Class 11 Geography Important Chapter 26 ভাৰতৰ ভূ-প্রাকৃতিক বিভাগ

Class 11 Geography Important Chapter 26 ভাৰতৰ ভূ-প্রাকৃতিক বিভাগ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Geography Important Chapter 26 ভাৰতৰ ভূ-প্রাকৃতিক বিভাগ Solutions in Assamese and select need one. Class 11 Elective Geography Additional Solutions Assamese Medium Download PDF. HS 1st Year Elective Geography Important Question Answer in Assamese.

Class 11 Geography Important Chapter 26 ভাৰতৰ ভূ-প্রাকৃতিক বিভাগ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Elective Geography Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Geography Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 26

অষ্টম গোট: ভাৰতৰ ভূ-আকৃতি
IMPORTANT QUESTION AND ANSWER

১। উচ্চ-হিমালয়ৰ গড় উচ্চতা কিমান মিটাৰ?

উত্তৰঃ উচ্চ-হিমালয়ৰ গড় উচ্চতা ৬১০০ মিটাৰ। 

২। দক্ষিণ বিহাৰৰ পলসুৱা মাটিৰে গঠিত সমভূমিখনৰ নাম কি?

উত্তৰঃ দক্ষিণ বিহাৰৰ পলসুৱা মাটিৰে গঠিত সমভূমিখনৰ নাম হৈছে মগধ সমতল।

৩। শতদ্রু আৰু তিস্তা নদীৰ মাজৰ হিমাচল, উত্তৰাঞ্চল, নেপাল আৰু চিকিম অৱস্থানত উচ্চ-হিমালয়ৰ সমান্তৰালভাৱে পূবা-পশ্চিমাকৈ থকা পর্বতসমূহক কি নামেৰে জনা যায়?

উত্তৰঃ শতদ্রু আৰু তিস্তা নদীৰ মাজৰ হিমাচল, উত্তৰাঞ্চল, নেপাল আৰু চিকিম অৱস্থানত উচ্চ-হিমালয়ৰ সমান্তৰালভাৱে পূবা-পশ্চিমাকৈ থকা পর্বতসমূহক নিম্ন-হিমালয় নামেৰে জনা যায়।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। উচ্চতা আৰু ভূ-তাত্ত্বিক সংৰচনাৰ ৰেহৰূপৰ প্ৰতি লক্ষ্য ৰাখি এই পর্বতমালাক পূবা-পশ্চিমাকৈ কেইটা সমান্তৰাল লানিত বিভক্ত কৰা হৈছে?

উত্তৰঃ উচ্চতা আৰু ভূ-তাত্ত্বিক সংৰচনাৰ ৰেহৰূপৰ প্ৰতি লক্ষ্য ৰাখি এই পর্বতমালাক পূবা-পশ্চিমাকৈ তিনিটা সমান্তৰাল লানিত বিভক্ত কৰা হৈছে।

৫। বিন্ধ্যাচল সমভূমি কাক বোলে?

উত্তৰঃ ৮২-৮৪° পূৱ দ্রাঘিমাৰ মধ্যাংশত গংগাৰ সোঁ-ফালে থকা ক্ষয়জাত সমতলপৃষ্ঠক বিন্ধ্যাচল সমভূমি বোলা হয়।

৬। গণ্ডক আৰু মহানন্দাৰ মধ্যৱর্তী উত্তৰ-বিহাৰ সমভূমি অঞ্চলৰ নাম কি?

উত্তৰঃ গণ্ডক আৰু মহানন্দাৰ মধ্যৱর্তী উত্তৰ-বিহাৰ সমভূমি অঞ্চলৰ নাম তিৰহুত সমভূমি।

৭। দক্ষিণ অসমৰ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলা কোনটো উপত্যকাৰ অন্তৰ্গত?

উত্তৰঃ দক্ষিণ অসমৰ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলা বৰাক উপত্যকাৰ অন্তৰ্গত।

৮। নীলগিৰিৰ ডোডাবেটা শৃংগৰ উচ্চতা কিমান?

