Class 11 Geography Important Chapter 25 ভাৰতীয় ভূ-ভাগৰ বৈশিষ্ট্য

resppost2025

Class 11 Geography Important Chapter 25 ভাৰতীয় ভূ-ভাগৰ বৈশিষ্ট্য Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Geography Important Chapter 25 ভাৰতীয় ভূ-ভাগৰ বৈশিষ্ট্য Solutions in Assamese and select need one. Class 11 Elective Geography Additional Solutions Assamese Medium Download PDF. HS 1st Year Elective Geography Important Question Answer in Assamese.

Class 11 Geography Important Chapter 25 ভাৰতীয় ভূ-ভাগৰ বৈশিষ্ট্য

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Elective Geography Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Geography Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 25

সপ্তম গোট: পৰিচিতি
IMPORTANT QUESTION AND ANSWER

১। ভাৰতৰ মাটিকালিৰ মুঠ পৰিমাণ কিমান?

উত্তৰঃ ভাৰতৰ মাটিকালি মুঠ পৰিমাণ ৩,২৮৭,২৬৩ বৰ্গ কিলোমিটাৰ।

resppost2025

২। ভাৰতৰ উত্তৰ-পূব সীমান্তৰ পৰা পশ্চিম সীমান্তৰ বিস্তৃতি কিমান?

উত্তৰঃ ভাৰতৰ উত্তৰ-পূব সীমান্তৰ পৰা পশ্চিম সীমান্তৰ বিস্তৃতি ২৯৩৫ কি.মি.।

৩। ভাৰতৰ কোনটো অংশত সেউজীয়া বনাঞ্চল বিস্তৃত?

sqare

উত্তৰঃ ভাৰতৰ উত্তৰ-পূব অংশত সেউজীয়া বনাঞ্চল বিস্তৃত।

৪। ভাৰতৰ কোন নদী পবিত্ৰ নদী হিচাপে পূজিত?

উত্তৰঃ ভাৰতৰ গঙ্গা নদী পবিত্ৰ নদী হিচাপে পূজিত।

৫। “Unity in Diversity” বাক্যটোৰ অৰ্থ কি?

sqare

উত্তৰঃ “Unity in Diversity” বাক্যটোৰ অৰ্থ হ’ল- “বৈচিত্ৰত ঐক্য” – ভিন্ন ভাষা, ধৰ্ম আৰু সংস্কৃতিৰ মাজত একতা।

৬। ভাৰতৰ উত্তৰ-পূব সীমান্তৰ পৰা পশ্চিম সীমান্তৰ বিস্তৃতি কিমান?

উত্তৰঃ ভাৰতৰ উত্তৰ-পূব সীমান্তৰ পৰা পশ্চিম সীমান্তৰ বিস্তৃতি ২৯৩৫ কি.মি.

sidebar2026

৭। ভাৰতৰ উপকূলৰেখাৰ দৈর্ঘ্য কিমান?

উত্তৰঃ ভাৰতৰ উপকূলৰেখাৰ দৈর্ঘ্য ৭৫২০ কিলোমিটাৰ।

2026

৮। গ্ৰিয়েৰচন (Grierson) প্ৰণীত Linguistic Survey of India অনুসৰি উনৈশ শতিকাত ভাৰতত কিমান ভাষা আৰু দোৱানৰ প্ৰচলন আছিল?

উত্তৰঃ গ্ৰিয়েৰচন অনুসৰি উনৈশ শতিকাৰ ভাৰতত ১৭৯টা ভাষা আৰু ৫৪৪টা দোৱানৰ প্ৰচলন আছিল।

৯। ১৯৬১ চনৰ পিয়ল অনুসৰি ভাৰতত কেইটা ভাষাৰ প্ৰচলন আছিল?

উত্তৰঃ ১৯৬১ চনৰ পিয়ল অনুসৰি ভাৰতত ১৮৭টা ভাষাৰ প্ৰচলন আছিল।

১০। ভাৰতৰ ধর্মীয় বৈচিত্ৰৰ এটা উদাহৰণ দিয়া?

sidebar2026

উত্তৰঃ ভাৰতৰ ধৰ্মীয় বৈচিত্ৰৰ এক উদাহৰণ হৈছে -হিন্দু, বৌদ্ধ, জৈন, শিখ, ইছলাম, খ্ৰীষ্টান ধৰ্মৰ সহাৱস্থান আৰু ক্ষুদ্র জনগোষ্ঠীৰ চিহ্নবাদী (Totemism) ধৰ্ম আচৰণ।

দীঘলীয়া প্ৰশ্ন উত্তৰ:

১। ভাৰতৰ ভৌগোলিক বিস্তৃতি আৰু সীমাৰ বর্ণনা কৰা।

উত্তৰঃ ভাৰত বৰ্ষ পৃথিৱীৰ সপ্তম বৃহৎ আৰু দ্বিতীয় জনবহুল দেশ। দেশখনৰ মাটিকালি ৩,২৮৭,২৬৩ বৰ্গ কি.মি. আৰু পৃথিৱীৰ স্থলভাগৰ প্ৰায় ২.২% অংশ ভাৰতত পৰে। উত্তৰে হিমালয় পৰ্বতমালা আৰু দক্ষিণে ভাৰত মহাসাগৰে দেশখন সীমাবদ্ধ। পূবে বঙ্গোপসাগৰ আৰু পশ্চিমে আৰৱ সাগৰে দেশখনক আৱৰি ৰাখিছে। ভাৰতৰ উত্তৰ-দক্ষিণ বিস্তৃতি প্ৰায় ৩২২৫ কি.মি. আৰু পূব-পশ্চিম বিস্তৃতি প্ৰায় ২৯৩৫ কি.মি।

দেশখন ৮°৪’ উত্তৰ অক্ষাংশৰ পৰা ৩৭°১৭’ উত্তৰ অক্ষাংশ আৰু ৬৮°৭’ পূৰ্ব দ্রাঘিমাৰ পৰা ৯৭°২৪’ পূৰ্ব দ্রাঘিমালৈ বিস্তৃত। ভাৰতৰ মাজেদি কৰ্কটক্রান্তি ৰেখা পাৰ হৈ গৈছে, যাৰ ফলত উত্তৰ অংশত উপ-ক্রান্তীয় আৰু দক্ষিণ অংশত ক্রান্তীয় জলবায়ু দেখা যায়।

ভাৰতৰ স্থলসীমা পাকিস্তান, আফগানিস্তান, চীন, নেপাল, ভুটান, ম্যানমাৰ আৰু বাংলাদেশৰ সৈতে সংলগ্ন। দেশখনৰ স্থলসীমাৰ মুঠ দৈৰ্ঘ্য ১৫,২০০ কি.মি.। উপকূলৰেখাৰ দৈৰ্ঘ্য ৬১০০ কি.মি. যদিও দ্বীপসমূহৰ উপকূলৰেখা ধৰি মুঠ ৭৫২০ কি.মি. হয়। ভাৰতৰ ভৌগোলিক অৱস্থান দক্ষিণ এছিয়াৰ কেন্দ্ৰস্থলে অৱস্থিত। ইয়াৰ সুবিধাজনক অৱস্থানৰ বাবে আৰৱ সাগৰ, বঙ্গোপসাগৰ আৰু ভাৰত মহাসাগৰৰ জৰিয়তে বিভিন্ন ৰাষ্ট্ৰৰ লগত সমুদ্ৰপথে সহজ যোগাযোগ স্থাপন কৰি বাণিজ্য, পৰ্যটন আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক উন্নয়নৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছে। 

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top