Class 11 Geography Important Chapter 23 জীৱজগত আৰু পৰিস্থিতিতন্ত্ৰ

Class 11 Geography Important Chapter 23 জীৱজগত আৰু পৰিস্থিতিতন্ত্ৰ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Geography Important Chapter 23 জীৱজগত আৰু পৰিস্থিতিতন্ত্ৰ Solutions in Assamese and select need one. Class 11 Elective Geography Additional Solutions Assamese Medium Download PDF. HS 1st Year Elective Geography Important Question Answer in Assamese.

Class 11 Geography Important Chapter 23 জীৱজগত আৰু পৰিস্থিতিতন্ত্ৰ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Elective Geography Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Geography Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 23

ষষ্ঠ গোট: জীৱজগত
IMPORTANT QUESTION AND ANSWER

১। জীৱজগত কাক বোলে?

উত্তৰঃ পৃথিৱীৰ সমুদায় জীৱ আৰু এই জীৱসমুদায়ৰ লগত নিৰ্জীৱ পৰিৱেশৰ পাৰস্পৰিক সম্পৰ্কৰ সংঘটনস্থলীখনক জীৱজগত (biosphere) বোলে।

২। ইক’লজী শব্দটো সৰ্বপ্ৰথমে কোনে ব্যৱহাৰ কৰিছিল?

উত্তৰঃ ইক’লজী শব্দটো সৰ্বপ্ৰথমে আর্ন্ষ্ট হেকেলে ব্যৱহাৰ কৰিছিল।

৩। আর্ন্ষ্ট হেকেলে ইক’লজী শব্দটো সৰ্বপ্ৰথমে কিমান চনত ব্যৱহাৰ কৰিছিল?

উত্তৰঃ আর্ন্ষ্ট হেকেলে ইক’লজী শব্দটো সৰ্বপ্ৰথমে ১৮৬৬ চনত ব্যৱহাৰ কৰিছিল।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। পৰিস্থিতিতন্ত্রৰ দুটা প্ৰধান উপাদান কি কি?

উত্তৰঃ পৰিস্থিতিতন্ত্রৰ দুটা প্ৰধান উপাদান হ’ল- জৈৱ (সজীৱ) আৰু অজৈৱ (অসজীৱ) উপাদান।

৫। তৃণভোজী জন্তুৰ উদাহৰণ দিয়া।

উত্তৰঃ তৃণভোজী জন্তুৰ উদাহৰণ হ’ল–  গৰু, হৰিণ, ছাগলী আদিকে তৃণভোজী জন্তু বুলি কোৱা হয়, যিবোৰ উদ্ভিদ খাই জীৱন নিৰ্বাহ কৰে।

৬। খাদ্যশৃংখলতন্ত্র বুলিলে কি বুজা?

উত্তৰঃ এটা বিশাল পৰিস্থিতিতন্ত্রত বহুতো খাদ্যশৃংখল গঠন হয়। তদুপৰি এনেবোৰ খাদ্যশৃংখলৰ মাজতো পাৰস্পৰিক সম্পর্ক গঢ় লয়। এনেদৰে পাৰস্পৰিক সম্পর্কজড়িত খাদ্যশৃংখলসমূহক একেলগে খাদ্যশৃংখলতন্ত্র বোলে।

৭। পৃথিৱীৰ বিভিন্ন শ্ৰেণীৰ জীৱসমূহৰ দেহত প্রায় কিমান লাখ কাৰ্বনৰ যৌগ পোৱা যায়?

উত্তৰঃ পৃথিৱীৰ বিভিন্ন শ্ৰেণীৰ জীৱসমূহৰ দেহত প্রায় পাঁচ লাখ কাৰ্বনৰ যৌগ পোৱা যায়।

৮। পৰিস্থিতিতন্ত্র মূলতঃ কেইটা শ্ৰেণীৰ উপাদানেৰে গঠিত?

উত্তৰঃ পৰিস্থিতিতন্ত্র মূলতঃ দুটা শ্ৰেণীৰ উপাদানেৰে গঠিত।

৯। বায়ম কাক বোলা হয়?