উত্তৰঃ নীলগিৰিৰ ডোডাবেটা শৃংগৰ উচ্চতা ২৬৩৭ মিটাৰ।

৯। সহ্যাদ্রিব দক্ষিণ সীমান্তৰ ওখ অংশৰ নাম কি?

উত্তৰঃ সহ্যাদ্রিব দক্ষিণ সীমান্তৰ ওখ অংশৰ নাম নীলগিৰি।

১০। গীৰনাৰ নামৰ পাৰ্বত্য এলেকাটোক বাদ দি কথিৱাৰ পৃষ্ঠৰ উচ্চতা কিমান?

উত্তৰঃ গীৰনাৰ নামৰ পাৰ্বত্য এলেকাটোক বাদ দি কথিৱাৰ পৃষ্ঠৰ উচ্চতা প্রায় ২০০ মিটাৰ।

দীঘলীয়া প্ৰশ্ন উত্তৰ:

১। ভাৰতৰ ভূ-গঠন বৈচিত্ৰ্যৰ বিৱৰণ দিয়া।

উত্তৰঃ ভাৰত এখন ভূ-প্রাকৃতিক বৈচিত্ৰ্যপূৰ্ণ দেশ। ইয়াৰ ভূমি-পৃষ্ঠ গঠন পৃথিৱীৰ অতি বৈচিত্ৰ্যময় দেশসমূহৰ ভিতৰত অন্যতম। ভাৰতত ব্ৰহ্মাণ্ডৰ আটাইতকৈ উচ্চ ভংগিল পৰ্বতশ্ৰেণী হিমালয়ৰ পৰা আৰম্ভ কৰি দাক্ষিণাত্য মালভূমিৰ জীৰ্ণ ক্ষয়জাত পাহাৰ, উত্তৰ ভাৰতৰ বিশাল নদী-উপত্যকা সমভূমি, বিস্তৃত উপকূলীয় সমভূমি আৰু বিশাল সাগৰীয় অঞ্চলত বিস্তৃত দ্বীপপুঞ্জ —এই সকলো ভূ-ভাগ একেলগে মিলি ভাৰতক এক বৈচিত্ৰ্যময় ভূ-গঠনৰ দেশ হিচাপে প্ৰতিষ্ঠা কৰিছে।

ভাৰতৰ উত্তৰভাগত অৱস্থিত হিমালয় হৈছে পৃথিৱীৰ আটাইতকৈ উচ্চ পৰ্বতশ্ৰেণী, যি বিশ্বৰ জলবায়ুৰ বাবে অত্যন্ত প্ৰভাৱশালী। দক্ষিণভাগত দাক্ষিণাত্য মালভূমি হৈছে পৃথিৱীৰ আটাইতকৈ পুৰণি ভূমি-আকৃতিৰ অন্যতম। ই ভূ-তাত্ত্বিক দৃষ্টিৰে এক সুপ্ৰাচীন অঞ্চল। ভাৰতৰ কেন্দ্ৰীয় অংশত বিস্তৃত হৈছে সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্ৰ নদী অববাহিকা সমভূমি। এই অংশখন উৰ্বৰ আৰু কৃষিৰ বাবে প্ৰাচীন কালৰে পৰা বেছি জনবসতিপূৰ্ণ।

উপকূলীয় সমভূমি, দ্বীপপুঞ্জ আৰু ভিন্ন-ভিন্ন প্ৰাকৃতিক সংস্থানসমূহৰ উপস্থিতিত ভাৰতৰ ভূ-আকৃতি বৈচিত্ৰ্যপূৰ্ণ হৈছে। ভূ-তাত্ত্বিক, ভূ-প্ৰাকৃতিক আৰু গঠনমূলক দৃষ্টিৰে ভাৰতৰ সমগ্ৰ ভূমি-পৃষ্ঠক পৰ্বত, মালভূমি, সমভূমি, উপকূলীয় অঞ্চল আৰু দ্বীপপুঞ্জ নামৰ পাঁচটা মুখ্য ভূ-ভাগত বিভক্ত কৰা হয়।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top