Class 11 Logic and Philosophy Important Chapter 1 তর্কবিজ্ঞান

Class 11 Logic and Philosophy Important Chapter 1 তর্কবিজ্ঞান Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Logic and Philosophy Important Chapter 1 তর্কবিজ্ঞান Solutions in Assamese and select need one. Class 11 Logic and Philosophy Additional Solutions Assamese Medium Download PDF. HS 1st Year Logic and Philosophy Important Question Answer in Assamese.

Class 11 Logic and Philosophy Important Chapter 1 তর্কবিজ্ঞান

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Logic and Philosophy Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Logic and Philosophy Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 1

PART – 1: তর্কবিজ্ঞান
IMPORTANT QUESTION AND ANSWER

অতিৰিক্ত প্ৰশ্ন উত্তৰ: 

১। চিন্তা বুলিলে কি বুজা?

উত্তৰঃ চিন্তা বুলিলে সাধাৰণতে প্রত্যক্ষ (Perception), স্মৃতি (Memory), কল্পনা (Imagination), সামান্য ধাৰণা বা অনুমান (General Idea or Concept), যুক্তিপদ্ধতি (Reasoning) আদি সকলোকে বুজায়।

২। তৰ্কবিজ্ঞানক কি বুলি বুজা য়ায।

উত্তৰঃ তর্কবিজ্ঞানক সাধাৰণতে অনুমানৰ বিজ্ঞান বুলি কোৱা হয়।

৩। পৰম্পৰাগত বা প্রাচীন তর্কবিজ্ঞান’ কাক বোলে?

উত্তৰঃ পৰম্পৰাগত বা প্রাচীন তর্কবিজ্ঞান’ বুলিলে গ্রীক দার্শনিক এৰিষ্ট’টলে খ্ৰীষ্টপূর্ব চতুর্থ শতিকাত প্ৰতিষ্ঠা কৰা তর্কবিজ্ঞানকে বুজোৱা হয়।

৪। তর্কবিজ্ঞানৰ আদৰ্শ কি?

উত্তৰঃ সত্যই হ’ল তর্কবিজ্ঞানৰ আদৰ্শ।

৫। সত্যতা কেই প্ৰকাৰৰ?

উত্তৰঃ সত্যতা দুই প্ৰকাৰৰ – (a) আকাৰগত সত্যতা আৰু (b) বস্তুগত সত্যতা।

৬। অনুমান কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ অনুমান দুই প্ৰকাৰৰ নিগমন অনুমান Deductive) আৰু আগমন অনুমান aductive)।

৭। তর্কবিজ্ঞান প্রত্যক্ষ জ্ঞানৰ লগত জড়িত হয়নে?

উত্তৰঃ তর্কবিজ্ঞান পৰোক্ষ জ্ঞানৰ লগত জড়িত, প্রত্যক্ষ জ্ঞানৰ লগত নহয়।

৮। অনুমান কাক বোলে?

উত্তৰঃ যি মানসিক প্ৰক্ৰিয়াৰ জৰিয়তে জ্ঞাত সত্যৰ ওপৰত নিৰ্ভৰ কৰি অজ্ঞাত নতুন সত্যত উপনীত হোৱা যায়, তাক অনুমান বোলে।

৯। প্রত্যক্ষ জ্ঞান কাক বোলে?

উত্তৰঃ অন্য কোনো জ্ঞানৰ সহায় নোলোৱাকৈ পোনপটীয়াভাবে অর্জন কৰা জ্ঞানক প্রত্যক্ষ জ্ঞান বোলে।

১০। পৰোক্ষ জ্ঞান কাক বোলে? 

উত্তৰঃ অন্য কোনো জ্ঞানৰ মাধ্যমেবে লাভ কৰা জ্ঞানক পৰোক্ষ জ্ঞান বোলে। 

১১। চিন্তাৰ মূল সূত্র ঘাইকৈ কেই প্ৰকাৰৰ।

উত্তৰঃ চিন্তাৰ মূল সূত্র ঘাইকৈ তিনিটা প্ৰকাৰৰ- তাদাত্ম্যনিয়ম (Law of Identity), বিৰোধবাধক নিয়ম (Law of Contradiction) আৰু নিৰ্মধ্যম নিয়ম (Law of Excluded Middle)।

১২। জ্ঞানৰ তিনিটা উপাদান কি কি? 

উত্তৰঃ জ্ঞানৰ তিনিটা উপাদান হ’ল (ⅰ) কোনো বস্তু বা ঘটনা সম্পর্কে মনত উদয় হোৱা ধাৰণাসমূহ,

(ii) বহির্জগতৰ অস্তিত্বশীল কোনো বস্তু বা ঘটনাৰ লগত এই ধাৰণাসমূহৰ সামঞ্জস্য বা সাদৃশ্য (iii) এনে সামঞ্জস্যত বিশ্বাস।

১৩। জ্ঞানৰ প্ৰকাৰ দুটা কি কি?

উত্তৰঃ জ্ঞানৰ প্ৰকাৰ দুটা হ’ল (ⅰ) প্রত্যক্ষ আৰু (ii) পৰোক্ষ জ্ঞান।

১৪। বস্তুগত সত্যতা কৰা বোলে?

উত্তৰঃ বাস্তৱ জগতৰ বস্তুৰ লগত চিন্তাৰ বা ধাৰণাৰ সামঞ্জস্য বা অনুৰূপতাৰ জৰিয়তে যি সত্যতাত উপনীত হোৱা যায়, তাক বস্তুগত সত্যতা বোলে।

১৫। আকাৰগত সত্যতা কাক বোলে?

উত্তৰঃ সংগতিপূর্ণ চিন্তাৰ জৰিয়তে যি সত্যতাত উপনীত হোৱা যায়, তাক আকাৰগত সত্যতা বোলে।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top