Class 11 Logic and Philosophy Important Chapter 2 পদ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Logic and Philosophy Important Chapter 2 পদ Solutions in Assamese and select need one. Class 11 Logic and Philosophy Additional Solutions Assamese Medium Download PDF. HS 1st Year Logic and Philosophy Important Question Answer in Assamese.
Class 11 Logic and Philosophy Important Chapter 2 পদ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Logic and Philosophy Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Logic and Philosophy Important Solutions in Assamese for All Chapters, You can practice these here.
পদ
Chapter: 2
| PART – 1: তর্কবিজ্ঞান |
| IMPORTANT QUESTION AND ANSWER |
অতিৰিক্ত প্ৰশ্ন উত্তৰ:
১। অৱধাৰণ কাক বোলে?
উত্তৰঃ দুটা প্রত্যয় বা ধাৰণাৰ মাজত এটা সম্বন্ধ স্থাপন কৰাৰ মানসিক প্রক্রিয়াক অৱধাৰণ বোলে।
২। বচন কাক বোলে?
উত্তৰঃ অৱধাৰণ যেতিয়া ভাষাৰ জৰিয়তে প্রকাশিত হয় তেতিয়া তাক বচন বোলে।
৩। পৰম্পৰাগত তর্কবিজ্ঞান কাক বোলে?
উত্তৰঃ পৰম্পৰাগত তর্কবিজ্ঞান বুলিলে ঘাইকৈ আমি এৰিষ্টটল আৰু তেওঁৰ অনুগামীসকলৰ তর্কবিজ্ঞানমূলক চিন্তা পদ্ধতি আৰু নীতি-নিয়মসমূহৰ ওপৰত প্রতিষ্ঠিত তর্কশাস্ত্রকে বুজায়।
৪। সংযোজক আৰু বিধেয় কাক বোলে?
উত্তৰঃ দুটা পদ আৰু এই পদ দুটাৰ মাজত থকা সম্বন্ধসূচক চিন। বচনৰ এই অংশ তিনিটাক যথাক্রমে উদ্দেশ্য, সংযোজক আৰু বিধেয় বোলে। উদাহৰণ স্বৰূপে-‘গাখীৰ হয় বগা’।
৫। পদ কাক বোলে?
উত্তৰঃ উদ্দেশ্য আৰু বিধেয় এই অংশ দুটাক পদ বুলি কোৱা হয়।
৬। সংযোজক কি?
উত্তৰঃ সংযোজক হ’ল পদ দুটাৰ মাজৰ সম্বন্ধ উল্লেখ কৰা শব্দ বা চিন।
৭। উদ্দেশ্য কি?
উত্তৰঃ বচনৰ যি অংশটোৱে কাৰোবাৰ বিষয়ে কোৱা কথাৰ নিৰ্দেশ কৰে তাক উদ্দেশ্য বোলে। অর্থাৎ বচনত যি পদ সম্পর্কে স্বীকাৰ বা অস্বীকাৰ কৰা হয় তাক উদ্দেশ্য বোলে।
৮। বিধেয় কাক বোলে?
উত্তৰঃ বচনৰ যি অংশটোৱে উদ্দেশ্য সম্বন্ধে নির্দেশ কৰে তাক বিধেয় বোলে।
৯। সংযোজক কাক বোলে? উদাহৰণ দিয়া।
উত্তৰঃ যি শব্দই বচনত উদ্দেশ্য আৰু বিধেয়ৰ সম্বন্ধটো স্থাপন কৰে তাক সংযোজক বোলে।
অর্থাৎ সংযোজক হ’ল পদ দুটাৰ মাজৰ সম্বন্ধসূচক চিন। উদাহৰণ স্বৰূপে-
কিছুমান মানুহ হয় জ্ঞানী।
কিছুমান মানুহ নহয় জ্ঞানী।
১০। বাক্য কাক বোলে?
উত্তৰঃ এক বা একাধিক শব্দ লগ লাগি কোনো অর্থ প্ৰকাশ কৰিলে তাক বাক্য বুলি কোৱা হয়। উদাহৰণ স্বৰূপে- ‘ল’ৰাজন মেধাৱী’, ‘সীতাই গান গায়’, ‘মই স্কুললৈ নাযাওঁ’ ইত্যাদি।
১১। তর্কবিজ্ঞান ভাষাৰ মূল ভিত্তি কি?
উত্তৰঃ তর্কবিজ্ঞান হ’ল ভাষাৰে প্ৰকাশিত চিন্তাৰ বিজ্ঞান। এই ভাষাৰ মূল ভিত্তি হ’ল বচনসমূহ।
১২। তর্কবিজ্ঞানসন্মত বচনসমূহৰ স্পষ্ট ৰূপ বা আকাৰ কেইটা কি কি?
উত্তৰঃ A, E, I আৰু o তর্কবিজ্ঞানসন্মত বচনসমূহৰ স্পষ্ট ৰূপ বা আকাৰ কেইটা।
১৩। বচনৰ সৰলীকৰণৰ লক্ষ্য কি? উদাহৰণ দিয়া।
উত্তৰঃ আমি সাধাৰণতে ব্যৱহাৰ কৰা বাক্যবোৰৰ অৰ্থ স্পষ্ট আৰু সহজে বুজিব পৰাকৈ গঢ়ি তোলাই হৈছে বচনৰ সৰলীকৰণৰ লক্ষ্য। উদাহৰণ স্বৰূপে এটা বাক্য লোৱা হ’ল-
‘মানুহ মৰণশীল’।
১৪। তর্কবিজ্ঞানসন্মত বচন গঠনতে মুখ্য চাৰিখন অংশ কি?
উত্তৰঃ তর্কবিজ্ঞানসন্মত বচন গঠনতে মুখ্য চাৰিখন অংশ হ’ল (i) পৰিমাণক, (ii) উদ্দেশ্য, (iii) সংযোজক, (iv) বিধেয়।
১৫। “সমগ্ৰ ভাৰতবাসী হিন্দু নহয়” বাক্যটোৰ বচনাত্মক ৰূপ কেনেকুৱা হয় আৰু কি ধৰণৰ বচন?
উত্তৰঃ “কিছুমান ভাৰতবাসী নহয় হিন্দু।”- Oবচন (সার্বিক নঞর্থক)।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


