Class 11 Geography Important Chapter 24 জৈৱ-বৈচিত্র্য আৰু ইয়াৰ সংৰক্ষণ

Class 11 Geography Important Chapter 24 জৈৱ-বৈচিত্র্য আৰু ইয়াৰ সংৰক্ষণ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Geography Important Chapter 24 জৈৱ-বৈচিত্র্য আৰু ইয়াৰ সংৰক্ষণ Solutions in Assamese and select need one. Class 11 Elective Geography Additional Solutions Assamese Medium Download PDF. HS 1st Year Elective Geography Important Question Answer in Assamese.

Class 11 Geography Important Chapter 24 জৈৱ-বৈচিত্র্য আৰু ইয়াৰ সংৰক্ষণ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Elective Geography Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Geography Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 24

ষষ্ঠ গোট: জীৱজগত
IMPORTANT QUESTION AND ANSWER

১। প্ৰজাতিগত বৈচিত্র্য কাক বোলে?

উত্তৰঃ একোটা ভৌগোলিক অঞ্চলত সিচৰিত হৈ থকা মুঠ প্রজাতিৰ সংখ্যাক অঞ্চলটোৰ প্ৰজাতিগত বৈচিত্র্য বোলে।

২। আজিৰ পৃথিৱীত কম-বেছি কিমান নিযুত প্ৰজাতিৰ জীৱ বর্তি আছে বুলি অনুমান কৰা হয়?

উত্তৰঃ আজিৰ পৃথিৱীত কম-বেছি ৪৫ নিযুত প্ৰজাতিৰ জীৱ বর্তি আছে বুলি অনুমান কৰা হয়।

৩। প্রাপ্ত তথ্য অনুসৰি পৃথিৱীত গড়ে বছৰি কেইটা জীৱ-প্ৰজাতিৰ বিলুপ্তি ঘটে?

উত্তৰঃ প্রাপ্ত তথ্য অনুসৰি পৃথিৱীত গড়ে বছৰি ১০,০০০ টা জীৱ-প্ৰজাতিৰ বিলুপ্তি ঘটে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। বহুলবৈচিত্র কেন্দ্র বুলিলে কি বুজা?

উত্তৰঃ ক্রান্তীয় মণ্ডলত অৱস্থিত কিছুসংখ্যক এলেকাত পৃথিৱীৰ ভিতৰতে সৰ্বাধিক বুলি ভাবিব পৰা ধৰণৰ প্ৰজাতিগত জৈৱ-বৈচিত্র্য পোৱা যায়। এনেবোৰ এলেকাক বহুলবৈচিত্র কেন্দ্র বোলে।

৫। কিমান চনত বন্যপ্ৰাণী সুৰক্ষা আইন প্ৰণয়ন কৰা হৈছিল?

উত্তৰঃ ১৯৭২ চনত ভাৰত চৰকাৰে বন্যপ্ৰাণী সুৰক্ষা আইন প্ৰণয়ন কৰিছিল।

৬। ৰাষ্ট্ৰীয় উদ্যান কাক বোলে?

উত্তৰঃ নিয়মৰ অধীনত সুৰক্ষিত কৰা প্ৰাকৃতিক অঞ্চল, য’ত উদ্ভিদ, প্রাণী আৰু অণুজীৱসমূহ প্ৰাকৃতিক পৰিৱেশত সংৰক্ষিত থাকে, তাকে ৰাষ্ট্ৰীয় উদ্যান বোলে।

৭। বছৰি গড়ে কিমানটা জীৱ-প্ৰজাতি বিলুপ্ত হয়?

উত্তৰঃ বছৰি গড়ে ১০,০০০ টা জীৱ-প্ৰজাতি বিলুপ্ত হয়।

৮। পৃথিৱী সম্পূৰ্ণ জীৱহীন হ’বলৈ প্ৰায় কিমান সময় লাগিব?

উত্তৰঃ পৃথিৱী সম্পূৰ্ণ জীৱহীন হ’বলৈ প্ৰায় চাৰে চাৰি হাজাৰ বছৰ লাগিব।

৯। মানৱ জীৱন কিহৰ ওপৰত অধিক নিৰ্ভৰ কৰে?

উত্তৰঃ মানৱ জীৱন জৈৱ-বৈচিত্র্যৰ ওপৰত অধিক নিৰ্ভৰ কৰে।

১০। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কি সংৰক্ষিত থাকে?