উত্তৰঃ জৈৱ-অজৈৱ উপাদানৰ তাৰতম্যৰ আধাৰত সমগ্ৰ স্থলপৃষ্ঠক কিছুমান জীৱ-ভৌগোলিক অঞ্চল অথবা বায়মত বিভক্ত কৰা হৈছে। এক বিস্তীর্ণ ভৌগোলিক অঞ্চলত বসবাস কৰা উদ্ভিদ আৰু প্ৰাণীৰ সমষ্টিসহ অঞ্চলটোৰ পৰিৱেশক একেলগে বায়ম (Biome) বোলা হয়।

১০। জীৱসমূহৰ পুষ্টিৰ উদ্দেশ্যে পৃথিৱীত উপলব্ধ কেই বিধ মৌলৰ প্রয়োজন হয়?

উত্তৰঃ জীৱসমূহৰ পুষ্টিৰ উদ্দেশ্যে পৃথিৱীত উপলব্ধ ৪০ বিধ মৌলৰ প্রয়োজন হয়।

দীঘলীয়া প্ৰশ্ন উত্তৰ:

১। জীৱজগত বুলিলে কি বুজা? ইয়াৰ গঠন আৰু উপাদানসমূহ বৰ্ণনা কৰা।

উত্তৰঃ জীৱজগত হৈছে পৃথিৱীৰ তেনেধৰণৰ অঞ্চল, য’ত সকলোধৰণৰ জীৱ বাস কৰে আৰু জীয়াই থাকে। এই জীৱসমূহ মাটি, বায়ু আৰু পানীৰ সংযোগস্থলত বাস কৰে আৰু পৰিৱেশৰ অজৈৱ উপাদানৰ লগত এক আন্তঃসম্পর্ক গঢ়ি তোলে। পৃথিৱীৰ জীৱজগত কেৱল জীৱৰ উপস্থিতিৰ এক সংগ্ৰহ নহয়, ই হৈছে এক সজীৱ, সক্ৰিয় আৰু পৰিৱর্তনশীল প্ৰণালী। পৃথিৱীৰ অজৈৱ উপাদানবোৰ সৰহকৈ নিৰব, যান্ত্রিক আৰু একে থাকে, কিন্তু জীৱসমূহ সৃষ্টিৰ আৰম্ভণিৰে পৰা পৰিৱর্তনশীল আৰু প্ৰতিসঁহাৰী প্ৰৱণতাৰ বাহক। সেয়েহে জীৱজগতৰ অংশ হিচাপে জীৱসমূহ অজৈৱ পৰিৱেশত জৈৱ পদাৰ্থ সৃষ্টিৰ জৰিয়তে পুষ্টি যোগায় আৰু শক্তি-প্ৰবাহ নিশ্চিত কৰে।

জীৱজগত মূলতঃ ত্ৰিস্তৰীয় উপাদানৰে গঠিত। ইয়াত উদ্ভিদ, জন্তু আৰু অণুজীৱৰ সমষ্টিক জৈৱভৰ বুলি কোৱা হয়। এইসকল জীৱে নিৰ্মিত পদাৰ্থবোৰ, যেনে মৃত দেহ, বিষ্ঠা বা পাত, ইত্যাদি জীৱজাত পদাৰ্থ হিচাপে বিবেচিত হয়। আনহাতে, জীৱৰ দেহৰ পৰা মুক্ত হোৱা গেছসমূহ, যেনে অক্সিজেন বা কাৰ্বন-ডাই-অক্সাইড, জৈৱ-বায়বীয় পদাৰ্থ বুলি পৰিচিত। এই তিনিটা উপাদানেই পৰিৱেশত এক সজীৱতা, পৰিৱর্তন আৰু শক্তি-পদাৰ্থৰ প্ৰবাহ নিশ্চিত কৰে। সেইদৰে, জীৱজগত হৈছে এক ঐক্যবদ্ধ বাসস্থান, য’ত জীৱ আৰু অজৈৱ উপাদানসকল একে লগে সমন্বয়ে জীৱনক সম্ভৱ কৰি তোলে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top