Class 11 Logic and Philosophy Important Chapter 3 অনুমান, নিৰপেক্ষ ন্যায় Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Logic and Philosophy Important Chapter 3 অনুমান, নিৰপেক্ষ ন্যায় Solutions in Assamese and select need one. Class 11 Logic and Philosophy Additional Solutions Assamese Medium Download PDF. HS 1st Year Logic and Philosophy Important Question Answer in Assamese.
Class 11 Logic and Philosophy Important Chapter 3 অনুমান, নিৰপেক্ষ ন্যায়
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Logic and Philosophy Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Logic and Philosophy Important Solutions in Assamese for All Chapters, You can practice these here.
অনুমান, নিৰপেক্ষ ন্যায়
Chapter: 3
| PART – 1: তর্কবিজ্ঞান |
| IMPORTANT QUESTION AND ANSWER |
১। অনুমান কি?
উত্তৰঃ অনুমান হ’ল একপ্ৰকাৰ মানসিক ক্রিয়া।
২। সমবৰ্তন কাক বোলে?
উত্তৰঃ সমবৰ্তন দুই প্ৰকাৰৰ –
(a) সৰল সমবৰ্তন।
(b) অসৰল সমবর্তন।
৩। অনুমানৰ প্ৰকাৰ কেইটা আৰু কি কি?
উত্তৰঃ অনুমানৰ প্ৰকাৰ নিগমন অনুমান (Deductive Inference) আৰু আগমন অনুমান (Inductive Inference)।
৪। অনুমান কাক বোলে?
উত্তৰঃ যি অনুমানত সার্বিক সম্বন্ধৰ জ্ঞানৰ সহায়ত বিশেষ বিশেষ সম্বন্ধৰ জ্ঞানত নাইবা আশ্রয়বাক্যত থকা সম্বন্ধতকৈ কম সার্বিকতা থকা জ্ঞানত উপনীত হোৱা যায় তাক নিগমন অনুমান বোলে।
৫। আগমন অনুমান কাক বোলে?
উত্তৰঃ যি অনুমানত বিশেষ বিশেষ সম্বন্ধৰ জ্ঞানৰ সহায়ত সামান্য সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায় তাক আগমন অনুমান বোলে।
৬। নিগমন অনুমানৰ বৈশিষ্ট্য লিখা।
উত্তৰঃ নিগমন অনুমানৰ বৈশিষ্ট্য হ’ল-
(a) সিদ্ধান্তটো এক বা একাধিক আশ্রয়বাক্যৰ পৰা নিঃসৃত হয়।
(b) সিদ্ধান্তটো আশ্রয়বাক্যত নিহিত হৈ থাকে আৰু আশ্ৰয়বাক্যৰ পৰা অনিবার্যভাৱে নিঃসৃত হয়।
৭। আগমন অনুমানৰ বৈশিষ্ট্য লিখা।
উত্তৰঃ আগমন অনুমানৰ বৈশিষ্ট্য হ’ল
(a) সিদ্ধান্ত সদায় একাধিক আশ্রয়বাক্যৰ পৰা নিঃসৃত হয়।
৮। নিগমন অনুমানৰ প্ৰকাৰ কি কি?
উত্তৰঃ নিগমন অনুমানৰ প্ৰকাৰ হ’ল –
(a) অমাধ্যম অনুমান (Immediate inference)।
(b) মাধ্যম অনুমান (Mediate inference)।
৯। সমবৰ্তনৰ প্ৰকাৰ উল্লেখ কৰা।
উত্তৰঃ সমবৰ্তনৰ প্ৰকাৰ হ’ল –
(a) সৰল সমবৰ্তন।
(b) অসৰল সমবৰ্তন।
১০। অমাধ্যম অনুমান আৰু মাধ্যম অনুমান পাৰ্থক্য লিখা।
উত্তৰঃ অমাধ্যম অনুমানত দুটি বচন থাকে-এটা আশ্রয়বাক্য আৰু এটা সিদ্ধান্ত। কিন্তু মাধ্যম অনুমানত দুটাতকৈ বেছি বচন থাকে- একাধিক আশ্রয়বাক্য আৰু এটা সিদ্ধান্ত।
১১। ন্যায়ৰ প্ৰকাৰ কি কি?
উত্তৰঃ ন্যায়ৰ প্ৰকাৰ হ’ল –
(a) অমিশ্র ন্যায়।
(b) মিশ্র ন্যায়।
১২। অমিশ্র ন্যায় কাক বোলে?
উত্তৰঃ যি ন্যায় অনুমানত তিনিটা বচনেই একে প্ৰকাৰৰ সম্বন্ধবিশিষ্ট তাক অমিশ্র ন্যায় বোলে।
১৩। মিশ্র ন্যায় কাক বোলে?
উত্তৰঃ নি ন্যায় অনুমানত তিনিওটা বচনেই একে সম্বন্ধবিশিষ্ট নহয়, বেলেগ বেলেগ সম্বন্ধযুক্ত তাকে মিশ্র ন্যায় বোলে।
১৪। অমিশ্র নিৰপেক্ষ ন্যায় কাক বোলে?
উত্তৰঃ যি ন্যায় অনুমানত তিনিটা বচনেই নিৰপেক্ষ বচন তাক অমিশ্র নিৰপেক্ষ ন্যায় বোলা হয়।
১৫। হেতুপদ কাক বোলে?
উত্তৰঃ যি পদ ন্যায়ৰ দুয়োটা আশ্রয়বাক্যতে উপস্থিত থাকে, কিন্তু সিদ্ধান্তত উপস্থিত নাথাকে তাকে হেতুপদ বোলে।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.

