বচনাত্মক তর্কবিজ্ঞানত বিবৃতিসমূহৰ যুক্তিগত গঠন প্ৰতিনিধিত্ব কৰা হয়।
(i) যৌগিক বচনৰ গঠন: প্ৰতিটো যৌগিক বচন তর্কীয় অবিকাৰী প্ৰতীকৰ সহায়ত সৰল বচনৰে গঠিত হয়। এই সৰল বচনবোৰেই যৌগিক বচনৰ প্ৰাথমিক উপাদান, যিবোৰ তর্কীয় অবিকাৰী ব্যৱহাৰ কৰি সংযুক্ত কৰা হয়।
(ii) তর্কীয় সংযোজক: ‘নহয়’ (~) অবিকাৰী প্ৰতীকটোৰ বাহিৰে বাকী চাৰিটা তর্কীয় অবিকাৰী প্ৰতীকক “তর্কীয় সংযোজক” বুলিও কোৱা হয়। এই প্ৰতীকসমূহে সৰল বা আন যৌগিক বচন সংযোগ কৰি নতুন যৌগিক বচন গঠন কৰে।
(iii) সংযোগৰ সীমা: প্ৰতিটো তর্কীয় সংযোজকে কেৱল দুটা বচনহে সংযোগ কৰিব পাৰে।
(iv) ‘নহয়’ (~) ৰ স্বতন্ত্রতা: ‘নহয়’ (~) বা “এইটো মিছা যে” বুলি জনা নঞর্থক অবিকাৰী প্ৰতীকটো আন সংযোজকবোৰৰ পৰা অলপ পৃথক।
ই কেৱল এটা সৰল বচনৰ লগত ব্যৱহাৰ হয় আৰু দুটা বচন সংযোগ নকৰে। সেয়ে কিছুমান তর্কবিজ্ঞানীয়ে ইয়াক সংযোজক বুলি গ্ৰহণ নকৰে। তথাপিও, ই সৰল বচনক অস্বীকাৰ কৰি যৌগিক বচন গঠন কৰে। এই কাৰণেই আন কিছুমান তর্কবিজ্ঞানীয়ে ইয়াকো সংযোজক বুলি গ্ৰহণ কৰে।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