উত্তৰঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এশিঙীয়া গঁড় সংৰক্ষিত থাকে।

দীঘলীয়া প্ৰশ্ন উত্তৰ:

১। জৈৱবৈচিত্ৰ্যৰ পৰিস্থিতিক গুৰুত্ব বৰ্ণনা কৰা।

উত্তৰঃ পৰিস্থিতিতন্ত্র এটাত বর্তি থকা প্ৰতিটো প্ৰজাতিৰ জীৱৰেই পৰিস্থিতিতন্ত্রটোৰ সমৃদ্ধিত কিবা প্ৰকাৰৰ অৱদান থাকে। কোনো প্ৰকাৰৰ প্ৰয়োজন নথকা জীৱ-প্ৰজাতি এটা পৰিস্থিতিতন্ত্রত কেতিয়াও আৱির্ভাৱ নহয় অথবা আৱিৰ্ভাৱ হোৱাৰ পাছত বর্তি থাকিব নোৱাৰে। অর্থাৎ পৰিস্থিতিতন্ত্রত উপস্থিত থকা প্রতিটো জীৱই তন্ত্রটোৰ পৰা নিজ নিজ জৈৱিক প্রয়োজন পূৰণৰ উদ্দেশ্যে প্রয়োজনীয় সুবিধা আহৰণৰ বিনিময়ত তন্ত্ৰটোৰ সমৃদ্ধিৰ অৰ্থে কিবা প্ৰকাৰৰ বৰঙণি যোগায়। আনহে নালাগে মানৱ প্রজাতিও এই সৰ্তৰ ব্যতিক্রম নহয়। পৰিস্থিতিতন্ত্রৰ প্রত্যেক প্রজাতিৰ জীৱই কার্বহাইড্রেট প্রস্তুতকৰণ, শক্তিৰ প্ৰবহন, ভূ-জৈৱৰাসায়নিক চক্রত অংশগ্রহণ, জীৱজাত দ্রব্যৰ বিজাৰণ, বায়ুমণ্ডলীয় গেচসমূহৰ ভাৰসাম্য ৰক্ষণাবেক্ষণ, ভূমিৰ উৰ্বৰতা প্রভৃতি পৰিস্থিতিক প্রকার্যসমূহত নিশ্চিতভাৱেই একাধিক প্ৰকাৰৰ ভূমিকা পালন কৰে। পৰিস্থিতিতগত অধিক সংখ্যক প্রজাতি সমাৱেশ ঘটাৰ অৱস্থাত ইয়াৰ সদস্য জীৱসমূহে অৱস্থাসাপেক্ষে ভিন ভিন কাম-কাজত অংশগ্রহণ কৰাৰ অধিক সুযোগ পায়। ফলত তন্ত্রটোৰ কোনোটো প্রকাৰ্যই নিশকটীয়া হৈ নাযায়। গতিকে পৰিস্থিতিতন্ত্ৰৰ আভ্যন্তৰীণ ভাৰসাম্য সুপ্রতিষ্ঠিত হয়। সমৃদ্ধিশালী জৈৱবৈচিত্র্যৰ পৰিস্থিতিতন্ত্র একোটাত জিনীয় বিৱৰ্তন অথবা বৰ্ণসংকৰ প্রভৃতিৰ মাধ্যমত নতুন প্রজাতি উৎপত্তি ঘটাৰ সম্ভাৱনাও বৃদ্ধি পায়। আকৌ এনে এক পৰিস্থিতিতন্ত্ৰৰ পৰিসৰত পৰিৱেশৰ দ্রুত পৰিৱৰ্তন ঘটিলেও জীৱসমূহে নিজ নিজ অভিযোজন প্রণালী ইফাল-সিফাল কৰি পৰিৱৰ্তিত নতুন পৰিৱেশত বৰ্তি থকাৰ অধিক সুযোগ পায়।

২। জৈৱবৈচিত্র্য বুলিলে কি বুজা? ইয়াৰ প্ৰধান ধৰণসমূহ বিৱৰণসহ ব্যাখ্যা কৰা।

উত্তৰঃ জৈৱবৈচিত্র্য শব্দটোৱে এটি নির্দিষ্ট ভৌগোলিক পৰিসৰত বাস কৰা উদ্ভিদ, প্ৰাণী, অণুজীৱ প্রজাতি আৰু সিহঁতৰ বৈচিত্র্যৰ সংখ্যাগত তথা গুণগত ভিন্নতাক বুজায়। ই হ’ল জীৱজগতৰ সামগ্রিক ৰঙীনতা আৰু জটিলতা। পৃথিৱীৰ প্ৰত্যেকটি প্ৰজাতিৰ বাসস্থান, গঠন আৰু জীৱন পদ্ধতি বেলেগ, আৰু সেই ভিন্নতা গোটেই পৃথিৱীৰ এক গা-গছা জৈৱিক পৰিস্থিতিতন্ত্র গঢ়ি তোলে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top