Class 11 Logic and Philosophy Important Chapter 8 বাস্তৱবাদ আৰু ভাৱবাদ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Logic and Philosophy Important Chapter 8 বাস্তৱবাদ আৰু ভাৱবাদ Solutions in Assamese and select need one. Class 11 Logic and Philosophy Additional Solutions Assamese Medium Download PDF. HS 1st Year Logic and Philosophy Important Question Answer in Assamese.
Class 11 Logic and Philosophy Important Chapter 8 বাস্তৱবাদ আৰু ভাৱবাদ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Logic and Philosophy Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Logic and Philosophy Important Solutions in Assamese for All Chapters, You can practice these here.
বাস্তৱবাদ আৰু ভাৱবাদ
Chapter: 8
| PART – 2: দর্শন |
| IMPORTANT QUESTION AND ANSWER |
অতিৰিক্ত প্ৰশ্ন উত্তৰ:
১। ভাৱবাদ অনুসৰি জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব কোনটোৰ ওপৰত নিৰ্ভৰশীল?
উত্তৰঃ ভাৱবাদ অনুসৰি জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব মনৰ ওপৰত নিৰ্ভৰশীল।
২। ভাৱবাদৰ মূল প্ৰৱৰ্তক কোন আছিল?
উত্তৰঃ ভাৱবাদৰ মূল প্ৰৱৰ্তক প্লেটো আছিল।
৩। বাস্তৱবাদ অনুসৰি জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব কি ধৰণৰ?
উত্তৰঃ বাস্তৱবাদ অনুসৰি জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্র, মননিৰপেক্ষ অস্তিত্ব থাকে।
৪। বাস্তৱবাদীসকলৰ মতে জ্ঞান আৰু জ্ঞেয়ৰ মাজত কেনেধৰণৰ সম্পৰ্ক থাকে?
উত্তৰঃ বাস্তৱবাদীসকলৰ মতে জ্ঞান আৰু জ্ঞেয়ৰ মাজত বাহ্যিক সম্পৰ্ক থাকে।
৫। ভাৱবাদীসকল কিহৰ অস্তিত্বত বিশ্বাস কৰে?
উত্তৰঃ ভাৱবাদীসকল ঈশ্বৰ, আত্মা, মন আদিৰ অস্তিত্বত বিশ্বাস কৰে।
৬। বাস্তৱবাদৰ কোন দার্শনিকজন এজন সমৰ্থক?
উত্তৰঃ জন লক, ৰাছেল, হোল্ট আদি বাস্তৱবাদৰ সমৰ্থক।
৭। ভাৱবাদৰ মতে মন আৰু বস্তুৰ সম্পৰ্ক কিদৰে?
উত্তৰঃ ভাৱবাদৰ মতে বস্তুবোৰ মনৰ উপবস্তু; মনৰ বাহিৰে বস্তুৰ স্বতন্ত্র অস্তিত্ব নাই।
৮। বাস্তৱবাদ অনুসৰি আমি জানো বা নাজানো, বস্তুৰ অস্তিত্ব কেনেকৈ থাকে?
উত্তৰঃ আমি জানো বা নাজানো, বস্তুবোৰ স্বতন্ত্রভাৱে অস্তিত্বশীল হৈ থাকে।
৯। ভাৱবাদৰ কিমান প্ৰকাৰ আছে আৰু সেইবোৰ কি?
উত্তৰঃ ভাৱবাদৰ তিনি প্ৰকাৰ আছে—আত্মাগত ভাৱবাদ, বস্তুগত ভাৱবাদ, আৰু অৱভাষিক ভাৱবাদ।
১০। বাস্তৱবাদৰ কোন চাৰিটা প্ৰকাৰ বিশেষকৈ উল্লেখযোগ্য?
উত্তৰঃ সৰল বাস্তৱবাদ, বিজ্ঞানসন্মত বাস্তৱবাদ, নব্য-বাস্তৱবাদ, আৰু নব্য-সবিচাৰ-বাস্তৱবাদ।
দীঘল প্ৰশ্ন উত্তৰ:
১। ভাৱবাদৰ বৈশিষ্ট্য লিখা।
উত্তৰঃ (i) ভাৱবাদ অনুসৰি জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব মনৰ ওপৰত নিৰ্ভৰশীল। ভাৱবাদীসকলৰ মতে জ্ঞানৰ বিষয়বস্তুৰ মননিৰপেক্ষ স্বতন্ত্র অস্তিত্ব নাই। যিবোৰ বস্তুক আমাৰ মনে জানিব নোৱাৰে তেনেবোৰ বস্তুৰ অস্তিত্বক ভাৱবাদীসকলে যথার্থ বুলি বিবেচনা নকৰে।
(ii) ভাৱবাদৰ সমৰ্থকসকলৰ মতে বস্তুতকৈ মনৰ প্রাধান্য বেছি। কিয়নো জাগতিক বস্তুবোৰৰ অস্তিত্ব মনৰ দ্বাৰা নিয়ন্ত্রিত হয়। এওঁলোকৰ মতে, মনৰ অস্তিত্ব অবিহনে বাহ্যিক জগতখন পোৱা নাযায়। ভাৱবাদীসকলৰ মতে, এক চৈতন্য মনৰ অবিহনে বাহ্যিক জগতখনৰ অস্তিত্ব সম্ভৱ নহয়।
(iii) ভাৱবাদীসকলৰ চিন্তাধাৰা সম্পূৰ্ণৰূপে উদ্দেশ্যধর্মী। অর্থাৎ ভাৱবাদীসকলৰ চিন্তাধাৰাৰ অন্তৰালত এখন উদ্দেশ্যধর্মী জগত আছে। এই উদ্দেশ্যধর্মী জগতখন হ’ল যি প্রকৃতিগতভাৱে আধ্যাত্মিক। উদ্দেশ্যধর্মী জগতখন নিত্য, শ্বাশ্বত, নিৰন্তৰ আৰু অবিনশ্বৰ।
(iv) ভাৱবাদে ঈশ্বৰ, আত্মা, মন আদিৰ অস্তিত্বক বিশ্বাস কৰে। ভাৱবাদীসকলে ঈশ্বৰ, আত্মা, মন আদিক সত্তা বুলি গণ্য কৰে। ভাৱবাদ অনুসৰি ঈশ্বৰ জগতৰ পৰা বিচ্ছিন্ন নহয়। পৰম সত্তা হিচাপে ঈশ্বৰ জগত প্ৰক্ৰিয়াৰ মাজতে ব্যাপ্ত। ঈশ্বৰেই হ’ল এই বিশ্বজগতৰ মূল লক্ষ্য আৰু চালিকা শক্তি।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


